ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Saturday, February 15, 2020

অসম সাহিত্য সভা – এক স্বপ্ন

শতবৰ্ষ গৰকা এটা অনুষ্ঠানৰ মহত্ব অনস্বীকাৰ্য। কেইবা শ শাখাৰে এশবছৰীয়া অসম সাহিত্য সভা নিশ্চিতভাৱে অসমৰ ৰাজহুৱা জীৱনত এটা প্ৰভাৱশালী অনুষ্ঠান। ‘প্ৰভাৱশালী’ শব্দটো অৰ্থপূৰ্ণ। প্ৰভাৱ এটা সম্ভাৱনাহে। প্ৰভাৱ যদি প্ৰয়োগ কৰা নহয়, ই মনভাল লগা এটা অনুভৱ। প্ৰভাৱৰ সৃষ্টশীল প্ৰয়োগ নহ’লে সুযোগ অথলে যায়। নিজে কৰাতকৈও প্ৰভাৱ খটুৱাই হেজাৰজনক সৃষ্টিশীল কামত নিয়োজিত কৰিব পৰাটোহে সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ সাৰ্থকতা। আনকথাত এটা সৃষ্টিশীল বাতাবৰণ বা শক্তিৰ সঞ্চাৰ কৰিব পৰাটোহে এনে অনুষ্ঠানৰ মহত্বৰ পৰিচায়ক। এনে ধৰণেহে এটা অনুষ্ঠান জাতীয় বা সৰ্বাত্মক কল্যাণৰ বাহক হৈ পৰে। এশ বছৰীয়া ইতিহাসত সাহিত্য সভাই সময়ে সময়ে নিশ্চয় এনে ভুমিকা পালন কৰিছে। মই অনাগত দিনৰ সম্ভাৱনা সম্পৰ্কেহে সামান্য অৱলোকন কৰিছোঁ।

আজি ‘ভাষাৰ সংকট’ এটা বহুজন উচ্চাৰিত এটা বাক্যাংশ। ২০১৯ চনৰ এথ্নলগ (Ethnologue)ৰ ২২সংখ্যক বাৰ্ষিক প্ৰতিবেদন অনুসৰি পৃথিবীত বৰ্তমান ৭,১১১ টা ভাষা আছে। অহা ১০০ বছৰৰ ভিতৰত ৮০-৯০ শতাংশ ভাষা মৃত্যুমুখত পৰিব। ১৫ নিযুত ভাষা-ভাষীৰে সংখ্যাৰ ফালৰ পৰা অসমীয়া ভাষাৰ স্থান ৬৭সংখ্যক । যি কোনো মাপকাঠীৰেই ৭,১১১ টা ভাষাৰ ভিতৰত ৬৭ সংখ্যক স্থান এটা শীৰ্ষস্থান বুলিয়েই বিবেচিত হ’ব। এতিয়ালৈ অসমীয়াতকৈ কম সংখ্যকে কোৱা ১১ ভাষাই ২২বাৰ সাহিত্যৰ ন’ৱেল বঁটা পাইছে। বড়োভাষীৰ সংখ্যা অসমীয়াৰ তুলনাত ১০গুণ কম। আন আন জনজাতীয় ভাষা কোৱা লোকৰ সংখ্য তেনেই তাকৰ। ভাষা এটা সংকটত পৰাৰ অন্যতম কাৰণ সংখ্যাগত দুৰ্বলতা। কিন্তু সংখ্যাই শেষ কথা নহয়। বিজ্ঞানীসকলে দেখুৱাইছে যে ৫০০ জনে কোৱা ভাষা এটাও অহা এশ বছৰত লুপ্ত নহ’ব পাৰে যদিহে গোষ্ঠীটোৰ আটায়ে ভাষাটো মাতৃ বা প্ৰথম ভাষা হিচাৰে কয় আৰু ব্যৱহাৰ কৰে, আৰু নৱজাতক সকলে ভাষাটো শিকে। ইয়াৰ বিপৰীতে যি কাৰণতেই নহওক কিয় সৰহ সংখ্যকে ভাষটো যদি ব্যৱহাৰ কৰিবলৈ বাদ দিয়ে, আজি যঠেষ্ট সংখ্যা থাকিলেও অহা এশ বছৰৰ ভিতৰত ভাষাটো বিপদাপন্ন হ’ব পাৰে। সংখ্যাৰ ফালৰ পৰা অসমীয়া ভাষা সংকটাপন্ন নহয়। কিন্তু সময়ৰ সৈতে নতুন নতুন ক্ষেত্ৰতসমূহত ভাষাটো ব্যৱহাৰিক আৰু প্ৰাসংগিক হৈ নাথাকিলে বা, তাতোকৈও ভয়াবহ, যদি দৈনন্দিন ক্ষেত্ৰত ভাষাটোৰ প্ৰতি এনে ধৰণৰ এক সামাজিক অনীহা আহে যে নতুন প্ৰজন্মই ভাষাটো ব্যৱহাৰ নকৰি দক্ষতা হেৰুৱাই পেলাইছে, তেনেহলে অসমীয়া ভাষা নিশ্চয়কৈ অহা এশ বছৰৰ ভিতৰত বিপদাপন্ন হ’ব পাৰে। স্বইচ্ছাই ৰোমান লিপিৰ ব্যৱহাৰ, মাত ফুটাৰ পৰাই ইংৰাজী ভাষাৰে শিক্ষা আৰু সৃষ্টিশীলতা অভাৱ – অসমীয়া ভাষা বিপদাপন্ন হৈ পৰিব পৰাৰ কাৰণ।

সাহিত্য সভাই এই ক্ষেত্ৰত নিঃসন্দেহে এক প্ৰাণসঞ্চাৰকাৰী ভুমিকা ল’ব পাৰে। যুৱ সাহিত্যিকৰ বাবে কৰ্মশালা পাতি তেওঁলোকক ভাৰতীয় আৰু বিশ্ব সাহিত্যৰ সৈতে পৰিচয় কৰাই দিয়াই নহয় স্থানীয় ভাষাসমূহৰ প্ৰতিও সচেতন কৰি তোলা ইত্যাদি প্ৰাণসঞ্চাৰকাৰী কাৰ্য। কিন্তু এনেধৰণৰ কাম ছেগাচোৰকাকৈ হ’লে নহ’ব। প্ৰণালীবদ্ধ হ’ব লাগিব। অনুৱাদশৈলীৰ ওপৰত বা সৃষ্টিশীল সাহিত্যৰ উপজীৱ্য কি এইধৰণৰ বিষয়ৰ প্ৰতিও নতুনচামক সংবেদশীল কৰি তুলিব পাৰিব লাগিব। ১৯৭১ চনত গুৱাহাটীৰ পৰা ৪০০ কিলোমিটাৰৰো কম দূৰত্বত নৰসংহাৰ হৈছিল। ৩,০০০,০০০ মানুহ মৰিছিল, ২০০,০০০-৩০০,০০০ লাৰী ধৰ্ষিতা হৈছিল। নৰসংহাৰৰ ৰিখটাৰ স্কেলত ই আছিল এক অতি উচ্চ কম্পনাংক। ইয়াৰ আধাৰত কালজয়ী অসমীয়া সাহিত্য হ’ব পাৰিলেহেঁতেন। নতুন চামক মানৱীয় প্ৰমূল্যৰ প্ৰতি সংৱেদনশীল কৰি তুলিব পৰাটোও জাতি নিৰ্মাণৰ এক চৰ্ত। ই বেদনাদায়ক যে অসমীয়া সাহিত্য এনে এটা বিষয়ৰ ওপৰত নিৰ্বিকাৰ। নিশ্চয়কৈ অসংখ্য জাতি-জনগোষ্ঠীৰ বাসভুমি অসমত সাহিত্য সৃষ্টিৰ বহু মানৱীয় উপজীব্য আছে। এটা সৃষ্টিশীল আৰু সংবেদনশীল বাতাৰণ গঢ়ি তোলাত সাহিত্য সভাই নিশ্চয়কৈ প্ৰভাৱী ভুমিকা ল’ব পাৰে।

No comments:

Post a Comment