ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Monday, February 11, 2019

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬─ সূক্ষ্ম বিশ্লেষণৰ প্ৰয়োজনীয়তা

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক কেন্দ্ৰ কৰি সম্প্ৰতি অসমত সৃষ্টি হোৱা বিভ্ৰান্তি, আৰু বিশৃ্ংখলাৰ পৰিপ্ৰেক্ষিতত বিধেয়কখনৰ ওপৰত পুণৰ সূক্ষ্মভাৱে বিশ্লেষণৰ প্ৰয়োজন আছে। ১৯৫৫ চনৰ ৩০ ডিচেম্বৰত উভয় সদনত বিধেয়েকখন গৃহিত হৈছিল। পৰবৰ্তী সময়ত নাগৰিকত্ব আইন, ১৯৫৫ (১৯৫৫ চনৰ ৫৭ নং) নামেৰে আইনত পৰিণত হৈছিল। তেতিয়াৰ পৰা ২০১৫ চনৰ ১ জুনলৈ ৯ বাৰকৈ এই আইন হৈছে। ২০১৬ চনৰ ১৯ জুলাইত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ (২০১৬ চনৰ ১৭২ নং বিধেয়ক) পুণৰ লোকসভাত পৰবৰ্তী সংশোধনীৰ বাবে দাখিল কৰা হয়। প্ৰস্তাৱিত সংশোধনী মতে, তিনিখন মুছলিম সংখ্যাগৰিষ্ঠ দেশ ক্ৰমে─ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ (মুখ্যতঃ তদানীন্তন অবিভক্ত ভাৰতবৰ্ষ)ৰ সংখ্যালঘু হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান─ এই ছটা ধৰ্মৰ লোকক ভাৰত চৰকাৰে ১৯২০ চনৰ পাৰপত্ৰ (ভাৰত প্ৰৱেশ) আইনৰ ৩নং ধাৰাৰ ২নং উপধাৰাত থকা দফা (গ) নাইবা ১৯৪৪ চনৰ বিদেশী আইনত থকা ব্যৱস্থা প্ৰয়োগকৰণেৰে নতুবা ইয়াৰ অধীনত দিয়া কোনো নিৰ্দেশাৱলীৰ ভিত্তিত অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য নকৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ নাগৰিকত্ব লাভ কৰিবলৈ উক্ত আইন মতে এজন আবেদনকাৰীয়ে ভাৰতত অবিৰতভাৱে ১২ মাহ বাস কৰাৰ লগতে বিগত ১৪ বছৰৰ ভিতৰত ১১ বছৰ দেশখনত বাস কৰাটো প্ৰয়োজনীয় আছিল। সংশোধনী বিধেয়কখনত উক্ত ছটা ধৰ্মাৱলম্বী লোকৰ বাবে ভাৰতত বাস কৰিবলগীয়া ১১ বছৰৰ সীমা ৬ বছৰলৈ হ্ৰাস কৰা হৈছে।

অবৈধ অনুপ্ৰবেশকাৰীক ভাৰতে কেতিয়াও নাগৰিকত্ব প্ৰদান কৰা নাই। সেই প্ৰৱজনকাৰীসকলক অবৈধ বিদেশী বুলি চিনাক্ত কৰা হয় যিসকলে পাৰপত্ৰ-ভিছা অবিহনে ভাৰতত প্ৰৱেশ কৰে বা ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছত দেশ এৰি নাযায়। বিদেশী আইন, ১৯৪৬ আৰু পাছপ’ৰ্ট আইন, ১৯২০ অনুসৰি এজন অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ বিতাড়ন কৰা হয় বা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। এই দুখন আইনে একেধৰণেৰে ভাৰত চৰকাৰক দেশত প্ৰৱেশ আৰু প্ৰস্থানৰ লগতে ভাৰতত বিদেশীয়ে নিৰ্মাণ কৰা ঘৰৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাৰ ক্ষমতা প্ৰদান কৰিছে। অৱশ্যে ২০১৫ আৰু ২০১৬ ভাৰত চৰকাৰে এই দুখন আইন দুটা নিৰ্দেশৰ জৰিয়তে সামান্যভাৱে সলনি কৰে আৰু উপৰিউক্ত তিনিখন দেশৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰ নাইবা তাৰ পূৰ্বে অহা ছটা ধৰ্মাৱলম্বী লোকক অবৈধ অনুপ্ৰৱেশকাৰীৰ আওতাৰ পৰা ৰেহাই দিয়া হয়। অন্য অৰ্থত ধৰ্মীয় হিংসাৰ পৰা ৰক্ষা পৰিবলৈ বা আৰ্থ-সামাজিক সুযোগ বিচাৰি ভাৰতলৈ অহা উক্ত তিনিখন দেশৰ ছটা ধৰ্মীয় সংখ্যলঘু জনগোষ্ঠীৰ (অ)বৈধ অনুপ্ৰৱেশকাৰীক ডি ফেক্টো (De Facto)ৰ পৰা ডি জুৰী (De Jury) বৈধ অনুপ্ৰৱেশকাৰীৰ স্বীকৃতি দিয়া হয়। এইক্ষেত্ৰত এনেধৰণৰ ৰেহাই দিয়াটো ন্যায়সংগত নহয় বুলি বিতৰ্ক হ’ব পাৰে। নিঃসন্দেহে এয়া এটা প্ৰাসংগিক প্ৰশ্ন আৰু ইয়াৰ ওপৰত সুস্থ বিতৰ্ক হ’ব পাৰে। অৱশ্যে বিধেয়কখনত ক’তো এইবুলি উল্লেখ নাই যে উক্ত ছটা ধৰ্মীয় জনগোষ্ঠীৰ বাহিৰে উক্ত তিনিখন দেশ বা আন দেশৰ পৰা অহা আন ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্ৰদান কৰা নহ’ব। কিন্তু এইসকলক বৈধ কাগজ-পত্ৰৰ ভিত্তিত আইন মতেহে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ৰেহাইৰ সময়ছোৱাৰ ভিতৰত অহা উপৰিউক্ত তিনিখন দেশৰ ছটা ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ লোকৰ ক্ষেত্ৰত বৈধ কাগজ-পত্ৰৰ প্ৰয়োজন নাই। সন্দেহাতীতভাৱে সংশোধনী বিধেয়কখন এই ছটা ধৰ্মৰ লোকৰ বাবে লাভদায়ক হ’ব। কিন্তু এই সংশোধনী অসমৰ বাবে নহয়, আইনত পৰিণত হ’লে ই সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব। 
প্ৰশ্ন উঠিছে─অসমৰ মানুহক একাংশ বুদ্ধিজীৱি, সাংবাদিক আৰু তথাকথিত ‘জাতিৰক্ষী’ আন্দোলনকাৰীয়ে কিছুমান ভুল তথ্য আৰু অপব্যাখ্যাৰ দ্বাৰা কিয় বিভ্ৰান্ত কৰিছে, যিটো বিধেয়কখনৰ অসমত পৰিব পৰা সম্ভাব্য বিৰূপ প্ৰভাৱতকৈও বেছি ভয়াবহ কথা।
বিধেয়কখনত ক’তো ‘হিন্দু বাংলাদেশী’ বুলি উল্লেখ নাই। কিন্তু একাংশ বুদ্ধিজীৱিয়ে (যাৰ ওপৰত মানুহে ভৰসা কৰে) ‘হিন্দু বাংলাদেশী’ আৰু ‘জাতিধ্বংসী’ এই দুই বাক্যাংশ উদ্দেশ্যপ্ৰণোদিতভাৱে ব্যৱহাৰ কৰি আহিছে। ইয়াৰ ফলত বিদ্বেষ আৰু ভয়-আশংকাৰ বাতাবৰণ সৃষ্টি হৈছে। বিধেয়ক গৃহিত হ’লে লাখ লাখ (১ কোটি ৯০ লাখ পৰ্যন্ত) হিন্দু বাংলাভাষীলোকে বাংলাদেশৰ পৰা অবাধে আহি অসমত প্ৰৱেশ কৰিব বুলি জনসাধাৰণক সন্দীহান কৰি তোলাত সফলো হৈছে।
চলিত বৰ্ষতে ৰাষ্ট্ৰসংঘ, ২০১৫, ২০১৭ চনত বাংলাদেশ ব্যুৰ’ অৱ ষ্টেটিষ্টিক্স আৰু বাংলাদেশৰ ২০১১ চনৰ লোকপিয়লমতে, বাংলাদেশৰ হিন্দু জনসংখ্যা হ’ল ১৭ নিযুত। আমোদজনকভাৱে বাংলাদেশত হিন্দু জনসংখ্যাৰ হাৰ ১৯৫১ চনত ২২.০৫% ৰ পৰা ১৯৭৪ চনত ১৩.৫% লৈ (বাংলাদেশ স্বাধীনতা সংগ্ৰামৰ হোৱা গণহত্যা আৰু গণপ্ৰব্ৰজনৰ ফলশ্ৰুতিত) আৰু পুণৰ ২০১৫ চনত ১০.৭% লৈ হ্ৰাস পাইছে যদিও হিন্দুৰ নিৰংকুশ সংখ্যা বাস্তৱিকতে হ্ৰাস পোৱা নাই। বাংলাদেশৰ হিন্দুৰ সংখ্যা ১৯৫১ চনত ৯,২৩৯,৬০৩, ১৯৭৪ চনত ৯,৬৭৩,০৪৮ আৰু ২০১৭ চনত ১ কোটি ৭ লাখ। অৰ্থাত দেশখনত হিন্দুৰ জনসংখ্যা সামান্য বৃদ্ধিহে পাইছে। সাধাৰণ প্ৰশ্নটো হ’ল যি সময়ত বাংলাদেশত থকা হিন্দুৱে ১৯৪৭ চনৰ ভাৰত বিভাজন আৰু ১৯৭১ চনৰ ৰক্তপাতৰ পিছতো নিজৰ সা-সম্পত্তি ত্যাগ কৰি অসম বা ভাৰতলৈ অহা নাছিল, তেওঁলোকে এতিয়া কিয় ভাৰতলৈ আহিব খুজিব? অনুমান কৰিব পাৰি যে বাংলাদেশত হিন্দুসকল মুছলমানতকৈ আৰ্থ-সামাজিকভাৱে উন্নত। অৱশ্য এই কথাও অনস্বীকাৰ্য যে বাংলাদেশ এখন ইছলামিক গণৰাজ্য য’ত আন ধৰ্মাৱলম্বী সকল নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হোৱাটো অস্বাভাৱিক পৰিগণিত নহ’ব।
অসমতকৈ বাংলাদেশ দুখীয়া বুলিও এচামে এটা ভুল ধাৰণা লৈ আহিছে। ২০১৮ চনৰ ১৪ ছেপ্টেম্বৰত প্ৰকাশিত মানৱ উন্নয়ন প্ৰতিবেদন অলুসৰি ভাৰত আৰু বাংলাদেশৰ মানৱ উন্নয়ন সূচক (এইচ ডি আই) মজলীয়া। ০.৬৪০ এইচ ডি আইৰে ভাৰত ১৩০ নম্বৰত আৰু ০.৬০৮ ৰে বাংলাদেশ ১৩৬ নম্বৰ স্থানত আছে। প্ৰকৃততে বাংলাদেশৰ এইচ ডি আই ভাৰতকৈ সামন্যহে কম। বাংলাদেশৰ পৰা হিন্দু ভাৰতত প্ৰৱেশ কৰিব বুলি ধৰি ল’লেও এই কথা কেনেকৈ ধৰি লোৱাটো শুদ্ধ হ’ব যে সমগ্ৰ দেশখন থাকোঁতে তেওঁলোকে অসমকহে বাছি ল’ব?
সি যি কি নহওক, ১৯৭১ চনত বাংলাদেশৰ মুক্তি-সংগ্ৰামৰ সময়ত সংঘটিত বিশ্বৰ প্ৰধান গণহত্যা সমূহৰ অন্যতম গণহত্যাত ৫০০,০০০-৩,০০০,০০০ লোক নিহঁত হৈছিল। ৪০০,০০০ যৌন নিৰ্যাতনৰ সম্মুখীন হৈছিল। অসম চুক্তিত নাগৰিকত্বৰ ভিত্তি বৰ্ষ হ’ল ১৯৭১ চনৰ ২৫ মাৰ্চ। সেই দিনটোতে বাংলাদেশে পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰিছিল আৰু লগে লগে পাকিস্তানী সৈন্যই গণগত্যা আৰম্ভ কৰিছিল। এই গণহত্যা ৯ মাহ ধৰি চলিছিল। ১৬ ডিচেম্বৰত পাকিস্তানী সৈন্যই ভাৰতীয় সৈন্যৰ ওচৰত আত্মসমৰ্পন কৰিছিল। সেই সময়ছোৱাত ১০ নিযুত শৰণাৰ্থী অসম, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গত আশ্ৰয় লৈছিল। সৰহ সংখ্যকেই শান্তি উভতি অহাৰ পিছত উভতি গৈছিল। অসম চুক্তি মতে উক্ত তাৰিকৰ পিছত অহা অবৈধ অনুপ্ৰবেশকাৰীক বিতাড়ন কৰিব লাগে। ইয়াৰ বিপৰীতে প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতত থকা উক্ত ছয় ধৰ্মীয় জনগোষ্ঠীৰ (অ)বৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰাৱধান কৰা হৈছে। আন কথাত ধৰ্মীয় নিৰ্যাতনৰ বলি এই সকলক শৰণাৰ্থীৰ মৰ্যাদা দিয়া হৈছে যাতে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে। বাংলাদেশ মুক্তি সংগ্ৰামৰ সময়ত অহা গৰিষ্ঠ সংখ্যক শৰণাৰ্থীয়ে ইতিমধ্যে প্ৰচলিত আইনমতে নাগৰিকত্ব লাভ কৰিছে। কিন্তু আন যঠেষ্ঠসংখ্যক শৰণাৰ্থীয়ে বিভিন্ন কাৰণত নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই কাৰণসমূহ হ’ল─ বৈধ নথিৰ অভাৱ, গ্ৰেপ্তাৰ হোৱাৰ ভয় বা নাগৰিকত্বৰ বাবে আৱেদন জনাবলৈ কোন চৰকাৰী বিভাগৰ কাষ চাপিৰ লাগিব জ্ঞান বা সহায়ৰ অভাৱ আদি। তেন্তে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পৰা অসমক বাসস্থান কৰি লোৱা শৰণাৰ্থীৰ সম্ভাব্য সংখ্যা কিমান হ’ব পাৰে? তেওঁলোকৰ মানৱাধিকাৰ কি? এই বিষয়টো জটিল। কিয়নো অসম চুক্তিক ৬ নং দফা অনুসৰি খিলঞ্জীয়াৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰাটো প্ৰয়োজনীয়।
২০১৯ চনৰ ৭ জানুৱাৰীত তিনি দশকৰো অধিক প্ৰতিক্ষাৰ অন্তত ভাৰত চৰকাৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ এখন কমিটি গঠন কৰি দিয়ে। মনকৰিবলগীয়া যে এই কমিটিখন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সিদ্ধান্ত মৰ্মে গঠন কৰি দিয়া বাবে মৰ্যাদা পূৰ্বৰ বিষয়া পৰ্যায়ৰ সিদ্ধান্তৰে কৰা কমিটিতকৈ সুকীয়া। ইয়াৰ জৰিয়তে খিলঞ্জীয়া অসমীয়াক সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় সুৰক্ষা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে। এই সুৰক্ষা প্ৰদানৰ আনুসংগিক হিচাপে অসমৰ ছটা জনগোষ্ঠী ক্ৰমে কোচ-ৰাজবংশী, চাহ জনজাতিৰ ৩৬টা উপজাতি, তাই আহোম, মৰাণ, মটক আৰু চুতীয়াক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে সিদ্ধান্ত লোৱা হৈছে। National Commission for Scheduled Tribes য়ে ৭ জানুৱাৰীত এই কেইটা গোষ্ঠী জনজাতি সংজ্ঞাৰ ভিতৰত পৰে বুলি সন্মতি প্ৰকাশ কৰাৰ লগে লগে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে যাৱতীয় বিধায়িনী তত্পৰতা আৰম্ভ কৰিছে। অৱশ্যে ইতিমধ্যে জনজাতি হিচাপে স্বীকৃত জনগোষ্ঠীকেইটাৰ সংগঠনসমূহে এই সিদ্ধান্তক আদৰণি জনোৱা নাছিল যদিও সদ্যহতে তেওঁলোকৰ স্বাৰ্থ বিঘ্নিত নহ’ব বুলি চৰকাৰী আশ্বাসত বিশ্বাস স্থাপন কৰিছে।
কিন্তু শিক্ষিত সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এইক্ষেত্ৰত নেতিবাচক ভুমিকা লৈছে। তেওঁলোকে খিলঞ্জীয়াৰ সুৰক্ষা প্ৰদান কৰিবলৈ কৰি দিয়া কমিটিখনৰ সৈতে জড়িত হ’ব খোজা নাই। তেওঁলোকে ইতিপূৰ্বে সংসদীয় কমিতিৰ ওচৰত যুক্তি প্ৰদৰ্শন কৰিছে যে সংশোধনী গৃহিত হ’লে ৰাজ্যখনৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয়ৰ প্ৰতি ভাবুকি আহিব। কিন্তু তেওঁলোকৰ যুক্তি বা যুক্তিৰ আধাৰ স্পষ্ট নহয়। কিন্তু ‘জাতিধ্বংসী’ বুলি অভিহিত কৰি এক বিৰোধী মঞ্চ গঢ়ি তুলিছে। এনে এটা ধাৰণা দিছে যে অসমীয়া ভাষা আৰু সংস্কৃতিক এই সংশোধনীকেইটাই এটা মুহূৰ্ততে বিনাশ কৰিব। অসমীয়া ভাষা আৰু সংস্কৃতিৰ সামগ্ৰিক অৱক্ষয় অৱশ্যেই জন সচেতনতাত বিৰাজমান এটা বহু চৰ্চিত বিষয়। কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ নিৰৱতাৰ লগতে খিলঞ্জীয়াৰ সুৰক্ষা প্ৰদান কৰিবলৈ কৰি দিয়া কমিটিখনৰ সৈতে অসহযোগিতা এটা সাঁথৰ হৈ পৰিছে। ইতিমধ্যে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই বিধেয়কখনে লোকসভাত গৃহিত হোৱাৰ পিছতেই ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটোত আঘাত হানিছে বুলি কেইটামান উপধাৰা বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আৱেদন কৰিছিল। কিন্তু যোৱা ১৪ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে ৰাজ্যসভাত গৃহিত হ’লেহে বিবেচনা কৰিব পৰা যাব বুলি হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে।
সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত এখন নাগৰিকপঞ্জী প্ৰস্তুত হৈ আছে। এই পঞ্জীৰ চূড়ান্ত খচৰাত প্ৰায় ৪০ লাখ বাসিন্দাৰ নাম অন্তৰ্ভূক্ত হোৱা নাই। অন্তৰ্ভূক্ত নোহোৱাসকলৰ ধৰ্মীয় বা গোষ্ঠী ভিত্তিক সংখ্যা চৰকাৰীভাৱে প্ৰকা কৰা হোৱা নাই যদিও ইয়াৰ ১২-১৫ লাখমান বাংলাদেশৰ পৰা অহা হিন্দু লোক বুলি কেতবোৰ মানৱাধিকাৰ গোটে ধাৰণা কৰে। ইয়াৰে সৰহ সংখ্যকেই বৰাক উপত্যকাৰ বাসিন্দা। এই সংখ্যা মানি ললেও তেওঁলোকৰ হাৰ হ’ব অসমৰ জনসংখ্যাৰ ৩.৯-৮.৮% (২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩১,১৬৯,২৭২, ইয়াৰে ৪৭,৯১,৩৯০ বৰাক উপত্যকাৰ)। এই বাদপৰা হিন্দু মানুহখিনিয়ে যদি সংশোধনীখনৰ আধাৰত নাগৰিকত্ব পাইও সহজে অনুমেয় যে অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ প্ৰভাৱ হ’ব অতি সীমিত। এওঁলোকে অসমীয়া ভাষীৰ শতাংশত প্ৰভাৱ নেপেলায়। তদুপৰি যিহেতু সংশোধনীখনৰ আধাৰত কিমানজনে আৱেদন কৰি নাগৰিকত্ব পালে সংখ্যাটো জানিব পৰা হ’ব। সেয়ে জনগাঁথনিত বিৰূপ প্ৰভাৱ পৰিব বুলি স্পষ্ট হ’লে, তেওঁলোকক অন্য ৰাজ্যত সংস্থাপনৰ বাবে দাবী জনোৱাৰ অৱকাশ আছে। ইয়াৰ জৰিয়তে বিধায়কখনে পেলাব পৰা সামান্য প্ৰভাৱো নোহোৱা কৰা সম্ভৱ। দৰাচলতে ধৰ্মীয় জনগাঁথনিৰ নিৰ্ণায়ক পৰিবৰ্তণহে অধিক চিন্তাৰ বিষয়। কিন্তু এই ক্ষেত্ৰত আন্দোলনকাৰী মহলটো সম্দেহজনকভাৱে নিৰৱ। বৰং উচ্চতম ন্যায়ালয়ৰ কাষ চপা সংশোধনী বিৰোধী মঞ্চখনে ছটা ধৰ্মৰ লগতে মুছলমানসকলকো সাঙুৰি নিৰ্যাতিত শৰণাৰ্থীয়েই নহয় সকলো অনুপ্ৰৱেশকাৰীকেই নাগৰিকত্ব দিলে ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ণ থাকিব বুলি কৈছে। অৱশ্যে অসমত তেওঁলোকে এই যুক্তিক বিৰোধিতাৰ মূল ভিত্তি কৰি লোৱা নাই। তেওঁলোকে ‘বাংলাদেশী হিন্দু’ ভীতি জগাই তোলাকহে আন্দোলনৰ প্ৰধান কৌশল কৰি লৈছে।
সংশোধনী সম্পৰ্কে আশ্বস্ত হৈ ল’ব পাৰিলে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপৰ সৈতে সহযোগিতা কৰি দীৰ্ঘদিনৰ পৰা পৰিচয় আৰু জনগাঁথনিৰ পৰিবৰ্তনক লৈ সৃষ্টি হোৱা উদ্বেগো প্ৰশমিত কৰিব পৰা যাব। আন্দোলনত জপিয়াই পৰা সংগঠনসমূহৰ লগতে জাতীয়তাবাদী বুদ্ধিজীৱি শিবিৰে যদি সুচিন্তিতভাৱে আগবাঢ়ে তেন্তে এইবাৰ অসমীয়াৰ আশংকা নিৰাময় কৰিব পৰাৰ সম্ভাৱনা প্ৰৱল। ২১ শতিকাৰ অসমে খিলঞ্জীয়াৰ অধিকাৰৰ লগতে শৰণাৰ্থীৰ মানৱাধিকাৰকো সুৰক্ষা দিব লাগিব। সেয়ে ভুল আধাৰৰ দ্বাৰা পৰিচালিত হোৱাৰ সলনি আলোচনাৰ মাধ্যমেৰে সকলোৰে সুৰক্ষা নিশ্চিত কৰিব লাগিব।
With ডo ঋতুপৰ্ণা ভট্টাচাৰ্য (Independent Researcher and Editor-in-Chief, Space and Culture, India - Academic Profile)
x