বিশেষ সময় আৰু পৰিস্থিতিত জনপ্রবাদ একোটাই বিৰাট আৰু সার্বজনীন ৰূপ ল’ব পাৰে৷ ই এক শৃংখল প্রক্রিয়া৷ বাহ্যিক বিশেষকৈ বীজাণুৰ পৰা আহিব পৰা সম্ভাব্য ভয়ৰ প্রতি আমি কেনেদৰে প্রতিক্রিয়া বা আচৰণ কৰোঁ, সেয়া বিৱর্তন প্রক্রিয়াৰ দ্বাৰা নিৰূপিত হয়৷ এনে ভয়ৰ পৰিপ্রেক্ষিতত আমাৰ জ্ঞান আৰু বোধ আহৰণত পৰা প্রভাৱ বিৱর্তন–বিজ্ঞানৰ সহায়ত ব্যাখ্যা কৰিব পৰা যায়৷ আমি যি সার্বজনীন আতংকগ্রস্ততা দেখিছোঁ, সেয়া ব্যাখ্যাৰ অতীত নহয় নতুবা নতুন পৰিঘটনাও নহয়৷ পার্থক্য ইমানেই যে পূর্বে এনেধৰণৰ পৰিঘটনাত সার্বজনীনতা একোখন সমাজ বা গোটৰ পৰিধিত আছিল৷ এইবেলি আক্ষৰিক অর্থতেই সার্বজনীন বৰং বিশ্বজনীন ৰূপ লৈছে৷ ইয়াৰ কাৰণ ছ’চিয়েল মিডিয়া আৰু ২x৭ দৃশ্য–শ্রাব্য সংবাদ মাধ্যম৷ জনপ্রবাদৰ মূল আতংকজনিত বৈশিষ্ট্যটো সর্বত্র অটুট থাকিলেও ইয়াৰ মাত্রা বা স্বৰূপ সমাজভেদে কিছু বেলেগ৷ অনিশ্চিয়তা মোকাবিলা কৰিবলৈ মানুহ অপাৰগ৷ বিশেষকৈ তথাকথিত বিজ্ঞানমনস্ক মানুহ৷ অনিশ্চয়তা বিজ্ঞানৰ মৌলিক চৰিত্র, এই সত্য বিজ্ঞান মনস্কসকলৰ বাবে স্ববিৰোধিতা৷ তথাকথিত বিজ্ঞানমনস্ক ‘সচেতন’ নাগৰিক আৰু বিশেষজ্ঞসকলৰ হয়ভৰে জনপ্রবাদক ন্যায্যতা দিছে, এটা বিশেষ গতিবেগ দিছে৷ ‘অসচেতন’ আৰু ‘অবিজ্ঞানমনস্ক’ হোজা ৰাইজক আতংকই কমকৈ চুইছে৷ ‘সচেতন বিজ্ঞানমনস্ক’সকলৰ চকুত হোজা ৰাইজে ক’ৰোনা প্রট’কল ভাঙে বুলি সমালোচিত হৈছে৷
ভাৰতীয় দৰ্শন - এক ৰূপৰেখা
ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...
Sunday, May 30, 2021
Saturday, April 10, 2021
‘লক-ডাউন’ - ক’ৰোনা নিয়ন্ত্ৰণত কাৰ্যকৰী?
সম্প্রতি ভাৰতত ক’ৰোনা পৰীক্ষাত পজিটিভ হোৱা লোকৰ সংখ্যা বাঢ়িবলৈ ধৰিছে৷ যোৱা বছৰটোত যদি এটা কথা নিঃসন্দেহে প্রমাণ হৈছে, সেইটো হৈছে এই শ্বাসজনিত ভাইৰাছটোৰ ঋতুগত ৰূপটো৷ মই এই সম্ভাৱনাৰ কথা পূর্বে ব্যক্ত কৰিছিলোঁ৷ মূলতঃ অপতথ্যই সৃষ্টি কৰিব পৰা অহৈতুক ভয়–ভীত প্রশমন কৰাৰ বাবে যোৱা বছৰৰ আগভাগত একাধিক নিবন্ধ লিখিছিলোঁ৷ ফেচবুকতো পোষ্ট দিছিলোঁ৷ কিন্তু ক’ৰোনা সম্পর্কে বিশ্বজুৰি ভীতি প্রৱণতাৰ এক প্রবল গাঁথা তৈয়াৰ হৈ উঠিল৷ কেনেকৈ এক সামূহিক গাঁথা তৈয়াৰ হৈ উঠে, এটা সার্বজনীন মানসিকতা গঢ় লৈ উঠে, সেয়া বিস্ময়কৰ আৰু চিন্তনীয়৷ সেই সম্পর্কে মই জল্পনা–কল্পনা কৰিব খোজা নাই৷ বৰং বাস্তৱ অভিজ্ঞতা আৰু বিজ্ঞান পত্রিকাত প্রকাশিত সমলৰ ভিত্তিত ভাৰতৰ ক’ৰোনা পৰিস্থিতিত সহায়ক হ’ব পৰা দুটামান পর্যবেক্ষণ আলোচনা কৰিব বিচাৰিছোঁ৷
Sunday, March 14, 2021
যোৱা পাঁচোটা বছৰ আৰু সমাগত নিৰ্বাচন
নিয়মীয়া বাৰ্তা, ১৫-৩-২১
-
ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...
-
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্তেম্বৰ, ২০১৯ ‘অস্তিত্বৰ সংকট’ এই এটা চিন্তাই আমাক খুলি খুলি খায়। শৈশৱ-কৈশোৰতে এইভাবে অসমীয়াক আচ্ছন্ন কৰি তোলে। আমাৰ ...
-
নিয়মীয়া বাৰ্তা, ১০ জুলাই, ২০১৮ আলফাই সাহিত্য সভাৰ কৰ্মকৰ্তাক ইউনিক’ড কনৰ্ছটিয়ামত অসমীয়া লিপিৰ ‘স্বতন্ত্ৰ’তা প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হোৱাৰ অভি...