নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট ১৭
যোৱা ১৩ আগষ্টত আমেৰিকাৰ ভাৰ্জিনীয়া প্ৰদেশৰ ছাৰ্লটভিলত সোপন্থীক একত্ৰিত কৰিবলৈ আহ্বান কৰা এক গণ সন্মিলনত এই কাৰ্যৰ প্ৰতিবাদকাৰী গোট এটাক এজন ‘স্বেতাংগ শ্ৰেষ্ঠ’ মনোভাবাপন্ন যুৱকে ইচ্ছাকৃতভাৱে গাড়ীৰে মহতিয়াই এজনক হত্যা আৰু ১৯ জনক আঘাত হানে। ৰাষ্ট্ৰপতি ট্ৰাম্পে এই কাৰ্যক বীনা দ্বিধাই গৰিহণা দিয়াত ব্যৰ্থ হৈছে। আমেৰিকাত ক্ৰমবৰ্ধমান বৰ্ণ বিদ্বেষ আৰু ঘৃণাজনিত অপৰাধ স্বত্বেও দেশৰ নেতৃবৃন্দই মুখ খুলি প্ৰতিবাদ নকৰা পৰ্যবেক্ষণ কৰি ৰাষ্ট্ৰসংঘৰ এখন কমিটিয়ে দেশখনক সাৱধান বাণী শুনাইছে। ট্ৰাম্পৰ বৈদেশিক সচিব টিলাৰছনে ট্ৰাম্পে সমৰ্থকসকলক তোষণ কৰি কৈ থকা কথাবাৰ্তা চৰকাৰী ভাষ্য নহয়, বৰং ট্ৰাম্পৰ নিজা বুলি কবলৈ বাধ্য হৈছে। স্বেতাংগ শ্ৰেষ্ঠ মনোভাবৰ নিৰ্লজ্জ প্ৰদৰ্শনেই নহয়, এই মনোভাৱাপন্নসকলে আইনক বুঢ়া আঙুলী দেখুৱাই সংঘটিত কৰি থকা ঘটনাসমূহৰ বিৰুদ্ধে সাধাৰণ ৰাইজেও মাত নামাতি বা নেদেখা যেন দেখুৱাই মনে মনে থকা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি বহুজন উত্কণ্ঠিত হৈ উঠিছে।
আমেৰিকাৰ প্ৰসঙ্গ কিয়? ‘অসমত অসমীয়াৰ প্ৰভূত্ব থাকিবই লাগিব, নহ’লে...’ হুংকাৰ আৰু আমেৰিকাত একাংশৰ ‘শ্বেতাংগ শ্ৰেষ্ঠ’ মনোভাবৰ মাজত পাৰ্থক্য কিমান? প্ৰভূত্বৰ বিপৰিত হৈছে দাসত্ব। মই প্ৰভূ হ’লে আন বোৰ কি দাস? ‘মৰিব জানো-মাৰিবও জানো’ আৰু ছাৰ্লটভিলৰ গাড়ীৰে মহতিয়াই মানুহ হত্যা ঘটনাটোৰ মাজৰ দূৰত্ব কিমান? আমেৰিকাত যদি ট্ৰাম্পে জনতোষণ কৰিছে আৰু আমাৰ ইয়াত কৰিছে একাংশ বুদ্ধিজীৱিয়ে।
কিছু মাহ পূৰ্বে চিলাপথাৰ আৰু সদ্য সংঘটিত নগাওঁৰ ঘটনাটোক বঙালীয়ে খিলঞ্জীয়াক পদানত কৰিবলৈ কৰি থকা ষড়যন্ত্ৰৰ বহিৰ্প্ৰকাশ বুলি এচাম অতি উগ্ৰ জাতীয়তাবাদীয়ে তদন্ত-বিচাৰলৈ বাট নাচাই ৰায় দি তীব্ৰ প্ৰচাৰ চলাইছে। আৱেগ জগাই তুলি হোজা জনসাধাৰণক বঙালীৰ বিৰুদ্ধে সংগঠিত কৰিছে। সংবাদমাধ্যমে ইয়াত সাৰ পানী যোগাইছে। বয়োজেষ্ঠ্য প্ৰবুদ্ধ বৰ্গই হয় নীৰৱতা অৱলম্বন কৰিছে, নহয় মৃদু প্ৰতিৱাদহে কৰিছে। একাংশ ‘প্ৰবুদ্ধ’ই প্ৰকাৰন্তৰে উচতনি দিছে।
অলপতে আপোনজনক হেৰুওৱাৰ বিষাদগ্ৰস্ততাৰ মাজতেই নগাঁওৰ ঘটনাটোক বঙালীৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমনৰ ৰূপ দিয়া অপপ্ৰচাৰত বিৱেক প্ৰহৰীসকলৰ নীৰৱতাত অধিক হতাশ হৈ পৰিছোঁ। ‘মিলিব লাগে, মিলাব লাগে’ জাতি গঠণ প্ৰক্ৰিয়াত বিশ্বাসী অসমবাসীৰ হৈ দায়িত্ব পালন কৰি লিখিছোঁ।
তথাকথিত ‘ইছলামিক ৰাষ্ট্ৰ’ৰ নৰসংহাৰ অসংখ্য শান্তিপ্ৰিয় ইছলাম ধৰ্মাৱলম্বীয়ে কৰা নুবুজায়। জনৈক বঙালী দোকানীয়ে ছান্দা উঠাব বা আন কিবা কামত যোৱা প্ৰাক্তন সন্ত্ৰাষবাদীক কৰা প্ৰহাৰ বঙালীয়ে অসমীয়াক কৰা প্ৰহাৰ কেনেদৰে হয়? অপ্ৰৰোচিত নে প্ৰৰোচিত কোনে ৰায় দিব? মূহূৰ্তৰ ভিডিঅ’ চাই নিমিষতে ‘মিডিয়া ট্ৰায়েল’ নিচ্চয় কৰিব পাৰি। আমি বিচাৰকৰ ৰায়লৈ ৰ’ব নালাগিবনে? একেদৰে চিলাপথাৰত শ্বহীদ বেদীত কৰা অপকাৰ্যইকেই বা কেনেদৰে জাতিগত ৰূপ দিয়া যায়? এই দুটা বিক্ষিপ্ত ঘটনা কোনো এক পৰিকল্পিত যড়যন্ত্ৰৰ প্ৰকাশ বুলি দাঙি ধৰা কাৰ্য অবোধ মনৰ পৰিচয় নে পৰিকল্পিত উচতনি?
আটাইতকৈ ভয়ঙ্কৰ কথাটো হৈছে সংবাদমাধ্যমে বিচাৰকৰ আসন গ্ৰহন কৰাৰ প্ৰৱণতা। ‘.....দাস এণ্টাৰপ্ৰাইজ ব্যবসায়িক প্ৰতিষ্ঠানত ২২ আগষ্টত প্ৰাক্তন আলফা সদস্যৰ এটা দলৰ ওপৰত ষড়যন্ত্ৰমূলক আক্ৰমনৰ ঘটনাক লৈ...’, এয়া ২৫ আগষ্টত নিয়মীয়া বাৰ্তাত মূল বাতৰি ৰূপত প্ৰকাশিত বাতৰিটোৰ আৰম্ভণীৰ কিয়দংশ। ‘ষড়যন্ত্ৰমূলক আক্ৰমন’! এয়া অনুসন্ধানমূলক সাংবাদিকতা নে বিচাৰকৰ ৰায়? লগতে প্ৰাক্তন সন্ত্ৰাষবাদীৰ ‘মৰিব জানো-মাৰিবও জানো’ ভীতি প্ৰদৰ্শনকাৰী হুঙ্কাৰক জাতীয় বীৰৰ উক্তিৰ মৰ্যাদাৰ শিৰোনামাত দিয়া হৈছে। এয়া প্ৰৰোচনা নহয়নে? আন আন বাতৰিকাকতো যে ব্যতিক্ৰম আছিল এনে নহয়। সংবাদ মাধ্যমৰ মাজত জনতোষনৰ এক অঘোষিত প্ৰতিযোগিতাহে চলিছে। একাঠি চৰা অসমৰ এচাম বয়োজেষ্ঠ্য ‘প্ৰবুদ্ধ’। নিয়মীয়া বাৰ্তাৰ ২৭ আগষ্টৰ ১১ পৃষ্ঠাত ডঃ হীৰেন গোঁহাই, ডঃ দীনেশ বৈশ্যকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে স্বাক্ষৰ কৰা বুলি উল্লেখ কৰা এটা বিবৃতি পঢ়িলো। তেওঁলোকে ৰায় দিছে, ‘নগাৱত সংঘটিত ঘটনাই অসমীয়া জাতিক চূড়ান্তভাৱে অপমান কৰিছে।’ তেওঁলোকে ঘটনাৰ প্ৰতিবাদ নিজে কৰিছেই, ৰাজ্যবাসীকো কৰিবলৈ আহ্বান জনাইছে। ‘মৰিব জানো-মাৰিবও জানো’ৰ দৰে মুকলিকৈ নকৰিলেও এই আহ্বান ধূসৰিত প্ৰৰোচনা নেকি বিচাৰৰ প্ৰয়োজন আছে। ‘এই ঘটনা অসমীয়া জাতিক পংগু কৰি এই ভুখণ্ডক ভাৰতীয়কৰণ কৰাৰ গুপুত যড়যন্ত্ৰৰে অংশবিশেষ’ কাৰণ ‘যি দুজন বঙালী যুৱ ব্যবসায়ীয়ে অসমৰ মাটিত দুজনকৈ অসমীয়া যুবকক মিৰ্মমভাৱে প্ৰহাৰ কৰাৰ সাহস কৰিলে, সেই দুয়োজন বিজেপি আৰু আৰ এছ এছ লগত জড়িত ব্যক্তি।’ বিচাৰকলৈ অপেক্ষা নকৰি তেওঁলোকে কি অনুসন্ধানৰ ভিত্তিত এই ৰায় প্ৰদান কৰিছে? এই নাভূত-নাশ্ৰুত প্ৰতিপাদনত এতিয়া আমি বুৰ্বক অসমীয়া পতিয়ন যাব লাগে! হাস্যকৰভাৱে আকৌ নিজকে বুজনিও দিছে, ‘অসমত থকা সকলো বাংলাভাষীক এই দুজন বাংলাভাষী যুৱকে প্ৰতিনিধিত্ব কৰে বুলি ভৱাটোও যুক্তিসঙ্গত কথা নহয়।’ তেনেহ’ল কেলেই অসমৰ বৃহত্তৰ বঙালী সমাজক আহ্বান জনাইছে (নে সকিয়নী দিছে), ‘অসমত থাকি অসমীয়া জাতিৰ প্ৰতি দেখুওৱা এই চৰম অপমানজনক আচৰণৰ প্ৰতিবাদ কৰক, অন্যথা অসমত থকা সমূহ বঙালী লোকেই অসমীয়াৰ শত্ৰু বুলি যি ধাৰণা আজি যড়যন্ত্ৰমূলকভাৱে দিবলৈ চেষ্টা কৰা হৈছে, কাইলৈ সেয়াই সত্য বুলি প্ৰমাণিত হবলৈ বাধ্য।’ কি অদ্ভূত যুক্তি! কোনে বঙালীক অসমীয়াৰ শত্ৰু বুলি ধাৰণা দিবলৈ চেষ্টা কৰিছে? যি কৰিছে তেওঁকহে থকা-সৰকা কৰিব লাগে। নীৰিহ বঙালীক কিয়? কিবা যদি যড়যন্ত্ৰ আছে উদঙাই কিয় দিয়া নাই। ধৃষ্টতাৰো সীমা আছে, ভণ্ডামীৰো সীমা আছে। ৰত্নাকৰ বাল্মিকী হৈছিল। পিছে আত্মসমৰ্পণকাৰী দুই প্ৰাক্তন আলফা ধোৱা তুলসীৰ পাত হৈ পৰিছিল নে নাই বাতৰিকাকত বা বুদ্ধিজীবিৰ ছাৰ্টিফিকেটতত আমি সাধাৰণ বুদ্ধিবৃত্তিৰ মানুহ পতিয়ন যাব পৰা নাই। দুই ব্যৱসায়ী বঙালী যুবকক বুদ্ধিজীৱিয়ে বীনাবিচাৰে শূলত দিয়াৰ দাবীও শান্তিকামী অসমীয়াই সমৰ্থন নকৰে।
‘অসম ভুখণ্ডক ভাৰতীয়কৰণ’ কৰিবলৈ ‘গুপুত যড়যন্ত্ৰ’ কৰিব নালাগে।
বান-ভগদত্ত, উষা-অনিৰুদ্ধ, কামাখ্যা-বশিষ্ঠ আশ্ৰমৰ দেশ এই অসম ভূমি। মহাপুৰুষজনাই সৌ তাহানিয়ে অসম ভূমি ভাগৱত পুৰাণ, কীৰ্তনৰ পবিত্ৰ বাণীৰে সাংস্কৃতিক ভাৰতৰ সৈতে নিচিঙা এনাজৰীৰে বান্ধি থৈ গৈছে। স্বৰ্গদেউসকলে সৌ তাহানিয়ে ভাৰতভূমিৰ পৰা যোগ্যজনক উপযুক্ত স্থানত থাপি জাতি নিৰ্মাণ কৰিছে, নিজেও ভাৰতৰ ধৰ্ম লৈছে। তেখেতসকলে স্বকীয়তl বিসৰ্জন কৰা নাছিল, বৈচিত্ৰও সংৰক্ষণ কৰিছিল। আমিও কৰিম। বিচিত্ৰতাৰ মাজত একতাই হৈছে সাংস্কৃতিক ভাৰত। এই সংস্কৃতিৰ বিস্তাৰভূমি প্ৰকৃতিৰ সৃষ্টি এক অখণ্ড ভূমিখণ্ড। আধূনিক অসম ভাৰত গণতন্ত্ৰৰ অন্যতম ৰাজ্য।
আমাৰ অসম ২৭ আগষ্টত বিশিষ্ট অধ্যাপক ডঃ প্ৰশান্ত চক্ৰবৰ্তীদেৱে ‘বিভেদ-বীণা বাজে কিয় আজি?’ কিয় লিখনীৰ মাজেৰে অন্তৰৰ ব্যথা প্ৰকাশ কৰিছে। অসমবাসী বঙালীয়ে অসমীয়া জাতিৰ প্ৰতি আগবঢ়োৱা বিশিষ্ট বৰঙণীৰ উল্লেখ কৰিছে। ডঃ চক্ৰবৰ্তীৰ ফেছবুকৰ এটা পোষ্টো মোৰ চকুত পৰিছে। অকপটে কৈছে, ‘বঙলা যদি মোৰ মাতৃভাষা, অসমীয়া মোৰ ধাত্ৰীভাষা। মোৰ দুগৰাকী মা। যশোদা আৰু দৈবকী। মই দুটা আৰ্য ভাষা জানো। লিখিব জানো, পঢ়িব জানো আৰু ক’বও জানো। বিহু আহিলে, ঢোল পেঁপা গগনাৰ মাতত আমাক তেজতো আনন্দৰ লহৰ উঠে। মইও চতৰ সংক্ৰান্তিত গৰুক গা ধুৱাওঁ। পুহৰ মাঘ বিহুত আমিও ভেলাঘৰ সজাওঁ। কাতি বিহুত ধান খেতিত তুলসীৰ তলত চাকি দিওঁ। আমাৰ সাজ-পোচাক, খাদ্যাভ্যাস, ব্যবহাৰত কিমান মিল। খেজুৰৰ গুৰ দি চুঙা পিঠা খাওঁ। দুটা বৰ্ণ বাদ দিলে আমাৰ বৰ্ণমালাও একে। উচ্চাৰণত সামান্য পাৰ্থক্য। দুই পাৰতে আমাৰ সহাৱস্থান। আনকি বৰাকৰো কোনো কোনো ঠাইত অসমীয়া গাওঁ।’
হিয়াৰ আমঠু ভুপেন হাজৰিকাই উদাত্ত কণ্ঠেৰে গাই যোৱা কথাখিনি আজি কিয় ডঃ চক্ৰবৰ্তীয়ে দুখেৰে আমাক ক’বলগীয়া হৈছে। মোক অসমীয়া হিচাপে ভৱাই তুলিছে, লজ্জিত কৰিছে। কিয় তেওঁলোকে বাৰে বাৰে অগ্নি পৰীক্ষা দিব লাগে! মোৰ দৰে অসমীয়াইও প্ৰশ্ন কৰিছে।
আজি ব্ৰিটেইন, আমেৰিকাত ভাৰতীয়জনে গৌৰৱেৰে ব্ৰিটিছ-ভাৰতীয় বা আমেৰিকান-ভাৰতীয় বুলি পৰিচয় দিছে। নিজৰ কলা-সংস্কৃতি অক্ষুন্ন ৰাখিও বৃহত্তৰ জাতিটোত জীন গৈছে। অসমবাসী বঙালীজনে কেলেই অসমীয়া-বঙালী বুলি আমাৰ সন্মানৰ পৰা বঞ্চিত হৈছে? এনে পাৰস্পৰিক স্নেহ-সন্মানেৰে জাতি গঠণৰ প্ৰচেষ্টা অসমত অসমীয়াৰ নেতৃত্বত আৰম্ভ হ’ব লাগিব। এনে আন্তৰিক প্ৰচেষ্টা অবিহনে বঙালীক গৰিহণা দিব পৰা নাযায়। হিন্দু বঙালী শৰণাৰ্থীক নাগৰিকত্ব দিয়া-নিদিয়া প্ৰসঙ্গ সুকীয়া। যদিও এই ক্ষেত্ৰতো উগ্ৰ জাতীয়তাবাদীৰ মনোভাৱ ৰাষ্ট্ৰসংঘ আৰু সভ্য জাতি সমূহৰ মুল্যবোধ বা নীতিৰ পৰিপন্থী। চেকনিৰে পাৰ হৈ অহা তথ্যৰ শূ্ণ্যগৰ্ভ (Filter Bubble)ত বাস কৰা আঞ্চলিক সংবাদমাধ্যমত একছত্ৰীভাবে দপদপাই একাংশ বুদ্ধিজীৱি বিশ্বজনীন ধ্যান-ধাৰণা ৰহিত হোৱাই স্বাভাৱিক।
একাংশৰ অপপ্ৰচাৰ সমগ্ৰ অসমীয়াই সমৰ্থন কৰে বুলি প্ৰতিষ্ঠা কৰাৰ দৰে আত্মঘাটী কাৰ্যৰ পৰা বুদ্ধিজীবী আৰু সাংবাদিক বিৰত হওঁক। আজি হেজাৰ লক্ষ অসমীয়া যুৱক ভাৰতৰ বিভিন্ন প্ৰদেশত কৰ্মৰত। আমাৰ দৰে মুষ্টিমেয় অসমীয়া বিদেশতো আছোঁ। খিলঞ্জীয়াৰ ‘প্ৰভূত্ব’ৰ ধাৰণাটো সকলো দেশতে প্ৰযোজ্য হ’লে দেখোন আসমৰ বাহিৰত আমিবোৰো দাসত্বত বন্দী হৈ পৰিম। সভ্য জাতিয়ে প্ৰভূত্ব নচলায়। উত্কৰ্ষৰ বাবে সৃষ্টিশীল সাধনাহে কৰে। অস্তিত্বৰ সঙ্কট অনুভৱ কৰিলে দুগুণ শ্ৰম কৰে, সৃষ্টিশীল কামত মনোনিবেশ কৰে, প্ৰয়োজন হ’লে বুদ্ধিদীপ্ততাৰে ৰাজনৈতিক সন্ধিও কৰে। মোৰ বিশেষ যোগ্যতা নাই, তথাপিও অসমীয়াৰ অস্তিত্বৰ সঙ্কট নিৰাময়ৰ ক্ষেত্ৰত ‘আমি যড়যন্ত্ৰৰ বলি’ বা ‘নীপিড়িত’ এই মানসিকতা ত্যাগ প্ৰথম চৰ্ত বুলি লিখিছিলো। সমাধান আহিব তাৰ পিছতহে। নিয়মীয়া বাৰ্তাৰ ২৮ আগষ্টৰ সম্পাদকীয় পৃষ্ঠাত ‘অসমীয়া জাতীয়তাবাদ কোন দিশে?’ শীৰ্ষক নিবন্ধত সুমন্ত চলিহাই গুৰুত্বপূৰ্ণ আলোকপাত কৰিছে। অসম-আসমীয়াৰ চিন্তাত টোপনি ক্ষতি আমাৰ দৰে বহু সাধাৰণ অসমীয়াইও কৰে। জীৱনৰ পাচোটা দশক গৰকা এই নিঃকিনৰ দেশ-বিদেশৰ সামান্য জ্ঞান-অভিজ্ঞতাৰে কৈছো, এইসকল বুদ্ধিজীৱিৰ কথা-কাণ্ড আতি ভয়ানক। ৰোৱাণ্ডাৰ জেন’ছাইদৰ দৰে অসমতো ভাতৃঘাটী ৰক্তাক্ত সংঘৰ্ষ ঘটাব পৰা প্ৰৰোচনাৰ বীজ আছে তেওঁলোকৰ কাণ্ডকাৰখানাত।
অগ্নিকবি কমলা কান্তৰ সকিয়নী আমাৰ কৰ্ণ পটহত অহৰহ বাজে। কৱিয়ে ‘ধিক অসমীয়া মানুহ নহয়, অসম স্মশান নোহে কোনো কয়’ বুলিছিল ঠিকেই, কিন্তু আচলতে আমাক সঞ্জীৱনী মন্ত্ৰহে শুনাইছিল। আজি সুধাকণ্ঠৰ অভাৱ অনুভৱ হৈছে।
সংখ্যা লঘূ কোনো সম্প্ৰদায়
ভয়াৰ্ত মনটিৰ
নুফুটা আৰ্তনাদ
নিজেই প্ৰকাশ কৰি
মই যেন এটি নিৰাপত্তা হওঁ __
মই যেন এটি সুধাকণ্ঠ হওঁ।
নতুন প্ৰজন্মই অগ্নিকৱিক সৰোগত কৰিব লাগিব, ভূপেন হাজৰিকাক লাগিব। সুধাকণ্ঠৰ প্ৰতিটো গানৰ মৰ্মৰে উদ্বুদ্ধ হৈ অগ্নিযুগৰ ফিৰিঙতি হৈ নতুন অসম গঢ়িব লাগিব।
No comments:
Post a Comment