ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Saturday, February 15, 2020

অসম সাহিত্য সভা – এক স্বপ্ন

শতবৰ্ষ গৰকা এটা অনুষ্ঠানৰ মহত্ব অনস্বীকাৰ্য। কেইবা শ শাখাৰে এশবছৰীয়া অসম সাহিত্য সভা নিশ্চিতভাৱে অসমৰ ৰাজহুৱা জীৱনত এটা প্ৰভাৱশালী অনুষ্ঠান। ‘প্ৰভাৱশালী’ শব্দটো অৰ্থপূৰ্ণ। প্ৰভাৱ এটা সম্ভাৱনাহে। প্ৰভাৱ যদি প্ৰয়োগ কৰা নহয়, ই মনভাল লগা এটা অনুভৱ। প্ৰভাৱৰ সৃষ্টশীল প্ৰয়োগ নহ’লে সুযোগ অথলে যায়। নিজে কৰাতকৈও প্ৰভাৱ খটুৱাই হেজাৰজনক সৃষ্টিশীল কামত নিয়োজিত কৰিব পৰাটোহে সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ সাৰ্থকতা। আনকথাত এটা সৃষ্টিশীল বাতাবৰণ বা শক্তিৰ সঞ্চাৰ কৰিব পৰাটোহে এনে অনুষ্ঠানৰ মহত্বৰ পৰিচায়ক। এনে ধৰণেহে এটা অনুষ্ঠান জাতীয় বা সৰ্বাত্মক কল্যাণৰ বাহক হৈ পৰে। এশ বছৰীয়া ইতিহাসত সাহিত্য সভাই সময়ে সময়ে নিশ্চয় এনে ভুমিকা পালন কৰিছে। মই অনাগত দিনৰ সম্ভাৱনা সম্পৰ্কেহে সামান্য অৱলোকন কৰিছোঁ।