ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Wednesday, December 14, 2016

বিভ্ৰান্ত পৰিচয়

নিয়মীয়া বাৰ্তা’, ৭ আৰু ১৪ ডিচেম্বৰ ২০১৬ দুটা খণ্ডত প্ৰকাশিত

১৯৪৮ চনৰ পৰা বি বি চিয়ে অনুষ্ঠিত কৰি অহা ৰী’থ (Reith)বক্তৃতাৰ প্ৰথমজন বক্তা আছিল দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেল। এই বছৰ দাৰ্শনিক কোৱমে এন্থনী এপায়া (Kwame Anthony Appiah)ই ‘বিভ্ৰান্ত পৰিচয়’ (Mistaken Identity) শীৰ্ষক এলানি বক্তৃতাৰে ধৰ্ম, জাতি, বৰ্ণ আৰু সংস্কৃতি ভিত্তিক পৰিচয়ৰ ভ্ৰান্তিৰ কথা আলোচনা কৰে। প্ৰাসংগিক দেখি সামান্য আলোচনা কৰাৰ প্ৰয়াস কৰিলোঁ।

ব্ৰেক্সিটৰ পিছতে আমেৰিকাত একাংশ শ্বেতাংগৰ তিক্ততাক প্ৰৰোচিত কৰি ক্ষমতা ল’বলৈ সক্ষম হোৱা ড’নাল্ড ট্ৰাম্প আৰু এতিয়া জাৰ্মানী-ফ্ৰান্সত অতি জাতীয়তাবাদী শ্বেতাংগ-শ্ৰেষ্ঠ ৰাজনীতিৰ উত্থানৰ সম্ভাৱনা। আমি আৰু তোমালোক ভাবৰ তীব্ৰতা। খিলঞ্জীয়া নহ’লে বহিৰাগত। আমাৰ দেশতো জাতি-সম্প্ৰদায়ভিত্তিক ৰাজনীতিৰ তীব্ৰতা। অসমতো হিন্দু বাঙালী আতংক―অসম ত্ৰিপুৰা হ’ব। দিল্লীয়ে হিন্দু বাঙালীক সংস্থাপন দিবলৈ যো-জা কৰিছে, বিদেশীক ৰঙা দলিচা পাৰি দিছে। ত্ৰিপুৰাৰ ইতিহাস-সংস্কৃতি আমি কিমান অৱগত, নাগৰিকত্ব সংশোধনী আইনখনৰ পাঠকেই বা কেইজনে পঢ়িছে। সম্পাদক শ্ৰী কলিতাক কৈছিলোঁ, মতামত বহুত ওলাল, নাগৰিকত্ব সংশোধনী আইনখনৰ বস্তুনিষ্ঠ টোকা এটা উলিয়াব নোৱাৰে নে? সঁচাকৈয়ে অসমতেই শৰণাৰ্থীক মাটি-বাৰী যাচিছে! ৰঙা দলিচাখনেই বা কোনোফালে পাৰিবলৈ ওলাইছে! জনা মতে শৰণাৰ্থীক নাগৰিকত্বৰ আবেদন কৰিবলৈহে সুবিধা দিছে―প্ৰতি সভ্য দেশতেই যথা সময়ত নাগৰিকত্বৰ আবেদন কৰিবলৈ সুযোগ পায়, নাগৰিকত্ব নাপাবও পাৰে। এয়া মানৱাধিকাৰ। আমেৰিকা-ইউৰোপতেই অন্ধ জাতিপ্ৰেমৰ ক্ৰমবৰ্ধিত তীব্ৰতা, আমি ব্যতিক্ৰম হওঁ কেনেকৈ! এই ধূঁৱলি-কুঁৱলী চিন্তা-দুশ্চিন্তাৰ মাজতে দাৰ্শনিক এপায়াৰ এইলানি বক্তৃতাই কিছু ব্যাখ্যা দাঙি ধৰিছে।

অভিজাত ব্ৰিটিছ পৰিয়ালৰ শ্বেতাংগ মাতৃ আৰু পশ্চিম আফ্ৰিকাৰ ঘানাৰ সাম্ৰাজ্যবাদবিৰোধী কৃষ্ণাংগ পিতৃৰ সন্তান কোৱমে এন্থনী এপায়া। শিশু কালছোৱা বিশুদ্ধ খ্ৰীষ্টিয়ান পৰিৱেশত ঘানাৰ কুমাছে চহৰত, কিন্তু শিক্ষা ব্ৰিটেইনৰ বৰ্ডিং স্কুলত। ১৯৭০ৰ দশকত আমেৰিকা যাত্ৰা― ইয়েল, হাৰ্ভাৰ্ড, প্ৰিন্সট’ন আদি শীৰ্ষ শিক্ষানুষ্ঠানত শিক্ষকতাৰ পিছত বৰ্তমান নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ দৰ্শন আৰু আইন বিভাগৰ অধ্যাপক। ইউৰোপ, আমেৰিকা আৰু আফ্ৰিকাৰ সম্পৰ্কৰে জীৱন সমৃদ্ধ এপায়া মূল সুঁতিৰ পৰা পৃথক। নিজেই কৈছে, তেওঁৰ আত্মপৰিচয় গ্ৰহণযোগ্য পৰিচয়ৰ পৰিসীমাত― আমেৰিকাৰ নাগৰিক, কিন্তু একাধিক দেশ প্ৰতি তেওঁৰ আনুগত্য। সংকীৰ্ণ জাতি পৰিচয় ভিত্তিক ৰাজনীতিৰ উন্মাদনাৰ এই সময়ত আত্মপৰিচয়ৰ বিভ্ৰান্তি সম্পৰ্কে ক’বলৈ এপায়াতকৈ উপযুক্ত সম্ভৱতঃ আন এজন নোলাব।

আমাৰ পৰিচয় কি? ব্ৰাহ্মণ-দলিত, হিন্দু-মুছলমান, অসমীয়া-বাঙালী, বাংলাদেশী-ভাৰতীয়? নে বিশ্ব-নাগৰিক? বিভ্ৰান্তিৰ অৱকাশ আছে, তাতে যদি প্ৰৰোচনা থাকে। প্ৰাচীন সাৰ্বজনীন দৰ্শন (Cosmopolitanism) পৰম্পৰাৰে প্ৰভাৱিত এপায়াৰ মতে ধৰ্ম-বৰ্ণ-জাতি-সংস্কৃতি ভিত্তিক পৰিচয় সত্ত্বেও সাৰ্বজনীনতাবোধ সম্ভৱ। প্ৰচলিত ধাৰণাক তেওঁ প্ৰত্যাহ্বান জনাইছে। আগ্ৰহী পাঠকে ৱেবত উপলব্ধ চাৰিওটা বক্তব্যৰ অনুলিপি পঢ়ি চাব পাৰিব।

ধৰ্ম পৰিচয়

লণ্ডনত প্ৰথমটো বক্তৃতাত তেওঁ ধৰ্মীয় পৰিচয় সম্বন্ধে কৈছে যে একমাত্ৰ বিশ্বাসেই ধৰ্মীয় পৰিচয়ৰ আধাৰ হ’ব নোৱাৰে। এজনৰ বিশ্বাস থাকিলেই খ্ৰীষ্টিয়ান, মুছলমান বা হিন্দু পৰিগণিত নহয়। এটা সম্প্ৰদায়ভুক্ত হৈ আচাৰ-নীতিও মানিব লাগিব। বিশ্বাস, সম্প্ৰদায়ভুক্ত আৰু নিৰ্দিষ্ট আচাৰ-নীতি, এই তিনিওটা, ধৰ্মীয় পৰিচয়ৰ অবিচ্ছেদ্য অংশ। তেওঁ অ’ল্ড টেষ্টামেণ্ট আৰু বাইবেলৰ পৰা উদ্ধৃতি দি কৈছে— বহু ক্ষেত্ৰত দেখা যায় ধৰ্ম প্ৰতিষ্ঠাপক বা প্ৰমুখ শিষ্যসকলে প্ৰতিষ্ঠিত সম্প্ৰদায়ৰ এটাৰ প্ৰচলিত আচাৰ-নীতিৰ আলম লৈহে ধৰ্ম-বিশ্বাস গঢ় দিয়ে― প্ৰথমে বিশ্বাসটো জাপি দি সম্প্ৰদায় বা আচাৰ-নীতি গঢ়ি নোতোলে। সময়ৰ সৈতে ধৰ্মীয় বিশ্বাসৰ ব্যাখ্যা এতেকে পুনৰ্ব্যাখ্যাৰ প্ৰয়োজন― ন’হ’লে ধৰ্ম প্ৰাসংগিক হৈ নাথাকে। তাতে ধৰ্ম পুথি কবিতা, আখ্যান-উপাখ্যান, আৰু ৰূপকৰে সমৃদ্ধ, য’ত ব্যাখ্যা আৰু পুনৰ ব্যাখ্যাৰ গত্যন্তৰ নাই। ধৰ্মীয় পৰিচয় শিলত খোদিত বিশ্বাসৰ ৰূপত নহয়, বৰং পৰিৱৰ্তনশীল সম্প্ৰদায় আৰু তেওঁলোকৰ আচাৰ-নীতিৰ পৰিপ্ৰেক্ষিতহে চোৱা উচিত। ঘটনা-পৰিঘটনা এটাৰ ব্যাখ্যা কৰিবলৈ প্ৰেক্ষাপট বিবেচনা কৰিবই লাগিব। ‘যেতিয়া ছেইণ্ট প’লে কৈছিল যে মহিলা সকলে গিৰ্জাত মূৰত ওৰণি লোৱা উচিত, ভাৱি চোৱাটো যুক্তিসঙ্গত হ’ব সেইসময়ত কৰ্নিঠত সাজ-পোছাকৰ পৰম্পৰা কি আছিল, কাৰণ তেওঁ কৰ্নিঠবাসীক উদ্দেশ্য কৰি বাণী দিছিল। যদি এইটো দেখা যায় যে ৰোমান নগৰীৰ কোনো সম্ভ্ৰান্ত মহিলাই মূৰত ওৰণি নোলোৱাকৈ নগ’লহেঁতেন, তেন্তে এই সিদ্ধান্ত কৰিব পাৰা যে তুমি গিৰ্জালৈ স্থানীয় আচাৰ অনুসৰি সন্মানজনকভাৱে পোছাক পৰিধান কৰি অহা উচিত, ঠিক যি সিদ্ধান্ত মোৰ মাতৃয়ে কৰিছিল। ইয়াৰ অৰ্থ কুমাছেৰ আচাৰ, য’ত মোৰ মাতৃ গিৰ্জালৈ গৈছিল, ইংলণ্ডৰ ফিল্কিনৰ নহয়, যিখন গাঁৱত তেওঁ ডাঙৰ-দীঘল হৈছিল, প্ৰথম শতিকাৰ কৰ্নিঠৰ আচাৰটো বহু দূৰৰ কথা।’ ধৰ্মীয় বিশ্বাসৰ গোড়ামি তথা অনমনীয় স্থিতিৰ পৰিপ্ৰেক্ষিতত এপায়াৰ এই পৰ্যবেক্ষণ গুৰুত্বপূৰ্ণ।

জাতি পৰিচয়

গ্লাছগোত দ্বিতীয়টো বক্তৃতাত সাম্ৰাজ্যবাদৰ অৱসানৰ পিছত জাতিসত্তাৰ উত্থান, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, জাতিসত্তা ভিত্তিক ৰাষ্ট্ৰ গঠন (আৰু সাৰ্বভৌমত্ব) সম্পৰ্কে মন্তব্য কৰিছে। ‘আমাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে’―পিছে প্ৰশ্নটো হৈছে ‘আমি’ কোন? জাতীয়তাবাদীৰ মতে ‘আমি এটা জনগোষ্ঠী (People), আমাৰ পূৰ্বপুৰুষ এক।’ আটাইতকৈ ঠেক গণ্ডীত এটা পৰিয়ালৰ এজন পূৰ্বপুৰুষ থাকে, আটাইতকৈ বিস্তৃত পৰিসৰত সমগ্ৰ মানৱ জাতিৰ এজন পূৰ্বপুৰুষ। সমস্যাটো হৈছে জাতি নিৰ্ধাৰণৰ বাবে সীমাৰেখাডাল ক'ত টনা যায়। পিছে য’তেই নাটানো কেলেই, এক ভূমি খণ্ডত একাধিক জাতিৰ বসতি থাকিব পাৰে। তেনেহ’লে ভূমি খণ্ডত অধিকাৰ সাব্যস্ত কৰিবলৈ হ’লে থকা আন জাতিসমূহক খেদি পঠিয়াব লাগিব, নাশ কৰিব লাগিব নহ’লে আত্মীকৰণ কৰি ল’ব লাগিব। ইতিহাস তিনিওটা সমাধানৰেই সাক্ষী। আন এক সমস্যাও আছে। এটা জনগোষ্ঠী সিঁচৰতি হৈও থাকিব পাৰে। তেতিয়া এটা জাতি হিচাপে পৰিগণিত হ’বলৈ ‘এক পূৰ্বপুৰুষ উদ্ভূত’ বুলি আৱেগ-অনুভূতি থাকিব লাগিব। এই আৱেগ-অনুভূতিৰ তীব্ৰতা বা ‘জাতীয় সচেতনতা’ কিমান হ’লে জাতি পৰিগণিত হ’ব? ইয়াৰ মাপকাঠী কি? যুদ্ধ-বিগ্ৰহ কৰি হ’লেও ভিন্ন জনগোষ্ঠী অতীজত এক ভৌগোলিক সীমা খণ্ডতেই বাস কৰিছিল। জাতীয় আন্দোলনৰ সফলতা আৰু জাতিভিত্তিক ৰাষ্ট্ৰ গঠন কুৰি শতিকাৰ পৰিঘটনা―এই প্ৰক্ৰিয়া শেষ হোৱা নাই। জাতিসত্তাভিত্তিক ৰাষ্ট্ৰৰ তাত্ত্বিক ভিত্তিও এটা কি দুটা শতিকাহে পূৰ্ব। ওঠৰশ শতিকাৰ শেষৰ পিনৰ ইউৰোপীয় ৰোমাণ্টিক আন্দোলনৰ সৃষ্টি। ৰোমাণ্টিচিজম যুক্তিবাদৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া। জাৰ্মান ৰোমাণ্টিক দাৰ্শনিক হাৰ্ডেৰেৰ মতে জাৰ্মান জাতি এটা সত্তাৰ মূৰ্ত প্ৰকাশ, তেওঁলোকৰ ভাষা আৰু সাহিত্যত ইয়াৰ স্পষ্ট আভাস। ই আন জাতিৰ ক্ষেত্ৰতো প্ৰযোজ্য। ফৰাচী চিন্তাবিদ আৰ্নেষ্ট ৰেনানে লিখিছিল, ‘জাতি এটা সত্তা, এটা আধ্যাত্মিক সত্তা।’ অৱশ্যে হাৰ্ডেৰেৰ জাৰ্মান জাতীয়তাবাদৰ সাৰ্বজনীনতাবাদৰ সৈতে বিৰোধ নাছিল। তেওঁ বিশ্বাস কৰিছিল জাৰ্মান সংস্কৃতি সংকীৰ্ণতামুক্ত হ’ব লাগিব। তেওঁ শ্বেইক্সপীয়েৰক জাৰ্মান বুলি দাবী কৰি আঁকোৱালি লৈছিল। নিঃসন্দেহে শ্বেইক্সপীয়েৰৰ জাৰ্মান ভাষাত প্ৰভূত প্ৰভাৱ আছিল। এপায়াই জাতিসত্তা ভিত্তিক ৰাষ্ট্ৰৰ ধাৰণা পৰিহাৰ কৰিব পৰাকৈ সাৰ্বজনীনতাবাদৰ অগ্ৰগতি হৈছে, এই আশা কৰা নাই। কিন্তু হাৰ্ডেৰেৰ দৰে এক মনোভাবৰ গুৰুত্বৰ কথা কৈছে। ৰাষ্ট্ৰত থকা আন জাতিসমূহক আমি মুক্ত পৰিৱেশ দিব পাৰিব লাগিব― তেওঁলোকৰ প্ৰতি এটা সহজ মনোভাব ল’ব পাৰিব লাগিব। ব্ৰিটিছ প্ৰধানমন্ত্ৰী থেৰেজা মেই অলপতে ‘If you believe you are a citizen of the world, you are a citizen of nowhere.’ বুলি কোৱা প্ৰসংগত তেওঁ কৈছে যে সাৰ্বজনীন হৈও দেশপ্ৰেমিক হোৱাটো(cosmopolitan patriotism) সম্ভৱ। নিজৰ ক্ষেত্ৰতেই দেশপ্ৰেমিক আমেৰিকান নাগৰিক হৈও তেওঁৰ আনুগত্য একাধিক দেশৰ প্ৰতি বুলি কৈছে। নিজৰ গ্ৰন্থ Cosmopolitanism ত এই ধাৰণাটোৰ অৰ্থ স্থানীয় আৰু বৃহত্তৰ বিশ্ব সমাজ উভয়ৰে প্ৰতি সমান সন্মান বুলি কৈছে। কোনো এটাকেই প্ৰত্যাখ্যান কৰিব নোৱাৰি। যোগাযোগৰ বিজুলী গতি, ইটোৰ পৰা সিটো প্ৰান্তলৈ মানুহৰ বিৰাট প্ৰব্ৰজন, লক্ষ্যজনৰ নিয়মীয়াভাৱে দেশ-কৰ্ম সলনি, প্ৰযুক্তিবিদ্যাৰ বিৰাট প্ৰভাৱ― ইয়াৰ মাজত মানুহৰ গোষ্ঠীগত জাতি পৰিচয়ৰ দিন অতীত হোৱা নাইনে? সহমত প্ৰকাশ কৰিও এপায়াই কৈছে, নিউয়ৰ্ক টাইম্ছৰ কোনোবা এজন সাংবাদিকে কোৱাৰ দৰে ‘পৃথিৱীখন এতিয়াও চেপেটা হৈ যোৱা নাই’―স্থানভেদে পৰিস্থিতি এতিয়াও ভিন্ন। ‘মই যোৱা গ্ৰীষ্মকালছোৱাৰ কিছু সময় পিতৃৰ পৰিয়াল বাস কৰা সৰু গাঁওখনত কটাইছিলোঁ...১৮শ শতিকাৰ পৰাই পিতৃৰ পৰিয়ালৰ এই গাঁৱৰ সৈতে সম্পৰ্ক। সেই গাঁৱৰ চালে পৰা পৰিস্থিতি বহু পৃথক। তেওঁলোকৰ চিন্তা দিনটোৰ কিমান সময় বিজুলী পাব, বিশুদ্ধ খোৱা পানী পাবনে নতুবা পঁজাকেইটাৰ চালকেইখন অহা বাৰিষাটো পাৰ হোৱালৈ ভালে থাকিবনে? পৃথিৱীখন আজিও অৰ্থনৈতিকভাৱে অসমান, বৈষম্যপূৰ্ণ। আমি পতা পৰিৱৰ্তনৰ কথা ক্ৰমে বৃহৎ সংখ্যকৰ সঁচা হ’বলৈ ধৰিছে―অতি আশাব্যঞ্জক কথা―আৰু যেতিয়া ই প্ৰতিজনৰে বাবে বাস্তৱ হ’ব, মই ভাবোঁ, তেতিয়াহে সকলোৱে বুজিব যে জাতীয়তাবাদ আৰু স্থানীয় পৰিচয় ভাল কথা আৰু বহু ক্ষেত্ৰত উপযোগী, কিন্তু আমাৰ বৃহত্তৰ পৰিচয় আছে, আন কথাবোৰৰো গুৰুত্ব আছে। সেয়ে হাৰ্ডেৰেৰ স্থিতি সত্য―তুমি সাৰ্বজনীন হৈও দেশপ্ৰেমিক হ’ব পাৰা।’ প্ৰায়বোৰ আধুনিক ৰাষ্ট্ৰতেই আজি বিবিধতাৰ পয়োভৰ―এটা নৃতাত্ত্বিক পৰিচয় বা বিশ্বাস জাপি দিয়াৰ অৰ্থ হ’ব সাংঘাতিক অনৰ্থ। গুৰুত্বপূৰ্ণ যদিও জাতীয় পৰিচয় আমাৰ একমাত্ৰ পৰিচয় নহয়। ব্ৰেক্সিট বা ড’নাল্ড ট্ৰাম্পৰ উত্থানৰ সাম্প্ৰতিক সময়ত সাৰ্বজনীনতাৰ ধাৰাত যতি পৰিছে, এনে যেন লাগে। কিন্তু বিৱৰ্তন লেহেমীয়া, মসৃণ বা সৰলৰৈখিকো নহয়। সেয়ে তেওঁ সাৰ্বজনীনতা মৃত বুলি ভ্ৰমিত নহ’বলৈ আহ্বান জনাইছে।

ইউৰোপিয়ান ইউনিয়নে দেশৰ সাৰ্বভৌমত্বত আঘাত হানিছে, ব্ৰিটিছ জাতিয়ে নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনাৰ সময় বুলি শ্লোগান দিয়া ব্ৰেক্সিটৰ প্ৰবক্তাই পিছে স্কটলেণ্ডৰ স্বাধীনতা মানি নলয়। এপায়াই প্ৰশ্ন কৰিছে— কোন এই ব্ৰিটিছ জাতি? জাতি ভিত্তিক ৰাষ্ট্ৰতত্ত্বৰ মৌলিক দুৰ্বলতাকে আঙুলিয়াইছে। নিজৰ পিতৃৰ স্মৃতি ৰোমন্থন কৰি কৈছে তেওঁ আছিল এজন তীব্ৰ সাম্ৰাজ্যবাদবিৰোধী, ঘানাৰ বাবে মৃত্যুবৰণো তেওঁৰ বিচাৰত মূল্যবান আছিল। প্ৰকৃততে কিহৰ বাবেনো তেওঁ মৃত্যু উপযুক্ত মূল্য বুলি ভাবিছিল? ঘানাবাসীৰ ৮০টাৰো অধিক ভাষা, আমাৰ ধৰ্মীয় পৰিচয়ো বিবিধ। আমাৰ ৰাজধানী আক্ৰাত জাপানৰ বাহিৰত থকা আটাইতকৈ বৃহত্তম Nichiren Shōshū পন্থী বুদ্ধ মঠটোৰ অৱস্থিতি, লগতে এটা বিৰাট আধুনিক মৰ্মন মন্দিৰ। ঘানাবাসী আফ্ৰিকা, আমেৰিকা, ব্ৰিটেইন আদি বিশ্বৰ নানান প্ৰান্তত সিঁচৰতি। এই বিবিধতাৰ প্ৰতি সচেতন তেওঁলোকে জানে যে হাৰ্ডেৰেই জাতি আখ্যা দিয়া জাতি তেওঁলোক নহয়― উমৈহতীয়া ইতিহাস বা সংস্কৃতি নাই নতুবা এটা জাতীয় সত্তা। তথাপি তেওঁলোক ঘানাৰ নাগৰিক― দেশৰ প্ৰতিযোগীয়ে অলিম্পিক মেডেল পালে গৌৰবত ফাটি যায়, নিজৰ উপজাতি যিয়েই নহওক কিয় কফি আন্নানক লৈ গৌৰব কৰে। কুমাছেৰ দাঁতিকাষৰীয়া গাঁৱত উৎপন্ন পচমী সূতাৰ তৈয়াৰী কেন্টে প্ৰতিজন ঘানাবাসীয়ে বিশ্ব য’তেই নাথাকক কিয় গৌৰৱেৰে পৰিধান কৰে। লাহে লাহে ঘানাবাসী উমৈহতীয়া শাসনৰ অধীনত কেইটামান দশকতে এটা জাতিলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে, যেনেদৰে স্কটলেণ্ডবাসী কেইবা শতিকা ধৰি চলা এটা প্ৰক্ৰিয়াত আজি এটা জাতি। মূল কথাটো হৈছে গঠন প্ৰক্ৰিয়াটো। মোৰ পিতৃৰ বাবে জাতিসত্তা মাটিৰ তলৰ পৰা খান্দি উলিয়াবলৈ খনিজ সম্পদ নহয়, ঘানাবাসী পৰিধান কৰা কেন্টেখনৰ দৰে শালত বুই উলিয়াবলৈ দীঘ-বাণিৰ এখন কাপোৰহে। জাতিসত্তা গঠন হয়, এইটো প্ৰয়োজনীয় নহয় পূৰ্বপুৰুষ উমৈহতীয়া হ’ব লাগিব। এই গঠন প্ৰক্ৰিয়া এটা চন-তাৰিখত শিলত খোদিত হৈ নাযায়, জীৱাশ্মভূত হৈ নাযায়। এদিন ইংৰাজ হ’বলৈ ১৮৮৫-৮৬ সংকলিত Domesday Bookত পূৰ্বপুৰুষৰ নাম বিচাৰি পাব লাগিছিল। আজি ৰোহিত, মহম্মদ বা এজন কোৱমেও ইংৰাজ হ’ব পা’ৰে। এসময়ত এংলিকান গিৰ্জাই ইংলিছ সত্তা নিৰূপণ কৰিছিল। কিন্তু আজি ভিন্নধৰ্মী এজনো জাতীয় ক্ৰিকেট দলৰ হৈ খেলিব পাৰে। আজি মুম্বাইৰ প্ৰব্ৰজনকাৰীৰ পুত্ৰ মুগা বৰণীয়া স্কটে স্কটিচ নৱজাগৰণক লৈ গৌৰব কৰিব পাৰে। চৰকাৰী কাম-কাজ বা শিক্ষাৰ মাধ্যম হিচাপে এটা ভাষা ল’ব লগা হ’ব পাৰে। কিন্তু জাতি গঠন প্ৰক্ৰিয়াত বান্ধনৰ ডোলেৰে বান্ধিবলৈ ভিন্ন গোষ্ঠীৰ ইতিহাসক জানিব-সন্মান কৰিব লাগিব। ভিন্ন পৰম্পৰাক আঁকোৱালি ল’ব পাৰিব লাগিব। উমৈহতীয়া ইতিহাস ৰচনা কৰিব লাগিব। সংঘাত-বিভেদৰ ইতিহাস পাহৰিব লাগিব। আৰ্নেষ্ট ৰেনানে কোৱাৰ দৰে, ‘পাহৰণি আৰু আনকি মই কওঁ ঐতিহাসিক ভুলো জাতি গঠন প্ৰক্ৰিয়াৰ এটা প্ৰয়োজনীয় উপাদান।’ ৰেনানে এইদৰেও কৈছিল যে জাতি গঠনত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ‘উমৈহতীয়া জীৱন কটাবলৈ স্পষ্টভাৱে প্ৰকাশ কৰা আকাংক্ষা।’ ইয়েই অৱশেষত আমাক ‘আমি’, এটা জাতি, কৰি তোলে।

ৰোমাণ্টিক ৰাষ্ট্ৰৰ বাবে জাতি এটা সত্তাৰ প্ৰৱাহ আৰু আদিম চেতনাৰ মূৰ্ত প্ৰকাশ। উদাৰপন্থী গণতন্ত্ৰৰ বাবে এনে দৈৱ বিধান নাই। নাগৰিকত্বক লৈ গৌৰব কৰিবলৈ প্ৰতিজনকে উমৈহতীয়া বিশ্বাস দিব পাৰিব লাগিব, ভিন্ন ধৰ্ম, বৰ্ণ, নৃগোষ্ঠীক সাঙুৰি ল’ব লাগিব। ৰোমাণ্টিক ৰাষ্ট্ৰই এক সত্তাৰ আহ্বান দিলেই হ’ল, উদাৰপন্থী গণতন্ত্ৰই মিলিজুলি সমস্যা সমাধানৰ নিশ্চয়তা দিব লাগিব। এয়া সম্ভৱ।

বৰ্ণ পৰিচয়

ঘানাৰ ৰাজধানী আক্ৰাত ৰী’থ বক্তৃতামালাৰ তৃতীয়টোত দাৰ্শনিক এপায়াই বৰ্ণ পৰিচয় (Racial Identity) লৈ থকা বিভ্ৰান্তিৰ কথা কৈছে। ১৭০৭ চনত এণ্টণ উল্ৰিক নামৰ এক জাৰ্মান ডিউকে উপহাৰত পাই নিজ চহৰলৈ লৈ অনা ঘানাৰ ৫ বছৰীয়া এমো নামৰ এটা কৃষ্ণাংগ ল’ৰাৰ কাহিনী উপস্থাপনৰ মাজেৰে শ্বেতাংগৰ বৰ্ণ-নিবদ্ধতা এটা সময়ত অযথা আৰু অতিপাত হৈ উঠিছিল বুলি কৈছে। নৱজাগৰণৰ সেই সময়ত ডিউকৰ বাবে এমো আছিল এটা অসাধাৰণ সামাজিক পৰীক্ষা সম্পাদনৰ সুযোগ― ইউৰোপিয়ান উত্তম শিক্ষাই তাক সুযোগ্য কৰি তুলিবনে? ডিউকে এমোক নিজৰ বংশ পৰিচয় দি নিজৰ আন সন্তানকেইটাৰ সৈতে শিক্ষা-দীক্ষা দিছিল। ডিউকৰ পুথিভঁৰাল আছিল অতি সমৃদ্ধ―পৰিচালক আছিল কেলকুলাছৰ আৱিষ্কাৰক বিখ্যাত গণিতজ্ঞ স্বয়ং লাইবনিটজ। এমোৰ নতুন নাম হৈছিল এণ্টন ৱিলহেল্ম ৰুডল্ফ। ইয়াৰ কেইবছৰমানৰ পূৰ্বে ৰাছিয়াৰ জাৰেও এজন আফ্ৰিকান দাসক হানিবেল নাম দি নিজৰ নাতি হিচাপে ডাঙৰ-দীঘল কৰিবলৈ লৈছিল, এই কথা সম্ভৱতঃ ডিউকৰ অৱগত আছিল। কিন্তু হানিবেল সময়ত ৰাছিয়াৰ সেনাধ্যক্ষ হ’ব, এই কথা নিশ্চয়কৈ ধাৰণা কৰিব পৰা নাছিল। আধুনিক ৰুচ সাহিত্যৰ জনক পুস্কিন এই হেনিবেলৰেই নাতি― এটা অভাৱনীয় কথা। এমোৱে অতি উৎকৰ্ষ সাধন কৰিছিল― দৰ্শনত ডক্টৰেট লোৱা প্ৰথম কৃষ্ণাংগ। প্ৰসিদ্ধ জাৰ্মান বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ইউৰোপিয়ান সকলৰ আফ্ৰিকান দাস-ব্যৱসায় ৰোমান আইন বিৰুদ্ধ বুলি গৱেষণাত প্ৰতিপাদন কৰিছিল। চিকিৎসা শাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানো শিকিছিল। জাৰ্মান, ডাট্ছ, ফৰাচী, লেটিন, গ্ৰীক আৰু হিব্ৰু ভাষা আয়ত্ত কৰিছিল। নিঃসন্দেহে এমো আছিল এজন ‘জিনিয়াছ’। কিন্তু এই সামাজিক পৰীক্ষাই কি প্ৰতিপন্ন কৰিছিল? এমোক দিয়াৰ দৰে উৎকৃষ্ট শিক্ষা দিলে আফ্ৰিকাৰ প্ৰতিজন কৃষ্ণাংগ শিশু ‘জিনিয়াছ’ হ’ব পৰিব? এমো যদি সফল নহ’লহেঁতেন, তেন্তে দাৰ্শনিক ইমানুৱেল কান্টে ভৱাৰ দৰে কৃষ্ণাংগ মানেই মূৰ্খ প্ৰতিপাদন হ’লহেঁতেন? নৱজাগৰণৰ জ্ঞানৰ আলোকত ইউৰোপিয়ানসকল অন্ততঃ চালৰ বৰণ সম্পৰ্কে তেতিয়াও জ্ঞানী হৈ উঠা নাছিল। আন নালাগে সাৰ্বজনীনতাৰ পৃষ্ঠপোষক দাৰ্শনিক ইমানুৱেল কান্টেও এবাৰ কৈছিল, “মূৰৰ পৰা ভৰিৰ আঙুলিলৈ ক’লা, এইটোৱেই পৰ্যাপ্ত প্ৰমাণ যে মানুহজন এটা মূৰ্খ।” প্লেটো আৰু ডেকাৰ্টে ইউৰোপিয়ান―ইয়াৰ মানে কি প্ৰতিজন ইউৰোপিয়ান প্লেটো আৰু ডেকাৰ্টেৰ দৰে দাৰ্শনিক চিন্তা কৰিবলৈ সক্ষম? জেনেটিকেলি নিম্ন মুছলমান প্ৰব্ৰজনকাৰী সংস্পৰ্শত জাৰ্মানী কম প্ৰতিভাশালী হৈ পৰিছে―এয়া জনৈক জাৰ্মান প্ৰতিভাধৰ লিখকৰ মাথোঁ যোৱা দশকৰ জনপ্ৰিয় এক পুথিৰ সিদ্ধান্ত। আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ণ এটুকুৰা নুশুকুৱা ঘা। যি সময়ত ‘কৃষ্ণাংগ-জীৱনৰ মূল্য আছে’ আন্দোলনে বৰ্ণ-বৈষম্যত কোঙা কৃষ্ণাংগৰ জীৱনক লৈ সচেতনতা বঢ়াবলৈ চেষ্টা কৰিছে, একাংশ শ্বেতাংগই বিৰোধিতা কৰাই নহয়, তেওঁলোকে এজন একে মতৰ এজন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিবলৈকো সমৰ্থ হৈছে।

এমোৰ কাহিনীৰ আন এটা উৎসুকতা ভৰা দিশ যে এমো নীৰৱে পৰীক্ষাৰ বস্তু হৈ থকা নাছিল। গিৰ্জাৰ নথিত এমো এণ্টন ৱিলহেল্ম ৰুডল্ফ মো’ৰ (Mohr) বুলি নথিভুক্ত হৈছিল―পিছলৈ নিজকে এণ্টন ৱিলহেল্ম এমো এ’ফাৰ নামেৰে পৰিচয় দিছিল। জাৰ্মান ভাষাত মো’ৰ শব্দৰ অৰ্থ আফ্ৰিকান। লেটিনত এ’ফাৰ শব্দৰ অৰ্থ আফ্ৰিকান। এমোৱে ‘এমো আফ্ৰিকান’ নামেৰে পৰিচিত হৈ কি সাব্যস্ত কৰিবলৈ বিচাৰিছিল! ১৭৪৭ চনত জীৱনৰ আদ-বয়সত এমো সকলো ত্যাগ কৰি নিজ জন্মস্থানলৈ উভতি গৈছিল।

বৰ্ণই মানুহৰ সমস্ত দোষ-গুণ নিৰূপণ কৰে, এই ধাৰণা অতীজৰ নহয়। বৰং আডাম-ইভৰ তিনি সন্তানৰ পৰাই মানৱ জাতিৰ তিনিটা ঠাল চেমিটিক (হিব্ৰু, আৰব আৰু এচিৰিয়ান সকল), কৃষ্ণাংগ (আফ্ৰিকাবাসী) আৰু শ্বেতাংগ (ইউৰোপ আৰু এছিয়াবাসী) সৃষ্টি হৈছিল, এইটোহে বাইবেলৰ ধাৰণা। তেনেস্থলত নৱজাগৰণৰ যুক্তিবাদ কিয় ভুল পথে পৰিচালিত হৈছিল? পূব এছিয়াৰ চীন আৰু জাপানৰ মানৱ ঠালটোৰ উল্লেখ বাইবেলত নাই। ইউৰোপিয়ান ভ্ৰমণকাৰীসকলে বাইবেলত উল্লেখ নথকা জনগোষ্ঠী আৱিষ্কাৰ কৰি সকলো মানুহেই যে আডামৰ বংশধৰ সন্দেহ কৰিবলৈ ধৰে। এনে সময়তে এমোৰ সমসাময়িক ছুইডেনৰ বিজ্ঞানী কাৰ্ল লিনাছে জীৱজগতক শ্ৰেণীবদ্ধ কৰি অধ্যয়নৰ নতুন নিয়ম আৰম্ভ কৰে। ক্ৰমে বৰ্ণ-বৈশিষ্ট্যৰ ভিত্তিত মানুহক শ্ৰেণী বিভাজনৰ ধাৰণাটো জীৱ-বিজ্ঞানৰ ফালৰ পৰা গ্ৰহণযোগ্য হ’বলৈ ধৰে। ইউৰোপিয়ানসকলৰ মাজত বৰ্ণভিত্তিক বিভাজনৰ ধাৰণাটো বদ্ধমূল হৈ পৰে। ঊনৈশ শতিকাৰ শেষৰপিনে আমেৰিকাত বৰ্ণক লৈ অতি সচেতনতা তুংগত উঠিছিল। এই বিভ্ৰান্তিত সাৰ-পানী যোগোৱাত বিজ্ঞানীসকলে আগভাগ লৈছিল, মানৱতাবাদীসকলো পিছপৰি থকা নাছিল। প্ৰতিজনেই নিজৰ বৰ্ণক প্ৰতিনিধিত্ব কৰে, এই ধাৰণাটো মূল সুঁতি হৈ পৰিছিল। উদাহৰণস্বৰূপে ১৮৬০ৰ দশকত ইংৰাজ সমালোচক মেথিউ আৰ্নল্ডে লিখিছিল, ‘বিজ্ঞানে দেখুৱাইছে যে মহান আৰু অতি গুৰুত্বপূৰ্ণ পাৰ্থক্যসমূহ বৰ্ণ-নিৰ্ভৰশীল...।’ কিন্তু ব্যতিক্ৰম আছিল। ফ্ৰান্সৰ বিপ্লৱী কেথলিক পুৰোহিত আবে গ্ৰেগৱাৰে ১৮০৮ চনত কৃষ্ণাংগসকলৰ সাংস্কৃতিক সফলতাৰ বিষয়ে লিখি উলিয়াইছিল। এমোৰ দৰে বহুজনৰ সফলতাৰ কাহিনী কৃষ্ণাংগসকলৰ বহু সদগুণ আৰু মানৱজাতি যে এক প্ৰমাণ হিচাপে দাঙি ধৰিছিল। তেওঁ এই পুথি আমেৰিকাৰ জননেতা থমাছ জেফাৰচনলৈ প্ৰেৰণ কৰিছিল। জেফাৰচনে মন্তব্য কৰিছিল— ‘তেওঁ সমগ্ৰ ভাৰ্জিনীয়া প্ৰদেশতে এনে এজন কৃষ্ণাংগ লগ পোৱা নাছিল, যিজনে সাধাৰণ বৰ্ণনাৰ বাহিৰে সামান্য চিন্তাও ব্যক্ত কৰিব পাৰিছিল।’ গ্ৰেগৱাৰে কৃষ্ণাংগ সম্পৰ্কে জেফাৰচনক মতামত সলনি কৰিবলৈ আহ্বান জনাইছিল। প্ৰত্যুত্তৰত জেফাৰচনে কৈছিল, ‘কাৰণ ছাৰ আইজাক নিউটন আন মানুহতকৈ বুদ্ধিত শ্ৰেয়, সেয়ে তেওঁ আন মানুহ বা তেওঁলোকৰ সম্পত্তিৰ প্ৰভু হৈ নপৰে।’ তেওঁ প্ৰতিজন নিগ্ৰো বুধিয়ক ন’হ’ল বুলিয়েই ক্ৰীতদাস হ’ব লাগিব সমৰ্থন কৰা নাছিল। তেওঁৰ যুক্তি গ্ৰেগৱাৰৰ পৰিপূৰক আছিল। কিন্তু শ্বেতাংগৰ দৃষ্টিত কৃষ্ণাংগৰ নিকৃষ্টতাই ক্ৰীতদাসত্বৰ সপক্ষে যুক্তি আছিল। সিহঁতৰ আন উপযুক্ততা নাই, এই বুলি বহু ধাৰ্মিকেও নিজকে সান্ত্বনা দিছিল। যিসময়ত বিজ্ঞানীসকলে নানান অন্ধবিশ্বাসৰ অন্তঃসাৰশূ্ন্যতা প্ৰতিপন্ন কৰিছিল, কিয় তেওঁলোকে বৰ্ণভিত্তিক শ্ৰেষ্ঠতা বা নিকৃষ্টতাক সাৰ-পানী দিছিল? কাৰণ দাসত্বৰ পৰা আদি কৰি সাম্ৰাজ্যবাদৰ ন্যায্যতা প্ৰতিপন্ন কৰাৰো ই এটা আহিলা হৈ পৰিছিল। ১৮ শতিকাৰ মাজ ভাগত এমোৰ সময়ত আফ্ৰিকাৰ পৰা ইউৰোপিয়ান কলনীসমূহলৈ আফ্ৰিকাৰ পৰা শৃংখলবদ্ধ ‘ট্রান্স-আটলান্টিক’ দাস সৰবৰাহৰ সংখ্যা বছৰি প্ৰায় ২০০,০০০ হৈছিলগৈ। গ্ৰেগৱাৰে মুকলিকৈ কৈছিল, ‘মানুহে নিগ্ৰোসকলক নীচ কৰিছিল প্ৰথমে সিহঁতক ক্ৰীতদাস কৰিবলৈ নিজৰ অধিকাৰ সাব্যস্ত আৰু তাৰ পাছত এই কাৰ্যৰ ন্যায্যতা প্ৰতিপন্ন কৰিবলৈ...’

যোৱা শতিকাটোত আধুনিক জেনেটিকছে বৰ্ণভিত্তিক সত্তা বা উচ্চ-নীচ ভেদৰ আধাৰ নাই বুলি প্ৰতিপন্ন কৰিছে। প্ৰায় কুৰি হেজাৰ জিনৰ মাথোঁ কেইটামানেহে বৰণ, চুলিৰ বৈশিষ্ট্য বা নাক বা ওঁঠৰ গঠন নিৰূপণ কৰে। আৰ্নল্ডে ভবাৰ দৰে সেই কেইটা জিনে কবিতাৰ ৰুচি নিৰূপণ নকৰে নতুবা দৰ্শন বা বিজ্ঞানত পটুতা। মানুহৰ সৰহভাগ জিনেই উমৈহতীয়া। যিকেইটা জিনৰ পাৰ্থক্য আছে, সেইকেইটাৰ তথাকথিত বৰ্ণ বৈশিষ্ট্য নিৰ্ধাৰণত কোনো ভূমিকা নাই। সেয়ে হ’লেও আমেৰিকা যুক্তৰাজ্যত ‘alt-right’ নামৰ বৰ্ণ-বৈষম্যবাদী গোটটোৰ আজি অতি সক্ৰিয়তা গঢ় লৈ উঠিছে। তেওঁলোকে বৰ্ণ আৰু ধৰ্মৰ ভিত্তিত অধিকাৰ সাব্যস্ত কৰিব বিচাৰে― শ্বেতাংগ আৰু খ্ৰীষ্টান ধৰ্ম। আনটো মেৰুত ঐতিহাসিক বৰ্ণ-বৈষম্যৰ বলি পদদলিত কৃষ্ণাংগৰ অধিকাৰ সাব্যস্ত কৰিবলৈও বৰ্ণৰ উল্লেখ নকৰি উপায় নাই। যদি কৃষ্ণাংগ সকল পদদলিত, তেন্তে আমি ‘কৃষ্ণাংগ জীৱনৰ মূল্য আছে’ বুলি ক’ব নালাগিবনে? কি পৰিহাস!

সাংস্কৃতিক পৰিচয়

নিউয়ৰ্কত শেষটো বক্তৃতাত তেওঁ সাংস্কৃতিক পৰিচয়ৰ বিভ্ৰান্তি সম্পৰ্কে কৈছে। টাইলৰিয়ান আৰু আৰ্নল্ডিয়ান, এই দুয়োটা সংস্কৃতিৰ সংজ্ঞা পৰস্পৰবিৰোধী অথচ দুয়োটা ধাৰণাই পশ্চিমীয়া সংস্কৃতিৰ ধাৰণাত সনা-পোটকা হৈ আছে। পশ্চিমীয়া সংস্কৃতি বুলি এটা সংস্কৃতিক পৰিচয় আছে, সেইটোকেই তেওঁ প্ৰত্যাহ্বান জনাইছে। ১৮৭১ চনত এডৱাৰ্ড বাৰ্নেট টাইলৰে আদিম সংস্কৃতি নামৰ গ্ৰন্থখনত সংস্কৃতিৰ সংজ্ঞা দিছে, ‘জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, ৰীতি-নীতি আৰু আন প্ৰতিটো সামৰ্থ্য আৰু আচাৰ-আচৰণ সাঙুৰি লোৱা সেই এক জটিল পূৰ্ণতা, যি মানুহে এখন সমাজৰ সদস্য হিচাপে আয়ত্ত কৰে।’ অৰ্থাৎ প্ৰতিজন সামাজিক মানুহৰেই সংস্কৃতি থাকে। কিন্তু সমসাময়িক মেথিউ আৰ্নল্ডৰ বাবে সংস্কৃতি হৈছে, ‘আমাৰ বাবে প্ৰাসংগিক বিষয়সমূহ, এই পৃথিৱীৰ সকলো উত্তম চিন্তা আৰু কথা-কাণ্ড, শিকি বুজি পূৰ্ণ উৎকৰ্ষ লাভৰ সাধনা।’ অৰ্থাৎ ভাত খোৱা, পানী খোৱা সাধাৰণ কথা-কাণ্ড সংস্কৃতিৰ বিষয় নহয়। সাহিত্য, সংগীত, দৰ্শনৰ মাজৰে মূৰ্ত হৈ উঠা উচ্চ নৈতিকতা আৰু সৌন্দৰ্যৰ সাধনাহে সংস্কৃতি। সংস্কৃতি আৱহমান, এটা ঐতিহাসিক যাত্ৰা, অপৰিৱৰ্তনীয়, যেন এটুকুৰা মাণিক বা এটা সত্তা― এই ধাৰণাটো বিভ্ৰান্তিকৰ বুলি কৈছে। ৬০০ বছৰ পূৰ্বে দেহাৱসান হোৱা ইংৰাজী সাহিত্যৰ জনক ছ’ছাৰৰ দিনত ইংলেণ্ডখন কেনেকুৱা আছিল? সেই সময়ৰ প্ৰতিনিধিত্ব মূলক ৰীতি-নীতি, চিন্তা বা পাৰ্থিৱ বস্তু, এনেবোৰ বৈশিষ্ট্যৰ যি কোনো কেইটামানৰেই এটা সমষ্টি বিবেচনা নকৰোঁ কিয়, আজিৰ ইংলিছ সংস্কৃতি বুলিলে যি বুজোঁ, দেখিম যে ইয়াৰ মাজত ছ’ছাৰৰ সময়ৰ এটা উপাদানো বিচাৰি পাবলৈ নাই। এটা প্ৰজন্মৰ পৰা পিছৰটোলৈ লেবেলখনহে পাৰ হৈ আহে, কোনো মাণিকৰ টুকুৰা বা সত্তা নহয়। আজিৰ এজন ইংলিছ ইংলেণ্ড ভূমিখণ্ডৰ সৈতে এটা নিয়মানুসৰি উপযুক্তভাৱে এটা সম্পৰ্কৰ বান্ধনত বন্দী, সেয়ে তেওঁ এজন ইংলিছ। এই কাৰণে নহয় যে ছ’ছাৰৰ সময়ৰ কিবা বৈশিষ্ট্য তেওঁৰ মাজত বিদ্যমান। নিউয়ৰ্কখনেই বা কেনেদৰে পশ্চিমীয়া সংস্কৃতিৰ বাহক হৈ পৰিল? তেওঁ বিস্তাৰিত আলোচনা কৰিছে, চমুৱাই ক’বলৈ হ’লে ‘পশ্চিমীয়া সংস্কৃতি’ পৰিভাষাটোৱে সৌ সিদিনাৰ― ১৮৯০ দশকৰ সাম্ৰাজ্যবাদৰ উত্তপ্ত পৰিৱেশৰ সময়তহে ই এক ঐতিহ্যৰ বাহক বা অধ্যয়নৰ ক্ষেত্ৰ হিচাপে জনপ্ৰিয় হৈ উঠে। পশ্চিমীয়া সংস্কৃতি মূলতঃ ব্যক্তিকেন্দ্ৰিক, গণতান্ত্ৰিক, উদাৰতাবাদী, সহনশীল, প্ৰগতিবাদী, যুক্তিবাদী আৰু বৈজ্ঞানিক মানসিকতা পূৰ্ণ। মধ্যযুগীয় ইউৰোপখন ইয়াৰ এটাও নাছিল, আনকি যোৱা শতিকাটোতো ইউৰোপত গণতন্ত্ৰ আছিল ব্যতিক্ৰম। সহনশীলতা পশ্চিমীয়া সংস্কৃতিত মজ্জাগত এই দাবীয়ে আনকি এডৱাৰ্ড টাইলৰকো উচপ খুৱাই তুলিব―তেওঁ স্বয়ং নিজৰ বিশেষ ধৰ্ম বিশ্বাসৰ বাবে ইংলণ্ডৰ শীৰ্ষ বিশ্ববিদ্যালয়কেইখনৰ পৰা নিষিদ্ধ হৈছিল। ক্ৰীতদাসত্ব, দমন-নিগ্ৰহ, বৰ্ণ-বৈষম্য, যুদ্ধ প্ৰৱণতা বা গণহত্যা ইত্যাদিও তেনেহ’লে সেই আৱহমান পশ্চিমীয়া সত্তাটোৰেই অংগ এই বুলিও সমালোচকে আঙুলিয়াই দিব। তদুপৰি যদি ধৰিও লোৱা হয় যে পশ্চিমীয়া সংস্কৃতি বুলি এটা সত্তা আছে, তেনেহ’লেও আৰ্নল্ডে সংস্কৃতি বুলি কোৱা দৰ্শন, কলা-সাহিত্য, সংগীতৰ উৎকৰ্ষই ১২০০ শতিকাৰ লেটিন, গ্ৰীক নজনা বা কেতিয়াও প্লেটোৰ নাম নুশুনা কেইজন নাগৰিকক চুইছিল। আজিও আমেৰিকাৰ সৰহসংখ্যক নাগৰিকৰ জীৱনত ধ্ৰুপদী যুগৰ ঐতিহ্যই কোনো প্ৰভাৱ নেপেলায়। তেনেহ’লে প্লেটো, একুইনাছ বা কাণ্টৰ প্ৰকৃত উত্তৰাধিকাৰী বুলি আমি কেনেকৈ আশ্বস্ত হ’লো, যি স্থলত কিম কাৰ্ডাছিয়ান বা জাষ্টিন বিৱাৰে আমাৰ জীৱন সংপৃক্ত কৰি ৰাখে। টাইলৰিয়ান চিত্ৰখনক আৰ্নল্ডিয়ান চিত্ৰখনৰ সৈতে একাকাৰ কৰি― দৈনন্দিন জীৱনৰ কথা-কাণ্ডক উচ্চ আদৰ্শৰ সৈতে― আমি নিজকে আশ্বস্ত কৰোঁ। টাইলৰৰ ভাষাত সংস্কৃতি এক ‘জটিল পূৰ্ণতা,’ অৰ্থাৎ ইটো সিটো বৈশিষ্ট্য বা কথা-কাণ্ডৰ এটা ঢিলা সমষ্টি নহয়, বৰং এটা জীৱন্ত প্ৰাণীৰ দৰে, সম্পূৰ্ণ, প্ৰতিটো অঙ্গ অবিচ্ছেদ্য। আমি টাইলৰৰ দৈনন্দিন কথা-কাণ্ড আৰু জানো বা নাজানো, মানো বা নামানো, আৰ্ণল্ডে কোৱা উচ্চ সাংস্কৃতিক আদৰ্শ একাকাৰ কৰি ‘জটিল পূৰ্ণতা’ৰ এটা মৰীচিকা গঢ়ি লৈছোঁ। অথচ এথেন্সৰ মুক্তি বা এংলো-ছেক্সনৰ ব্যক্তি-স্বাধীনতাৰ আদৰ্শই আমেৰিকাক এখন ক্ৰীতদাস থকা গণতন্ত্ৰ স্থাপনৰ পৰা মুক্ত কৰিব পৰা নাছিল।

আৰ্নল্ডিয়ান সাংস্কৃতিক উপাদানে নে টাইলৰিয়ান সাধাৰণ ভাল-খোৱা, পানী-খোৱা কথাই আমাক বান্ধি ৰাখে? আজি টকিঅ’ৰ ৰাজপথত হিপ-হপৰ পয়োভৰ। ব্ৰিটেইনে মাছ-আলু ভজা বাদ দি চিকেন টিক্কা খাবলৈ লৈছে। সংস্কৃতি হৰণ-ভগন নোহোৱা পূৰ্ণাঙ্গ সত্তা, এই ভ্ৰান্তি বাদ দিব লাগিব। এই মৰীচিকা ভাঙিলেই আমি য’তেই নাথাকোঁ কিয়, সাৰ্বজনীনতাক আঁকোৱালি ল’ব পাৰিম। এজন শ্বেতাংগ আমেৰিকানে আফ্ৰিকান আমেৰিকান এজনৰ দৰে আচাৰ-আচৰণ কৰাত একো বাধা নাই। মেথিউ আৰ্নল্ড, ইমানুৱেল কান্ট বা মাৰ্টিন লুথাৰ কিং আৰু মাইলছ ডেভিছৰ চিন্তা-চৰ্চা একে সময়তে আঁকোৱালি লোৱাত একো বাধা নাই। ইছলামিক দেশৰ ব্যক্তি এজনেও পশ্চিমীয়া সভ্যতাৰ খ্ৰীষ্টিয়ান-ধৰ্ম বা গণতান্ত্ৰিক পৰম্পৰাৰ দুই-চাৰি উপাদানৰ সৈতে একাত্মতাবোধ কৰাত কোনো বাধা নাই। পশ্চিমীয়া সভ্যতাৰ এনে কোনো অপৰিৱৰ্তনীয় চৰিত্ৰ নাই যে নিউয়ৰ্কৰ এজন শ্বেতাংগই ইছলাম গ্ৰহণ কৰিব নোৱাৰিব। প্লেটো বা এৰিষ্ট’টল সম্পৰ্কীয় যি আখ্যান-উপাখ্যানেৰে নিজকে তেওঁলোকে নিজকে পশ্চিমীয়া সভ্যতাৰ উত্তৰাধিকাৰী সাব্যস্ত কৰে, তাত কিছু সত্যতা আছে। পাণ্ডিত্যমূলক কাম-কাজত এনে এক আত্ম-সচেতনতাবোধ আছে। কিন্তু সেই আদৰ্শসমূহ আমাৰ, প্ৰয়োজন হ’লে জানি-বুজি ল’ম, বুলি নিজকে আভুৱা-ভাঁৰিলে নহ’ব। গানৰ কলি নহয় যে স্মাৰ্ট ফোনত বন্দী কৰি ৰাখিছোঁ মাথোঁ, শুনিবলৈহে বাকী। আদৰ্শ-মূল্যবোধত কাৰো জন্মগত অধিকাৰ নাই, কৰ্ষণ কৰিলেহে নিজৰ বুলি দাবী থাকিব। নিজকে এটা সভ্যতাৰ প্ৰতিনিধি বা বাহক বুলি দাবীৰ এই অৰ্থ নহয় যে মানুহজনে সেই সভ্যতাৰ আদৰ্শ-মূল্যবোধক লৈ বিশেষ মূৰ ঘমায়।

ধৰ্ম, বৰ্ণ, জাতি আৰু সংস্কৃতি এই আটাইকেইটাই আমাৰ বাবে বন্দিত্ব হৈ পৰিব পাৰে, ধাৰণাত্মক আৰু নৈতিক বিভ্ৰান্তিৰ কাৰণ হ’ব পাৰে। কিন্তু এইকেইটাই আমাক মুক্তিবোধো দিব পাৰে। আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ সৈতে য’ত আমি বাস কৰোঁ, সেই স্থানীয় পৰিসৰক বৃহত্তৰ পৰিসৰলৈ সম্প্ৰসাৰিত কৰি একাত্মবোধৰ অনুভৱ আনি দিব পাৰে। পৃথিৱীখন জীৱন্ত, বোধগম্য আৰু আশু কৰি তুলিব পাৰে। আমাৰ জীৱন বৃহত্তৰ পৰিসৰতো অৰ্থবহ হৈ উঠিবই লাগিব। আজি আমি এনে এখন পৃথিৱীত বাস কৰিছোঁ, য’ত আদৰ্শৰ পৰা প্ৰযুক্তিলৈ আমাৰ প্ৰতিটো কাৰ্যৰ এটা সাৰ্বজনীন গুৰুত্ব আছে। মানৱতাৰ পৰিধি ইমান বিশাল নহয় যে আমাৰ দয়া-মৰম আৰু উদ্বেগৰ সীমাৰ দিক নিৰ্ণয় কৰিবলৈ অসুবিধা হ’ব। মানৱ জাতি ক্ৰমে উষ্ণ হ’বলৈ ধৰা এটা ক্ষয়িষ্ণু গ্ৰহত বাস কৰিছোঁ―বিজ্ঞানী ষ্টিফেন হকিঙে ধ্বংসৰ গৰাহৰ পৰা বাচিবলৈ ১০০০টা বছৰ ধৰি দিছে। ১০০০টা বছৰ বৰ বেছি সময় নহয়।

এপায়াৰ দৃষ্টিকোণ অনুধাৱন কৰিবলৈ ইউৰোপ-আমেৰিকাৰ প্ৰেক্ষাপটত দিয়া উদাহৰণ-উপমাকেইটা অসম-ভাৰতৰ পৰিপ্ৰেক্ষিতত পাঠকে ভাবি চাব। প্ৰাচীন ভাৰতীয় প্ৰজ্ঞাৰ আধুনিক প্ৰবক্তা বিবেকানন্দ, ঋষি অৰবিন্দৰ ৰাষ্ট্ৰীয়তাবাদত সাৰ্বজনীনতা অন্তৰ্নিহিত হৈ আছে। আজান ফকীৰ, শংকৰৰ আহ্বানত কেৱল মানৱ দৰদী উদাৰতাবোধহে আছে। লাচিত স্বজন-তোষণৰ ঊৰ্ধ্বত অক্লান্ত সেৱাৰ প্ৰতীক―যুদ্ধংদেহি উগ্ৰ তেজৰ নহয়। এওঁলোকক অনুধাৱন কৰিলেহে সঁচা উত্তৰাধিকাৰ সাব্যস্ত কৰিব পাৰিম। বেদান্ত দৰ্শনৰে অনুপ্ৰাণিত প্ৰয়াত পিতৃৰ এই গীতত আমেৰিকাৰ আধুনিক পণ্ডিত এপায়াৰ চিন্তাৰ প্ৰতিধ্বনি শুনিছোঁ,

গুৰু সেৱা নকৰোঁ, গায়ত্ৰী জপ নকৰোঁ মই।
ৰোজা নাৰাখোঁ, নামাজ কলিমা নপঢ়োঁ মই।।
বেদ, বাইবেল, কোৰাণ পঢ়া নাই মই।
মন্দিৰ, মছজিদ গিৰ্জালৈ নাযাওঁ মই।।
সীমাৰ মাজত বন্দী নহওঁ মই।
মুক্ত আত্মা মই অমৃতৰ সন্তান।
মানুহকে যাচোঁ মোৰ মন, সেয়ে মোৰ সঁচা পৰিচয়।

Wednesday, October 12, 2016

অসমীয়াৰ মনস্তাত্ত্বিক সমস্যা―আস্থা আৰু আত্মপ্ৰত্যয়

‘নিয়মীয়া বাৰ্তা’, ১২ অক্টোবৰ ২০১৬ 

ভাৰতীয় নাগৰিকত্ব আইনৰ সংশোধনীক লৈ প্ৰকাশিত দুই-চাৰিটা মতামত জুকিয়াই আলোকপাত কৰাৰ চেষ্টা কৰিছোঁ। বস্তুনিষ্ঠ হ’ব বুলি মই দাবী নকৰোঁ― মোৰ নিজা মতামতৰ প্ৰভাৱ নিশ্চয় পৰিব। কোনটো স্থিতি শুদ্ধ বা অশুদ্ধ অবান্তৰ, কিন্তু সাধুভাবেৰে একাধিক চিন্তা-ধাৰণা বুজিব পৰাটো আত্মঘাতী প্ৰৱণতা থকা আমাৰ জাতিটোৰ পক্ষে মংগলজনক হ’ব। সাম্প্ৰতিক সময়ৰ স্বনামধন্য দুই পুৰোধা ব্যক্তি হোমেন বৰগোহাঞি ছাৰ নগেন শইকীয়া ছাৰৰ ২৬ ছেপ্টেম্বৰৰৰ ক্ৰমে ‘নিয়মীয়া বাৰ্তা’ আৰু ‘আমাৰ অসম’ত প্ৰকাশিত ‘অসমত বাঙালীৰ সংস্থাপন’ আৰু ‘অসম আৰু অসমীয়াক বলিশাললৈ নেঠেলিব’ শীৰ্ষক লেখা দুটাত ফুটি উঠা উদ্বিগ্নতাই আমাকো ভবাই তুলিছে। এই দুগৰাকী পুৰুষ সাম্প্ৰতিক অসমৰ বিবেকস্বৰূপ। তেখেতসকলৰ অনুভৱ আৰু অভিজ্ঞতা আমাৰ বাবে গুৰুত্বপূৰ্ণ। অন্য এক দৃষ্টিকোণ দাঙি ধৰিলে তেখেতসকলৰ অনুভৱক অসন্মান কৰা নহ’ব। প্ৰয়াত পিতৃদেৱৰ সৈতে কেতিয়াবা একোটা বিষয়ক লৈ তুমুল তৰ্ক কৰিছিলোঁ। নিজেও উপকৃত হৈছিলোঁ, পিতৃৰ স্নেহো সামান্য হ্ৰাস হোৱা নাছিল।

বৰগোহাঞি ছাৰে অসমীয়াৰ ন্যায্যপ্ৰাপ্য শোধনাগাৰকেইটা অসমবাসীয়ে কেনেকৈ তিক্ততাৰে দাবী-সংগ্ৰাম কৰি কাঢ়ি আনিবলগীয়া হৈছিল আক্ষেপেৰে কৈছে। সেই সময়ৰ দুই কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰদৰ্শন কৰা অৱহেলাৰ মনোভাবে অসমবাসীৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱ উদাহৰণৰূপে দাঙি ধৰিছে। কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া আৰু অৱজ্ঞাসূচক মনোভাবকেই বিচ্ছিন্নতাবাদী সত্তাটোৰ কাৰণ ঠাৱৰ কৰিছে। উল্লিখিত নাগৰিকত্ব আইনখনৰ সংশোধনৰ দ্বাৰা অসমত ‘বিশ লাখ’ হিন্দু বাঙালীক সংস্থাপন দিবলৈ কৰা ‘সিদ্ধান্ত’ৰ মাজত অশুভ ভৱিষ্যতৰ বীজ লুকাই আছে বুলি কৈছে। যড়যন্ত্ৰৰ ইংগিত আছে নেকি সংশয় প্ৰকাশ কৰিছে। এইধৰণৰ এটা আক্ষেপমূলক বৰ্ণন আমাৰ মাজত প্ৰচলিত আছে―সৰুৰে পৰা কেন্দ্ৰই অসমক মাহীআইৰ দৃষ্টিৰে চাই আমি শুনি আহিছোঁ। অৱচেতন মনত ইয়াৰ প্ৰভাৱ কিমান নাজানো, কিন্তু চেতন মনত মোৰ এটা আত্মবিশ্বাসী স্থিতি আছে। তেনেদৰে শইকীয়া ছাৰৰ কিছু নাটকীয় ‘অসম আৰু অসমীয়াক বলিশাললৈ নেঠেলিব’ শীৰ্ষক আচলতে তত্ত্বগধুৰ লিখাটো পৰিপূৰক। দুয়োটা লিখা একে দিনাই প্ৰকাশ হোৱাটো কাকতালীয়। কিন্তু অসমীয়াৰ মনস্তত্ত্ব আমি নিজেহে ভালকৈ বুজি উঠাৰ প্ৰয়োজনীয়তাৰ কথাকে সূচাইছে। অন্ততঃ মই তেনেদৰে ভাবিছোঁ। শইকীয়া ছাৰে জাতি গঠনত ধৰ্মতকৈ ভাষাৰ প্ৰাধান্য উপস্থাপন কৰিছে। ভাষাৰ ক্ষেত্ৰত ১৮০ বছৰৰ আগৰ পৰা অসমীয়াই ভুগি অহা অভিজ্ঞতাৰ পুনৰাবৃত্তি হ’লে অসমীয়াই চৰ-চাপৰিৰ প্ৰব্ৰজনকাৰীসকলকে ভাষাটোৰ তাগিদাত আঁকোৱালি ল’ব বুলি ভয় প্ৰকাশ কৰিছে। এই সংশোধনী গ্ৰহণ হ’লে বিদেশীৰ পৰিচয় ধৰ্মভিত্তিক হৈ ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত আঘাত লগাৰ লগতে অসমত অসমীয়া ভাষিক সংখ্যালঘু হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে। অসমীয়াৰ আতংক দুয়োজনে উদ্বিগ্নতাৰে লক্ষ্য কৰিছে। ইয়াৰ মাজতে এই দুই বিবেক প্ৰহৰীৰ মানৱদৰদী মনটোও মই লক্ষ্য কৰিছোঁ। অসমত বিচ্ছিন্নতাবাদৰ সুপ্ত সত্তা এটা নথকা হ’লে বা বানপানী-গৰাখহনীয়াই গৃহহীন কৰা লাখ লাখ মানুহক সংস্থাপন দিবলগীয়া প্ৰাথমিকতা নথকা হ’লে বৰগোহাঞি ছাৰৰ স্থিতি হয়তো আনধৰণৰ হ’লহেঁতেন― এনে এক ইংগিত মই দেখা পাইছোঁ। হিন্দু নে মুছলমান, বাঙালী নে বিহাৰী গুৰুত্বপূৰ্ণ বিবেচনা নহয়―তেখেতে একেটা উশাহতে কৈছে। শইকীয়া ছাৰেও এই ‘বিশ লাখ’ শৰণাৰ্থী ভাৰতৰ ২৯ খন ৰাজ্যই ভগাই লোৱাৰ সমাধান দিছে।

একেলগে আমি অসম আন্দোলন কৰা বন্ধু ব্ৰজেন ডেকাই ৯ ছেপ্টেম্বৰৰ ‘অসমীয়া খবৰ’ত ‘অসমীয়া জাতীয়তাবাদী শিবিৰ দিল্লীৰ বহতীয়া হ’ল’ শীৰ্ষক লেখাটোত এমুঠিমান অসমীয়া মানুহক দেশী-বিদেশী প্ৰায় ২৫ কোটি বঙালীভাষীয়ে আগুৰি ৰাখিছে বুলি শংকা ব্যক্ত কৰিছে। বাংলাদেশৰ ১ কোটি ৭০ লাখ বঙালীভাষী হিন্দু অসমত থিতাতে আহি ওলাবহি বুলি ত্ৰাসিত হৈছে। ভাৰতীয় নেতৃবৰ্গৰ প্ৰতি চৰম অবিশ্বাস আৰু বিৰূপ মনোভাব ফুটি উঠিছে। এবাৰ সাপে খুঁটিলে লেজুলৈকো ভয়— এইষাৰি আপ্তবাক্যৰ মহিমা সাব্যস্ত হৈছে।

৭ ছেপ্টেম্বৰৰ ‘নিয়মীয়া বাৰ্তা’ত শংকৰ দাসে ‘হিন্দু বঙালীৰ নাগৰিকত্ব, ঐতিহাসিক পটভূমি’ শীৰ্ষক লেখাটোৰে বিষয়টোত ৰাষ্ট্ৰীয়তাবাদী দৃষ্টিকোণেৰে আলোকপাত কৰিছে। তেখেতে বস্তুনিষ্ঠভাৱে এইখন সংশোধনীৰ জৰিয়তে নতুনকৈ ২০/২৬ লাখ বঙালী হিন্দুক নতুনকৈ আনিবলৈ বা সংস্থাপন দিবলৈ দিহা কৰা হৈছে বুলি কৰা প্ৰচাৰক প্ৰত্যহ্বান জনাইছে। এই সংখ্যা বিভ্ৰান্তমূলক বুলি কৈছে। অসমীয়াৰ জাতীয় জীৱন সংকতাপন্ন হোৱাৰ কাৰণ বঙালী হিন্দু নহয় বুলি তথ্য-যুক্তি দিছে। দেশবিভাজনৰ পটভূমি, অভিজ্ঞতা আৰু সোঁৱৰণি মচি ১৯৪৭ চনত এখন নতুন ফলিত ভাৰতৰ ইতিহাস ৰচিব নোৱাৰি বুলি কৈছে। অবিভক্ত ভাৰতৰ যিসকল হিন্দু ধৰ্মাবলম্বী পৰিস্থিতিৰ বাধ্যবাধকতাত (পূৰ্ব)পাকিস্তানতেই থাকি যাবলগীয়া হৈছিল, কিন্তু আজি ৭০ বছৰৰ পাছতো নিৰ্যাতন ভুগি আছে―যি সাম্প্ৰতিক কালত বাঢ়িছেহে―তেওঁলোকক পৰিত্যাগ নকৰিবলৈ ৰাষ্ট্ৰীয়তাবাদীৰ সিদ্ধান্ত নীতিগত। সংবিধান শিলত খোদিত নহয়―গণতান্ত্ৰিক পদ্ধতিৰে প্ৰয়োজনীয় সংশোধনী অনা যায়। বিতাড়িত-নিৰ্যাতিত স্বধৰ্মীয়ক সহায় কৰাটো কৰ্তব্য। আধুনিক ইজৰাইল ৰাষ্ট্ৰ বা জাতি গঠনতো আমি ভাষাতকৈ ধৰ্মৰহে প্ৰাধান্যতা দেখো। দাসৰ এই স্থিতিত ষড়যন্ত্ৰ বা চিন্তাৰ দোমোজা দেখা পোৱা নাযায়। স্বৰাজোত্তৰ কালছোৱাত মতপ্ৰকাশ বা প্ৰভাৱ বিস্তাৰ কৰিবলৈ কৰিবলৈ সুযোগ নোপোৱা অবদমিত এই ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাই পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত মুকলি পৰিৱেশ পাইছে। অসমীয়াৰ জাতীয় সংকতৰ কাৰণ বাংলাদেশৰ পৰা হোৱা অনিয়ন্ত্ৰিত অবৈধ প্ৰব্ৰজন বুলি তেখেতে কৈছে। অসমীয়াৰ সংকটৰ নিজা দুৰ্বলতাজনিত কেতবোৰ কাৰণো আছে বুলি কৈছে― স্থানীয় জনগোষ্ঠীসমূহক নিজৰ লগত ৰাখিবলৈ অপৰাগতা আঙুলিয়াই দিছে। কিমানজন ভাষা-সংস্কৃতিৰ কাণ্ডাৰীৰ ল’ৰা-ছোৱালী অসমীয়া মাধ্যমত পঢ়িছে বুলি প্ৰশ্ন কৰিছে। দাসৰ লেখাটোৰ সৈতে প্ৰায় একমত প্ৰকাশ কৰি, কিন্তু এটা নতুন মাত্ৰা সংযোজনৰে ৫ অক্টোবৰৰ ‘নিয়মীয়া বাৰ্তা’ত ‘হিন্দু বঙালীৰ নাগৰিকত্ব’ শীৰ্ষক লিখাটোত ডঃ নলীন বৰঠাকুৰে সাধাৰণ অসমীয়াৰ বঙালীৰ সৈতে থকা প্ৰীতিভাব আৰু বঙালী হিন্দুৰ অসমীয়া ভাষা-সংস্কৃতিলৈ থকা অৱদানৰ কথা দোহাৰিছে। বহু বঙালী পৰিয়াল অসম এৰি ইতিমধ্যে গুচি যোৱাৰ কথা কৈছে। বাংলাদেশৰ গ্ৰাম্যাঞ্চলত হিন্দু যে নিপীড়িত সেয়া সত্য বুলি কৈছে। ভাষা বা ধৰ্ম বুলি নহয়, সংকটাপন্ন শৰণাৰ্থীক সহায় কৰাৰ মানৱীয়তাৰ মাত্ৰটো তেখেতে সংযোজন কৰিছে। নতুনকৈ আহিব বুলি ধাৰণা কৰা শৰণাৰ্থীৰ ক্ষেত্ৰতো মানৱীয়তাৰ আধাৰত ব্যৱস্থা লোৱাৰ কথা কৈছে, যদিও সংশোধন কৰিব ওলোৱা আইনখনৰে ইতিমধ্যে বসতি কৰি থকা শৰণাৰ্থীকহে নাগৰিকত্ব দিয়াৰ বিবেচনা কৰা হৈছে― দাসৰ লিখাত এইটো স্পষ্টকৈ ওলাইছে। বৰঠাকুৰে দাঙি ধৰা শৰণাৰ্থীক ভাষা-ধৰ্মৰে বিবেচনা নকৰি মানৱীয়তাৰ আধাৰত বিচাৰ কৰা নীতি সকলোৰে সমৰ্থনযোগ্য। বাংলাদেশৰ নিপীড়িত মানুহখিনি হিন্দু বা বংগভাষী সেয়া বিচাৰ্য নহয়। এই নীতি সভ্যতাৰ মান।

ইয়াৰ বিপৰীতে ১৪ ছেপ্টেম্বৰৰ ‘নিয়মীয়া বাৰ্তা’ত মথুৰা মোহন ডেকাৰ ‘আজিৰ অসমীয়াই নিজকে নবচালে অসমতে মগনীয়া হ’ব’ শীৰ্ষক লেখাটোৱে আন এটা দৃষ্টিকোণ দাঙি ধৰিছে। ধৰ্ম, ভাষা, জাত-পাত আদিক লৈ ডেকাৰ পক্ষপাতিত্ব নাই। অসমীয়াৰ উদাৰতাৰ কথাৰে আৰম্ভ কৰিছে― উদাৰতাৰ পৰশত বিশেষকৈ মুছলমানসকলে অসমীয়া ভাষা-সংস্কৃতি অন্তৰেৰে গ্ৰহণ কৰিছে, কিন্তু কৰিব খোজা নাই হিন্দু বাংলাভাষীসকলে। তেওঁলোক হেনো এতিয়াও উচ্চাত্মিকাত ভুগি আছে। অসমীয়াই ’৬০, ’৭২ আৰু ’৭৯ত কৰা আন্দোলন মূলতঃ অবৈধ বিদেশীৰ নহয়, বাংলাভাষীৰ বিৰুদ্ধেহে আছিল, ডেকাই তত্ত্ব দাঙি ধৰিছে। তথাপিও ভ্ৰাতৃঘাতী সংঘাতক লৈ তেওঁ চিন্তিত, যদিও বংগভাষীক ভ্ৰাতৃজ্ঞান কৰাৰ স্পষ্ট আভাস ফুটি উঠা নাই। হিন্দুত্ববাদৰ দৰ্শনৰ প্ৰতি তীব্ৰ শ্লেষোক্তিও কিবা কৰি বিষয়টোত একাকাৰ কৰি পেলাবলৈ সমৰ্থ হৈছে। জনসংখ্যা-নিবনুৱা সসম্যাক লৈ উদ্বিগ্ন হৈ পৰিছে―ভাৰত যে অখণ্ড হৈ নাথাকিব ভৱিষ্যদ্বাণী কৰি প্ৰায় উপলুঙা কৰিছে। কিন্তু ‘অসমীয়াই নিজকে কিদৰে বচাব’ সেই বিষয়ে মূল্যবান তেনেই সামান্যহে ডেকাই কৈছে। এই ধৰণৰ তীব্ৰ বঙালী বিৰোধী যুদ্ধংদেহী ভাষাপ্ৰেমিকৰ সংখ্যা অসমত কম হ’লেও আছে। বেচ কেইটামান মাহ পূৰ্বে নিয়মীয়া বাৰ্তাতে এজনে লিখিছিল যে শ্বহীদ অনিল বৰাৰ মৃতদেহৰ মুখত হেনো কোনোবা বঙালী গাভৰুৱে গৰম পানী ঢালি দিছিল― বঙালীসকল কিমান নৃশংস! এইটো পিছে লেখকৰ চাক্ষুষ সাক্ষী নাছিল, কাৰণ সেই সময়ত তেওঁ শিশু আছিল। কোনোবা আত্মীয়ৰ মুখেৰেহে শুনিছিল। পঢ়ি তবধ মানিছিলোঁ, এনে দায়িত্বজ্ঞানহীন সংঘৰ্ষ উচটনি দিব পৰা ভিত্তিহীন কথাও হেলাৰঙে ক’ব পাৰে।

ডঃ হীৰেন গোহাঁইদেৱে অসমৰ বাকপটু মন্ত্ৰীজনৰ (বহুকেইটা বিশেষণ দিছে, কিন্তু নামটো ল’বলৈ প্ৰবল অনীহা দেখুৱাইছে) উল্লিখিত আইনখনৰ সংশোধনক লৈ দিয়া এটা বক্তব্য পঢ়িবলৈ পাই তেখেতে ৩ অক্টোবৰৰ ‘আমাৰ অসম’ত দিয়া প্ৰতিক্ৰিয়াটোও কৌতূহল উদ্দীপক। তেখেতে পঢ়া একেখিনি বক্তব্য পঢ়ি মই মন্ত্ৰীজনৰ স্থিতি যি ধৰণে বুজিছিলোঁ― স্বাধীনতা পূৰ্ব অখণ্ড ভাৰতৰ বিদেশী হ’ব লগা হোৱা হিন্দু-শিখ ইত্যাদি ভাৰতীয় মূলৰ ধৰ্মীয় সন্ত্ৰাস-নিৰ্যাতনৰ বলি মানুহখিনিৰ প্ৰতি ভাৰত গণৰাজ্য দায়বদ্ধ। সন্ত্ৰাসৰ বলি এইখিনি মানুহৰ সহায়ৰ বাবে গণতান্ত্ৰিকভাৱে প্ৰয়োজনীয় সংবিধান সংশোধনী কৰি লোৱা হ’ব। সন্ত্ৰাস, আতংক, বিষম পৰিস্থিতিৰ বলি যি কোনো মানুহক শৰণ দিয়াটোও ভাৰতৰ দৰে দেশৰ দায়িত্ব― মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নোত্তৰত কৈছিল। থিতাতে সাংবাদিকক দিয়া প্ৰশ্নোত্তৰহে সম্পাদিত নহয় বাবে দুই-এটা উপমা-উদাহৰণ একেবাৰে খাপ হয়তো নাখালেও তেওঁৰ স্থিতি আছিল পৰিষ্কাৰ। কিন্তু মন্ত্ৰীজনৰ নীতিগত স্থিতিটো সম্বন্ধে মন্তব্য নকৰি আনুষংগিক কথাখিনিক কেন্দ্ৰ কৰি গোহাঁইদেৱে আঁহফলা যুক্তিৰে মন্ত্ৰীজনৰ উক্তি ‘বিভ্ৰান্তিজনক, স্বয়ং বিভ্ৰান্ত আৰু দুতৰপীয়া’ বুলি বিশ্বাসেৰে লিখিলে। হিন্দু শৰণাৰ্থীৰ সংখ্যা অহুকাণে পহুকাণে আনকি ৩০-৪০ লাখো হ’ব পাৰে বুলি শুনিছে বুলিও সুবিধাতে কৈ থ’লে―সৰল অসমীয়াই কিজানিবা আৰু অকণমান বেছি ভয় খায়েই। তেখেতে দাবী দি কলে—এইবোৰ মানুহৰ নাগৰিকত্ব অসমত সাব্যস্ত হ’ব নোৱাৰিব। পৃথিৱীৰ বহু দেশে আনকি খোদ বাংলাদেশী চৰকাৰেও হিন্দুক সুৰক্ষা দিয়ে বুলি আশ্বস্ত হৈ ওচৰ-চুবুৰীয়া দেশখনত মানুহৰ নিপীড়ন-নিৰ্যাতনৰ বাতৰি সম্বন্ধে বিবেচনাই নকৰিলে। মায়ঙখন বেছি ওচৰ বাবেই হ’বলা তাত বহা মানুখিনিৰ মানৱাধিকাৰ সম্বন্ধে তেখেত অলপতে সৰব হৈ পৰিছিল। কিন্তু দৈব দুৰ্বিপাকত মন্ত্ৰীজনৰ স্থিতিটোকে তেখেতে কেনেবাকৈ সমৰ্থন কৰি পেলালে, ‘ভাৰতে বিপদাপন্ন হিন্দু মানুহক আশ্ৰয় নিদিয়াৰ কথা নাই। কিন্তু হিন্দু বাবেই আশ্ৰয় দিবলৈ বাধ্য, তেনে ধাৰণাটোহে সংবিধানবিৰোধী।’ সেই বাবেই জানো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সংবিধান সংশোধনী কৰি ল’ব খোজা হোৱা নাই? প্ৰক্ৰিয়া অনুসৰি নাগৰিক, দল-সংগঠনক মতামত দিবলৈ দিবলৈ সময় দিছে। তাৰ পিছত চৰকাৰী সংশোধনী প্ৰস্তাৱ অনা হ’ব, সেয়া সংসদত আলোচনা হ’ব, সংশোধনী পাৰিত হ’ব― হয়তো নহ’ব।

২ অক্টোবৰৰ ‘নিয়মীয়া বাৰ্তা’ত শ্ৰী ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীদেৱেও বিষয়টো সামগ্ৰিক পৰ্যোলোচনা কৰি তেখেতৰ বিশ্লেষণ গণ্যমান্য বুদ্ধিজীৱীতকৈ পৃথক হোৱাৰ কাৰণ দিছে। সৰ্বহাৰা বাংলাদশীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি বিদেশী বিতাড়ন আন্দোলনৰ ঘোৰ বিৰোধিতা কৰা কাণ্ডাৰীসকল আজি শৰণাৰ্থীবিৰোধী হৈ ৰাজপথত নামি পৰা কাৰ্যটো তেওঁলোকে দোহাই দিয়া কোনটো তত্ত্বসাপেক্ষে হৈছে বুজিব নোৱাৰি কিছু বিপাঙত পৰা যেন লাগিছে। তেখেতে অবৈধ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীক একাকাৰ কৰা সম্পৰ্কে সংশয় ব্যক্ত কৰিছে, কিন্তু এই সম্পৰ্কে যুক্তি-তৰ্কক আদৰণী জনাইছে।

আইনজ্ঞ উপমন্যু হাজৰিকাৰ (‘নিয়মীয়া বাৰ্তা’ ২৭ আৰু ২৮ ছেপ্টেম্বৰ) কথোপকথনটো অবৈধ বাংলাদেশীৰ প্ৰব্ৰজন সমস্যা সম্পৰ্কে, কিন্তু শৰণাৰ্থী বিষয়টো সাপেক্ষেও প্ৰণিধানযোগ্য। তেখেত বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি সমস্যাটো নিয়ন্ত্ৰণৰ বাবে প্ৰস্তাব দিছে। বাংলাদেশত জনবসতিৰ ঘনত্ব ১২২২ আৰু অসমত ৩৯৯ (প্ৰতি কিলোমিটাৰ)। তাতে অসমত ভূমি দখলৰ অবাধ সুবিধা। গতিকে দুখীয়া বাংলাদেশী অসমলৈ ভূমি দখলৰ তাগিদাত অহাটো পানী ওপৰৰ পৰা তললৈ বোৱাৰ দৰে স্বতঃসিদ্ধ। সীমান্তৰ বেৰ নিয়ন্ত্ৰণৰ বাবে যথেষ্ট নহয়, হেজাৰ হেজাৰ কিলোমিটাৰ নিশ্ছিদ্ৰ বেৰ দিয়াটো সম্ভৱো নহয়। তেওঁলোকে অসমীয়া ভাষা শিকি-বুজি লোৱাটোৱে অসমীয়া হোৱা নুবুজায় বুলি কৈছে। থলুৱাক সাংবিধানিক ৰক্ষা কবচ আৰু কিছুসংখ্যক অবৈধ বিদেশীক নাগৰিকত্ব দিব লগা হ’লেও ভূমি অধিকাৰৰ পৰা আইন কৰি বঞ্চিত কৰাৰ দিহা দিছে। মই সংযোগ কৰিছোঁ, শ্ৰমৰ চাহিদাও দুখীয়া দেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনৰ কাৰণ। মই অলপতে আমেৰিকাত এজন অসমীয়া অবৈধ প্ৰব্ৰজনকাৰী সম্বন্ধে বিশ্বস্ত সূত্ৰে জানিব পাৰিছিলোঁ―অবৈধভাৱে কাম-কাজ কৰি সুন্দৰকৈ আছে। যেনেকৈ আছে লক্ষ্য লক্ষ্য মেক্সিকান অবৈধ নাগৰিক। ইংলণ্ডৰ দৰে দেশতো এতিয়া কৃষি, পৰ্যটন ইত্যাদি বহুক্ষেত্ৰত সাধাৰণ কাম-কাজ অৰ্থনৈতিক প্ৰব্ৰজনকাৰীৰ হাতত― চাহিদা প্ৰচণ্ড। এওঁলোকৰ মাজত অবৈধ প্ৰব্ৰজনকাৰীও আছে। ইংলণ্ডৰ ডেকা ল’ৰা-ছোৱালীয়ে সৰু-সুৰা কাম নকৰে, লাগিলে নিবনুৱা ভাট্টা লৈ থাকিব। অসম-অসমীয়াৰ নিচিনাই। পাৰ্থক্য ইমানেই যে আইনৰ সহায়ত প্ৰব্ৰজনকাৰীৰ সংখ্যা অৰ্থনীতিত হোৱা প্ৰয়োজন হোৱা অনুসৰি নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে। অৰ্থনৈতিক প্ৰব্ৰজন সম্পূৰ্ণ ৰোধ অসম্ভৱেই নহয়, দেশখনৰ অৰ্থনীতিৰ বাবেও ক্ষতিকৰ। আইন কৰি কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পৰাটো এটা উপায়। থলুৱাই সৰু-বৰ সকলো কাম-কাজৰ প্ৰতি মন দিয়াটোও সমানে প্ৰয়োজনীয়। হাজৰিকাদেৱে যোৱাটো নিৰ্বাচনত থলুৱা নাগৰিকে ৰাজনৈতিক বিচক্ষণতাৰে খিলঞ্জীয়া-জনজাতীয় মৈত্ৰীৰ বিজয় সাব্যস্ত কৰি সন্দেহজনক নাগৰিকৰ প্ৰভাৱ আঁতৰাই ৰাখিবলৈ সক্ষম হোৱা কথাটোক আশাব্যঞ্জক বুলি কৈছে। বিচক্ষণ ৰাজনীতি অসমীয়াৰ সুৰক্ষাৰ বাবে এতিয়াও কাৰ্যকৰী হৈ আছে।

মোৰ কেইটামান নিজা পৰ্যবেক্ষণ বা অভিমত আছে। বৰগোহাঞি ছাৰ আৰু শইকীয়া ছাৰে বিষয়টো মনস্তত্ত্বৰ বুলি শুদ্ধ বিচাৰ কৰিছে। কিন্তু আমাৰ মনস্তত্ত্ব বুজি কোনোবাই আমাক সৰু ল’ৰা-ছোৱালীৰ দৰে মন ভুলাই ইটো সিটো দিব আৰু আমি সহৃদয়ে গ্ৰহণ কৰি চলি থাকিম―এইটো জাতিৰ বাবে বৰ আত্মবিশ্বাসপূৰ্ণ নহয়। তদুপৰি আমাৰ মনস্তত্ত্বই বা আনে কেনেকৈ বুজিব? ব্যক্তিগত স্তৰতেই পৰস্পৰৰ মনস্তত্ত্ব বুজা সহজ নহয়। কোনোবা মালব্য বা আজিৰ ভি পি সিং জাতীয় মন্ত্ৰীকেই বা কিয় গুৰুত্ব দিম, তাকো মনত আঘাত লগাকৈ। এইসকল কোনো উচ্চস্তৰৰ মানৱ নহয়। ৰাজনীতি কৰি মন্ত্ৰী হৈছে। ন্যস্তস্বাৰ্থৰ খাতিৰত ইটো-সিটো কয় বা কৰে। তাতে তেওঁলোকে কিবা এটা কৰোঁ বুলিলেই কৰিব পাৰে, ইমান শক্তিশালী বুলি ভবাটোও যুগুত নহয়। সেয়ে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক আৰু সম্পদ ভগাই লোৱা নীতি-নিয়মত থকা আঁসোৱাহহে যদি আছে আমি দেখুৱাব পাৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰ বা প্ৰশাসন এটা যন্ত্ৰ―মানৱ হৃদয় নহয়। সেয়ে মাহী আইৰ দৃষ্টিৰে আমাক ব্যৱহাৰ কৰে বুলি আমি সততে আওৰোৱা কথাফাকি মনস্তত্ত্বৰ পৰা বাদ দিব লাগিব। প্ৰধানমন্ত্ৰীজন বা মূল ৰাষ্ট্ৰীয় নেতাসকলৰ হৃদয় নিশ্চয় আছে। পিছে তেওঁলোকো ৰাজ্য এখনৰ পৰাই আহে। সৰ্বাত্মক কল্যাণকামী মনোভাব আহৰণ বৰ সহজসাধ্য নহয়। তথাপিও সন্মানীয় ৰাষ্ট্ৰীয় নেতাৰ পক্ষপাতমূলক ব্যৱহাৰ দেখিলে যুক্তিৰে সজোৰ প্ৰত্যাহ্বান জনাবই লাগিব। চীনৰ আক্ৰমণৰ সময়ত প্ৰথমজন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে হাৰ মানি অসমক বিদায় দিছিল, সেই বুলিও আমি আঘাত পাইছিলোঁ বা মনত পৰিলে আজিও হিয়া বিষাদত ভৰি পৰে। শক্তিশালী শত্ৰুৰ হাতত পৰাজয়ৰ সন্মুখীন প্ৰধানমন্ত্ৰীৰ পৰা ইয়াতকৈ কি আশা কৰা যায়? আজিৰ তাৰিখত পিছে তেনে হোৱাৰ সমূলি সম্ভাৱনা নাই। শোধনাগাৰকেইটাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা কথাইও আমাক ব্যথা দিয়ে। আমাৰ সংবেদনশীল মনটোক চাই সীমান্তৱৰ্তী ৰাজ্য বুলি ৰাজনৈতিক বিচক্ষণতা দেখুৱাই হয়তো নোখোজাকৈ দিব লাগিছিল। পিছে আত্মপ্ৰত্যয় থকা হ’লে আমি দেখিলোঁহেঁতেন খাৰুৱা তেল উৎপত্তি স্থানৰ পৰা সৰবৰাহ কৰি শোধিত তেল য’ত ব্যৱহাৰ হয় তাতেই শোধন কৰাটো ব্যৱহাৰিক আৰু লাভজনক। বিনিয়োগৰ পৰা লাভ কৰিবলৈ হ’লে উদ্যোগপতিয়ে য’ত তেলৰ ব্যৱহাৰ বেছি তাতহে শোধনাগাৰ পাতিব―খাৰুৱা তেল সাত সাগৰ তেৰ নদীৰ পৰা আমদানি কৰি হ’লেও আনিব। তাতে আজি চৰকাৰে উদ্যোগ পাতি দিয়া ধাৰণাটো পুৰণা হ’ল। সেয়ে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰখনক ৰাজ্যখনত ঔদ্যোগিক বাতাবৰণ তথা আন্তঃগাঁথনি গঢ়ি তোলাত বাধা দিছে বা সহায় কৰা নাই নেকি সেইটোহে বিচাৰ্য। প্ৰতিখন ৰাজ্যৰে ইটো সিটো আব্দাৰ আৰু সমস্যা আছে। বানপানীৰ সমস্যা আমাৰ একচেটিয়া নহয়। এনে ৰাজ্যও আছে, য’ত গৰমতো মানুহ মৰে, জাৰতো মৰে। প্ৰচণ্ড খৰত খেতি ধ্বংস হোৱাৰ পৰিণতিত প্ৰতিবছৰে হেজাৰ-লক্ষ্য অসহায় কৃষকে আত্মহত্যা কৰে। তেনেদৰে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটা নাম দি পাতি দিলেই নহ’ব―অনুষ্ঠানটোক গঢ়িবও লাগিব। স্থানীয় প্ৰতিভা লাগিব। আমদানি কৰি অনা মানুহেৰে নহ’ব। এটা দুটা প্ৰতীকী মন ভাল লগোৱা প্ৰতিষ্ঠানতকৈ ৰাজ্যখনৰ সামগ্ৰিক শৈক্ষিক মানৰ কাৰণহে সম্পদৰ আধিক প্ৰয়োজন। কেন্দ্ৰই এই ক্ষেত্ৰত অসমক আন ৰাজ্যৰ তুলনাত কমকৈ আবণ্টন দিছে নেকি? সাধাৰণতে প্ৰচলিত উদাহৰণকেইটাই কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি প্ৰণালীবদ্ধ উপনিৱেশসদৃশ ব্যৱহাৰ প্ৰতিপন্ন নকৰে। মই থিতাতে এই সিদ্ধান্তত উপনীত হ’ব পৰা নাই। এইটো প্ৰতিপন্ন কৰিবলৈ অধিক সমল লাগিব। আনহাতে ভাৰতৰ উন্নত ৰাজ্যকেইখনৰ কেন্দ্ৰৰ অনুগ্ৰহতে উন্নতি হোৱা নাই। আত্মপ্ৰত্যয়, সবল ৰাজনৈতিক আৰু সমাজিক নেতৃত্বৰ বলতহে হৈছে।

ভাষাৰ ক্ষেত্ৰত সংশয়ৰ বিষয়টোতো মোৰ অন্য এটা দৃষ্টিভংগী আছে। অসমত ইংৰাজৰ আমোলত বঙলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰবৰ্তন হোৱাটো এটা ঐতিহাসিক খেলিমেলি। ইংৰাজৰ লগত অহা এমুঠি বঙালী কেৰাণীৰ প্ৰৰোচনা থাকিলেইবা। কিন্তু আমাৰ আত্মপ্ৰত্যয় জগাই তুলিব পৰা কথাটো হ’ল অসমীয়াই ভাষাটোক প্ৰতিষ্ঠা কৰাত সমৰ্থ হোৱাই নহয়, সেই সময়ৰ কাণ্ডাৰীসকলে প্ৰত্যাহ্বান গ্ৰহণ কৰি আধুনিক অসমীয়া ভাষাৰ ভেটি বান্ধি সমৃদ্ধও কৰি থৈ গ’ল। আজি অসমীয়া ভাষাৰ সাংবিধানিক বা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ ক্ষেত্ৰত সামান্য সংশয়ৰো অৱকাশ নাই। চৰকাৰী কামত ভাষাটো ব্যৱহাৰোপযোগী হৈ উঠা নাই বা কাৰ্যকৰী কৰিব পৰা হোৱা নাই, ইয়াত বংগভাষী হিন্দু বা কেন্দ্ৰীয় চৰকাৰৰ কি ভূমিকা থাকিব পাৰে? অসমীয়া ভাষাৰ ব্যৱহাৰিকতা বঢ়াব পাৰিব লাগিব। তেহে আমাৰ জনজাতীয় ভাইসকলে ব্যৱহাৰ কৰিবলৈ বা অনা-অসমীয়াই শিকিবলৈ আগ্ৰহী হ’ব। দোকানৰ ফলক অসমীয়াত লিখোৱাৰ ডাবি-ধমকিত অসম সাহিত্য সভা ব্যস্ত―তেওঁলোকৰ বিবেচনাত ব্যৱহাৰিকতা বঢ়োৱাৰ আটাইতকৈ প্ৰশস্ত উপায়! আমি ল’ৰা-ছোৱালীক অসমীয়া নপঢ়োৱাও সেইটোহে দেখোন বহু সমস্যাৰ এটা। বুদ্ধিমান ল’ৰা বুলি ভবা ডেকা ল’ৰাই পঠিওৱা অসমীয়া চিঠিৰ নমুনা অলপতে দেখি ব্যথিত হৈছোঁ। ভালদৰে ক’বলৈও নোৱাৰোঁ― ভাষাটো দোৱানসদৃশ হৈ পৰিছে। দৃশ্য-শ্ৰব্য মাধ্যমেই প্ৰমাণ। মোৰ দৰে অসমীয়াৰেইবা কিমান চৰ্চা। বঙালীক পাৰিলে জোৰ কৰি অসমীয়া কোৱাবলৈও কোনোবা হয়তো তৎপৰ। সংখ্যাধিক্যই ভাষাটোক নিৰাপত্তা দিব, সমৃদ্ধি আনি দিব বুলি মোৰ বিশ্বাস নহয়। অসমীয়াভাষীৰ নিৰংকুশ সংখ্যা বাঢ়িছেহে। বঙালীভাষীৰ সৈতে তুলনামূলক তাৰতম্য হৈছে বা কোনোবা আগন্তুক দশকত হ’ব। ইয়াৰ পৰা অসমীয়া ভাষাৰ কি সংকট? ইউৰোপৰ বহু জাতিৰ সংখ্যা আমাতকৈ তাকৰ, কিন্তু ভাষাসমৃদ্ধ। আমাৰ জনজাতীয় ভাইসকলৰ সংখ্যাই বা কিমান? তেওঁলোকৰ আতংকগ্ৰস্ততা আমাতকৈ কম যেন লাগে। ইংৰাজী বা হিন্দীৰ পৰা একমাত্ৰ অসমীয়া ভাষাৰ প্ৰতি ভাবুকি অহা নাই। অসমীয়া ভাষা ৰক্ষা তথা সমৃদ্ধ কৰাৰ দায়িত্ব কেৱল অসমীয়াৰ, ইয়াত আনে কৰো বুলিলেও সহায় কৰিব নোৱাৰে। প্ৰলয় নাহিলে অসমীয়া ভাষাৰ সাংবিধানিক মৰ্যাদা অটুট থাকিব―এই সম্ভাৱনাই নিৰ্ঘাত। এতেকে আতংকগ্ৰস্ত বা উদ্বিগ্ন হোৱাৰ কাৰণ নাই। বঙালীয়ে বঙলা পঢ়িব, আমি অসমীয়া পঢ়িম। কোনেও মাতৃভাষাৰ পৰা বঞ্চিত হ’ব নালাগে। ইমানখিনি আত্মপ্ৰত্যয় নিশ্চয়কৈ আমাৰ থাকিব লাগিব।

অসমত এটা ভাৰত ৰাষ্ট্ৰবিৰোধী বিচ্ছিন্নতাবাদী সৰু হ’লেও এটা ধাৰা আছে। ৫ অক্টোবৰৰ ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত আলফাৰ সভাপতিৰ নিবন্ধটো শেহতীয়া উদাহৰণ। ইয়াক মানি লোৱা যুগুত। ইয়াৰ কাৰণ বা যুক্তি বিচ্ছিন্নতাবাদীসকলৰ মৌলিক― কেন্দ্ৰীয় চৰকাৰৰ ব্যৱহাৰ গৌণ বা অজুহাত। কিন্তু কেন্দ্ৰীয় চৰকাৰে অৱহেলা কৰিছে বুলি ৰাইজৰ ভাব হ’লে বিচ্ছিন্নতাবাদীয়ে সুবিধা ল’ব পাৰে। সহজ-সৰল অসমীয়া আত্মঘাতী কাৰ্যত প্ৰৰোচিত হৈ পৰিবও পাৰে। ইমানখিনি পৰ্যন্ত মই বৰগোহাঞি ছাৰ আৰু শইকীয়া ছাৰৰ সৈতে একমত। ৰাষ্ট্ৰীয় নেতৃবৰ্গই ইয়াত নিজৰ ভূমিকা পালন কৰি অসমীয়াক বুকুত বান্ধি ৰাখিব― এই কামনা স্বভাৱজাত অসমীয়া মনটোৰে মইও কৰোঁ। অসমীয়া ভাষাৰ চৰকাৰী ৰাজ্যিক মৰ্যাদা যি কোনো পৰিস্থিতিতে অটুট থাকিব, এই আশ্বাস বা প্ৰয়োজন হ’লে সাংবিধানিক ৰক্ষাকবচ কেন্দ্ৰই দিব পাৰে। জীয়াই থকাৰ সংগ্ৰামত আতংকগ্ৰস্ততাই পলায়নৰ বাবে প্ৰৰোচিত কৰি আত্মৰক্ষাত সহায় কৰে― এয়া জীৱজগতৰ পৰা শিকনি। আতংকগ্ৰস্ততা বা বিলাপ-বিৰূপ মনোভাব জাতিৰক্ষাৰ বাবে নিশ্চয় পৰ্যাপ্ত অনুভূতি হ’ব নোৱাৰে। প্ৰতি কথাতে যড়যন্ত্ৰৰ আভাস পালে নহ’ব। আত্মবিশ্বাস-প্ৰত্যয় লাগিব। সেয়ে আমাৰ নিজস্ব কৰণীয়খিনিৰ বিকল্প নাই―চাৰিওফালৰ জগতখন বুজি দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতিত এই শতিকাৰ নৱপ্ৰজন্মৰ মনস্তত্ত্ব চেতনপ্ৰত্যয়ভৰা ৰূপলৈ পৰিৱৰ্তনৰ বিকল্প নাই। আজি দেশৰ প্ৰতিখন ৰাজ্যলৈ আমাৰ আত্মপ্ৰত্যয়ভৰা নতুন প্ৰজন্ম ওলাই গৈছে―প্ৰতিষ্ঠা লাভ কৰিছে। আমি ঋণাত্মক মনস্তত্ত্বৰ প্ৰচলিত বৰ্ণনটোত সাৰ-পানী দি নৱপ্ৰজন্মক আঁজুৰি টানি ৰাখিলে নহ’ব। সুধাকণ্ঠৰ গীতেৰেই কৈছো―বহু আস্থাহীনতাৰ বিপৰীতে এই শতিকাৰ নৱপ্ৰজন্মৰ চেতনা হওক গভীৰ আস্থা আৰু আত্মপ্ৰত্যয়ৰে সজাগ।