নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ, ২০২০
চীনৰ য়ুহান প্ৰভিঞ্চত ২০১৯ৰ ডিচেম্বৰত আৰম্ভ হোৱা নৱ-উদ্ভূত এবিধ বিশেষ ক’ৰণা ভাইৰাছে কৰা মূলতঃ কাহ-পানীলগা বা চৰ্দি-জ্বৰৰ ‘ক’ভিড-১৯’ নামাকৰণ কৰা বেমাৰটো বৰ্তমান বিশ্বৰ এশখনৰো অধিক দেশলৈ সংক্ৰমিত হৈছে আৰু এক লাখৰো অধিক লোক আক্ৰান্ত হৈছে। এইবিধ বেমাৰ কিমান মাৰাত্মক তাকে লৈ মানুহৰ মাজত সন্ত্ৰাস হৈছে। সময়ৰ লগে লগে প্ৰথমে আশংকা কৰাৰ দৰে বেমাৰটো যে মাৰাত্মক নহয় সেয়া পোহৰলৈ আহিছে। গোলকীকৰণ আৰু সঘন আন্তৰ্জাতিক পৰিভ্ৰমণৰ এই যুগত সহজে এজনৰ পৰা আন এজনলৈ সংক্ৰমণ হ’ব পৰা এবিধ বীজাণু কম সময়তে বিশ্বব্যাপী বিয়পী পৰাটো স্বাভাৱিক। ইয়াৰ লগে লগে একধৰণৰ তথ্য-মহামাৰীৰো পয়োভৰ হৈছে। বেমাৰবিধক লৈ নানান ধৰণৰ উপদেশ-নিৰ্দেশ, জল্পনা-কল্পনা, চৰকাৰী জৰুৰীকালীন ঘোষণাত মানুহৰ স্বাভাবিক জনজীৱনত বিৰাট ব্যাঘাত ঘটিছে- অৰ্থনৈতিক বিপৰ্যয় আহি পৰিছে। ইয়াৰ সূদুৰপ্ৰসাৰী প্ৰভাৱ কি হ’ব সময়তহে জনা যাব। চীনৰ য়ুহান প্ৰভিঞ্চৰ পিছত ‘ক’ভিড-১৯’ দক্ষিণ কোৰিয়া, জাপান, ইৰাণ, উত্তৰ ইটালীকে ধৰি কেইবাখনো দেশক বহুল ভাৱে আক্ৰান্ত কৰিছে। ব্ৰিটেইন আৰু শেহতীয়াকৈ আমেৰিকা আৰু কানাডাত ‘ক’ভিড-১৯’ বৃহৎ সংখ্যাত ধৰা পৰিবলৈ ধৰিছে।
বৃটাইনৰ উদাহৰণেৰে বেমাৰবিধৰ প্ৰসাৰ আৰু ইয়াৰ মাৰাত্মকতা কিমান এটা আভাস দিব বিচাৰিছোঁ। জানুৱাৰী মাহৰ শেষৰ পিনে ব্ৰিটেইনত প্ৰথমজন আক্ৰান্ত ধৰা পৰিছিল। ১৩ মাৰ্চলৈ ৩২,৭৭১ জনক পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৭৯৮ জনৰ গাত বেমাৰ ধৰা পৰিছে। কিন্তু চৰকাৰী বিজ্ঞান উপদেষ্টাজনৰ মতে সংক্ৰমিত হোৱা লোকৰ প্ৰকৃত সংখ্যা ৫০০০-১০,০০০ ভিতৰত হ’ব। ধৰা পৰা সংখ্যাটো তুষাৰস্তূপৰ শীৰ্ষভাগৰ দৰে - অৰ্থাত তুষাৰস্তূপৰ পানীৰ তলত নেদেখাকৈ থকা বৃহৎ অংশৰ দৰে সৰহ সংখ্যক ধৰা নপৰাকৈ আছে। আশী হেজাৰৰো অধিক চীনত আক্ৰান্ত হোৱা লোকক ধৰি সমগ্ৰ বিশ্বত মুঠ ১৩২,৫০০ আক্ৰান্ত হৈছে আৰু ইয়াৰে ৫০০০ জন মৃত্যুমুখত পৰিছে। কিন্তু আমি যদি ব্ৰিটেইনৰ উদাহৰণটো চাওঁ, তেন্তে নিঃসন্দেহে ধৰা নপৰাকৈ থকা সংক্ৰমিত লোকৰ সংখ্যা অতি কমেও দহগুণৰো অধিক হ’ব। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰা লোকৰ সংখ্যাটো তাৰতম্য হোৱাৰ সম্ভাৱনা কম, কাৰণ গুৰুতৰভাৱে আক্ৰান্ত হোৱাসকল চিকিৎসালয়ত ভৰ্তি হয় আৰু চিকিৎসালয়ত মৃত্যুমুখত পৰা লোকৰ সংখ্যা সঠিকভাৱে নিৰূপণ হয়। এইখিনি তথ্যৰ পৰা ইমানখিনি প্ৰতিপন্ন হয় যে যিমান সংখ্যকলোকৰ ৰোগ ধৰা পৰিছে তাতোকৈ কেইবাগুণো লোক আক্ৰান্ত হৈছে। সৰহ সংখ্যকৰ ক্ষেত্ৰত বেমাৰবিধ কাঁহ-পানী, চৰ্দি-জ্বৰৰ দৰে সাধাৰণভাৱে হৈছে অথবা লক্ষণ স্পষ্টকৈ ফুটিয়েই উঠা নাই। বেমাৰ-আজাৰ নথকা কম-বয়সীয়ালোকৰ ক্ষেত্ৰত বেমাৰবিধৰ লক্ষণ ইমান সাধাৰণ যে আক্ৰান্তজনে মনেই নকৰে। তেওঁলোক সকলো আৰোগ্য হৈছে। দূৰ্ভাগ্যক্ৰমে যি সকললোক ম়ত্যুমুখত পৰিছে দেখা গৈছে যে সেইসকলৰ অধিকাংশই বয়ষ্ঠ আৰু পূৰ্বৰে পৰা আন ক্ৰনিক ৰোগত ভুগী থকা লোক।
ভুল অথবা শুদ্ধ সমান্তৰাল এক তথ্য-মহামাৰীও চলিছে। মানুহ তথা সমাজৰ মনস্তত্ব এনেধৰণে প্ৰভাৱিত কৰিছে যে যাৰ পূৰ্ব অভিজ্ঞতা নাই। তথ্য-মহামাৰীৰ পাকচক্ৰত এই এক আতংকৰ এই পৰিবেশত ৰাজনীতিবিদ আৰু নীতি-নিৰ্ধাৰণকাৰী বিশেষজ্ঞ, পৰামৰ্শদাতা, বিজ্ঞানীসকলে যে উচিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কাৰ্যপন্থা লৈছে সেয়া সময়তহে পৰিষ্কাৰ হ’ব।
বিশ্বত এইটোৱেই প্ৰথম মহামাৰী নহয়, কিন্তু তথ্য-মহামাৰীৰ যুগৰ এইটোৱেই প্ৰথম বিশ্ব-মহামাৰী। এতিয়ালৈ হোৱা আটাইতকৈ সংহাৰী বিশ্ব-মহামাৰী হৈছে ১৩৪৭ চনৰ পৰা ১৩৫১ চনলৈ হোৱা ‘ব্লেক ডেথ’ আখ্যা পোৱা ‘বুৱনিক’ প্লেগ মহামাৰী যিটোত ৭৫ ৰ পৰা ২০০ নিযুত মানুহৰ মৃত্যু হৈছিল। সম্প্ৰতি আফ্ৰিকা মহাদেশৰ কেইখনমান দেশত স্থানীয়ভাবে মাৰাত্মক ইবোলা ভাইৰাছৰ সংক্ৰমণ চলি আছে। ইবোলা আৰু ‘ক’ভিড-১৯’ৰ ভাইৰাছ প্ৰায় সমানে সংক্ৰমকাৰী। এটাৰো ঔষধ নাই। কিন্তু ইবোলা বিশ্বব্যাপী নোহোৱাৰ কাৰণ এইটো যে ইয়াৰ লক্ষণ গুৰুতৰ আৰু মাৰাত্মকতা ৫০%। প্ৰতিজন আক্ৰান্ত লোকে গুৰুতৰ লক্ষণ প্ৰকাশ কৰে আৰু ধৰা নপৰাকৈ থকাৰ অকণো অৱকাশ নাথাকে। তৰোপৰি ইবোলাত আক্ৰান্ত দেশ কেইখনৰ পৰা উৰাজাহাজেৰে আন্তৰ্জাতিক পৰিভ্ৰণকাৰীৰ সংখ্যা সীমিত। বিশ্বজনসাধাৰণৰ মাজত ইবোলা সম্পৰ্কে সচেতনতা বা আতংক নাই। অথচ সাধাৰণ কাহ-পানীলগা বেমাৰ এটাই আজি বিশ্বব্যাপী আতংক কৰিছে। সৰ্বব্যাপী হৈ পৰিলেও ‘ক’ভিড-১৯’তকৈ প্ৰকৃত ক্ষতি ইয়াৰ প্ৰতি কৰা অসমানুপাতিক প্ৰতিক্ৰিয়াইহে কৰিব, এইটো নজৰ-আন্দাজ কৰিব পৰা নাযায়।
‘ক’ভিড-১৯টৰ সৈতে প্ৰায় একে কিন্তু আমাৰ পৰিচিত ইনফ্লুয়েঞ্জাৰ বিষয়ে কিছু জুকিয়াই চাওঁ। নিয়মীয়া ঋতুগত ইনফ্লুয়েঞ্জাৰ উপৰি যোৱা তিনিশটা বছৰত নটা ইনফ্লুয়েঞ্জাৰ বিশ্ব-মহামাৰী হৈছিল– প্ৰতি এশ বছৰত তিনিটাকৈ। ইয়াৰে ১৯১৮ চনৰ ‘স্পেনিছ ফ্লু’ বিশ্ব-মহামাৰীটো আছিল আটাইতকৈ ভয়াবহ, ৫০-১০০ নিযুট মানুহ মৰিছিল। এই শতিকাৰ প্ৰথমটো ইনফ্লুয়েঞ্জাৰ বিশ্ব-মহামাৰী ২০০৯ চনৰ ‘চোৱাইন ফ্লু’ত বিশ্বজুৰি ৭০০ নিযুতৰ পৰা ১.৪ অৰ্বূদ মানুহ আক্ৰান্ত হৈছিল আৰু ১.৫ লাখৰ পৰা ৫.৭৫ লাখ জন মৃত্যুমুখত পৰিছিল। ঋতুগত ইনফ্লুয়েঞ্জাই কৰাধৰণে ‘চোৱাইন ফ্লু’য়ে বয়সীয়াসকলক বিশেষধৰণে আক্ৰান্ত কৰা নাছিল। বিজ্ঞানীসকলে হিচাপ কৰি উলিওৱা এই ধৰণৰ আক্ৰান্তলোকৰ পৰিসংখ্যা লেৱৰটৰিত পৰীক্ষা কৰি নিৰ্ধাৰিত কৰা সংখ্যাতকৈ ১৫ গুণ অধিক হয়। কাৰণ লেৱৰটৰিত সকলো বেমাৰীৰ পৰীক্ষা কৰা নহয়। যিটো আমি ‘ক’ভিড-১৯’ৰ ক্ষেত্ৰত ব্ৰিটেইনৰ উদাহৰণটোৰ পৰা স্পষ্টকৈ দেখিবলৈ পাইছোঁ।
প্ৰতিবছৰে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ দেশবোৰত ঋতুগত ইনফ্লুয়েঞ্জা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উত্তৰ গোলাৰ্ধৰ দেশ বিশেষত অক্টোবৰৰ পৰা মে’ (ফেব্ৰুৱাৰীত তুংগত উঠে) আৰু দক্ষিণ গোলাৰ্ধৰ অষ্ট্ৰেলীয়াৰ দৰে দেশত মে’ৰ পৰা অক্টোবৰ (আগষ্টত তুংগত উঠে)লৈ এইচোৱা সময় হৈছে ঋতুগত ইনফ্লুয়েঞ্জাৰ সময়। গ্ৰীষ্মমণ্ডলীয় আৰু উপ-গ্ৰীষ্মমণ্ডলীয় দেশসমূহতো শীত আৰু বসন্ত কালত ইনফ্লুয়েঞ্জা হয়, কিন্তু সময়সীমা কিছু অস্পষ্ট। এই বছৰৰ ঋতুগত ইনফ্লুয়েঞ্জাত কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰত ৩৬ ৰ পৰা ৫১ নিযুত আক্ৰান্ত হৈছে। ইয়াৰে ৩৭-৬৭ লাখ লোক চিকিৎসালয়ত ভৰ্তি হব লগাকৈ গুৰুতৰভাৱে ৰুগীয়া হৈছে আৰু অতিয়ালৈ ২২ৰ পৰা মৃত্যুমুখত পৰিছে (এই সংখ্যা ৫৫ হেজাৰ হ’ব পাৰে) । বিশ্বব্যাপী এই সংখ্যা কেইবাগুণে অধিক হ’ব।
‘ক’ভিড-১৯’ আৰু ইনফ্লুয়েঞ্জা ভাইৰাছ দুয়োবিধ হৈছে কাহ-পানী, চৰ্দি-জ্বৰৰ কাৰক। বয়সীয়া আৰু পূৰ্বৰে পৰা আন ৰোগত আক্ৰান্তসকলক দুয়োবিধে নিউমনিয়াৰ দৰে গুৰুতৰ ৰোগ কৰিব পাৰে আৰু মাৰাত্মক হৈ পৰিব পাৰে। দুয়োবিধ মূলতঃ কাহোতে ওলোৱা তৰলৰ ফোঁটাবোৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে চকু-মুখত পৰি অথবা এইবোৰে দূষিত কৰা পৰিবেশৰ পৰা মানুহৰ হাতৰ জৰিয়তে চকু-মুখত লাগি শৰীৰলৈ বিয়পি পৰে। সেয়েহে নিজে কাহোতে সাৱধনতা লোৱা, আনে হঠাতে কাহিলে চকু-মুখত যাতে নপৰে তাৰ বাবে এক নিৰাপদ দূৰত্ব অৱলম্বন কৰা (সামাজিক দূৰত্ব) হাত পৰিষ্কাৰ কৰি ৰখাৰ উপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে।
১৯৭৬ চনত প্ৰথমজন ইবোলা ভাইৰাছে কৰা ৰোগী কংগোত চিনাক্ত হৈছিল। ইয়াৰ পিছত ১৯৯৫, ২০০০, ২০০২, ২০০৭, ২০১৪-১৬ আৰু ২০২৮-১৯ চনত স্থানীয় পৰ্যায়ত ইবোলা মহামাৰী হৈছে। ইয়াৰে ২০১৪-১৬ৰ মহামাৰীটো আছিল আটাইতকৈ গুৰুতৰ। গিনি, লাইবেৰিয়া আৰু ছিয়াৰা লিয়নত ২৮ হেজাৰৰো অধিক আক্ৰান্ত হৈছিল আৰু ১১ হেজাৰৰো অধিক মৃত্যুমুখত পৰিছিল। ইবোলা 'ক’ভিড-১৯' আৰু ইনফ্লুয়েঞ্জাৰ তুলনাত কেইবা গুণে মাৰাত্মক আৰু অধিকভাৱে সংক্ৰমিত হ’ব পৰা ৰোগ। ৰোগৰ লক্ষণ স্পষ্ট ভাৱে ফুটি উঠে বাবে সংক্ৰমণৰ ৰোধ কৰিবলৈ সাৱধনতা লোৱাৰ অৱকাশ বেচি লগতে আফ্ৰিকা মহাদেশৰ সৈতে আন্তৰ্জাতিক ভ্ৰমণ তুলনামূলকভাৱে কম বাবে এই ৰোগ ’ক’ভিড-১৯’ৰ দৰে বিশ্ব-মহামাৰী হোৱা নাছিল। ইবোলা মূলতঃ তেজ বা শৰীৰৰ পৰা নিৰ্গত আন তৰলৰ দ্বাৰা বিয়পে।
বেচি ভাগৰেই কাহ-পানী লগা বা চৰ্দি-জ্বৰ কৰা আৰু অল্প সংখ্যকৰ বাবে গুৰুতৰ হৈ পৰা ‘ক’ভিড-১৯’ সম্পৰ্কত আমি আজি যি অদম্য প্ৰতিক্ৰিয়া দেখিবলৈ পাইছোঁ সেয়া অপৰিচতৰ প্ৰতি জীৱৰ সহজাত প্ৰতিক্ৰিয়াৰ নামান্তৰ। ইনফ্লুয়েঞ্জাও একে ৰোগ, কিন্তু আমাক অলপো সচকিত নকৰে। ইবোলাৰ ভয়াবহতাই আমাক অলপো আমনি নকৰে। আমাৰ নিয়মীয়া জনজীৱন ব্যাহত নহয়। কাৰণ ইনফ্লুয়েঞ্জা পৰিচিত, ইবোলা বহু দূৰত। কিন্তু মানুহ জীৱশ্ৰেষ্ঠ। বাস্তৱ পৰিস্থিতিৰ সম্যক ধাৰণা, হিতাহিত জ্ঞানৰ আলমত সমানুপাতিক প্ৰতিক্ৰিয়া আৰু সাৱধনতা অৱলম্বন মানুহৰ বৈশিষ্ট। এইবাৰৰ এই সামূহিক ব্যতিক্ৰম ভাবিবলগীয়া। পূৰ্বৰ বিশ্ব-মহামাৰী আৰু ‘ক’ভিড-১৯’ প্ৰেক্ষাপট অৱশ্যে পৃথক। পূৰ্বে তথ্য-মহামাৰী নাছিল। আজি ছচিয়েল মিডিয়াই নহয়, মূলসুঁতিৰ মিডিয়া আৰু তথাকথিত বিশেষজ্ঞসকলৰ মাধ্যমেৰে সমান্তৰালভাৱে অপ-তথ্যৰ এটা মহামাৰী চলিছে। “We’re not just fighting an epidemic; we’re fighting an infodemic”, বিশ্ব স্বাস্থ্য-সংস্থাৰ সঞ্চালক প্ৰধান Tedros Adhanom Ghebreyesusৰ ১৫ ফেব্ৰুৱাৰীত মিউনিকৰ নিৰাপত্তা সন্মিলনত কৰা এই মন্তব্যত প্ৰকাশ পোৱা একপ্ৰকাৰৰ অসহায়তা ভাবিবলগীয়া। বিশ্ব-বজাৰৰ হুৱা-দুৱা লাগিছে - ভ্ৰমণ আৰু এয়াৰলাইঞ্চ ব্যৱসায়ত মন্দাৱস্থা আহিছে। আনকি খেল-ধেমালী আৰু মনোৰঞ্জনৰ আতিশৰ্য মানুহে স্বইচ্ছাই ত্যাগ কৰিছে। নিঃসন্দেহে ‘ক’ভিড-১৯’ অচিৰে শাম কাটিব। বা-মাৰলী যেনেকৈ শাম কাটে, মহামাৰীও শাম কাটে। যি সমূহ দেশে কটকটীয়া ব্যৱস্থা লৈছে বা ল’ব পৰা নাই, এই মহামাৰী নিজস্ব নিৰ্দিষ্ট পথৰেখা অনুসৰি সোনকালে বা কিছু পলমকৈ শাম কাটিব। হয়তো ‘ক’ভিড-১৯’ এটা নিয়মীয়া কাঁহ-পানীলগাৰ বোমাৰ হৈ পৰিব। কিন্তু ইয়াৰ শিকনি কি বহুদিনলৈ এই বিষয়ে গৱেষণা-চৰ্চা চলিব। তথ্য আৰু অপ-তথ্যই মানুহ তথা সমাজৰ সামগ্ৰিক মনঃস্তত্ব কেনেকৈ সলনি কৰে, আৰু পৰিস্থিতি মোকাবিলা কৰিবলৈ শাসক আৰু নীতি-নিৰ্ধাৰণকাৰীসকলে কেনে ভুমিকা পালন কৰা উচিত, সেয়া গভীৰ গৱেষণাৰ বিষয় হোৱা উচিত। অন্যথা অপ-তথ্যৰ ছুনামীয়ে সমাজক পংগু কৰি পেলাব। ‘ক’ভিড-১৯’এ যদি মানুহক ভোগ আৰু মনোৰঞ্জনৰ আতিশৰ্যৰ পৰা আঁতৰাই পৰিমিত জীৱন-ধাৰণত অভ্যস্ত কৰাব পাৰে সেয়া অৱশ্যেই এক সুফল পৰিগণিত হ’ব। বৰ্তমানৰ ‘কনজিউমাৰ’ ভিত্তিক মানুহৰ অধিকৰ পৰা অধিকতৰ ভোগৰ ওপৰত থকা নিৰ্ভৰশীল অৰ্থনীতি যদি এই নিৰ্ভৰশীলতা ত্যাগ কৰি অন্য এক ব্যতিক্ৰমী গতি লয়, তেতিয়া গ্ৰহটোৰ ভৱিষ্যত অৱশ্যে উজ্জ্বল হ’ব।
No comments:
Post a Comment