নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিল, ২০১৮
ভূপেন হাজৰিকাদেৱৰ গীতেৰে আমাৰ শৈশৱ, যৌৱন সংপৃক্ত৷ আশীৰ দশকত হাজৰিকাদেৱৰ বিহুতলীৰ নতুন গীতে শৰীৰ আৰু প্ৰাণত শিহৰণ তুলিছিল৷ মনত আছে গান শুনিবলৈ চানমাৰী, লতাশিল আৰু ভৰলুমুখ গুৱাহাটীৰ এখনৰ পৰা আনখন বিহুতলীলৈ কেনেদৰে উধাতু খাই ফুৰিছিলোঁ৷ ১৯৯৪ চনতেই মই অধ্যয়নৰ বাবে ইংলেণ্ডলৈ ৰাওনা হৈছিলোঁ৷ ১৯৯৬ চনত কেই মাহ মানৰ কাৰণে গুৱাহাটীলৈ ঘূৰি আহিছিলোঁ৷ তাৰ পিছত ১৯৯৭ ৰ পৰাই মই প্ৰবাসত, বিশ বছৰ অতিক্ৰম হ’ল৷ যোৱা দুটা দশক গুৱাহাটীৰ মঞ্চ বিহুৰ মাদকতা-সোৱাদ নিয়মীয়াকৈ ল’ব পৰা নাই৷ বিহুৰ সময়ত প্ৰবাসী মনৰ ব্যাকুলতা জাগি উঠে৷ ভূপেন হাজৰিকাদেৱৰ গীতৰ মৰ্ম অনুধাৱন কৰি মন অধিক ব্যাকুল হৈ পৰে৷
‘বহাগ মাথোঁঁ এটি ঋতু নহয়’, ‘গণ জীৱনৰ ই সাহ’৷ ‘বহাগ এটি নৱ নৱ চিন্তাৰ সাঁচিপাত পুথিৰে পাত’৷
পিছে ক’ত হৈছে নৱ নৱ চিন্তাৰ উন্মেষ? ‘সূৰ্য্যৰ জ্যোতিত’ কোনখন ‘সৃষ্টি দলিল’ এন্ধাৰৰ ত্ৰাস হৈ উজলি উঠিছে? অথবা আমি ‘মলিয়ন বস্ত্ৰ সলাইছোঁ’? বৰদৈচিলাই চোন ‘সংগ্ৰামী জীৱনত ৰণ প্ৰেৰণা নিদিয়ে’, নোফৰাই ‘দুখৰ নাগপাশ’৷
তথাপিও ‘বহাগ গণ জীৱনৰ সাহ’, ‘জাতিৰ আয়ুস ৰেখা’৷ কুলিৰ মাতত নৱ প্ৰজন্মৰ মাজত নৱ চিন্তাৰ উন্মেষ হ’ব৷ ই দুৰাশা নহয়৷ জাতি কুল নেওচি সমদল গতি আৰম্ভ হ’ব, প্ৰভেদক নাশ কৰিব৷
কিন্তু প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিব লাগিব৷ জাতি এটি বোৱঁতী সুঁতি৷ জাতিৰ সত্তা ক’ত থাকিব যদি জাতি গঠন প্ৰক্ৰিয়াটোকে অশ্মীভূত কৰি পেলোৱা হয়৷ খিলঞ্জীয়া, ভূমিপুত্ৰ আৱেগ-অনুভূতিৰে সংপৃক্ত শব্দ৷ খিলঞ্জীয়া, ভূমিপুত্ৰৰ লুইতখন নতুন নতুন সুঁতিৰে নতুন যুগৰ বৰলুইত হ’ব লাগিব৷ বিশাল আৰু সুগভীৰ হ’ব লাগিব৷ যিদৰে বিশ্বৰ প্ৰতিটো উন্নত জাতিয়ে প্ৰতিভাক আঁকোৱালি লৈছে, নিজৰ কৰি লৈছে৷ যিদৰে বহু অসমীয়াও বিশ্বৰ আন আন সমাজত জীন গৈছে৷ তেজ বা বিজ্ঞানৰ ভাষাত ‘জিন’ত পাৰ্থক্য তেনেই কম, নথকাৰেই নামান্তৰ৷ বাতাবৰণহে জাতি গঢ়ে, যিদৰে বাতাবৰণে ব্যক্তি গঢ়ে৷
জাতি নিৰ্জন দ্বীপ নহয়৷ বহিৰ্জগতখনৰ পৰা বিচিন্ন সীমিত চিন্তাৰ পৰিধিত সমস্যা সমাধানৰ বীজ নাথাকে৷ ঢাল-তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰৰ কুচকাৱাজত ৰণ প্ৰেৰণাও নাই৷ প্ৰাচীন কামৰূপৰ সীমা দক্ষিণে বংগোপসাগৰলৈ বিস্তৃত আছিল৷ পশ্চিমে কৰতোৱা নদীলৈ৷ ক’ত এই কৰতোৱা নদী? আজিৰ বাংলাদেশৰ অন্তৰ্গত এটা সুঁতি৷ এসময়ত কৰতোৱা পবিত্ৰ গণ্য হৈছিল, মহাভাৰত প্ৰসিদ্ধ আছিল৷ মহাভাৰতত উল্লেখ আছে তিনিদিন উপবাস কৰি কৰতোৱাত স্নান কৰিলে অশ্বমেধ যজ্ঞ কৰাৰ সমান ফল পোৱা যায়৷ আজি অসম ৰাজ্যৰ পশ্চিম সীমা শ্ৰী ৰামপুৰ৷ তাৰমানে কি আমাৰ চেতনাৰ সীমা শ্ৰী ৰামপুৰতে সীমাবদ্ধ হৈ থাকিব লাগিব? এই মানসিক পক্ষাঘাতগ্ৰস্ততাৰ কাৰণ কি? আজি অসমীয়াক মনস্তাত্বিকভাৱে প্ৰায় অৱশ কৰি পেলোৱা ‘অস্তিত্বৰ সংকট’ৰ যি অনুভূতি, ইয়াৰ মোচন নৱ চিন্তা-চেতনাৰ বৰদৈচিলাইহে আনিব৷ কেৱল সংখ্যাৰ জোৰত পৃথিবীৰ কোনো জাতি সত্তা টিকি থাকিব পৰা নাই৷ সংখ্যাৰ জোৰ থাকিলে ভাল কথা৷ নাথাকিলে কি অদৃষ্টক ধীয়াই হাত সাবটি বহি থাকিব লাগিব? বতাহত ঢাল-তৰোৱাল ঘূৰাই থাকিলেই হ’ব?
খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত দক্ষিণ ভাৰতৰ ৰাজবংশই মহাসাগৰৰ বাধা নেওচি দক্ষিণ-পূব এচিয়াত সাম্ৰাজ্য স্থাপন কৰিছিল, ভাৰতীয় সংস্কৃতি বিয়পাইছিল৷ প্ৰাচীন অসমৰ ৰজাই কৰতোৱা-বঙ্গোপ সাগৰ পৰ্যন্ত ৰাজ্য বিস্তাৰ কৰিছিল৷
পুৰাণ-মহাভাৰত প্ৰসিদ্ধ প্ৰাগঐতৈহাসিক নৰকাসুৰ-বান-ভগদত্তৰ শৌৰ্য-বীৰ্যৰ কথা নকলোঁৱেইবা৷ কামৰূপৰ শাসক ঐতিহাসিক কুমাৰ ভাস্কৰবৰ্মন ভাৰত প্ৰসিদ্ধ হৈছিল, ‘ভাস্কৰাব্দ’ বৰ্ষপঞ্জী সূচনা কৰিছিল৷ আজি প্ৰথম বহাগ, ১৪২৫ ভাস্কৰাব্দ৷ বহাগতেই খিলঞ্জীয়া, ভূমিপুত্ৰৰ চেতনাৰ অশ্বমেধৰ ঘোৰা জাগিব লাগিব৷ কৰ্মক্ষেত্ৰৰ পৰিধি বিস্তাৰ, ধ্যান-ধাৰণা, বিদ্যা-বুদ্ধি, দক্ষতা-অভিজ্ঞতা আহৰণৰ অভিযানৰে অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগতেই লিখিব লাগিব৷ আজি অসমীয়াৰ চেতনা আৰু কৰ্মই কৰতোৱা পাৰ হৈ পৰিধি বিস্তাৰ কৰিব লাগিব৷ মহাসাগৰমুখী হ’ব লাগিব৷বিহু নিবন্ধত ‘জাতি ৰক্ষা’ৰ আঁচনি ৰচনা নহয়৷ জাতি ৰক্ষা কৰিব লাগিব বা গুৰু দায়িত্ব আহি পৰিছে, ইও হয় ভীতিগ্ৰস্ত, নহয় ভ্ৰমগ্ৰস্ত ধাৰণা৷ জাতিৰ ৰূপ সলনি হৈ থাকিব, একা-বেঁকা, খলা-বমা পথেৰে সামাজিক বিৱৰ্তন হৈ থাকিব৷ এই গতি অনিবাৰ্য্য৷ ৰোধ কৰা দুঃসাধ্য৷ কিন্তু সাধ্যৰ ভিতৰত আছে সৰপালি আৰু পৰনিৰ্ভৰশীলতা আৰু আনক কৰি থকা সমালোচনা ত্যাগ কৰি নৱ চিন্তাৰ সাঁচিপাত পুথি ৰচি কৰ্মক সাৰোগত কৰি জীৱন আকাশ উজলোৱাৰ নিৰালস্য প্ৰচেষ্টা কৰা৷ সঁচাকৈ বহাগক ‘এখনি সৃষ্টি দলিল’ কৰি সজাই তোলা অহোপুৰুষাৰ্থ কৰা৷
মন্ত্ৰী-বিধায়কক সমালোচনাত এচাম পটু হৈ উঠিছে৷ এইসকলৰ যোগ্যতাত সন্দেহ নাই, সেয়ে তেওঁলোকৰ হাতত এই ‘গুৰু দায়িত্ব’ অৰ্পণ কৰি আমিবিলাক নিশ্চিন্তে থাকিব পাৰোঁ৷ পৰিবৰ্তে আমিবিলাকে এক সমান্তৰাল সামাজিক নেতৃত্ব গঢ়াৰ কামত মনোনিবেশ কৰিব পাৰোঁ৷ পৰিবেশ ৰচনা কৰাত উদ্যোগী হ’ব পাৰোঁ৷ এই কথা সত্য যে কেৱল মনোবাঞ্ছা বা ঘোষণা পত্ৰৰ দ্বাৰা পৰিবেশ ৰচনা নহয়৷ দশক যোৰা সাধনা-উদ্যোগ-পৰিকল্পনা লাগে৷ কিন্তু সাত সাবটি বহি নাথাকি উদ্যোগ আমি নিশ্চয় বহাগতে আৰম্ভ কৰিব পাৰোঁ৷
‘বহাগ মাথোঁঁ বিহুতলী নহয়..’, বিহুৰ ৰাজহুৱা উদ্যমক আমি সামাজিক নেতৃত্ব গঢ়া মঞ্চ কৰি গঢ়ি তুলিব পাৰোঁ৷ শিক্ষা, স্বাস্থ্য, ব্যৱসায়-উদ্যোগ, কলা-শিল্প, ক্ৰীড়া আনকি জন সংগ্ৰামৰ প্ৰতিটো খণ্ডতে নেতৃত্ব আৰু সেনানী গঢ়াৰ প্ৰবল ইচ্ছাৰে ভূপেন হাজৰিকাই কোৱাৰ দৰে ‘এন্ধাৰৰ ত্ৰাস’ কৰিবলৈ উদ্যোগ ল’ব পাৰোঁ৷ ৰাজনৈতিক হাই-উৰুমি এচামে কৰি থাকক, কিন্তু উদ্যম-সৃষ্টিশীলতাৰ এক ফল্গু ধাৰা বহাগতে বোৱাবলৈ এচামে পণ ল’ব লাগিব৷ অন্যথা যে মহাপ্ৰলয় হ’ব এনে নহয়—বিৱৰ্তন হৈ থাকিব, আমি সৃষ্টিশীল কেৱল এই উপলব্ধিহে নাথাকিব৷
No comments:
Post a Comment