ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Sunday, May 30, 2021

সাগৰৰ পাৰ, নদীৰ পাৰ আৰু কৰ’না সংক্ৰমণ

নিয়মীয়া বাৰ্তা, ৩০-৫-২১

বিশেষ সময় আৰু পৰিস্থিতিত জনপ্রবাদ একোটাই বিৰাট আৰু সার্বজনীন ৰূপ ল’ব পাৰে৷ ই এক শৃংখল প্রক্রিয়া৷ বাহ্যিক বিশেষকৈ বীজাণুৰ পৰা আহিব পৰা সম্ভাব্য ভয়ৰ প্রতি আমি কেনেদৰে প্রতিক্রিয়া বা আচৰণ কৰোঁ, সেয়া বিৱর্তন প্রক্রিয়াৰ দ্বাৰা নিৰূপিত হয়৷ এনে ভয়ৰ পৰিপ্রেক্ষিতত আমাৰ জ্ঞান আৰু বোধ আহৰণত    পৰা প্রভাৱ বিৱর্তন–বিজ্ঞানৰ সহায়ত ব্যাখ্যা কৰিব পৰা যায়৷ আমি যি সার্বজনীন আতংকগ্রস্ততা দেখিছোঁ, সেয়া ব্যাখ্যাৰ অতীত নহয় নতুবা নতুন পৰিঘটনাও নহয়৷ পার্থক্য ইমানেই যে পূর্বে এনেধৰণৰ পৰিঘটনাত সার্বজনীনতা একোখন সমাজ বা গোটৰ পৰিধিত আছিল৷ এইবেলি আক্ষৰিক অর্থতেই সার্বজনীন বৰং বিশ্বজনীন ৰূপ লৈছে৷ ইয়াৰ কাৰণ ছ’চিয়েল মিডিয়া আৰু ২x৭ দৃশ্য–শ্রাব্য সংবাদ মাধ্যম৷ জনপ্রবাদৰ মূল আতংকজনিত বৈশিষ্ট্যটো সর্বত্র অটুট থাকিলেও ইয়াৰ মাত্রা বা স্বৰূপ সমাজভেদে কিছু বেলেগ৷ অনিশ্চিয়তা মোকাবিলা কৰিবলৈ মানুহ অপাৰগ৷ বিশেষকৈ তথাকথিত বিজ্ঞানমনস্ক মানুহ৷ অনিশ্চয়তা বিজ্ঞানৰ মৌলিক চৰিত্র, এই সত্য বিজ্ঞান মনস্কসকলৰ বাবে স্ববিৰোধিতা৷ তথাকথিত বিজ্ঞানমনস্ক ‘সচেতন’ নাগৰিক আৰু বিশেষজ্ঞসকলৰ হয়ভৰে জনপ্রবাদক ন্যায্যতা দিছে, এটা বিশেষ গতিবেগ দিছে৷ ‘অসচেতন’ আৰু ‘অবিজ্ঞানমনস্ক’ হোজা ৰাইজক আতংকই কমকৈ চুইছে৷ ‘সচেতন বিজ্ঞানমনস্ক’সকলৰ চকুত হোজা ৰাইজে ক’ৰোনা প্রট’কল ভাঙে বুলি সমালোচিত হৈছে৷

Saturday, April 10, 2021

‘লক-ডাউন’ - ক’ৰোনা নিয়ন্ত্ৰণত কাৰ্যকৰী?

নিয়মীয়া বাৰ্তা, ১০-৪-২১

সম্প্রতি ভাৰতত ক’ৰোনা পৰীক্ষাত পজিটিভ হোৱা লোকৰ সংখ্যা বাঢ়িবলৈ ধৰিছে৷ যোৱা বছৰটোত যদি এটা কথা নিঃসন্দেহে প্রমাণ হৈছে, সেইটো হৈছে এই শ্বাসজনিত ভাইৰাছটোৰ ঋতুগত ৰূপটো৷ মই এই সম্ভাৱনাৰ কথা পূর্বে ব্যক্ত কৰিছিলোঁ৷ মূলতঃ অপতথ্যই সৃষ্টি কৰিব পৰা অহৈতুক ভয়–ভীত প্রশমন কৰাৰ বাবে যোৱা বছৰৰ আগভাগত একাধিক নিবন্ধ লিখিছিলোঁ৷ ফেচবুকতো পোষ্ট দিছিলোঁ৷ কিন্তু ক’ৰোনা সম্পর্কে বিশ্বজুৰি ভীতি প্রৱণতাৰ এক প্রবল গাঁথা তৈয়াৰ হৈ উঠিল৷ কেনেকৈ এক সামূহিক গাঁথা তৈয়াৰ হৈ উঠে, এটা সার্বজনীন মানসিকতা গঢ় লৈ উঠে, সেয়া বিস্ময়কৰ আৰু চিন্তনীয়৷ সেই সম্পর্কে মই জল্পনা–কল্পনা কৰিব খোজা নাই৷ বৰং বাস্তৱ অভিজ্ঞতা আৰু বিজ্ঞান পত্রিকাত প্রকাশিত সমলৰ ভিত্তিত ভাৰতৰ ক’ৰোনা পৰিস্থিতিত সহায়ক হ’ব পৰা দুটামান পর্যবেক্ষণ আলোচনা কৰিব বিচাৰিছোঁ৷

Sunday, March 14, 2021

যোৱা পাঁচোটা বছৰ আৰু সমাগত নিৰ্বাচন

নিয়মীয়া বাৰ্তা, ১৫-৩-২১

পাঁচোটা বছৰ পাৰ হৈ গ'ল । আকৌ নিৰ্বাচন সমাগত ৷ নিৰ্বাচনী প্ৰচাৰৰ ধৰণ-কৰণ দেশ অনুযায়ী সুকীয়া ৷ আমাৰ দেশত উছব মুখৰ ৷ গনতন্ত্ৰৰ উছব নে ক্ষমতা দখলৰ, সেয়া নিজা নিজা দৃষ্টিভংগীৰ কথা ৷ দৰাচলতে কোনো ধাৰণাত্মক সিদ্ধান্ত বগা বা কলা ৰঙৰ দৰে স্পষ্ট নহয় ৷ মাজত এক বিশাল ধূসৰিত অনিশ্চয়তাৰ বলয় থাকে ৷ স্থান, কাল, পাত্ৰ ভেদ থাকে ৷ সমাজ-ৰাজনীতিৰ জটিল বিষয় একোটাত দিয়া সিদ্ধান্তৰ মাজত অনিশ্চয়তা ভৰা ধূসৰ বলয়টো বৰ ঘন ৷ আনকি বিজ্ঞানতো অনিশ্চয়তা আৰু ধূসৰতা বিৰাজমান ৷ কভিড-১৯ৰ লেৱৰটৰিৰ ফলাফল 'পজিটিভ' আৰু 'নিগেটিভ' এইধৰণে সৰলীকৃত কৰি উলিয়াই দিয়া হয় ৷ অথচ 'পজিটিভ' দৰাচলতে 'নিগেটিভ' হ’ব পাৰে বা তাৰ ওলোটাটো ৷ যোৱা মাহকেইটা মই কভিড-১৯ৰ ফলাফলৰ দ্বন্ধ ভাঙি ৰোগীৰ কল্যাণৰ কাৰণে বিশেষজ্ঞ অভিমত দি আহিছোঁ ৷ পুনৰীক্ষা বা ৰোগীৰ পৰিস্থিতি বিৱেচনা কৰি “নিগেটিভ”ক “নিগেটিভ” বুলি প্ৰতীয়মান কৰিছোঁ ৷ তাৰ ওলোটাও কৰিছোঁ ৷ এনেক্ষেত্ৰত ৰাজনৈতিক কমেণ্টেটৰ এজনৰ সিদ্ধান্ত ইমান নিশ্চিত কেনেকৈ হ’ব পাৰে?

Sunday, July 5, 2020

ক’ৰনা বিতৰ্ক

নিয়মীয়া বাৰ্তা, ৩০ জুন, ২০২০ 

শেহতীয়াকৈ ৰাজ্যৰ একাংশ সংবাদ মাধ্যমে ‘ক’ৰনা ভুৱা’ শিৰোনামেৰে নতুন এটা চাঞ্চল্য কৰিবলৈ প্ৰয়াস কৰিছে একাংশ সংবাদমাধ্যমৰ অল্প-অৱগত নাটকীয় বাতৰিয়ে সকলোকে বিভ্ৰান্ত আৰু বিপথে পৰিচালিত কৰি আহিছে। আজি মূল কথাটো হৈছে ভয়ৰ পৰিবৰ্তে ক'ৰনা পৰিস্থিতিৰ সৈতে কেনেধৰণে উপযুক্তভাৱে মোকাবিলা কৰি জনজীৱন যথাসম্ভৱ নিয়মীয়াকৈ চলাই ৰাখিব পাৰি। মই ক’ৰনা সম্দৰ্ভত মোৰ বৃত্তিগত অভিজ্ঞতা আৰু দক্ষতাৰ ভিত্তিত প্ৰথমৰে পৰা পৰ্যবেক্ষণ আৰু বিশ্লেষণ আগবঢ়াই আহিছোঁ।

Friday, April 24, 2020

ক’ভিড-১৯, অপ্ৰত্যাশিত ঘটনা?

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ, ২০২০

ক’ভিড-১৯ৰ বীজাণু ক’ৰনা ভাইৰাছ বিধৰ নাম হৈছে SARS-CoV-2। ইতিপূৰ্বে আন দুবিধ ক’ৰনা ভাইৰাছ ক্ৰমে SARS-CoV-1 (২০০৩) আৰু MERS (২০১৩) ভাইৰাছে এপিডেমিক কৰিছিল কিন্তু বৰ্তমানৰ দৰে বিশাল ৰূপ ধৰা নাছিল। ইয়াৰ কাৰণ কি আলোচনা কৰিম। ক’ভিড-১৯ৰ আৱিৰ্ভাৱ অপ্ৰত্যাশিত নহয়। বিশ্বৰ দেশসমূহৰ প্ৰস্তুতি-পৰিকল্পনা নোহোৱাটোহে অপ্ৰত্যাশিত। মই ইংলেণ্ডত মাইক্ৰ’বায়োলজী অধ্যয়ন কৰিবলৈ যোৱা ঠিক পিছৰ বছৰটোতেই ১৯৯৫ চনত আমেৰিকাৰ Centre for Disease Control (CDC)ৰ পৃষ্ঠপোষকতাত Emerging Infectious Diseases নামৰ বিজ্ঞান আলোচনীখনৰ প্ৰথমটো সংখ্যা ওলাইছিল। নগৰিকীকৰণ, অৰণ্যসমূহৰ ধ্বংসসাধন, আন্তৰ্জাতিক ভ্ৰমণ আৰু বিশ্ব-উষ্ণতা আদি মানৱকৃত প্ৰকৃতি ক্ষতিকাৰক কাৰ্যৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে যে জীৱ-জগতৰ পৰা বীজাণু পৰিৱৰ্তিত হৈ মানুহক ৰোগ কৰিব পৰা ক্ষমতা ধাৰণ কৰিব সেয়া অনুমান কৰা হৈছিল। সেই অনুমান যোৱা দশককেইটাত বহুবাৰ সঁচা প্ৰমাণিত হৈছে। প্ৰকৃতি-ক্ষতিকাৰক মানৱ কাৰ্যৰ পৰিণতি স্বৰূপে আত্মপ্ৰকাশ কৰিব পৰা নতুন বীজাণু আৰু কোনবোৰ পৰিচিত বীজাণুৱে বিধংসী ৰূপ ল’ব পাৰে এই বিষয়ে অধ্যয়ন নকৰাকৈ কোনো সংক্ৰমণ বিশেষজ্ঞই যোৱা দশককেইটাত পৰীক্ষা পাছ কৰিব পৰা নাই। ই এনে এটা জৰুৰী বিষয়। তেনেস্থলত চৰকাৰসমূহৰ অসহায়তা প্ৰত্যাশিত নহয়। ব্ৰিটেইনৰ ক্ষেত্ৰত কোৱা হৈছে যে প্ৰধানকৈ আচম্বিতে হ’ব পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিহত কৰাটোৱে বিগত সময়ছোৱাত ইমান প্ৰাধান্য লাভ কৰিছিল যে পেনডেমিক প্ৰস্তুতিৰ কাৰ্যসূচী তল পৰিছিল।

Thursday, April 9, 2020

ক’ৰনাৰ পৰিণাম

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ, ২০২০

বিশ্বত ২৯ মাৰ্চলৈ ক’ৰনাত আক্ৰান্ত হোৱা সংখ্যা প্ৰায় ৬৮০,০০০ লৈ বাঢ়িছে, ৩২,০০০ জন মৃত্যমুখত পৰিছে। মৃত্যুৰ আপাত হাৰ ৫%। এই হাৰ প্ৰথম দৃষ্টিত ভয় লগা। এইটো প্ৰতিষ্ঠিত হৈছে যে ক’ৰনা অতিশয় সংক্ৰামক আৰু কেইবা গুণো অধিক সংক্ৰমণ ধৰা নপৰাকৈ আছে। ইটালী, য’ত এই আপাত মৃত্যুৰ হাৰ অতি বেছি (৯%), সেই দেশৰ অসামৰিক সুৰক্ষা এজেঞ্চিৰ প্ৰধানজনে ২৪ মাৰ্চত কৈছে যে দৰাচলতে ইটালীত সংক্ৰমণ হোৱা কিন্তু ধৰা নপৰা লোকৰ সংখ্যা অন্ততঃ ১০গুণ বেচি। এই ধৰা নপৰাৰ সংখ্যা দৰাচলতে ইয়াতকৈও কেইবাগুণো বেচিহে হব, কম নহয়। এইটো কোনো অস্বাভাৱিক কথা নহয়। শ্বাসজনিত সাধাৰণ বেমাৰ কৰা যি কোনো এবিধ ভাইৰাছ অতি সংক্ৰামক হয়। চীনৰ যুহানৰ অভিজ্ঞতাৰ পৰা আমি জানো ধৰা পৰা বেমাৰীৰ সকলৰ মাজত ৯১%ৰ সাধাৰণ অসুখ হৈছিল। ১৪%ৰ গুৰুতৰ আৰু ৫%ৰ সংকতজনক হৈছিল। যেতিয়া বীজাণু এবিধে সাধাৰণ অসুখ কৰে (বা লক্ষণ নেদেখুৱায়) আৰু বিয়পি পৰাৰ ধৰণটো অতি সহজ হয় (যেনে শ্বাসজনিত) তেনেহ’লে এই বাজানু অতি সংক্ৰামক হয়। এইবোৰক সফল বীজাণু বুলি কোৱা হয়। ক’ৰনা এই ধৰণৰ এটা সফল বীজাণু। সফল বীজাণুৱে ই সংক্ৰমণ কৰা মানুহজনক বা বাহকজনক নামাৰে। কাৰণ এনে কৰিলে ই বিয়পিব নোৱাৰে। অৰ্থাত ব্যাপক সংক্ৰমণ আৰু গুৰুতৰ ৰোগ কৰা এই দুই প্ৰৱনতাৰ মাজত সফল বীজাণুবিধে এটা ভাৰসাম্য ৰক্ষা কৰিব লগা হয়। গুৰুতৰ ৰোগ কৰি বাহকজনক মাৰিলে ই বিয়পি পৰাৰ সুবিধা হেৰুৱাব লগা হয়। ইবোলা অতি সংক্ৰামক, কৰোনাতকৈও অধিক, কিন্তু ই বাহকজনক মাৰি পেলায় (৫০% মৃত্যুৰ হাৰ)। সেয়ে ইমান সংক্ৰামক হোৱা স্বত্বেও অধিক বিয়পাৰ সুবিধা নাপায়। যিহেতু ক’ৰনা ইমান বিয়পি পৰিছে, ই গুৰুতৰ ৰোগ হব নোৱাৰে। আমি যদি অতি সংৰক্ষণশীলভাৱেও ক’ৰনা ১০ গুণ অধিক বিয়পিছে বুলি ধৰোঁ, তেনেহলে আমি যি আপাত মৃত্যুৰ হাৰ দেখিছোঁ সেইটো অতিৰঞ্জিত। বিশ্ব সাপেক্ষে এই হাৰ ০.৫% আৰু ইটালী সাপেক্ষে ১% লৈ ততালিকে নামি আহিব। আমি প্ৰকৃত হাৰ পাবলৈ পেনডেমিক শেষ হোৱালৈ অপেক্ষা কৰিব লাগিব।

জ্বৰ হ’লেই ভয় নাখাব

দৈনিক অসম, ২৪ মাৰ্চ, ২০২০

অহা দুই-চাৰি দিনৰ ভিতৰত ভাৰতত ক’ৰোনা সংক্ৰমন তৃতীয় পৰ্যায় পাইছে নেকি পৰিষ্কাৰ হ'ব। এতিয়ালৈকে গুৰুতৰ হোৱা আটাইকেইখন দেশতে ১০০ পৰা ১০০০ মাথোঁ সাত দিনৰ ভিতৰত হৈছিল। ভাৰতত ১০০টা ১৫ মাৰ্চৰ দিনাই হৈ গৈছে। ২৩ মাৰ্চলৈ ৪১৫ হৈছে। ICMRএ আজিলৈকে সংক্ৰমণ ২য় পৰ্যায়ত আছে বুলি কৈ আছে। কিন্তু শেহতীয়াভাৱে দুজনমান বেমাৰীয়ে কোন পজিটিভ বেমাৰীৰ পৰা বীজাণুবিধ পালে নিশ্চিত হ'বলৈ বাকী আছে বাবে তৃতীয় পৰ্যায় পালেই নেকি নিশ্চিতি হোৱা নাই।