ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Tuesday, October 30, 2018

অসমাপ্ত কাহিনী

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ ২০১৮

প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ভিক্ষ বা মহামাৰীত যেতিয়া বৃহৎ সংখ্যাত মানুহৰ মৃত্যু বা দুখ-দুৰ্গতি হয় অথবা নৰসংহাৰ সংঘটিত হয় স্বাভাৱিকতে দেশ, জাতি, ধৰ্ম নিৰ্বিশেষে সমগ্ৰ বিশ্ব দুখৰ সমভাগী হয়। যথাসাধ্য সহায় আগবঢ়ায়। এনে ঘটনা যদি সীমান্তবৰ্তী দেশ এখনত ঘটে, মানবীয়তা প্ৰদৰ্শনৰ উপৰি বিশেষ দায়িত্ব আহি পৰে। উপেক্ষা কৰিব পৰা নাযায়। ইমানখিনি কৰণীয় সভ্যসমাজৰ দিগনিৰ্ণয়ৰ নৈতিক কম্পাছডালৰ দ্বাৰা সূচিত। আন্তৰ্জাতিক বিধি-নিয়মো আছে। কিন্তু কেতিয়াবা উভয় সংকত হ’ব পাৰে। সামৰ্থ্য নাথাকিব পাৰে। বৃহত সংখ্যক ভগনীয়া-শৰণাৰ্থীৰ আগমনে স্থানীয় বাসিন্দাৰ মনত উদ্বেগ আনিব পাৰে। স্থানীয় বাসিন্দাৰ উদ্বেগ বা নিৰাপত্তাহীনতাৰ ভিত্তি থাকিব পাৰে নতুবা অহেতুক ভীতিপ্ৰসূত হ’বও পাৰে। এনে সময়ত ৰাজনীতিবিদ, শিল্পী-সাহিত্যিক, বুদ্ধিজীৱিয়ে নেতৃত্ব দিয়ে। সংবেদনশীলতা আৰু বিশ্বজনীন নৈতিক কম্পাছডালৰ আধাৰত জনসাধাৰণক আতংকিত নহৈ কৰণীয় সম্পৰ্কে সজাগ কৰে। সমাধানৰ প্ৰচেষ্টা লয়। অন্তত ন্যূনতম সত্যখিনি জনসাধাৰণৰ সন্মুখত দাঙি ধৰে যাতে জনসাধাৰণ সিদ্ধান্তত উপনীত হ’বলৈ প্ৰাসংগিক আটাইবোৰ দিশৰ বিষয়ে অৱগত হয়। অন্তত ভিত্তিহীন সংখ্যা-পৰিসংখ্যাৰে জনসাধাৰণক বিভ্ৰান্ত নকৰে।

আমাৰ সীমান্তত এনে এক নৰসংহাৰ হৈছিল ১৯৭১ চনত। নিজকে সভ্য জ্ঞান কৰা মই এজন অসমীয়া। এই নৰসংহাৰৰ কাহিনী মই আজিহে সামান্য ভাবিছোঁ। ই বৌদ্ধিক ব্যৰ্থতা। হয়তো উদাসীনতা। কিন্তু অসমীয়াৰ সঁচা প্ৰতিনিধি ভূপেন হাজৰিকা নীৰবে নাছিল। প্ৰতিটো সন্ধিক্ষণত জাতিক দায়িত্ব সোঁৱৰাইছিল। শিশু অৱস্থাত ভূপেন হাজৰিকাৰ বজ্ৰ কণ্ঠত শুনা “জয় জয় নৱজাত বাংলা দেশ, জয় জয় মুক্তি বাহিনী, ভাৰতীয় সৈন্যৰ স'তে ৰচিলাঁ মৈত্ৰীৰ কাহিনী, ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতা, বিভেদকামী শক্তিৰ সলনি গংগা পদ্মাৰে একতা” মনত পৰিছে। এজন অসমীয়াই আপলোড কৰা অসমীয়া-বাংলা গীতটো সিদিনা পুণৰাই ইউটিউবত শুনিছোঁ।


সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিস্থিতিত সেই নৰসংহাৰৰ কাহিনী ৰাইজক সোঁৱৰাই দিয়াৰ দায়িত্ব বৌদ্ধিক সমাজৰ আছিল। পৰিবৰ্তে উগ্ৰজাতীয়তাবাদৰ ভেটিত অধিক সাৰ-পানী। সীমান্তত মানৱতা বিধ্বস্ত হৈছিল। ভুপেন হাজৰিকাৰ বাহিৰে কোন কিমান বিচলিত হৈছিল, কোন শিল্পী-সাহিত্যিক-বুদ্ধীজীৱি উদ্বিন্ন হৈছিল, উপন্যাস-ৰচনা ৰচিত হৈছিল, মই অৱগত নহওঁ। হয়তো শিল্প-সাহিত্য সম্পৰ্কে অল্পপৰিচিত বাবেই অৱগত নহওঁ। কিন্তু এয়া আছিল অসম সীমান্তত সংঘটিত এক ৰক্তাত্ব ইতিহাস। মানুহৰ কৰুণ গাথাক সমল কৰি সাহিত্যিকে গল্প-উপন্যাস লিখে, কৱিয়ে কবিতা ৰচে। শিল্পীয়ে মানৱতাৰ গীত গায়। ভুপেন হাজৰিকাই গাইছিল। প্ৰসিদ্ধ চেটাৰ বাদক ৰবিশংকৰ আৰু জৰ্জ হেৰিছনে বব ডায়লান, আল্লা ৰাখাৰ দৰে শিল্পীক লগত লৈ আন্তৰ্জাতিক প্ৰায় সকলো প্ৰসিদ্ধ শিল্পীৰ অংশগ্ৰহনেৰে ১৯৭১ চনৰ আগষ্টত নিউ ইয়ৰ্কৰ মেডিচন স্কুৱেৰ গাৰ্ডেনত ‘বাংলাদেশৰ বাবে ঐকতানবাদন’ আয়োজন কৰি বিশ্বজনগণৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

এই নৰসংহাৰৰ কাহিনী ঘুনাক্ষৰে সম্ভেদ নোপোৱা নৱপ্ৰজন্ম থাকিব পাৰে। এয়া তেওঁলোকৰ দোষ নহয়। যদিও সেই নৰসংহাৰৰ কাহিনী আজি অধিক প্ৰাসংগিক। জাতিৰক্ষাক লৈ আমাৰ মাজত এক আতংকজনিত পৰিবেশ। আমাৰ ‘অন্যজাতি বৈৰীভাব’ (Xenophobia) আছে এনে ভূল ধাৰণা আনে যদি কৰিবলৈ হয় গৌৰবান্বিত জাতি হিচাপে আমি কংলকিত আৰু অৱনমিত হম। আমি সংবেদনশীল হ’বই লাগিব। আমাৰ মনত বৈৰীভাৱ নায়, কেৱল আতংকিত বাবেহে সচকিত হৈ উঠিছোঁ, এই কথা বুকুফালি বহিৰ্জগতক জনাব পৰা নাযায। আমাৰ অচৰণ, ধৰণ-কৰণৰ পৰহে বহিৰ্সমাজে ধাৰণা ল’ব। আজিৰ যুগৰ পৰিপ্ৰেক্ষিতত দায়িত্বশীল জাতি হিচাপে পৰিচয় দিব পাৰিব লাগিব। ইয়াৰ অৰ্থ আত্মজাহ দিম এনে নহয়। আমি আত্মজাহ যাম এনে পৰিস্থিতি হোৱা নাই। সভ্যসমাজৰ নীতি মনাতহে আমাৰ আৰু আনৰো মংগল।

পূব পাকিস্তানত বঙালীসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰিছিল। পশ্চিম পাকিস্তানৰ শাসনকৰ্তাই জাপি দিয়া উৰ্দুভাষাৰ বিৰোধ প্ৰকাশ স্বাধীনতা সংগ্ৰামৰ আগজাননী হৈ পৰিছিল। সচকিত হৈ পাকিস্তানৰ সৈন্য বাহিনীয়ে ১৯৭১ চনৰ ২৬ মাৰ্চত Operation Searchlight আৰম্ভ কৰিছিল। নমহীয়া এই অভিযানত সৈন্য বাহিনী আৰু জামাত-ই-ইছলামীয়ে তিনি নিযুট মানুহ সংহাৰ কৰিছিল। দুইৰ পৰা চাৰি লাখ মহিলাক ধৰ্ষণ কৰিছিল। প্ৰায় দহ নিযুট মূলতঃ হিন্দু লোক দেশখনৰ পৰা বিতাড়িত হৈছিল। দহ নিযুট লোক দেশখনৰ ভিতৰতে স্থানান্তৰিত হ’ব লগা হৈছিল। সেইসময়ত আমি শিশু। যুদ্ধৰ কথা শুনিছিলোঁ, ৰিনিকি ৰিনকি মনত আছে। আজি পঞ্চাশ বছৰৰ পিছত সেই ৰক্তাত্ব ইতিহাস জুকিয়াই চোৱাৰ প্ৰয়োজন হৈছে। অসমত এচাম অসমীয়াৰ আতংকগ্ৰস্ততাৰ ভিত্তি এমুঠি শৰণাৰ্থী সেই কথা জুকিয়াই চোৱাৰ প্ৰয়োজন হৈছে।

১৯৪৭ চনত দেশ বিভাজনৰ এটা প্ৰধান বিসংগতি আছিল বাংলাদেশ (পূব পাকিস্তান)ক পাকিস্তান (পশ্চিম পাকিস্তান)ৰ সৈতে সাঙুৰি দিয়াটো। পূব আৰু পশ্চিম পাকিস্তানৰ মাজত এহেজাৰ মাইলৰ ব্যৱধান। ভৌগলিক ব্যৱধানেই নহয়, ভাষা-সংস্কৃতিৰো ব্যৱধান। ৫৫ নিযুট মূলতঃ পাঞ্জাবীভাষী পশ্চিম পাকিস্তানৰ বাসিন্দাৰ বিপৰীতে পূৱত ৭৫ নিযুট বঙালীভাষী দৰাচলতে পাকিস্তানত ভাষিক সংখ্যাগৰিষ্ঠ আছিল। কিন্তু পশ্চিমৰ শাসনকৰ্তাৰ চকুত তেওঁলোক আছিল দ্বিতীয় শ্ৰেণীৰ নাগৰিক-বিশুদ্ধ মুছলমান নহয়, উগ্ৰ বঙালী জাতীয়তাবাদী। পূৱত বলেৰে বঙালী সংস্কৃতি ধ্বংস কৰি উৰ্দু সংস্কৃতি জাপি দিয়াৰ প্ৰয়াস হৈছিল। পাকিস্তানৰ প্ৰথমটো গণতান্ত্ৰিক সংসদীয় নিৰ্বাচন (ডিচেম্বৰ, ১৯৭০)ত শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত পূব পাকিস্তানৰ স্থানীয় দল আৱামী লীগ গৰিষ্ঠ সংখ্যক আসন লাভ কৰি বিজয়ী হৈছিল। কিন্তু আৱামী লীগক নিষিদ্ধ কৰা হৈছিল। লগে লগে পূৱত নিৰ্যাতন আৰম্ভ হৈছিল। সংখ্যালঘু হিন্দুৰ দ্বাৰা মুছলমান বঙালীসকল সাংস্কৃতিকভাৱে প্ৰভাৱিত বুলি হিন্দুৰ ওপৰত বিশেষ আখেজ পুৰাইছিল। হিন্দু সংহাৰ আৰম্ভ হৈছিল, মন্দিৰ ধ্বংস কৰা হৈছিল। ২২ ফেব্ৰুৱাৰী ১৯৭১ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি ইয়াহা খানে তিনি নিযুত হিন্দুক হত্যা কৰিবলৈ মুকলি আহ্বান দিছিল। কাৰণ তেতিয়া মুছলমান বঙালীসমাজ নিজে নিজে বশীভূত হ’ব। এই আনুষ্ঠানিক গণহত্যা ১৯৭১ চনৰ ২৬ মাৰ্চত আৰম্ভ হৈছিল। পৰিস্থিতি স্বাভাৱিকতে জটিল আছিল। উৰ্দুভাষী বিহাৰী মুছলমানসকলে পাকিস্তানী সেনাৰ অনুগত হৈ গণহত্যাত ভাগ লৈছিল। যঠেষ্ট সংখ্যক বঙালী মুছলমানেও হাত উজান দিছিল। পাকিস্তানপন্থী আৰু স্বাধীনতাপন্থীৰ মাজত মেৰূবিভাজন হৈছিল। গোষ্ঠীগত সংঘৰ্ষত বঙালীভাষীৰ হাতত উৰ্দুভাষী বিহাৰীও মৰিছিল। ঢাকা বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপক গোবিন্দ চন্দ্ৰ ৰয়, বঙালী সাহিত্যিক মুনিৰ চৌধুৰীকে ধৰি হিন্দু-মুছলমান নিৰ্বিশেষে বহু বুদ্ধীজীৱিক হত্যা কৰা হৈছিল। মাৰ্চৰ পৰা ডিচেম্বৰলৈ সংঘটিত এই গণহত্যাৰ পৰিণামত লক্ষ লক্ষ ভগনীয়া হৈছিল। শৰণাৰ্থী হৈ ভাৰতৰ আশ্ৰয় বিচাৰিছিল। ভাৰত চৰকাৰৰ প্ৰতিবেদন অনুসৰি আঠ-ন নিযুত মানুহ ভগনীয়া হৈছিল। নেছনেল জিঅ’গ্ৰাফিকৰ চেপ্তেম্বৰ ১৯৭২ চনৰ সংখ্যা অনুসৰি দহ নিযুত। ৮২৯টা আশ্ৰয় শিবিৰ গঠন কৰা হৈছিল। ১৯৭১ চনৰ মে’ মাহৰ ভিতৰত পঞ্জীয়ন কৰা শৰণাৰ্থীৰ সংখ্যা হৈছিল প্ৰায় তিনি নিযুত। অধিকাংশই পশ্চিমবংগ আৰু ত্ৰিপুৰাত আশ্ৰয় লৈছিল। পূব ত্ৰিপুৰাত শৰণাৰ্থীৰ সংখ্যা স্থানীয় মানুহতকৈও বেছি হৈছিল। এয়া ত্ৰিপুৰাত বঙালীভাষী সংখ্যগুৰু হৈ পৰাৰ আঁৰৰ কাহিনী। এয়া আছিল দুৰ্যোগৰ অনিবাৰ্য ফল। সেইসময়ত অৰ্থনৈতিকভাৱে চালুকীয়া ভাৰত চৰকাৰৰ শৰণাৰ্থীক ন্যূনতম সুবিধাখিনি দিবলৈ কেইবামাহো লাগিছিল। নিসন্দেহে বহু শৰণাৰ্থী পঞ্জীয়নভুক্ত হোৱা নাছিল। বহু বঙালী যুৱকে সীমান্ত পাৰ হৈ সামৰিক প্ৰশিক্ষণ লৈছিল, উভতি গৈ মুক্তি বাহিনীত যোগ দিছিল।

‘মাৰ্চৰ শেষৰ পৰা দুমাহৰ ভিতৰতে শৰণাৰ্থী সংখ্যা প্ৰায় চাৰি নিযুতলৈ বৃদ্ধি হল, আজি ন নিযুত অতিক্ৰম কৰিলে, কিন্তু উভতি যোৱাৰ কোনো লক্ষণ দেখা পোৱা যোৱা নাই। এতিয়াও গড়ে দিনে ৩০,০০০ৰ পৰা ৫০,০০০ শৰণাৰ্থী আহি আছে, এই ধৰণে চলি থাকিলে বছৰটোৰ শেষলৈ শৰণাৰ্থী সংখ্যা ১২ নিযুত পৰ্যন্ত হ’ব পাৰে। ভাৰত চৰকাৰে ১৯৭১ চনৰ ডিচেম্বৰলৈ শৰণাৰ্থী কল্যাণৰ কাৰণে ২৬০ কোটি টকাৰ প্ৰাৱধান কৰিছে। ইয়াৰ ভিতৰত ৫০ কোটি টকা অন্য দেশৰ পৰা আশা কৰা সাহায্য-ৰাশি ধৰা হৈছে। কিন্তু শৰণাৰ্থীৰ সংখ্যালৈ চাই অহা ছমাহৰ বাবে ৪১৯ কোটি টকাৰ প্ৰয়োজন।’ এয়া ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ ২২তম কাৰ্যৱাহী অধিবেশনত ভাৰত চৰকাৰৰ পুণৰ্সংস্থাপন সচিব শ্ৰী জি এচ কেহ্লনৰ প্ৰতিবেদন। সৰ্বমুঠ শৰণাৰ্থীৰ সংখ্যা ৯,৮৯৯,৩০৫ (পশ্চিম বঙ্গ ৭,৪৯৩,৪৭৪, ত্ৰিপুৰা ১,৪১৬,৪৯১, মেঘালয় ৬৬৭,৯৮৬, অসম ৩১২,৭১৩, বিহাৰ ৮,৬৪১)লৈ বৃদ্ধি হৈছিল।

অৱশেষত ভাৰতৰ হস্তক্ষেপত বাংলাৰ মুক্তিবাহিনীয়ে ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানী সৈন্যক পৰাভূত কৰিছিল। বাংলাদেশ গণপ্রজাতন্ত্র, এখন নতুন দেশৰ জন্ম হৈছিল। ভূপেন হাজৰিকাই “জয় জয় নৱজাত বাংলা দেশ” ৰচিছিল। অধিকাংশ শৰণাৰ্থী নৱগঠিত বাংলাদেশলৈ উভতি গৈছিল। বৃহত্ সংখ্যক শৰণাৰ্থী নিজা উদ্যোগত উভতিছিল। ভাৰত চৰকাৰে পৰিকল্পিতভাৱে বহুতক উভতাই পঠিয়াইছিল। গণহত্যাৰ আৰম্ভণীৰ ঠিক এবছৰৰ পিছত শিবিৰত থকা ৩,৮৬৯ জনীয়া শেষৰটো দল ২৫ মাৰ্চ, ১৯৭২ চনত উভতি গৈছিল। শৰণাৰ্থী শিবিৰসমূহ বন্ধ কৰি দিয়া হৈছিল। শিবিৰত নথকা বহু শৰণাৰ্থী নিসন্দেহে ৰৈ গৈছিল।


এটা প্ৰেক্ষাপট দাঙি ধৰাৰ কাৰণে অসমৰ ৰাজনৈতিক ইতিহাস সামান্য উল্লেখ কৰিছোঁ। প্ৰাচীন কামৰূপৰ সীমা এসময়ত বাংলাদেশৰ কৰতোৱা নদী আৰু বঙ্গোপসাগৰ পৰ্যন্ত আছিল। ব্ৰহ্মপুত্ৰ উপত্যকা, উত্তৰ বঙ্গ, ভুটান, উত্তৰ বাংলাদেশ আনকি সময়ে সময়ে পশ্চিম বঙ্গৰ অঞ্চল বিশেষো প্ৰাচীন কামৰূপৰ অন্তৰ্ভুক্ত আছিল। পাল বংশৰ পতনৰ সৈতে এই গৰিমাৰ অন্ত পৰিছিল। ১২০৬ চনত কামৰূপৰ পশ্চিম প্ৰান্তত কমতা ৰাজ্যৰ উত্থানৰে মধ্যযুগ (১২০৬-১৮২৬)ৰ সূচনা  হৈছিল। এই সন্ধিক্ষণত বখ্তিয়াৰ খিলজিৰ দ্বাৰা হোৱা প্ৰথমটো বিদেশী আক্ৰমন ব্যৰ্থ হৈছিল। পূৱত চুতীয়া আৰু মধ্য অসমত কছাৰী ৰাজ্য মূৰ দাঙি উঠিছিল। চুতীয়া ৰাজ্যৰ পশ্চিম ফাল ভুঞা সামন্তসকলে নিয়ন্ত্ৰন কৰিছিল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰপালে ১১৮৭ চনত সুৱনশিৰিৰ পাৰত ৰাজধানী স্বৰ্ণগিৰি নিৰ্মাণ কৰিছিল। পিচলৈ ১২২৫ চনত পুত্ৰ ৰত্নধ্বজপালে ৰত্নপুৰ (মাজুলী)লৈ ৰাজধানী স্থানান্তৰিত কৰি প্ৰাচীন পাল ৰাজবংশৰ অৱশিষ্টখিনি সাঙুৰি ১২৪৮ চনত সদিয়ালৈ ৰাজ্য বিস্তাৰ কৰিছিল। কছাৰী আৰু চুতীয়া এই দুই শক্তিৰ দখলত নথকা মধ্যৱৰ্তী অঞ্চল চোৱাত চুকাফাৰ নেতৃত্বত আহোম ৰাজবংশৰ শাসন (১২২৮-১৮২৬) আৰম্ভ হৈছিল। আহোমে চুতীয়া ৰাজ্য দখল কৰিছিল, কছাৰীক মধ্য অসমৰ পৰা আঁতৰাই পঠাইছিল। বিলুপ্ত কামৰূপৰ পূৰ্বাঞ্চলত আহোম স্বৰ্গদেউৰ ৰূপত নতুন শক্তিৰ উদয় হৈছিল। ১৬ শতিকাত আহোমৰ আধিপত্য সম্পূৰ্ণ হৈছিল। ইফালে কমতা ৰাজ্যত বিশ্ব সিংহই কোচ ৰাজবংশৰ শাসন স্থাপন কৰিছিল। নৰনাৰায়ন আৰু চিলাৰায়ৰ সময়ত কোচ ৰাজবংশৰ আধিপত্য শীৰ্ষত উঠিছিল। এই একে সময়তে শঙ্কৰদেৱে একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰেৰে সমাজ জীৱনৰ সংস্কাৰ সাধন আৰু এটা নৱ-সাংস্কৃতিক ধাৰা আৰম্ভ কৰিছিল। জাতি গঠণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ১৫৮১ চনত নৰনাৰায়নৰ কমতা ৰাজ্য দ্বিখণ্ডিত হৈছিল। পূবে চিলাৰায়ৰ পুত্ৰ ৰঘুদেবে নিজা শাসন প্ৰতিষ্ঠা কৰিছিল। কমতাৰ বিভাজন আজি অসম আৰু পশ্চিম বঙ্গৰ সীমা। দ্বিখণ্ডিত কমতাৰ পাৰস্পৰিক শত্ৰুতা বাঢ়িছিল। পূবৰ কমতাই আহোমৰ আৰু পশ্চিমৰ কমতাই মোগলৰ সৈতে সন্ধি কৰিছিল। ১৭ শতিকাত আহোমে মোগলৰ কেইবাটাও আগ্ৰাসন ৰোধ কৰিছিল। ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধ আহোমৰ পৰাক্ৰমৰ চানেকি। ১৬৮২ চনত ইটাখুলিত মোগল পৰাভূত হৈছিল। আহোমৰ শাসন পশ্চিমে মানস নদী পৰ্যন্ত পাইছিল। কিন্তু প্ৰাচীন কামৰূপৰ সঁচা উত্তৰাধিকাৰী হোৱাৰ স্বপ্ন আধৰুৱা হৈ ৰৈছিল। কৰতোৱা পৰ্যন্ত সীমা আগবঢ়াবলৈ কৰা আশা পূৰণ হোৱা নাছিল। দুৰ্ভাগ্যক্ৰমে ১৮শ শতিকাত আহোমৰ বেলি মাৰ যাবলৈ আৰম্ভ কৰিছিল। মোৱামৰীয়া বিদ্ৰোহ দমন কৰিলেও পুণৰাই আহোম শক্তিৰ মূৰ দাঙি উঠা কঠিণ হৈছিল। ১৯ শতিকাত মানৰ আক্ৰমন আৰু ৰাজধানী ৰংপুৰ দখল। বৃটিছ আৰু মানৰ যুদ্ধ আৰম্ভ হৈছিল ১৮২৪ চনত। ১৮২৫ চনৰ আৰম্ভণীত মানে ৰংপুৰ এৰিব লগাত পৰিছিল। ১৮২৬ৰ ইয়াণ্ডাবু সন্ধিমতে আহোম শাসনাধিস্থ প্ৰায় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা বৃটিছে মানৰ পৰা দখল কৰি লৈছিল। ইতিপূৰ্বে ১৮২৪ চনতেই বৃটিছে গুৱাহাটী দখল কৰিছিল। অবিভক্ত গোৱালপাৰা ১৭৬৫ চনত মোগলৰ পৰা বৃটিছৰ হাতলৈ গৈছিল আৰু ১৮২২ চনত ৰংপুৰ (বাংলাদেশ)ৰ উত্তৰ-পূব অংশ হিচাপে এটা প্ৰশাসনিক গোট হৈছিল। ১৮২৮ চনত কছাৰী ৰাজ্য বৃটিছে আনুষ্ঠানিকভাৱে দখল কৰি লৈছিল। ১৮৩৩ চনত খাচী ৰজাই বশ্যতা স্বীকাৰ কৰিছিল আৰু জয়ন্তীয়াসকলৰ ওপৰতো বৃটিছৰ আধিপত্য বিস্তাৰ হৈছিল। ১৮৩৩ চনত বৃটিছৰ ৰক্ষণাবেক্ষণত উজনি অসমত স্বৰ্গদেউ পুৰন্দৰ সিংহ নামত ৰজা হৈছিল। অৱশেষত ১৮৩৮ চনত অঞ্চলটো বৃটিছ আনুষ্ঠানিকভাৱে সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰি লৈছিল। ১৮৩৯ চনত পূবে মৰাণ আৰু মটকৰ প্ৰভাৱ থকা অঞ্চল দখল কৰি বৃটিছে অসম ভূখণ্ডৰ দখল সম্পূৰ্ণ কৰিছিল। বৃটিছে অসমক প্ৰথমে প্ৰশাসনিকভাৱে বেঙ্গল প্ৰেছিডেন্সীৰ অন্তৰ্ভূক্ত কৰিছিল। ১৮৭৪ চনত অসমক অবিভক্ত বঙ্গৰ পৰা পৃথক কৰি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিঞ্চ কৰিছিল। কিন্তু ১৯০৫ চনত বঙ্গ বিভাজনৰ সময়ত পূৰ্ব-বঙ্গ (বাংলাদেশ)ৰ সৈতে অসমক সাঙুৰি এখন নতুন ৰাজ্য কৰিছিল। ১৯১১ চনত চিলঙক ৰাজধানী কৰি অসমক পুণৰাই সুকীয়া ৰাজ্য কৰা হৈছিল। চিলেট জিলাখন অসমৰ অন্তৰ্ভূক্ত কৰা হৈছিল। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত হোৱা গণভোটত চিলেটৰ ৫৬%ই পাকিস্তানত যোগ দিবলৈ বিচৰাৰ বিপৰীতে ৪৬%ই ভাৰতৰ সৈতে থকাৰ পোষকতা কৰিছিল। কিন্তু চিলেট জিলাৰ কৰিমগঞ্জ উপভাগটো মুছলমান সংখ্যাগৰিষ্ঠ হোৱা স্বত্ত্বেও স্থানীয় নেতৃত্বৰ জোৰত কৰিমগঞ্জ জিলা হিচাপে অসমৰ অংশ হৈ থাকি গৈছিল। উল্লেখযোগ্য যে কামাখ্যাৰ দৰে চিলেটত এখন নহয় দুখনকৈ দেবীৰ শক্তিপীঠৰ অৱস্থিতি। ১৩০৩ চনত ফকীৰ শ্বাহ জালালে অঞ্চলটোৰ বাসিন্দাক ইচলামলৈ ধৰ্মান্তৰ কৰিছিল। শঙ্কৰদেৱৰ সমসাময়িক শ্ৰী চৈতন্যৰ পূৰ্বপুৰুষৰ ঘৰো চিলেটত আছিল।

দেশ বিভাজনৰ সময়তো হিংসা হৈছিল। হিন্দু যদি নতুনকৈ গঠিত পূব পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰাণৰ মায়াত পলাইছিল, মুছলমান পলাইছিল বিপৰীত দিশে। বহু আশাৰ মাজেৰে ১৯৭২ চনত  বাংলাদেশৰ জন্ম হৈছিল। কিন্তু বিড়ম্বনা ভুপেন হাজৰিকাৰ কণ্ঠত মূৰ্ত হৈ উঠা “ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতা”ৰ সপোন বাস্তবায়িত হোৱা নাছিল। বাংলাদেশত হিন্দু আজিও বৈষম্যৰ বলি হৈ আছে। ঔপনিবেষিক শাসনৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকালৈ বৃটিছে পমুৱা আনিছিল। স্বাধীনতাৰ পিছতো বৈধ-অবৈধভাৱে আহিছিল। পমুৱাৰ প্ৰৱজনে অসমীয়াৰ বাবে সংকট কৰিছে, সেয়া আন এক আলোচনা। আজিৰ আলোচনাৰ কেন্দ্ৰ নৰসংহাৰৰ বলি শৰণাৰ্থীহে।

ৰাজনীতি আৰু দেশৰ সীমা সময়ে সময়ে সলনি হয়। ভুগোল ইমান সহজতে সলনি নহয়। সীমান্তত কাঁটাতাৰৰ বেৰ দিলেও প্ৰতিবেশী দেশ বা অঞ্চল সলনি নহয়। পৰিয়াল-আত্মীয়-স্বজনৰ সম্পৰ্ক সহজে চেদ নহয়। চৰাইৰ দৰে উৰি পাৰ হ’ব নোৱাৰিব পাৰে, কিন্তু মানুহৰ তাড়নাক সহজতে ৰোধ কৰা নাযায়। এয়া বিশ্বৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৰ পৰ্যবেক্ষণৰ সিদ্ধান্ত, মোৰ নিজা কথা নহয়। আমাৰ বুদ্ধিজীৱিৰ চিন্তাৰ পৰিধি ঠেক। এনে পৰিস্থিতিত নিজৰ ৰাজ্যৰ সীমান্তত সংঘটিত ইতিহাস-সংঘাত বা ভৌগলিক সত্য আতংকিত সৰ্বসাধাৰণৰ মনোজগতত প্ৰৱেশ নকৰাটো স্বাভাৱিক। আত্মাভিমান প্ৰসংশনীয়। কিন্তু সংবেদনশীল, মানৱদৰদী আত্মাভিমানেহে অসমীয়াক উজলাব আৰু সংকট কালত ৰক্ষা কৰিব। অসম আন্দোলনৰ তুঙ্গত ভুপেন হাজৰিকাই গাইছিল, “সমদলৰ প্ৰতিধ্বনি, আৱাল-বৃদ্ধ-বনিতাৰ, স্বনিৰাপত্তা লক্ষ্য, আৰু আনকো জীয়াই ৰখাৰ, সহস্ৰজনৰ সাহস দেখি, পৃথিবী কম্পমান।” আবেগ-অনুভুতিৰ প্ৰচণ্ড তীব্ৰতাত যেতিয়া যুক্ত-তৰ্ক গৌণ হৈ পৰিছিল তাৰ মাজতো “আনকো জীয়াই ৰখাৰ” কথা একে উশাহতে সোঁৱৰাই দিছিল। মানৱ দৰদী সেই শিল্পীৰ কোন আজি উত্তৰাধিকাৰী? শৰণাৰ্থীৰ প্ৰতি অনুকম্পাবিহীন, বাস্তৱ পৰিস্থিতিৰ প্ৰতি উদাসীন-এনে মনোভাব নগ্নভাবে প্ৰদৰ্শন কৰি আমি স্বনিৰাপত্তা নিশ্চিত কৰিব নোৱাৰোঁ। আমাৰ উচ্চবাচ্যত পৃথিবী কম্পমান নহয়। প্ৰস্তাৱিত নাগৰিকত্ব আইন সংশোধনী বিধায়কৰ ভিন্ন দফা সম্পৰ্কে নিজা নিজা দৃষ্টিকোণ লৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমৰ্থন বা বিৰোধীতা কৰাৰ দায়িত্ব-অধিকাৰ সকলোৰে আছে। অসমীয়াৰ আছে, বঙালীৰ আছে। বিশ্বসমাজত গ্ৰহণযোগ্য হোৱাকৈ নৰসংহাৰৰ বলি শৰণাৰ্থীসকলৰ অধিকাৰ স্থাপন হওঁক, আমাৰো নিৰাপত্তা নিশ্চিত হওক-এনে সংবেদনশীল চিন্তাৰ সামান্য আভাস দিবলৈ অপাৰগ বুদ্ধিজীৱিয়ে নাগৰিকত্ব আইন সংশোধনী ধৰ্মৰ আধাৰত কৰা হৈছে বাবে গ্ৰহণযোগ্য নহয় বুলি কৰা আস্ফালন এক প্ৰচণ্ড ভণ্ডামী। ইয়াত তেওঁলোকৰ ধৰ্মনিৰপেক্ষ মনৰ আভাস নাই, বৰং আছে চিন্তাৰ দৈন্য। নৰসংহাৰৰ বলি মানুহৰ ধৰ্ম কি, ভাষা কি? মোৰ স্বাভিমানী অসমীয়া মনটোৰ প্ৰশ্ন হৈছে। এইসকল দুৰ্ভগীয়াৰ গৰিষ্ঠসংখ্যকেই আজি ইহজগতত নাই। বৰাকৰ বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনো কোনো ঠাইত বসবাস কৰি থকা তেওঁলোকৰ সতি-সন্ততিক আজি কোনটো অধিকাৰৰ পৰা বঞ্চিত কৰা মানৱীয় কাৰ্য হ’ব, অসমীয়া সমাজে ঠাওৰ কৰিব লাগিব।

আহোম স্বৰ্গদেউসকলৰ প্ৰাচীন কামৰূপৰ হৃত গৌৰৱ উদ্ধাৰৰ স্বপ্ন আধৰুৱা হৈ থাকিল। আজি ভৌগলিকভাৱে পৰীসীমা বিস্তাৰৰ ধাৰণা সম্পূৰ্ণ অৱান্তৰ। সাম্প্ৰতিক অসমখন ধৰি ৰখাটোৱেই অসাধ্য হৈ উঠিব পাৰে। ইতিমধ্যে কোনো কোনো সংগঠনে ‘আইডেণ্টিটি পলিটিক্চ’ আৰম্ভ কৰি মধ্যযুগীয় অসমৰ আৰ্হিত নিজা নিজা ৰাজ্য গঠণৰ স্বপ্ন জাগ্ৰত কৰিছে। কিন্তু শঙ্কৰদেৱে আৰম্ভ কৰি থা যোৱা বৰ অসমীয়া জাতি গঠণ এটা নিৰন্তৰ প্ৰক্ৰিয়া। অসমীয়া বা বঙালীৰ মাজত থকা উগ্ৰ জাতীয়তাবাদীসকলৰ হঠকাৰীতা বা পৰিচয় হেৰাই যোৱাৰ আতংক সৃষ্টি কৰি কৰা ‘আইডেণ্টিটি পলিটিক্চে’ এই প্ৰক্ৰিয়া স্তিমিত কৰিব পাৰে। কিন্তু এয়া সাময়িক। আশা থকা উচিত যে অসমক মাতৃভূমি স্বীকাৰ কৰা প্ৰতিজনক লৈ বৰ অসমীয়া জাতি গঠণ হ’ব। আধূনিক জাতিৰ ভিত্তি কেৱল ভাষা, বৰ্ণ বা ধৰ্ম নহয়। বিশেষ বংশগতি কাৰক বহন কৰা বিশুদ্ধ তেজৰ সমষ্টি নহয়। আধুনিক জাতি হৈছে প্ৰতিজন বাসিন্দাৰ ভূমিখণ্ডৰ প্ৰতি সম্পূৰ্ণ সমৰ্পন, উমৈহতীয়া স্বপ্ন আৰু ৰাজহুৱা জীৱনৰ প্ৰতি তীব্ৰ কামনাৰ প্ৰতীক। কিন্তু আমাৰ দুৰ্ভাগ্য এই প্ৰক্ৰিয়া সাম্প্ৰতিক সময়ত ত্বৰান্বিত কৰিবলৈ আমাৰ বৌদ্ধিক নেতৃত্ব নাই। শঙ্কৰে আধ্যাত্মিকতা আৰু সংস্কৃতিক জাতি গঠণৰ আহিলা কৰি লৈছিল। অসমীয়া জাতি গঠণৰ নায়কসকলে সময়োপযোগী কি আহিলা লৈছে? হুঙ্কাৰ আৰু আস্ফালনৰ বাহিৰে। তথাপি শঙ্কৰে আৰম্ভ কৰা বৰ অসমীয়া জাতি গঠণ প্ৰক্ৰিয়া উজুতি খালেও অৱিৰাম চলি থাকিব। এই প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰাত অসমবাসী বঙ্গ সমাজৰ গুৰু দায়িত্ব আছে। তেওঁলোকৰ সমৰ্পন সম্পূৰ্ণ হ’ব লাগিব। অসমীয়া ৰাজহৱা জীৱনৰ মাত-কথাত তেওঁলোকৰ অংশগ্ৰহণ স্বতঃস্ফূৰ্ত হ’ব লাগিব। উগ্ৰ জাতীয়তাবাদীৰ হুঙ্কাৰত প্ৰৰোচিত হ’ব নালাগিব। এয়া সহজসাধ্য নহয়, এই কথা অৱশ্যে স্বীকাৰ কৰিব লাগিব।

No comments:

Post a Comment