ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Sunday, March 14, 2021

যোৱা পাঁচোটা বছৰ আৰু সমাগত নিৰ্বাচন

নিয়মীয়া বাৰ্তা, ১৫-৩-২১

পাঁচোটা বছৰ পাৰ হৈ গ'ল । আকৌ নিৰ্বাচন সমাগত ৷ নিৰ্বাচনী প্ৰচাৰৰ ধৰণ-কৰণ দেশ অনুযায়ী সুকীয়া ৷ আমাৰ দেশত উছব মুখৰ ৷ গনতন্ত্ৰৰ উছব নে ক্ষমতা দখলৰ, সেয়া নিজা নিজা দৃষ্টিভংগীৰ কথা ৷ দৰাচলতে কোনো ধাৰণাত্মক সিদ্ধান্ত বগা বা কলা ৰঙৰ দৰে স্পষ্ট নহয় ৷ মাজত এক বিশাল ধূসৰিত অনিশ্চয়তাৰ বলয় থাকে ৷ স্থান, কাল, পাত্ৰ ভেদ থাকে ৷ সমাজ-ৰাজনীতিৰ জটিল বিষয় একোটাত দিয়া সিদ্ধান্তৰ মাজত অনিশ্চয়তা ভৰা ধূসৰ বলয়টো বৰ ঘন ৷ আনকি বিজ্ঞানতো অনিশ্চয়তা আৰু ধূসৰতা বিৰাজমান ৷ কভিড-১৯ৰ লেৱৰটৰিৰ ফলাফল 'পজিটিভ' আৰু 'নিগেটিভ' এইধৰণে সৰলীকৃত কৰি উলিয়াই দিয়া হয় ৷ অথচ 'পজিটিভ' দৰাচলতে 'নিগেটিভ' হ’ব পাৰে বা তাৰ ওলোটাটো ৷ যোৱা মাহকেইটা মই কভিড-১৯ৰ ফলাফলৰ দ্বন্ধ ভাঙি ৰোগীৰ কল্যাণৰ কাৰণে বিশেষজ্ঞ অভিমত দি আহিছোঁ ৷ পুনৰীক্ষা বা ৰোগীৰ পৰিস্থিতি বিৱেচনা কৰি “নিগেটিভ”ক “নিগেটিভ” বুলি প্ৰতীয়মান কৰিছোঁ ৷ তাৰ ওলোটাও কৰিছোঁ ৷ এনেক্ষেত্ৰত ৰাজনৈতিক কমেণ্টেটৰ এজনৰ সিদ্ধান্ত ইমান নিশ্চিত কেনেকৈ হ’ব পাৰে? নিশ্চিত সিদ্ধান্ত মানে মন মায়াৰ কৱলত পৰিছে ৷ মনে শংকা কৰা বা কামনা কৰাটোহে সিদ্ধান্ত হৈ ওলাইছে ৷ মনটোৱে আমাক কিমান চলনা কৰে আৰু এই চলনাৰ পৰা মুক্ত হ’বলৈ বৈজ্ঞানিক পৰ্যবেক্ষণ-অধ্যয়নত কিমান প্ৰাণালীবদ্ধ সাৱধনতা লোৱা হয় সেয়া বঢ়াই কোৱা অসম্ভৱ ৷ সামাজিক ঘটনা-পৰিঘটনাৰ পৰ্যবেক্ষণ-অধ্যয়নতো একে নীতি লোৱা হয় ৷ মই কৌশলী ৰাজনৈতিক প্ৰচাৰ কৰা বিশেষজ্ঞ বা দলীয় প্ৰৱক্তাৰ কথা কোৱা নাই ৷ আনকি ৰাজনৈতিক কলম লিখা সাংবাদিকৰ কথাও কোৱা নাই ৷ তেওঁলোকে অৱশ্যেই উদ্দেশ্যপ্ৰণোদিত ভাৱে ব্যখ্যা কৰিব, সিদ্ধান্ত দিব ৷ সেয়া তেওঁলোকৰ কাম ৷ কিন্তু নিৰপেক্ষভাৱে লিখিলে ব্যক্তিগত ধাৰণা বা মনটোৰ দ্বাৰা পৰ্যবেক্ষণ আৰু ব্যাখ্যা-বিশ্লেষণ প্ৰভাৱিত হোৱা নাই সাৱধান হোৱা প্ৰয়োজনীয় ৷ অলপতে সন্মানীয় হোমেন বৰগোঁহাইদেৱে অসমত বৌদ্ধিক দৈন্যৰ কথা কৈ আক্ষেপ কৰিছিল ৷ সাধাৰণতে উৎকৰ্ষ একো একোটা কেন্দ্ৰ বা একো একোখন ঠাইত বিশেষ পৰিবেশ বা পৰিস্থিতি সাপেক্ষে সম্ভৱ হৈ উঠা দেখা যায় ৷ আমাৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য, বিভাগীয় মুৰব্বী আৰু অধ্যাপকসকলে নিজৰ অনুষ্ঠানটোক উৎকৰ্ষৰ কেন্দ্ৰ কৰি তুলিবলৈ কিবা এটা সপোন আছে আৰু কাৰ্যক্ৰমণিকা আছে এনে ধাৰণা নহয় ৷ সমাজ এখন বৌদ্ধিক চিন্তা-চৰ্চাই আন্দোলিত কৰিব নোৱৰাটো আক্ষেপৰ কথা ৷ সামাজিক মাধ্যমত বহুতে সাৰুৱা মতামত দিয়ে, চিন্তা-উদ্ৰেককাৰী কথা লিখে ৷ সকলো মূল সূতিৰ মিডিয়াত নাই ৷ আমাৰ দৰে একে আন সমাজতো পৰিস্থিতি হয়তো একেই ৷

মই নিৰ্বাচনলৈ ঘূৰি আহিছোঁ ৷ এইবাৰ বিজেপি শাসনাধিস্থ দল ৷ সেয়ে বিৰোধি বৌদ্ধিক প্ৰৱক্তাসকলৰ গাঁথাটো কেইটামান উদাহৰণেৰে জুকিয়াই চাব বিচাৰিছেোঁ ৷ যোৱা নিৰ্বাচনত “পৰিবৰ্তন” মূল বিষয় আছিল ৷ পৰিবৰ্তন শ্লোগানটোৱে আক্ষৰিকভাৱে শাসকীয় দলটোৰ পৰিবৰ্তনৰ পৰা আৰ্থ-সামাজিক ৰূপান্তৰলৈ বুজাব পাৰে ৷ যোৱা পাচবছৰত আৰ্থ-সামাজিক পৰিবৰ্তন কি হৈছে বা নাই হোৱা সেই বিচাৰৰ ৰায় নিৰ্বাচনৰ ফলাফলত ৰাইজে দিব ৷ কিন্তু বিজেপি দলটো শক্তিশালী স্থিতিত আছে ৷ এইবেলিৰ নিৰ্বাচনী এজেণ্ডা শাসকীয় দলটোৱে কৰিছে ৷ বিৰোধিৰ এজেণ্ডা হৈছে বিজেপি বিৰোধিতা ৷ বিজেপি “সাম্প্ৰদায়িক”, “হিন্দুত্ববাদী”, এই দুটা মূল অভিযোগ ৷ এইবেলি বিৰোধিৰ বাবে এই দুটা অভিযোগ যথেষ্ট হব নে? যি স্থলত কংগ্ৰেছৰ সৈতে জোঁটবন্ধন কৰা এ আই ইউ ডি এফ দলটো সাম্প্ৰদায়িক বুলি ৰাইজৰ দলৰ নেতাজনে চিনাক্তকৰণ কৰিছে ৷ এই চিনাক্তকৰণত তেওঁৰ আদৰ্শগত গুৰু নাৰাজ হৈছে আৰু ততালিকে দলটোৰ পৰামাৰ্শদাতা পদৰ পৰা পদত্যাগ কৰিছে ৷ আন এজন নিয়মীয়াকৈ ৰাজনৈতিক 'বিশ্লেষণ' কলম লিখি থকা অধ্যাপকে এ আই ইউ ডি এফ দলক সাম্প্ৰদায়িক আখ্যা দিয়া কথাটোত স্তম্ভিত হৈছে (অখিল গগৈৰ মুকলি চিঠি আৰু অসমৰ ৰাজনীতি, “আমাৰ অসম”, “প্ৰথম কলম” ৫ মাৰ্চ) ৷ এই মন্তব্যই বিজেপিক সহায় কৰিব বুলি পৰ্যবেক্ষণ কৰিছে, “অখিল গগৈৰ এই চিঠিয়ে যথেষ্ট সুবিধা কৰি দিব বিজেপিক ৷ বিজেপিয়ে অতদিনে পূৰ্ববংগীয় মুছলমানে অসমৰ ৰাজনীতি দখল কৰিব বুলি চলাই থকা প্ৰচাৰক এই চিঠিয়ে উৎসাহিত কৰিব ৷ বিজেপিৰ বাবে আটাইতকৈ বেছি সুবিধা হ’ব বাম-প্ৰগতিশীল ৰাজনীতিত বিশ্বাস কৰা সকলক আক্ৰমণৰ বেলিকা ৷ অখিল গগৈৰ চিঠিৰ সতে দ্বিমত পোষণ কৰি যি সকল সমুখলৈ ওলাই আহিব, বিশেষকৈ ড° হীৰেন গোহাঁইৰ দৰে ব্যক্তিক, তেওঁলোকৰ ওপৰত এতিয়া বিজেপি দল আৰু হিন্দুত্ববাদী সংগঠনে আক্ৰমণ হনাৰ সুযোগ পাব ৷ তেওঁলোকক মোগলৰ ৰক্ষক আৰু অসমীয়াৰ জাতিৰ শত্ৰু বুলি তুচ্ছ-তাচ্ছিল্য কৰিব ৷ সাধাৰণ মানুহেও এনে ব্যক্তিৰ ওপৰত গালি-গৰ্জন বৰষিব ৷ ..... অখিল গগৈৰ এখন মাত্ৰ চিঠি বিজেপি মিত্ৰজোঁটৰ বাবে এপাত ডাঙৰ অস্ত্ৰ হিচাবে পৰিণত হ’ব ৷” এটা উদ্গিনতাৰ সুৰ স্পষ্ট ৷ ৰাইজৰ দলৰ সভাপতিয়ে এ আই ইউ ডি এফ ক সাম্প্ৰদায়িক বুলি এঘৰীয়া কৰাৰ নিশ্চয় নিজা গণিত আছে ৷ হয়তো কাইলৈৰ কথা ভাবিছে ৷ ইয়াত হতভম্ব হৈ পৰাৰ কাৰণ কি হ’ব পাৰে? সমালোচকে নিজেই কৈছে দীৰ্ঘকালীন ৰাজনৈতিক স্থিতি হিচাবে অখিল গগৈৰ এই দৃষ্টিভংগীক নাকচ কৰিব নোৱাৰি ৷ কিন্তু “ধৰ্মীয় আৱেগক মূল আধাৰ হিচাবে লৈ ৰাজনীতি কৰা এ আই ইউডি এফ দল এক প্ৰতিক্ৰিয়াশীল শক্তি” হ’লেও ই ধৰ্তব্য নহয় ৷ কাৰণ, “পুৰ্ববংগীয় মূলৰ মুছলমানক সংসদীয় ৰাজনীতিত প্ৰতিনিধিত্বৰ একমাত্ৰ ৰাজনৈতিক দল হ’ল এ আই ইউ ডি এফ আৰু অসমৰ সংখ্যালঘু বঙালী মুছলমান সকল ৰাজনৈতিক আৰু সামাজিকভাৱে নিপীড়িত ৷” সেয়ে এ আই ইউ ডি এফ প্ৰগতিশীল নহ’ব পাৰে, কিন্তু সাম্প্ৰদায়িক বুলি একে আষাৰে নাকচ কৰাৰো কোনো আধাৰ নাই ৷ এই দলে ৰাজহুৱাকৈ অন্য কোনো ধৰ্মৰ বিৰুদ্ধে উন্মাদনা সৃষ্টি কৰাৰ নজিৰ নাই ৷ পুৰ্ববংগীয় মূলৰ মুছলমানসকল নিপিড়িত হোৱাৰ কাৰণ তেওঁলোকৰ ভাষিক-ধৰ্মীয় পৰিচয় আৰু দাৰিদ্ৰ বুলি কৈছে ৷ তেওঁলোকৰ ৰাজনৈতিক আৰু সম্পদৰ নিৰাপত্তা নাই বুলি কৈছে ৷

ৰাজনীতি বাস্তৱৰ সৈতে সংপৃক্ত ৷ সংখ্যালঘু বঙালী মুছলমান সকলৰ ৰাজনৈতিক আৰু সম্পদৰ নিৰাপত্তা নাই, তেওঁলোক ভাষা-ধৰ্মৰ বাবে ৰাজনৈতিক আৰু সামাজিকভাৱে নিপীড়িত, এই কথা মূলসূতিৰ অসমীয়াৰ বাস্তৱ অভিজ্ঞতা নহয় ৷ বঙালী মুছলমান সকল এটা শক্তিশালী গোষ্ঠী, বহু অঞ্চলত সংখ্যাগুৰু ৷ বঙালী মুছলমানসকলৰ অনগ্ৰসৰতাৰ কাৰণ অসমীয়াই কৰা নিপিড়ীন? বিজেপিয়ে কৰা নিপিড়ীন? এনেধৰণৰ কথা আনকি এ আই ইউ ডি এফ দলটোৱেও কোৱা নাই ৷ এ আই ইউ ডি এফ সাম্প্ৰদায়িক হ’লেও গ্ৰহণযোগ্য ৷ এনেধৰণৰ আপাতবিৰোধী আৰু অবাস্তৱ কথাৰে বিজেপি বিৰোধি এটা গাঁথা তৈয়াৰ হ’বনে?

এ আই ইউ ডি এফ দলে পুৰ্ববংগীয় মূলৰ মুছলমানসকলক প্ৰতিনিধিত্ব কৰিছে, অধ্যূসিত সমষ্টিসমূহত একে ধৰ্মৰ লোকক প্ৰাৰ্থীত্ব দিছে, সেয়া সাম্প্ৰদায়িকতা হ’ল বা নহ’ল, আপত্তিৰ থল নাই ৷ ৰাজনৈতিক দল হিচাপে প্ৰাৰ্থী আৰু সমষ্টি বাছনি তেওঁলোকৰ অধিকাৰ ৷ সম্প্ৰদায়টোৰ দৰিদ্ৰতা নিৰ্মূল, স্বাস্থ্য-শিক্ষাৰ প্ৰসাৰৰৰ কাৰণে নে আন কাৰণে ক্ষমতা কুক্ষিগত কৰিব বিচাৰিছে, সেয়া মানুহে ধাৰণা ল’ব ৷

দৰাচলতে সাম্প্ৰদায়িক হোৱাটো গৰিহণাযোগ্য নহয় ৷ নিজৰ জাতি বা গোষ্ঠী-সম্প্ৰদায়ৰ মানুহে কাৰণে কাম কৰাটো স্বাভাৱিক ৷ সাম্প্ৰদায়িকতা পৰিয়ালবাদতকৈ ভাল, সৰ্বজনীনতা সবাটোতকৈ উত্তম ৷ আজিৰ সাম্প্ৰদায়িকজন কাইলৈ হয়তো জাতীয়াতাবাদী বা ৰাষ্ট্ৰীয়তাবদী হ’ব ৷

বিজেপি দলৰ স্বৰূপ কি? ভাৰতৰ সংসদীয় ৰাজনীতিত বিজেপি সুপ্ৰতিষ্ঠিত ৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত জনাদেশ পাইছে ৷ ইয়াৰ পূৰ্বেও কেন্দ্ৰত শাসন কৰিছে ৷ ৰাজ্যসমূহতো এই দলৰ চৰকাৰ আছে বা প্ৰধান বিৰোধি দল ৷ এই সৰল সত্য নামানি দলটোক সাম্প্ৰদায়িক বুলি গৰিহণা দিলে মতদাতাক গৰিহণা দিয়া হয় ৷ আজি বিজেপি দলৰ একপ্ৰকাৰ বিকল্পবিহীন স্থিতি ৷ ইয়াত বিজেপি দলৰ মুখ্য সহায়ক হৈছে বৌদ্ধিক বিৰোধিসকল ৷ এইসকলৰ “চিলেক্তিভ আউটৰেজ” সমূহে বিজেপি দলৰ আদৰ্শক সৱল কৰি আহিছে ৷ ৰাহুল গান্ধীৰ ৰাজনীতিৰ আধাৰ মোদি বিৰোধিতা, কিন্তু প্ৰিয়ংকা গান্ধীয়ে গেৰুৱা বসন পিন্ধি মন্দিৰে মন্দিৰে ঘূৰিছে ৷ এই বিড়ম্বনাৰ প্ৰতিকাৰ বৌদ্ধিক প্ৰৱক্তা সকলে দিব পৰা নাই ৷ এজন ব্যক্তিক লক্ষ্য কৰি বিজেপিৰ আদৰ্শক গৰিহনা দিয়াত ব্যস্ত হৈ থাকোঁতে বিকল্প আদৰ্শ দাঙি ধৰিব পৰা নাই ৷ ইংৰাজীত কোৱাৰ দৰে গছকে অৰণ্য বুলি ভাবিছে ৷ বৃহৎ চিত্ৰপটখন নজৰ আণ্ডাজ কৰিছে ৷

বিজেপিক এ আই ইউ ডি এফকতৈ বেছি সম্প্ৰদায়িক বুলি কৈ আন এটা কলমত বাস্তৱ পৰ্যবেক্ষণ কৰিছে (দুই আঞ্চলিক দলৰ স্থিতিয়ে বিজেপিৰ জয় সুগম কৰিব পাৰে, “আমাৰ অসম”, “প্ৰথম কলম” ইং ৬ ফেব্ৰুৱাৰী), “এই দলৰ প্ৰধান অৱলম্বন হ’ল তিনিটা জনগোষ্ঠী - চাহ জনগোষ্ঠী, অসমৰ ভৈয়ামৰ অনুসুচিত জনজাতি সমূহ আৰু হিন্দু বেংগলী সকল ৷” তিনিটাকৈ দুৰ্বল গোষ্ঠীক অৱলম্বন কৰি লোৱা দলটো এ আই ইউ ডি এফকতৈ বেছি সম্প্ৰদায়িক? একেটা লিখাতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কোনো পৰিস্থিতিতে সাম্প্ৰদায়িক এ আ ইউ ডি এফ আৰু বামপন্থীকে ধৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা নকৰাটো ভুল বুলি কৈছে ৷ তেওঁলোকৰ আৰ্দশক আদৰণীয় বুলি কৈও বাস্তৱ কৌশল নহয় বুলি জলাঞ্জলী দিবলৈ দিহা দিছে ৷ সাধাৰণতে ৰাজনৈতিক দলৰ আদৰ্শ নাই বুলি আমি বিলাপ কৰোঁ ৷ পিছে এই আহ্বান বিদ্যায়তনিক লোকৰ পৰা আহিছে ৷ নতুন ৰাজনৈতিক দলৰ নতুন প্ৰজন্মৰ নেতাই নিশ্চয়কৈ আদৰ্শগত সংঘাত কৰিব লাগিব ৷ দীৰ্ঘম্যাদী চিন্তা কৰিব লাগিব ৷ উদগনিহে পাৱ লাগে ৷

বিজেপি দলৰ আদৰ্শ স্পষ্ট ৷ নিৰ্বাচনী ইস্তাহাৰ স্বচ্ছ ৷ সংসদীয় ৰাজনীতিত মতদাতাৰ ৰায় সৰ্বোচ্চ ৷ ৰাজনৈতিক দল এটাই ছচিয়েল ইঞ্জিনিয়াৰিং কৰি মেৰূকৰণ টিলিকতে কৰিব নোৱাৰে ৷ সহজ নহয়, দৰাচলতে অসম্ভৱ ৷ কিন্তু বিৰাজমান পৰিস্থিতিৰ সুবিধা গ্ৰহণ কৰিব পাৰে ৷ বিৰাজমান পৰিস্থিতিৰ অনুধাৱন বিজেপিয়ে কৰিব পাৰিছে ৷ “কা” আইন বিৰোধিতা স্থায়ী নহয় কাৰণ এই বিৰোধিতা মিথ্যাচাৰৰ ওপৰত আধাৰিত আছিল ৷ নৰসংহাৰৰ বলি হোৱা পুৰ্ববংগীয় হিন্দুসকলক কেইবা দশকৰ পিছতো নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ সুযোগ দিয়াটো কেনেধৰণে জাতীয় সংকটৰ কাৰণ হব পাৰে, যি স্থলত অসম চুক্তিয়ে বহুগুণে অধিক প্ৰায় আটাইখিনি অবৈধ প্ৰব্ৰজনকাৰীক একেলগে নাগৰিকত্ব দি থৈছে, সেয়া অসমীয়াই ঠাণ্ডা মগজুৰে বিৱেচনা নকৰিব, সেয়া “কা”-বিৰোধি প্ৰৱক্তাসকলৰ ভুল অংক আছিল ৷ আইনখনৰ খুটি-নাটি, ই সংবিধান বিৰোধি, ধৰ্মনিৰপেক্ষ নহয় আদি সাংসদ আৰু ন্যায়ালয়ৰ কথা ৷ সাধাৰণ ৰাইজক মূল সিদ্ধান্তহে লাগে ৷ নৰসংহাৰৰ বলি হোৱা পুৰ্ববংগীয় হিন্দুসকলৰ প্ৰতি অনমনীয় আৰু আমানৱীয় স্থিতি গ্ৰহণ, আনকি সমাধান সূত্ৰ এটা দিবলৈকো অনীহা, বাম-প্ৰগতিশীল দৃষ্টিভংগীৰ পৰা কেনেকৈ সম্ভৱ সেয়া এক সাঁথৰ ৷ “কা” আইন বিৰোধিতা নিৰ্বাচনী বিষয় হৈ নুঠিল ৷

বিজেপিয়ে 'হিন্দুত্ববাদ'ক হিন্দুঃস্থান বা ভাৰতৰ মতবাদ বুলি নতুন মাত্ৰা দিয়াৰ চেষ্টা কৰিছে ৷ এই হিন্দুত্ববাদ বিশাল, প্ৰতিজন ভাৰতীয়ৰ ইয়াত স্থান আছে ৷ ধৰ্ম ইয়াত গৌণ, সভ্যতা আৰু সংস্কৃতিহে মূল ৷ ইছলামিক সভ্যতাৰ আত্মীভূত হোৱা উপাদানসমূহো হিন্দুত্ববাদৰ অবিচ্ছেদ্য অংশ ৷ এজন ব্যক্তি বা এটা দলে এটা বাদৰ প্ৰসাৰ কৰিব নোৱাৰে ৷ মানুহক মানিবলৈ বাধ্য কৰাব নোৱাৰে ৷ অনুকূল পৰিস্থিতি যদি বিৰাজমান তেন্তে বাদ একোটাই প্ৰসাৰ লাভ কৰে ৷ দল বা ব্যক্তি কাৰণ নহয়, নিমিত্ত হ’ব পাৰে ৷ বাদ একোটাৰ নিজা চালিকা শক্তি থাকে ৷ এটা আদৰ্শক বাধা দিব সমসাময়িকভাৱে গ্ৰহণযোগ্য বিকল্প আন এটা বাদে ৷

দিল্লীৰ 'কা'-বিৰোধী অৱস্থান ধৰ্মঘটত দেশবিৰোধী ভাবৰ ইচ্ছা-অনিচ্ছাকৃত প্ৰকাশ হৈছিল ৷ এইবাৰ পঞ্জাবৰ একাংশ কৃষকে কৰা আন্দোলনটোত লালকিল্লাত খালিস্থানী পতাকা বদনাম কৰিবলৈ বিজেপিয়ে নিজে উৰাইছে বুলি ধৰাত বুমেৰাং হৈছে ৷ উদীয়মান 'এক্তিভিষ্টে' গ্ৰেটা থানবাৰ্গৰ সহায় ল'লে, দেশত শ্বাসৰুদ্ধকাৰী পৰিবেশ হৈছে বুলি ক”লে, এনে এক গাঁথাই প্ৰসাৰ নাপায় ৷ বিজেপিৰ প্ৰথমটো কাৰ্যকালত PEN International আন্তৰ্জাতিক লিখকৰ সম্থাটোৱে ভাৰতত বাক-স্বাধীনতা খৰ্ব হৈছে বুলি তালফাল লগাইছিল ৷ এই সংগঠনে আমেৰিকাত শ্বেতাংগ শ্ৰেষ্ঠবাদী সকলে সংসদ আক্ৰমণ কৰাত উত্‍সাহ যোগোৱা ট্ৰাম্পক সমালোচনা কৰা নাই ৷ ট্ৰাম্পৰ পুনৰোউত্থানৰ সম্ভাৱনা আজিও আছে ৷ শ্বেতাংগ শ্ৰেষ্ঠবাদীসকল আজি বহু শক্তিশালী ৷ কিন্তু মোদিৰ প্ৰথমটো শাসনকালত ভাৰতত আইন-শৃংখলাজনিত অপৰাধমূলক কেইটামান ঘটনাত তেওঁলোকে দেশখন হিন্দুত্ববাদী গোৰক্ষকে আগ্ৰাসন কৰিব বুলি ভাবিছিল ৷ বাম-প্ৰগতিশীলসকলে এই সংগঠনটোক প্ৰভাৱিত কৰিছিল ৷ দেশ বিৰোধিতা বাম-প্ৰগতিশীলসকলৰ মজ্জাগত বুলি আজি যি ধাৰণা হৈছে তাৰ বাবে বিজেপি লাভান্বিত হৈছে ৷ কেৱল প্ৰচাৰ-অপপ্ৰচাৰেৰে এনে কৰা হৈছে বুলিলে ৰাইজক মুৰ্খ বুলি কোৱা হ’ব ৷ অভ্যন্তৰীণ বিষয়ত বিদেশীৰ সৈতে লগ হৈ দেশখনক হেয় প্ৰতিপন্ন কৰা সাধাৰণ ৰাইজে সমৰ্থন নকৰে ৷

নৈৰাজ্যবাদক দিয়া উচতনিয়ে বিজেপিক সহায় কৰিছে ৷ সন্ত্ৰাষবাদীয়ে পণবন্দীক হত্যা কৰাৰ ভাবুকি আৰু দেশৰ আইনৰ আধাৰত বিচাৰাধীন বন্দীৰ দশাক ৰিজাব নোৱাৰি ৷ নিষ্ঠুৰতাক গৰিহনা দিও কৌশলেৰে নৈৰাজ্যবাদক বিজেপি বিৰোধি বৌদ্ধিক প্ৰবক্তাই প্ৰশ্ৰয় দিয়ে (আলফা আৰু অসমীয়াৰ আবেগ, “আমাৰ অসম”, “প্ৰথম কলম” ইং ২২ ফেব্ৰুৱাৰী ২০২১), “মানৱতাৰ বাবে চকুলো টোকা সকলৰ ওচৰতো এক আহ্বান - প্ৰণৱ গগৈ আৰু ৰাম কুমাৰৰ বিনা চৰ্তে মুক্তি দাবী কৰা সকলে অখিল গগৈৰ মুক্তিও দাবী কৰা উচিত ৷” সন্ত্ৰাষবাদী কান্ধত ধৰি সমান্তৰালভাৱে অসমৰ সম্পদৰ ওপৰত হোৱা লুণ্ঠনৰ প্ৰশ্নটোক অসমৰ বৃহত্তৰ সমাজ, জাতীয় সংগঠন আৰু ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লোৱা উচিত বুলিছে ৷ ৰাজ্যত বহিঃ উদ্যোগীয়ে প্ৰাধ্যান্য পোৱাত ৰাজ্যৰ উদ্যোগী সকল অত্যন্ত ক্ষোভিত বুলি কৈছে ৷ লুণ্ঠন? বহিঃ উদ্যোগীৰ প্ৰাধ্যান্য? এয়া সাধাৰণ ৰাইজৰ অভিজ্ঞতা হয় নে?

যোৱা পাচোটা বছৰত অসমত কি হ’ল নহ’ল সেয়া মতদাতাৰ অভিজ্ঞতাই শেষ কথা ৷ এই চৰকাৰে নানানটা আচনিৰ যোগেৰে সৰ্বসাধাৰণ মানুহক হিতাধিকাৰীৰ ৰূপত প্ৰত্যক্ষ ভাৱে আৰ্থিক সাহায্য বা প্ৰয়োজনীয় সামগ্ৰী দিছে ৷ নামঘৰ, মন্দিৰ, মচজিদক অনুদান দিছে ৷ পুৰ্ববংগীয় মূলৰ মুছলমানসকল এই আচনিবোৰৰ সম হিতাধকাৰী ৷ ধৰ্ম নিৰপেক্ষতাৰ ধ্বজ্জা বিজেপিয়ে এইঅ ধৰণে উৰুৱাইছে ৷ এই আচনিবোৰৰ সহজ, ব্যৱহাৰিক আৰু অৰ্থনৈতিক সূত্ৰৰ ওপৰত আধাৰিত ৷ ইয়াতকৈ ভাল আচনি থাকিব পাৰে ৷ বিৰোধিয়ে ইস্তাহাৰত দিব লাগিব ৷ সদ্যহতে আমেৰিকাৰ চিনেটে ১.৯ ত্ৰিলিয়ন ডলাৰৰ পেকেজ পাৰিত কৰিছে ৷ লাখ লাখ হিতাধিকাৰীয়ে ১৪০০ ডলাৰকৈ পাব ৷ এয়া সংকটকালত অৰ্থনীতি সঞ্জীৱিত কৰাৰ এটা উপায় ৷ ইয়াৰ ফলত দেশখনৰ অৰ্থনীতিৰ মৌলিক গাঁঠনি শক্তিশালী হ’বনে নহয় নিশ্চয় বিচাৰ্য বিষয় ৷ কিন্তু ইয়াৰ বাবে বিডেনক কটু কথা কোৱা নাযায় ৷ তেওঁ নিৰ্বাচনমুখী নহয়, জিকি উঠিছেহে ৷ এনেধৰণে হিতাধিকাৰীক সাময়িকভাবে সচ্ছল কৰি ক্ৰয় ক্ষমতা বৃদ্ধি কৰিলে স্থানীয় আৰু জাতীয় অৰ্থনীতি সঞ্জীৱিত হৈ উঠিব পাৰে ৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰী সকলক একোখনকৈ স্কুটী দিয়া এখন আচনি আছে ৷ এই আচনিখনৰ একাধিক কল্যাণকামী দিশ আঙুলিয়াই দিও কটু সমালোচনা কৰিছে এই বুলি যে স্কুটী লাভ কৰাসকলৰ ভবিষ্যতটো হেনো সুৰক্ষিত নহয় ৷ “স্কুটী পলিটিক্স” আখ্যা দি কৈছে এইবোৰ আচনিয়ে ক্ৰমাগতভাৱে ৰাজহুৱা প্ৰতিষ্ঠানৰ মৃত্যুপথ সুগম কৰিব পাৰে ৷ শংকিত হৈ উঠিছে যে নব্য উদাৰ অৰ্থনীতিৰ লক্ষ্য শিক্ষা ব্যৱস্থাটোৰ ক্ৰমাগত ব্যক্তিগতকৰণ আৰু “স্কুটী পলিটিক্স” হয়তো তাৰেই অংশ (“আমাৰ অসম”, ৰঙা স্কুটী পলিটিক্স, “প্ৰথম কলম, ১৭ ফেব্ৰুৱাৰী) ৷ বিত্তমন্ত্ৰীয়ে কবি গণেশ গগৈৰ কবিতাৰ এটি স্তবকেৰে এইবেলি নাগৰিকৰ সমুখত শিৰনত কৰি বাজেট ভাষণ সামৰিলে ৷ তেওঁ “বাজেট ভাষণ স্ব-দলীয় কেন্দ্ৰীয় চৰকাৰক তোষামোদ কৰাৰ উপৰি চৰকাৰৰ প্ৰাপ্তিক অতিৰঞ্জিত ৰূপত তুলি ধৰা এক পৰম্পৰা কৰিলে” (হিতাধিকাৰীৰ মেলা, তথ্যৰ খেলা, “আমাৰ অসম”, “প্ৰথম কলম” ১৩ ফেব্ৰুৱাৰী), যিটো কাম প্ৰফুল্ল মহন্তয়ো কৰা নাছিল ৷ কিন্তু বাস্তৱ পৰ্যবেক্ষণো ছিকেই কৰিছে, “চৰকাৰে ক”ৰ্পোৰেটমুখী নব্য উদাৰ অৰ্থনীতিৰ পৰিকাঠামোটোৰ মাজতে থাকি ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ চেষ্টা কৰিছে; অভ্যন্তৰীণ পুঁজি বৃদ্ধিত সফলতা লাভ কৰিছে; হিতাধিকাৰীৰাজক অধিক প্ৰসাৰিত কৰিছে; ক”ৰোনা মহামাৰী কালতো ৰাজ্যৰ কৰ্মচাৰী সকলক নিয়মীয়াকৈ দা-দৰ্মহা দিছে আৰু বিনামূলীয়া আচঁনিৰ পৰিসৰ বৃদ্ধি কৰিছে ৷” এই ধৰণৰ সফলতা সাম্প্ৰতিক বছৰটোত অসাধাৰণ বিচক্ষণতাৰ পৰিচায়ক বুলি পৰিগণিত হ’ব ৷ ৰাইজ আশ্বস্ত হ’ব ৷ বিৰোধি দলে ইয়াতকৈ ভাল কৰিব বুলি প্ৰবক্তাসকলে ৰাইজক আশ্বস্ত কৰিব লাগিব ৷ অৰ্থনীতিৰ মৌলিক গাঁঠনি শক্তিশালী হোৱা নাই বা অসম ভাৰতৰ প্ৰথম পাচখন ৰাজ্যৰ ভিতৰত এখন হোৱা নাই, ৰাইজে চৰকাৰক সময় দিব ৷ ভাৰতৰ প্ৰথম পাচখন ৰাজ্যৰ এখন কৰি তোলাৰ স্বপ্ন বিত্ত মন্ত্ৰীৰ ব্যক্তিগত স্বপ্ন ৷ তেওঁৰ স্বপ্ন পাচ বছৰত দিঠক হৈ নুঠিল তাৰ বাবে ৰাইজে নিৰ্বাচনত শাস্তি দিব নে? অলপতে বৃটেইনৰ বিত্তমন্ত্ৰী ঋষি চুনাকৰ বাজেট ভাষণ শুনিছোঁ ৷ চৰকাৰৰ প্ৰাপ্তি আৰু গুণগৰিমা কৰেছে ৷ অতিৰঞ্জিত নেকি সেয়া দৃষ্টিকোনৰ কথা ৷ বছৰেকীয়া বাজেটখনৰ অগ্ৰাধিকাৰ মূলতঃ হ্ৰস্বকালীল সমস্যাৰ ওপৰত ৷ চুনাকে ৰাইজক সকাহ দিছে কিন্তু অদূৰ ভবিষ্যতে কৰকাতলৰ বঢ়োৱাৰ ব্যৱস্থা কৰিছে ৷ সংসদীয় ৰাজনীতিত বাজেটখন নিৰ্বাচনী বছৰটোত নিশ্চয়কৈ নিৰ্বাচনমুখী হ’ব ৷ নিৰ্বাচনমুখী নে জনমুখী সেয়াও দৃষ্টিকোনৰ কথা ৷ ঘৰুৱা বাজেট কৰাজনেও জানে কিবা কিনিব দামী খুজিলে কিবা এটাত খৰচ বচাব লাগিব বা অতিৰিক্ত আয় কৰিব লাগিব ৷

ৰাস্তা-পদূলি, হিতাধিকাৰী সৃষ্টি, ইখনৰ পিছত সিখন বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিলেই অথবা নামঘৰলৈ সাহায্য প্ৰদান আৰু বটদ্ৰ’ৱাৰ উচ্চাকাংক্ষী সৌন্দৰ্য বৰ্দ্ধনে অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য কৰিব নোৱাৰে”, এই ঘোষণা (বাজপেয়ীৰ নেতৃত্বতো কংগ্ৰেছ চৰকাৰ! “আমাৰ অসম”, “প্ৰথম কলম” ইং ২৭ ফেব্ৰুৱাৰী ২০২১) ৷ অসমত যে ইমান উন্নয়নমূলক কাম হৈছে, সমালোচকজনৰ এই বাজেট সম্পৰ্কীয় লিখাকেইটা পঢ়িহে অৱগত হৈছোঁ ৷ মই স্তম্ভিত হৈছোঁ ৷ ইমান কাম হৈছে! “ব্ৰহ্মপুত্ৰ উপত্যকাৰ অজনজাতীয় অসমীয়া সকলক নিৰ্বাচনী ৰাজনীতিত প্ৰভাৱান্বিত কৰিবৰ বাবে ইটোৰ পিছত সিটো পদক্ষেপ হাতত লৈছে ৷ ব্যাপক হাৰত শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠান প্ৰাদেশীকিকৰণৰ জোৱাৰ তুলিছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আইন বিৰোধী গণ সংগ্ৰামত জঁপিয়াই পৰা শিল্পী-সাহিত্যিকৰ অধিকাংশই এতিয়া শাসনাধিষ্ঠিত দলৰ পক্ষ লৈছে  ৷ শিল্পী সাহিত্যিকৰ বাবে প্ৰৱৰ্তিত ৫০ হাজাৰ টকীয়া বঁটা গ্ৰহণ কৰিছে বিনা প্ৰতিবাদে (দুই আঞ্চলিক দলৰ স্থিতিয়ে বিজেপিৰ জয় সুগম কৰিব পাৰে, “আমাৰ অসম”, “প্ৰথম কলম”, আজি ইং ৬ ফেব্ৰুৱাৰী) ৷

এই চৰকাৰে ৭০% বাজেট ব্যয় কৰিব নোৱাৰাৰ কথা স্বীকাৰ কৰিছে”, কিন্তু সমালোচকে কৈছে “কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰাপ্যখিনি আদায়ৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’লেও অসম আৰু কিছু দূৰ আগবাঢ়ি গ’লহেঁতেন ৷” আকৌ ধন ঘূৰাই দিবলৈ? আন এটা লেখা (হিতাধিকাৰীৰ মেলা, তথ্যৰ খেলা, “আমাৰ অসম”, “প্ৰথম কলম” ১৩ ফেব্ৰুৱাৰী)ত উল্লেখ কৰিছে যে বিগত সময় ছোৱাত গড় হিচাবত দেশৰ ভিতৰতে অসমে শিক্ষা আৰু স্বাস্থ্যখণ্ডত অধিক বাজেট ধন আবণ্টন দিছে ৷ কিন্তু ফলহে অত্যন্ত হতাশাজনক ৷ ইয়াৰ কাৰণ বিশ্লেষণ কৰা নাই ৷ কাৰণ যে বিত্ত মন্ত্ৰী নহয়, সেইটো সমালোচকৰ তথ্যত প্ৰতিফলিত হৈছে ৷ সম্ভাব্য কাৰণৰ ভিতৰত এটা বিভাগীয় মন্ত্ৰী অদক্ষ? আন এটা হয়তো অধ্যাপক, চিকিৎচক, আমোলা-কৰ্মচাৰীৰ অদক্ষতা, মনোযোগিতাৰ অভ্যাস, দুৰ্নীতি আৰু কাম ফাঁকি দিয়া অভ্যাস? এইটো সঁচাকৈয়ে প্ৰণালীবদ্ধ গবেষণাৰ বিষয় ৷ বাম-প্ৰগতিশীল শিবিৰে সময়ৰ ভিতৰত বাজেটৰ ধন সময়মতে খৰচ কৰিবলৈ কি কৰিব ইস্তাহাৰত দি মতদাতাক পতিয়ন নিয়াব লাগিব ৷

গনতন্ত্ৰ জনগণৰ বহু কষ্টোপাৰ্জিত ৷ শক্তিশালী বিৰোধী দল জনগণৰ নিশ্চয়তা ৷ দলসমূহে নিয়মীয়াকৈ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব লগা হোৱাটোৱে গনতন্ত্ৰৰ 'মেজিক' ৷ নিৰ্বাচনী খেল বা প্ৰতিযোগীতাৰ বাবে দলে যি কৰে সেয়াই বাস্তৱ ৷ ইয়াতকৈ অধিক গনতন্ত্ৰৰ পৰা আশা কৰা নাযায় ৷ সমালোচকে কৈছে, ৰাস্তা-পদূলি হৈছে, হিতাধিকাৰী বাঢ়িছে, ইখনৰ পিছত সিখন বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে, ব্যাপক হাৰত শিক্ষক নিযুক্তি আৰু শিক্ষানুষ্ঠান প্ৰাদেশীকিকৰণৰ জোৱাৰ উঠিছে, নামঘৰৰ দৰে 'গ্ৰাছৰুট' অনুষ্ঠানে অনুদান পাইছে, বটদ্ৰ”ৱাৰ দৰে এতিহ্যমণ্ডিত ঠাইৰ সৌন্দৰ্য বৰ্দ্ধন হৈছে, শিল্পী-সাহিত্যিকে আম্দোলন বাদ দিছে ৷ সৰ্বশ্ৰেস্থ স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ শাসন কালৰ যেন এখন ছবি!

এই পৰিবেশ গঢ়ি তালোটোৱে চৰকাৰৰ দায়িত্ব ৷ ই এটা ৰাজনৈতিক তত্ত্ব ৷ ৰাজ্যক প্ৰথম, দ্বিতীয় বা তৃতীয় কৰিবলৈ পৰিপূৰক কামখিনি শিক্ষক-অধ্যাপক, চিকিতৎক, আমোলা-কৰ্মচাৰী, উদ্যোগী-ব্যৱসায়ী, শিল্পী-সাহিত্যিক আমাৰ সকলোৰে ৷ নিজে নেতৃত্ব দিয়া বিভাগ বা অনুষ্ঠানটো ক্ৰমাগতভাৱে অঞ্চল, ৰাজ্য, দেশ, বিশ্বৰ ভিতৰত প্ৰথম কৰাৰ পণ লৈ কাৰ্যসূচী আমিও ঘোষণা কৰিব পাৰোঁ ৷ গড় জনমূৰি আয় বাঢ়িব, সমালোচকে কোৱা ধৰণে সকলো মাপকাঠিতে উৰ্ধগামী গতি আহিব ৷ বৌদ্ধিক কচৰৎ ভ্ৰম, আত্মচলনা, মায়াজালৰ পৰা মুক্ত হৈ নিৰ্মোহ ভাৱে কৰিব লাগিব ৷ হোমেন বৰগোঁহাইদেৱৰ আক্ষেপৰ কাৰণটোহে দেশৰ প্ৰথম পাচখনৰ ভিতৰত এখন কৰি তুলিব খোজা স্বপ্নৰ প্ৰধান বাধা ৷

2 comments:

  1. সুন্দৰ সময়োপযোগী বিশ্লেষণাত্মক লেখা ৷

    ReplyDelete