দৈনিক অসম, ২৪ মাৰ্চ, ২০২০
অহা দুই-চাৰি দিনৰ ভিতৰত ভাৰতত ক’ৰোনা সংক্ৰমন তৃতীয় পৰ্যায় পাইছে নেকি পৰিষ্কাৰ হ'ব। এতিয়ালৈকে গুৰুতৰ হোৱা আটাইকেইখন দেশতে ১০০ পৰা ১০০০ মাথোঁ সাত দিনৰ ভিতৰত হৈছিল। ভাৰতত ১০০টা ১৫ মাৰ্চৰ দিনাই হৈ গৈছে। ২৩ মাৰ্চলৈ ৪১৫ হৈছে। ICMRএ আজিলৈকে সংক্ৰমণ ২য় পৰ্যায়ত আছে বুলি কৈ আছে। কিন্তু শেহতীয়াভাৱে দুজনমান বেমাৰীয়ে কোন পজিটিভ বেমাৰীৰ পৰা বীজাণুবিধ পালে নিশ্চিত হ'বলৈ বাকী আছে বাবে তৃতীয় পৰ্যায় পালেই নেকি নিশ্চিতি হোৱা নাই।
দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পাৰ্থক্য কি? দ্বিতীয় পৰ্যায়ত কঢ়িয়াই অনা ভ্ৰমণকাৰী বা তেওঁলোকৰ নিকট সংস্পৰ্শলৈ অহা লোকৰ শৰীৰতহে সংক্ৰমণ ধৰা পৰে আৰু ই স্থানীয় পৰ্যায়ত সীমিত হৈ থাকে। অৰ্থাত প্ৰতিটো ধৰা পৰা সংক্ৰমণৰ উৎস নিৰূপণ হয়। কিন্তু তৃতীয় পৰ্যয়ত সংক্ৰমণ বৃহত্তৰ পৰ্যায়ত বিয়পে আৰু নিৰ্দিষ্ট উৎস নিৰূপণ কৰা সম্ভৱ নহয়। তৃতীয় পৰ্যায়ত ল’ব লগা সাৱধনতাসমূহ ইতিমধ্যে মানুহে প্ৰচণ্ড ভয়ৰ বশবৰ্তী হৈ লৈ আছে, সেইটো অতি সাবধনতাৰ বিষয়, কিন্তু সেইবোৰ তৃতীয় পৰ্যায় যদি পায় ফলপ্ৰসূ হৈ উঠিব। সেয়ে আমি সাৱধনতাসমূহ আকৌ জুকিয়াই চাবই লাগিব। এই সাৱধনতাসমূহ তৃতীয় পৰ্যায়ত অপৰিহাৰ্য।
মনত ৰাখিব, এই ভাইৰাছে যি সমূহ পশ্চিমীয়া দেশত ব্যাপকভাৱে বিয়পিছে, তাত নিঃসম্দেহে সৰহভাগকেই সংক্ৰমণ কৰিব। এইটো অনিবাৰ্য। ই এইধৰণৰ বীজানুৰ ক্ষেত্ৰত ই চিৰাচৰিত নিয়ম। পিছে সংক্ৰমণ মানেই বেমাৰ নহয়। ‘ক’ভিড’-১৯ৰ ক্ষেত্ৰত ৮৫% ৰো অধিকৰ ক্ষেত্ৰত লক্ষণ নথকাৰ পৰা সাধাৰণ ধৰণৰ অসুখ হয় আৰু নিজে নিজে ১০-১৪ দিনৰ ভিতৰত ভাল হয়।
সংক্ৰামক ৰোগ কেনেকৈ সোঁচৰে জানিলে আপোনালোক অপপ্ৰচাৰ আৰু আতংকৰ পৰা মুক্ত হৈ থাকিব পাৰিব। বীজানুবিধৰ গুণ (সংক্ৰামকতা, মাৰাত্মকতা আদি) আৰু ইয়াৰ উৎস, বিয়পি পৰাৰ মাধ্যম আৰু ৰোগাক্ৰান্ত কৰিব পৰা লোক – এই তিনিটাৰ উপযুক্ত সংযোগ হলেহে ৰোগবিধ বিয়পিব। যদি বীজানুৰ উৎস নাই, ৰোগ সোঁচৰাৰ প্ৰশ্ন নুঠে। ঠিক তেনেদৰে উৎস আছে কিন্তু বাতাবৰণ প্ৰতিকূল যে মাধ্যমৰ মাজেৰে সহজে আহিব নোৱাৰে বা আহিব নোৱৰা ব্যৱস্থা কৰিছোঁ তেতিয়াও সহজে সোঁচৰিব নোৱাৰে। ৰোগাক্ৰান্ত কৰিব পৰা প্ৰতিৰোধী ক্ষমতা নথকা লোকো বহু থাকিব লাগিব। নহ’লে ৰোগাক্ৰান্ত কোন হ’ব? ‘কভিড-১৯’ৰ ক্ষেত্ৰত বীজাণু হৈছে ক’ৰনা ভাইৰাছ। ইয়াৰ উৎস হৈছে কঢ়িয়াই ফুৰা মানুহ অৰ্থাৎ বেমাৰীজন বা কেতিয়াবা লক্ষণ নথকা বাহক। এনে মানুহে যেতিয়া কাহে ভাইৰাছবিধ কাবৰ ফোঁটাৰ জৰিয়তে ওচৰে-পাজৰে পৰে আৰু কেইঘণ্টামান সজীৱ হৈ থাকিব পাৰে। কিন্তু দেহৰ বাহিৰত ই সজীৱতা হেৰুৱাই আৰু ভাইৰাছ-কণিকাৰ সংখ্যা দ্ৰুতগতিত কমিবলৈ ধৰে। এই ধৰণৰ ভাইৰাছ কণিকাৰে দূষিত পৰিবেশত এটা-দুটা সজীৱ কণিকা অৱশিষ্ট থাকি গলেও বিশেষ ভয়ৰ কাৰণ নহয়। কাৰণ সংক্ৰমণ হ’বলৈ তাতকৈ অধিক কণিকাৰ প্ৰয়োজন। সি যি নহওক পৰিবেশৰ পৰা আমাৰ হাতখনৰ মাধ্যমেৰেহে বীজানুটো আমাৰ চকু আৰু মুখত সোমাই আমাক আক্ৰমাণ কৰে। অৰ্থাত হাত দুখন হৈছে সোঁচৰাৰ মাধ্যম। চাবোনেৰে ২০ চেকেণ্ড ধৰি হাতদুখন নিয়মানুসৰি ভালকৈ ধুলে আমি সংক্ৰমণ ৰোধ কৰিব পাৰো। ইয়াৰ উপৰি বাহক এজনে ওচৰতে কাঁহি দিলে কাঁহৰ টোপাল আহি আমাৰ চকুৱে-মুখে পৰিব পাৰে। সেয়ে সামাজিক মিলা-মিছাত ছয় ফুট দূৰত্ব অটুত ৰাখিবলৈ কোৱা হৈছে। লগতে জনসমাগমত মুখা পিন্ধি থাকিলেও এনেধৰণৰ সম্ভাব্য ঘটনাৰ পৰা ৰক্ষা পৰিব পাৰি। তৃতীয় কথাটো হৈছে আমাৰ প্ৰতিৰোধ ক্ষমতা। এইবিধ ভাইৰাছ নতুন বাবে আমাৰ ইয়াৰ বিৰুদ্ধে নিৰ্দিষ্ট প্ৰতিৰোধ ক্ষমতা এতিয়াও গঢ়ি উঠা নাই। কিন্তু সুস্থ শৰীৰৰ মানুহ এজনৰ অনিৰ্দিষ্ট প্ৰতিৰোধ ক্ষমতা থাকে, যি সকলো ধৰণৰ বীজাণুৰ বিৰুদ্ধে সহায়ক। কিন্তু অতি বয়সস্থ বা আনধৰণৰ ৰোগাক্ৰান্ত লোকৰ এই অনিৰ্দিষ্ট প্ৰতিৰোধ ক্ষমতা কম হয়। এনেধৰণৰ লোক প্ৰতিখন দেশতে ভিন্ন অনুপাতত থাকে।
এইখিনি কথা বুজিলে আমি সংক্ৰমণৰ শৃংখলডাল কোনটো স্থানত চিঙিব পাৰোঁ ব্যৱস্থা ল’ব পাৰোঁ। একাধিক স্থানত চিঙিবলৈ ব্যৱস্থা ল’ব পাৰোঁ। আমি সাৱধান হ'ব লাগিব যে ভাইৰাছটো যাতে 'মই আনক নিদিও'। এইটো দায়িত্ববোধৰ কথা। উপদেশ কেইটা মানি চলক। পানীত চিয়াঁহী বিয়পি দৰাৰ দৰে ভাইৰাছ বিয়পি নপৰে। মনত এখন শংকাৰ প্ৰতিচ্ছবি গঢ়ি ল’লে আতংক হোৱাটো স্বাভাৱিক।
দেশসমূহে ভাইৰাছটোৱে নিজৰ নিজৰ দেশত কিমানজনক মৃত্যুমুখত পেলাব তাৰ বৈজ্ঞানিক আৰ্হি কৰিছে। এইধধৰণৰ আৰ্হিক ‘মডেলিং’ বুলি কোৱা হয়। গ্ৰেট ব্ৰিটেইনৰ এটা মডেলিঙৰ পৰা ওলাইছে যে তাত একো ব্যৱস্থা নল’লে ৫০০,০০০ মানুহ মৰিলহেঁতেন। ভয় নাখাব। কাৰণ ব্যৱস্থা নোলোৱাকৈ কোনো নাথাকে। এতিয়া যিসমূহ ব্যৱস্থা তাত লৈছে তাৰ ফলত এই সংখ্যা ২০,০০০ৰ কম হ’ব বুলি কোৱা হৈছো। মোৰ ব্যক্তিগত ধাৰণা - এই সংখ্যা ইয়াতকৈ আধাৰো ক’মহে হ’ব। তৰোপৰি মনত ৰাখিব এই সংখ্যাটো অতিৰিক্ত সংখ্যা নহয়। গ্ৰেট ব্ৰিটেইনত বছৰি বেমাৰ-আজাৰ বা বাৰ্ধক্যজনিত কাৰণত ৫০০,০০০ লোক মৃত্যুমুখত পৰে। ক’ৰোনাত মৃত্যু হ’ব বুলি কোৱা সংখ্যাটোৰ বহু এই বছৰেকীয়া সংখ্যোটোৰ ভিতৰুৱা হ’ব। অৰ্থাত বহুক্ষেত্ৰত ক’ৰোনা নিমিত্ত বা গৌণ কাৰকহে হ’ব, প্ৰকৃত কাৰক নহয়। সকলো শাম কটাৰ পিছতহে ক’ৰোনাৰ ফলত হোৱা অতিৰিক্ত মৃত্যু-সংখ্যাটো গম পোৱা যাব। আমাৰ দেশতো ICMRএ এটা মডেলিং কৰি আছে। মোৰ বিশ্বাস ভাৰততো যি সাবধানতাসমূহ লোৱা হৈছে ক’ৰোনা ৰ ভয়বহতা বহু প্ৰশমিত হ’ব।
মনত ৰাখক, এই ভাইৰাছৰ বাবে বিশ্ব অৰ্থনীতি বিধ্বস্ত হৈছে। আমি নিয়মীয়া জীৱন সম্পূৰ্ণ বিধ্বস্ত হ'ব দিব নোৱাৰো। যদি আমি তৃতীয় পৰ্যায়টো পাওঁ আমাৰ লক্ষ্য হ'ব সংক্ৰমণৰ গতিবেগ মন্থৰ কৰা। যাতে হস্পিতালত ভৰ্তি হ'ব লগাৰ সংখ্যাটো একেসময়তে বহুত বেচি নহয়। অৱশেষত ৬০%মান মানুহৰ সংক্ৰমণ হৈ উঠাৰ পাছতহে সামূহিক (Herd Immunity) প্ৰতিৰোধ গঢ়ি উঠিব আৰু তেতিয়া বাকী ৪০%লৈ সংক্ৰমণ ৰোধ হ'ব।
অধিক সংখ্যকৰ কাৰণে ই এটা 'ভাইৰেল' জ্বৰ আৰু কাহ-পানীলগাৰ অসুখ। বহুতৰ লক্ষণেই নাথাকিব। সেয়ে আতংকগ্ৰস্ত নহ'ব। ডাক্তৰৰ দেখাবই লাগিব, পৰীক্ষা কৰাবই লাগিব বা হাস্পটালত ভৰ্তি হ'লেহে ৰক্ষা পাম - এনে কথা মুঠেও নহয়। সাধাৰণ অৱস্থাত যেতিয়া বেমাৰ কিছু বেচি হ'লেহে ডাক্তৰক দেখুৱাওঁ, সেইটো নিময় এতিয়াও প্ৰযোজ্য। বয়সম্থ বা পূৰ্বৰে পৰা ৰোগ থকা লোকেহে সোনকালে পৰাণৰ্শ ল’ব লাগিব। কাহ উঠিলে হাতেৰে হলেও ঢাকি লওক, লগে লগে আৰু দূষিত পৰিবেশৰ পৰা লেতেৰা হোৱা হাত সঘনাই চাবোনেৰে ধোৱক, নিজ গা বেয়া হলে বয়সম্থ বা দুৰ্বল শাৰীৰিক অৱস্থাৰ জনৰপৰা দূৰত থাকক, যাতে আপোনাৰ পৰা ভাইৰাছটো বিয়পিব নোৱাৰে আৰু নিজৰ সামান্য কাহ-জ্বৰ হ’লেই ঘৰতে ১৪ দিনলৈ অকলশৰীয়াকৈ থাকক। জনসমাগম পৰিত্যাগ কৰক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখক।
মই এতিয়াও আশাবাদী। ভাৰতৰ পৰিবেশ সুকীয়া। আমাৰ জলবায়ু ভাইৰাছটোৰ কাৰণে অনুকূল নহয়। মেৰিলেণ্ড ইউনিভাৰ্ছিটিৰ এটা গবেষণাত এই পৰ্যবেক্ষণটো কৰা হৈছে যে এই ভাইৰাছটো এতিয়ালৈ উত্তৰ গোলাৰ্ধৰ ৩০-৫০ ডিগ্ৰী অক্ষাংশৰ ভিতৰতহে স্থানীয় মানুহৰ মাজত বিয়পিছে য’ত তাপমান ৫-১১ ডিগ্ৰী ছেণ্টিগ্ৰেড আৰু আদ্ৰতা ৪৭-৭৯ ভিতৰত। আন ঠাইত কঢ়িয়াই অনা ভ্ৰমণকাৰী আহি থকা স্বত্বেও ই স্থানীয় মানুহৰ মাজত বিশেষধৰণে গা কৰিব পৰা নাই। কিন্তু ইয়াৰ বিপৰীতে আমাৰ চহৰ সমূহত বসতি বৰ ঘন। ঘন বসতি ভাইৰাছটোৰ কাৰণে অনুকূল। গাওঁসমূহত এই নিয়মসমূহ মানি চলিলে সংক্ৰমণ বেচি নোহোৱাৰ সম্ভাৱনা অতি উজ্জ্বল।
ভাল খবৰ যে ইটালীত নতুন সংক্ৰমণ কমিছে। জাৰ্মানীত কিছু বাঢ়িছে যদিও তাত মৃত্যুৰ সংখ্যা তাকৰ। এই ভাইৰাছটো প্ৰতিখন ঠাইতেই স্থানীয় জলৱায়ু আৰু বয়সস্থ আৰু পূৰ্বৰে পৰা ৰোগ থকা জনসংখ্যাৰ অনুপাত অনুযায়ী গুৰুতৰ বা সাধাৰণ ৰোগ কৰিব। আমি ইতিমধ্যে বিয়পি পৰা দেশসমূহৰ পৰা শিক্ষা ল'ব লাগিব। এটা শিক্ষা এইটো যে আতংকগ্ৰস্ততা ক্ষতিকৰ। দৃঢ়তাৰে কৰ্তব্য পালন কৰক। আজি যেনেদৰে জনতা কাৰ্ফিউ পালন কৰি দৃঢ়তা আৰু সকলোৰে প্ৰতি কল্যাণকামী মনৰ পৰিচয় দিলে, সেয়া সহায়ক হ'ব।
মই ক’ৰোনা হোৱা দেশত আছোঁ। অকনো আতংকগ্ৰস্ত হোৱা নাই। কিন্তু দায়িত্ব আৰু উপদেশ দৃঢ়তাৰে পালন কৰিছোঁ। মই জানো যে এইটো এটা তুলনামূতকভাৱে সাধাৰণ অসুখ। বিশ্ববাসীয়ে এনে ভাইৰাছ পূৰ্বেও দেখিছে। আগতে বহু নতুন ভাইৰাছ যেনিবা স্থানীয় হৈ আছিল, কিন্তু আজিকালি আন্তৰ্জাতিক ভ্ৰমণৰ জৰিয়তে বন জুইৰ দৰে বিয়পি পৰে। কিন্তু কৰণীয় খিনি কৰি থাকিলে বীজানুৰ গতিবেগ শাম কাটিবই। বীজানুৰ বিৰুদ্ধে যুদ্ধ মাৰাথন দৌৰৰ লেখীয়া। বেচি আতংকিত হ’লে কৌশল ভুল হৈ যাব পাৰে।
No comments:
Post a Comment