ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Tuesday, July 10, 2018

লিপি বিতৰ্ক আৰু ইউনিক’ড কনৰ্ছটিয়াম

নিয়মীয়া বাৰ্তা, ১০ জুলাই, ২০১৮

আলফাই সাহিত্য সভাৰ কৰ্মকৰ্তাক ইউনিক’ড কনৰ্ছটিয়ামত অসমীয়া লিপিৰ ‘স্বতন্ত্ৰ’তা প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগত ধমক দিয়া বাতৰি অসমীয়া বাতৰিকাকতে প্ৰথম পৃষ্ঠাত বৰ বৰ হৰফেৰে ৰাইজক জনাইছে। লগতে অসম আৰু আমেৰিকাস্থিত দুগৰাকী অসমীয়া ‘ভাষা-বিজ্ঞানী’ক ইউনিক’ড কনৰ্ছটিয়ামৰ সৈতে তৰ্ক কৰিবলৈ লগত লৈ যাবলৈও মনোনীত কৰিছে। শ্ৰী নগেন শইকীয়া দেৱৰ দৈনিক জনমভূমিত এই সম্পৰ্কে লেখা এটাও চকুত পৰিছে। তেখেতে প্ৰশ্ন কৰিছে, সাহিত্য সভাই অসমীয়া লিপিক প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় গবেষণা-তথ্য-সমল লগত লৈ গৈছিলনে? কি এনে জাতীয় সংকট হৈছে, সমস্যাটো নো বাৰু প্ৰকৃততে কি? ইউনিক’ড কনৰ্ছটিয়ামৰ অসমীয়াৰ বিৰুদ্ধাচৰণ কৰাৰ কি কাৰণ থাকিব পাৰে? নে ছায়াতে ভূত দেখা, সকলোৱে আমাৰ বিৰুদ্ধে যড়যন্ত্ৰ কৰিছে এই ধৰণৰ এক আতঙ্কগ্ৰস্ততা আমাৰ জাতিগত বৈশিষ্ট হৈ পৰিছে?

অসমীয়া আৰু বঙালী দুটা স্বতন্ত্ৰ ভাষা এই সম্পৰ্কে কতো অকণো বিতৰ্ক নাই। ইউনিক’ড কনৰ্ছটিয়াম ভাষা লিপিক মৰ্যাদা বা স্বীকৃতি প্ৰদান কৰা অনুষ্ঠান নহয়। তেওঁলোকৰ কামৰ পৰিসৰ সীমিত। পৃথিবীত প্ৰচলিত ভাষাসমূহ লিখিবলৈ যিমানবোৰ লিপি (Script) আছে, সেই লিপিসমূহৰ অন্তৰ্গত প্ৰতিটো বৰ্ণক তেওঁলোকে একোটাকৈ ‘ডিজিটেল’ চিহ্ন (Code) দিছে, যাতে সহমতৰ আধাৰত সৰু-বৰ প্ৰতিটো ভাষা বিভিন্ন লিপিৰ অন্তৰ্গত বৰ্ণসমূহৰ মাজত বেমেজালি নোহোৱাকৈ ‘ডিজিটেল’ ক্ষেত্ৰ, যেনে— কম্পিউটাৰ বা ইণ্টাৰনেটত সুচল প্ৰয়োগ আৰু ব্যৱহাৰ কৰিব পৰা যায়। এই উদ্দেশ্য সাধনৰ বাবে এটা বিশেষ লিপিৰ নামটো কি, সেইটো কাৰিকৰীভাৱে গৌণ। কাৰণ নামটো মাথো এখন ‘লেবেল’। লিপি একোটাৰ অন্তৰ্গত বৰ্ণসমূহক নিৰ্দিষ্ট চিহ্নবোৰ দিয়া হয়। ইউনিক’ড কনৰ্ছটিয়ামৰ উদ্দেশ্যৰ বাবে বৰ্ণসমূহ লিপিৰ অন্তৰ্গত, ভাষাৰ নহয়। সমস্যাটো হৈছে প্ৰতিটো ভাষা স্বতন্ত্ৰ, কিন্তু প্ৰতিটো লিপি স্বতন্ত্ৰ নহ’বও পাৰে। বৰং উমৈহতীয়া হ’ব পাৰে। দুটা ভাষাৰ লিপি যদি একেই হয় বা একেটা লিপিৰেই যদি দুটা বা একাধিক ভাষা লিখা হয়, ইউনিক’ড কনৰ্চটিয়ামে এটা বৰ্ণৰ বাবে দুটা বা একাধিক চিহ্ন সৃষ্টি নকৰে। ‘ক’ বৰ্ণৰ কাৰণে এটাই চিহ্ন, অসমীয়া ‘ক’ বা বঙালী ‘ক’ বুলি দুটা চিহ্ন নিদিয়ে। কাৰণ এনে কৰাৰ কাৰিকৰী প্ৰয়োজনীয়তা নাই, বৰং অযথা বেমেজালি হোৱাৰ সম্ভাৱনা।

এনে এক পৰিস্থিতি কেৱল অসমীয়া বা বঙালী ভাষাৰ ক্ষেত্ৰতেই হোৱা নাই। উদাহৰণ স্বৰূপে ইংৰাজী ভাষা লিখা লিপিটো ৰোমান বা লেটিন লিপি। ইয়াৰ নাম ‘ইংৰাজী’ লিপি নহয়। ‘ইংৰাজী’ বুলি লিপি নাই। পশ্চিম ইউৰোপৰ প্ৰায়বোৰ আৰু আন বহু ভাষাইও ৰোমান লিপি ব্যৱহাৰ কৰে। ৰোমান লিপিৰ মূলতঃ ২৬টা বৰ্ণ ইংৰাজী ভাষাত ব্যৱহাৰ হয়। এই ২৬টা বৰ্ণৰ উপৰিও ৰোমান লিপিত অতিৰিক্ত বৰ্ণ আছে, যিবোৰ অন্য ভাষাত ব্যৱহাৰ হয়। ঠিক তেনেদৰে হিন্দী ভাষা লিখিবলৈ দেৱনাগৰী লিপি ব্যৱহাৰ হয়। হিন্দী বুলি সুকীয়া লিপি নাই। উত্তৰ আৰু পূৱ ভাৰতৰ আন বহুকেইটা ভাষা লিখিবলৈও দেৱনাগৰী লিপি ব্যৱহাৰ হয়। ইয়াৰ বিপৰীতে এনে একো একোটা ভাষাও আছে যিবোৰ লিখিবলৈ একাধিক লিপি ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে ভাৰতত পাঞ্জাৱী ভাষা লিখা হয় গুৰমূখী লিপিৰে, পাকিস্তানত শ্বাহমুখী লিপিৰে।

গুৰমূখী আৰু শ্বাহমুখী লিপি এটা ভাষা লিখিবলৈ ব্যৱহৃত হলেও স্বতন্ত্ৰ লিপি, সেয়ে ইউনিক’ড কনৰ্চটিয়ামে দুয়োটা লিপিৰ বৰ্ণসমূহক পৃথক চিহ্ন দিছে। কিন্তু ৰোমান লিপি ব্যৱহাৰ কৰা প্ৰতিটো ভাষাৰ বাবে যেনে ইংৰাজী, জাৰ্মান বা ফৰাচী ভাষাৰ বাবে একে কেইটা বৰ্ণকেই পৃথক পৃথক চিহ্ন দি কৃত্ৰিমভাৱে ইংৰাজী, জাৰ্মান বা ফৰাচী লিপি বুলি নামকৰণ কৰা নাই। ইংৰাজ, ফৰাচী আৰু জাৰ্মানসকলে প্ৰতিবাদ, দাবী, মান-অভিমান কৰা এই পৰ্যন্ত চকুত পৰা নাই।

পশ্চিম ইউৰোপৰ ভাষাসমূহে ব্যৱহাৰ কৰা উমৈহতীয়া লিপিটোৰ ৰোমান বা লেটিন লিপি বুলি সৰ্ব্বসন্মত এটা নাম আছে। আমাৰ বাবে সমস্যাটো হৈছে বঙালী, অসমীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে একেখন লিপি ব্যৱহাৰ কৰে, কিন্তু লিপিটোৰ এটা সৰ্বজনগৃহীত উমৈহতীয়া নাম নাই। স্বাভাৱিকতে অসমীয়াই ‘অসমীয়া’ লিপি, বঙালীয়ে ‘বঙালী’ লিপি বুলি কয়। আমাৰ পণ্ডিতসকলে ইমানদিনে লিপিটোক যদি কামৰূপী লিপি বা অসমীয়া লিপি বা সৰ্বজনগৃহীত আন এটা নামেৰে নামকৰণ বা প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন, তেনেহ’লে অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে বুলি ইমান উদগ্ৰীৱ হ’ব লগা নহ’লহেঁতেন। লণ্ডনলৈ মেটমৰা প্ৰমাণৰ বোজা লৈ যোৱাৰ প্ৰয়োজন নহ’লহেঁতেন।

ইউনিক’ড কনৰ্ছটিয়ামলৈ ভাৰত চৰকাৰে যেতিয়া ভাৰতীয় ভাষাসমূহ লিখা লিপি সমূহৰ নাম পঠিয়াইছিল, তেতিয়া আমাৰ এই লিপিটোৰ নাম ভুলে-শুদ্ধে বাংলা লিপি বুলি পঠিয়াইছিল, কিন্তু সঠিক বৰ্ণনা দিছিল যে সামান্য সালসলনি আৰু অতিৰিক্ত দুই-চাৰিটা বৰ্ণৰে অসমীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাইও একেটা লিপি ব্যৱহাৰ কৰে। ভাৰতৰ একাধিক ৰাজ্য তথা বাংলাদেশকে ধৰি বিশ্বত ২১৫ নিযুত বঙালী ভাষাভাষী লোক আছে। বঙালী সংখ্যাৰ পৰা পৃথিবীৰ সপ্তমটো প্ৰধান ভাষা। বিপৰীতে অসমীয়া ভাষাভাষী লোকৰ সংখ্যা ১৫ নিযুতমান। ভাৰত চৰকাৰৰ বিষয়াৰ স্তৰত লিপিটোৰ নামটো বাংলা বুলি পঠিওৱাটো ভুল বুলি ক’ব পাৰি কিন্তু মই যড়যন্ত্ৰৰ গোন্ধ নাপাওঁ। এই লিপিটোৰ নাম ‘অসমীয়া’ বুলি কিয় কোৱা নহ’ল বা কনৰ্ছটিয়ামে অসমীয়াৰ বাবে স্বতন্ত্ৰ লিপি চিহ্ন কিয় প্ৰদান নকৰিলে বুলি অসমীয়াৰ স্বাভিমান জাগি উঠিব আনে পূৰ্বানুমান কৰা সহজ নহয়।

অসমীয়া আৰু বঙালী ভাষাৰ মূল একেটা, কিন্তু কালক্ৰমত স্বকীয় বৈশিষ্টৰে সমৃদ্ধ হৈ উঠিছিল। লিপিটোৰ মূলো একে। প্ৰায় সন্মতি আছে যে ব্ৰাহ্মী লিপিৰ পৰা গুপ্ত লিপি আৰু কালক্ৰমত কামৰূপী বা প্ৰাচীন অসমীয়া লিপি উদ্ভৱ হৈছিল। কামৰূপী লিপিৰ পৰাই আধুনিক অসমীয়া আৰু বঙলা ভাষাত ব্যৱহৃত লিপিখন উদ্ভৱ হৈছে। বিদ্যায়তনিক তথ্য-প্ৰমাণ কোনোৱে অগ্ৰাহ্য নকৰে।সচেতনসকলে নতুন প্ৰজন্মক অধিক গৱেষণা-অধ্যয়ন কৰি প্ৰাচীন কামৰুপৰ মৰ্যাদা আন্তৰ্জাতিক বিদ্যায়তনিক বা সাহিত্য-ইতিহাসৰ সৈতে জৰিত মঞ্চত প্ৰতিষ্ঠা কৰাৰ কামত উদগনি যোগাব পাৰে। কিন্তু ইতিহাস অধ্যয়ন কৰি গবেষণা বুজি লিপিৰ শুদ্ধ নামকৰণ বা স্বীকৃতি প্ৰদান কৰা ইউনিক’ড কনৰ্ছটিয়ামৰ কাম নহয়।

আমি যে ইমান স্বাভিমানী অলপতে ভেম লগা জাতি হৈ পৰিম, সকলোৰে মনোযোগ পাবলৈ সদা উদগ্ৰীৱ হৈ থাকিম, আৰু নাপালে ষড়যন্ত্ৰ হৈছে বুলি সন্ত্ৰস্ত হৈ উঠিম, আমাৰ পূৰ্বপুৰুষসকলে পূৰ্বানুমান কৰিব পৰা হলে নিশ্চয় অসমীয়া লিখা লিপিখন কেৱল ‘ৱ’ আৰু ‘ৰ’ উপৰি আন ধৰণেও স্বতন্ত্ৰ কৰি থৈ গ’লহেঁতেন। ‘ৱ’ আৰু ‘ৰ’ দুয়োটাকে ইউনিক’ড কনৰ্চটিয়ামে সুকীয়া চিহ্ন দিছে, ষড়যন্ত্ৰ কৰি নিদিয়াকৈ থকা নাই।

কম্পিউটাৰ বা ইণ্টাৰনেটত শুদ্ধ অসমীয়া লিখিবলৈ আজি মোৰ কোনো বাধা নাই। সৃষ্টি কৰিবলৈ মোৰ প্ৰতিভা নাই, কিন্তু বঙালী বা ইউনিক’ড কনৰ্ছটিয়ামক দোষাৰোপ কৰিবলৈ মোৰ উপায় নাই। ভাষাটোক ‘ডিজিটেল’ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ইউনিক’ড কনৰ্চটিয়ামে লগা কাৰিকৰী সমলখিনি মোক দিছে। আজি পৃথিবীৰ প্ৰতিটো ভাষাই আনুষ্ঠানিকভাৱে স্বীকৃত। ভাষা বা লিপিক স্বীকৃতি দিয়া বা নিদিয়া ইউনিক’ড কনৰ্ছটিয়ামৰ বিষয়বস্তু বা অধিকাৰৰ অন্তৰ্গত নহয়। প্ৰতিটো লিপিৰ প্ৰতিটো বৰ্ণক একোটাকৈ চিহ্ন প্ৰদান কৰাই হৈছে ইউনিক’ড কনৰ্ছটিয়ামৰ একমাত্ৰ কাম আৰু অধিকাৰ। কনৰ্ছটিয়ামৰ বাবে লিপিটো ‘বাংলা’, ‘অসমীয়া’, ‘মণিপুৰী’ অথবা ‘বাংলা-অসমীয়া’, ‘অসমীয়া-বাংলা’ নে ‘বাংলা-অসমীয়া-মণিপুৰী’ অবান্তৰ, কাৰণ নামটো এখন চিনাক্ত কৰা লেবেল। কিন্তু আলোচনা-বিলোচনাৰ মাজেৰে সৰ্বসন্মত যুক্তি-যুক্ত নামকৰণ বাঞ্ছনীয়, যিটো ইউনিক’ড কনৰ্চটিয়ামে আনে বা সাহিত্য সভাই উনুকিয়াই দিয়াত অথবা নিজাববীয়াকৈ কৰিছে। ‘বাংলা’ৰ পৰিবৰ্তে ‘বাংলা-অসমীয়া’ কৰিছে। দৰাচলতে ‘কামৰুপী’ লিপি বুলি কলে অধিক শুদ্ধ বা সৰ্বজন গ্ৰাহ্য হ’ব নেকি সেয়া বিদ্যায়তনিক ক্ষেত্ৰত আলোচনা হ’ব পাৰে।

কিন্তু লিপিটোৰ নামটো লৈয়েই নহয়, স্বতন্ত্ৰ চিহ্ন দিয়া-নিদিয়াক লৈও যিসকল স্বাভিমানী অসমীয়াৰ অসন্তুস্তি আছে, তেওঁলোকে আলফা মনোনীত বা আন বিশেষজ্ঞ ভাষাবিদক লণ্ডন-নিউয়ৰ্কলৈ তৰ্ক-যুদ্ধ কৰিবলৈ পঠিওৱাত উদ্যোগ লওক। কাৰণ বিজ্ঞ লোকেহে একেখন লিপিক অতিৰিক্ত দুটা বৰ্ণ থকা বাবে পৃথক চিহ্ন দি কিয় স্বতন্ত্ৰ লিপি বুলি স্বীকৃতি দিব লাগে সেয়া প্ৰতিপন্ন কৰিব পাৰিব। একে কেইটা বৰ্ণকেই সুকীয়াকৈ একোটা চিহ্ন দিলে স্বতন্ত্ৰতা প্ৰতিপন্ন হ’ব, আমাৰ স্বাভিমানী সত্তাটো সন্তুষ্ট হ’ব লাগিব, এনে কৰাৰ বাধ্যবাধকতা আছে, এই কথা বুজাবলৈ অতিৰিক্ত মেধাৰ প্ৰয়োজন হ’ব। কিন্তু সাহিত্য সভা সাৱধান হ’ব লাগিব। সভাই ৰাইজৰ পৰা তোলা বৰঙণি ভাষাটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় সৃষ্টিশীল কামতহে ব্যৱহাৰ কৰক।

আজি আমাৰ বাতৰি কাকত বা আলোচনী বোৰৰ ইউনিক’ডৰ ব্যৱহাৰেৰে ইণ্টাৰনেট সংষ্কৰণ কৰাত কোনে বাধা দিছে? স্বতন্ত্ৰ লিপিৰ মৰ্যাদা নোপোৱালৈ নকৰো বুলি বহি থকাৰ প্ৰয়োজন নাই।

আমাৰ ভাষাপ্ৰেমীসকলে বাংলাতকৈ অসমীয়াক ইণ্টাৰনেটত অধিক সমৃদ্ধ কৰি তোলাত কি বাধা আছে? আজিও চালুকীয়া হৈ থকা ৱিকিপেডিয়াৰ অসমীয়া সংস্কৰণটো লগে-ভাগে সমৃদ্ধ কৰি তোলাতেই বা বাধা কি? কেইজন ভাষাপ্ৰেমী স্বয়ংসেৱক ৱিকিপেডিয়াৰ অসমীয়া সংস্কৰণটো সমৃদ্ধ কৰাত ব্ৰতী হৈ আছে? ৱিকিপেডিয়াই ষড়যন্ত্ৰ কৰি বিশ্বকোষৰ বিশ্বমঞ্চৰ পৰা আমাক বাধা দি আঁতৰাই ৰখা নাই।

এখন অসমীয়া ডিজিটেল অভিধান কৰি লোৱাত কোনে বাধা দিছে, যাতে কম্পিউটাৰত লিখোঁতে ভুল হোৱা বানানকেইটাৰ শুদ্ধ ৰূপটো ওলায়? চালুকীয়া প্ৰচেষ্টা অৱশ্যে হৈছে, কিন্তু পূৰ্ণাংগ হোৱা নাই। এই লিখনিটো ইউনিক’ডত লিখি থাকোঁতে ভুল বানানকেইটা শুদ্ধ কৰি লোৱাত মাইক্ৰ’ছফ্টৰ ছফ্টৱেৰটোৰ পৰা সম্পূৰ্ণ সহায় পোৱা নাই। তেনেধৰণে অসমৰ বিশ্ববিদ্যালয়সমূহকেই বা বৰ্ণমালাখনৰ Optical Character Recognition বা আন ভাষালৈ বা আন ভাষাৰ পৰা স্বয়ংক্ৰিয় অনুবাদ কৰা বা শ্ৰুতলিপি দিলে স্বয়ংক্ৰিয়ভাৱে লিখা যোৱা ইত্যাদি সঁজুলি উলিয়াবলৈ গৱেষণা কৰিবলৈ কোনো বাধা দিছে? লিপিৰ নামকৰণ বাধাৰ কাৰণ হৈ পৰিছে নেকি?

বিপৰীতে বহু ভাষাপ্ৰেমীয়ে লিপিটোকে জলাঞ্জলি দিছে, ৰোমান লিপিতহে অসমীয়া লিখা কৰিছে। ৰোমান লিপিত অসমীয়া লিখি দাবী-ধমক, দেশপ্ৰেম দেখুৱাই আছে।

নামটোৰ যুক্তি-যুক্ত সালসলনিত সন্তুষ্ট নহৈ কেনেবাকৈ আলফাই যদি অসম্ভৱকো সম্ভৱ কৰি অসমীয়া ভাষাৰ বাবে সুকীয়াকৈ লিপিচিহ্ন আদায় কৰি আনি ‘স্বতন্ত্ৰতা’ প্ৰতিষ্ঠাও কৰে, তেনেহ’লে আন এক বিপৰ্যয় হ’ব। আজি অসমীয়া লিখিবলৈ Key Board সঁজুলিৰ অভাব নাই। উপলব্ধ প্ৰতিখন সঁজুলিতেই ‘ৱ’ আৰু ‘ৰ’ আছে। নতুন অসমীয়া লিপিচিহ্ন হ’লে বৰ্তমানৰ এই এই সঁজুলিবোৰৰ পৰা ‘ৱ’ আৰু ‘ৰ’ নোহোৱা হব, কাৰণ বঙালীত প্ৰয়োজন নাথাকিব। বাংলা ’ক’ আৰু অসমীয়া ’ক’ দেখাত একেই থাকিব, কিন্তু দুটা পৃথক চিহ্নৰে চিনাক্ত বৰ্ণ হ’ব বাবে অসমীয়া লিখিবলৈ নতুন সঁজুলি লাগিব। কোনে আমাক নতুন সঁজুলি কৰি দিব? আলফা মনোনীত আমেৰিকাস্থিত অসমীয়া বিশেষজ্ঞই? এখন কৰিলেই যেনিবা, কেনেকৈ প্ৰসাৰ কৰিব? লিখিবলৈ সঁজুলি বিচাৰি হাবাথুৰি খাব লাগিব আৰু ‘ৱ’ আৰু ‘ৰ’ বিহীন বাংলা সঁজুলিবোৰেই গতি হ’ব। ২১৫-২৩০ নিযুত বঙলা-অসমীয়া ইউনিক’ড ব্যৱহাৰকাৰীৰ বিপৰীতে ১৫ নিযুত অসমীয়া ইউনিক’ড ব্যৱহাৰকাৰীৰ বাবে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে নতুন প্ৰয়োজনীয় সঁজুলি তৈয়াৰ কৰিবলৈ আগবাঢ়ি নাহিব। এই ভয় সদ্যহতে অমূলক, হঠকাৰিতাৰ পৰিণাম বুজাবলৈ উল্লেখ কৰিলোঁ।

সোপাধৰাৰ বাতৰি প্ৰচাৰ যদি বেঙুনীয়া চিয়াঁহীৰে লিখা, সৰল মানুহক প্ৰতিটো কথাতে জাতীয় সংকট হোৱা বা যড়যন্ত্ৰৰ বলি হোৱা বুলি আতঙ্কগ্ৰস্ত কৰাটো ৰঙা চিয়াঁহীৰে লিখা। একেখন বৰ্ণালীৰেই দুটা প্ৰান্তীয় ৰঙ। আজি সাহসী আত্মপ্ৰত্যয় থকা অসমীয়াইহে জাতিক আগুৱাই নিব। অসম ভূমিখণ্ডত বাস কৰা সকলো জাতি-উপজাতিক লৈ এটা আধুনিক মহাজাতি গঢ়িব।

(হোৱাইটছএপত অহা এটা বিশেষ বাৰ্তাৰ পৰা যুক্তি আৰু তথ্যৰ কিয়দংশ লোৱা হৈছে, কিন্তু মূল প্ৰেৰকৰ নাম নিশ্চিত নোহোৱাত স্বীকৃতি দিব নোৱাৰিলোঁ।)

No comments:

Post a Comment