নিয়মীয়া বাৰ্তা, ৩০ জুন, ২০২০
অলপতে মই সামাজিক মাধ্যমত লিখা এটা বিশ্লেষণ ‘আমাৰ অসম’ নামৰ কাকতখনে অনুমতি অবিহনে তাতোকৈ গৰ্হিত বিকৃত ৰূপত আন এজনৰ মতামতৰ পৰিপূৰক হিচাপে প্ৰকাশ কৰি চাঞ্চল্য সৃষ্টিৰ প্ৰয়াস কৰিছে। মোক হঠাতে কাকতখনে বিখ্যাত সজাইছে, অথচ ইতিপূৰ্বে এই বিষয়ে কোনো মতামত কাকতখনে মোৰ পৰা বিচৰাৰ নজিৰ নাই। সি যি কি নহওঁক এই তাগিদাতে মই এটা গুৰুত্বপূৰ্ণ বিষয় উত্থপান কৰি বিশ্লেষণ দিবলৈ প্ৰয়াস কৰিছোঁ। ইতিপূৰ্বে ২ মে’ত এইখিনি মই সামাজিক মাধ্যমত লিখিছিলোঁ। কিন্তু আজি ইয়াৰ প্ৰাসংগিকতা আজি বাঢ়িছে। আমাৰ দৰে লোকৰ লিখাৰ উদ্দেশ্য এটাই - ৰাইজক বিষয় এটা বস্তুনিষ্ঠ অৱগত কৰোৱা যাতে সুস্থ জনমত গঢ়াত সহায়ক হয়, আৰু সেই আনুৰূপে জনহিতাৰ্থে চৰকাৰী নীতি হয়। ই এক সমান্য প্ৰচেষ্টা।
বাস্তৱক্ষেত্ৰত ঘটনা একোটা বগা-ক’লাৰ দৰে স্পষ্ট নহয়। বেমাৰ নিৰ্ণয়ৰ ক্ষেত্ৰত আমি ধাৰণা কৰোঁ যে ৰোগ-নিৰ্ণায়ক পৰীক্ষা (তেজৰ পৰীক্ষা বা এক্স ৰে বা স্কেন) একোটাই ৰোগ আছে বা নাই স্পষ্টকৈ নিৰ্ধাৰণ কৰি দিয়ে। ডাক্তৰে কোনটো পৰীক্ষা কৰিব লাগে ধৰি দিলেই হ’ল। আজিকালি ইমান প্ৰযুক্তি আৰু সূক্ষ্ম পৰীক্ষা ওলাইছে যে ৰোগ নিৰ্ণয় অতি সহজ। তুলনামূলকভাৱে ৰোগ নিৰ্ণয় নিশ্চয় সহজ হৈছে। তথাপি ৰোগ-নিৰ্ণয়কাৰী পৰীক্ষা একোটাই বগা-কলাৰ দৰে স্পষ্ট উত্তৰ দিব নোৱাৰে। তেতিয়া ডাক্তৰে দ্বিতীয় এটা পৰীক্ষা কৰে, আনকি তাৰ পিছতো নিজস্ব বিৱেচনা প্ৰয়োগ কৰিহে এটা সিদ্ধান্তত উপনীত হয়। প্ৰতিটো ৰোগ-নিৰ্ণায়ক পৰীক্ষাৰ ‘‘সংবেদনশীলতা’’ (Sensitivity) আৰু ‘‘নির্দিষ্টতা’’ (Specificity)ৰ নিজস্ব হাৰ থাকে, যেনে ক্ৰমে ৯৯.৯% আৰু ৯৯.৫%। কোনো ৰোগ-নিৰ্ণায়ক পৰীক্ষাই একেসময়তে ১০০% সংবেদনশীল আৰু ১০০% নির্দিষ্ট হ’ব নোৱাৰে। যদি আমি পৰীক্ষাটো ১০০% ‘সংবেদনশীল’ কৰিব বিচাৰিছোঁ, তেনেহলে ইয়াৰ ‘নির্দিষ্টতা’ হ্ৰাস হ’ব। ঠিক তেনেদৰে নিৰ্দিষ্টতা বঢ়াব খোজোঁ, তেনেহলে ‘সংবেদনশীলতা’ হ্ৰাস হ’ব। ই এক বিড়ম্বনা, কিন্তু ধ্ৰুৱ সত্য। ক’ভিড-১৯ নিৰ্ণায়ক RT-PCR পৰীক্ষাবোৰৰ ‘সংবেদনশীলতা’ আৰু ‘নির্দিষ্টতা’ৰ কিছু তাৰতম্য আছে। অনুজ্ঞালাভৰ বাবে আৱেদন কৰোঁতে দিব লগা ফলমতে লেৱৰেটৰীৰ আদৰ্শ পৰস্থিতিত কভিড-১৯ নিৰ্ণায়ক RT-PCRবোৰ প্ৰায় এশ শতাংশ শুদ্ধ হয়। কিন্তু আদৰ্শ অৱস্থা আৰু বাস্তৱ পৰিস্থিতিৰ মাজত পাৰ্থক্য বহু বেচি। ক’ৰ পৰা, কেনেকৈ নমুনা লোৱা হৈছে আৰু পৰীক্ষা কৰা লেৱৰটৰীটোৰ দক্ষতা ইত্যাদি বহ কাৰক ফলটোৰ শুদ্ধাশুদ্ধৰ সৈতে জৰিত হৈ থাকে। কিন্তু পৰীক্ষাটোৰ ফলটো সঠিক হোৱাটোৱে একমাত্ৰ কথা নহয়। বাস্তৱ পৃথিৱীত ৯৯.৯% ‘সংবেদনশীলতা’ আৰু ৯৯.৫% ‘নির্দিষ্টতা’ থকা এটা পৰীক্ষা, যিটো অতি বিৰল, ডাক্তৰৰ বাবে সপোন, তেনেধৰণৰ পৰীক্ষা এটাৰো ফল ব্যাখ্যা কৰাৰ প্ৰয়োজন। এই ব্যখ্যা কৰা হয় ৰোগবিধৰ প্ৰাদূৰ্ভাৱ কিমান তাৰ উপৰত ভিত্তি কৰি। পৰীক্ষাটোৱে ৰোগ নিৰ্ধাৰণ নকৰে, বৰং ইয়াৰ পজিটিভ বা নিগেটিভ ফলটোৱে পূৰ্বে অনুমান কৰা ৰোগবিধৰ সম্ভাৱনা বৃদ্ধি বা হ্ৰাস কৰে। ‘সংবেদনশীলতা’ হৈছে পৰীক্ষাটোৰ সঁচাকৈ ৰোগটো থকা এজন লোকক এৰি নিদিয়াৰ সামৰ্থ্য। ১০০% সংবেদনশীল এটা পৰীক্ষাই প্ৰতিজন ৰোগ থকালোকক বাচি উলিয়াব। ৯৯% ‘সংবেদনশীলতা’ৰ পৰীক্ষা এটাই ১০০ জন ৰোগ থকাৰ ভিতৰত ৯৯ জনক বাচি উলিয়াব, এজনক বিচাৰি নাপাব। অৰ্থাত অতি সংবেদনশীল পৰীক্ষা এটাত যদি ‘নিগেটিভ’ ফল ওলায় তেনেহলে সেইটো ভৰসাযোগ্য, কাৰণ অতি কম সংখ্যকহে মিছা নিগেটিভ ওলাব।। কিন্তু ইয়াৰ বিপৰীতটো সত্য নহ’ব পাৰে। অৰ্থাত প্ৰতিজন পজিটিভ ফল ওলোৱা ৰোগীৰ সঁচাকৈ যে ৰোগটো আছে তাৰ নিশ্চয়তা ‘সংবেদনশীলতা’ই দিব নোৱোৰে। সেইটো জানিবলৈ আমি পৰীক্ষাটোৰ নিৰ্দিষ্টতা কিমান জানিব লাগিব। নিৰ্দিষ্টতাও যদি ১০০% তেনেহলে সেইটো এটা আদৰ্শ পৰীক্ষা। কিন্তু বাস্তৱত ১০০% সংবেদনশীল আৰু ১০০% নিৰ্দিষ্ট পৰীক্ষা অসম্ভৱ। নিৰ্দিষ্টতা হৈছে প্ৰকৃততে ৰোগ থকাজনক সঠিককৈ বিচাৰি উলিওৱাৰ ক্ষমতা। ৯৯% নিৰ্দিষ্ট পৰীক্ষা এটাই ১০০ জনৰ ভিতৰত ৯৯ জনক ৰোগটো থকা বুলি সঠিককৈ নিৰ্ধাৰণ কৰিব। কিন্তু এজনৰ ক্ষেত্ৰত ভুল কৰিব। মিছাকৈ ৰোগটো থকা বুলি ক’ব। মুঠতে যিমানে সংবেদনশীল হয়, পৰীক্ষা এটাৰ ‘নিগেটিভ’ ফল সিমানে ভৰসাযোগ্য হয় আৰু যিমানে নিৰ্দিষ্ট হয়, সিমানে ‘পজিটিভ’ ফলটো ভৰসাযোগ্য হয়। সেয়ে পৰীক্ষা এটাৰ ‘সংবেদনশীলতা’ আৰু ‘নিৰ্দিষ্টতা’ দুয়োটা যিমানে বেচি হয় সিমানে ভাল। যিহেতু ১০০% সংবেদনশীল আৰু ১০০% নিৰ্দিষ্ট পৰীক্ষা অসম্ভৱ, সেয়ে প্ৰয়োজন অনুসৰি ‘সংবেদনশীলতা’ আৰু নিৰ্দিষ্টতাৰ মাজত ‘কম্প্ৰমাইজ’ কৰা হয়।
কেতিয়াবা আমি ‘সংবেদনশীলতা’ক অধিক গুৰুত্ব দিওঁ, যেতিয়া আমি মিছা ‘নিগেটিভ’ ওলোৱাটো নিবিচাৰোঁ। যেনে ‘স্ক্ৰীনিং’ টেষ্ট বিলাক - যেতিয়া আমি লক্ষণ ধৰা দিয়াৰ পূৰ্বেই কোনো এটা ৰোগৰ বীজানু নিৰ্ণয় কৰিব বিচাৰো বা কেঞ্চাৰ লক্ষণৰ পূৰ্বেই ধৰা পেলাব বিচাৰোঁ। কাৰণ আমি এজনো বীজানু থকা বা কেঞ্চাৰৰ আৰম্ভণী হোৱা লোকক ধৰা নপৰাকৈ পাৰ হৈ যোৱাটো নিবিচাৰোঁ। কিন্তু পৰীক্ষাটো সংবেদনশীল কৰি তুলিবলৈ যাওতে উচ্চ হাৰৰ নিৰ্দিষ্টটা ধৰি ৰাখিব পৰা নাযায়। সেয়ে স্ক্ৰীনিং টেষ্টত ‘পজিটিভ’ ওলালে এটা সংশয় থাকে যে সঁচা ‘পজিটিভ’ হয়তো, নে মিছা ‘পজিটিভ’। সেয়ে দ্বিতীয় এটা উচ্চ 'নিৰ্দিষ্টতা' থকা পৰীক্ষা কৰাটো প্ৰয়োজনীয়। কাৰণ যদি মিছা ‘পজিটিভ’ ওলাইছে, তেনেহ’লে দ্বিতীয় নিৰ্দিষ্ট পৰীক্ষাটোত ‘নিগেটিভ’ ওলাব। এই দ্বিতীয় পৰীক্ষাটোক ‘কনফাৰ্মেটৰি’ টেষ্ট বুলি কোৱা হয়।
ইয়াৰ বিপৰীতে আমি যেতিয়া নিৰ্দিষ্ট ৰোগৰ লক্ষণ থকা এজন ব্যক্তিক সেই ৰোগ-নিৰ্ণায়ক পৰীক্ষাটো কৰোঁ, তেতিয়া আমি উচ্চ হাৰৰ নিৰ্দিষ্টতা থকা ‘টেষ্ট’ বিচাৰোঁ, যাতে ‘পজিটিভ’ ফলটো মিছা ‘পজিটিভ’ হোৱাৰ সংশয় নাথাকে। জাক্তৰৰ বাবে এই ধৰণৰ বিবেচনা প্ৰায় ক্ষেত্ৰতে ই জটিল নহয়। ই সহজাতভাৱে আহে। যদি অনুমান কৰা ৰোগবিধ থকাৰ সম্ভাৱনা পৰীক্ষাটোৰ পূৰ্বে বেচি, তেনেহলে পজিটিভ ফলটোৱে ইয়াক প্ৰায় নিৰ্ধাৰণ কৰে। কিন্তু নিগেটিভ ফলটোৱে আমাক সম্পূৰ্ণ আশ্বস্ত কৰিব নোৱাৰে। তেতিয়া ডাক্তৰে আন এটা পৰীক্ষা কৰে বা আন ধৰণে সিদ্ধান্তত উপনীত হবলৈ চেষ্টা কৰে। ইয়াৰ বিপৰীতে যদি পৰীক্ষাৰ পূৰ্বে অনুমান কৰা ৰোগবিধৰ সম্ভাৱনা কম, আৰু আমি নিগেটিভ ফল পাইছোঁ, তেনেহলে ডাক্তৰজন বেমাৰ নাই বুলি আশ্বস্ত হয়। কিন্তু যদি পজিটিভ ফল পায়, তেওঁ সেই ফলটো ঠিতাতে গ্ৰহণ নকৰে। তেওঁ সেই পজিটিভ ফলটো যে ‘মিছা পজিডিভ’ নহয় সেই সম্পৰ্কে আশ্বস্ত হ’বলৈ দ্বিতীয় এটা পৰীক্ষা কৰিবলৈ দিয়ে। পৰীক্ষাটোৰ ফল সঠিক হলেও ৰোগবিধ থকা বা নথকাৰ যি পূৰ্বানুমান, সেইটো সাপেক্ষেহে ফলটো ব্যখ্যা কৰা হয়।
এইখিনি সহজাতভাৱে বুজা কঠিণ, কিন্তু জীৱনৰ অমোঘ সত্য। অনিশ্চয়তা ভৰা জগতত পৰিসংখ্যাগত সম্ভাৱনাইহে আমাক পৰিচালিত কৰে। মানি লোৱা কঠিণ যে ৰোগ-নিৰ্ণায়ক পৰীক্ষা এটাই দেখুওৱা ফলটো কিমান নিৰ্ভৰযোগ্য সেইটো পৰীক্ষাটোৰ ‘সংবেদনশীলতা’ আৰু ‘নিৰ্দিষ্টতা’ৰ উপৰি সেই বিশেষ ৰোগবিধৰ প্ৰাদূৰ্ভাৱৰ ওপৰতো নিৰ্ভৰ কৰে। বিশেষ এটা পৰিস্থিতি, ষেনে এপিডেমিক বা নিৰ্দিষ্ট, যেনে মেলেৰিয়া অধ্যূসিত অঞ্চল, সাপেক্ষে নিৰ্ধাৰণ কৰা ‘নিৰ্দিষ্টতা’ আৰু ‘সংবেদনশীলতা’ সেই পৰিস্থিতি বা অঞ্চলত ৰোগবিধৰ যি প্ৰাদূৰ্ভাৱ, যেনে ১০%, সেই সাপেক্ষেহে সিদ্ধ। এতিয়া যদি পৰীক্ষাবিধ আমি ৰোগবিধৰ কম প্ৰাদূৰ্ভাৱ, যেনে ১%, থকা পৰিস্থিতি বা অঞ্চলত প্ৰয়োগ কৰোঁ, তেনেহলে পৰীক্ষাটোৰ ‘পজিটিভ’ ফলৰ নিৰ্ভৰযোগ্যতা হ্ৰাস হৈ পৰে। নিৰ্ভৰযোগ্যতাৰ এই মানক ‘ধনাত্মক পূৰ্বাভাস মান’ (Positive Predictive Value) বুলি কোৱা হয়। এটা উদাহৰণৰ পৰা বিষয়টো পৰিষ্কাৰ হ’ব। ৯৯.৯% ‘সংবেদনশীল’ আৰু ৯৯.৫% ‘নির্দিষ্টতা’ থকা কাল্পনিক পৰীক্ষা এটৰ উদাহৰণ লওঁ। ধৰি লওঁ যে এইটো HIV ৰোগৰ পৰীক্ষা আৰু ইয়াৰ ‘সংবেদনশীলতা’ আৰু ‘নির্দিষ্টতা’ ১০% HIV প্ৰাদূৰ্ভাৱ থকা ঠাই এখনত সিদ্ধ কৰা হৈছিল। সেই ঠাইখনত এই পৰীক্ষাটোৰ ‘ধনাত্মক পূৰ্বাভাস মান’ ৯৬% হ’ব (ভিতৰৰ ফৰ্মূলাটো দেখুওৱা নাই)। অৰ্থাত ৯৬% পজিটিভ ফল সঁচা ‘পজিটিভ’। এতিয়া যদি এই একেটা পৰীক্ষা আমি ১% HIV প্ৰাদূৰ্ভাৱ থকা ঠাই এখনত কৰোঁ, ইয়াৰ ‘ধনাত্মক পূৰ্বাভাস মান’ ১৭%লৈ নামি আহে। একেটাই পৰীক্ষা, অথচ প্ৰাদূৰ্ভাৱ অনুযায়ী নিৰ্ভৰযোগ্যতা ততালিকে ৯৬%ৰ পৰা ১৭%লৈ নামি আহে। এই বিৱেচনা নকৰাকৈ পৰীক্ষা এটাৰ ফল শিলৰ ৰেখা বুলি ধৰিব পৰা নাযায়। এতিয়া আমি ক’ৰনাৰ RT-PCR পৰীক্ষাটো বিবেচনা কৰোঁ। যি সমূহ দেশ বা অঞ্চলত মহামাৰী হৈছে, অৰ্থাত ৰোগৰ প্ৰাদূৰ্ৰভাৱ অতি বেচি (যেনে, ইউৰোপ, মাৰ্কিণ যুক্তৰাষ্ট্ৰ বা নিউ ইয়ৰ্ক, লণ্ডন, দিল্লী, মুম্বাই, চেন্নাই ) আৰু যি সমূহ দেশ বা অঞ্চলত ৰোগৰ প্ৰাদূৰ্ৰভাৱ কম, এই একেবিধ RT-PCRৰ ‘ধনাত্মক পূৰ্বাভাস মান’ৰ বিৰাট ব্যৱধান হ’ব। হ’ব। মই যিটো ৯৯.৯% সংবেদনশীল আৰু ৯৯.৫% নিৰ্দিষ্ট পৰীক্ষাৰ উদাহৰণ দিছোঁ, সেইটোৰ ক্ষেত্ৰতেই ১০% প্ৰাদূৰ্ভাব কম-বেচিতেই কি এক বিৰাট ব্যৱধান হৈছে। বাস্তবিক ক্ষেত্ৰত ক’ৰনাৰ RT-PCRৰ ‘সংবেদলশীলতা’ ৭০% আৰু ‘নিৰ্দিষ্টটা’ ৯৫-৯৯% হ’ব পাৰে। ‘মিছা নিগেটিভ’ ইয়াৰ প্ৰধান দূৰ্বলতা যি বিষয়ে বিদ্বত মহলত বিষদ আলোচনা হৈছে। সেয়ে মহামাৰী হোৱা দেশ বা অঞ্চলত নিগেটিভ ফল ওলালেও, যদি লক্ষণ বা ভ্ৰমণ বা সংস্পৰ্শৰ ইতিহাস থাকে, সাৱধনতা বাদ দিয়া নহয়। কিন্তু কম প্ৰাদূৰ্ভাৱ থকা দেশ বা অঞ্চলত লক্ষণ বা ইতিহাস নথকালোকৰ ক্ষেত্ৰত ‘মিছা পজিটিভ’ প্ৰধান সমস্যা হৈ উঠিছে।
শেহতীয়াকৈ লক্ষণ নথকাসকলক স্ক্ৰীনিং কৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টোৱে বিদ্বত মহলত গুৰুত্ব পাইছে। ইউৰোপ আৰু ভাৰতৰ মাজত ক’ৰনাৰ প্ৰাদূৰ্ভাবৰ ব্যৱধান কেইবা গুণৰ। সেয়ে যেতিয়া আমি, উদাহৰণ স্বৰূপে, বঙাইগাওঁ বা মাজুলীত কোনো ভ্ৰমণ বা ‘পজিটিভ’ ৰোগীৰ সম্পৰ্কলৈ অহাৰ ইতিহাস নথকা আৰু ৰোগৰ লক্ষণ নথকা লোকৰ মাজত চাৰিটা ক’ৰনা সংক্ৰমণ হঠাতে ধৰা পৰা দেখা পাওঁ, তেতিয়া বঙাইগাওঁ বা মাজুলী সাপেক্ষে পৰীক্ষাটোৰ ‘ধনাত্মক পূৰ্বাভাস মান’ বিবেচনা কৰিব লাগিব। দ্বিতীয় এটা উচ্চ নিৰ্দিষ্টতা থকা পৰীক্ষা নকৰাকৈ লগতে আন আনুষংগিক কথা বিবেচনা নকৰাকৈ ‘পজিটিভ’ ফলাফলটো পোনে পোনে মানি ল'ব নোৱাৰি। পুণৰ বুজিবলৈ সহজ হোৱাকৈ উদাহৰণ দিছোঁ। যদি ধৰি লওঁ যে পৰীক্ষা কৰা অঞ্চল বা মানুহৰ বিশেষ গোটটোত প্ৰাদূৰ্ভাৱ ৩%, আৰু ক’ৰনা RT-PCRৰ নিৰ্দিষ্টতা ৯৯.৫%, তথাপি প্ৰতি এশজনত ১৯ জন ‘মিছা পজিটিভ’ ওলাব। যদি প্ৰাদূৰ্ভাৱ ১%, তেনেহলে একেটা পৰীক্ষাত এশৰ ভিতৰত ৪১ জন মিছা পজিটিভ’ ওলাব। প্ৰাদূৰ্ভাৱ লগতে পৰীক্ষাটোৰ ‘সংবেনশীলতা’ আৰু বিশেষকৈ ‘নিৰ্দিষ্টতা’ৰ সাধাৰণ তাৰতম্যই চূড়ান্ত সংখ্যাটোৰ কি বিৰাট পৰিবৰ্তন ঘটায়! মুম্বাই বা গুৱাহাটীত ক’ৰনাৰ প্ৰাদূৰ্ভাব কিমান? ফলাফল ব্যখ্যাৰ বাবে ই অতি প্ৰয়োজনীয়। ‘মিছা পজিটিভ’ৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণ হৈ পৰে যদি আমি কম প্ৰাদূৰ্ভাৱ থকা ঠাইত লক্ষণ বা ইতিহাস নথকা সকলোকে সকলোকে সাঙুৰি ‘গন-স্ক্ৰীনিং’ অভিযান আৰম্ভ কৰোঁ। অসমত ক’ৰনাৰ প্ৰাদূৰ্ভাৱ (৭,১৬৫÷২৬,০০০,০০০)× ১০০=০.০২% (২৮ জুনলৈ)। মহাৰাষ্ট্ৰ, য’ত আটাইতকৈ বেচি হৈছে, তাতো প্ৰাদূৰ্ভাৱ ০.০৯%। ইংলণ্ডৰ নিচিনা দেশ, যত বিৰাট এপিডেমিক হৈছে, তাত প্ৰাদূৰ্ভাৱ ০.৪৩%। এই প্ৰাদূৰ্ভাৱ ক্রমসঞ্চিত (Cumulative) সংক্ৰমিতৰ সংখ্যা অনুসৰি। আজিৰ দিনটোত এই সংখ্যা এপিডেমিক বঢ়া বা কমা অনুসৰি ক’ম বা বেচি হব পাৰে। মুঠতে কম প্ৰদূৰ্ভাৱ থকা ঠাইত ‘গন-স্ক্ৰীনিং’ অভিযান ভাবিবলগীয়া এক বিষয়। ‘মিছা পজিটিভ’ ফলক কেনেকৈ মোকাবিলা কৰিম সেই বিষয়ে নীতি লাগিব। ৰাজ্য চৰকাৰসমূহে সঠিক পথ-নিৰ্দেশনা দিয়াত ICCMৰ ভুমিকা আছে।
এই https://calculator.testingwisely.com/playground/ ৱেৱচাইতটোত আপোনালোকে নিজেই পৰীক্ষা এটাৰ ভিন্ন ‘সংবেনশীলতা’ আৰু ‘নিৰ্দিষ্টতা’ আৰু ৰোগটোৰ বেলেগ বেলেগ প্ৰদূৰ্ভাৱ দি কিমান সঁচা বা মিছা ফলাফল ওলাব চাব পাৰে। এপিডেমিঅ’লজিৰ সূত্ৰমতে ৱেবচাইচটোৰ অন্তৰালত ফৰ্মূলা দি থোৱা আছে যাতে সহজ গণনা কৰিব পৰা যায়। সাধাৰণতে এই জটিল বিষয়টো ডাক্তৰ এজনৰ নিজৰ ৰোগীৰ বাবে বিবেচিত। আজি সম্ভাব্য মহামাৰী প্ৰতিৰোধৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ বাবে বিবেচনাৰ বিষয় হৈ পৰিছে।
অনিশ্চয়তা ভৰা পৰিস্থিতিত পৰিসংখ্যাৰ সম্ভাৱনীয়তাৰ দ্বাৰা আগবঢ়া সহজ কথা নহয়। ইয়াত ৰাজনৈতিক বিবেচনা অতি প্ৰয়োজনীয়। আমাৰ দৰে মানুহৰ কাম আলোকপাত কৰা। মহামাৰী ৰোধৰ বাবে দিন-ৰাতি একাকাৰ কৰা ৰাজনৈতিক নেতৃত্বক তথ্য-বিশ্লেষণ দি সৱল কৰা। এই ধৰণৰ পৰিবেশত ‘যড়যন্ত্ৰ তত্ব’ আৰু চাঞ্চল্যকৰ বাতৰি পৰিবেশন কৰি কাকত বেচিবলৈ দিহা কৰা অল্পমতিৰ কাৰ্য।
No comments:
Post a Comment