ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Monday, June 19, 2017

‘ৰাঙলী ৰাণী’ তত্ব

দৈনিক জনমভূমি, ১৯ জুন ২০১৭

লুইচ কে’ৰলে ৰচিত ‘আশ্চৰ্যৰ দেশত এলিচৰ ৰোমাঞ্চকৰ অভিযান’ (Alice's Adventures in Wonderland) ১৮৭১ চনত প্ৰকাশিত। ইয়াৰ ছমাহৰ পিছত কে’ৰলে উত্তৰভাগ হিচাপে 'আয়নার মাজেৰে' (Through the Looking Glass) ৰচনা কৰিছিল। লুইচ কে’ৰল দৰাচলতে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক চাৰ্লচ লুটউইজ ডজচনৰ ছদ্মনাম। কাহিনী ভাগত এলিচ আয়নাৰে বগাই পুণৰাই বিস্ময়কৰ দেশখনত প্ৰবেশ কৰি বহু দূৰলৈ নেত্ৰপাত কৰিবলৈ সক্ষম হৈছিল। বাৰটা অধ্যায়েৰে সমৃদ্ধ নৱমটো অধ্যায়ত ৰাঙলী ৰাণীয়ে এলিচক কৈছিল, ‘এইফালে চোৱা, ইয়াত একেখিনি ঠাইত স্থিৰ হৈ থাকিবলৈকে তুমি যথাসাধ্য দৌৰি থাকিব লাগিব।’ জুনৰ প্ৰথমটো সপ্তাহত আমেৰিকাৰ নিউ অৰ্লীনছত আন্তৰাষ্ট্ৰীয় বিজ্ঞান সন্মিলনত একাধিক বক্তৃতাত ইয়াৰ উল্লেখ শুনি অনুসন্ধিত্সা জাগি উঠিছিল। শিশু মনোৰঞ্জনকাৰী কাহিনীটোৰ ৰাণীৰ এইষাৰ কথাত জীৱ-বিজ্ঞানীসকলে জীৱ-জগতৰ বিৱৰ্তন সম্বন্ধীয় তত্বৰ উমান পাইছিল। ১৯৭৩ চনত আগবঢ়োৱা ‘ৰাঙলী ৰাণী’ (‘Red Queen’) নামেৰে জনাজাত এই তত্ব অনুসৰি প্ৰজাতি এটাই আগবাঢ়ি যোৱাটোতো দূৰৰেই কথা, প্ৰতিদ্বন্দী প্ৰজাতিসমূহৰ মাজত নিজৰ বৰ্তমানৰ স্থান বৰ্তাই ৰাখিবলৈকে অবিৰাম দৌৰি থাকিব লাগিব (বংশগতিমূলক বিৱৰ্তনৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ পাৰিব লাগিব)। ই যেন বিৱৰ্তনৰ গতিশীল সমৰসজ্জা (dynamic arms race)। বহু চিকাৰী-চিকাৰ প্ৰজাতি যোৰৰ মাজত ইয়াৰ উদাহৰণ দেখা যায়—শহাই শিয়ালতকৈ বেগেৰে দৌৰে কাৰণ তাৰ বাবে ই জীয়াই থকাৰ সংগ্ৰাম, যি ক্ষেত্ৰত শিয়ালটোৰ বাবে ই এক ভোজৰ আয়োজন।

সামাজিক বিবৰ্তনতটো ‘ৰাঙলী ৰাণী’ তত্বৰ এটা সমান্তৰাল ধাৰণা প্ৰযোজ্য হ’ব পাৰে নেকি?

আজি অসমীয়াৰ মাজত আতঙ্ক, ভাষা-সংস্কৃতি বিলুপ্তিৰ আশঙ্কা। একাংশৰ ভাৱ হৈছে চুবুৰীয়া জাতিয়ে সাংস্কৃতিক আক্ৰমণ কৰিছে, আগ্ৰাসন কৰিছে। যড়যন্ত্ৰৰ বলী হৈছোঁ। এই ক্ষেত্ৰত ‘ৰাঙলী ৰাণী’ তত্বৰ সামাজিক সমান্তৰাল কি হ’ব, ভাবি চোৱাটো অমূলক নহ’ব। এই তত্ব অনুসৰি আমি প্ৰাণেপনে দৌৰিব লাগিব। চিন্তাৰ স্থবিৰতা ভাঙি এয়া সৃষ্টিশীল পৰিবৰ্তনৰ দৌৰ। বৰ্তমানৰ স্থিতি অক্ষুন্ন ৰাখিবলৈকে প্ৰাণেপনে দৌৰিব লাগিব। আগবাঢ়ি যাবলৈ হলে কৌশলী প্ৰখৰ বুদ্ধিদীপ্ততা লাগিব। অথচ জাতি-ৰক্ষাৰ অভিভাৱক জাতীয় সংগঠন বা চিন্তাবিদসকলৰ চিন্তা-ধাৰণাৰ স্থবিৰতা লক্ষণীয়। পুৰণি মানসিকতা, চিন্তাৰ স্থবিৰতা অসমীয়াৰ বিৱৰ্তনৰ অন্তৰায়। আমাৰ সমস্যাৰ নব্বৈৰ আবেগ-অনুভূতিভৰা বৰ্ণনাটো পুৰণি হ’ল। আওপুৰণি চিন্তাধাৰাৰে একবিংশ শতিকাত জাতিসমূহৰ মাজৰ প্ৰতিযোগিতাত স্থান অক্ষুন্ন ৰখাটো সম্ভব নহয়।

পৃথিবীৰ যি কোনো দুখন দেশৰ সীমাত পানী নসৰকা বেৰৰ উদাহৰণ নাই। অধুনাবিলুপ্ত ‘বাৰ্লিন ৱাল’ৰ ২৮ (১৯৬১-৮৯) বছৰীয়া ইতিহাসত পূব জাৰ্মানীৰ হাজাৰ হাজাৰ হতাশাগ্ৰস্ত মানৱ সশস্ত্ৰ প্ৰহৰীৰ তীক্ষ্ণ নজৰৰ মাজতো অদৃষ্টৰ হাতত প্ৰাণ সপি পাৰ হৈ পশ্চিম জাৰ্মানীলৈ আহিছিল। যেতিয়া দুখন দেশ প্ৰাকৃতিকভাৱে অখণ্ড এক ভৌগলিক ক্ষেত্ৰৰ অন্তৰ্গত হয়, যদি একে ইতিহাস থাকে, এখন নিশ্ছিদ্ৰ বেৰ অবাস্তব। দুৰ্যোগত আক্ৰান্ত আৰু যুদ্ধবিধ্বস্ত আতুৰ মানুহক কোনো মানৱ নিৰ্মিত প্ৰাচীৰে বাধা দি ৰাখিব নোৱাৰে। মহাসাগৰৰ বাধা নেওচিও আতুৰ মানুহে প্ৰব্ৰজন কৰে—এই কথা সাম্প্ৰতিক বিশ্ব ঘটনা-প্ৰবাহৰ সৈতে সামান্য সম্বন্ধ থকাজনেও বুজিব পাৰে। অৰ্থনৈতিক প্ৰব্ৰজনকাৰীকো প্ৰাচীৰ নিৰ্মাণ কৰি বাধা দিয়াত সফলতা দেখা নাযায়। অবৈধ প্ৰবেশ নিয়ন্ত্ৰণৰ বাবে প্ৰাচীৰ ব্যতিৰেকেও আন বুদ্ধিদীপ্ত উপায় আছে নেকি? চাৰিটা দশক একেটা কথাতেই লাগি থকাৰ পিচত অন্ততঃ চিন্তা-চৰ্চা আৰম্ভ কৰিব পৰা যায়। আন আন দেশে কি কৰিছে চকু দিব পৰা যায়। যোৱা ২৩ মে’ত দৈনিক জনমভূমিৰ সম্পাদক উত্পল বৰুৱাৰ গ্ৰন্থ উন্মোচনী সভাখনত ভাগ লোৱাৰ সৌভাগ্য হৈছিল। স্বনামধন্য ধীৰেন বেজবৰুৱা আৰু হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱে এই সন্দৰ্ভত নতুন কথা কৈছিল। ভট্টাচাৰ্যদেৱে নিজৰে পুৰণি চিন্তা সলনি হৈছে বুলি অকপটে কৈছিল। আমাক মুকলি-মূৰীয়া তৰ্ক-বিতৰ্ক লাগে, নতুন চিন্তাৰ ধুমুহা লাগে।

‘সাংবিধানিক ৰক্ষা কৱচ’, ‘১৯৪৭, ৫১ নে ৭১’ কিম্বা ‘নাগৰিক পঞ্জী’ৰ ক্ষেত্ৰত এশাশুধীয়াকৈ লাগি থকাটো আমাৰ একাগ্ৰতা আৰু দেশপ্ৰেমৰ নিদৰ্শন। চৰকাৰে সিদ্ধান্ত লোৱাত পলম কৰাত বা কাৰ্যকৰীকৰণৰ জঠৰতাত আমি সচকিত হৈছোঁ। কিন্তু এইবোৰ জাতি নিৰাপত্তাৰ বীমা নহয়। বিলুপ্তিপ্ৰায় প্ৰাণী প্ৰজাতি এটাৰ সংৰক্ষণ প্ৰচেষ্টাৰ দৰে পৰনিৰ্ভৰশীল, সাধন হলেও সামান্য সকাহ। নিৰাপত্তাৰ মিছা নিশ্চয়তাত হিতে বিপৰীত হ’বও পাৰে। সামাজিক ক্ষেত্ৰত যদি ‘ৰাঙলী ৰাণী’ তত্বৰ কিবা প্ৰাসঙ্গিকতা আছে, এইবোৰৰ সাধন প্ৰচেষ্টা প্ৰাণেপনে দৌৰাৰ সামাৰ্থক নহয়। তদুপৰি এবছৰত ৰাজ্যচৰকাৰখনে আদায় কৰি আনিব এই আশাও শিশুসুলভ। ২৩ মে’ত ৰাজ্যিক চৰকাৰখনৰ প্ৰথমটো বৰ্ষপূৰ্তিত বহুজনে আশাভঙ্গৰ বেদনা প্ৰকাশ কৰিছে। ‘দেৱালৰ লিখনী’ৰ কথা কৈ সকীয়াই দিছে, চৰকাৰৰ পতন হ’ব বুলি কৈছে। এখন চৰকাৰৰ পতন আৰু আন এখনৰ গঠন গণতান্ত্ৰিক প্ৰক্ৰিয়টোৰ আধাৰ। ইয়াত অস্বাভাবিকতা নাই। ‘দেৱালৰ লিখনী’ ৰাজনৈতিক দলে নিজা ধৰণে পঢ়ে। হয়তো সঠিককৈ হে পঢ়ে। কাৰণ তেওঁলোকেহে ৰাইজৰ বিচাৰত সন্মুখীন হয়। সকীয়াই দিয়াটো বিজ্ঞজনৰ সময়ৰ অপচয়। অলপতে গ্ৰেট ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী থেৰেজা মে’ই একছ্ত্ৰী ক্ষমতা আহৰণৰ তাগিদাত অপৰাজেয় ভাৱেৰে আবতৰীয়া নিৰ্বাচন ঘোষণা কৰি মুখ থেকেচা খালে। মে’ই ‘দেৱালৰ লিখনী’ ভূলকৈ পঢ়িলে, কিন্তু গণতন্ত্ৰৰ বিজয় হল। হয়তো ফলাফল দেশখনৰ বাবে শুভ হব। সাংবাদিক-বুদ্ধিজীবিয়ে বিশ্লেষণ-ব্যাখ্যা কৰিছে, মে’ই ‘দেৱালৰ লিখনী’ ভূলকৈ পঢ়া বুলি বিলাপ কৰা নাই।

মোৰ দৃষ্টিত যোৱা নিৰ্বাচনত জনজাতীয়-খিলঞ্জীয়া-স্থানীয় মানুহৰ যি বিচক্ষণ ৰাজনৈতিক মৈত্ৰী গঢ়ি উঠিছিল সেয়া এক পৰিবৰ্তন। এটা সমসাময়িক সফল ৰাজনৈতিক পৰীক্ষা। জাতিৰ নিৰাপত্তাৰ দিশত এটা বাস্তব পদক্ষেপ। বাকী সফলতা-বিফলতা বিজুতি ভৰা চৰকাৰী যন্ত্ৰটোৰ গতানুগতিক কাৰ্যক্ৰমণিকাৰ পৰিণতি। সাধাৰণতে দুই-এটা বিভাগত মন্ত্ৰী-বিষয়াৰ নেতৃত্ব-কাৰ্যকুশলতাই উল্লেখযোগ্য সফলতা আনে। দুই-চাৰিটা আন কম-বেচি সফলতা আহে। এয়াই ‘সফল’ চৰকাৰৰ সূত্ৰ। একমাত্ৰ চৰকাৰী প্ৰচেষ্টাত দ্ৰুত উন্নয়নৰ উদাহৰণ নাই। সৰ্বাত্মক নহ’লেও দুৰ্নীতি নিৰ্মূলৰ প্ৰচেষ্টা চৰকাৰখনে কৰিছে। সাংবাদিক-বুদ্ধিজীৱীৰ সমালোচনা আৰু বিৰোধীৰ অদৰ্শগত বিৰোধিতাও গতানুগতিক গণতান্ত্ৰিক প্ৰক্ৰিয়া।

আৰ্থ-সামাজিক জটিলতা, সামগ্ৰিক অনগ্ৰসৰতা, জাতি-সম্প্ৰদায়ৰ আকাংখা আৰু সংঘাত ইত্যাদিৰ প্ৰেক্ষাপটত গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৱেই হৈছে আপোচমূলক। নানান বাধ্যবাধকতাৰে ভৰপূৰ। উন্নয়ন লেহেমীয়া। এয়াই বাস্তৱ। কিন্তু দ্ৰুত পৰিবৰ্তন, উন্নয়ন অসমীয়াক লাগে। তেনেহলে উন্নয়নৰ সমস্ত দায়িত্ব চৰকাৰৰ, এই পুৰণি চিন্তা অতিক্ৰম কৰিব লাগিব। আটাইতকৈ উত্তম ৰাজনৈতিক নেতৃত্বও বিচৰা ধৰণৰ উন্নয়নৰ বাবে পৰ্যাপ্ত নহয়। সৰ্বাত্মক পৰিবৰ্তন হ’বলৈ হলে চিকিত্সক, অভিযন্তা, শিক্ষক-অধ্যাপক, অধিবক্তা, সাংবাদিক, সমাজকৰ্মীৰ মাজত নিজস্ব কৰ্ম আৰু চিন্তা-ধাৰণাৰে প্ৰভাৱিত-উদ্দীপ্ত কৰিব পৰা প্ৰেৰণাদায়ী বাটকটীয়া নেতৃত্ব ওলাব লাগিব। মন্ত্ৰী-ৰাজনীতিবিদসকলে এনে মানৱ সম্পদ তৈয়াৰ কৰি দিব পাৰিবনে? সামাজিক আন্দোলন নালাগিবনে? প্ৰতিটো অনুস্থান প্ৰতিষ্ঠানত গুণোত্সৱৰ প্ৰতিযোগিতা-আন্দোলন হ’ব নালাগিবনে? পিছে ক’ত এই জোৱাৰ? সিদিনা সোণাৰীৰ অনুজ এজনে কি ভাবি জানো মোক হঠাতে গুণোত্সবৰ ওপৰত অকণমান লিখি দিবলৈ অনুৰোধ কৰিছিল, তেওঁক হেনো স্কুলত ক’বলৈ মাতিছে। সেই সুযোগতে উদ্যমটোৰ বিষয়ে কিছু অৱগত হৈছিলোঁ। স্কুলসমূহত শিক্ষাবিভাগে পতা গুণোত্সৱ হৈছে দৰাচলতে ক্ৰমাগত উন্নয়নৰ এটা প্ৰণালীৱদ্ধ পদ্ধতি। প্ৰথম পৰ্যায়ত স্কুলসমূহৰ বৰ্তমান পৰিস্থিতিৰ জৰীপ কৰা হৈছে, যাতে আঁসোৱাহ নিৰাময়ৰ নিৰ্দিষ্ট কাৰ্যসূচী লব পৰা যায়। বাতৰিকাকতে সমালোচনা কৰিছে, উপলুঙাও কৰিছে। চৰকাৰ সফল হ’ব, মইও সন্দিহান। কাৰণ চৰকাৰী প্ৰচেষ্টা পৰ্যাপ্ত নহয়। তেনেস্থলত শিক্ষক-অভিভাৱক বা সামগ্ৰিকভাৱে সচেতন নাগৰিকৰ কৰণীয় কি, তেওঁলোক ক’ত? মনোযোগ দিব নালাগে নে? ইংলেণ্ড-আমেৰিকাত ব্যক্তিগত পৰ্যায়ত মানুহৰ ঐতিহাসিক আৰু সাম্প্ৰতিক কল্যাণকামী উদ্যম আৰু কাম-কাজৰ উদাহৰণ দেখোঁ। আমাৰ দেশতো সম্ভাৱনাৰ বীজ দেখিবলৈ পাওঁ, মনটো প্ৰেৰণাত জাগি উঠে। কিন্তু চিন্তা-ধাৰণাত গতিশীলতাহে আহিলেহে উদ্যমৰ বাতাবৰণ হ’ব। চৰকাৰেহে উন্নতি কৰিব লাগিব, এই মন্ত্ৰ আওৰাই থাকিলে নহ’ব। ‘কাইটীয়া বেৰ,’ ‘ৰক্ষা কৱচ,’ বা ‘নাগৰিক পঞ্জী’ৰ ক্ষেত্ৰত যিধৰণৰ এশাশুধীয়াকৈ প্ৰচেষ্টা, তেনে তত্পৰতা জাতীয় জীৱনৰ আন আন ক্ষেত্ৰত কৰিব নালাগিব নে?

মোৰ ৰিণিকি ৰিণিকি মনত আছে, ১৯৭৪ চনত বড়োসকলে যেতিয়া অসমীয়াৰ সলনি ৰোমান লিপি দাবী কৰিছিল, আমি অসমীয়াই অন্তৰত ব্যথা পাইছিলোঁ। সংঘৰ্ষ হৈছিল, কেইবাজনো বড়ো যুবক শ্বহিদ হৈছিল। সেই অসমীয়াই আজি স্বইচ্ছাই ৰোমান লিপি গ্ৰহণ কৰিছে। ইমেইল, ফেছবুক, হোৱাট্ছ এ’পত ৰোমান লিপিত লিখা দোৱান সদৃশ অসমীয়া ভাষাৰ পয়োভৰৰ কথা কৈছো। এই অভ্যাসে অচিৰে সাধাৰণ লিখামিলাতো চানি ধৰিব। অসমীয়া ভাষা-ভাষীৰ সংখ্যা দৰাচলতে বাঢিছে, তুলনামূলক সংখ্যাহে কমিছে। বহুতে ভাঙি নকৈ একাষাৰে সংখ্যা কমা বুলি লিখিছে, মানুহৰ মাজত ভীতিভাৱ সঞ্চাৰ কৰিছে। অথচ এই ধৰণৰ স্বইচ্ছাই বৰ্ণলিপি ত্যাগ কৰা ধৰণৰ আত্মঘাতী কাৰ্যকলাপহে অধিক আশঙ্কাৰ বিষয়। বাহিৰৰ পৰা অহা আক্ৰমন নহয়। এফালে বঙালীৰ প্ৰকোপত ভাষা সঙ্কটাপন্ন বুলি কৈছে, আনফালে স্বইচ্ছাই ভাষাটোক দোৱান কৰি পেলাৱলৈ উদ্যত হৈছে। দোকানী-পোহাৰীয়ে অসমীয়াত চিহ্ন-ফলক লগালেই হ’বনে? কিছু বছৰ পূৰ্বে ইউনিক’ড কনৰ্চটিয়ামে এক তালিকাত বঙলাৰ পিছতহে অসমীয়াক উল্লেখ কৰা কাৰণে বহুতে ওফোন্দ কৰিছিল। ষড়যন্ত্ৰ দেখা পাইছিল। অথচ আজি স্বইচ্ছাই নিজা লিপি ত্যাগ কৰিছোঁ। ইয়াৰ কাৰণ আন নহয়, অসমীয়া বৰ্ণমালাতত লিখিবলৈ যত্সামান্য চেষ্টা কৰিব লাগে। অথচ আমাৰ আওপুৰণি বৰ্ণনাটো স্বাভিমানেৰে ভৰা। আনকি আজিৰ হ’বতাৰিখতো উচ্চাত্মিকাৰ অৱশিষ্ট ওলমি আছে, পঢ়ি তবধ মানিছিলোঁ। যোৱা ২৩ মে’ৰ দৈনিক জনমভূমিত জনৈক বিশ্লেষকে লিখিছিল, ‘হে বড়োসকল, তোমালোকেও বুজা উচিত। অসমে তোমালোককো কম উপকাৰ কৰা নাই। অসমীয়াত্বৰ মাজেৰেই তোমালোকৰ হাজাৰজনৰ প্ৰকাশ হৈছে। গতিকে অসমীয়াক ইমান ঘিণ নকৰিবা।’ সেই একেটা লিখাতেই কবিগুৰু ৰবীন্দ্ৰনাথ আৰু স্বামী বিবেকানন্দকো কটু কথা শুনাইছিল। প্ৰকাৰন্তৰে ঘৃণা প্ৰকাশ কৰিছিল। জাতিৰ উচ্চাত্মিকাৰ আধাৰ থাকিবও পাৰে, কিন্তু এনে গুৰু সদৃশ বাণীৰ অৰ্থ কি? নিজে বিশ্ববৰেণ্য বুলি নামানিলেও অন্ততঃ চুবুৰীয়া জাতিটোৰ নমস্য বুলিয়েই ঐতিহাসিক ব্যক্তিদ্বয়ৰ প্ৰতি এনে দৃষ্টিকটু মন্তব্য কেনে বুদ্ধিমত্তাৰ পৰিচায়ক? আমাৰ আওপুৰণি বৰ্ণনাটোত অসমীয়া ভাষা ‘জগত সভালৈ লৈ যোৱাৰ আহ্বানো সততে শুনিবলৈ পোৱা যায়। কোনো লৈ যাব? দুই চাৰিখন অসমীয়া পুথি আমাৰ দৰে প্ৰৱাসীয়ে লগত লৈ গলে নিশ্চয় নহ’ব। অসমীয়াত সৃষ্টিশীল কৰ্ম হ’ব লাগিব, আন ভাষালৈ অনুবাদ কৰিব লাগিব, কৰোৱাব লাগিব। তাৰ বাবে আন ভাষাও শিকিব লাগিব। আন ভাষাভাষীয়ে তেতিয়াহে পঢ়িব, ভাল বুলি প্ৰশংসা কৰিব। পিছে ক’ত এই উদ্যম। ক’ত বিবৰ্তনৰ যুদ্ধত প্ৰণেপণে দৌৰাৰ যো জা?

আমাৰ হুঙ্কাৰ-সাৱধান বাণী সমূহো অন্তঃসাৰশূন্য। ‘মাহী আইৰ দৃষ্টি,’ ‘বাংলাদেশীক ৰঙা দলিচা,’ ‘শেষ বিন্দু তেজ’ ইত্যাদি ৰূপকৰ ব্যৱহাৰো যথাৰ্থ নহয়। ৰূপকৰ বিভ্ৰান্তিমূলক ব্যৱহাৰে আবেগ-অনুভূতি জগাই তোলে ঠিকেই, কিন্তু অস্তিত্ব ৰক্ষাৰ বাবে প্ৰয়োজনীয় উদ্যম নোযোগায়। নতুন প্ৰজন্মক মনোবল নোযোগোয়। পুৰণি চিন্তাই পিছলৈ আঁজুৰি ধৰি ৰাখিলে বিৱৰ্তনৰ সংগ্ৰামত পিছ পৰি যোৱাটো অৱশ্যম্ভাবী। সৌভাগ্যবশতঃ অথবা দুৰ্ভাগ্যবশতঃ সহস্ৰাব্দৰ প্ৰজন্মক আমাৰ ধ্যান-ধাৰণাৰে প্ৰভাৱিত কৰা সহজ নহয়। সমাজবিজ্ঞানীয়ে নতুন প্ৰজন্মৰ দৃষ্টিৰে জগতখন কেনেদৰে বুজিব পাৰি, তেওঁলোকৰ সৈতে কাৰ্যকৰীভাৱে ভাৱ বিনিময় কৰিব পাৰি, এতিয়াও ঠিৰাং কৰিব পৰা নাই। আমাৰ আওপুৰণি চিন্তা-ধাৰণা, উচ্চাত্মিকা ভৰা উচ্চবাচ্য দৰাচলতে অৰণ্য ৰোদন।

সহযোগিতা বা সুস্থ প্ৰতিযোগিতাহে সভ্যজাতিসমূহৰৰ লক্ষণ। জৈৱ-বিবৰ্তনৰ চিকাৰী-চিকাৰৰ মাজৰ সংঘাতৰ ধাৰণা সামাজিক ক্ষেত্ৰত হয়তো প্ৰযোজ্য নহয়। সেয়ে হলেও পুৰণীকলীয়া চিন্তা-ধাৰণাৰ মহাপ্ৰাচীৰখনৰ অতিক্ৰম কৰিব নোৱাৰিলে আমি ৰুপান্তৰ-পৰিবৰ্তন আনিব নোৱাৰো সেয়া ধূৰূপ। নতুন চিন্তাৰে অন্ততঃ পৰিবৰ্তিত পৰিস্থিতিত নতুন ব্যাখ্যা আৰু কথোপকথন শৈলীৰে সহস্ৰাব্দৰ প্ৰজন্মক উদ্দীপ্ত কৰিব পাৰিব লাগিব।

No comments:

Post a Comment