ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Thursday, April 9, 2020

ক’ৰনাৰ পৰিণাম

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ, ২০২০

বিশ্বত ২৯ মাৰ্চলৈ ক’ৰনাত আক্ৰান্ত হোৱা সংখ্যা প্ৰায় ৬৮০,০০০ লৈ বাঢ়িছে, ৩২,০০০ জন মৃত্যমুখত পৰিছে। মৃত্যুৰ আপাত হাৰ ৫%। এই হাৰ প্ৰথম দৃষ্টিত ভয় লগা। এইটো প্ৰতিষ্ঠিত হৈছে যে ক’ৰনা অতিশয় সংক্ৰামক আৰু কেইবা গুণো অধিক সংক্ৰমণ ধৰা নপৰাকৈ আছে। ইটালী, য’ত এই আপাত মৃত্যুৰ হাৰ অতি বেছি (৯%), সেই দেশৰ অসামৰিক সুৰক্ষা এজেঞ্চিৰ প্ৰধানজনে ২৪ মাৰ্চত কৈছে যে দৰাচলতে ইটালীত সংক্ৰমণ হোৱা কিন্তু ধৰা নপৰা লোকৰ সংখ্যা অন্ততঃ ১০গুণ বেচি। এই ধৰা নপৰাৰ সংখ্যা দৰাচলতে ইয়াতকৈও কেইবাগুণো বেচিহে হব, কম নহয়। এইটো কোনো অস্বাভাৱিক কথা নহয়। শ্বাসজনিত সাধাৰণ বেমাৰ কৰা যি কোনো এবিধ ভাইৰাছ অতি সংক্ৰামক হয়। চীনৰ যুহানৰ অভিজ্ঞতাৰ পৰা আমি জানো ধৰা পৰা বেমাৰীৰ সকলৰ মাজত ৯১%ৰ সাধাৰণ অসুখ হৈছিল। ১৪%ৰ গুৰুতৰ আৰু ৫%ৰ সংকতজনক হৈছিল। যেতিয়া বীজাণু এবিধে সাধাৰণ অসুখ কৰে (বা লক্ষণ নেদেখুৱায়) আৰু বিয়পি পৰাৰ ধৰণটো অতি সহজ হয় (যেনে শ্বাসজনিত) তেনেহ’লে এই বাজানু অতি সংক্ৰামক হয়। এইবোৰক সফল বীজাণু বুলি কোৱা হয়। ক’ৰনা এই ধৰণৰ এটা সফল বীজাণু। সফল বীজাণুৱে ই সংক্ৰমণ কৰা মানুহজনক বা বাহকজনক নামাৰে। কাৰণ এনে কৰিলে ই বিয়পিব নোৱাৰে। অৰ্থাত ব্যাপক সংক্ৰমণ আৰু গুৰুতৰ ৰোগ কৰা এই দুই প্ৰৱনতাৰ মাজত সফল বীজাণুবিধে এটা ভাৰসাম্য ৰক্ষা কৰিব লগা হয়। গুৰুতৰ ৰোগ কৰি বাহকজনক মাৰিলে ই বিয়পি পৰাৰ সুবিধা হেৰুৱাব লগা হয়। ইবোলা অতি সংক্ৰামক, কৰোনাতকৈও অধিক, কিন্তু ই বাহকজনক মাৰি পেলায় (৫০% মৃত্যুৰ হাৰ)। সেয়ে ইমান সংক্ৰামক হোৱা স্বত্বেও অধিক বিয়পাৰ সুবিধা নাপায়। যিহেতু ক’ৰনা ইমান বিয়পি পৰিছে, ই গুৰুতৰ ৰোগ হব নোৱাৰে। আমি যদি অতি সংৰক্ষণশীলভাৱেও ক’ৰনা ১০ গুণ অধিক বিয়পিছে বুলি ধৰোঁ, তেনেহলে আমি যি আপাত মৃত্যুৰ হাৰ দেখিছোঁ সেইটো অতিৰঞ্জিত। বিশ্ব সাপেক্ষে এই হাৰ ০.৫% আৰু ইটালী সাপেক্ষে ১% লৈ ততালিকে নামি আহিব। আমি প্ৰকৃত হাৰ পাবলৈ পেনডেমিক শেষ হোৱালৈ অপেক্ষা কৰিব লাগিব।

যি কোনো বীজাণুৱে কৰাৰ দৰে ক’ৰনাইও দুৰ্বলজনকতহে গুৰুতৰভাৱে আক্ৰান্ত কৰে, ষেনে, বয়সস্থ অথবা পূৰ্বৰে পৰা গুৰুতৰ ৰোগত ভোগী থকা সকল। য়ুহানত গুৰুতৰ অসুখ কৰা ১৪%ৰ ভিতৰত ৭০-৮০ বছৰৰ ভিতৰত ৮% আৰু ৮০ বছৰৰ অধিক ১৫% আছিল। প্ৰতি বীজাণুৰ ক্ষেত্ৰতে ব্যতিক্ৰম থাকে আৰু একেবাৰে অনাকাংক্ষিতভাৱে কেতিয়াবা সুস্থ-সবল কম বয়সীয়া এজনকো গুৰুতৰভাৱে আক্ৰান্ত কৰিব পাৰে।

ইমান সংক্ৰামক হোৱা স্বত্বেও ক’ৰনা একেখন দেশৰ ভিতৰতে সমভাৱে বিয়পি পৰা নাই। ডিচেম্বৰৰ শেষৰ পিনে আৰম্ভ হোৱা এই সংক্ৰমণ জানুৱাৰীৰ শেষৰ পিনে য়ুহানত প্ৰকট ৰূপ ধাৰণ কৰে। ২৩ জানুৱাৰীত য়ুহান ‘লক-ডাউন’ আৰম্ভ হয়। ‘লক-ডাউন’ৰ উদ্দেশ্য হৈছে আক্ৰান্ত অঞ্চলটোৰ পৰা অহা-যোৱা সম্পূৰ্ণ বন্ধ কৰি দিয়া। চীনত ধৰা পৰা ৮১৯৬১ আক্ৰান্তৰ ভিতৰৰ ৬৭,৮০১ (৮৩%) জনেই হুবেই প্ৰভিঞ্চৰ মূলতঃ য়ুহান চহৰৰ। য়ুহান চহৰ আছিল এই মহামাৰীৰ অভিকেন্দ্ৰ। ঠিক তেনেদৰে ইটালীৰ ক্ষেত্ৰত অভিকেন্দ্ৰ হৈছে উত্তৰ ইটালীৰ লম্বাৰ্ডি অঞ্চলৰ লদি ৰাজ্যৰ ১১খন পৌৰনিগম। ইয়াত ২১ ফেব্ৰুৱাৰীৰ পৰা ‘লক-ডাউন’ দিয়া হৈছে, যি ৮ মাৰ্চত সমগ্ৰ লম্বাৰ্ডি আৰু ৯ মাৰ্চত সমগ্ৰ ইটালীত প্ৰযোজ্য কৰা হয়। ইটালীতো প্ৰায় ৫০% সংক্ৰমণ লম্বাৰ্ডি অঞ্চলতে সীমাবদ্ধ। আমি আমেৰিকাৰ ক্ষেত্ৰতো একে পৰিঘটনাই দেখিছোঁ। এতিয়ালৈ ৮৩,৪১৭ টা সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে ৪৫% নিউইয়ৰ্ক ৰাজ্যত। আমেৰিকা ৫০খন ৰাজ্যৰে এখন বিশাল দেশ। আজি আমেৰিকাত এই সংক্ৰমণ চীনতকৈও অধিক। অৰ্থাত আমি প্ৰতি দেশতে সংক্ৰমণৰ এটা এটা অভিকেন্দ্ৰ লক্ষ্য কৰিছোঁ যৰ পৰা হয়তো একাধিক ঠাইত সংক্ৰমণৰ বীজ বিয়পি তুলনামূলকভাৱে সৰু সৰু অভিকেন্দ্ৰ কৰিছে। ‘লক-ডাউন’কে ধৰি চৰকাৰী জনস্বাস্থ্যৰক্ষা বিধিসমূহে সংক্ৰমণৰ গতি মম্থৰ কৰিবলৈ আৰু সংক্ৰমণ মূলতঃ অভিকেন্দ্ৰৰ পাৰ্শ্ববৰ্তী অঞ্চলবোৰতে সীমাবদ্ধ কৰি ৰখাত সমৰ্থ হৈছে। তৰোপৰি লক্ষণীয় যে ই বিশ্বৰ সকলো দেশতে সমান ধৰণে বিয়পিব পৰা নাই। যদিও বনজুইৰ দৰে বিয়পি পৰিছে ইত্যাদি কাব্যিক অভিব্যক্তি প্ৰয়োগ কৰা হয়। মই এই সাহিত্যৰ বাহিৰে বাস্তৱিক আলোচনাত ধৰণৰ উপমা প্ৰয়োগৰ বিৰোধী। কাৰণ ই জনসাধাৰণক তথ্যৰ পৰিবৰ্তে বিমূৰ্ত ধাৰণা এটাহে দিয়ে যিটো ক্ষতিকৰ। ৰাজনৈতিক ক্ষেত্ৰতো উপমা প্ৰয়োগৰ দুৰ্বলতাই কৰা ক্ষতি আমি দেখিছোঁ। ভাইৰাছ এটা কিমান দ্ৰুতগতিত বিয়পিব তাৰ কাৰক একমাত্ৰ ভাইৰাছটোৰ নিজা গুণাগুণ নহয়। ভাইৰাছটোৰ সংক্ৰমণৰ প্ৰাবল্য সকলো দেশ‌ত একে নোহোৱাৰ কাৰ‌ণ স্থানীয় বাতাবৰণ, জনগাঠণীৰ তাৰতম্য ইত্যাদি অন্যান্য কাৰক। প্ৰতিকূল বাতাবৰণে ভাইৰাছৰ সংক্ৰমণৰ গতিবেগ কম কৰে।‌‌‌ গতিবেগৰ প্ৰাবল্যইহে ‘এপিডেমিক’ হ'ব নে নহয় নিৰ্ধাৰণ কৰে। এজন সংক্ৰমিত লোকে গড়ে আন কেইজনক সংক্ৰমণ কৰিব সেইটোক বীজাণু এটাৰ পুনৰূতপাদনশীল (Reproductive – R0) সংখ্যা বুলি কোৱা হয়। যত যত ক’ৰনাৰ দ্ৰুত সঞ্চাৰ হৈছে তাত R0 ২-৪ৰ ভিতৰত। অৰ্থাত এজনে আৰু ২-৪ জনক সংক্ৰমণ কৰিছে। এই সংখ্যা ১ তকৈ কম আহিলেহে বীজাণুৱে গতিবেগ ল’ব নোৱাৰে। এইটো পৰিলক্ষিত হৈছে যে ভাইৰাছটোৱে উত্তৰ গোলাৰ্ধৰ ৩০-৫০ ডিগ্ৰী অক্ষাংশৰ ভিতৰতহে 'কমুউনিটি ট্ৰেঞ্চমিছন' কৰিবলৈ সক্ষম হৈছে য'ত তাপমান ৫-১১ ডিগ্ৰী ছেণ্টিগ্ৰেড আৰু আদ্ৰতা ৪৭-৭৯% ভিতৰত যিটো ক’ৰনাৰ সংক্ৰমৰ বাবে অনূকুল। ভাৰতকে ধৰি এই বলয়টোৰ বাহিৰৰ দেশবোৰত 'এপিডেমিক' আৰম্ভ নোহোৱাৰ কাৰণ কাৰণ বা ব্যাখ্যা এইধৰণে দিয়া এই ভাইৰাছ ভ্ৰমণকাৰীয়েহে আৰম্ভণীৰে পৰা কঢিয়াই আনি থকা স্বত্বেও প্ৰতিকূল জলবায়ুৰ (R0 সংখ্যাটো সৰু) কাৰণে সংক্ৰমণে গতিবেগ ল’ব পৰা নাই আৰু ব্যাপক সঞ্চাৰ হোৱা নাই। নিকট সম্পৰ্কত অহা দুই-চাৰিজনলৈ অৱশ্যেই সংক্ৰমণ হৈছে কাৰণ ই অতি সংক্ৰামক। মেৰিলেণ্ড ইউনিভাৰ্ছিটি (http://dx.doi.org/10.2139/ssrn.3550308)ৰ আৰু আন আন বিজ্ঞানীৰ দলে কেইবাখনো পত্ৰৰ দ্বাৰা এই পৰ্যবেক্ষণ আগবঢ়াইছে।

ইটালীত প্ৰথমটো 'কেচ' ২২ জানুৱাৰীত ওলাইছিল আৰু ভাৰতত ৩০ জানুৱাৰীত। ইটালীত প্ৰায় ৪ সপ্তাহৰ ভিতৰতে দৈনিক বাঢ়ি বাঢ়ি সৰ্বাধিক বৃদ্ধি এদিন ৭০০০ৰো বেচি হৈছিল। ভাৰতত প্ৰথমটো 'কেচ' ধৰা পৰাৰ দুমাহ হবলৈ হ'ল কিন্তু 'কমুউনিটি ট্ৰেঞ্চমিছন' হৈছে বুলি এতিয়াও নিশ্চিতি হোৱা নাই। ২৯ মাৰ্চ পৰ্যন্ত সংখ্যা তুলনামূলক হিচাপে নগণ্য, এহেজাৰৰ ওচৰা-ওচৰি, যিসকল মূলতঃ উভতি অহা ভ্ৰমণকাৰী আৰু তেওঁলোকৰ নিকট সংস্পৰ্শলৈ অহা লোক। ক’ৰনা হৈছে এবিধ আৱৰণী থকা ভাইৰাছ আৰু আৱৰণী নথকা ভাইৰাছৰ তুলনাত ঠুনুকা। জলবায়ু (তাপমান, আদ্ৰতা)ৰ উপৰিও বাহকৰ প্ৰতিৰোধ ক্ষমতা, লিংগ, বয়স, বংশগতি, পুষ্টি আদিৰ লগতে সংস্পৰ্শলৈ অহা সময়ত বীজাণুবিধৰ পৰিমান আৰু ই সঞ্চাৰ হবলৈ পোৱা সুবিধা আদি বহু কাৰক আছে যি বীজাণু বিধ সঞ্চাৰিত হ’বনে নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰি আন এক কাৰক হৈছে আমাৰ দেহত থকা ১০০ ত্ৰিলিয়ন উপকাৰী অনুজীৱৰ সমষ্টি যাক ‘মাইক্ৰবায়ম’ বুলি কোৱা হয়। আপোনালকে জানি আচৰিত হব যে আমি মূলতঃ অনুজীৱৰহে সমষ্টি। আমাৰ নিজা কোষ ৩৭ ত্ৰিলিয়নহে। বীজাণুসমূহো অনূজীৱ কিন্তু আমাৰ মাইক্ৰবায়ম’ৰ স্বাভাৱিক সদস্য নহয়।

বীজাণুৰ সঞ্চাৰ এটা অতি জটিল পৰিঘটনা। বিজ্ঞানীসকলে গাণিতিক প্ৰণালীৰে সঞ্চাৰৰ গতিবেগৰ ধাৰণা দিবলৈ আৰ্হি প্ৰস্তূত কৰে যাক ‘মডেলিং’ বুলি কোৱা হয়। এইধৰণৰ জটিল প্ৰক্ৰিয়াত আৰ্হি কৰোতে বিবেচনা কৰা কাৰক সমূহ ধ্ৰুবক নহয় বৰং পৰিস্থিতি অনুযায়ী গতিশীল হয়। সেয়ে বিজ্ঞানীসকলে ‘এনে হ’লে এনে ফলাফল বা তেনে হ’লে তেনে ফলাফল’ আদি একাধিক সম্ভাৱনা দাঙি ধৰে। কাৰক সমূহৰ প্ৰভাৱ আৰু গাণিতিক মানৰ ইমান অনিশ্চয়তা থাকে আৰু এইবোৰ ইমান গতিশীল যে আৰ্হি এটাক নিশ্চিত ভৱিষ্যতবাণী বুলি ধৰিব পৰা নাযায়। আৰ্হি সদায় বাস্তৱিক নহয়, গাণিতিক ভাৱেও নিখুঁট নহয়। উদাহৰণ স্বৰূপে আৰ্হি এটাই জলবায়ুক কাৰক হিচাপে নলবও পাৰে (কাৰণ সকলো বীজাণুৰ ক্ষেত্ৰত ই হয়তো প্ৰভাৱশালী কাৰক নহয়)। ল’লেও তাপমানৰ সামান্য পৰিবৰ্তনেই যে বিৰাট ব্যৱধান কৰিব পাৰে সেইটো আৰ্হিটোৱে বিবেচনা নকৰিবও পাৰে। আৰ্হিসমূহ সৰল কৰি ৰখাটোও প্ৰয়োজনীয় অথচ এইটো কৰিবলৈ যাওঁতে জটিল প্ৰক্ৰিয়া এটাৰ সকলো দিশ সাঙুৰি লোৱাটো অসম্ভৱ হৈ পৰে। এই আৰ্হিসমূহ হৈছে নীতি-নিৰ্ধাৰণৰ ভুমিকাত থকাসকলৰ বাবে আন এটা সহায়ক আহিলাহে। আজি যদি এই ধৰণৰ আৰ্হিৰ অনিশ্চয়তা ভৰা ফলাফলক ভবিষ্যতবাণী বুলি দাঙি ধৰা হয় মানুহে ভয় খোৱাটো স্বাভাৱিক। ক’ৰনা সম্পৰ্কীয় আৰ্হিবোৰ কিমান সঠিক সময়তহে গম পোৱা যাব। জন হপকিন্ছ বিশ্ববিদ্যালয়ে কৰা এনে এটা আৰ্হি অনুযায়ী ভাৰতত মে’ মাহৰ ভিতৰত ১০০,০০০ (ভাল পৰিস্থিতিত)ৰ পৰা ১৩ লাখ (বেয়া পৰিস্থিতিত) পৰ্যন্ত সংক্ৰমণ ধৰা পৰিব পাৰে। এই ধৰণৰ আৰ্হিয়ে চৰকাৰক বেয়া পৰিস্থিতি এটাৰ পৰিণাম মোকাবিলা কৰিবলৈ অনুৰূপ ব্যৱস্থা সাজু কৰি তুলিবলৈ পৰিকল্পনাত নিশ্চয়কৈ সহায় কৰিব। যেনে কিমান অতিৰিক্ত চিকিৎসালয়ৰ বিচনা সাজু কৰি তুলিব লাগিব। এই ক্ষেত্ৰত চীনৰ অভজ্ঞতাৰ পৰা আক্ৰান্তসকলৰ ৯% গুৰুতৰ ৰোগ হলেও বেয়া পৰিস্থিতি সাপেক্ষে আমাক ১১৭,০০০ (১৩ লাখ আক্ৰান্তৰ ভিতৰত) বিচনা লাগিব। বেয়া পৰিস্থিতি হ’বই সেইটো অৱধাৰিত নহয়।

সম্প্ৰতি বিশ্ববাসী ক’ৰনাক লৈ উদ্বিগ্ন আৰু আতংকিত হৈ আছে। ইয়াত মনঃস্তত্ব আছে, মই পূৰ্বৰ লিখাটোত উল্লেখ কৰিছোঁ। কাকতলীয়ভাৱে ক’ৰনাৰ ঘটনাটোৰ ঠিক আগে আগে কেমব্ৰীড্জ বিশ্ববিদ্যালয়ৰ ষ্টিভেন টেইলৰৰ The Psychology of Pandemics: Preparing for the Next Global Outbreak of Infectious Disease শীৰ্ষক কিতাপখন প্ৰকাশিত হৈছে। ইয়াত টেইলৰে মহামাৰীৰ প্ৰতি মানুহে কেনে ধৰণে প্ৰতিক্ৰিয়া কৰে আৰু কেনেকৈ এজনৰ পৰা আনজনলৈ এই ব্যৱহাৰ বিয়পি পৰে আলোচনা কৰিছে। ভয় হৈছে মনত উদয় হোৱা কোনো এক সম্ভাব্য বিপদৰ প্ৰতি আবেগিক, ব্যৱহাৰমূলক আৰু শাৰিৰীক প্ৰতিক্ৰিয়া যাৰ জৰিয়তে মানুহজনে সকাহ লাভ কৰে। ভয়ে নিৰাপত্তা বিচাৰিবলৈ প্ৰবৃত্ত কৰে আৰু এইটোৱেই ইয়াৰ উপযোগিতা। কিন্তু ভয় যেতিয়া চৰম আৰু নেৰানেপেৰা হয় বা বিপদ নায়েই তেতিয়া ভয় সমস্যা হৈ উঠে। আমাৰ যুক্তিপূৰ্ণ মনটোৱে এক ধৰণে কয় কিন্তু আদিম ভীতিসন্ত্ৰস্ত মনটোৱে, উদাহৰণস্বৰূপে, কয় বিপদ আহি আছে, প্ৰয়োজনীয় সামগ্ৰী মজুত কৰা। যেতিয়া এজনে এনে এক কাৰ্য আৰম্ভ কৰে এজন এজনকৈ বাকীসকলেও নিজা বুদ্ধি একাশৰীয়া কৰি একে ব্যৱহাৰ আৰম্ভ কৰে। এইবেলি আমি এই সামূহিক ভয়ৰ পৰিণতি দেখিছোঁ। তথাকথিত বিজ্ঞান-মনস্ক পশ্চিমীয়া সমাজত মই মানুহে কেনেকৈ বস্তু মজুত কৰিছে দেখি ত্ৰাহি মানিছোঁ। অচিনাকীৰ পৰা বা অনিশ্চয়তাভৰা পৰিস্থিতিত বিপদ দেখিলে মানুহে হিতাহিত বিবেচনা হেৰুৱাই এনেধৰণৰ আচৰণ কৰে। ক’ৰনা অচিনাকী, অনিশ্চয়তাৰে ভৰা। এইটোও মানুহৰ একধৰণৰ মনঃস্তত্ব যে বেমাৰ-আজাৰৰ বীজাণু অচিনাকিৰ পৰা আহে আৰু আমি সাৱধানে থাকিব লাগে। চীনামূলৰ লোকৰ প্ৰতি সদ্যহতে দেখা পোৱা দ্বেষৰ কাৰণো এইধৰণৰ মনঃস্তত্ব। এইটোও ঠিক যে ইয়াৰ মাজত বহুলোক প্ৰয়োজনীয়ভাৱে সাৱধান হৈ সম্ভাব্য পৰিস্থিতি মোকাবিলাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি সাজু হৈছে। উৰাবাতৰিত বিশ্বাস কৰা নাই বা বিয়পোৱা নাই।

এনে এক সামূহিক ভীতি-সন্ত্ৰস্ত পৰিস্থিতিত চৰকাৰৰ বাবে কৰণীয় বৰ জটিল হৈ উঠে। ক’ৰনাই কৰা ধৰণৰ মহামাৰী নিয়ন্ত্ৰণৰ বাবে প্ৰমাণসিদ্ধ আহিলা আছে। পূৰ্বেও মহামাৰী হৈছে। য’ত (অভিকেন্দ্ৰ) আৰম্ভ হৈছে তাৰ পৰা যাতে বেমাৰ লৈ কোনো আহিব নোৱাৰে তাৰ ব্যৱস্থা (য়াতায়ত বন্ধ) বা অহাসকলক চিনাক্ত কৰি নিৰ্দিষ্ট সময়ৰ বাবে নিলগত ৰখা (স্ক্ৰীনিং আৰু কোৱাৰেন্টিং) যাতে সংক্ৰমণ নহয় ইত্যাদি। যদি ৰোগ ইতিমধ্যে বিয়পাৰ প্ৰমান পোৱা গৈছে তেতিয়া সামাজিক দূৰত্ব, হাতধোৱা (এনেও ই এক স্বাস্থ্য বিধি) ইত্যাদি। ‘লক-ডাউন’ এক চৰম ব্যৱস্থা। এইবোৰেৰে পৰিস্থিতি নিয়ন্ত্ৰণহে হয়। ঔষধ আৰু প্ৰতিষেধক যঠেষ্ট সহায়ক যি এই ক্ষেত্ৰত উপলব্ধ নহয়। এই ব্যৱস্থাবোৰে বীজাণুৰ গতিবেগ কমাব পাৰে যাতে দেশৰ কাঠামোটোৱে পৰস্থিতি চম্ভালিব পাৰে। কিন্তু মহামাৰীটোৱে দ্ৰুত হওক অথবা মন্থৰ নিজস্ব গতিপথ ল’ব আৰু অৱশেষত শাম কাটিব। ডাইমণ্ড প্ৰিঞ্চ নামৰ জাহাজখনত ক’ৰনাই মুঠ ৩,৭১১জন যাত্ৰী আৰু কৰ্মচাৰীৰ ভিতৰত ৭১২জনকহে আক্ৰান্ত কৰিছিল। জাহাজ এখন হৈছে এখন চুবুৰী সদৃশ। অৰ্থাত পূৰ্ব ক’ৰনা-নিৰ্দিষ্ট প্ৰতিৰোধ নথকা স্বত্বেও এটা ঠেক পৰিসৰত থকা আটাইকে ক’ৰনাই সংক্ৰমণ কৰা নাছিল। য়ুহানৰ অভিজ্ঞতাৰ পৰা দেখা গৈছে ক্ৰমে বাঢ়ি বাঢ়ি তুংগত উঠি আকৌ ক্ৰমে কমি আহি শাম কটা এই প্ৰক্ৰিয়াটো প্ৰায় ৮-১০ সপ্তাহ জোৰা। ইটালীকে আদি কৰি আন দেশবোৰতো এনে ধৰণৰ এটা গতিপথ মহামাৰীটোৱে ল’ব বুলি ধাৰণা কৰিব পাৰি।

কিন্তু জনসাধাৰণৰ মনোবল গঢ়ি বা সুস্থিৰ কৰি তুলিবলৈ চৰকাৰে ৰাইজক আশ্বস্ত কৰিবলৈ কেতবোৰ অতিৰিক্ত ব্যৱস্থা ল’ব লগা হয়। যেনে চিকিৎসালয়ৰ বিচনাৰ বন্দবস্ত। ই এক প্ৰয়োজনীয় ব্যৱস্থা। কিন্তু অৱাস্তব বা অপ্ৰয়োজনীয় ব্যৱস্থাই দৰাচলতে অপূৰণীয় ক্ষতি কৰিব পাৰে। উদাহৰণ স্বৰূপে এজন খ্যাতনামা ভাৰতীয় চিকিৎসকে কৈছে যে ক’ৰনাৰ পৰা হোৱা মৃত্যুৰ হাৰৰ হেনো দেশ এখনত থকা ভেন্টিলেটৰৰ সংখ্যাৰ সৈতেহে সম্পৰ্ক আছে। জাৰ্মানীত ভেন্টিলেটৰ সৰহ সেয়ে কম মৰিছে, ইটালী আৰু স্পেইনত কম সেয়ে বেচিকৈ মৰিছে। এই ধৰণৰ অৰ্ধ-বিজ্ঞানীৰ অপব্যাখ্যাই চৰকাৰৰ উপৰত অযথা চাপ পেলায় আৰু ভাৰতত দৰে দেশ এখনক প্ৰাথমিক কৰণীয়ৰ পৰা আঁতৰাই গৌন কামত প্ৰবৃত্ত কৰাব পাৰে যাৰ পৰা ক্ষতি অধিকহে হ’ব পাৰে। জৰুৰীকালীন সময়ত সম্পদৰ অভাৱ হয়, সম্পদৰ প্ৰয়োগ প্ৰাথমিক কামত অগ্ৰধিকাৰ পাব লাগিব। ধৰি ল’লো যুদ্ধকালীনভাৱে ভেন্টিলেটৰ বনালেই যেনিবা। ভেন্টিলেটৰবোৰ কোনে চলাব? প্ৰশিক্ষিত লোক ক’ত? তৰোপৰি ভেন্টিলেটৰৰ পৰাহে ইনফেকচন হৈ চেপচিচ হৈ অধিক মৰিব সেই কথাটোও বিচাৰ্য নহয় নে? দৰাচলতে ভেন্টিলেটৰ আৰু ক’ৰনাত হোৱা মৃত্যুৰ সংখ্যাৰ কোনো সম্পৰ্ক নাই। যি কাৰণতেই নহওক কিয় জাৰ্মানীত ক’ৰনাত আক্ৰান্ত হোৱাসকল ইটালী আৰু স্পেইনৰ তুলনাত কম বয়সীয়া, সেয়ে মৃত্যুৰ হাৰ তুলনামূলকভাৱে কম হৈছে। চেপচিচৰ কথা উল্লেখ হোৱাত এই সম্পৰ্কীয় এটা পৰিসংখ্যা দিছোঁ। পৃথিৱীত বছৰি ৪.৮৯ কোটি মানুহৰ চেপচিচ হয় আৰু ইয়াৰে ১.১ কোটি মৰে (২০১৭ চনৰ হিচাপ)। চেপচিচত মৃত্যুৰ হাৰ ২২%। এই মৃত্যু হ’ব লগা মৃত্যু নহয়। চিকিৎসালয়ত থকা বীজাণুৱে আক্ৰান্ত কৰাতহে এনে হয় অৰ্থাত দৈনিক ৩০ হেজাৰ মানুহ মৰে। সেই চিকিৎসকজনে এতিয়া ভেন্টিলেটৰ বনাবলৈ হেচা দিয়া নে নমৰিবলগীয়া ৰোগীক চেপচিচৰ পৰা উদ্ধাৰৰ ব্যৱস্থা লোৱা উটিত হ’ব? এই ক’ৰনা সংকতৰ সময়চোৱাত হৃদৰোগত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা কমা নাই। কেঞ্চাৰ ৰোগীৰ চিকিৎসাও পলম কৰি ৰাখিব নোৱাৰি। প্ৰতিটো কাৰকে কৰা মৃত্যুৰ হাৰ একে হৈ আছে। ক’ৰনাত হোৱা মৃত্যু এই পৰ্যন্ত তুলনামূলকভাৱে নগন্য। আমি প্ৰতিটো বাধা দিব পৰা মৃত্যুক যি কোনো সময়ত বাধা দি থাকিব পাৰিব লাগিব। ক’ৰনাত হোৱা মৃত্যুৰ সংখ্যা কমাবলৈ যাওঁতে আন কাৰণত হোৱা মৃত্যুৰ সংখ্যা বাঢ়িব নালাগিব। অথচ বহুদেশত এনে হৈছে- এয়া এক পৰিহাস। এনে পৰিস্থিতিত অবাস্তব আকাংখা, দাবি আৰু হেচা অ।শোভনীয়। আমি শিকণীয়খিনি শিকিব লাগিব। আজি ভাৰতত স্থানী. সংক্ৰমণ নোহোৱা স্বত্বেও ‘লক-ডাউন’ দিয়া হৈছে। ই অতি সাৱধানী আগতীয়াকৈ লোৱা ব্যৱস্থা। চীনত কেৱল অভিকেন্দ্ৰ য়ুহান আৰু হুবেই প্ৰভিঞ্চতহে ‘লক-ডাউন’ দিয়া হৈছিল।

ক’ৰনাৰ প্ৰতি আমাৰ অভূতপূৰ্ব প্ৰতিক্ৰিয়াৰ পৰিণতি কি হ’ব এই আলোচনা বহু দিনলৈ পেলাই থব পৰা বিষয় নহয়। ‘ক’ৰনা উত্তৰ’ আগন্তুক সময়চোৱাত ক’ৰনাই কৰা বা কৰিব পৰা ক্ষতিতকৈ বেচি ক্ষতি নহওক এই কথা আজি এই মূহুৰ্তত ন দি ক’ব পৰা নাযায়। বিশ্বজুৰি অৰ্থনৈতিক মণ্ডাৱস্থা, খাদ্য-সংকট, নিবনুৱা-সমস্যা কেনেকৈ মোকামিলা কৰিম তাৰ প্ৰস্তুতি লাগিব। ইতিমধ্যে দেশসমূহে বৃহৎ ধনৰাশী উপলব্ধ কৰিছে। কিন্তু ‘ক’ৰনা উত্তৰ’ সময়টোৱা অতিশয় কঠিন হ’ব।

No comments:

Post a Comment