ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Monday, March 12, 2018

ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন 'উদ্বেগ-অনুদ্বেগ'ত সন্নিৱিষ্ট।

বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক হিন্দুধৰ্মত আস্তিক আৰু মানি নোলোৱা সমূহক নাস্তিক বুলি কোৱা হয়। এই সূত্ৰ অনুযায়ী ন্যায় (the school of logic), বৈশেষিক (the atomist school), সাংখ্য (the enumeration school), যোগ (the school of Patañjali which assumes the metaphysics of Sāṃkhya), মীমাংসা (the tradition of Vedic exegesis) আৰু উত্তৰ মীমাংসা বা বেদান্ত (the Upaniṣadic tradition) হৈছে আস্তিক পৰম্পৰা। চাৰ্বাক, আজীৱিক, জৈন আৰু বুদ্ধ ধৰ্ম নাস্তিক পৰম্পৰা। আস্তিক আৰু নাস্তিক ক্ৰমে ঈশ্বৰবাদ (theist) আৰু নিৰীশ্বৰবাদ (atheist)ৰ সমাৰ্থক নহয়। উদাহৰণস্বৰূপে আস্তিক পৰম্পৰাৰ সাংখ্য নিৰীশ্বৰবাদী। ঠিক তেনেদৰে জৈন আৰু বুদ্ধ ধৰ্মই আস্তিক আৰু নাস্তিক ধাৰণাক আন ধৰণে সংজ্ঞিত কৰিছে। ইয়াত সাংখ্য আৰু বেদান্ত দৰ্শনৰ এটি ৰূপৰেখা আগবঢ়োৱা হৈছে।
পানীত জল বিন্দুৰ পতন - ব্ৰহ্ম আৰু আত্মাৰ সম্পৰ্কৰ এটি পৰিচিত তুলনা
সাংখ্য দৰ্শন
প্ৰাচীন আধ্যাত্মিক পৰম্পৰা সাংখ্য হৈছে এটা গাণনিক দ্বৈত দৰ্শন যি বিশ্ব-ব্ৰহ্মাণ্ডক পুৰুষ (চৈতন্য) আৰু প্ৰকৃতি (পদাৰ্থৰ ইন্দ্ৰিয়গ্ৰাহ্য ক্ষেত্র)ৰ সমষ্টি বুলি গণ্য কৰে। জীৱ হৈছে পুৰুষৰ প্ৰকৃতিৰ সৈতে কামনা-বাসনাৰ ডোলেৰে বন্ধনৰত এটা অৱস্থা আৰু এই বন্ধনৰ অন্তত মোক্ষ প্ৰাপ্তি হয়। সাংখ্যই ঈশ্বৰক অস্বীকাৰ কৰে আৰু মোক্ষ লাভৰ পাছত জীৱাত্মা আৰু মহাজাগতিক পুৰুষৰ মাজত কোনো বিশেষ মৌলিক ব্যৱধান থাকে বুলি গণ্য নকৰে। সাংখ্যৰ আক্ষৰিক অৰ্থ ‘গাণনিক’ এই কাৰণেই যে ই ২৫টা মূল দ্ৰব্য বা তত্ত্ব গণনা কৰে। সাংখ্যৰ উদ্দেশ্য হৈছে পঞ্চবিংশতম তত্ত্ব পুৰুষ বা আত্মাৰ প্ৰকৃতিৰ পৰা বন্ধন-মোচন।
সাংখ্য বেদ সম্পৰ্কে মৌন। বৰ্ণাশ্ৰম বা বৈদিক দেৱতাসমূহৰো উল্লেখ নাই। যজ্ঞত জন্তু আহুতিৰো ই পোষকতা নকৰে। অথচ সাংখ্যৰ ইতিহাসৰ প্ৰথম সমল আকস্মিক আভাসৰ ৰূপত হ’লেও বৈদিক পৰম্পৰাৰ পৰাই আহিছে—হয়তো সাংখ্যৰ গ্ৰহণযোগ্যতা ইয়াৰ বিকাশৰ লগে লগে বৈদিক পৰম্পৰাত বাঢ়িবলৈ ধৰিছিল। খ্ৰীষ্টপূৰ্ব পঞ্চমৰ পৰা দ্বিতীয় শতিকাৰ ভিতৰত বিভিন্ন উৎসৰ পৰা ক্ৰমে এটা সুকীয়া দৰ্শন ৰূপে গঢ়ি উঠিছিল। সেই সময়ৰ দাৰ্শনিক গ্ৰন্থ কঠোপনিষদ, শ্বেতাশ্বৰ উপনিষদ আৰু ভাগব্দগীতাত সাংখ্য সংজ্ঞাসমূহৰ প্ৰসংগ উত্থাপন হোৱা স্পষ্টভাৱে দেখা যায়। কঠোপনিষদে পুৰুষক আত্মাই বাস কৰা জীৱাত্মা বুলি ধাৰণা কৰিছিল আৰু একাধিক পংক্তিত পুৰুষক বুঢ়া আঙুলিটোতকৈও সৰু বুলি বৰ্ণনা কৰিছিল। শ্বেতাশ্বৰ উপনিষদে সাংখ্য আৰু যোগ পোনপ্ৰথমবাৰ একেলগে উল্লেখ কৰিছিল। ভাগব্দগীতাই সাংখ্যক জ্ঞানৰ সমাৰ্থক বুলি বৰ্ণনা কৰিছিল আৰু তিনিগুণৰো বৰ্ণনা কৰিছিল যদিও ঠিক সাংখ্যত অৰ্থ কৰাৰ দৰে নহয়। গীতাই সাংখ্যক ঈশ্বৰবাদী ভক্তি পৰম্পৰা আৰু নিৰাকাৰ ব্ৰহ্ম ধাৰণাৰ সৈতে একত্ৰিত কৰিছিল। প্ৰাচীন সাংখ্য গ্ৰন্থ সাংখ্যকাৰিকাত বিকশিত আৰু অঙ্গীভূত হৈ পৰা ধাৰণাসমূহ বেদ, উপনিষদ আৰু গীতাত দেখা পোৱা যায়।
খ্ৰীষ্টপূৰ্ব দুই সহস্ৰাব্দতে ৰচিত ঋগ্বেদৰ ইন্দ্ৰ-বৃত্ৰাসুৰ আখ্যানত দ্বৈতবাদৰ প্ৰথম জন্ম দেখা পোৱা যায়। এই আখ্যানত দেৱতাসকলৰ নেতা ইন্দ্ৰই বৃত্ৰাসুৰক শিৰচ্ছেদ কৰি সি বন্দী কৰি ৰখা সৃজনী শক্তিক মুক্ত কৰিছিল। এই আখ্যানত দুটা দ্বৈত ধাৰণা দেখা যায়—এহাতে শৃঙ্খলা আৰু নৈৰাজ্য, আৰু আনহাতে ইন্দ্ৰৰ শক্তি আৰু বিপৰীতে শৃঙ্খলা আৰু নৈৰাজ্য উভয়েই। তেনেদৰে ঋগ্বেদৰ নাসদীয় সূক্তৰ সৎ (Existence) আৰু অসৎ (Non-existence) সাংখ্যত উল্লেখ কৰা ব্যক্ত-অব্যক্ত (Manifest–Unmanifest) মেৰু বিভাজনৰ অবিকল সাদৃশ্য। সাংখ্য দৰ্শন হয়তো ঋগ্বেদৰ পুৰুষ-সূক্তৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। পুৰুষ-সূক্তত প্ৰথমবাৰৰ বাবে পুৰুষ এটা মহাজাগতিক সত্তা এনে ধাৰণা উল্লেখ আছিল যাৰ পৰাই সৃষ্টি উদ্ভৱ হৈছিল। অথৰ্ব বেদতো অসংখ্য বাৰ পুৰুষৰ উল্লেখ আছে। সাংখ্যৰ বুদ্ধি বা মহতৰ ধাৰণাটোৰ ঋগ্বেদ আৰু শ্বেতাশ্বৰ উপনিষদৰ হিৰণ্যগৰ্ভৰ ধাৰণাটোৰ লগত সাদৃশ্য দেখা যায়।
মুখ্য উপনিষদসমূহৰ প্ৰাচীন কেইখনত (৯০০-৬০০ খ্ৰীষ্টপূৰ্ব) সাংখ্যৰ ধাৰণাৰ লগত সাদৃশ্য থকা ভাব-চিন্তা দেখা যায়। সাংখ্যৰ অহঙ্কাৰৰ ধাৰণাৰ সাদৃশ্য বৃহদাৰণ্যক আৰু ছান্দোগ্য উপনিষদৰ অহঙ্কাৰৰ ধাৰণাত দেখা পোৱা যায়। সাংখ্যৰ কাৰ্য-কাৰণ তত্ত্ব ‘সৎকাৰ্যৱাদ্’ৰ ধাৰণাও উপনিষদত আছে। ছান্দোগ্য আৰু শ্বেতাশ্বৰ দুয়োখন উপনিষদতে সাংখ্যত উল্লিখিত তিনিটা গুণ সত্ব, ৰজ আৰু তম আৰু বিশ্ব সৃষ্টিত এই তিনি গুণৰ ভূমিকাৰ কথা পোৱা যায়। উপনিষদৰ ঋষি যাজ্ঞবল্ক্য আৰু উদ্দালক আৰুণিয়ে বিশুদ্ধ চৈতন্যই যে মানুহৰ প্ৰকৃত অন্তৰ্নিহিত সত্তা এই ধাৰণা দাঙি ধৰিছিল। সাংখ্যৰ পুৰুষৰ ধাৰণা ইয়াৰ পৰাই উদ্ভৱ হ’ব পাৰে। তত্ত্বসমূহ গণনা কৰাত সাংখ্যৰ যি প্ৰবল আগ্ৰহ সেয়া তৈত্তিৰীয়, ঐতৰেয় আৰু বৃহদাৰণ্যক উপনিষদৰ যাজ্ঞবল্ক্য আৰু মৈত্ৰীৰ কথোপকথনতো পোৱা যায়।
খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ ভিতৰত বৌদ্ধ আৰু জৈন ধৰ্ম বিকশিত হৈ উঠিছিল আৰু সম্ভৱতঃ সাংখ্য দৰ্শনক প্ৰভাৱিত কৰিছিল আৰু প্ৰভাৱিত হৈছিল। বৌদ্ধ ধৰ্মত দুখ আৰু কষ্ট ভোগৰ ওপৰত যি প্ৰাধান্য সেয়া সাংখ্যতো কম-বেছি পৰিমাণে দেখা পোৱা যায়। ঠিক তেনেদৰে জৈন দৰ্শনৰ জীৱৰ অনেকত্বৰ ধাৰণাই হয়তো সাংখ্যৰ অগণন পুৰুষৰ ধাৰণা গঢ়ি উঠাত প্ৰভাৱ পেলাইছিল। এইটো সম্ভৱ যে সাংখ্য দৰ্শনক হয়তো প্ৰচলিত হৈ থকা সমসাময়িক বহু ধাৰণাই কম বেছি পৰিমাণে প্ৰভাৱিত কৰিছিল।  
সাংখ্য বিষয়ক উপলব্ধ প্ৰাচীনতম কৰ্তৃত্বপূৰ্ণ পুথি হৈছে ঈশ্বৰকৃষ্ণ প্ৰণীত সাংখ্যকাৰিকা (২০০ খ্ৰীষ্টপূৰ্ব) য’ত সাংখ্য দৰ্শন কপিল মুনিৰ পৰা ধাৰাবাহিকভাৱে গুৰু-শিষ্য পৰম্পৰাৰ মাজেৰে বাগৰি অহা বুলি কোৱা হৈছে। সাংখ্যকাৰিকাৰ জনপ্ৰিয় টীকা-ভাষ্য অদ্বৈত পৰম্পৰাৰ আদি প্ৰবক্তা গৌড়পাদে কৰা বুলি ধাৰণা কৰা হয়। ইয়াৰ বাহিৰেও সাংখ্যকাৰিকাৰ আন টীকা-ভাষ্য হৈছে যুক্তিদীপিকা (খ্ৰীষ্টাব্দ ষষ্ঠ শতিকা) আৰু বাচস্পতি প্ৰণীত সাংখ্য তত্ত্ব কৌমুদী (খ্ৰীষ্টাব্দ দশম শতিকা)। সাংখ্য প্ৰবচন সূত্ৰ (খ্ৰীষ্টাব্দ চতুৰ্দশ শতিকা)ই মধ্যযুগত সাংখ্যৰ ওপৰত আকৌ কৌতুহল জগাই তুলিছিল আৰু সাংখ্য প্ৰবচন সূত্ৰৰ ওপৰত পিছৰ কেইবা শতিকাজুৰি কেইবাখনো ভাষ্য প্ৰণীত হৈছিল।
পাশ্চাত্যৰ দাৰ্শনিক পৰম্পৰাত উদাহৰণ স্বৰূপে ডেকাৰ্টেৰ দৰ্শন (কাৰ্টেচিয়ান)ত মন অন্তৰ্নিহিত চৈতন্যৰ লগত সমাৰ্থক আৰু শৰীৰ জড় পদাৰ্থ যি মনৰ পৰা পৃথক। কিন্তু সাংখ্য দৰ্শন অনুসৰি শৰীৰ আৰু মন দুয়োটাই জড় পদাৰ্থ আৰু চৈতন্যৰ পৰা পৃথক। সাংখ্য মতানুসৰি ক্ৰমে পুৰুষ আৰু প্ৰকৃতি সংজ্ঞাৰে অভিহিত চৈতন্য আৰু জড় পদাৰ্থৰ মাজৰ পাৰ্থক্য স্বভাৱসিদ্ধ, দুয়ো পাৰস্পৰিকভাৱে স্বাধীন আৰু দুয়োৰে মাজৰ ব্যাধজন ন্যূনতমো হ্ৰাস কৰিব পৰা নাযায়। প্ৰকৃতি এটা একক সত্তা কিন্তু পুৰুষ অসংখ্য। প্ৰকৃতি জড়, অপ্ৰকাশিত, সদা-সক্ৰিয়, কাৰণ বিহীন, অবোধগম্য, আদ্য আৰু চিৰন্তন—একমাত্ৰ কাৰণ আৰু সৰ্বশেষ উৎস প্ৰকৃতিতেই সৃষ্টিৰ পূৰ্বতে সমস্ত জড় জগত সম্ভাৱনাৰ ৰূপত অন্তৰ্নিহিত হৈ থাকে। আনহাতে পুৰুষ হ’ল দেহাতীত বিশুদ্ধ চৈতন্য, এক নিষ্ক্রিয় ভোক্তা (প্ৰকৃতি ভোগ্য)। পুৰুষ জড় জগতৰ কাৰণ নহয় কাৰণ চৈতন্য জড় পদাৰ্থলৈ ৰূপান্তৰিত হ’ব নোৱাৰে। পুৰুষ পৰম, মুক্ত-স্বাধীন, ইন্দ্ৰিয়াতীত, অজ্ঞেয়, অনিৰ্বচনীয়—মন অথবা ইন্দ্ৰিয়ৰ মাধ্যমেৰে ই বোধগম্য নহয়। ই বিশুদ্ধ, অবিশেষণ ধর্মী, চিৰন্তন, ইয়াক সৃষ্টি কৰা নাযায় নতুবা ই সৃষ্টি কৰ্তাও নহয়। অদ্বৈত বেদান্তৰ অদ্বিতীয় এজন পুৰুষৰ ধাৰণাৰ বিপৰীতে সাংখ্যত পুৰুষ অসংখ্য।
একমাত্ৰ পুৰুষৰ বাহিৰে মন, জড় পদাৰ্থ আৰু শক্তি সহকাৰে প্ৰকাশিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম কাৰণ হ’ল প্ৰকৃতি। প্ৰকৃতি বিশ্বব্ৰহ্মাণ্ডৰ আদ্য তত্ত্ব। ইয়াক জড়া বুলিও কোৱা হয় যি সত্ব, ৰজ আৰু তম এই তিনিটা গুণৰ সমাহাৰ। শৰীৰকে ধৰি সকলো পদাৰ্থ আৰু ঘটনাক্ৰম প্ৰকৃতি বা আদ্য তত্ত্বৰ বিৱৰ্তনৰ ফলশ্ৰুতি। প্ৰতিটো সজ্ঞান অনুভৱক্ষম জীৱাত্মা, পুৰুষ আৰু প্ৰকৃতিৰ সমন্বয়ৰ পৰিণতি। জীৱাত্মাৰ অন্তৰালৰ পুৰুষজন সদায়েই শৰীৰৰ সীমাবদ্ধতাৰ পৰা স্বাধীন কিন্তু পাৰ্থক্য নিৰুপণ কৰিব পৰা জ্ঞানৰ অভাৱত নিজৰ স্বৰূপ সম্পৰ্কে বিভ্ৰান্ত হৈ নিজকে মনত উদ্ভৱ হোৱা অহমিকা বুলি চিনাক্ত কৰি কামনা-বাসনাৰ ডোলেৰে প্ৰকৃতিৰ সৈতে বন্ধনৰত হৈ থাকে— এয়াই সংসাৰ। অহমিকা প্ৰকৃতিৰহে ধৰ্ম, পুৰুষৰ নহয়। পুৰুষে নিজৰ চৈতন্যময় স্বৰূপ আৰু জড় প্ৰকৃতিৰ মাজৰ পাৰ্থক্য বুজি উঠিলেই মোক্ষ প্ৰাপ্তি হয়।
বুদ্ধি (মহৎ), অহংকাৰ আৰু মনকে ধৰি আদ্য প্ৰকৃতিৰ ২৩টা তত্ত্ব বা উপাদান। মানসিক কাৰ্য-কলাপ বা চিন্তাক চেতনাময় যেন বোধ হয় কাৰণ ই পুৰুষৰ দ্বাৰা আলোকিত হৈ থাকে। সাংখ্যত চৈতন্যক আলোকৰে সৈতে তুলনা কৰা হয়। মনে গঢ়ি তোলা গঠন বা আকৃতিক পুৰুষে আলোকিত কৰি তোলে। মনৰ পৰা অবয়ব আৰু পুৰুষৰ বিশুদ্ধ চৈতন্যৰ পৰা আলোক লাভ কৰাৰ পাছত বুদ্ধিয়ে চিন্তাৰ এক অবয়ব গঢ়ি তুলিবলৈ সক্ষম হয় আৰু এটা চেতন যেন লগা অহংকাৰৰ জন্ম হয়। অহংকাৰ বা আত্মসচেতন ‘মই’জনে সকলো মানসিক অভিজ্ঞতা নিজৰ বুলি আহৰণ কৰে আৰু তেনেধৰণে বুদ্ধি আৰু মনৰ কাৰ্য-কলাপসমূহক আঁকোৱালি লৈ ব্যক্তিগতকৰণ কৰি পেলায়। কিন্তু ই নিজে আলোকিত কৰি তোলা মানসিক কাৰ্য-কলাপৰ পৰা চৈতন্য স্বাধীন আৰু মুক্ত হৈয়েই থাকে।
কাৰ্টেচিয়ান মন আৰু শৰীৰৰ দ্বৈত বিভাজনৰ এটা প্ৰধান অসুবিধা হৈছে মনে কেনেকৈ শৰীৰৰ লগত সংযোগ স্থাপন কৰে, যিটো প্ৰাকৃতিক সংৰক্ষণ সূত্ৰ নভঙাকৈ অসম্ভৱ। সাংখ্যত এই অসুবিধা নাই কাৰণ মন আৰু শৰীৰৰ দুয়োটাই জড় প্ৰকৃতিৰেই ৰূপান্তৰ, সেয়ে মনত উদ্ভূত কাৰ্য-কলাপ শাৰীৰিক অঙ্গ সঞ্চালনৰ কাৰক হ’ব পাৰে।
সাংখ্যত বিৱৰ্তন হৈছে প্ৰকৃতি আৰু পুৰুষৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ এটা প্ৰক্ৰিয়া। যি পৰ্যন্ত প্ৰকৃতিৰ তিনি গুণ ভাৰসাম্যমূলক অৱস্থাত থাকে সেই পৰ্যন্ত প্ৰকৃতি অপ্ৰকাশিত হৈ থাকে। প্ৰকৃতি পুৰুষৰ সংস্পৰ্শলৈ আহিলে এই ভাৰসাম্য ভাঙি পৰে আৰু তিনিগুণৰ অভাৰসাম্যমূলক অৱস্থাই বিৱৰ্তনৰ সূত্ৰপাত কৰে আৰু জড় জগত অপ্ৰকাশিত প্ৰকৃতিৰ পৰা প্ৰকাশিত হৈ পৰে। লোহাক নিকটৱৰ্তী চুম্বকে প্ৰভাৱিত কৰাৰ দৰে পুৰুষে প্ৰকৃতিক বিৱৰ্তনৰ পথত প্ৰভাৱিত কৰে।
প্ৰকৃতিৰ বিৱৰ্তনৰ কেতবোৰ তত্ত্ব বা উপাদান পুনৰাই আন কেতবোৰ উপাদানলৈ ৰূপান্তৰ হ’ব পাৰে (Evolvents), উদাহৰণ স্বৰূপে বুদ্ধি বা মহৎ অহংকাৰলৈ পৰিৱৰ্তন হয়। ঠিক তেনেদৰে বিৱৰ্তনৰ আন কেতবোৰ উপাদান বা তত্ত্ব অন্তিম (Evolutes) যাৰ পুনৰ ৰূপান্তৰ নহয় । 
বুদ্ধি প্ৰকৃতিৰ বিৱৰ্তনৰ প্ৰথম তত্ত্ব সেয়ে মহৎ সংজ্ঞা দিয়া হৈছে। মহৎ অহঙ্কাৰলৈ পৰিৱৰ্তিত হয়। অহঙ্কাৰৰ বিৱৰ্তন তিনিগুণৰ প্ৰাধান্যৰ ওপৰত নিৰ্ভৰশীল। সত্বৰ প্ৰাধান্যই মন আৰু পাঁচটাকৈ জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়ৰ জন্ম দিয়ে। তম গুণৰ প্ৰাধান্যই অহঙ্কাৰৰ পৰা পাঁচটাকৈ সূক্ষ্ম তত্ত্ব শব্দ, স্পৰ্শ, দৃষ্টি, স্বাদ আৰু ঘ্ৰাণ আৰু এইকেইটাৰ পৰাই ক্ৰমে আকাশ, বায়ু, অগ্নি, পানী আৰু পৃথিৱীৰ জন্ম হয়। ৰজোগুণ হৈছে এটা তত্ত্ব আন এটালৈ ৰূপান্তৰিত হোৱাৰ মূল কাৰক। পুৰুষ বিশুদ্ধ চৈতন্য, চিৰন্তন, শাশ্বত আৰু অব্যয়—ই প্ৰকৃতিৰ বিৱৰ্তন নহয় নতুবা কোনো ৰূপান্তৰৰ কাৰণো নহয়।
সাংখ্যৰ মতে বিৱৰ্তনৰ দুটা মুখ্য উদ্দেশ্য আছে—ই পুৰুষৰ ভোগ আৰু মোক্ষৰ মজিয়া। সাংখ্য অনুযায়ী মানুহৰ জীৱন দুখেৰে ভৰা। অবিদ্যাই দুখ আৰু বন্ধন (সংসাৰ)ৰ মূল কাৰণ। সূক্ষ্ম পাৰ্থক্য নিৰূপণ কৰিব পৰা জ্ঞান বা বিবেকৰ সহায়ত প্ৰকৃতি আৰু পুৰুষৰ পাৰ্থক্য আৰু স্বৰূপ উপলব্ধি কৰিলেই মোক্ষ প্ৰাপ্তি হয়। অবিদ্যাৰ কাৰণে বিশুদ্ধ চৈতন্যময় শাশ্বত পুৰুষে জড় প্ৰকৃতিৰ ৰূপান্তৰ বুদ্ধি আৰু অহংকাৰৰ সৈতে নিজকে একাত্ম কৰে। ইয়াৰ বাবেই এটা শৰীৰৰ পৰা আন এটালৈ গতিৰ অন্তহীন চক্ৰ আৰু দুখ-দুৰ্দশা ভোগ। কিন্তু যেতিয়া পুৰুষৰ চৈতন্যময় শাশ্বত ৰূপ উপলব্ধি হয়, এই চক্ৰৰ অন্ত পৰে আৰু সম্পূৰ্ণ স্বাধীনতা (কৈৱল্য) আহি পৰে। ধ্যান আৰু যৌগিক সাধনা ইয়াত সহায়ক।
সাংখ্যৰ ভিত্তি সৎকাৰ্যৱাদ সূত্ৰ। সৎকাৰ্যৱাদ অনুসৰি কাৰ্য বা পৰিণাম ইতিমধ্যেই কাৰকৰ মাজত অন্তৰ্নিহিত হৈ থাকে। কাৰক যেতিয়া কাৰ্য বা পৰিণামলৈ ৰূপান্তৰ হয়, তেতিয়া কাৰকৰ যি পৰিৱৰ্তন দেখা যায় সেয়া আচল নহয়—এটা ভ্ৰমহে। কাৰণ পৰিণাম শূন্যৰ পৰা আহিব নোৱাৰে—ই ইতিমধ্যেই প্ৰকৃতিত অন্তৰ্নিহিত।
সাংখ্যই প্ৰকৃতি-পৰিণামৱাদ সূত্ৰ সমৰ্থন কৰে। পৰিণামে কাৰকৰ প্ৰকৃত ৰূপান্তৰ অৰ্থ কৰে। ইয়াত কাৰক হ’ল প্ৰকৃতি বা আদ্য-প্ৰকৃতি। আদ্য-প্ৰকৃতি বিৱৰ্তনৰ মাজেৰে অসংখ্য দ্ৰব্যলৈ ৰূপান্তৰিত হয়। বিৱৰ্তনৰ পাছত সমাপ্তি বা অৱলুপ্তি ঘটে যেতিয়া প্ৰতিটো পদাৰ্থই আকৌ প্ৰকৃতিত লীন যায় আৰু আদ্য-প্ৰকৃতিৰ ৰূপত অপ্ৰকাশিত হৈ পৰে। এনেদৰে বিৱৰ্তন আৰু অৱলুপ্তিৰ চক্ৰৰ পুনৰাবৃত্তি হয়। প্ৰকৃতিৰ বিৱৰ্তন সম্ভৱ, কাৰণ প্ৰকৃতি যি তিনিগুণৰ সমাহাৰ, সেই তিনিগুণ ৰজ, সত্ব আৰু তম এটা চাপৰ মাজত থাকে। ভাৰসাম্য যি পৰ্যন্ত অটুট থাকে সেই পৰ্যন্ত তিনিগুণ এক হৈ থাকে আৰু প্ৰকৃতি অপ্ৰকাশিত আৰু অজ্ঞেয় হৈ থাকে। কিন্তু এই যিকোনো এটা গুণেৰেই বঢ়া-টুটা হ’ব পাৰে। এই তত্ত্ব বিশ্ব সৃষ্টিৰ বৈজ্ঞানিক তত্ত্বৰ পৰা পৃথক, কাৰণ প্ৰতিটো জীৱৰ বাবে নিজস্ব শৰীৰ আৰু মন সৃষ্টি কৰি প্ৰকৃতি বেলেগে বেলেগে প্ৰকাশ হয় আৰু মোক্ষ লাভৰ পাছত এই উপাদানসমূহ পুনৰাই আদ্য-প্ৰকৃতিত লীন যায়। বুদ্ধি, অহংকাৰ আৰু মন সাংখ্যৰ মতে জড় আৰু একমাত্ৰ পুৰুষ হৈছে বিশুদ্ধ চৈতন্য, যি মনৰ পৰা সম্পূৰ্ণ পৃথক।
সাংখ্যত বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টি-স্থিতি-প্ৰলয়ৰ কাৰণে হিচাপে বিশুদ্ধ চেতন্যৰূপী পুৰুষৰ বাহিৰে ভগৱানৰ কোনো প্ৰয়োজন নাই। পৰিৱৰ্তনশীল সৃষ্টিৰ কাৰণ অপৰিৱৰ্তনশীল ভগৱান হ’ব নোৱাৰে। সাংখ্যত ভগৱানৰ ধাৰণা স্ব-বিৰোধী। 
ঈশ্বৰৰ ধাৰণা সংযোজিত কৰা যোগ দৰ্শন সাংখ্যৰ ওপৰতেই প্ৰতিষ্ঠিত। অৱশ্যে যোগ আৰু সাংখ্যৰ মাজৰ সম্বন্ধ সম্পৰ্কে মতানৈক্য আছে।
ঠিক তেনেদৰে সাংখ্যৰ দ্বৈত দৰ্শনৰ তান্ত্ৰিক পৰম্পৰা সমূহৰ ওপৰতো প্ৰভাৱ আছে। মাথোঁ ঈশ্বৰৰ ধাৰণা সম্বলিত হোৱাৰ বাহিৰে শিৱ সিদ্ধান্ত সাংখ্যৰ লগত প্ৰায় একে। তান্ত্ৰিক পৰম্পৰা সমূহে সাংখ্যৰ বিমূৰ্ত দ্বৈত ধাৰণা বিষ্ণু-লক্ষ্মীৰ মূৰ্ত ৰূপত নাৰী-পুৰুষৰ এক প্ৰকাশ্য দ্বৈত ধাৰণালৈ ৰূপান্তৰ কৰিছিল। কালী তন্দ্রাভূত সদাশিৱৰ ওপৰত থিয় হৈ থকা তন্ত্ৰৰ যি চিনাকি ৰূপ সেয়া সাংখ্যই প্ৰকৃতি আৰু পুৰুষক ক্ৰমে সক্ৰিয় আৰু নিষ্ক্রিয় সাক্ষী হিচাপে কৰা ধাৰণাৰ পৰাই উদ্দীপিত বুলি ভবা হয়। কিন্তু মোক্ষ সম্পৰ্কে সাংখ্য আৰু তন্ত্ৰৰ মত পাৰ্থক্য আছে। তন্ত্ৰই নাৰী-পুৰুষ এই দুই আধি-ভৌতিক অস্তিত্বৰ মিলনৰ মাজেৰে, কিন্তু ইয়াৰ বিপৰীতে সাংখ্যই চৈতন্যৰূপী পুৰুষক জড় প্ৰকৃতিৰ সংস্পৰ্শৰ পৰা আঁতৰি অহাৰ জৰিয়তে মোক্ষ সম্ভৱ বুলি কয়।
বেদান্ত দৰ্শন—ব্ৰহ্ম আৰু আত্মা
উপনিষদৰ চাৰি মহাবাক্য
মূল অসমীয়া উৎস
প্রজ্ঞানং ব্ৰহ্ম জ্ঞানেই ব্ৰহ্ম ঐতৰেয় উপনিষদ‌
অহং ব্রহ্মাস্মি ময়েই ব্ৰহ্ম বৃহদাৰণ্যক উপনিষদ‌
তত্ত্বমসি তুমিয়েই সেই ছান্দোগ্য উপনিষদ‌
অয়মাত্মা ব্ৰহ্ম এই আত্মাই ব্ৰহ্ম মাণ্ডুক উপনিষদ

ব্ৰহ্ম বিশ্বৰ সত্তা আৰু আত্মা হ’ল ব্যক্তিগত সত্তা। ব্ৰহ্ম স্থান, কাল আৰু কাৰ্য-কাৰণৰ অতীত এক অখণ্ড সত্তা। তেওঁ অব্যয়, অনন্ত, চিৰ-মুক্ত, শাশ্বত, অতীন্দ্রিয়। আত্মাই জীৱৰ অন্তৰ্নিহিত অমৰ সত্তাটোক বুজায়। উপনিষদৰ মন্ত্র-দ্রষ্টাসকলৰ মতে আত্মা আৰু ব্ৰহ্ম এক আৰু অভিন্ন। এয়াই উপনিষদৰ সৰ্ব শ্ৰেষ্ঠ মতবাদ।
উপনিষদক ভিত্তি কৰি একাধিক দাৰ্শনিক মতবাদ গঢ়ি উঠিছে। কিন্তু বেদান্তৰ প্ৰতিটো শাখা-সম্প্রদায়ৰ উৎস হৈছে উপনিষদ, ভগবদগীতা আৰু ব্ৰহ্মসূত্ৰ। উপনিষদত অদ্বৈত ‘ব্ৰহ্ম-আত্মা’ৰ দুটা ধাৰণাৰ কথা পোৱা যায়। প্ৰথমটো, অদ্বৈত ‘ব্রহ্ম-আত্মা’ বিশ্বৰ সকলোতে পৰিব্যাপ্ত। দ্বিতীয়টো, জগত দৰাচলতে মায়া। এই দুটি ধাৰণা সম্বন্ধে মতানৈক্যৰ কাৰণে পৰৱৰ্তীকালত ভক্তিপন্থী দ্বৈত, বিশিষ্টাদ্বৈত আৰু ব্রহ্মবাদী অদ্বৈত বেদান্তৰ জন্ম সম্ভৱ হৈছে। 
বেদান্তৰ তিনিটি প্ৰধান শাখা-সম্প্রদায় হ’ল অদ্বৈত, দ্বৈত আৰু বিশিষ্টাদ্বৈত। বেদান্তৰ অন্যান্য উপনিষদ-কেন্দ্ৰিক শাখা-সম্প্ৰদায়সমূহ হ’ল নিম্বার্কৰ দ্বৈতাদ্বৈত, বল্লভৰ শুদ্ধাদ্বৈত, চৈতন্যৰ অচিন্ত্য ভেদাভেদ। 
বৈদিক সত্য আৰু জ্ঞান উপলব্ধিৰ পৰম্পৰাত কেন্দ্ৰীয় বিষয় হৈছে পৰম সত্য হিচাপে ব্ৰহ্ম উপলব্ধি। প্ৰতিটো ভাৰতীয় দাৰ্শনিক পৰম্পৰাতেই স্বীকৃত অখণ্ড অদ্বিতীয় সত্তা ব্ৰহ্মাৰ সৈতে জীৱাত্মা আৰু জগতৰ সম্পৰ্ক কি, তাক ব্যাখ্যা কৰাটো হৈছে এটা নিয়মীয়া প্ৰথা। বেদসমূহত মূলতঃ ব্ৰহ্মৰ অদ্বৈত স্বৰূপেই প্ৰতীয়মান হৈছে—শংকৰৰ অদ্বৈতবাদ এই ধাৰণাৰ মুখ্য পৃষ্ঠপোষক। কিন্তু বৈদিক পংক্তিসমূহত নিহিত দ্ব্যর্থব্যঞ্জক কিছু অস্পষ্টতা বা ৰহস্যময়তাই একাধিক আধ্যাত্মিক দাৰ্শনিক পৰম্পৰাৰ জন্ম দিছে। এজন বৈদিক পণ্ডিতে কেনেধৰণে এই পংক্তিসমূহ অনুধাৱন কৰে সেয়া নিজস্ব বিশেষ দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে। কোনো কোনোৱে আনকি ব্ৰহ্মৰ দ্বৈত প্ৰকৃতিও দেখা পায়। 
প্ৰতিটো শাখা-সম্প্রদায়ে উপনিষদ, ভগবদগীতা আৰু ব্রহ্মসূত্রৰ ওপৰত ভিত্তি কৰি সাধাৰণতে শংকৰৰ অদ্বৈতবাদ উত্থাপনৰ জৰিয়তে স্বকীয় পৃথক মতবাদ সাব্যস্ত কৰে।
  • শংকৰৰ অদ্বৈত
  • ৰামানুজমৰ বিশিষ্টাদ্বৈত
  • মাধবাচাৰ্যৰ দ্বৈত
  • নিম্বার্কৰ দ্বৈতাদ্বৈত
  • বল্লভৰ শুদ্ধাদ্বৈত
  • চৈতন্যৰ অচিন্ত্য ভেদাভেদ
শংকৰৰ অদ্বৈতবাদ
হিন্দু দৰ্শনৰ সকলোতকৈ প্ৰভাৱশালী শাখা-সম্প্রদায় হ’ল অদ্বৈত বেদান্ত। যদিও মূলধাৰাৰ হিন্দুধৰ্মত শাখাৰ প্ৰভাৱ ঠিক কিমান তাক লৈ বিতৰ্কৰ অৱকাশ আছে। উপনিষদৰ আপাত বিৰোধী বক্তব্যসমূহৰ ভাষ্য ৰচনাৰ মাধ্যমেৰে প্ৰথম অদ্বৈতবাদ প্ৰচাৰ কৰিছিল গৌড়পাদে। অদ্বৈত বেদান্ত এটা একেশ্বৰবাদী মতবাদ। অদ্বৈতবাদে ব্রহ্ম আৰু আত্মাৰ অভিন্নতাৰ কথা কয়। গৌড়পাদ অদ্বৈতবাদৰ প্ৰথম ঐতিহাসিক প্ৰবক্তা হ’লেও এই মতে বিস্তাৰ লাভ কৰে আদি শংকৰৰ মাধ্যমেৰে। তেওঁ আছিল গৌড়পাদৰ জনৈক শিষ্যৰ শিষ্য। ৰাধাকৃষ্ণণৰ মতে শংকৰৰ অদ্বৈতবাদ উপনিষদ আৰু ব্রহ্মসূত্রৰ প্রত্যক্ষ বিকাশৰ ফলশ্ৰুতি। তেওঁ নতুন একো কোৱা নাছিল। কিন্তু অন্যান্য গৱেষকে শংকৰৰ ৰচনা আৰু ব্রহ্মসূত্রৰ বক্তব্যৰ মাজত বিস্তৰ ব্যৱধান দেখা পায়। গৌড়পাদৰ সময়তো ভাৰতত বৌদ্ধ ধর্মৰ যথেষ্ট প্ৰভাৱ আছিল। তেওঁ নিজেও তেওঁৰ মতবাদ আৰু বৌদ্ধ মতবাদৰ মাজত কিছু সাদৃশ্যৰ বিষয়ে সচেতন আছিল। তেওঁৰ ৰচনাত বৌদ্ধ ধর্মৰ বহু পাৰিভাষিক শব্দ গৃহীত হৈছিল। তেওঁ বৌদ্ধসকলৰ মত আৰু উপমাও ব্যৱহাৰ কৰিছিল। ভাষ্যৰ শেষত তেওঁ স্পষ্টভাৱে কৈছিল, ‘বুদ্ধই এই কথা কোৱা নাছিল।’ পৰবৰ্তী ভাষ্যকাৰসকলে শংকৰৰ মতকে আদৰ্শ অদ্বৈতবাদী মতবাদ গণ্য কৰে। আদি শঙ্কৰে ১১খন মুখ্য উপনিষদৰ ভাষ্য ৰচনা কৰিছিল।
ৰামানুজমৰ বিশিষ্টাদ্বৈতবাদ
বেদান্তৰ আন এটা প্ৰধান শাখা বিশিষ্টাদ্বৈতবাদ (শ্ৰী সম্প্ৰদায়) প্ৰৱৰ্তন কৰে ৰামানুজমে। তেওঁ একাদশ-দ্বাদশ শতাব্দীৰ। আধুনিক গৱেষকসকলৰ মতে ৰামানুজমৰ বেদান্ত ভাষ্য শংকৰৰ ভাষ্যৰ তুলনাত মূলৰ অধিক অনুৰূপ। তাৰ বাহিৰেও হিন্দুসকলৰ সাধাৰণ ধর্ম বিশ্বাসৰো লগতো ৰামানুজমৰ মতৰ অধিক মিল। ৰামানুজমে শংকৰৰ মত অস্বীকাৰ কৰিছিল। তেওঁৰ মতে ঈশ্বৰ সৰ্বশ্ৰেষ্ঠ, যি জীৱ আৰু জড় জগতৰো অন্তৰ্নিহিত সত্তা, সেয়ে একে, কিন্তু অভিন্ন নহয়। জগৎ আৰু জীৱাত্মা ব্ৰহ্মৰ পৰা ভিন্ন হ’লেও ব্ৰহ্মৰ পৰাই উদ্ভূত। সূৰ্যৰ লগত সূৰ্যৰশ্মিৰ যি সম্পৰ্ক, ব্ৰহ্মৰ লগত জগৎ আৰু জীৱাত্মাৰো সেই সম্পৰ্ক। সেই কাৰণে ব্রহ্ম এক হৈও অনেক। জীৱনৰ উদ্দেশ্য বা পুৰুষাৰ্থ হৈছে মোক্ষপ্ৰাপ্তি বা বন্ধনৰ পৰা মুক্তি, যি ভক্তি আৰু প্ৰপত্তি (Self-Surrender)ৰ জৰিয়তে ঈশ্বৰ উপলব্ধিৰ মাধ্যমত প্ৰাপ্তি হয়। ধৰ্মীয়ভাৱে ইয়াক শ্রী বৈষ্ণৱ ধর্ম বুলি কোৱা হয়। বিশিষ্টাদ্বৈত বেদান্তৰ এটা অন্যতম প্ৰধান বৈশিষ্ট্য হ’ল এই মতবাদে আদি শঙ্কৰাচাৰ্যৰ মায়াবাদক খণ্ডন কৰে। শঙ্কৰাচাৰ্যই জগতক মায়া আখ্যা দি তাক মিথ্যা বুলিছিল। কিন্তু জগতো যিহেতু ব্ৰহ্মাৰেই সৃষ্টি সেয়ে ৰামানুজমৰ মতে ই মিথ্যা হ’ব নোৱাৰে।
মাধবাচাৰ্যৰ দ্বৈতবাদ
আদি শঙ্কৰাচাৰ্যৰ অদ্বৈত বেদান্ত আৰু ৰামানুজমৰ বিশিষ্টাদ্বৈত বেদান্তৰ দৰে মাধবাচাৰ্যৰ দ্বৈত বেদান্তও হিন্দুসমাজৰ ধর্ম বিশ্বাসৰ এটা অন্যতম প্ৰধান ভিত্তি। দ্বৈতবাদ (ব্ৰহ্ম মাধব সম্প্ৰদায়) প্ৰৱৰ্তন কৰোতা মাধবাচাৰ্য (১২৩৮-১৩১৭ খ্ৰীষ্টাব্দ) উডিপিৰ ওচৰত জন্মগ্ৰহণ কৰিছিল। দ্বৈত বেদান্ত অনুসৰি ঈশ্বৰ বা পৰমাত্মা (ব্রহ্ম) আৰু জীৱাত্মা চিৰন্তন, কিন্তু পৃথক সত্তা আৰু জীৱাত্মা আৰু জড় জগৎ ব্ৰহ্মৰ ওপৰত নিৰ্ভৰশীল। প্ৰতিটো জীৱাত্মা ঈশ্বৰৰ দ্বাৰা সৃষ্ট নহয়, কিন্তু অস্তিত্বৰ বাবে ঈশ্বৰৰ উপৰত নিৰ্ভৰশীল। ৰামানুজমৰ দৰে মাধবাচার্যইও এটা বৈষ্ণৱ তত্ত্ব ব্যাখ্যা কৰিছে। তেওঁ ব্রহ্ম বা সৰ্বোচ্চ ঈশ্বৰ বুলি বিষ্ণুকেই বুজাইছে।
অপেক্ষাকৃতভাৱে পৰবর্তীকালৰ ধৰ্মগুৰু নিম্বার্ক, বল্লভাচার্য আৰু চৈতন্য মহাপ্ৰভু আৰু মাধবাচাৰ্যৰ দ্বৈত বেদান্ত মতৰ দ্বাৰাই বেছি পৰিমাণে প্ৰভাৱিত হৈছিল। দ্বৈত বেদান্তৰ ভিত্তিতেই বেদ, উপনিষদ‌, ব্ৰহ্মসূত্ৰ, মহাভাৰত, পঞ্চৰাত্ৰ আৰু পুৰাণ গ্ৰন্থৰ নতুন ব্যাখ্যা প্রদান কৰা হৈছিল।
নিম্বাৰ্কৰ দ্বৈতাদ্বৈত
বৈষ্ণৱ দাৰ্শনিক অন্ধ্ৰৰ নিম্বার্ক দ্বৈতাদ্বৈত দৰ্শনৰ প্ৰতিষ্ঠাতা। নিম্বার্কৰ মতানুযায়ী তিনি বিধ অস্তিত্ব হৈছে চিৎ (জীৱ), অচিৎ (জগৎ) আৰু ঈশ্বৰ। নিজস্ব গুণাগুণ আৰু স্বভাৱৰে সৈতে চিৎ আৰু অচিৎ ঈশ্বৰৰ পৰা পৃথক, কিন্তু অস্তিত্বৰ কাৰণে ঈশ্বৰৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল। ইয়াৰ বিপৰীতে ঈশ্বৰ স্বয়ংসম্পূৰ্ণ আৰু স্বাধীন। তেনেহ’লে একে সময়তে চিৎ আৰু অচিৎ ঈশ্বৰৰ পৰা পৃথক নহয়, কাৰণ ঈশ্বৰ অবিহনে ইহঁতৰ স্বাধীন অস্তিত্ব নাই। ইয়াত পৃথকত্বৰ অৰ্থ হ’ল এটা পৃথক, কিন্তু ঈশ্বৰ নিৰ্ভৰশীল অস্তিত্ব (পৰাতন্ত্ৰ-স্বত্বভাব) অথচ একে সময়তে ‘পৃথক নহয়’—অৰ্থ হ’ল জীৱ-জগতৰ স্বতন্ত্ৰ অস্তিত্বৰ অসম্ভাৱ্যতা (স্বতন্ত্ৰ-স্বত্বভাব)। নিম্বাৰ্কৰ ‘পাৰ্থক্যসহ অদ্বৈতবাদ’ৰ পৰিভাষা সমূহৰ চমু উল্লেখ কৰা হ’ল।
ব্ৰহ্ম 
ব্ৰহ্ম মহত্তম বাস্তৱিকতা বা শেষ সত্য। ব্ৰহ্ম, কৃষ্ণ বা হৰি এজন সাকাৰ ভগৱান। তেওঁৰ সমকক্ষ নাই, তেওঁতকৈ আন কোনো শ্ৰেষ্ঠ নাই। তেৱেঁই ভগৱান আৰু সকলোৰে নিয়ন্ত্ৰক। তেওঁক ব্ৰহ্ম কোৱা হয় কাৰণ তেওঁৰ প্ৰকৃতি আৰু গুণ অতিক্ৰম কৰিব পৰা কোনো নাই—তেওঁ মহাশূন্য আৰু সময়ৰ সীমাৰ বাহিৰত। ব্ৰহ্মই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ কাৰণ। সকলো সত্তা তেওঁৰ পৰাই উৎপত্তি, তেওঁতকৈ শ্ৰেষ্ঠ কোনো নাই। একমাত্ৰ ভগৱানেই প্ৰথম কাৰণ—সকলো নাম-ৰূপৰ প্ৰকাশৰ কাৰণ। ব্ৰহ্মই সৃষ্টিৰ উপাদান (Material Cause) আৰু নিমিত্ত (Efficient Cause)। উপাদান এই অৰ্থত যে ব্ৰহ্মই নিজৰ অন্তৰ্নিহিত সূক্ষ্মভাৱে থকা প্ৰাকৃতিক শক্তি, চিৎ আৰু অচিৎ, দুয়োটাকে স্থূল প্ৰকাশৰ বাবে সমৰ্থ কৰি তোলে। ই নিমিত্ত এই অৰ্থত যে ই জীৱাত্মাসমূহক সিহঁতৰ নিজ নিজ কৰ্মফল আৰু উপভোগৰ মাধ্যমৰ লগত সংযুক্ত কৰে। নিম্বাৰ্কে ব্ৰহ্মৰ দুখন মুখচ্ছবি বৰ্ণনা কৰিছিল। এফালে ব্ৰহ্ম অনাদি-অনন্ত আৰু মহান, মহানজনতকৈও মহান, শ্ৰেষ্ঠ জনতকৈও শ্ৰেষ্ঠতম, বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা—জীৱাত্মাতকৈ তেওঁ বহু ওপৰত, যাৰ তেওঁ ভগৱান আৰু পালন কৰ্তা। কিন্তু আনটো মুখচ্ছবি অনুযায়ী তেওঁ অসীম সৌন্দৰ্য, প্ৰশান্তি আৰু স্নেহৰ আধাৰ আৰু জীৱাত্মাৰ লগত অঙ্গাঙ্গিভাৱে এক বান্ধোনৰ ডোলেৰে সংযুক্ত। তেওঁ অনন্য শান্তি-কৰুণাৰ আধাৰ আৰু কোমলতা আৰু মাধুৰ্যৰ সাগৰ। নানান গুণেৰে ভৰপূৰ আৰু সকলোৰে আৰাধনাযোগ্য ব্ৰহ্মৰ চাৰিটা ৰূপ—বাসুদেৱ, শঙ্কৰাশণ, প্ৰদ্যুম্ন আৰু অনিৰুদ্ধ। মৎস, কূৰ্ম্ম আদি কৰি ব্ৰহ্মৰ নানান অৱতাৰ। 
চিৎ বা জীৱাত্মা
চিৎ বা জীৱাত্মাৰ প্ৰকৃতি হৈছে জ্ঞানময় (জ্ঞান-স্বৰূপ)—ই চেতনান্দ্ৰিয়ৰ সহায় অবিহনে জ্ঞান উপলব্ধি কৰিব পাৰে আৰু এই অৰ্থতেই জীৱ সম্পৰ্কে ‘প্ৰজ্ঞান-ঘনহ্ স্বয়ম্জ্যোতিহ্ জ্ঞানময়হ্’ আদি উক্তি বুজিব লাগিব। জীৱ জ্ঞাতাও আৰু একে সময়তে জ্ঞান আৰু জ্ঞাতা দুয়োটাই হ’ব পাৰে, যেনেদৰে সূৰ্য আলোক আৰু একে সময়তে আলোকৰ উৎসও। সেয়ে জীৱাত্মা যি নিজেই জ্ঞান। ইয়াৰ গুণ জ্ঞান, কিন্তু যদিও জ্ঞানৰূপে দুয়োটা অভিন্ন, একে সময়তে পৃথকো হ’ব পাৰে আৰু গুণসম্পন্ন (ধৰ্মী) আৰু গুণ (ধৰ্ম) হিচাপে সম্পৰ্কিত হ’ব পাৰে, যেনেদৰে সূৰ্য আৰু সূৰ্য-ৰশ্মি যদিও আলোকৰূপে অভিন্ন কিন্তু একে সময়তে পৃথকো। সেয়ে একে সময়তে ধৰ্মী আৰু ধৰ্মৰ মাজত পৃথকত্ব আৰু অভিন্নতা দুয়োটাই বিদ্যমান। দুয়োটাৰ মাজত চৰম সাদৃশ্য থকা সত্ত্বেও মাথোঁ দুয়োটাৰ মাজত থকা প্ৰকৃত পাৰ্থক্যৰ প্রত্যক্ষ উপলব্ধিৰ অভাৱহে সম্পূৰ্ণ অভিন্নতা প্ৰতিপাদন নহয়।
কিন্তু জীৱ অহমিকা (অহমাৰ্থ)ও। এই অহমিকা একমাত্ৰ গভীৰ নিদ্ৰাতেই নহয়, মোক্ষপ্ৰাপ্তিৰ পিছতো অক্ষুণ্ণ থাকে। আনকি পৰম ব্ৰহ্মৰো অহমিকা আছে। সেয়ে গীতাত কৃষ্ণই বাৰংবাৰ নিজকে প্ৰথম পুৰুষত উল্লেখ কৰিছে, যিসকলৰ মুখ্যজন হ’ল পুৰুষোত্তম, যি সৰ্বজ্ঞ আৰু একে সময়তে অহমিকা বা অহমাৰ্থৰ পৰা অভিন্ন। 
জীৱ মূলতঃ সক্ৰিয় (কৰ্তৃ)। এই গুণ সকলো অৱস্থাতেই আনকি মুক্তিৰ পাছতো জীৱত বিদ্যমান। কিন্তু কৰ্তৃত্ব স্বাধীন। জীৱ সকলো অৱস্থাতে অপৰিহাৰ্য ৰূপে ভোক্তাও।
কিন্তু জ্ঞান আৰু সক্ৰিয়তাৰ বাবে জীৱ হৰিৰ ওপৰত নিৰ্ভৰশীল। সেয়ে জ্ঞাতা আৰু বুদ্ধি-সম্পন্ন হোৱা হেতুকে গুণগত সাদৃশ্য থাকিলেও একে সময়তে জীৱৰ হৰিৰ ওপৰত থকা সম্পূৰ্ণ নিৰ্ভৰশীলতাৰ কাৰণে হৰিৰ পৰা পৃথক। নিৰ্ভৰশীল অথবা নিয়ন্ত্ৰনাধীন হ’ব লগা হোৱা জীৱৰ আচল প্ৰকৃতি আনকি মুক্তিৰ পাছতো বৰ্তমান, যেনেদৰে নিয়ন্ত্ৰকৰূপ ঈশ্বৰৰ অনন্ত প্ৰকৃতি। 
পৰিসৰত আণৱিক কিন্তু একে সময়তে জ্ঞান-সম্পন্ন জীৱই দেহৰ যিকোনো অংশতেই সুখ বা পীড়া অনুভৱ কৰিব পাৰে, যেনেদৰে চাকিৰ পোহৰে চাৰিওফালে বহু দূৰলৈ পোহৰাই তুলিব পাৰে। প্ৰতিটো জীৱই পৃথক, পৃথক পৃথক দেহধাৰী, সংখ্যাত অগণন।
অচিৎ বা জগৎ
অচিৎ তিনি প্ৰকাৰৰ—প্ৰক্ত, অপ্ৰক্ত আৰু কাল। প্ৰক্ত (বা যি আদ্য পদাৰ্থ প্ৰকৃতিৰ পৰা উদ্ভূত) সাপেক্ষে অপ্ৰক্তক ঋণাত্মকভাৱে এইধৰণে সংজ্ঞা কৰা হৈছে—যি প্ৰকৃতিৰ পৰা উদ্ভূত নহয়, কিন্তু যাৰ প্ৰকৃত স্বৰূপ স্পষ্টভাৱে পৰিস্ফুট নহয়। নিম্বার্কে অপ্ৰক্ত আৰু কালক বিশেষভাৱে সংজ্ঞায়িত কৰা নাছিল। নিম্বার্কৰ পিছত পুৰুষোত্তম আচাৰ্যই বেদান্তৰত্ন-মঞ্জুষাত অপ্ৰক্তক ব্ৰহ্মৰ স্বৰ্গীয়-ধামৰ উপাদান সংজ্ঞা দিছিল।
জগতৰ এই তিনি বিভাগ নিজ নিজ সূক্ষ্মৰূপত চিৎ বা জীৱাত্মাৰ দৰেই অনাদি-অনন্ত। প্ৰকৃতি বা আদ্য-পদাৰ্থ জীৱাত্মাৰ দৰেই অনাদি-অনন্ত আৰু ব্ৰহ্ম নিৰ্ভৰশীল। প্ৰকৃতি তিনি গুণসম্পন্ন—সত্ব, ৰজ আৰু তম (সাংখ্যৰ প্ৰাকৃত, মহৎ, অহংকাৰৰ লগত সাদৃশ্য আছে)। 
বন্ধন
কৰ্ম আৰু ইয়াৰ পৰা উদ্ভূত অজ্ঞানতাৰ সংস্পৰ্শত জীৱৰ প্ৰকৃত স্বৰূপ বিকৃত আৰু অন্ধকাৰাচ্ছন্ন হৈ ৰয় যি স্বৰূপ প্ৰকৃততে অনাদি। কিন্তু ঈশ্বৰৰ কৰুণাত এই অৱস্থাৰ সমাপ্তি হ’ব পাৰে যেতিয়া জীৱৰ প্ৰকৃত স্বৰূপ যে ই ভগৱানৰেই অংশ সম্পূৰ্ণ প্ৰকাশিত হৈ পৰে।
মুক্তি
উদ্ধাৰৰ বাবে জীৱই পৰমাত্মাৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণ বা প্ৰপত্তি আৰম্ভ কৰিব লাগিব। প্ৰপত্তিৰ ছটা উপাদান হৈছে—(১) সমৰ্পণৰ সংকল্প, (২) প্ৰতিকূলতাৰ বৰ্জন, (৩) বিশ্বাস যে ভগৱান ৰক্ষা কৰোঁতা, (৪) বিশ্বাস যে ভগৱান উদ্ধাৰ কৰোঁতা, (৫) নিজৰ আত্মা ভগৱানত নিক্ষেপ আৰু (৬) অসহায়তাৰ উপলব্ধি।
এই ছয় গুণসম্পন্ন জীৱলৈ ভগৱানে কৰুণা প্ৰদৰ্শন কৰে, অৰ্থাতৎ এইসকল জীৱ প্ৰপন্ন হয় আৰু এই কৰুণাৰ পৰাই বিশেষ ভগৱৎ প্ৰেমযুক্ত ভক্তিৰ জন্ম হয়, যি অৱশেষত পৰমাত্মাৰ উপলব্ধি লাভৰ (সাকাৰাৰ্থ) ৰূপত সমাপ্তি হয়। এজন ভক্তৰ বাবে পাঁচোটা জ্ঞানৰ প্ৰয়োজন—(১) পৰমাত্মাৰ স্বৰূপ, (২) জীৱাত্মাৰ স্বৰূপ, (৩) ভগৱানৰ কৰুণা বা মোক্ষ (সকলো কৰ্ম আৰু তাৰ পৰা উদ্ভূত সকলো ইন্দ্ৰিয় সচেতনতাৰ সম্পূৰ্ণ অৱসানৰ পৰিণতি ৰূপে ব্ৰহ্মৰ প্ৰকৃতি আৰু গুণ সম্পৰ্কে নিৰবিচ্ছিন্ন উপলব্ধিৰ এটা স্থিতি), (৪) ভক্তিভাৱত আনন্দৰ উপলব্ধি আৰু (৫) ভগৱত উপলব্ধিৰ পথৰ বাধাসমূহৰ স্বৰূপ সম্পৰ্কে ধাৰণা, উদাহৰণ স্বৰূপে দেহ আৰু মনক আত্মা বুলি ভ্ৰম, আন এজনৰ ওপৰত নিৰ্ভৰশীলতা যিজন ভগৱানো নহয় বা কৰ্মবিধানদাতাও নহয় আৰু ভগৱানক সাধাৰণ সত্তা বুলি কৰা ধাৰণা। নিম্বাৰ্কে সাধনাৰ ৪টা প্ৰণালী দেখুৱাইছিল—
কৰ্ম—বৰ্ণ আৰু আশ্ৰম অনুযায়ী প্ৰকৃত মনোভাবেৰে কৰা কৰ্ম যাৰ দ্বাৰা মোক্ষৰ বাবে প্ৰয়োজনীয় জ্ঞান লাভ হয়। 
বিদ্যা—কৰ্মৰ গৌণভাৱে নহয়, বৰং সম্পূৰ্ণ স্বাধীন পন্থা হিচাপে।
উপাসনা বা ধ্যান—উপাসনা তিনি ধৰণৰ। প্ৰথম, ভগৱানক নিজৰ অন্তৰ্নিহিত সত্তা ৰূপে অৰ্থাত ভিতৰৰ অনুভৱক্ষম (Sentient) জনৰ নিয়ন্ত্ৰক ৰূপে, দ্বিতীয়, ভগৱানক নিজৰ ভিতৰৰ অনুভৱ-অক্ষম জনৰ নিয়ন্ত্ৰক ৰূপে আৰু শেষত, স্বয়ং ভগৱানক অনুভৱক্ষম আৰু অনুভৱ-অক্ষম দুয়োৰে পৰা পৃথক হিচাপে উপাসনা।
গুৰুস্পতি—গুৰুৰ প্ৰতি ভক্তি আৰু আত্ম-সমৰ্পণ।
নিম্বাৰ্কে দ্বৈতাদ্বৈত বেদান্তৰ ওপৰত ব্ৰহ্মসূত্ৰৰ ভাষ্য ‘বেদান্ত পাৰিজাত সৌৰভ’ প্ৰণয়ন কৰিছিল।
বল্লভৰ শুদ্ধাদ্বৈত
বল্লভাচাৰ্য (১৪৭৯-১৫৩১ খ্ৰীষ্টাব্দ) প্ৰতিষ্ঠাপিত শুদ্ধাদ্বৈত বা ‘বিশুদ্ধ অদ্বৈত’ শ্ৰীকৃষ্ণকেই মূল ৰূপে উপাসনা কৰা আন এটা বৈষ্ণৱ পৰম্পৰা (বল্লভ সম্প্ৰদায়)। ই পুষ্টি মাৰ্গ (Path of Grace) ৰূপেও জনাজাত। ৰাজস্থানৰ নাথদ্বাৰত অৱস্থিত শ্ৰীনাথজী মন্দিৰ আৰু আঠজন কবিৰ (ইয়াৰ মাজত শূদ্ৰ বৰ্ণৰ কবিও আছে) ৰচনাৱলী এই সম্প্ৰদায়ৰ উপাসনাৰ মন সমল। কিন্তু আন একাধিক বৈষ্ণৱ সম্প্ৰদায়ৰ দৰে এই সম্প্ৰদায়ৰো আৰম্ভণি বৃন্দাবনৰ পৰাই হৈছিল। আজি এই সম্প্ৰদায়ৰ প্ৰাদুৰ্ভাৱ গুজৰাট আৰু ৰাজস্থানত দেখা যায়। 
শুদ্ধাদ্বৈত দৰ্শন শংকৰৰ অদ্বৈতবাদৰ পৰা পৃথক। শুদ্ধাদ্বৈত অনুসৰি জীৱাত্মা আৰু পৰম ব্ৰহ্মৰ মাজৰ সাদৃশ্য মৌলিক স্তৰত মানি লোৱা হয়। জুই আৰু ফিৰিঙতিৰ দৰে পৰমাত্মা আৰু জীৱাত্মাৰ মাজত মৌলিক বৈসাদৃশ্য নাই। বল্লভে ব্ৰহ্মাক সম্পূর্ণ আৰু জীৱক ইয়াৰ অংশ হিচাপে অস্বীকাৰ নকৰে। কিন্তু শংকৰৰ অদ্বৈতবাদত মানি লোৱা ধৰণে জীৱাত্মাক অবিদ্যাৰ দ্বাৰা আচ্ছন্ন হেতু নিজৰ স্বৰূপ উপলব্ধি কৰাত অসমৰ্থ, যি দৰাচলতে নিজেই পৰমব্ৰহ্ম (সৎ-চিৎ-আনন্দ), কেৱল অবিদ্যাৰ বাবেহে নিজৰ ‘আনন্দ’ স্বৰূপ উপলব্ধিত ব্যৰ্থ, এই বুলি নামানে। শংকৰৰ অদ্বৈতবাদত মানি লোৱা ধৰণে জগৎ মায়া, সেয়ে মিথ্যা বুলিও স্বীকাৰ নকৰে। কাৰণ মায়া ঈশ্বৰৰ শক্তি, সেয়া মিথ্যা হ’ব নোৱাৰে। ব্ৰহ্মা সৃষ্টিকৰ্তাই নহয়, নিজেই সমগ্ৰ সৃষ্টিও। বল্লভে নিজৰ মতবাদৰ সমৰ্থনত বৃহদাৰণ্যক উপনিষদত উল্লিখিত এক পংক্তি য’ত ব্ৰহ্মাই বহু হ’বলৈ বাসনা প্ৰকাশ কৰিছিল আৰু অসংখ্য জীৱাত্মা আৰু জগৎ হৈ পৰিছিল দাঙি ধৰিছিল। যদিও ব্ৰহ্মা অজ্ঞেয় যেতিয়া জগৎ ৰূপে প্ৰকাশিত হয় তেতিয়া বোধগম্য হয়।
শুদ্ধাদ্বৈত বেদান্ত ব্ৰহ্মবাদ বুলিও জনাজাত। একমাত্ৰ অদ্বিতীয় ব্ৰহ্মাই একমাত্ৰ শ্ৰেণী। আন সকলো পদাৰ্থ সৃষ্টিৰ মুহূৰ্তত ব্ৰহ্মাৰ পৰা উদ্ভৱ হৈছে আৰু প্ৰলয়ৰ সময়ত ব্ৰহ্মাতেই লীন যায়। আন দুই শ্ৰেণী চিৎ বা জীৱাত্মা আৰু অচিৎ বা জগৎ ক্ৰমে ব্ৰহ্মাৰ অংশ আৰু ৰূপান্তৰ। জীৱাত্মা ইয়াৰ অংশ, কাৰণ কিছু পৰিমাণে হ’লেও ব্ৰহ্মাৰ মৌলিক গুণ চৈতন্য আৰু আনন্দ জীৱাত্মাত পৰিস্ফুট। মনোহৰ শ্ৰীকৃষ্ণৰ সৎচিদানন্দ স্বয়ং ভগৱানৰূপে পৰম ৰূপ, আৱাস গোলোকত প্ৰতি ক্ষণতেই তেওঁ মহাজাগতিক লীলাত ৰত হৈ আছে। বিষ্ণুৰ আৱাস গোলোক, দিব্য লোক বৈকুণ্ঠ, সৃষ্টিকৰ্তা ব্ৰহ্মাৰ আৱাস সত্যলোক আৰু শিৱৰ আৱাস কৈলাসৰো ঊৰ্ধ্বত। সৃষ্টি ভগৱানৰ ক্ৰীড়া। 
জীৱাত্মা কৰ্তা আৰু উপভোক্তা। আয়তনত আণৱিক, কিন্তু সমগ্ৰ দেহ জুৰি ইয়াৰ মৌলিকত্ব বুদ্ধিমত্তাৰ দ্বাৰা পৰিব্যাপ্ত, যেনেদৰে চন্দন কাঠক দেখা নাপালেও ইয়াৰ সুবাসৰ দ্বাৰাই উপস্থিতি বোধগম্য কৰি তোলে। 
ভক্তি মোক্ষৰ আলম যদিও জ্ঞানো সহায়ক। কৰ্মসমূহ ব্ৰহ্ম উপলব্ধিৰ পূৰ্ববৰ্তী, কিন্তু ব্ৰহ্মজ্ঞান প্ৰাপ্তিৰ পাছতো কৰ্মসমূহ নোহোৱা নহয়। মুক্তিপ্ৰাপ্ত জনেও সকলো কৰ্ম কৰে। চৰম লক্ষ্য মুক্তি বা মোক্ষ নহয় বৰং শ্ৰীকৃষ্ণৰ চিৰন্তন সেৱা আৰু শ্ৰীকৃষ্ণৰ দিব্য আৱাস বৃন্দাবন গোলোকত তেওঁৰ সঙ্গ লাভ আৰু কামত অংশগ্ৰহণৰ আকাঙ্ক্ষা। বল্লভে ব্ৰহ্মৰ তুৰীয় সচেতনতাক পুৰুষোত্তম বুলি অভিহিত কৰিছিল। চর্তহীন প্ৰেম আৰু উৎসৰ্গাৰ সমৰ্পিত জীৱনৰ ওপৰত অসীম গুৰুত্ব আৰোপ কৰিছিল।
চৈতন্যৰ অচিন্ত্য ভেদাভেদ
চৈতন্য মহাপ্ৰভু (১৮৮৬-১৫৩৪ খ্ৰীষ্টাব্দ) প্ৰতিষ্ঠাপিত অচিন্ত্য ভেদাভেদ (অচিন্তনীয়ভাৱে একে সময়তে এক আৰু পৃথক) দৰ্শন গৌড়ীয় বৈষ্ণৱ নামে জনাজাত। অচিন্ত্য ভেদাভেদ দৰ্শনে শংকৰৰ অদ্বৈত মতবাদ অস্বীকাৰ কৰাৰ লগে লগে মাধবাচাৰ্যৰ কঠোৰ দ্বৈত আৰু ৰামানুজমৰ বিশিষ্টাদ্বৈত মতৰ মাজত সমন্বয় সাধনৰ প্ৰচেষ্টা কৰিছে। ভগৱান একে সময়তে সৃষ্টিৰ লগত এক আৰু পৃথক, কিন্তু ই সৰ্বেশ্বৰবাদ নহয়। কাৰণ বৈষ্ণৱ ধৰ্মতত্ত্বৰ মূল এজন পৃথক ভগৱান নিজস্ব ৰূপত বিষ্ণুৰ অস্তিত্ব ই কোনোমতে ই অমান্য নকৰে। কিন্তু একে সময়তে সৃষ্টি, বৈষ্ণৱ ধৰ্মতত্ত্বত ‘মহাজাগতিক প্ৰকাশ’ বুলি কোৱা হয়, সৃষ্টিকৰ্তা ভগৱানৰ পৰা কেতিয়াও পৃথকো নহয়। ভগৱান সকলো সময়তেই সৃষ্টিৰ নিয়ন্ত্ৰক—কেতিয়াবা প্ৰত্যক্ষভাৱে বা কেতিয়াবা তেওঁৰ বহু প্ৰভাৱৰ কোনো এটাৰ জৰিয়তে পৰোক্ষভাৱে। ইয়াক সাধাৰণতে ‘এটা মকৰা তাৰ মকৰা-জালত’ উপমাৰে বুজাবলৈ চেষ্টা কৰা হয়। কুৰি শতিকাৰ চৈতন্য সম্প্ৰদায়ৰ গুৰু ভক্তিবেদান্ত স্বামী প্ৰভুপাদে কৈছে, ‘যিজনে ভগৱানক বুজি পাইছে তেওঁ জানে যে ভগৱানৰ সাকাৰ আৰু নিৰাকাৰ ৰূপ একে সময়তেই বিদ্যমান আৰু ইয়াৰ মাজত কোনো বিৰোধিতা নাই। সেয়ে ভগৱান চৈতন্যই অচিন্ত্য ভেদাভেদ মতবাদ প্ৰচলন কৰিছে।’ এই সন্দৰ্ভত সাধাৰণতে সূৰ্য আৰু সূৰ্য-ৰশ্মিৰ মাজৰ সম্পৰ্কৰ উপমা দিয়া হয়—সূৰ্য আৰু সূৰ্য-ৰশ্মি একে সময়তে এটা সত্তাৰেই অংশ, অথচ কোঠালীত সূৰ্য-ৰশ্মিৰ উত্তাপ উপভোগ কৰা আৰু সূৰ্যৰ কাষ চাপি যোৱাৰ মাজত আকাশ-পাতাল প্ৰভেদ। গুণগতভাৱে সূৰ্য আৰু সূৰ্য-ৰশ্মিৰ মাজত কোনো প্ৰভেদ নাই, কিন্তু মাত্ৰাত বিশাল পাৰ্থক্য। এই উপমা ভগৱান আৰু জীৱাত্মাৰ ক্ষেত্ৰতো প্ৰযোজ্য— জীৱাত্মা গুণগতভাৱে ভগৱানৰ সৈতে সদৃশ, কিন্তু গুণৰ অতি সীমিত পৰিমাণ স্বয়ং ভগৱানৰ অসীম গুণৰ লগত তুলনা নহয়। সেয়ে জীৱাত্মা আৰু পৰমাত্মা একে সময়তে পৃথক। এইখিনিতেই অদ্বৈত দৰ্শনৰ অনিৰ্বচনীয় (Inexpressible) ধাৰণা আৰু চৈতন্যৰ অচিন্তনীয় (Inconceivable) ধাৰণাৰ মাজৰ প্ৰভেদ মন কৰিবলগীয়া। অদ্বৈত বেদান্তৰ অনিৰ্বচনীয় ধাৰণা হৈছে জগত অস্তিত্বৰ প্ৰকৃতি সম্পৰ্কীয় ধাৰণা। চৈতন্যৰ স্বয়ং ভগৱান আৰু তেওঁৰ শক্তি বা প্ৰভাৱসমূহ বাস্তৱ আৰু পাৰস্পৰিকভাৱে পৃথক, কিন্তু একে সময়তে একাত্ম—অচিন্ত্য ভেদাভেদ দুয়োটা সত্যৰেই অনুকূল। এই সম্পৰ্কত শংকৰৰ মায়াবাদ অচিন্ত্য ভেদাভেদ ধাৰণাৰ প্ৰত্যক্ষভাৱে বিপৰীত আৰু বিৰোধী।
বেদান্ত দৰ্শন মানুহৰ জিজ্ঞাসা, যুক্তি আৰু উপলব্ধিৰ উচ্চ প্ৰকাশ। আধুনিক মনৰ বাবে সত্য অনুসন্ধানৰ সহায়ক।
তথ্যোল্লেখ
Hodgkinson, Brian. The Essence of Vedanta. London, Arcturus Publishing, 2011.
Smart, Ninian. The World’s Religions. Cambridge, Cambridge University Press, 2006.

2 comments:

  1. ক্ষন্তেক হলেও দুঃখসাগৰত নিমজ্জিত হোৱা এই নশ্বৰ জীবনে দাৰ্শনিক অনুভূতি লাভ কৰিলে | ভাল লাগিছে চাৰ... মোৰ প্ৰিয় বিষয় |ধন্যবাদ

    ReplyDelete
  2. ভাল লাগিল ছাৰ....!!!!!

    ReplyDelete