ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Saturday, March 10, 2018

ইচ্ছামৃত্যুৰ বৰ

আমাৰ অসম, ৭ জুন ২০১২ চনত প্ৰথম প্ৰকাশিত আৰু সদ্য প্ৰকাশিত ৰচনা সংকলন 'উদ্বেগ-অনুদ্বেগ'ত সন্নিৱিষ্ট। উচ্চতম ন্যায়ালয়ৰ ৯ মাৰ্চৰ 'Right to live includes right to die' সম্পৰ্কীয় ন্যায়দানৰ পৰিপ্ৰেক্ষিতত পুণৰ প্ৰকাশ কৰিলোঁ।
পিতৃ শান্তনুৱে ভীষ্মক ইচ্ছামৃত্যুৰ বৰ প্ৰদান কৰিছিল । প্ৰাচীন মহাভাৰতৰ যুগত ইচ্ছামৃত্যুৰ তাৎপৰ্য কি আছিল মই নাজানোঁ, কিন্তু অৱশ্যম্ভাৱী মৃত্যুৰ ক্ষণ গণি থকা ৰোগী এজনৰ বাবে আজিৰ একবিংশ শতিকাত ইচ্ছামৃত্যুৰ বৰ জীৱন দীঘলীয়া কৰিব খোজা কিন্তু বৃথা আধুনিক চিকিৎসাৰ এক বিকল্পই নহয়, আশীৰ্বাদো হ'লহেঁতেন । এনে এটা বিষয় আজি উপস্থাপন কৰিব বিচাৰিছোঁ—যিটো খুব ৰাজহুৱা আলোচনা হোৱা দেখা নাযায় অথচ অতি প্ৰয়োজনীয়।

Google Play Bookত eBook হিচাপে উপলব্ধ
কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস আৰু হৃদযন্ত্ৰৰ প্ৰক্ৰিয়া চলাই ৰখা আধুনিক চিকিৎসাৰ উপযোগিতা সীমাবদ্ধ। ইয়াৰ কোনো চমৎকাৰী জীৱনদায়িনী শক্তি নাই। জৰা-ব্যাধিৰে জৰ্জৰ শৰীৰত যেতিয়া জীৱনী শক্তিৰ ভাণ্ডাৰ উদং হয়, মৃত্যু হৈ পৰে অৱধাৰিত। এনে এটা সন্ধিক্ষণত চিকিৎসকৰ ভূমিকা হৈ পৰে অতি গুৰুত্বপূৰ্ণ, এজন সাৰথিৰ দৰে। চিকিৎসা বিধিৰ দ্বাৰা পৰিচালিত চিকিৎসকজনে ৰোগীগৰাকী, সহকৰ্মী আৰু পৰিয়ালৰ লগত আলোচনা কৰি ৰোগীজনৰ কল্যাণৰ খাতিৰত এটা সিদ্ধান্তত উপনীত হয়। চিকিৎসা সেৱা বিধিৰ দ্বাৰা পৰিচালিত চিকিৎসক এগৰাকীয়ে ব্যৱসায়িক বিবেচনাৰে জীৱনৰ মিছা আশা প্ৰদান কৰি কেইটামান অধিক দিনলৈ পৰিয়াল আৰু বন্ধুবৰ্গৰ বেদনা আৰু উৎকণ্ঠা বৃদ্ধিৰ পৰিৱৰ্তে পীড়া উপশমকাৰী চিকিৎসা সেৱাৰে ৰোগীজনৰ মৰ্যাদাপূৰ্ণ মৃত্যু নিশ্চিত কৰে। আন কথাত প্ৰাকৃতিকভাৱে ৰোগীজনৰ মৃত্যুৰ পথ সুগম কৰি দিয়ে। পীড়াৰ উপশম আৰু মৰ্যাদাসম্পন্ন মৃত্যুৰ প্ৰতিশ্ৰুতি হৈছে আধুনিক চিকিৎসা বিজ্ঞানৰ আশীৰ্বাদ, এয়া চিকিৎসকৰ অনুগ্ৰহ নহয়।
যি স্থলত বৰ্তমানৰ চিকিৎসা সেৱা দ্ৰুতগতিত মাথোঁ ব্যৱসায়লৈ নিম্নগামী হৈছে, চিকিৎসক তথা নাৰ্ছৰ দলটোৱে ৰোগীৰ জীৱনৰ পীড়ামুক্ত আৰু মৰ্যাদাসম্পন্ন সমাপ্তিত নিৰ্ণায়ক ভূমিকা লয়। ৰোগীজনে কেনেধৰণে নিশ্চিত মৃত্যুক আঁকোৱালি ল'ব, সেই সিদ্ধান্ত ল’বলৈ সহায় কৰাৰ ক্ষমতা—আন কথাত ৰোগীজনক ইচ্ছামৃত্যুৰ বৰ দিয়াৰ ক্ষমতা, সেই সময়ত চিকিৎসকজনে আহৰণ কৰে। অথচ ইয়াৰ বিপৰীতে মৃত্যু অৱশ্যম্ভাৱী বুলি জানিও কেৱল ব্যৱসায়িক কাৰণত চিকিৎসকে কৃত্ৰিম প্ৰণালীৰে ৰোগীৰ জীৱন অযথা দীঘলীয়া কৰাৰ অপচেষ্টাৰ কথা আমি নুশুনা নহয়। স্বনামধন্য ব্যক্তি, জীৱনকালত মান-মৰ্যাদাৰ প্ৰতি অতি সচেতন আৰু সদায়েই সুস্থিৰ সিদ্ধান্ত ল’ব পৰা প্ৰখ্যাত লোকেও চিকিৎসকৰ আৰু অজানিতে ৰাইজৰো অত্যুৎসাহৰ বলি হৈ ৰুগীয়া জীৱনৰ শেষ দিনকেইটা দীঘলীয়া সময়ৰ বাবে পীড়া ভুগি ভুগি মৃত্যুক আঁকোৱালি লোৱা আমি দেখিছোঁ আৰু শুনিছোঁ। ভীষ্মৰ দৰে ইচ্ছামৃত্যুৰ বৰ থকা হ’লে নিশ্চিতভাৱে তেখেতসকলে শান্ত-সমাহিত আৰু অধিক মৰ্যাদাপূৰ্ণভাৱে অৱশ্যম্ভাৱী মৃত্যুক আঁকোৱালি ল'লেহেঁতেন। অথবা নিজৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ থকাহেঁতেন চিকিৎসকক নিৰ্দেশ দিলেহেঁতেন—যিহেতু এদিনৰ বাবেও মোক পীড়াবিহীন জীৱন দিবলৈ তোমালোক অপাৰগ, মোৰ শান্ত সমাহিত মৃত্যুৰ পথ সুগম কৰা।
কিন্তু জীৱনৰ শেষ দিনকেইটাৰ পৰিভাষা কি? ইয়াক নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়াই বা কি? জৰাগ্ৰস্ত বা দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত শৰীৰ ক্ৰমাগতভাৱে এসময়ত এনে এটা পৰ্যায়ত উপনীত হয় যে জীৱনৰ অন্তিম ক্ষণ আহি পৰে, মৃত্যু হৈ পৰে অৱশ্যম্ভাৱী। দুৰাৰোগ্য ব্যাধি বুলিলে কৰ্কট ৰোগৰ কথা প্ৰথমে মনলৈ আহে যদিও আৰু বহু ৰোগ দুৰাৰোগ্য। এজন নিপুণ চিকিৎসকে জীৱনৰ শেষ ক্ষণ অতি সঠিকভাৱেই নিৰ্ণয় কৰিব পাৰে। সেই অৱস্থাত ৰোগীক পীড়া উপশমকাৰী চিকিৎসাহে দিয়া উচিত, যাতে ৰোগীজনক যথাসম্ভৱ পীড়ামুক্ত কৰি ৰাখি আত্মা আৰু মনৰ প্ৰয়োজনীয়তাক প্ৰাধান্য দি মৰ্যাদাপূৰ্ণভাৱে অৱশ্যম্ভাৱী মৃত্যুৰ পথ প্ৰশস্ত কৰি দিব পৰা যায়। পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে এয়া বিষাদৰ সময়, কিন্তু লগতে আত্মীয়জনক মৰ্যাদাপূৰ্ণভাৱে বিদায় দিয়াৰ গুৰুদায়িত্বৰো সময়। এনে অৱস্থাত কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস আৰু হৃদযন্ত্ৰ চলাই ৰখা কাৰ্য অমানৱীয় আৰু প্ৰকৃতিৰ পৰিপন্থী।
এইখিনিতে মন কৰিবলগীয়া কথা যে আনকি এনে মুমূৰ্ষু অৱস্থাতো মৃত্যুক ত্বৰান্বিত কৰা চিকিৎসা সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত ব্যতিক্ৰম হ'ল কিছু সংখ্যক ইউৰোপীয় দেশ, য’ত ‘সক্ৰিয় ইউথেনেছিয়া’ (Active Euthanasia) বিধিসন্মত। ইয়াৰ দ্বাৰা দুৰাৰোগ্য আৰু অতিমাত্ৰা পীড়াত আক্ৰান্ত ৰোগীক যথাসম্ভৱ সোনকালে পীড়াৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যৰে মৃত্যুক ত্বৰান্বিত কৰা চিকিৎসা দিয়া হয়। বিভিন্ন জটিল সামাজিক, ধৰ্মীয় আৰু নীতিগত কাৰণত তথা বৃদ্ধ আৰু ৰোগাক্ৰান্তজনৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে পৰিয়ালৰ লোকে অপব্যৱহাৰ কৰাৰ সম্ভাৱনীয়তাৰ আশংকাত বহু উন্নত দেশতো ‘সক্ৰিয় ইউথেনেছিয়া’ বিধিসন্মত কৰা হোৱা নাই ।
ইয়াৰ বিপৰীতে ‘নিষ্ক্ৰিয় ইউথেনেছিয়া’ (Inactive Euthanasia) প্ৰায় সকলোবোৰ উন্নত দেশৰ চিকিৎসালয়ত নিত্য-নৈমিত্তিক ঘটনা। সেয়ে হ’লেও অতি সহজে বা নভবা-নিচিন্তাকৈ মুহূৰ্ততে লোৱা সিদ্ধান্ত নহয়। কোৱা বাহুল্য যে বহু ক্ষেত্ৰত ৰোগীজন মানসিকভাৱে মতামত দিব পৰা অৱস্থাত নখাকে, যদিও বহু ৰোগীয়ে আজিকালি মানসিক সক্ষমতা থকা অৱস্থাতেই চিকিৎসকক নিজৰ জীৱনৰ শেষ পৰিণতি সম্পৰ্কে পূৰ্ব নিৰ্দেশ দি ৰাখে। এনে নিৰ্দেশ আইন সঙ্গত আৰু অৱশ্য পালনীয়। অকল কৃত্ৰিম জীৱন-ধাৰণৰ যান্ত্ৰিক সহায় বন্ধ কৰি দিয়াই নহয়, পৰিস্থিতি অনুযায়ী কৃত্ৰিমভাৱে আহাৰ খুওৱা বন্ধ কৰি দিয়া অথবা এটা অস্ত্ৰোপচাৰ নকৰা নতুবা পীড়া উপশমকাৰী ঔষধৰ বাহিৰে আন ঔষধ বন্ধ কৰি দিয়াও ‘নিষ্ক্ৰিয় ইউথেনেছিয়া’ৰ অন্তৰ্গত। উদ্দেশ্য এটাই—অসহনীয় পীড়াত আক্ৰান্ত মুমূৰ্ষজনক মৰ্যাদাপূৰ্ণ মানৱীয় সেৱা-শুশ্ৰূষাৰে নিশ্চিত মৃত্যুৰ পথলৈ আগ বঢ়াই লৈ যোৱা। ইংলণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয় আৰু মেৰী ক্যুৰি সেৱা প্ৰতিষ্ঠানে যুটীয়াভাৱে মানৱীয় প্ৰমূল্যৰ আধাৰত চিকিৎসকৰ বাবে যুগুতাই উলিওৱা এক নিৰ্দেশাৱলী হৈছে ‘মুমূৰ্ষজনৰ লিভাৰপুল সেৱা প্ৰণালী’ (Liverpool Care Pathway for Dying)। এই সেৱা প্ৰণালীৰ আধাৰত আৰ্ত আৰু মুমূৰ্ষজনৰ জীৱনৰ শেষ দিনকেইটা পাৰ্যপৰিমাণে সহনশীল আৰু উপভোগ্য কৰি তোলা হয় আৰু পৰিয়াল-বন্ধুবৰ্গৰ বাবে ৰোগীৰ শেষ ক্ষণ কেইটা স্মৰণীয় কৰি ৰখা হয়। কোৱা বাহুল্য যিহেতু এনে নীতিগতভাৱে জটিল আৰু দোদুল্যমান পৰিস্থিতি একোটাৰ চিকিৎসালয় এখনত প্ৰায় প্ৰতিদিনেই উদ্ভৱ হয়, সেয়ে সুচিন্তিত, সমাজৰ গ্ৰহণযোগ্য আৰু বিধি সাপেক্ষ নীতি-নিৰ্দেশনা আৰু প্ৰণালী পূৰ্বেই যুগুতাই ৰখা উচিত। যাতে মাথোঁ এজন বা দুজনে এনে স্পৰ্শকাতৰ সিদ্ধান্ত অকলে ল’বলগীয়া নহয় । 
ইউথেনেছিয়াৰ দৰে জটিল বিষয় এটাৰ দীঘলীয়া আলোচনাৰ পৰা বিৰত থাকি মাথোঁ আগ্ৰহী পাঠকসকলক নিজাববীয়াকৈ জানিবলৈ উদ্যোগ ল’বলৈ অনুৰোধ জনালোঁ।
যদিহে চিকিৎসকজনে সঠিক চিকিৎসা নীতিৰ দ্বাৰা পৰিচালিত হৈ নিপুণতাৰ পৰিচয় দি নিশ্চিত মৃত্যুৰ দুৱাৰডলিত উপস্থিত হোৱা ৰোগীৰ ক্ষেত্ৰত জটিল আৰু কৃত্ৰিম উপায়ৰে জীৱন ৰক্ষাৰ বৃথা চেষ্টা নচলায়— পৰিয়ালবৰ্গক মিছা আশা নিদিয়ে—তেন্তে বহু ক্ষেত্ৰত সক্ৰিয় বা নিষ্ক্ৰিয় ইউথেনেছিয়াৰ জটিল নীতিগত পৰিস্থিতিৰ উদ্ভৱ নোহোৱাকৈ ৰাখিব পাৰি। বহু ক্ষেত্ৰত অচল হৈ পৰা হৃদযন্ত্ৰৰ ক্ৰিয়া পুনৰ সচল কৰিবলৈ দিয়া চিকিৎসা প্ৰচেষ্টা বিফল হ’ব নতুবা ৰোগীজনৰ আয়ুস মাথোঁ ক্ষণস্থায়ী হ’ব নতুবা হৃদযন্ত্ৰ পুনৰ সক্ৰিয় হ’লেও ৰোগীজন পংগু বা চেতনাবিহীন দেহা এটাহে হৈ ৰোৱাৰ সম্ভাৱনীয়তা থকা বুলি আগতীয়াকৈ নিশ্চিত হোৱা যায়। উন্নত দেশসমূহত এনে পৰিস্থিতিত হঠাৎ অচল হৈ পৰা (Cardiac arrest) হৃদযন্ত্ৰক পুনৰ সক্ৰিয় (Resuscitation) কৰাৰ প্ৰচেষ্টা চলোৱা নহয়। এনে প্ৰচেষ্টাৰে পুনৰ সক্ৰিয় কৰি এটা পংগু-অচেতন জীৱ দেহক কৃত্ৰিম প্ৰক্ৰিয়াৰে জীয়াই ৰখাৰ বৃথা চেষ্টা তিল-তিলকৈ মৃত্যুলৈ ঠেলি দিয়াৰেই নামান্তৰ—এয়া ৰোগীজনৰ আঁৰত থকা ব্যক্তিজনৰ প্ৰতি অসন্মান, নিষ্ঠুৰতা আৰু অমানৱীয় আচৰণ। এটা মৰ্যাদাপূৰ্ণ আৰু প্ৰশান্তিময় মৃত্যুও জীৱনৰ দৰেই এটা অধিকাৰ, সম্ভৱতঃ বহুজনৰ বাবে আধ্যাত্মিকভাৱে কাম্য!
চিকিৎসা ব্যয়ৰ কথা আঁতৰত ৰাখি এটা জটিল আৰু স্পৰ্শকাতৰ বিষয়ত পাঠকৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল। কিন্তু চিকিৎসা ব্যয়ো এটা কঠোৰ সত্য। ব্যৱসায়িক উদ্দেশ্যপ্ৰণোদিত চিকিৎসাই কাক লাভৱান কৰে, সেয়াও সহজেই অনুমেয়।

আন দেশৰ অভিজ্ঞতা আৰু সাৰ্বজনীন মানৱীয় প্ৰমূল্যৰ ভিত্তিত চিকিৎসক আৰু সমাজৰ আগশাৰীৰ বিদ্বান সকলে আমাৰ দেশতো নীতি নিৰ্দেশনা প্ৰণয়নৰ বাবে কিছু আগভাগ লোৱা উচিত। ভীষ্মৰ দৰে ইচ্ছামৃত্যুৰ ক্ষমতা নথকা আমাৰ দৰে সাধাৰণ মানুহৰ জীৱনৰো অন্তিম অৱস্থা মৰ্যাদাপূৰ্ণ আৰু প্ৰশান্তিময় কৰাৰ স্বাৰ্থত এই আলোচনা সহায়ক হওক।
বিঃ দ্ৰঃ ২০১৫ চনত Liverpool Care Pathway for Dyingৰ কিছু সাল-সলনি ঘটাই কেতবোৰ নতুন দিশ সাঙুৰি এখন নতুন নিৰ্দেশাৱলী প্ৰকাশ কৰা হয়।
তথ্যোল্লেখ
Garrard, E. (2005). Passive euthanasia. Journal of Medical Ethics, 31(2), 65-68. doi:10.1136/jme.2003.005777

No comments:

Post a Comment