নিয়মীয়া বাৰ্তা, ২৪ ছেপ্তেম্বৰ, ২০১৯
‘অস্তিত্বৰ সংকট’ এই এটা চিন্তাই আমাক খুলি খুলি খায়। শৈশৱ-কৈশোৰতে এইভাবে অসমীয়াক আচ্ছন্ন কৰি তোলে। আমাৰ মাজত প্ৰচলিত থুলমূল বর্ণনাটো হৈছে অসমীয়া অসমত সংখ্যালঘু হ’ব (‘অসম ত্ৰিপুৰা হ’ব’), সংস্কৃতি বহিৰাগতই গ্ৰাস কৰিব। বঞ্চনাৰ কাহিনী বা ‘মাহীআইৰ চকু’ আন এটা উপমা অসমীয়াই জন্মতে শিকে। আমাৰ কৰুণ বৰ্ণনা ইমান উপমাৰে ভৰপূৰ এনে এখন প্ৰাঞ্জল ছবি ভাহি উঠে যিখন মনত খোদিত হৈ পৰে। সংকট আহিছে বাদে আন বিৱেচনা মনলৈ আহিব নোৱাৰে। অথচ বাস্তৱ বুজাবলৈ উপমা নালাগে। যুক্তিৰে বুজাৱ নোৱৰা কথাৰ বাবেহে উপমা লাগে। ইফালে সংকটৰ ভাবে মনোবল ভাঙে - কিংকর্তব্যবিমু়ঢ় কৰি তোলে। নিৰাময়ৰ বাবে প্ৰয়োজনীয় চিন্তা-শক্তিৰ অভাৱ হয়, সংকট ভাব অধিক ঘণীভূত হয়। ই এক পাকচক্ৰ। পাকচক্ৰত পৰিলে উদ্ধাৰ কঠিন হৈ পৰে। বিশেষকৈ উঠি অহা চামৰ ওপৰত কেনে ধৰণৰ মনঃস্তাত্ত্বিক প্ৰভাৱ পৰিছে, সেয়া দৰাচলতে গৱেষণাৰ বিষয়। দুবছৰমান পূৰ্বে মই ‘অসমীয়াৰ মনঃস্তাত্বিক সমস্যা’ শীৰ্ষক এটা নিৱন্ধত এই সম্পৰ্কে সামান্য আলোকপাত কৰিছিলো। ৭ ছেপ্তেম্বৰৰ ‘নিয়মীয়া বাৰ্তা’ত শ্ৰী হোমেন বৰগোহাঞিদেৱে ‘অসমীয়াৰ অন্তৰ্দ্বন্দ্ব’ ৰচনাত ‘আত্মৰক্ষাৰ সন্ধান’ কোনে দিব প্ৰশ্ম কৰিছে। ৮ ছেপ্তেম্বৰৰ ‘আমাৰ অসম’ত শ্ৰী ধ্ৰুৱজ্যোতি বৰাদেৱে সাহিত্য সভাই আগবঢ়োৱা ‘অসমীয়া’ প্ৰস্তাৱটোত বিশ্বাস স্থাপনৰ কথা লিখিছে।
অসমীয়াৰ দুখ-বিলৈৰ প্ৰচলিত বৰ্ণনাটোৱে আমাৰ প্ৰচুৰ ক্ষতি কৰিছে। সাম্প্ৰতিক সময়চোৱাত নাগৰিক সংশোধনী আইন, নাগৰিক-পঞ্জী আৰু মি়ঞা কৱিতা ইত্যাদি সম্পৰ্কে ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত প্ৰকাশিত আলোচনা-মতামত বিলাকত বিমুঢ় ভাবৰ প্ৰকাশ পৰিলক্ষিত হৈছে। লগতে উদ্বেগজনকভাৱে বিভেদ-বিভাজন প্ৰকট হৈছে। অলপতে অবিশ্বাস্যভাবে ব্ৰাহ্মন সম্প্ৰদায়টোক প্ৰায় এঘৰীয়া কৰিব লাগে এনেধৰণৰ মতমত দি এচামে ‘ফেচবুক’ত সৰব হৈ পৰিছিল। ছ’চিয়েল মিডিয়া বিভাদ-বিভাজন সৃষ্টিৰ এক উৎকৃষ্ট মাধ্যম। ইউৰোপ-আমেৰিকাৰ উন্নত দেশৰ জনসাধাৰণকো ছ’চিয়েল মিডিয়াৰ সহায়ত বিপথে পৰিচালিত কৰা হৈছে - বিদেশী শক্তিৰ হাত উন্মোচিত হৈছে। ভাৰতৰ প্ৰতি শত্ৰুভাবাপন্ন দেশৰ অভাৱ নাই। বিমুঢ় এক পৰিস্থিতিত মুষ্টিমেয়লোকক হাত কৰি বিভেদ-বিভাজনৰ বীজ সিচাঁটো কঠিন কাম নহয়।
সংখ্যলঘু সম্প্ৰদায় এটাই দৈনন্দিন জীৱনত নানানটা বিনিময়ৰ যোগেৰে ব্যক্তিগত স্তৰত প্ৰধান সংস্কৃতিটোৰ সৈতে সামঞ্জস্য স্থাপনৰ চেষ্টা কৰে। এয়া ব্যৱহাৰিক প্ৰয়োজনীয়তা। ইয়াক সাংস্কৃতিক অভিযোজন বুলি কোৱা হয়। আত্মীকৰণ বা জীণ যোৱাটোক আমি শীৰ্ষতম পৰ্যায়ৰ সাংস্কৃতিক অভিযোজন বুলি ক’ব পাৰো। অভিযোজনৰ স্বৰূপ কেনে হ’ব, সেইটো একাধিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। বাস্তৱ প্ৰয়োজনীয়তা আৰু লাভালাভৰ ওপৰত ভিত্তি কৰি সংখ্যালঘু সম্প্ৰদায়টোৱে স্বকীয় বৈশিষ্ট ধৰি ৰাখিব বা নাৰাখিব পাৰে। প্ৰধান সংস্কৃতিটোৰ আকোৱালী লোৱাৰ বৈশিষ্ট বা পৰিবেশ থাকিলে স্বকীয় বৈশিষ্ট খামুচি ধৰি নৰখাৰ সম্ভাৱনা অধিক হৈ পৰে। তেনেদৰে প্ৰধান সংস্কৃতিটোৰ উপাদানসমূহ গ্ৰহণ কৰিলে যদি লাভৱান হয়, তেন্তে নিশ্চয়কৈ এই প্ৰৱণতাৰ প্ৰাবল্য বাঢ়ে। এই তাত্বিক দিশটোৰ পৰা সংখ্যলঘু সম্প্ৰদায়ৰ ব্যক্তি এজনে চাৰিটা সাংস্কৃতিক অভিযোজন কৌশলৰ এটা গ্ৰহন কৰে – (১) প্ৰধান সংস্ক়তিটোৰ সৈতে আত্মীকৰণ, (২) নিজা বৈশিষ্ট অটুত ৰাখি প্ৰধান সংস্ক়তিটোৰ পৰা দূৰত্ব বা বিভাজন, (৩) নিজা বৈশিষ্ট অটুত ৰাখি প্ৰধান সংস্ক়তিটোৰ সৈতে সংযোজন আৰু (৪) সমাজ-বহিৰ্ভূত জীৱন যাপন। কেতিয়াবা ব্যক্তি এজনে সামাজিক জীৱনত প্ৰধান সংস্কৃতিটো সম্পূৰ্ণ গ্ৰহন কৰে, কিন্তু ব্যক্তিগত জীৱনত নিজৰ সংস্কৃতিটো অনুযায়ী চলে। নিজে বিচাৰিছে তাতকৈ পৰিস্থিতিয়েহে সংখ্যালঘু ব্যক্তি এজনক এইক্ষেত্ৰত পৰিচালিত কৰে।
ঠিক তেনেদৰে গোট বা সম্প্ৰদায়ৰ স্তৰতো দুটা সংস্কৃতি যেতিয়া সংস্পৰ্সলৈ আহে কালক্ৰমত এটা আনটোত চিনিব নোৱৰাকৈ এক হৈ পৰিব বা নপৰিব পাৰে। ই এক স্বাভাৱিক সম্ভাৱনা। ইয়াক জোৰ কৰি কৰাৰ কোনো সহজ উপায় নাই। জোৰ কৰি বা প্ৰভাৱ-প্ৰভূত্ব বিস্তাৰ কৰি সাংস্কৃতিক আত্মীকৰণ কৰা উদাহৰণ ইতিহাসত আছে। কিন্তু একৈশ শতিকাত এনে পদ্ধতি প্ৰযোজ্য নহয। “কিছু ল'ব লাগে কিছু দিব লাগে জীণ যাবলে' হ'লে”। প্ৰথমে সম্প্ৰীতি-সহাৱস্থান সময়ত সাংস্কৃতিক অভিযোজন হৈ জীণ যোৱাৰ ধাৰা আৰম্ভ হ’ব পাৰে। স্থানীয় সকলো সংস্কৃতি লগ লাগি এক হৈ ‘মেল্টিং পট’ সমাজো গঢ়ি উঠিব পাৰে। আনহাতে ধৰ্ম বা ভাষাৰ ভিত্তিত ‘ছেগ্ৰেগেছনিষ্ট’ বা বিভাজিত সমাজ হৈ থাকিব পাৰে। সংখ্যালঘু গোট এটাক সমাজচ্যুত হৈ থাকিবও পাৰে।
আত্মীমকৰণৰ বাবে সম্প্ৰীতি-সহাৱস্থানৰ বিকল্প নাই। লগতে প্ৰধান সংস্কৃতিটোৰ আকোৱালী ল’ব পৰাৰ বৈশিষ্ট লাগিব। আধূনিক অসমীয়া সংস্কৃতিৰ বৈশিষ্ট কি আজিৰ বাস্তৱহে সাব্যস্ত কৰিব, ইতিহাসৰ উদাহৰণে নকৰে। ‘অসমীয়া কোন’ ঠেক সংজ্ঞা নিৰূপন কৰিব খুজিলে সি হ’ব আত্মঘাটী। জাতিৰ কোন সদস্য হ’ব, সেই সংজ্ঞা পৃথিবীৰ প্ৰতিটো অগ্ৰণী জাতিৰ ক্ষেত্ৰত আজি বহল। আমি আটাইতকৈ বহল সংজ্ঞাটোৰে অধিকৰ পৰা অধিকতৰ লোকক জীণ নিওৱাৰ পৰিবেশ ৰচনা কৰিব পাৰিব লাগিব। আন জাতিৰ মানুহক ‘অজীনপাতকি’ বুলি ভৎসনা কৰা কিছুমানৰ প্ৰবৃত্তি আছে। এয়া সুসভ্য নহয়। জীণ যাবলৈ পৰিৱেশ লাগিব। গোট এটাক সাংস্কৃতিক আত্মীকৰণ কৰাটো সহজ খৰতকীয়া প্ৰক্ৰিয়া নহয়। আন এটা কথাও মনকৰিবলগীয়া। ৰান্ধোতে দিয়া নিমখ অদৃশ্য হৈ পৰে, কিন্তু ব্যঞ্জনখন নিমখীয়া সোৱাদেৰে সুস্বাদু হৈ পৰে। এয়া আত্মীকৰণ। এটা সংস্কৃতি যেতিয়া আন এটাত জীণ যায়, জীণ নিওৱা সংস্কৃতিটোৰো ৰূপান্তৰ হয়। এনেয়েও বিভিন্ন শক্তিশালী বাহ্যিক প্ৰভাৱত সাংস্কৃতিক উপাদানসমূহ পৰিবৰ্তনশীল - মাটিৰ তলৰ পৰা খান্ধি উলিওৱা মনি-মুকুটাৰ দৰে পুৰুষাণুক্ৰমে হস্তান্তৰ কৰিব পৰা সামগ্ৰী নহয়। পৰিবৰ্তন যদি সৃষ্টিশীল হয় জ্যোতিপ্ৰসাদে কোৱাৰ দৰে ৰূপান্তৰ হয়, নহলে অৱক্ষয়। পৰিবৰ্তন অৱশ্যম্ভাৱী কিন্তু ৰূপান্তৰ নে অৱক্ষয় হৈছে সেয়াহে মূল কথা। অশ্লীল শব্দৰ সামাজিক জীৱনত গ্ৰহণযোগ্যতা অৱক্ষয়ৰ উদাহৰণ। কিন্তু আন ভাষাৰ শব্দ এটা নিজৰ কৰি উপযুক্ত ব্যৱহাৰ কৰাটো সৃষ্টিশীল ৰূপাম্তৰ।
অসমীয়াৰ সংখ্যা প্ৰতিদিনে বাঢ়িছে। কাৰণ আমাৰ জন্মৰ হাৰ মৃত্যুৰ তুলনাত হ্ৰাস হোৱা নাই। জাপান বা ইউৰোপৰ কোনো কোনো দেশৰ জন্মৰ হাৰ ঋণাত্মক হোৱাৰ উপক্ৰম। সেইবোৰ দেশতো এনে আতংক হোৱা নাই। নিজা সংস্কৃতি বজাই ৰাখিবলৈ অসমীয়াৰ অন্ততঃ সংখ্যাৰ ফালৰ পৰা সংকট হোৱা নাই। কিন্তু সুৰা আৰুঅসভ্য ভাষাৰ সামাজিক গ্ৰহণযোগ্যতা, মাতৃভাষাৰ প্ৰতি অৱহেলা আদিৰ লগতে নানানটা বজৰুৱা প্ৰভাৱৰ দ্বাৰা অসমীয়া সংস্কৃতিৰ অৱক্ষয় হৈছে, সেয়া জলজল-পটপট। ইয়াত ধৰ্মীয় (পমুৱা মুছলমান) আৰু ভাষিক (বঙালী) সংখ্যালঘু সমাজ দুখনৰ কোনো প্ৰভাৱ নাই।
বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰবেশে ধৰ্মীয় জনগাঁথণীৰ পৰিবৰ্তন আনিছে। অবৈধ অনুপ্ৰবেশ মানি লোৱাৰ প্ৰশ্ন নুঠে - বিদেশী চিনাক্তকৰণ আৰু বিতাড়ণৰ আইনী প্ৰক্ৰিয়া হ’ব লাগিব। সেই দাবীত অটল থাকি অসমত বসবাস কৰি অহা পমুৱা মুছলমান আৰু হিন্দু বঙালী সংখ্যালঘু সমাজ দুখন সম্বন্ধে আমি আমাৰ মনঃস্তত্ব আমি বুজি পোৱাটো জৰুৰী হৈ পৰিছে। আমাৰ মনত উদ্ভৱ হোৱা সংকটভাব মোচন আৰু বাস্তৱ প্ৰতিকূল পৰিস্থিতি মোকাবিলা কৰিবলৈ কেনে মনোভাব সহায়ক হ’ব ই নতুন চামৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। মনোভাবেহে বাস্তৱ অভিজ্ঞতা ভাবানুসৰি জীৱন্ত কৰি তোলে। মনোভাব সলনি হ’লে অভিজ্ঞতাও সুকীয়া অনুভব হয়, সমাধানো প্ৰকট হয়।
ঐতিহাসিকভাবে ভাৰতীয় সংস্কৃতিয়ে নৱাগত গোট একোটাক অভিনৱধৰণে কৰি আত্মীকৰণ কৰি পেলাইছিল। অভিনৱধৰণে ভাৰতীয় সংস্কৃতি দেশে-বিদেশে প্ৰসাৰিত হৈছিল। দক্ষিণ-পূব এচিয়াৰ দেশসমূহলৈ চকু দিলেই হ’ল। ইণ্ডোনেছিয়া মূলতঃ ইছলামিক ৰাষ্ট্ৰ অথচ জাতীয় ‘এয়ালাইঞ্চ’ৰ নাম গৰুড়। “কিছু ল'ব লাগে কিছু দিব লাগে জীণ যাবলে' হ'লে” নীতিৰ আধাৰতে ভাৰতীয় সংস্কৃতিয়ে স্থানীয় গোট একোটাক আত্মীকৰণ কৰিছিল আৰু প্ৰসাৰিত হৈছিল। অসমীয়া সমাজ-সংস্কৃতিও ইয়াৰ ব্যতিক্ৰম নহয়। সহজ-সৰল অসমীয়া সমাজখনত মানুহ জীণ গৈছিল। কিন্তু এই প্ৰক্ৰিয়া এচাম প্ৰভাৱশালী অসমীয়াৰ হীণমন্যতা আৰু স্বাৰ্থপৰতাৰ বাবে ব্যাহত হৈছিল। ইংৰাজে বঙালী ভাষা অসমত চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰাটোৱে আপাততঃ ইয়াৰ সূত্ৰপাত। শিক্ষিত এচামৰ হীণমন্যতা আৰু স্বাৰ্থপৰতাই ফলত জনসাধাৰণৰ মাজত বঙালী বিদ্বেষৰ সূত্ৰপাত হৈছিল। ইয়াক অস্বীকাৰ কৰাটো ক্ষতিকাৰক। এইধৰণে ভাষিক জাতীয়তাবাদ পথবিচ্যুত হৈছিল। বিচ্যুতি ইমান বেচি হৈছিল যে বাংলাদেশ যুদ্ধৰ সময়ত হোৱা নৰসংহাৰৰ বলি নিযুট-কোটি বঙালী হিন্দুৰ দুখৰ কাহিনী আজি অসমীয়া নৱপ্ৰজন্মই নাজানে। অথচ হিয়াৰ আমঠু ভুপেন হাজৰিকাই সেইসময়ত ‘জয় জয় নৱজাত বাংলাদেশ, জয় জয় মুক্তিবাহিনী, ভাৰতীয় সৈন্যেৰ সতে ৰচিলা, মৈত্রীৰ কাহিনী’ অমৰ গণসংগীত লিখিছিল৷ আন কোনজন বুদ্ধিজীৱিয়ে এই অমানবীয়তাৰ বলিসকলৰ সপক্ষে একলম সাম্প্ৰতিক সময়ত লিখিছে পৰিলক্ষিত হোৱা নাই। বিপৰীতে ‘নাগৰিক সংশোধনী’ আইনখনৰ জৰিয়তে উপকৃত হ’ব লগা কেইলক্ষ্যমান ভুক্তভোগী বঙালীভাষী হিন্দুক আইনখনৰ বিৰোধীতা কৰি প্ৰকাৰন্তৰে অন্যায় কৰিছিল। কাল্পনিক সংখ্যাৰে এইচাম বুদ্ধিজীৱিয়ে সহজ-সৰল অসমীয়াক ভীতসন্ত্ৰস্ত কৰি বিপথে পৰিচালিত কৰিছিল। জাতীয়তাবাদ আৰু বাওঁ-প্ৰগতিবাদৰ অদ্ভুত সংমিশ্ৰণ কৰা এজন বুদ্ধিজীৱিয়ে অতি হাস্যকৰভাৱে পমুৱা মুছলমান সমাজকো অলপতে সাৱধানৱাণী শুনাইছিল যে তেওঁলোকে কিয় নিজা দোৱানত কৱিতা লিখিব। ধৃষ্টতা আৰু ঔদ্ধত্যই সীমা চেৰাইছিল যে মানুহে নিজৰ আৱেগ-অনুভুতি কি ভাষাত প্ৰকাশ কৰিব সেই লৈও নিজৰ ইচ্ছা জাপি দিছিল। পমুৱা মুছলমান বা বঙালী হিন্দু সমাজ অসমৰ স্থানীয় সমাজ। তেওঁলোক আমাৰ সৈতে জীণ যাৱ সেয়া আমাৰ কাম্য। কিন্তু জীণ যোৱা-নোযোৱাৰ দৰে এক জটিল প্ৰক্ৰিয়াত বুদ্ধিজীৱিৰ উচ্যবাচ্য সহায়ক নহয়, বৰং ক্ষতিকাৰকহে। ‘মিঞা কবিতা’ এই বিতৰ্কটো সুযোগ সন্ধানী ভাৰত-বিৰোধী মহলটোৱে এনেধৰণে আন্তৰ্জাতিকৰণ আৰু ৰাজনীতিকৰণ কৰিছিল যে সমগ্ৰ অসমীয়া জাতি পমুৱা মুছলমানৰ অত্যাচাৰী বুলি পৰিগণিত হোৱাৰ উপক্ৰম হৈছিল।
এচাম বুদ্ধিজীৱি আছে যি লোকপিয়লত পমুৱা মুছলমানে নিজকে অসমীয়াভাষী বুলি পৰিচয় দিলেই অসমীয়াৰ সংকট মোচন হ’ব এই এটা ধাৰণাৰ প্ৰৱক্তা। এনে পৰনিৰ্ভৰশীল কৌশল বা আশাভৰসা বাস্তৱসন্মত নহয়। জাতি-ভাষা-ধৰ্ম নিৰ্বিশেষে সকলোকে আকোৱালী লোৱাহে সাধাৰণ অসমীয়াৰ সহজাত প্ৰবৃত্তি। সম্প্ৰীতি-সহাৱস্থান সাধাৰণ অসমীয়াই মানি আহিছে। অসমীয়াৰ জাতিৰ ক’লাদাগ অসম আন্দোলনৰ সময়ৰ নেলীৰ ঘটনাটো ব্যতিক্ৰম। অসমীয়াৰ এই প্ৰবৃত্তিত কেৰোণ লগাই দিয়া চলি থকা প্ৰচেষ্টা ক্ষতিকাৰক। ইয়াত দেশবিৰোধী শক্তিৰ আওপকীয়া বা প্ৰত্যক্ষ হাত থকাটো আচৰিত নহয়। সন্ত্ৰাষবাদীয়ে যেতিয়া জাতিৰক্ষাৰ নামত অনা-অসমীয়াক সময়ে সময়ে নৃশংস হত্যা কৰে এইচাম বুদ্ধিজীৱিয়ে আনকি নিয়মমাফিক গৰিহণাকণো দিয়াত কৃপণালী কৰে। বাতৰিকাকতকেইখনেই ইয়াৰ সাক্ষ্য বহন কৰে।
জাতিগঠন কেনেকৈ হয় বা জাতিৰ ভিত্তিৰ ভাষা নে ধৰ্ম সেইবোৰৰ তাত্বিক বা মৌলিক আলোচনা বাতৰি কাকতৰ স্তম্ভ-লিখনী হ’ব নোৱাৰে। এইবোৰ বিদ্যায়তনিক বিষয়, সেইধৰণৰ মঞ্চতহে মূল আলোচনা হ’ব লাগিব। ফলাফল বা সাৰাংশ ৰাইজক নিশ্চয় জনাব লাগিব। কিন্তু ‘ভাষাইহে জাতিৰ আধাৰ’ ইত্যাদি বিশুদ্ধ সিদ্ধান্তৰে ৰাইজক বিভ্ৰান্ত কৰাটো অশোভনীয়। কাৰণ বাস্তৱিক ক্ষেত্ৰত বিশুদ্ধ তাত্বিক সিদ্ধান্ত নচলে। এনে সামাজিক তত্ব ওলোৱা নাই যে যি জটিল সামাজিক সমস্যাৰ বাস্তৱ সমাধান দিব পাৰে। ঠিক তেনেদৰে আইনী সুৰক্ষাৰ বাবে জাতিৰ সূত্ৰ কি হ’ব লাগে সেয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সিদ্ধান্ত হ’ব পাৰে। ভাষিক জাতীয়তাবাদী আৰু প্ৰগতিশীল-বাওঁপন্থী সকলৰ এচামৰ বিভেদকামী প্ৰৱণতা আওকাণ কৰিব পাৰিলেহে বৰ-অসমীয়া সমাজ গঠন হ’ব। সংকটকালৰ উপমা আৰু কল্প-কাহিনীয়ে উঠি অহা চামক জঠৰ নকৰিলেহে বৰ-অসমীয়া সমাজ গঠন হ’ব।
আধূনিক শক্তিশালী জাতি গঠনৰ প্ৰথম চৰ্ত হৈছে নিৰ্দিষ্ট ক্ষেত্ৰত বাস কৰা প্ৰতিটো গোষ্ঠীৰ মাজত সম্প্ৰীতি-সহাৱস্থান আৰু পাৰস্পৰিক সন্মান। এই পৰিবেশ ৰচনা হ’লে প্ৰধান সংস্কৃতিটোৰ সৈতে আত্মীকৰণ হ’ব অথবা ‘মেল্টিং পট’ অথবা বাৰেবৰণীয়া বহুসংস্কৃতিযুক্ত এক বহল সমাজ গঢ়ি উঠিব। সেয়া স্বাভাৱিকতে হ’ব। ইয়াৰ বিপৰীতে অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ কিম্বা অৱক্ষয় সেয়া অসমীয়া সমাজৰ নিজা বিষয়, য’ত পমুৱা মুছলমান বা বঙালী হিন্দু সমাজৰ কোনো হাত নাই।
আমাৰ প্ৰধান সমস্যা হৈছে মনঃস্তত্ত্ব। শ্ৰী গোহাঞিদেৱে কোৱা ‘অসমীয়াৰ অন্তৰ্দ্বন্দ্ব’ এটা মনঃস্তাত্ত্বিক বিষয়। সাহিত্য সভাৰ প্ৰস্তাৱিত অসমীয়া জাতিৰ সংজ্ঞা বৰ-অসমীয়া জাতি গঠনৰ শুভাৰম্ভণী হ’ব পাৰে। অন্তৰায় হৈছে সংকটৰ বৰ্ণনাটোক সাৰ-পানী দি অহা এচাম বুদ্ধিজীৱিৰ ঋণাত্মক, অশোভনীয় আৰু সংকীৰ্ণ ভাব যি জনসাধাৰণৰ চিন্তা ধূসৰিত কৰি আহিছে।
No comments:
Post a Comment