ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Sunday, May 30, 2021

সাগৰৰ পাৰ, নদীৰ পাৰ আৰু কৰ’না সংক্ৰমণ

নিয়মীয়া বাৰ্তা, ৩০-৫-২১

বিশেষ সময় আৰু পৰিস্থিতিত জনপ্রবাদ একোটাই বিৰাট আৰু সার্বজনীন ৰূপ ল’ব পাৰে৷ ই এক শৃংখল প্রক্রিয়া৷ বাহ্যিক বিশেষকৈ বীজাণুৰ পৰা আহিব পৰা সম্ভাব্য ভয়ৰ প্রতি আমি কেনেদৰে প্রতিক্রিয়া বা আচৰণ কৰোঁ, সেয়া বিৱর্তন প্রক্রিয়াৰ দ্বাৰা নিৰূপিত হয়৷ এনে ভয়ৰ পৰিপ্রেক্ষিতত আমাৰ জ্ঞান আৰু বোধ আহৰণত    পৰা প্রভাৱ বিৱর্তন–বিজ্ঞানৰ সহায়ত ব্যাখ্যা কৰিব পৰা যায়৷ আমি যি সার্বজনীন আতংকগ্রস্ততা দেখিছোঁ, সেয়া ব্যাখ্যাৰ অতীত নহয় নতুবা নতুন পৰিঘটনাও নহয়৷ পার্থক্য ইমানেই যে পূর্বে এনেধৰণৰ পৰিঘটনাত সার্বজনীনতা একোখন সমাজ বা গোটৰ পৰিধিত আছিল৷ এইবেলি আক্ষৰিক অর্থতেই সার্বজনীন বৰং বিশ্বজনীন ৰূপ লৈছে৷ ইয়াৰ কাৰণ ছ’চিয়েল মিডিয়া আৰু ২x৭ দৃশ্য–শ্রাব্য সংবাদ মাধ্যম৷ জনপ্রবাদৰ মূল আতংকজনিত বৈশিষ্ট্যটো সর্বত্র অটুট থাকিলেও ইয়াৰ মাত্রা বা স্বৰূপ সমাজভেদে কিছু বেলেগ৷ অনিশ্চিয়তা মোকাবিলা কৰিবলৈ মানুহ অপাৰগ৷ বিশেষকৈ তথাকথিত বিজ্ঞানমনস্ক মানুহ৷ অনিশ্চয়তা বিজ্ঞানৰ মৌলিক চৰিত্র, এই সত্য বিজ্ঞান মনস্কসকলৰ বাবে স্ববিৰোধিতা৷ তথাকথিত বিজ্ঞানমনস্ক ‘সচেতন’ নাগৰিক আৰু বিশেষজ্ঞসকলৰ হয়ভৰে জনপ্রবাদক ন্যায্যতা দিছে, এটা বিশেষ গতিবেগ দিছে৷ ‘অসচেতন’ আৰু ‘অবিজ্ঞানমনস্ক’ হোজা ৰাইজক আতংকই কমকৈ চুইছে৷ ‘সচেতন বিজ্ঞানমনস্ক’সকলৰ চকুত হোজা ৰাইজে ক’ৰোনা প্রট’কল ভাঙে বুলি সমালোচিত হৈছে৷