নিয়মীয়া বাৰ্তা, ১৫-৩-২১
পাঁচোটা বছৰ পাৰ হৈ গ'ল । আকৌ নিৰ্বাচন
সমাগত ৷ নিৰ্বাচনী প্ৰচাৰৰ ধৰণ-কৰণ দেশ অনুযায়ী সুকীয়া ৷ আমাৰ দেশত উছব মুখৰ ৷ গনতন্ত্ৰৰ
উছব নে ক্ষমতা দখলৰ, সেয়া নিজা নিজা দৃষ্টিভংগীৰ কথা ৷ দৰাচলতে
কোনো ধাৰণাত্মক সিদ্ধান্ত বগা বা কলা ৰঙৰ দৰে স্পষ্ট নহয় ৷ মাজত এক বিশাল ধূসৰিত অনিশ্চয়তাৰ
বলয় থাকে ৷ স্থান, কাল, পাত্ৰ ভেদ থাকে
৷ সমাজ-ৰাজনীতিৰ জটিল বিষয় একোটাত দিয়া সিদ্ধান্তৰ মাজত অনিশ্চয়তা ভৰা ধূসৰ বলয়টো বৰ
ঘন ৷ আনকি বিজ্ঞানতো অনিশ্চয়তা আৰু ধূসৰতা বিৰাজমান ৷ কভিড-১৯ৰ লেৱৰটৰিৰ ফলাফল 'পজিটিভ' আৰু 'নিগেটিভ' এইধৰণে সৰলীকৃত কৰি উলিয়াই দিয়া হয় ৷ অথচ 'পজিটিভ' দৰাচলতে 'নিগেটিভ'
হ’ব পাৰে বা তাৰ ওলোটাটো ৷ যোৱা মাহকেইটা মই কভিড-১৯ৰ ফলাফলৰ দ্বন্ধ ভাঙি ৰোগীৰ কল্যাণৰ
কাৰণে বিশেষজ্ঞ অভিমত দি আহিছোঁ ৷ পুনৰীক্ষা বা ৰোগীৰ পৰিস্থিতি বিৱেচনা কৰি “নিগেটিভ”ক
“নিগেটিভ” বুলি প্ৰতীয়মান কৰিছোঁ ৷ তাৰ ওলোটাও কৰিছোঁ ৷ এনেক্ষেত্ৰত ৰাজনৈতিক কমেণ্টেটৰ
এজনৰ সিদ্ধান্ত ইমান নিশ্চিত কেনেকৈ হ’ব পাৰে?