‘নিয়মীয়া বাৰ্তা’, ১২ অক্টোবৰ ২০১৬
ভাৰতীয় নাগৰিকত্ব আইনৰ সংশোধনীক লৈ প্ৰকাশিত দুই-চাৰিটা মতামত জুকিয়াই আলোকপাত কৰাৰ চেষ্টা কৰিছোঁ। বস্তুনিষ্ঠ হ’ব বুলি মই দাবী নকৰোঁ― মোৰ নিজা মতামতৰ প্ৰভাৱ নিশ্চয় পৰিব। কোনটো স্থিতি শুদ্ধ বা অশুদ্ধ অবান্তৰ, কিন্তু সাধুভাবেৰে একাধিক চিন্তা-ধাৰণা বুজিব পৰাটো আত্মঘাতী প্ৰৱণতা থকা আমাৰ জাতিটোৰ পক্ষে মংগলজনক হ’ব। সাম্প্ৰতিক সময়ৰ স্বনামধন্য দুই পুৰোধা ব্যক্তি হোমেন বৰগোহাঞি ছাৰ নগেন শইকীয়া ছাৰৰ ২৬ ছেপ্টেম্বৰৰৰ ক্ৰমে ‘নিয়মীয়া বাৰ্তা’ আৰু ‘আমাৰ অসম’ত প্ৰকাশিত ‘অসমত বাঙালীৰ সংস্থাপন’ আৰু ‘অসম আৰু অসমীয়াক বলিশাললৈ নেঠেলিব’ শীৰ্ষক লেখা দুটাত ফুটি উঠা উদ্বিগ্নতাই আমাকো ভবাই তুলিছে। এই দুগৰাকী পুৰুষ সাম্প্ৰতিক অসমৰ বিবেকস্বৰূপ। তেখেতসকলৰ অনুভৱ আৰু অভিজ্ঞতা আমাৰ বাবে গুৰুত্বপূৰ্ণ। অন্য এক দৃষ্টিকোণ দাঙি ধৰিলে তেখেতসকলৰ অনুভৱক অসন্মান কৰা নহ’ব। প্ৰয়াত পিতৃদেৱৰ সৈতে কেতিয়াবা একোটা বিষয়ক লৈ তুমুল তৰ্ক কৰিছিলোঁ। নিজেও উপকৃত হৈছিলোঁ, পিতৃৰ স্নেহো সামান্য হ্ৰাস হোৱা নাছিল।
বৰগোহাঞি ছাৰে অসমীয়াৰ ন্যায্যপ্ৰাপ্য শোধনাগাৰকেইটা অসমবাসীয়ে কেনেকৈ তিক্ততাৰে দাবী-সংগ্ৰাম কৰি কাঢ়ি আনিবলগীয়া হৈছিল আক্ষেপেৰে কৈছে। সেই সময়ৰ দুই কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰদৰ্শন কৰা অৱহেলাৰ মনোভাবে অসমবাসীৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱ উদাহৰণৰূপে দাঙি ধৰিছে। কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া আৰু অৱজ্ঞাসূচক মনোভাবকেই বিচ্ছিন্নতাবাদী সত্তাটোৰ কাৰণ ঠাৱৰ কৰিছে। উল্লিখিত নাগৰিকত্ব আইনখনৰ সংশোধনৰ দ্বাৰা অসমত ‘বিশ লাখ’ হিন্দু বাঙালীক সংস্থাপন দিবলৈ কৰা ‘সিদ্ধান্ত’ৰ মাজত অশুভ ভৱিষ্যতৰ বীজ লুকাই আছে বুলি কৈছে। যড়যন্ত্ৰৰ ইংগিত আছে নেকি সংশয় প্ৰকাশ কৰিছে। এইধৰণৰ এটা আক্ষেপমূলক বৰ্ণন আমাৰ মাজত প্ৰচলিত আছে―সৰুৰে পৰা কেন্দ্ৰই অসমক মাহীআইৰ দৃষ্টিৰে চাই আমি শুনি আহিছোঁ। অৱচেতন মনত ইয়াৰ প্ৰভাৱ কিমান নাজানো, কিন্তু চেতন মনত মোৰ এটা আত্মবিশ্বাসী স্থিতি আছে। তেনেদৰে শইকীয়া ছাৰৰ কিছু নাটকীয় ‘অসম আৰু অসমীয়াক বলিশাললৈ নেঠেলিব’ শীৰ্ষক আচলতে তত্ত্বগধুৰ লিখাটো পৰিপূৰক। দুয়োটা লিখা একে দিনাই প্ৰকাশ হোৱাটো কাকতালীয়। কিন্তু অসমীয়াৰ মনস্তত্ত্ব আমি নিজেহে ভালকৈ বুজি উঠাৰ প্ৰয়োজনীয়তাৰ কথাকে সূচাইছে। অন্ততঃ মই তেনেদৰে ভাবিছোঁ। শইকীয়া ছাৰে জাতি গঠনত ধৰ্মতকৈ ভাষাৰ প্ৰাধান্য উপস্থাপন কৰিছে। ভাষাৰ ক্ষেত্ৰত ১৮০ বছৰৰ আগৰ পৰা অসমীয়াই ভুগি অহা অভিজ্ঞতাৰ পুনৰাবৃত্তি হ’লে অসমীয়াই চৰ-চাপৰিৰ প্ৰব্ৰজনকাৰীসকলকে ভাষাটোৰ তাগিদাত আঁকোৱালি ল’ব বুলি ভয় প্ৰকাশ কৰিছে। এই সংশোধনী গ্ৰহণ হ’লে বিদেশীৰ পৰিচয় ধৰ্মভিত্তিক হৈ ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত আঘাত লগাৰ লগতে অসমত অসমীয়া ভাষিক সংখ্যালঘু হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে। অসমীয়াৰ আতংক দুয়োজনে উদ্বিগ্নতাৰে লক্ষ্য কৰিছে। ইয়াৰ মাজতে এই দুই বিবেক প্ৰহৰীৰ মানৱদৰদী মনটোও মই লক্ষ্য কৰিছোঁ। অসমত বিচ্ছিন্নতাবাদৰ সুপ্ত সত্তা এটা নথকা হ’লে বা বানপানী-গৰাখহনীয়াই গৃহহীন কৰা লাখ লাখ মানুহক সংস্থাপন দিবলগীয়া প্ৰাথমিকতা নথকা হ’লে বৰগোহাঞি ছাৰৰ স্থিতি হয়তো আনধৰণৰ হ’লহেঁতেন― এনে এক ইংগিত মই দেখা পাইছোঁ। হিন্দু নে মুছলমান, বাঙালী নে বিহাৰী গুৰুত্বপূৰ্ণ বিবেচনা নহয়―তেখেতে একেটা উশাহতে কৈছে। শইকীয়া ছাৰেও এই ‘বিশ লাখ’ শৰণাৰ্থী ভাৰতৰ ২৯ খন ৰাজ্যই ভগাই লোৱাৰ সমাধান দিছে।
একেলগে আমি অসম আন্দোলন কৰা বন্ধু ব্ৰজেন ডেকাই ৯ ছেপ্টেম্বৰৰ ‘অসমীয়া খবৰ’ত ‘অসমীয়া জাতীয়তাবাদী শিবিৰ দিল্লীৰ বহতীয়া হ’ল’ শীৰ্ষক লেখাটোত এমুঠিমান অসমীয়া মানুহক দেশী-বিদেশী প্ৰায় ২৫ কোটি বঙালীভাষীয়ে আগুৰি ৰাখিছে বুলি শংকা ব্যক্ত কৰিছে। বাংলাদেশৰ ১ কোটি ৭০ লাখ বঙালীভাষী হিন্দু অসমত থিতাতে আহি ওলাবহি বুলি ত্ৰাসিত হৈছে। ভাৰতীয় নেতৃবৰ্গৰ প্ৰতি চৰম অবিশ্বাস আৰু বিৰূপ মনোভাব ফুটি উঠিছে। এবাৰ সাপে খুঁটিলে লেজুলৈকো ভয়— এইষাৰি আপ্তবাক্যৰ মহিমা সাব্যস্ত হৈছে।
৭ ছেপ্টেম্বৰৰ ‘নিয়মীয়া বাৰ্তা’ত শংকৰ দাসে ‘হিন্দু বঙালীৰ নাগৰিকত্ব, ঐতিহাসিক পটভূমি’ শীৰ্ষক লেখাটোৰে বিষয়টোত ৰাষ্ট্ৰীয়তাবাদী দৃষ্টিকোণেৰে আলোকপাত কৰিছে। তেখেতে বস্তুনিষ্ঠভাৱে এইখন সংশোধনীৰ জৰিয়তে নতুনকৈ ২০/২৬ লাখ বঙালী হিন্দুক নতুনকৈ আনিবলৈ বা সংস্থাপন দিবলৈ দিহা কৰা হৈছে বুলি কৰা প্ৰচাৰক প্ৰত্যহ্বান জনাইছে। এই সংখ্যা বিভ্ৰান্তমূলক বুলি কৈছে। অসমীয়াৰ জাতীয় জীৱন সংকতাপন্ন হোৱাৰ কাৰণ বঙালী হিন্দু নহয় বুলি তথ্য-যুক্তি দিছে। দেশবিভাজনৰ পটভূমি, অভিজ্ঞতা আৰু সোঁৱৰণি মচি ১৯৪৭ চনত এখন নতুন ফলিত ভাৰতৰ ইতিহাস ৰচিব নোৱাৰি বুলি কৈছে। অবিভক্ত ভাৰতৰ যিসকল হিন্দু ধৰ্মাবলম্বী পৰিস্থিতিৰ বাধ্যবাধকতাত (পূৰ্ব)পাকিস্তানতেই থাকি যাবলগীয়া হৈছিল, কিন্তু আজি ৭০ বছৰৰ পাছতো নিৰ্যাতন ভুগি আছে―যি সাম্প্ৰতিক কালত বাঢ়িছেহে―তেওঁলোকক পৰিত্যাগ নকৰিবলৈ ৰাষ্ট্ৰীয়তাবাদীৰ সিদ্ধান্ত নীতিগত। সংবিধান শিলত খোদিত নহয়―গণতান্ত্ৰিক পদ্ধতিৰে প্ৰয়োজনীয় সংশোধনী অনা যায়। বিতাড়িত-নিৰ্যাতিত স্বধৰ্মীয়ক সহায় কৰাটো কৰ্তব্য। আধুনিক ইজৰাইল ৰাষ্ট্ৰ বা জাতি গঠনতো আমি ভাষাতকৈ ধৰ্মৰহে প্ৰাধান্যতা দেখো। দাসৰ এই স্থিতিত ষড়যন্ত্ৰ বা চিন্তাৰ দোমোজা দেখা পোৱা নাযায়। স্বৰাজোত্তৰ কালছোৱাত মতপ্ৰকাশ বা প্ৰভাৱ বিস্তাৰ কৰিবলৈ কৰিবলৈ সুযোগ নোপোৱা অবদমিত এই ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাই পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত মুকলি পৰিৱেশ পাইছে। অসমীয়াৰ জাতীয় সংকতৰ কাৰণ বাংলাদেশৰ পৰা হোৱা অনিয়ন্ত্ৰিত অবৈধ প্ৰব্ৰজন বুলি তেখেতে কৈছে। অসমীয়াৰ সংকটৰ নিজা দুৰ্বলতাজনিত কেতবোৰ কাৰণো আছে বুলি কৈছে― স্থানীয় জনগোষ্ঠীসমূহক নিজৰ লগত ৰাখিবলৈ অপৰাগতা আঙুলিয়াই দিছে। কিমানজন ভাষা-সংস্কৃতিৰ কাণ্ডাৰীৰ ল’ৰা-ছোৱালী অসমীয়া মাধ্যমত পঢ়িছে বুলি প্ৰশ্ন কৰিছে। দাসৰ লেখাটোৰ সৈতে প্ৰায় একমত প্ৰকাশ কৰি, কিন্তু এটা নতুন মাত্ৰা সংযোজনৰে ৫ অক্টোবৰৰ ‘নিয়মীয়া বাৰ্তা’ত ‘হিন্দু বঙালীৰ নাগৰিকত্ব’ শীৰ্ষক লিখাটোত ডঃ নলীন বৰঠাকুৰে সাধাৰণ অসমীয়াৰ বঙালীৰ সৈতে থকা প্ৰীতিভাব আৰু বঙালী হিন্দুৰ অসমীয়া ভাষা-সংস্কৃতিলৈ থকা অৱদানৰ কথা দোহাৰিছে। বহু বঙালী পৰিয়াল অসম এৰি ইতিমধ্যে গুচি যোৱাৰ কথা কৈছে। বাংলাদেশৰ গ্ৰাম্যাঞ্চলত হিন্দু যে নিপীড়িত সেয়া সত্য বুলি কৈছে। ভাষা বা ধৰ্ম বুলি নহয়, সংকটাপন্ন শৰণাৰ্থীক সহায় কৰাৰ মানৱীয়তাৰ মাত্ৰটো তেখেতে সংযোজন কৰিছে। নতুনকৈ আহিব বুলি ধাৰণা কৰা শৰণাৰ্থীৰ ক্ষেত্ৰতো মানৱীয়তাৰ আধাৰত ব্যৱস্থা লোৱাৰ কথা কৈছে, যদিও সংশোধন কৰিব ওলোৱা আইনখনৰে ইতিমধ্যে বসতি কৰি থকা শৰণাৰ্থীকহে নাগৰিকত্ব দিয়াৰ বিবেচনা কৰা হৈছে― দাসৰ লিখাত এইটো স্পষ্টকৈ ওলাইছে। বৰঠাকুৰে দাঙি ধৰা শৰণাৰ্থীক ভাষা-ধৰ্মৰে বিবেচনা নকৰি মানৱীয়তাৰ আধাৰত বিচাৰ কৰা নীতি সকলোৰে সমৰ্থনযোগ্য। বাংলাদেশৰ নিপীড়িত মানুহখিনি হিন্দু বা বংগভাষী সেয়া বিচাৰ্য নহয়। এই নীতি সভ্যতাৰ মান।
ইয়াৰ বিপৰীতে ১৪ ছেপ্টেম্বৰৰ ‘নিয়মীয়া বাৰ্তা’ত মথুৰা মোহন ডেকাৰ ‘আজিৰ অসমীয়াই নিজকে নবচালে অসমতে মগনীয়া হ’ব’ শীৰ্ষক লেখাটোৱে আন এটা দৃষ্টিকোণ দাঙি ধৰিছে। ধৰ্ম, ভাষা, জাত-পাত আদিক লৈ ডেকাৰ পক্ষপাতিত্ব নাই। অসমীয়াৰ উদাৰতাৰ কথাৰে আৰম্ভ কৰিছে― উদাৰতাৰ পৰশত বিশেষকৈ মুছলমানসকলে অসমীয়া ভাষা-সংস্কৃতি অন্তৰেৰে গ্ৰহণ কৰিছে, কিন্তু কৰিব খোজা নাই হিন্দু বাংলাভাষীসকলে। তেওঁলোক হেনো এতিয়াও উচ্চাত্মিকাত ভুগি আছে। অসমীয়াই ’৬০, ’৭২ আৰু ’৭৯ত কৰা আন্দোলন মূলতঃ অবৈধ বিদেশীৰ নহয়, বাংলাভাষীৰ বিৰুদ্ধেহে আছিল, ডেকাই তত্ত্ব দাঙি ধৰিছে। তথাপিও ভ্ৰাতৃঘাতী সংঘাতক লৈ তেওঁ চিন্তিত, যদিও বংগভাষীক ভ্ৰাতৃজ্ঞান কৰাৰ স্পষ্ট আভাস ফুটি উঠা নাই। হিন্দুত্ববাদৰ দৰ্শনৰ প্ৰতি তীব্ৰ শ্লেষোক্তিও কিবা কৰি বিষয়টোত একাকাৰ কৰি পেলাবলৈ সমৰ্থ হৈছে। জনসংখ্যা-নিবনুৱা সসম্যাক লৈ উদ্বিগ্ন হৈ পৰিছে―ভাৰত যে অখণ্ড হৈ নাথাকিব ভৱিষ্যদ্বাণী কৰি প্ৰায় উপলুঙা কৰিছে। কিন্তু ‘অসমীয়াই নিজকে কিদৰে বচাব’ সেই বিষয়ে মূল্যবান তেনেই সামান্যহে ডেকাই কৈছে। এই ধৰণৰ তীব্ৰ বঙালী বিৰোধী যুদ্ধংদেহী ভাষাপ্ৰেমিকৰ সংখ্যা অসমত কম হ’লেও আছে। বেচ কেইটামান মাহ পূৰ্বে নিয়মীয়া বাৰ্তাতে এজনে লিখিছিল যে শ্বহীদ অনিল বৰাৰ মৃতদেহৰ মুখত হেনো কোনোবা বঙালী গাভৰুৱে গৰম পানী ঢালি দিছিল― বঙালীসকল কিমান নৃশংস! এইটো পিছে লেখকৰ চাক্ষুষ সাক্ষী নাছিল, কাৰণ সেই সময়ত তেওঁ শিশু আছিল। কোনোবা আত্মীয়ৰ মুখেৰেহে শুনিছিল। পঢ়ি তবধ মানিছিলোঁ, এনে দায়িত্বজ্ঞানহীন সংঘৰ্ষ উচটনি দিব পৰা ভিত্তিহীন কথাও হেলাৰঙে ক’ব পাৰে।
ডঃ হীৰেন গোহাঁইদেৱে অসমৰ বাকপটু মন্ত্ৰীজনৰ (বহুকেইটা বিশেষণ দিছে, কিন্তু নামটো ল’বলৈ প্ৰবল অনীহা দেখুৱাইছে) উল্লিখিত আইনখনৰ সংশোধনক লৈ দিয়া এটা বক্তব্য পঢ়িবলৈ পাই তেখেতে ৩ অক্টোবৰৰ ‘আমাৰ অসম’ত দিয়া প্ৰতিক্ৰিয়াটোও কৌতূহল উদ্দীপক। তেখেতে পঢ়া একেখিনি বক্তব্য পঢ়ি মই মন্ত্ৰীজনৰ স্থিতি যি ধৰণে বুজিছিলোঁ― স্বাধীনতা পূৰ্ব অখণ্ড ভাৰতৰ বিদেশী হ’ব লগা হোৱা হিন্দু-শিখ ইত্যাদি ভাৰতীয় মূলৰ ধৰ্মীয় সন্ত্ৰাস-নিৰ্যাতনৰ বলি মানুহখিনিৰ প্ৰতি ভাৰত গণৰাজ্য দায়বদ্ধ। সন্ত্ৰাসৰ বলি এইখিনি মানুহৰ সহায়ৰ বাবে গণতান্ত্ৰিকভাৱে প্ৰয়োজনীয় সংবিধান সংশোধনী কৰি লোৱা হ’ব। সন্ত্ৰাস, আতংক, বিষম পৰিস্থিতিৰ বলি যি কোনো মানুহক শৰণ দিয়াটোও ভাৰতৰ দৰে দেশৰ দায়িত্ব― মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নোত্তৰত কৈছিল। থিতাতে সাংবাদিকক দিয়া প্ৰশ্নোত্তৰহে সম্পাদিত নহয় বাবে দুই-এটা উপমা-উদাহৰণ একেবাৰে খাপ হয়তো নাখালেও তেওঁৰ স্থিতি আছিল পৰিষ্কাৰ। কিন্তু মন্ত্ৰীজনৰ নীতিগত স্থিতিটো সম্বন্ধে মন্তব্য নকৰি আনুষংগিক কথাখিনিক কেন্দ্ৰ কৰি গোহাঁইদেৱে আঁহফলা যুক্তিৰে মন্ত্ৰীজনৰ উক্তি ‘বিভ্ৰান্তিজনক, স্বয়ং বিভ্ৰান্ত আৰু দুতৰপীয়া’ বুলি বিশ্বাসেৰে লিখিলে। হিন্দু শৰণাৰ্থীৰ সংখ্যা অহুকাণে পহুকাণে আনকি ৩০-৪০ লাখো হ’ব পাৰে বুলি শুনিছে বুলিও সুবিধাতে কৈ থ’লে―সৰল অসমীয়াই কিজানিবা আৰু অকণমান বেছি ভয় খায়েই। তেখেতে দাবী দি কলে—এইবোৰ মানুহৰ নাগৰিকত্ব অসমত সাব্যস্ত হ’ব নোৱাৰিব। পৃথিৱীৰ বহু দেশে আনকি খোদ বাংলাদেশী চৰকাৰেও হিন্দুক সুৰক্ষা দিয়ে বুলি আশ্বস্ত হৈ ওচৰ-চুবুৰীয়া দেশখনত মানুহৰ নিপীড়ন-নিৰ্যাতনৰ বাতৰি সম্বন্ধে বিবেচনাই নকৰিলে। মায়ঙখন বেছি ওচৰ বাবেই হ’বলা তাত বহা মানুখিনিৰ মানৱাধিকাৰ সম্বন্ধে তেখেত অলপতে সৰব হৈ পৰিছিল। কিন্তু দৈব দুৰ্বিপাকত মন্ত্ৰীজনৰ স্থিতিটোকে তেখেতে কেনেবাকৈ সমৰ্থন কৰি পেলালে, ‘ভাৰতে বিপদাপন্ন হিন্দু মানুহক আশ্ৰয় নিদিয়াৰ কথা নাই। কিন্তু হিন্দু বাবেই আশ্ৰয় দিবলৈ বাধ্য, তেনে ধাৰণাটোহে সংবিধানবিৰোধী।’ সেই বাবেই জানো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সংবিধান সংশোধনী কৰি ল’ব খোজা হোৱা নাই? প্ৰক্ৰিয়া অনুসৰি নাগৰিক, দল-সংগঠনক মতামত দিবলৈ দিবলৈ সময় দিছে। তাৰ পিছত চৰকাৰী সংশোধনী প্ৰস্তাৱ অনা হ’ব, সেয়া সংসদত আলোচনা হ’ব, সংশোধনী পাৰিত হ’ব― হয়তো নহ’ব।
২ অক্টোবৰৰ ‘নিয়মীয়া বাৰ্তা’ত শ্ৰী ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীদেৱেও বিষয়টো সামগ্ৰিক পৰ্যোলোচনা কৰি তেখেতৰ বিশ্লেষণ গণ্যমান্য বুদ্ধিজীৱীতকৈ পৃথক হোৱাৰ কাৰণ দিছে। সৰ্বহাৰা বাংলাদশীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি বিদেশী বিতাড়ন আন্দোলনৰ ঘোৰ বিৰোধিতা কৰা কাণ্ডাৰীসকল আজি শৰণাৰ্থীবিৰোধী হৈ ৰাজপথত নামি পৰা কাৰ্যটো তেওঁলোকে দোহাই দিয়া কোনটো তত্ত্বসাপেক্ষে হৈছে বুজিব নোৱাৰি কিছু বিপাঙত পৰা যেন লাগিছে। তেখেতে অবৈধ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীক একাকাৰ কৰা সম্পৰ্কে সংশয় ব্যক্ত কৰিছে, কিন্তু এই সম্পৰ্কে যুক্তি-তৰ্কক আদৰণী জনাইছে।
আইনজ্ঞ উপমন্যু হাজৰিকাৰ (‘নিয়মীয়া বাৰ্তা’ ২৭ আৰু ২৮ ছেপ্টেম্বৰ) কথোপকথনটো অবৈধ বাংলাদেশীৰ প্ৰব্ৰজন সমস্যা সম্পৰ্কে, কিন্তু শৰণাৰ্থী বিষয়টো সাপেক্ষেও প্ৰণিধানযোগ্য। তেখেত বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি সমস্যাটো নিয়ন্ত্ৰণৰ বাবে প্ৰস্তাব দিছে। বাংলাদেশত জনবসতিৰ ঘনত্ব ১২২২ আৰু অসমত ৩৯৯ (প্ৰতি কিলোমিটাৰ)। তাতে অসমত ভূমি দখলৰ অবাধ সুবিধা। গতিকে দুখীয়া বাংলাদেশী অসমলৈ ভূমি দখলৰ তাগিদাত অহাটো পানী ওপৰৰ পৰা তললৈ বোৱাৰ দৰে স্বতঃসিদ্ধ। সীমান্তৰ বেৰ নিয়ন্ত্ৰণৰ বাবে যথেষ্ট নহয়, হেজাৰ হেজাৰ কিলোমিটাৰ নিশ্ছিদ্ৰ বেৰ দিয়াটো সম্ভৱো নহয়। তেওঁলোকে অসমীয়া ভাষা শিকি-বুজি লোৱাটোৱে অসমীয়া হোৱা নুবুজায় বুলি কৈছে। থলুৱাক সাংবিধানিক ৰক্ষা কবচ আৰু কিছুসংখ্যক অবৈধ বিদেশীক নাগৰিকত্ব দিব লগা হ’লেও ভূমি অধিকাৰৰ পৰা আইন কৰি বঞ্চিত কৰাৰ দিহা দিছে। মই সংযোগ কৰিছোঁ, শ্ৰমৰ চাহিদাও দুখীয়া দেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনৰ কাৰণ। মই অলপতে আমেৰিকাত এজন অসমীয়া অবৈধ প্ৰব্ৰজনকাৰী সম্বন্ধে বিশ্বস্ত সূত্ৰে জানিব পাৰিছিলোঁ―অবৈধভাৱে কাম-কাজ কৰি সুন্দৰকৈ আছে। যেনেকৈ আছে লক্ষ্য লক্ষ্য মেক্সিকান অবৈধ নাগৰিক। ইংলণ্ডৰ দৰে দেশতো এতিয়া কৃষি, পৰ্যটন ইত্যাদি বহুক্ষেত্ৰত সাধাৰণ কাম-কাজ অৰ্থনৈতিক প্ৰব্ৰজনকাৰীৰ হাতত― চাহিদা প্ৰচণ্ড। এওঁলোকৰ মাজত অবৈধ প্ৰব্ৰজনকাৰীও আছে। ইংলণ্ডৰ ডেকা ল’ৰা-ছোৱালীয়ে সৰু-সুৰা কাম নকৰে, লাগিলে নিবনুৱা ভাট্টা লৈ থাকিব। অসম-অসমীয়াৰ নিচিনাই। পাৰ্থক্য ইমানেই যে আইনৰ সহায়ত প্ৰব্ৰজনকাৰীৰ সংখ্যা অৰ্থনীতিত হোৱা প্ৰয়োজন হোৱা অনুসৰি নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে। অৰ্থনৈতিক প্ৰব্ৰজন সম্পূৰ্ণ ৰোধ অসম্ভৱেই নহয়, দেশখনৰ অৰ্থনীতিৰ বাবেও ক্ষতিকৰ। আইন কৰি কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পৰাটো এটা উপায়। থলুৱাই সৰু-বৰ সকলো কাম-কাজৰ প্ৰতি মন দিয়াটোও সমানে প্ৰয়োজনীয়। হাজৰিকাদেৱে যোৱাটো নিৰ্বাচনত থলুৱা নাগৰিকে ৰাজনৈতিক বিচক্ষণতাৰে খিলঞ্জীয়া-জনজাতীয় মৈত্ৰীৰ বিজয় সাব্যস্ত কৰি সন্দেহজনক নাগৰিকৰ প্ৰভাৱ আঁতৰাই ৰাখিবলৈ সক্ষম হোৱা কথাটোক আশাব্যঞ্জক বুলি কৈছে। বিচক্ষণ ৰাজনীতি অসমীয়াৰ সুৰক্ষাৰ বাবে এতিয়াও কাৰ্যকৰী হৈ আছে।
মোৰ কেইটামান নিজা পৰ্যবেক্ষণ বা অভিমত আছে। বৰগোহাঞি ছাৰ আৰু শইকীয়া ছাৰে বিষয়টো মনস্তত্ত্বৰ বুলি শুদ্ধ বিচাৰ কৰিছে। কিন্তু আমাৰ মনস্তত্ত্ব বুজি কোনোবাই আমাক সৰু ল’ৰা-ছোৱালীৰ দৰে মন ভুলাই ইটো সিটো দিব আৰু আমি সহৃদয়ে গ্ৰহণ কৰি চলি থাকিম―এইটো জাতিৰ বাবে বৰ আত্মবিশ্বাসপূৰ্ণ নহয়। তদুপৰি আমাৰ মনস্তত্ত্বই বা আনে কেনেকৈ বুজিব? ব্যক্তিগত স্তৰতেই পৰস্পৰৰ মনস্তত্ত্ব বুজা সহজ নহয়। কোনোবা মালব্য বা আজিৰ ভি পি সিং জাতীয় মন্ত্ৰীকেই বা কিয় গুৰুত্ব দিম, তাকো মনত আঘাত লগাকৈ। এইসকল কোনো উচ্চস্তৰৰ মানৱ নহয়। ৰাজনীতি কৰি মন্ত্ৰী হৈছে। ন্যস্তস্বাৰ্থৰ খাতিৰত ইটো-সিটো কয় বা কৰে। তাতে তেওঁলোকে কিবা এটা কৰোঁ বুলিলেই কৰিব পাৰে, ইমান শক্তিশালী বুলি ভবাটোও যুগুত নহয়। সেয়ে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক আৰু সম্পদ ভগাই লোৱা নীতি-নিয়মত থকা আঁসোৱাহহে যদি আছে আমি দেখুৱাব পাৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰ বা প্ৰশাসন এটা যন্ত্ৰ―মানৱ হৃদয় নহয়। সেয়ে মাহী আইৰ দৃষ্টিৰে আমাক ব্যৱহাৰ কৰে বুলি আমি সততে আওৰোৱা কথাফাকি মনস্তত্ত্বৰ পৰা বাদ দিব লাগিব। প্ৰধানমন্ত্ৰীজন বা মূল ৰাষ্ট্ৰীয় নেতাসকলৰ হৃদয় নিশ্চয় আছে। পিছে তেওঁলোকো ৰাজ্য এখনৰ পৰাই আহে। সৰ্বাত্মক কল্যাণকামী মনোভাব আহৰণ বৰ সহজসাধ্য নহয়। তথাপিও সন্মানীয় ৰাষ্ট্ৰীয় নেতাৰ পক্ষপাতমূলক ব্যৱহাৰ দেখিলে যুক্তিৰে সজোৰ প্ৰত্যাহ্বান জনাবই লাগিব। চীনৰ আক্ৰমণৰ সময়ত প্ৰথমজন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে হাৰ মানি অসমক বিদায় দিছিল, সেই বুলিও আমি আঘাত পাইছিলোঁ বা মনত পৰিলে আজিও হিয়া বিষাদত ভৰি পৰে। শক্তিশালী শত্ৰুৰ হাতত পৰাজয়ৰ সন্মুখীন প্ৰধানমন্ত্ৰীৰ পৰা ইয়াতকৈ কি আশা কৰা যায়? আজিৰ তাৰিখত পিছে তেনে হোৱাৰ সমূলি সম্ভাৱনা নাই। শোধনাগাৰকেইটাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা কথাইও আমাক ব্যথা দিয়ে। আমাৰ সংবেদনশীল মনটোক চাই সীমান্তৱৰ্তী ৰাজ্য বুলি ৰাজনৈতিক বিচক্ষণতা দেখুৱাই হয়তো নোখোজাকৈ দিব লাগিছিল। পিছে আত্মপ্ৰত্যয় থকা হ’লে আমি দেখিলোঁহেঁতেন খাৰুৱা তেল উৎপত্তি স্থানৰ পৰা সৰবৰাহ কৰি শোধিত তেল য’ত ব্যৱহাৰ হয় তাতেই শোধন কৰাটো ব্যৱহাৰিক আৰু লাভজনক। বিনিয়োগৰ পৰা লাভ কৰিবলৈ হ’লে উদ্যোগপতিয়ে য’ত তেলৰ ব্যৱহাৰ বেছি তাতহে শোধনাগাৰ পাতিব―খাৰুৱা তেল সাত সাগৰ তেৰ নদীৰ পৰা আমদানি কৰি হ’লেও আনিব। তাতে আজি চৰকাৰে উদ্যোগ পাতি দিয়া ধাৰণাটো পুৰণা হ’ল। সেয়ে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰখনক ৰাজ্যখনত ঔদ্যোগিক বাতাবৰণ তথা আন্তঃগাঁথনি গঢ়ি তোলাত বাধা দিছে বা সহায় কৰা নাই নেকি সেইটোহে বিচাৰ্য। প্ৰতিখন ৰাজ্যৰে ইটো সিটো আব্দাৰ আৰু সমস্যা আছে। বানপানীৰ সমস্যা আমাৰ একচেটিয়া নহয়। এনে ৰাজ্যও আছে, য’ত গৰমতো মানুহ মৰে, জাৰতো মৰে। প্ৰচণ্ড খৰত খেতি ধ্বংস হোৱাৰ পৰিণতিত প্ৰতিবছৰে হেজাৰ-লক্ষ্য অসহায় কৃষকে আত্মহত্যা কৰে। তেনেদৰে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটা নাম দি পাতি দিলেই নহ’ব―অনুষ্ঠানটোক গঢ়িবও লাগিব। স্থানীয় প্ৰতিভা লাগিব। আমদানি কৰি অনা মানুহেৰে নহ’ব। এটা দুটা প্ৰতীকী মন ভাল লগোৱা প্ৰতিষ্ঠানতকৈ ৰাজ্যখনৰ সামগ্ৰিক শৈক্ষিক মানৰ কাৰণহে সম্পদৰ আধিক প্ৰয়োজন। কেন্দ্ৰই এই ক্ষেত্ৰত অসমক আন ৰাজ্যৰ তুলনাত কমকৈ আবণ্টন দিছে নেকি? সাধাৰণতে প্ৰচলিত উদাহৰণকেইটাই কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি প্ৰণালীবদ্ধ উপনিৱেশসদৃশ ব্যৱহাৰ প্ৰতিপন্ন নকৰে। মই থিতাতে এই সিদ্ধান্তত উপনীত হ’ব পৰা নাই। এইটো প্ৰতিপন্ন কৰিবলৈ অধিক সমল লাগিব। আনহাতে ভাৰতৰ উন্নত ৰাজ্যকেইখনৰ কেন্দ্ৰৰ অনুগ্ৰহতে উন্নতি হোৱা নাই। আত্মপ্ৰত্যয়, সবল ৰাজনৈতিক আৰু সমাজিক নেতৃত্বৰ বলতহে হৈছে।
ভাষাৰ ক্ষেত্ৰত সংশয়ৰ বিষয়টোতো মোৰ অন্য এটা দৃষ্টিভংগী আছে। অসমত ইংৰাজৰ আমোলত বঙলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰবৰ্তন হোৱাটো এটা ঐতিহাসিক খেলিমেলি। ইংৰাজৰ লগত অহা এমুঠি বঙালী কেৰাণীৰ প্ৰৰোচনা থাকিলেইবা। কিন্তু আমাৰ আত্মপ্ৰত্যয় জগাই তুলিব পৰা কথাটো হ’ল অসমীয়াই ভাষাটোক প্ৰতিষ্ঠা কৰাত সমৰ্থ হোৱাই নহয়, সেই সময়ৰ কাণ্ডাৰীসকলে প্ৰত্যাহ্বান গ্ৰহণ কৰি আধুনিক অসমীয়া ভাষাৰ ভেটি বান্ধি সমৃদ্ধও কৰি থৈ গ’ল। আজি অসমীয়া ভাষাৰ সাংবিধানিক বা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ ক্ষেত্ৰত সামান্য সংশয়ৰো অৱকাশ নাই। চৰকাৰী কামত ভাষাটো ব্যৱহাৰোপযোগী হৈ উঠা নাই বা কাৰ্যকৰী কৰিব পৰা হোৱা নাই, ইয়াত বংগভাষী হিন্দু বা কেন্দ্ৰীয় চৰকাৰৰ কি ভূমিকা থাকিব পাৰে? অসমীয়া ভাষাৰ ব্যৱহাৰিকতা বঢ়াব পাৰিব লাগিব। তেহে আমাৰ জনজাতীয় ভাইসকলে ব্যৱহাৰ কৰিবলৈ বা অনা-অসমীয়াই শিকিবলৈ আগ্ৰহী হ’ব। দোকানৰ ফলক অসমীয়াত লিখোৱাৰ ডাবি-ধমকিত অসম সাহিত্য সভা ব্যস্ত―তেওঁলোকৰ বিবেচনাত ব্যৱহাৰিকতা বঢ়োৱাৰ আটাইতকৈ প্ৰশস্ত উপায়! আমি ল’ৰা-ছোৱালীক অসমীয়া নপঢ়োৱাও সেইটোহে দেখোন বহু সমস্যাৰ এটা। বুদ্ধিমান ল’ৰা বুলি ভবা ডেকা ল’ৰাই পঠিওৱা অসমীয়া চিঠিৰ নমুনা অলপতে দেখি ব্যথিত হৈছোঁ। ভালদৰে ক’বলৈও নোৱাৰোঁ― ভাষাটো দোৱানসদৃশ হৈ পৰিছে। দৃশ্য-শ্ৰব্য মাধ্যমেই প্ৰমাণ। মোৰ দৰে অসমীয়াৰেইবা কিমান চৰ্চা। বঙালীক পাৰিলে জোৰ কৰি অসমীয়া কোৱাবলৈও কোনোবা হয়তো তৎপৰ। সংখ্যাধিক্যই ভাষাটোক নিৰাপত্তা দিব, সমৃদ্ধি আনি দিব বুলি মোৰ বিশ্বাস নহয়। অসমীয়াভাষীৰ নিৰংকুশ সংখ্যা বাঢ়িছেহে। বঙালীভাষীৰ সৈতে তুলনামূলক তাৰতম্য হৈছে বা কোনোবা আগন্তুক দশকত হ’ব। ইয়াৰ পৰা অসমীয়া ভাষাৰ কি সংকট? ইউৰোপৰ বহু জাতিৰ সংখ্যা আমাতকৈ তাকৰ, কিন্তু ভাষাসমৃদ্ধ। আমাৰ জনজাতীয় ভাইসকলৰ সংখ্যাই বা কিমান? তেওঁলোকৰ আতংকগ্ৰস্ততা আমাতকৈ কম যেন লাগে। ইংৰাজী বা হিন্দীৰ পৰা একমাত্ৰ অসমীয়া ভাষাৰ প্ৰতি ভাবুকি অহা নাই। অসমীয়া ভাষা ৰক্ষা তথা সমৃদ্ধ কৰাৰ দায়িত্ব কেৱল অসমীয়াৰ, ইয়াত আনে কৰো বুলিলেও সহায় কৰিব নোৱাৰে। প্ৰলয় নাহিলে অসমীয়া ভাষাৰ সাংবিধানিক মৰ্যাদা অটুট থাকিব―এই সম্ভাৱনাই নিৰ্ঘাত। এতেকে আতংকগ্ৰস্ত বা উদ্বিগ্ন হোৱাৰ কাৰণ নাই। বঙালীয়ে বঙলা পঢ়িব, আমি অসমীয়া পঢ়িম। কোনেও মাতৃভাষাৰ পৰা বঞ্চিত হ’ব নালাগে। ইমানখিনি আত্মপ্ৰত্যয় নিশ্চয়কৈ আমাৰ থাকিব লাগিব।
অসমত এটা ভাৰত ৰাষ্ট্ৰবিৰোধী বিচ্ছিন্নতাবাদী সৰু হ’লেও এটা ধাৰা আছে। ৫ অক্টোবৰৰ ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত আলফাৰ সভাপতিৰ নিবন্ধটো শেহতীয়া উদাহৰণ। ইয়াক মানি লোৱা যুগুত। ইয়াৰ কাৰণ বা যুক্তি বিচ্ছিন্নতাবাদীসকলৰ মৌলিক― কেন্দ্ৰীয় চৰকাৰৰ ব্যৱহাৰ গৌণ বা অজুহাত। কিন্তু কেন্দ্ৰীয় চৰকাৰে অৱহেলা কৰিছে বুলি ৰাইজৰ ভাব হ’লে বিচ্ছিন্নতাবাদীয়ে সুবিধা ল’ব পাৰে। সহজ-সৰল অসমীয়া আত্মঘাতী কাৰ্যত প্ৰৰোচিত হৈ পৰিবও পাৰে। ইমানখিনি পৰ্যন্ত মই বৰগোহাঞি ছাৰ আৰু শইকীয়া ছাৰৰ সৈতে একমত। ৰাষ্ট্ৰীয় নেতৃবৰ্গই ইয়াত নিজৰ ভূমিকা পালন কৰি অসমীয়াক বুকুত বান্ধি ৰাখিব― এই কামনা স্বভাৱজাত অসমীয়া মনটোৰে মইও কৰোঁ। অসমীয়া ভাষাৰ চৰকাৰী ৰাজ্যিক মৰ্যাদা যি কোনো পৰিস্থিতিতে অটুট থাকিব, এই আশ্বাস বা প্ৰয়োজন হ’লে সাংবিধানিক ৰক্ষাকবচ কেন্দ্ৰই দিব পাৰে। জীয়াই থকাৰ সংগ্ৰামত আতংকগ্ৰস্ততাই পলায়নৰ বাবে প্ৰৰোচিত কৰি আত্মৰক্ষাত সহায় কৰে― এয়া জীৱজগতৰ পৰা শিকনি। আতংকগ্ৰস্ততা বা বিলাপ-বিৰূপ মনোভাব জাতিৰক্ষাৰ বাবে নিশ্চয় পৰ্যাপ্ত অনুভূতি হ’ব নোৱাৰে। প্ৰতি কথাতে যড়যন্ত্ৰৰ আভাস পালে নহ’ব। আত্মবিশ্বাস-প্ৰত্যয় লাগিব। সেয়ে আমাৰ নিজস্ব কৰণীয়খিনিৰ বিকল্প নাই―চাৰিওফালৰ জগতখন বুজি দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতিত এই শতিকাৰ নৱপ্ৰজন্মৰ মনস্তত্ত্ব চেতনপ্ৰত্যয়ভৰা ৰূপলৈ পৰিৱৰ্তনৰ বিকল্প নাই। আজি দেশৰ প্ৰতিখন ৰাজ্যলৈ আমাৰ আত্মপ্ৰত্যয়ভৰা নতুন প্ৰজন্ম ওলাই গৈছে―প্ৰতিষ্ঠা লাভ কৰিছে। আমি ঋণাত্মক মনস্তত্ত্বৰ প্ৰচলিত বৰ্ণনটোত সাৰ-পানী দি নৱপ্ৰজন্মক আঁজুৰি টানি ৰাখিলে নহ’ব। সুধাকণ্ঠৰ গীতেৰেই কৈছো―বহু আস্থাহীনতাৰ বিপৰীতে এই শতিকাৰ নৱপ্ৰজন্মৰ চেতনা হওক গভীৰ আস্থা আৰু আত্মপ্ৰত্যয়ৰে সজাগ।