ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Wednesday, April 10, 2019

‘ৰুদ্ধ দ্বাৰেই মুক্ত বায়ুক সদা কৰে ভয়’

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল ২০১৯

বছৰটোৰ আৰম্ভণীত নাগৰিকত্ব সংশোধনী বিধেয়কখন লৈ তুংগী হৈ পৰা প্ৰচাৰ-অপপ্ৰচাৰ পিছত চাওতে চাওতে এতিয়া নিৰ্বাচনী বতৰ। মোৰ দৃষ্টিকোনৰ পৰা এখন চিত্ৰপট।

অসমৰ বিশিষ্ট ছাত্ৰ সংগঠণটোৰ দশাক লৈ আৰম্ভ কৰিছোঁ। নৱপ্ৰজন্মৰ সংগঠন এটাৰ সৃষ্টিশীল সম্ভাৱনা কল্পনাহে কৰিব পৰা যায় - তাতে যদি সংগঠনটো জাতি-নিৰ্মাণৰ বিশুদ্ধ স্বপ্নত বিভোৰ হয়। এনে সংগঠনে এটা নৈতিক মাত্ৰা লাভ কৰে, জবাৱদিহী হ’ব নালাগে। পিছে এই বিশেষাধিকাৰৰ সৈতে সাঙোৰ খাই থকা অসাধাৰণ দায়িত্বক লৈ সজাগ নহ’লে পলমকৈ হলেও ফল ভোগ কৰিব লগা হয়। অসম চুক্তিৰ পিছত অৰাজনৈতিক হৈ থকা নেতৃত্বত সংগঠনটোৱে এটা নতুন মাত্ৰা লাভ কৰিব লাগিছিল। চুক্তিখনৰ অসাৰতা লগে লগে উপলব্ধি কৰিব নোৱৰাটো স্বাভাৱিক। কিন্তু একাধিক দশকৰ পিছতো পবিত্ৰ দলিল বুলি কৰি থকা আকোৰগোজালিক নীতিনিষ্ঠতা বুলি কৰি থকা ভ্ৰম এটা অসামান্য পৰিঘটনা। দ্ৰুত পৰিবৰ্তিত পৰিস্থিতিত অসমীয়াৰ সামগ্ৰিক অৱক্ষয়ৰ স্বৰূপ উপলব্ধি কৰিব নোৱৰাটো এটা ব্যৰ্থতা। মুক্ত চিন্তাইহে গতিশীলতা আনে, দিগদৰ্শন দিয়ে। আজি জাতি-নিৰ্মাণৰ দৰে মহত্ আকাংখাত ‘শত্ৰুৰ শত্ৰু মোৰ মিত্ৰ’ কৌশল ল’ব লগা হোৱাটোৱে বিফলতা সূচাইছে। জাতিটোৰ সামগ্ৰিক অৱক্ষয়ৰ দ্ৰুত নিম্নগামী ৰেখাডালত কেনেকৈ, কি কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়কখনহে এটা নিৰ্ণায়ক মুহূৰ্ত হৈ পৰিল সেয়া অস্পষ্ট। চহিদৰ ৰক্তৰ বিনিময়ত ১৯৭১ চনৰ পিছত অহা বিদেশীক বহিস্কাৰ কৰিবলৈ চুক্তিপত্ৰ চহী কৰা প্ৰয়োজন নাছিল। অবৈধ বিদেশী বহিস্কাৰ কৰা আইন দেশত প্ৰচলিত আছিল। অথচ থকা ব্যৱস্থা এটাকে চুক্তিৰে আদায় কৰিলো বুলি প্ৰবোধ লৈ নিজকে আভুৱা ভাঁৰি ১৯৭১ পৰ্যন্ত অহা অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ বাট তেতিয়াৰ ছাত্ৰ নেতৃত্বই মোকলাই দি শাসনভাৰ লৈছিল। কংগ্ৰেছেও বিদেশীক দেশী কৰা দফাটো লগে লগে আইন কৰি ভোটবেংক টনকিয়াল কৰি লৈছিল। অসমীয়াক ‘ৰক্ষাকৱচ’ দিয়াৰ এটা দফাও চুক্তিত আছিল। কিন্তু চুক্তিকাৰীসকলে সেই দফাটো আনটো চুক্তিকাৰী পক্ষ কেন্দ্ৰত শাসনত থকা সময়ত আইন কৰোৱাব নোৱাৰিলে। নতুন ছাত্ৰ নেতৃত্বই একাধিক দশক চান্দা উঠাৱাত (হোমেন বৰগোহাঞি, নিয়মীয়া বাৰ্তা, ২৭-০৩-১৯) আৰু স্বাভিমানক লৈ হুংকাৰ দিয়াত ব্যস্ত হৈ থাকিল। অসম চুক্তি অসাৰ সেই কঠোৰ বাস্তৱৰ মুখামুখি নহৈ ৰক্ষণাত্মক হৈ থাকিল। এতিয়া ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদকে ভোট দিবলৈ ‘এক বিকল্পহীন পৰিবেশ সৃষ্টি হোৱাত আক্ষেপ প্ৰকাশ কৰিছে’ (দৈনিক জনমভূমি, ৩-৪-১৯)।

অথচ বাওঁপন্থী-প্ৰগতিশীল শিবিৰৰ নাগৰিক মঞ্চৰ চিন্তানায়ক আৰু জাতীয়তাবাদী শিবিৰৰ প্ৰসিদ্ধ বুদ্ধিজীৱিয়ে দ্বিধাহীনভাৱে কাক ভোট দিব লাগে ৰাইজক মাৰ্গদশন দিছে। কংগ্ৰে’ছ আৰু বিজে’পিৰ মাজত পাৰ্থক্য ইমান স্পষ্ট যে জনসাধাৰণ কাক ভোট দিব তাকে লৈ চিন্তাত পৰিছে ধাৰণা নহয়। দুজন গণ্যমান্য বুদ্ধিজীৱি কংগ্ৰে’ছৰ সপক্ষে, বিজে’পিৰ বিপক্ষে চকুত পৰাকৈ সোচ্চাৰ হৈ পৰিছে। এজনৰ কংগ্ৰে’ছ সমৰ্থন আৰু বিজে’পি বিৰোধিতা নতুন নহয়। তেখেঁতে লিখি খকা স্তম্ভলিখনীবোৰত সঁচা-মিছা ধূসৰ হৈ পৰিছে। মনেসজা কথাকে বস্তুনিষ্ঠ পৰ্যবেক্ষণ হিচাপে দাঙি ধৰিছে। একেখিনি কথা যোৱা মাহকেইটাত বাৰংবাৰ লিখি আছে যে গোয়েবল্‌ছৰ প্ৰপাগেণ্ডা হৈ পৰিছে। তেখেতৰ শ্লেষ-বিদ্ৰুপভৰা মন্তব্যশৈলীৰ উপযোগিতা আছে। কিন্তু অসহনশীলতা, বিদ্বেষ আৰু মিথ্যাচাৰৰ আধিক্যই মূল্যহীন কৰি পেলাইছে। আনহাতে নিজস্ব বিচাৰ-বিশ্লেষণৰে জাতীয়তাবাদী বুদ্ধিজীৱি গৰাকীও একেটা সিদ্ধান্ততে উপনীত হৈছে - এইবাৰৰ বিকল্প কংগ্ৰে’ছ। দুয়োজনৰে মত মিলিছে এই কাৰণেই যৈ এইটো এটা নিৰ্ণায়ক মূহুৰ্ত বুলি তেওঁলোক ক্ষয় পতিয়ন গৈছে, নহয় মানুহক ভয় খুৱাইছে। বিজে’পিক ‘ভয়ংকৰ শত্ৰু’ ৰূপে চিনাক্ত কৰি ‘শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ সেই শত্ৰুৰ শত্ৰুৰ লগতো আমি সাময়িকভাৱে হ’লেও জোঁট বান্ধিব লাগিব’ লিখিছে। আন এটাত ‘লাচিতৰ সেনাপতিত্বত অসমৰ যুদ্ধখন দিল্লীৰ বিৰুদ্ধেহে’ আছিল বুলি এটা ইংগিত দিছে যিটোৰ অৰ্থ ভাঙিব পৰা নাই। চৰ্বিত চৰ্বন কৰি থকাত দুয়োজনৰে স্পৃহা লক্ষণীয়। ‘ভাৰতীয় সাংস্কৃতিক মঞ্চ’ নামৰ এটা সংগঠনৰ দুশৰো অধিক লিখক-শিল্পীয়েও ফটোৱা দিছে। এই মঞ্চখন আদৰ্শগতভাৱে বিজে’পি বিৰোধী। ২০১৫ চনত সদ্যনিৰ্বাচিত প্ৰধানমন্ত্ৰী মোডী ব্ৰিটেইন ভ্ৰমনলৈ যাওঁতে PEN International নামৰ সংগঠনটোৰ হৈ দুশৰো অধিক ডাঙৰ ডাঙৰ লোকে তেতিয়াৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেমেৰুণক ভাৰতত বাক স্বাধীনতা খৰ্ব হৈছে বুলি মোডীক ৰঙা চকু দেখুৱাবলৈ অনুৰোধ কৰি পত্ৰ দিছিল। আমাৰ স্থানীয় নাগৰিক মঞ্চখনৰ সভালৈ মতা আহ্বানতো দুশমানৰ নাম থাকে। এই দুশ সংখ্যাটো বাওঁ-প্ৰগতিশীল শিবিৰৰ বাবে এটা নিৰ্ণায়ক সংখ্যা। পিছে এই সংখ্যা প্ৰতিনিধিত্বমূলক নহয় বাবে দলসমূহে আওকান কৰে। এওঁলোক গণবিচ্ছিন্ন বাবে ৰাইজকো প্ৰভাৱিত নকৰে। বিশেষাধিকাৰ বা পৃষ্ঠপোষকতা হেৰুৱালে এওঁলোক সোচ্চাৰ হৈ উঠে।

বিজে’পিৰ যোৱা পাচোটা বছৰৰ শাসনকালত প্ৰগতি হ’ল বা নহ’ল নিৰ্ণয় ৰাইজে কৰিব। কিন্তু ভাৰতত সংখালঘুৰ ওপৰত প্ৰণালীবদ্ধ নিৰ্যাতন হৈছে আৰু বাকস্বাধীনতা খৰ্ব হৈছে সেয়া জনসাধাৰণৰ অভিজ্ঞতাত সাব্যস্ত নহয়। বিক্ষিপ্ত ঘটনা ঘটিছে। নতুবা আইন-শৃঙ্খলা ব্যৱস্থা আশানুৰূপভাৱে কাৰ্যকৰী নোহোৱাও নতুন কথা নহয়। আনহাতে ধৰ্মীয় বা বৰ্ণ নিৰ্যাতনৰ ঘটনা আমেৰিকা-ইউৰোপতহে বেচিকৈ ঘটিছে - শ্বেতাংগ শ্ৰেষ্ঠ মনোভাৱাপন্ন শক্তিয়ে হয়তো প্ৰণালীবদ্ধভাৱে উত্পীড়ণ কৰিছে। ভাৰততো উগ্ৰভাবৰ মানুহ, দস্যু-গুণ্ডা আছে। কিন্তু প্ৰধানমন্ত্ৰীকহে আক্ৰমনৰ ব্যক্তিগত লক্ষ্য কৰি লোৱাত সেই অস্ত্ৰ বুমেৰাং হৈ পৰিছে। মোডীৰ ব্যক্তিগত জনপ্ৰিয়তা ২০১৪ৰ তুলনাত সামান্যহে কমিছে। ব্যক্তি আৰু বিষয় একাকাৰ কৰা প্ৰৱণতা আমাৰ বুদ্ধিজীৱিৰ দুৰ্বলতা। আদৰ্শগত শত্ৰুয়েহে মোডীক কেতিয়াবা যাদুকৰ আন কেতিয়াবা দানৱ বা দুৰ্বল বুলি তালফাল কৰিছে। সাধাৰণ জনতাৰ মূল্যায়ন নিৰ্বাচনী ফলত ওলাব। কিন্তু ‘ট্ৰেন্সফৰ্মেছনেল’ জননেতাৰ ৰূপত লক্ষ-কোটি অনুগামী তেওঁৰ সৈতে একাত্ম হৈ পৰিছে সেয়া বাস্তৱ পৰ্যবেক্ষণ। প্ৰধানমন্ত্ৰী মোডী প্ৰশস্তি মোৰ কাম নহয়। তেওঁক যাদুকৰী শক্তি নাই বুলি মই লিখিছিলোঁ (নিয়মীয়া বাৰ্তা, ২৬,১১,১৫)।

জাতীয়তাবাদী বুদ্ধিজীৱিয়ে কংগ্ৰেছক শত্ৰু বুলি মানি লৈও আপোচ কৰিছে কাৰণ বিজে’পি বেচি ‘ভয়ংকৰ’। আপোচবিহীন বিকল্প গঢ়িবলৈ তেওঁলোক অপাৰগ, স্বীকাৰ কৰিছে। তেনে’হলে জটিল বিষয় একোটা সমাধানৰ বাবে এনে বুদ্ধিজীৱিয়ে সচেতন আৰু ধনাত্মকভাৱে কিয় আপোচ নকৰে? এয়া কি ধৰণৰ স্বাভিমান? গনতন্ত্ৰত ভিন্ন মতৰ সমন্বয় স্থাপনেৰে কৰা আপোচ ‘শত্ৰুৰ শত্ৰু মোৰ মিত্ৰ’ নীতিতকৈ শ্ৰেয়। নাগৰিকত্ব আইন সংশোধনীক লৈ আপোচকামী কিন্তু কৌশলী মনোভাৱ দেখুৱাব পাৰিব লাগিছিল। সেয়ে হ’লে আজি এই বিড়ম্বনা নাহিলহেঁতেন। অখণ্ড ভাৰতৰ অন্তৰ্গত চুবুৰীয়া দেশ তিনিখনৰ সংখ্যালঘু নিৰ্যাতিত শৰণাৰ্থীক নাগৰিকত্ব লাভৰ সুবিধা দিয়াটো এটা ৰাষ্ট্ৰীয় বিষয়। শাসনাধিষ্ঠ দলটোৱে ইয়াক ঐতিহাসিক দায়িত্ব জ্ঞান কৰে যদিও সেই কথা সুকীয়া। ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত দস্তুৰমতে এই দায়িত্ব পূৰণৰ অভিলাষ ব্যক্ত কৰিছিল। অসম সাপেক্ষে বিষয়টোৰ একাধিক মাত্ৰা আছিল। অনুধাৱন কৰিবলৈ জটিল নাছিল। কেৱল আছিল ধাওতিৰ অভাৱ। বাংলাদেশৰ মুক্তিসংগ্ৰামৰ সময়ত যিসকল নিৰ্যাতিত হৈ আহিছিল তাৰ প্ৰায়ভাগ ইতিমধ্যে ভাৰতৰ নাগৰিক হৈছে। দুৰ্বল কিছুলোক ভিন্ন কাৰণত নাগৰিকত্ব ল’বলৈ পৰা নাছিল। এই সংখ্যা কিমান? তাৰ পিছতো ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ধৰ্মীয় নিৰ্যতনৰ বলি হৈ মানুহ আহি অসমত থিতাপি লৈছিল নেকি? যদি লৈছিল, কিমান? এইসকল যদি কাজে-কামে সংস্থাপিত হৈ আছে, নাগৰিকত্বৰ বাবে আৱেদন কৰাৰ সুবিধা দিলে খিলঞ্জীয়াৰ প্ৰতি কি ভাবুকি আহিব? নে তেওঁলোক থকা বাবে ধৰ্মীয় জনগাঁথনিত কিছু ভাৰসাম্যহে ৰক্ষা হৈ আছে? তেওঁলোকৰ অৱস্থিতিয়ে যদি স্থিতাৱস্থা সলনি নকৰে, তেন্তে মানি লৈ খিলঞ্জীয়াৰ ‘ৰক্ষা কবচ’ এইবেলি সুনিশ্চিত কৰি ল’ব পৰা যায় নেকি? নিৰ্যাতনৰ বলি হৈ অহা লোকৰ মানৱাধিকাৰ কি? উচ্ছেদ কৰি খেদি পঠিয়াব পাৰি নে? সবাটোপৰি পৃথিবীৰ আটাইতকৈ নাৰকীয় নৰসংহাৰবোৰৰ অন্যতম ১৯৭১ চনত বাংলাদেশত হোৱা নৰসংহাৰটোৰ বলি শৰণাৰ্থীসকলৰ প্ৰতি স্বাভিমানী অসমীয়া হিচাপে আমাৰ কি অকনো বিবেচনা নাই? এইসমূহ আছিল বুদ্ধিজীৱিয়ে উত্থাপন কৰিবলগীয়া প্ৰাসংগিক প্ৰশ্ন। তাকে নকৰি ‘স্বাভিমান’ৰ এক অদ্ভূত ধাৰণা জগাই তোলা হ’ল। আকোৰগোজালিক নীতি বুলি কোৱা হ’ল। কপটভাৱে ধৰ্মনিৰপেক্ষতাৰ দোহাই দি নিজে শলঠেকত পৰিবলগীয়া হ’ল। অৰ্থনৈতিক প্ৰব্ৰজনকাৰীকো সমানাধিকাৰ নিদিয়াৰ বাবেহে ধৰ্মনিৰপেক্ষতাত আঘাত পৰিছে, সেই অনুসিদ্ধান্ত জোলোঙাৰ মেকুৰীৰ দৰে ওলাই আহিলত ৰাইজ সচকিত হ’ল। ‘বাংলাদেশী হিন্দু’ সংস্থাপনৰ কথা উত্থাপনেই হোৱা নাছিল। সংশোধনীৰ জৰিয়তে কেৱল শৰণাৰ্থীক নাগৰিকত্বৰ বাবে আৱেদন কৰিবলৈহে সুযোগ দিব খোজা হৈছিল। আৱেদনকাৰীয়ে নিজকে বিদেশী মনাৰ উপৰি নিৰ্যাতিত বুলি প্ৰমাণো কৰিব লাগিলহেঁতেন। প্ৰতিখন আৱেদনত ৰাজ্য চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন আছিল। সংখ্যাটো জলজল পটপট হৈ ওলালহেঁতেন। এটা বৃহত্ সংখ্যা হ’লে দেশত সমবিতৰণ হওঁক বুলি চৰ্ত ৰাখি আপোচ কৰিব পৰা গ’লহেঁতেন। তাকে নকৰি ৰঙা দলিছাৰ উপমাৰে ৰিজালে। সংখ্যা-পৰিসংখ্যাৰ ব্যভিচাৰ কৰিলে। গুজৰাটত কেলেই নাৰাখে বুলি বিষয়টো ব্যক্তিগত কৰি ৰাজহুৱা আলোচনাৰ মান নিম্ন কৰা হ’ল। ‘বেইমান’ কেৱল কংগ্ৰেছেই নহয় বুলি মুখ্যমন্ত্ৰীক পূৰ্বৰ জনৈক মাৰ্গদৰ্শকে ধিক্কাৰ দিলে। ফেচবুকত দেশপ্ৰেম-জাতিৰক্ষাৰ প্ৰতিযোগিতা আৰম্ভ হ’ল।। আটাইতকৈ দুখৰ বিষয়টো হৈছে নৰসংহাৰৰ বলি লোকৰ প্ৰতি একাংশ অসমীয়াৰ অনুকম্পাহীনতা জাতিগত বিদ্বেষলৈ পর্যবসিত হৈ জাতিৰ কালিমা হ’বলৈ ওলাইছিল। বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিত যি কোনো মূহুৰ্তত লাখে লাখে শৰণাৰ্থী আহি ওলাবহি পাৰে - ভাৰতক শৰণাৰ্থী সম্পৰ্কীয় সুস্থিৰ-বাস্তৱ নীতি লাগে। কিন্তু সেই কথা কিছু সুকীয়া। স্বাধীনতাপূৰ্বৰ অখণ্ড ভাৰতৰ অন্তৰ্গত চুবুৰীয়া ৰাষ্ট্ৰত ধৰ্মীয় নিৰ্যাতনৰ বলিসকলৰ প্ৰতি ভাৰতৰ বিশেষ নীতি থাকিব পাৰে। ইয়াত অস্বাভাৱিকতা দেখা সকলৰ মনত কেৰোণ আছে। ক’ৱলৈ সংশয় নাই সমাজে সন্মান কৰি অহা বুদ্ধিজীৱিসকল শোকাবহভাৱে বিফল হৈছে।

তথাপি অসমীয়া আৱেগৰ ধলত ভাহি নগ’ল। বুদ্ধিজীৱিয়ে দেৱালৰ লিখনীৰ উপমাৰে প্ৰায়ে নেতা-দলক উপদেশ দি থাকে। অসম গন পৰিষদে বিজে’পিৰ সৈতে পুণৰ মিত্ৰতা কৰি দেৱালৰ লিখনীকে সৰোগত কৰিলে। একাংশ সাংবাদিক-বুদ্ধিজীৱিৰ প্ৰচণ্ড হেঁচাতহে মিত্ৰতা ভাঙিছিল। মিত্ৰতা ভাঙিয়েই সাক্ষাত কৰা জাতীয়তাবাদী বুদ্ধিজীৱিজনাৰ মাৰ্গদৰ্শন পৰিত্যাগ কৰাটোৱে দেৱালৰ লিখনী কিমান স্পষ্ট তাকে প্ৰতিপন্ন কৰিলে। ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা বুলি তেওঁলোকক গৰিহণা দিয়া হৈছে। কিন্তু জীৱই ভূমিকম্পৰ আগজাননী পোৱা দৰে ৰাজনৈতিক দলেও দেৱালৰ লিখনী ঠিক বুজে। অসম গন পৰিষদৰ উত্থানৰ একমাত্ৰ উপায় হৈছে অসম চুক্তি অধ্যায়ৰ পৰসমাপ্তি কৰি নতুন কৌশল-কাৰ্যসূচীৰে আগবঢ়া।

২৩ জানুৱাৰীৰ ‘বজ্ৰ নিনাদ’ৰ ৰাতিপুৱা ৰেলৰ পৰা নামি কটন কলেজৰ এটা ছাত্ৰ নিবাসত ভুমুকি মৰা মোৰ এজন বন্ধু এটা কোঠালীৰ দৃশ্য দেখি সচকিত হৈছিল। মোবাইলটোৰে কেইখনমান ফ’ট লৈছিল। প্ৰসংগক্ৰমে ফ’ট কেইখন মোক দেখুৱাইছিল - এটা বিশৃঙ্খল কোঠালী, বিচনাত কেইবাটাও সুৰাৰ খালি বটল, আধা খোৱা বস্তু ইত্যাদি। কটন ছাত্ৰ নিবাসৰ এখন অবিশ্বাস্য চিত্ৰ। জাতিটোৰ সামগ্ৰিক অৱক্ষয়ৰ দুঃচিন্তা মনলৈ আহিছিল। ‘আমাৰ অবক্ষয় বজ্ৰ নিনাদে ৰোধ কৰিবনে?’ এনে এটা ভাবেৰে চিত্ৰখন ফেছবুকত দিছিলোঁ – বিদ্যুতগতিত শতাধিক বিতৰণ, পাচশৰো অধিক ‘লাইক’ আৰু দ্বিশতাধিক মন্তব্য। মোৰ পূৰ্বৰ কোনো এটা পোষ্টে এনে সহাৰি পোৱা নাছিল। কেইজনমানে ভাবুকি ভৰা মন্তব্যও দিছিল। এজন জাতীয়তাবাদী অগ্ৰজে ‘বজ্ৰ নিনাদ’ৰ সৈতে ফ’ট কেইখনৰ সম্পৰ্ক কি বুলি ৰিজনীটো নাকচ কৰি কৰিছিল। বন্ধুজনে ভাবুকি পাই পোষ্টটো আঁতৰাই দিবলৈ অনুৰোধ কৰাত কিছুসময়ৰ পিছতে মই পোষ্টটো ‘ডিএক্তিভেট’ কৰি দিছিলোঁ। সাধাৰণ মানুহ জাতিৰ সৰ্বাত্মক অৱক্ষয়ক সমানে দুঃচিন্তাত ভুগিছে, সেয়া এই অভিজ্ঞতাত ফুটি উঠিছে। ৮ ফেব্ৰুৱাৰীৰ প্ৰধানমন্ত্ৰীৰ গণসমাবেশত প্ৰায় তিনি লক্ষ্য লোকৰ অংশগ্ৰহন উলাই কৰিব পৰা নাযায়। নিৰ্যাতিত শৰণাৰ্থীৰ প্ৰতি সাধাৰণ মানুহৰ অনুকম্পা আছে। নিৰ্যাতিত শৰণাৰ্থীৰ প্ৰতি থকা ঐতিহাসিক দায়িত্ব পালনৰ লগতে খিলঞ্জীয়াক ‘ৰক্ষা কবচ’ আৰু ছয় জনগোষ্ঠীক অনূসুচিত জাতিৰ মৰ্যাদা দিব খোজা প্ৰস্তাবত ৰাইজে সমাধানৰ বাস্তৱ অভিপ্ৰায় দেখা পাইছে। নিৰ্যাতিত শৰণাৰ্থীৰ পৰা অসমীয়া জনজীৱনলৈ বিপৰ্যয় নাহে, ধৰ্মীয় জনগাথঁনিৰ পৰিবৰ্তনেহে জাতিটোৰ মূল বৈশিষ্ট বিনষ্ট কৰিবলৈ ওলাইছে বিজে’পিয়ে সজোৰে উত্থাপন কৰিলে। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ‘অসমত অৰাজকতা’ (ধ্ৰুব মহন্ত, নিয়মীয়া বাৰ্তা ৮.২.১৯)ৰচনাত সকিয়াই থৈ যোৱা এই বহুদিনীয়া আশংকা সাংবিধানিক দায়িত্বশীল ভাষাৰে বিজে’পিয়ে উপস্থাপন কৰিলে। জিন্নাই কৰি থৈ ফান্দত (সুমন্ত চলিহা, নিয়মীয়া বাৰ্তা, ১১.২.১৯) নপৰাৰ দৃঢ়তা প্ৰকাশ কৰিলে। শেষ ৰক্ষা নহ’বও পাৰে (হোমেন বৰগোহাঞি, নিয়মীয়া বাৰ্তা, ১৫.২.১৯) এনে সংশয়ৰ মাজত বিজে’পিৰ প্ৰয়াস-উদ্যমৰ বিপৰীতে জাতীয়তাবাদীসকলৰ চিন্তাৰ দৈন্য স্পষ্ট হৈ পৰিছে। বিজে’পিৰ নেতাই তেওঁলোকৰ ‘জাতি, মাটি আৰু ভেটি’ৰ ধাৰণাটো গতিশীল ব্যাখ্যাৰে এখোজ আগুৱাই নিলে। ই আজি কংগ্ৰে’ছ বা আজমল বিৰোধীতাত সীমাবদ্ধ হৈ থকা নাই। আঞ্চলিক দলটোৰে সৈতে পুণৰ মিত্ৰতা আৰু জনগোষ্ঠীয় ৰাজনৈতিক দলৰ সৈতে বিজে’পিৰ খিলঞ্জীয়া মৰ্চা অধিক শক্তিশালী হ’ল। সৰ্বদুখ হৰণকাৰী সৰ্বশ্ৰেষ্ঠ বিকল্প বাস্তৱত নাথাকে - ৰাইজে স্পষ্ট বিকল্পহে বিচাৰে। খিলঞ্জীয়াৰ পৰিচয় ৰক্ষা কৰি সকলোকে লৈ আগবঢ়ি সৰ্বাত্মক উন্নয়নৰ এটা স্পষ্ট বিকল্প ৰাইজৰ সন্মুখত বিজে’পিয়ে দাঙি ধৰিছে। ৰাইজ পতিয়ন গৈছে নে নাই নিৰ্বাচনত স্পষ্ট হ’ব।

আজি সংকীৰ্ণ ভাষাভিত্তিক জাতীয়তাবাদী শিবিৰটো চেদেলী-ভেদেলী। তেওঁলোকে নতুন প্ৰজন্মৰ বাবে স্বপ্ন আৰু মাৰ্গদৰ্শন দূৰৰ কথা তুলুঙা কথা-কাণ্ড লৈ ব্যস্ত হৈ আছে। সংশোধনী বিধায়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাত জাতিৰক্ষা হৈছে সমৰ্থক সংবাদমহলে হাস্যকৰভাৱে ‘বিজয়’ বাতৰি দিছে। জাতিৰ অৱক্ষয় ৰোধৰ বাবে আন কাৰ্যসূচীৰো প্ৰয়োজন আছে, সামান্য চিন্তা এইচামৰ মাজত নাই। তিতা বাস্তৱে তেওঁলোকক হতাশ কৰিছে। ভিন্নজনৰ স্তম্ভলিখনীবোৰত সেয়া ফুটি উঠিছে।

ব্ৰিটেইন, আমেৰিকাৰ শৈক্ষিক-সামাজিক-সাংস্কৃতিক জীৱনত আনকি চৰকাৰী আলংকাৰিক অনুষ্ঠানসমূহতো খ্ৰীষ্টান ধৰ্মৰ ৰীতি-নীতিৰ প্ৰয়োগ-প্ৰভাৱ আছে। ভাৰতত ধৰ্ম নিৰপেক্ষতাৰ অদ্ভুত ধাৰণা এটা অ’তদিনে জোৰ কৰি প্ৰয়োগ কৰাৰ প্ৰতিক্ৰিয়া আজি আমি দেখিছোঁ। কংগ্ৰে’ছী নেতাৰ সঘন মন্দিৰ দৰ্শনে এইক্ষেত্ৰত বিজে’পিৰ নীতিক মান্যতা দিছে। ভাষা প্ৰধান নে ধৰ্ম এটা অৱান্তৰ প্ৰশ্ন। আধূনিক মানুহৰ পৰিচয় জটিল। বঙলাভাষীয়ে অসমীয়া নপঢ়ে, পমুৱা মুছলমানেহে অসমীয়াভাষীক সংখ্যাগৰিষ্ঠ কৰি ৰাখি জাতিৰক্ষা কৰিব, এই ধাৰণা পোষণ কৰাসকল সাম্প্ৰদায়িক। আজি বৰ-অসমীয়া জাতিৰ ধাৰণাহে প্ৰাসংগিক। অসমীয়া ভাষাক মাতৃভাষা বা প্ৰথম আনকি দ্বিতীয় বা তৃতীয় ভাষা হিচাপে ব্যৱহাৰ কৰা প্ৰতিজন অসমবাসীক লৈ বৰ-অসমীয়া জাতি গঠনৰ এটা ধাৰণা সাহিত্য সভাই পোষকতা কৰিছে - ডাঃ ধ্ৰুবজ্যোতি বৰাই আমাৰ অসমত এলানি মূল্যৱান প্ৰৱন্ধ লিখিছে। এনে গঠনমূলক গতিশীলত চিন্তাহে আমাক লাগে।