ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Tuesday, October 30, 2018

অসমাপ্ত কাহিনী

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ ২০১৮

প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ভিক্ষ বা মহামাৰীত যেতিয়া বৃহৎ সংখ্যাত মানুহৰ মৃত্যু বা দুখ-দুৰ্গতি হয় অথবা নৰসংহাৰ সংঘটিত হয় স্বাভাৱিকতে দেশ, জাতি, ধৰ্ম নিৰ্বিশেষে সমগ্ৰ বিশ্ব দুখৰ সমভাগী হয়। যথাসাধ্য সহায় আগবঢ়ায়। এনে ঘটনা যদি সীমান্তবৰ্তী দেশ এখনত ঘটে, মানবীয়তা প্ৰদৰ্শনৰ উপৰি বিশেষ দায়িত্ব আহি পৰে। উপেক্ষা কৰিব পৰা নাযায়। ইমানখিনি কৰণীয় সভ্যসমাজৰ দিগনিৰ্ণয়ৰ নৈতিক কম্পাছডালৰ দ্বাৰা সূচিত। আন্তৰ্জাতিক বিধি-নিয়মো আছে। কিন্তু কেতিয়াবা উভয় সংকত হ’ব পাৰে। সামৰ্থ্য নাথাকিব পাৰে। বৃহত সংখ্যক ভগনীয়া-শৰণাৰ্থীৰ আগমনে স্থানীয় বাসিন্দাৰ মনত উদ্বেগ আনিব পাৰে। স্থানীয় বাসিন্দাৰ উদ্বেগ বা নিৰাপত্তাহীনতাৰ ভিত্তি থাকিব পাৰে নতুবা অহেতুক ভীতিপ্ৰসূত হ’বও পাৰে। এনে সময়ত ৰাজনীতিবিদ, শিল্পী-সাহিত্যিক, বুদ্ধিজীৱিয়ে নেতৃত্ব দিয়ে। সংবেদনশীলতা আৰু বিশ্বজনীন নৈতিক কম্পাছডালৰ আধাৰত জনসাধাৰণক আতংকিত নহৈ কৰণীয় সম্পৰ্কে সজাগ কৰে। সমাধানৰ প্ৰচেষ্টা লয়। অন্তত ন্যূনতম সত্যখিনি জনসাধাৰণৰ সন্মুখত দাঙি ধৰে যাতে জনসাধাৰণ সিদ্ধান্তত উপনীত হ’বলৈ প্ৰাসংগিক আটাইবোৰ দিশৰ বিষয়ে অৱগত হয়। অন্তত ভিত্তিহীন সংখ্যা-পৰিসংখ্যাৰে জনসাধাৰণক বিভ্ৰান্ত নকৰে।

আমাৰ সীমান্তত এনে এক নৰসংহাৰ হৈছিল ১৯৭১ চনত। নিজকে সভ্য জ্ঞান কৰা মই এজন অসমীয়া। এই নৰসংহাৰৰ কাহিনী মই আজিহে সামান্য ভাবিছোঁ। ই বৌদ্ধিক ব্যৰ্থতা। হয়তো উদাসীনতা। কিন্তু অসমীয়াৰ সঁচা প্ৰতিনিধি ভূপেন হাজৰিকা নীৰবে নাছিল। প্ৰতিটো সন্ধিক্ষণত জাতিক দায়িত্ব সোঁৱৰাইছিল। শিশু অৱস্থাত ভূপেন হাজৰিকাৰ বজ্ৰ কণ্ঠত শুনা “জয় জয় নৱজাত বাংলা দেশ, জয় জয় মুক্তি বাহিনী, ভাৰতীয় সৈন্যৰ স'তে ৰচিলাঁ মৈত্ৰীৰ কাহিনী, ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতা, বিভেদকামী শক্তিৰ সলনি গংগা পদ্মাৰে একতা” মনত পৰিছে। এজন অসমীয়াই আপলোড কৰা অসমীয়া-বাংলা গীতটো সিদিনা পুণৰাই ইউটিউবত শুনিছোঁ।


সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিস্থিতিত সেই নৰসংহাৰৰ কাহিনী ৰাইজক সোঁৱৰাই দিয়াৰ দায়িত্ব বৌদ্ধিক সমাজৰ আছিল। পৰিবৰ্তে উগ্ৰজাতীয়তাবাদৰ ভেটিত অধিক সাৰ-পানী। সীমান্তত মানৱতা বিধ্বস্ত হৈছিল। ভুপেন হাজৰিকাৰ বাহিৰে কোন কিমান বিচলিত হৈছিল, কোন শিল্পী-সাহিত্যিক-বুদ্ধীজীৱি উদ্বিন্ন হৈছিল, উপন্যাস-ৰচনা ৰচিত হৈছিল, মই অৱগত নহওঁ। হয়তো শিল্প-সাহিত্য সম্পৰ্কে অল্পপৰিচিত বাবেই অৱগত নহওঁ। কিন্তু এয়া আছিল অসম সীমান্তত সংঘটিত এক ৰক্তাত্ব ইতিহাস। মানুহৰ কৰুণ গাথাক সমল কৰি সাহিত্যিকে গল্প-উপন্যাস লিখে, কৱিয়ে কবিতা ৰচে। শিল্পীয়ে মানৱতাৰ গীত গায়। ভুপেন হাজৰিকাই গাইছিল। প্ৰসিদ্ধ চেটাৰ বাদক ৰবিশংকৰ আৰু জৰ্জ হেৰিছনে বব ডায়লান, আল্লা ৰাখাৰ দৰে শিল্পীক লগত লৈ আন্তৰ্জাতিক প্ৰায় সকলো প্ৰসিদ্ধ শিল্পীৰ অংশগ্ৰহনেৰে ১৯৭১ চনৰ আগষ্টত নিউ ইয়ৰ্কৰ মেডিচন স্কুৱেৰ গাৰ্ডেনত ‘বাংলাদেশৰ বাবে ঐকতানবাদন’ আয়োজন কৰি বিশ্বজনগণৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

এই নৰসংহাৰৰ কাহিনী ঘুনাক্ষৰে সম্ভেদ নোপোৱা নৱপ্ৰজন্ম থাকিব পাৰে। এয়া তেওঁলোকৰ দোষ নহয়। যদিও সেই নৰসংহাৰৰ কাহিনী আজি অধিক প্ৰাসংগিক। জাতিৰক্ষাক লৈ আমাৰ মাজত এক আতংকজনিত পৰিবেশ। আমাৰ ‘অন্যজাতি বৈৰীভাব’ (Xenophobia) আছে এনে ভূল ধাৰণা আনে যদি কৰিবলৈ হয় গৌৰবান্বিত জাতি হিচাপে আমি কংলকিত আৰু অৱনমিত হম। আমি সংবেদনশীল হ’বই লাগিব। আমাৰ মনত বৈৰীভাৱ নায়, কেৱল আতংকিত বাবেহে সচকিত হৈ উঠিছোঁ, এই কথা বুকুফালি বহিৰ্জগতক জনাব পৰা নাযায। আমাৰ অচৰণ, ধৰণ-কৰণৰ পৰহে বহিৰ্সমাজে ধাৰণা ল’ব। আজিৰ যুগৰ পৰিপ্ৰেক্ষিতত দায়িত্বশীল জাতি হিচাপে পৰিচয় দিব পাৰিব লাগিব। ইয়াৰ অৰ্থ আত্মজাহ দিম এনে নহয়। আমি আত্মজাহ যাম এনে পৰিস্থিতি হোৱা নাই। সভ্যসমাজৰ নীতি মনাতহে আমাৰ আৰু আনৰো মংগল।

পূব পাকিস্তানত বঙালীসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰিছিল। পশ্চিম পাকিস্তানৰ শাসনকৰ্তাই জাপি দিয়া উৰ্দুভাষাৰ বিৰোধ প্ৰকাশ স্বাধীনতা সংগ্ৰামৰ আগজাননী হৈ পৰিছিল। সচকিত হৈ পাকিস্তানৰ সৈন্য বাহিনীয়ে ১৯৭১ চনৰ ২৬ মাৰ্চত Operation Searchlight আৰম্ভ কৰিছিল। নমহীয়া এই অভিযানত সৈন্য বাহিনী আৰু জামাত-ই-ইছলামীয়ে তিনি নিযুট মানুহ সংহাৰ কৰিছিল। দুইৰ পৰা চাৰি লাখ মহিলাক ধৰ্ষণ কৰিছিল। প্ৰায় দহ নিযুট মূলতঃ হিন্দু লোক দেশখনৰ পৰা বিতাড়িত হৈছিল। দহ নিযুট লোক দেশখনৰ ভিতৰতে স্থানান্তৰিত হ’ব লগা হৈছিল। সেইসময়ত আমি শিশু। যুদ্ধৰ কথা শুনিছিলোঁ, ৰিনিকি ৰিনকি মনত আছে। আজি পঞ্চাশ বছৰৰ পিছত সেই ৰক্তাত্ব ইতিহাস জুকিয়াই চোৱাৰ প্ৰয়োজন হৈছে। অসমত এচাম অসমীয়াৰ আতংকগ্ৰস্ততাৰ ভিত্তি এমুঠি শৰণাৰ্থী সেই কথা জুকিয়াই চোৱাৰ প্ৰয়োজন হৈছে।

১৯৪৭ চনত দেশ বিভাজনৰ এটা প্ৰধান বিসংগতি আছিল বাংলাদেশ (পূব পাকিস্তান)ক পাকিস্তান (পশ্চিম পাকিস্তান)ৰ সৈতে সাঙুৰি দিয়াটো। পূব আৰু পশ্চিম পাকিস্তানৰ মাজত এহেজাৰ মাইলৰ ব্যৱধান। ভৌগলিক ব্যৱধানেই নহয়, ভাষা-সংস্কৃতিৰো ব্যৱধান। ৫৫ নিযুট মূলতঃ পাঞ্জাবীভাষী পশ্চিম পাকিস্তানৰ বাসিন্দাৰ বিপৰীতে পূৱত ৭৫ নিযুট বঙালীভাষী দৰাচলতে পাকিস্তানত ভাষিক সংখ্যাগৰিষ্ঠ আছিল। কিন্তু পশ্চিমৰ শাসনকৰ্তাৰ চকুত তেওঁলোক আছিল দ্বিতীয় শ্ৰেণীৰ নাগৰিক-বিশুদ্ধ মুছলমান নহয়, উগ্ৰ বঙালী জাতীয়তাবাদী। পূৱত বলেৰে বঙালী সংস্কৃতি ধ্বংস কৰি উৰ্দু সংস্কৃতি জাপি দিয়াৰ প্ৰয়াস হৈছিল। পাকিস্তানৰ প্ৰথমটো গণতান্ত্ৰিক সংসদীয় নিৰ্বাচন (ডিচেম্বৰ, ১৯৭০)ত শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত পূব পাকিস্তানৰ স্থানীয় দল আৱামী লীগ গৰিষ্ঠ সংখ্যক আসন লাভ কৰি বিজয়ী হৈছিল। কিন্তু আৱামী লীগক নিষিদ্ধ কৰা হৈছিল। লগে লগে পূৱত নিৰ্যাতন আৰম্ভ হৈছিল। সংখ্যালঘু হিন্দুৰ দ্বাৰা মুছলমান বঙালীসকল সাংস্কৃতিকভাৱে প্ৰভাৱিত বুলি হিন্দুৰ ওপৰত বিশেষ আখেজ পুৰাইছিল। হিন্দু সংহাৰ আৰম্ভ হৈছিল, মন্দিৰ ধ্বংস কৰা হৈছিল। ২২ ফেব্ৰুৱাৰী ১৯৭১ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি ইয়াহা খানে তিনি নিযুত হিন্দুক হত্যা কৰিবলৈ মুকলি আহ্বান দিছিল। কাৰণ তেতিয়া মুছলমান বঙালীসমাজ নিজে নিজে বশীভূত হ’ব। এই আনুষ্ঠানিক গণহত্যা ১৯৭১ চনৰ ২৬ মাৰ্চত আৰম্ভ হৈছিল। পৰিস্থিতি স্বাভাৱিকতে জটিল আছিল। উৰ্দুভাষী বিহাৰী মুছলমানসকলে পাকিস্তানী সেনাৰ অনুগত হৈ গণহত্যাত ভাগ লৈছিল। যঠেষ্ট সংখ্যক বঙালী মুছলমানেও হাত উজান দিছিল। পাকিস্তানপন্থী আৰু স্বাধীনতাপন্থীৰ মাজত মেৰূবিভাজন হৈছিল। গোষ্ঠীগত সংঘৰ্ষত বঙালীভাষীৰ হাতত উৰ্দুভাষী বিহাৰীও মৰিছিল। ঢাকা বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপক গোবিন্দ চন্দ্ৰ ৰয়, বঙালী সাহিত্যিক মুনিৰ চৌধুৰীকে ধৰি হিন্দু-মুছলমান নিৰ্বিশেষে বহু বুদ্ধীজীৱিক হত্যা কৰা হৈছিল। মাৰ্চৰ পৰা ডিচেম্বৰলৈ সংঘটিত এই গণহত্যাৰ পৰিণামত লক্ষ লক্ষ ভগনীয়া হৈছিল। শৰণাৰ্থী হৈ ভাৰতৰ আশ্ৰয় বিচাৰিছিল। ভাৰত চৰকাৰৰ প্ৰতিবেদন অনুসৰি আঠ-ন নিযুত মানুহ ভগনীয়া হৈছিল। নেছনেল জিঅ’গ্ৰাফিকৰ চেপ্তেম্বৰ ১৯৭২ চনৰ সংখ্যা অনুসৰি দহ নিযুত। ৮২৯টা আশ্ৰয় শিবিৰ গঠন কৰা হৈছিল। ১৯৭১ চনৰ মে’ মাহৰ ভিতৰত পঞ্জীয়ন কৰা শৰণাৰ্থীৰ সংখ্যা হৈছিল প্ৰায় তিনি নিযুত। অধিকাংশই পশ্চিমবংগ আৰু ত্ৰিপুৰাত আশ্ৰয় লৈছিল। পূব ত্ৰিপুৰাত শৰণাৰ্থীৰ সংখ্যা স্থানীয় মানুহতকৈও বেছি হৈছিল। এয়া ত্ৰিপুৰাত বঙালীভাষী সংখ্যগুৰু হৈ পৰাৰ আঁৰৰ কাহিনী। এয়া আছিল দুৰ্যোগৰ অনিবাৰ্য ফল। সেইসময়ত অৰ্থনৈতিকভাৱে চালুকীয়া ভাৰত চৰকাৰৰ শৰণাৰ্থীক ন্যূনতম সুবিধাখিনি দিবলৈ কেইবামাহো লাগিছিল। নিসন্দেহে বহু শৰণাৰ্থী পঞ্জীয়নভুক্ত হোৱা নাছিল। বহু বঙালী যুৱকে সীমান্ত পাৰ হৈ সামৰিক প্ৰশিক্ষণ লৈছিল, উভতি গৈ মুক্তি বাহিনীত যোগ দিছিল।

‘মাৰ্চৰ শেষৰ পৰা দুমাহৰ ভিতৰতে শৰণাৰ্থী সংখ্যা প্ৰায় চাৰি নিযুতলৈ বৃদ্ধি হল, আজি ন নিযুত অতিক্ৰম কৰিলে, কিন্তু উভতি যোৱাৰ কোনো লক্ষণ দেখা পোৱা যোৱা নাই। এতিয়াও গড়ে দিনে ৩০,০০০ৰ পৰা ৫০,০০০ শৰণাৰ্থী আহি আছে, এই ধৰণে চলি থাকিলে বছৰটোৰ শেষলৈ শৰণাৰ্থী সংখ্যা ১২ নিযুত পৰ্যন্ত হ’ব পাৰে। ভাৰত চৰকাৰে ১৯৭১ চনৰ ডিচেম্বৰলৈ শৰণাৰ্থী কল্যাণৰ কাৰণে ২৬০ কোটি টকাৰ প্ৰাৱধান কৰিছে। ইয়াৰ ভিতৰত ৫০ কোটি টকা অন্য দেশৰ পৰা আশা কৰা সাহায্য-ৰাশি ধৰা হৈছে। কিন্তু শৰণাৰ্থীৰ সংখ্যালৈ চাই অহা ছমাহৰ বাবে ৪১৯ কোটি টকাৰ প্ৰয়োজন।’ এয়া ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ ২২তম কাৰ্যৱাহী অধিবেশনত ভাৰত চৰকাৰৰ পুণৰ্সংস্থাপন সচিব শ্ৰী জি এচ কেহ্লনৰ প্ৰতিবেদন। সৰ্বমুঠ শৰণাৰ্থীৰ সংখ্যা ৯,৮৯৯,৩০৫ (পশ্চিম বঙ্গ ৭,৪৯৩,৪৭৪, ত্ৰিপুৰা ১,৪১৬,৪৯১, মেঘালয় ৬৬৭,৯৮৬, অসম ৩১২,৭১৩, বিহাৰ ৮,৬৪১)লৈ বৃদ্ধি হৈছিল।

অৱশেষত ভাৰতৰ হস্তক্ষেপত বাংলাৰ মুক্তিবাহিনীয়ে ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানী সৈন্যক পৰাভূত কৰিছিল। বাংলাদেশ গণপ্রজাতন্ত্র, এখন নতুন দেশৰ জন্ম হৈছিল। ভূপেন হাজৰিকাই “জয় জয় নৱজাত বাংলা দেশ” ৰচিছিল। অধিকাংশ শৰণাৰ্থী নৱগঠিত বাংলাদেশলৈ উভতি গৈছিল। বৃহত্ সংখ্যক শৰণাৰ্থী নিজা উদ্যোগত উভতিছিল। ভাৰত চৰকাৰে পৰিকল্পিতভাৱে বহুতক উভতাই পঠিয়াইছিল। গণহত্যাৰ আৰম্ভণীৰ ঠিক এবছৰৰ পিছত শিবিৰত থকা ৩,৮৬৯ জনীয়া শেষৰটো দল ২৫ মাৰ্চ, ১৯৭২ চনত উভতি গৈছিল। শৰণাৰ্থী শিবিৰসমূহ বন্ধ কৰি দিয়া হৈছিল। শিবিৰত নথকা বহু শৰণাৰ্থী নিসন্দেহে ৰৈ গৈছিল।


এটা প্ৰেক্ষাপট দাঙি ধৰাৰ কাৰণে অসমৰ ৰাজনৈতিক ইতিহাস সামান্য উল্লেখ কৰিছোঁ। প্ৰাচীন কামৰূপৰ সীমা এসময়ত বাংলাদেশৰ কৰতোৱা নদী আৰু বঙ্গোপসাগৰ পৰ্যন্ত আছিল। ব্ৰহ্মপুত্ৰ উপত্যকা, উত্তৰ বঙ্গ, ভুটান, উত্তৰ বাংলাদেশ আনকি সময়ে সময়ে পশ্চিম বঙ্গৰ অঞ্চল বিশেষো প্ৰাচীন কামৰূপৰ অন্তৰ্ভুক্ত আছিল। পাল বংশৰ পতনৰ সৈতে এই গৰিমাৰ অন্ত পৰিছিল। ১২০৬ চনত কামৰূপৰ পশ্চিম প্ৰান্তত কমতা ৰাজ্যৰ উত্থানৰে মধ্যযুগ (১২০৬-১৮২৬)ৰ সূচনা  হৈছিল। এই সন্ধিক্ষণত বখ্তিয়াৰ খিলজিৰ দ্বাৰা হোৱা প্ৰথমটো বিদেশী আক্ৰমন ব্যৰ্থ হৈছিল। পূৱত চুতীয়া আৰু মধ্য অসমত কছাৰী ৰাজ্য মূৰ দাঙি উঠিছিল। চুতীয়া ৰাজ্যৰ পশ্চিম ফাল ভুঞা সামন্তসকলে নিয়ন্ত্ৰন কৰিছিল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰপালে ১১৮৭ চনত সুৱনশিৰিৰ পাৰত ৰাজধানী স্বৰ্ণগিৰি নিৰ্মাণ কৰিছিল। পিচলৈ ১২২৫ চনত পুত্ৰ ৰত্নধ্বজপালে ৰত্নপুৰ (মাজুলী)লৈ ৰাজধানী স্থানান্তৰিত কৰি প্ৰাচীন পাল ৰাজবংশৰ অৱশিষ্টখিনি সাঙুৰি ১২৪৮ চনত সদিয়ালৈ ৰাজ্য বিস্তাৰ কৰিছিল। কছাৰী আৰু চুতীয়া এই দুই শক্তিৰ দখলত নথকা মধ্যৱৰ্তী অঞ্চল চোৱাত চুকাফাৰ নেতৃত্বত আহোম ৰাজবংশৰ শাসন (১২২৮-১৮২৬) আৰম্ভ হৈছিল। আহোমে চুতীয়া ৰাজ্য দখল কৰিছিল, কছাৰীক মধ্য অসমৰ পৰা আঁতৰাই পঠাইছিল। বিলুপ্ত কামৰূপৰ পূৰ্বাঞ্চলত আহোম স্বৰ্গদেউৰ ৰূপত নতুন শক্তিৰ উদয় হৈছিল। ১৬ শতিকাত আহোমৰ আধিপত্য সম্পূৰ্ণ হৈছিল। ইফালে কমতা ৰাজ্যত বিশ্ব সিংহই কোচ ৰাজবংশৰ শাসন স্থাপন কৰিছিল। নৰনাৰায়ন আৰু চিলাৰায়ৰ সময়ত কোচ ৰাজবংশৰ আধিপত্য শীৰ্ষত উঠিছিল। এই একে সময়তে শঙ্কৰদেৱে একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰেৰে সমাজ জীৱনৰ সংস্কাৰ সাধন আৰু এটা নৱ-সাংস্কৃতিক ধাৰা আৰম্ভ কৰিছিল। জাতি গঠণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ১৫৮১ চনত নৰনাৰায়নৰ কমতা ৰাজ্য দ্বিখণ্ডিত হৈছিল। পূবে চিলাৰায়ৰ পুত্ৰ ৰঘুদেবে নিজা শাসন প্ৰতিষ্ঠা কৰিছিল। কমতাৰ বিভাজন আজি অসম আৰু পশ্চিম বঙ্গৰ সীমা। দ্বিখণ্ডিত কমতাৰ পাৰস্পৰিক শত্ৰুতা বাঢ়িছিল। পূবৰ কমতাই আহোমৰ আৰু পশ্চিমৰ কমতাই মোগলৰ সৈতে সন্ধি কৰিছিল। ১৭ শতিকাত আহোমে মোগলৰ কেইবাটাও আগ্ৰাসন ৰোধ কৰিছিল। ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধ আহোমৰ পৰাক্ৰমৰ চানেকি। ১৬৮২ চনত ইটাখুলিত মোগল পৰাভূত হৈছিল। আহোমৰ শাসন পশ্চিমে মানস নদী পৰ্যন্ত পাইছিল। কিন্তু প্ৰাচীন কামৰূপৰ সঁচা উত্তৰাধিকাৰী হোৱাৰ স্বপ্ন আধৰুৱা হৈ ৰৈছিল। কৰতোৱা পৰ্যন্ত সীমা আগবঢ়াবলৈ কৰা আশা পূৰণ হোৱা নাছিল। দুৰ্ভাগ্যক্ৰমে ১৮শ শতিকাত আহোমৰ বেলি মাৰ যাবলৈ আৰম্ভ কৰিছিল। মোৱামৰীয়া বিদ্ৰোহ দমন কৰিলেও পুণৰাই আহোম শক্তিৰ মূৰ দাঙি উঠা কঠিণ হৈছিল। ১৯ শতিকাত মানৰ আক্ৰমন আৰু ৰাজধানী ৰংপুৰ দখল। বৃটিছ আৰু মানৰ যুদ্ধ আৰম্ভ হৈছিল ১৮২৪ চনত। ১৮২৫ চনৰ আৰম্ভণীত মানে ৰংপুৰ এৰিব লগাত পৰিছিল। ১৮২৬ৰ ইয়াণ্ডাবু সন্ধিমতে আহোম শাসনাধিস্থ প্ৰায় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা বৃটিছে মানৰ পৰা দখল কৰি লৈছিল। ইতিপূৰ্বে ১৮২৪ চনতেই বৃটিছে গুৱাহাটী দখল কৰিছিল। অবিভক্ত গোৱালপাৰা ১৭৬৫ চনত মোগলৰ পৰা বৃটিছৰ হাতলৈ গৈছিল আৰু ১৮২২ চনত ৰংপুৰ (বাংলাদেশ)ৰ উত্তৰ-পূব অংশ হিচাপে এটা প্ৰশাসনিক গোট হৈছিল। ১৮২৮ চনত কছাৰী ৰাজ্য বৃটিছে আনুষ্ঠানিকভাৱে দখল কৰি লৈছিল। ১৮৩৩ চনত খাচী ৰজাই বশ্যতা স্বীকাৰ কৰিছিল আৰু জয়ন্তীয়াসকলৰ ওপৰতো বৃটিছৰ আধিপত্য বিস্তাৰ হৈছিল। ১৮৩৩ চনত বৃটিছৰ ৰক্ষণাবেক্ষণত উজনি অসমত স্বৰ্গদেউ পুৰন্দৰ সিংহ নামত ৰজা হৈছিল। অৱশেষত ১৮৩৮ চনত অঞ্চলটো বৃটিছ আনুষ্ঠানিকভাৱে সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰি লৈছিল। ১৮৩৯ চনত পূবে মৰাণ আৰু মটকৰ প্ৰভাৱ থকা অঞ্চল দখল কৰি বৃটিছে অসম ভূখণ্ডৰ দখল সম্পূৰ্ণ কৰিছিল। বৃটিছে অসমক প্ৰথমে প্ৰশাসনিকভাৱে বেঙ্গল প্ৰেছিডেন্সীৰ অন্তৰ্ভূক্ত কৰিছিল। ১৮৭৪ চনত অসমক অবিভক্ত বঙ্গৰ পৰা পৃথক কৰি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিঞ্চ কৰিছিল। কিন্তু ১৯০৫ চনত বঙ্গ বিভাজনৰ সময়ত পূৰ্ব-বঙ্গ (বাংলাদেশ)ৰ সৈতে অসমক সাঙুৰি এখন নতুন ৰাজ্য কৰিছিল। ১৯১১ চনত চিলঙক ৰাজধানী কৰি অসমক পুণৰাই সুকীয়া ৰাজ্য কৰা হৈছিল। চিলেট জিলাখন অসমৰ অন্তৰ্ভূক্ত কৰা হৈছিল। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত হোৱা গণভোটত চিলেটৰ ৫৬%ই পাকিস্তানত যোগ দিবলৈ বিচৰাৰ বিপৰীতে ৪৬%ই ভাৰতৰ সৈতে থকাৰ পোষকতা কৰিছিল। কিন্তু চিলেট জিলাৰ কৰিমগঞ্জ উপভাগটো মুছলমান সংখ্যাগৰিষ্ঠ হোৱা স্বত্ত্বেও স্থানীয় নেতৃত্বৰ জোৰত কৰিমগঞ্জ জিলা হিচাপে অসমৰ অংশ হৈ থাকি গৈছিল। উল্লেখযোগ্য যে কামাখ্যাৰ দৰে চিলেটত এখন নহয় দুখনকৈ দেবীৰ শক্তিপীঠৰ অৱস্থিতি। ১৩০৩ চনত ফকীৰ শ্বাহ জালালে অঞ্চলটোৰ বাসিন্দাক ইচলামলৈ ধৰ্মান্তৰ কৰিছিল। শঙ্কৰদেৱৰ সমসাময়িক শ্ৰী চৈতন্যৰ পূৰ্বপুৰুষৰ ঘৰো চিলেটত আছিল।

দেশ বিভাজনৰ সময়তো হিংসা হৈছিল। হিন্দু যদি নতুনকৈ গঠিত পূব পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰাণৰ মায়াত পলাইছিল, মুছলমান পলাইছিল বিপৰীত দিশে। বহু আশাৰ মাজেৰে ১৯৭২ চনত  বাংলাদেশৰ জন্ম হৈছিল। কিন্তু বিড়ম্বনা ভুপেন হাজৰিকাৰ কণ্ঠত মূৰ্ত হৈ উঠা “ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতা”ৰ সপোন বাস্তবায়িত হোৱা নাছিল। বাংলাদেশত হিন্দু আজিও বৈষম্যৰ বলি হৈ আছে। ঔপনিবেষিক শাসনৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকালৈ বৃটিছে পমুৱা আনিছিল। স্বাধীনতাৰ পিছতো বৈধ-অবৈধভাৱে আহিছিল। পমুৱাৰ প্ৰৱজনে অসমীয়াৰ বাবে সংকট কৰিছে, সেয়া আন এক আলোচনা। আজিৰ আলোচনাৰ কেন্দ্ৰ নৰসংহাৰৰ বলি শৰণাৰ্থীহে।

ৰাজনীতি আৰু দেশৰ সীমা সময়ে সময়ে সলনি হয়। ভুগোল ইমান সহজতে সলনি নহয়। সীমান্তত কাঁটাতাৰৰ বেৰ দিলেও প্ৰতিবেশী দেশ বা অঞ্চল সলনি নহয়। পৰিয়াল-আত্মীয়-স্বজনৰ সম্পৰ্ক সহজে চেদ নহয়। চৰাইৰ দৰে উৰি পাৰ হ’ব নোৱাৰিব পাৰে, কিন্তু মানুহৰ তাড়নাক সহজতে ৰোধ কৰা নাযায়। এয়া বিশ্বৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৰ পৰ্যবেক্ষণৰ সিদ্ধান্ত, মোৰ নিজা কথা নহয়। আমাৰ বুদ্ধিজীৱিৰ চিন্তাৰ পৰিধি ঠেক। এনে পৰিস্থিতিত নিজৰ ৰাজ্যৰ সীমান্তত সংঘটিত ইতিহাস-সংঘাত বা ভৌগলিক সত্য আতংকিত সৰ্বসাধাৰণৰ মনোজগতত প্ৰৱেশ নকৰাটো স্বাভাৱিক। আত্মাভিমান প্ৰসংশনীয়। কিন্তু সংবেদনশীল, মানৱদৰদী আত্মাভিমানেহে অসমীয়াক উজলাব আৰু সংকট কালত ৰক্ষা কৰিব। অসম আন্দোলনৰ তুঙ্গত ভুপেন হাজৰিকাই গাইছিল, “সমদলৰ প্ৰতিধ্বনি, আৱাল-বৃদ্ধ-বনিতাৰ, স্বনিৰাপত্তা লক্ষ্য, আৰু আনকো জীয়াই ৰখাৰ, সহস্ৰজনৰ সাহস দেখি, পৃথিবী কম্পমান।” আবেগ-অনুভুতিৰ প্ৰচণ্ড তীব্ৰতাত যেতিয়া যুক্ত-তৰ্ক গৌণ হৈ পৰিছিল তাৰ মাজতো “আনকো জীয়াই ৰখাৰ” কথা একে উশাহতে সোঁৱৰাই দিছিল। মানৱ দৰদী সেই শিল্পীৰ কোন আজি উত্তৰাধিকাৰী? শৰণাৰ্থীৰ প্ৰতি অনুকম্পাবিহীন, বাস্তৱ পৰিস্থিতিৰ প্ৰতি উদাসীন-এনে মনোভাব নগ্নভাবে প্ৰদৰ্শন কৰি আমি স্বনিৰাপত্তা নিশ্চিত কৰিব নোৱাৰোঁ। আমাৰ উচ্চবাচ্যত পৃথিবী কম্পমান নহয়। প্ৰস্তাৱিত নাগৰিকত্ব আইন সংশোধনী বিধায়কৰ ভিন্ন দফা সম্পৰ্কে নিজা নিজা দৃষ্টিকোণ লৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমৰ্থন বা বিৰোধীতা কৰাৰ দায়িত্ব-অধিকাৰ সকলোৰে আছে। অসমীয়াৰ আছে, বঙালীৰ আছে। বিশ্বসমাজত গ্ৰহণযোগ্য হোৱাকৈ নৰসংহাৰৰ বলি শৰণাৰ্থীসকলৰ অধিকাৰ স্থাপন হওঁক, আমাৰো নিৰাপত্তা নিশ্চিত হওক-এনে সংবেদনশীল চিন্তাৰ সামান্য আভাস দিবলৈ অপাৰগ বুদ্ধিজীৱিয়ে নাগৰিকত্ব আইন সংশোধনী ধৰ্মৰ আধাৰত কৰা হৈছে বাবে গ্ৰহণযোগ্য নহয় বুলি কৰা আস্ফালন এক প্ৰচণ্ড ভণ্ডামী। ইয়াত তেওঁলোকৰ ধৰ্মনিৰপেক্ষ মনৰ আভাস নাই, বৰং আছে চিন্তাৰ দৈন্য। নৰসংহাৰৰ বলি মানুহৰ ধৰ্ম কি, ভাষা কি? মোৰ স্বাভিমানী অসমীয়া মনটোৰ প্ৰশ্ন হৈছে। এইসকল দুৰ্ভগীয়াৰ গৰিষ্ঠসংখ্যকেই আজি ইহজগতত নাই। বৰাকৰ বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনো কোনো ঠাইত বসবাস কৰি থকা তেওঁলোকৰ সতি-সন্ততিক আজি কোনটো অধিকাৰৰ পৰা বঞ্চিত কৰা মানৱীয় কাৰ্য হ’ব, অসমীয়া সমাজে ঠাওৰ কৰিব লাগিব।

আহোম স্বৰ্গদেউসকলৰ প্ৰাচীন কামৰূপৰ হৃত গৌৰৱ উদ্ধাৰৰ স্বপ্ন আধৰুৱা হৈ থাকিল। আজি ভৌগলিকভাৱে পৰীসীমা বিস্তাৰৰ ধাৰণা সম্পূৰ্ণ অৱান্তৰ। সাম্প্ৰতিক অসমখন ধৰি ৰখাটোৱেই অসাধ্য হৈ উঠিব পাৰে। ইতিমধ্যে কোনো কোনো সংগঠনে ‘আইডেণ্টিটি পলিটিক্চ’ আৰম্ভ কৰি মধ্যযুগীয় অসমৰ আৰ্হিত নিজা নিজা ৰাজ্য গঠণৰ স্বপ্ন জাগ্ৰত কৰিছে। কিন্তু শঙ্কৰদেৱে আৰম্ভ কৰি থা যোৱা বৰ অসমীয়া জাতি গঠণ এটা নিৰন্তৰ প্ৰক্ৰিয়া। অসমীয়া বা বঙালীৰ মাজত থকা উগ্ৰ জাতীয়তাবাদীসকলৰ হঠকাৰীতা বা পৰিচয় হেৰাই যোৱাৰ আতংক সৃষ্টি কৰি কৰা ‘আইডেণ্টিটি পলিটিক্চে’ এই প্ৰক্ৰিয়া স্তিমিত কৰিব পাৰে। কিন্তু এয়া সাময়িক। আশা থকা উচিত যে অসমক মাতৃভূমি স্বীকাৰ কৰা প্ৰতিজনক লৈ বৰ অসমীয়া জাতি গঠণ হ’ব। আধূনিক জাতিৰ ভিত্তি কেৱল ভাষা, বৰ্ণ বা ধৰ্ম নহয়। বিশেষ বংশগতি কাৰক বহন কৰা বিশুদ্ধ তেজৰ সমষ্টি নহয়। আধুনিক জাতি হৈছে প্ৰতিজন বাসিন্দাৰ ভূমিখণ্ডৰ প্ৰতি সম্পূৰ্ণ সমৰ্পন, উমৈহতীয়া স্বপ্ন আৰু ৰাজহুৱা জীৱনৰ প্ৰতি তীব্ৰ কামনাৰ প্ৰতীক। কিন্তু আমাৰ দুৰ্ভাগ্য এই প্ৰক্ৰিয়া সাম্প্ৰতিক সময়ত ত্বৰান্বিত কৰিবলৈ আমাৰ বৌদ্ধিক নেতৃত্ব নাই। শঙ্কৰে আধ্যাত্মিকতা আৰু সংস্কৃতিক জাতি গঠণৰ আহিলা কৰি লৈছিল। অসমীয়া জাতি গঠণৰ নায়কসকলে সময়োপযোগী কি আহিলা লৈছে? হুঙ্কাৰ আৰু আস্ফালনৰ বাহিৰে। তথাপি শঙ্কৰে আৰম্ভ কৰা বৰ অসমীয়া জাতি গঠণ প্ৰক্ৰিয়া উজুতি খালেও অৱিৰাম চলি থাকিব। এই প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰাত অসমবাসী বঙ্গ সমাজৰ গুৰু দায়িত্ব আছে। তেওঁলোকৰ সমৰ্পন সম্পূৰ্ণ হ’ব লাগিব। অসমীয়া ৰাজহৱা জীৱনৰ মাত-কথাত তেওঁলোকৰ অংশগ্ৰহণ স্বতঃস্ফূৰ্ত হ’ব লাগিব। উগ্ৰ জাতীয়তাবাদীৰ হুঙ্কাৰত প্ৰৰোচিত হ’ব নালাগিব। এয়া সহজসাধ্য নহয়, এই কথা অৱশ্যে স্বীকাৰ কৰিব লাগিব।

Tuesday, July 10, 2018

লিপি বিতৰ্ক আৰু ইউনিক’ড কনৰ্ছটিয়াম

নিয়মীয়া বাৰ্তা, ১০ জুলাই, ২০১৮

আলফাই সাহিত্য সভাৰ কৰ্মকৰ্তাক ইউনিক’ড কনৰ্ছটিয়ামত অসমীয়া লিপিৰ ‘স্বতন্ত্ৰ’তা প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগত ধমক দিয়া বাতৰি অসমীয়া বাতৰিকাকতে প্ৰথম পৃষ্ঠাত বৰ বৰ হৰফেৰে ৰাইজক জনাইছে। লগতে অসম আৰু আমেৰিকাস্থিত দুগৰাকী অসমীয়া ‘ভাষা-বিজ্ঞানী’ক ইউনিক’ড কনৰ্ছটিয়ামৰ সৈতে তৰ্ক কৰিবলৈ লগত লৈ যাবলৈও মনোনীত কৰিছে। শ্ৰী নগেন শইকীয়া দেৱৰ দৈনিক জনমভূমিত এই সম্পৰ্কে লেখা এটাও চকুত পৰিছে। তেখেতে প্ৰশ্ন কৰিছে, সাহিত্য সভাই অসমীয়া লিপিক প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় গবেষণা-তথ্য-সমল লগত লৈ গৈছিলনে? কি এনে জাতীয় সংকট হৈছে, সমস্যাটো নো বাৰু প্ৰকৃততে কি? ইউনিক’ড কনৰ্ছটিয়ামৰ অসমীয়াৰ বিৰুদ্ধাচৰণ কৰাৰ কি কাৰণ থাকিব পাৰে? নে ছায়াতে ভূত দেখা, সকলোৱে আমাৰ বিৰুদ্ধে যড়যন্ত্ৰ কৰিছে এই ধৰণৰ এক আতঙ্কগ্ৰস্ততা আমাৰ জাতিগত বৈশিষ্ট হৈ পৰিছে?

অসমীয়া আৰু বঙালী দুটা স্বতন্ত্ৰ ভাষা এই সম্পৰ্কে কতো অকণো বিতৰ্ক নাই। ইউনিক’ড কনৰ্ছটিয়াম ভাষা লিপিক মৰ্যাদা বা স্বীকৃতি প্ৰদান কৰা অনুষ্ঠান নহয়। তেওঁলোকৰ কামৰ পৰিসৰ সীমিত। পৃথিবীত প্ৰচলিত ভাষাসমূহ লিখিবলৈ যিমানবোৰ লিপি (Script) আছে, সেই লিপিসমূহৰ অন্তৰ্গত প্ৰতিটো বৰ্ণক তেওঁলোকে একোটাকৈ ‘ডিজিটেল’ চিহ্ন (Code) দিছে, যাতে সহমতৰ আধাৰত সৰু-বৰ প্ৰতিটো ভাষা বিভিন্ন লিপিৰ অন্তৰ্গত বৰ্ণসমূহৰ মাজত বেমেজালি নোহোৱাকৈ ‘ডিজিটেল’ ক্ষেত্ৰ, যেনে— কম্পিউটাৰ বা ইণ্টাৰনেটত সুচল প্ৰয়োগ আৰু ব্যৱহাৰ কৰিব পৰা যায়। এই উদ্দেশ্য সাধনৰ বাবে এটা বিশেষ লিপিৰ নামটো কি, সেইটো কাৰিকৰীভাৱে গৌণ। কাৰণ নামটো মাথো এখন ‘লেবেল’। লিপি একোটাৰ অন্তৰ্গত বৰ্ণসমূহক নিৰ্দিষ্ট চিহ্নবোৰ দিয়া হয়। ইউনিক’ড কনৰ্ছটিয়ামৰ উদ্দেশ্যৰ বাবে বৰ্ণসমূহ লিপিৰ অন্তৰ্গত, ভাষাৰ নহয়। সমস্যাটো হৈছে প্ৰতিটো ভাষা স্বতন্ত্ৰ, কিন্তু প্ৰতিটো লিপি স্বতন্ত্ৰ নহ’বও পাৰে। বৰং উমৈহতীয়া হ’ব পাৰে। দুটা ভাষাৰ লিপি যদি একেই হয় বা একেটা লিপিৰেই যদি দুটা বা একাধিক ভাষা লিখা হয়, ইউনিক’ড কনৰ্চটিয়ামে এটা বৰ্ণৰ বাবে দুটা বা একাধিক চিহ্ন সৃষ্টি নকৰে। ‘ক’ বৰ্ণৰ কাৰণে এটাই চিহ্ন, অসমীয়া ‘ক’ বা বঙালী ‘ক’ বুলি দুটা চিহ্ন নিদিয়ে। কাৰণ এনে কৰাৰ কাৰিকৰী প্ৰয়োজনীয়তা নাই, বৰং অযথা বেমেজালি হোৱাৰ সম্ভাৱনা।

এনে এক পৰিস্থিতি কেৱল অসমীয়া বা বঙালী ভাষাৰ ক্ষেত্ৰতেই হোৱা নাই। উদাহৰণ স্বৰূপে ইংৰাজী ভাষা লিখা লিপিটো ৰোমান বা লেটিন লিপি। ইয়াৰ নাম ‘ইংৰাজী’ লিপি নহয়। ‘ইংৰাজী’ বুলি লিপি নাই। পশ্চিম ইউৰোপৰ প্ৰায়বোৰ আৰু আন বহু ভাষাইও ৰোমান লিপি ব্যৱহাৰ কৰে। ৰোমান লিপিৰ মূলতঃ ২৬টা বৰ্ণ ইংৰাজী ভাষাত ব্যৱহাৰ হয়। এই ২৬টা বৰ্ণৰ উপৰিও ৰোমান লিপিত অতিৰিক্ত বৰ্ণ আছে, যিবোৰ অন্য ভাষাত ব্যৱহাৰ হয়। ঠিক তেনেদৰে হিন্দী ভাষা লিখিবলৈ দেৱনাগৰী লিপি ব্যৱহাৰ হয়। হিন্দী বুলি সুকীয়া লিপি নাই। উত্তৰ আৰু পূৱ ভাৰতৰ আন বহুকেইটা ভাষা লিখিবলৈও দেৱনাগৰী লিপি ব্যৱহাৰ হয়। ইয়াৰ বিপৰীতে এনে একো একোটা ভাষাও আছে যিবোৰ লিখিবলৈ একাধিক লিপি ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে ভাৰতত পাঞ্জাৱী ভাষা লিখা হয় গুৰমূখী লিপিৰে, পাকিস্তানত শ্বাহমুখী লিপিৰে।

গুৰমূখী আৰু শ্বাহমুখী লিপি এটা ভাষা লিখিবলৈ ব্যৱহৃত হলেও স্বতন্ত্ৰ লিপি, সেয়ে ইউনিক’ড কনৰ্চটিয়ামে দুয়োটা লিপিৰ বৰ্ণসমূহক পৃথক চিহ্ন দিছে। কিন্তু ৰোমান লিপি ব্যৱহাৰ কৰা প্ৰতিটো ভাষাৰ বাবে যেনে ইংৰাজী, জাৰ্মান বা ফৰাচী ভাষাৰ বাবে একে কেইটা বৰ্ণকেই পৃথক পৃথক চিহ্ন দি কৃত্ৰিমভাৱে ইংৰাজী, জাৰ্মান বা ফৰাচী লিপি বুলি নামকৰণ কৰা নাই। ইংৰাজ, ফৰাচী আৰু জাৰ্মানসকলে প্ৰতিবাদ, দাবী, মান-অভিমান কৰা এই পৰ্যন্ত চকুত পৰা নাই।

পশ্চিম ইউৰোপৰ ভাষাসমূহে ব্যৱহাৰ কৰা উমৈহতীয়া লিপিটোৰ ৰোমান বা লেটিন লিপি বুলি সৰ্ব্বসন্মত এটা নাম আছে। আমাৰ বাবে সমস্যাটো হৈছে বঙালী, অসমীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে একেখন লিপি ব্যৱহাৰ কৰে, কিন্তু লিপিটোৰ এটা সৰ্বজনগৃহীত উমৈহতীয়া নাম নাই। স্বাভাৱিকতে অসমীয়াই ‘অসমীয়া’ লিপি, বঙালীয়ে ‘বঙালী’ লিপি বুলি কয়। আমাৰ পণ্ডিতসকলে ইমানদিনে লিপিটোক যদি কামৰূপী লিপি বা অসমীয়া লিপি বা সৰ্বজনগৃহীত আন এটা নামেৰে নামকৰণ বা প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন, তেনেহ’লে অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে বুলি ইমান উদগ্ৰীৱ হ’ব লগা নহ’লহেঁতেন। লণ্ডনলৈ মেটমৰা প্ৰমাণৰ বোজা লৈ যোৱাৰ প্ৰয়োজন নহ’লহেঁতেন।

ইউনিক’ড কনৰ্ছটিয়ামলৈ ভাৰত চৰকাৰে যেতিয়া ভাৰতীয় ভাষাসমূহ লিখা লিপি সমূহৰ নাম পঠিয়াইছিল, তেতিয়া আমাৰ এই লিপিটোৰ নাম ভুলে-শুদ্ধে বাংলা লিপি বুলি পঠিয়াইছিল, কিন্তু সঠিক বৰ্ণনা দিছিল যে সামান্য সালসলনি আৰু অতিৰিক্ত দুই-চাৰিটা বৰ্ণৰে অসমীয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাইও একেটা লিপি ব্যৱহাৰ কৰে। ভাৰতৰ একাধিক ৰাজ্য তথা বাংলাদেশকে ধৰি বিশ্বত ২১৫ নিযুত বঙালী ভাষাভাষী লোক আছে। বঙালী সংখ্যাৰ পৰা পৃথিবীৰ সপ্তমটো প্ৰধান ভাষা। বিপৰীতে অসমীয়া ভাষাভাষী লোকৰ সংখ্যা ১৫ নিযুতমান। ভাৰত চৰকাৰৰ বিষয়াৰ স্তৰত লিপিটোৰ নামটো বাংলা বুলি পঠিওৱাটো ভুল বুলি ক’ব পাৰি কিন্তু মই যড়যন্ত্ৰৰ গোন্ধ নাপাওঁ। এই লিপিটোৰ নাম ‘অসমীয়া’ বুলি কিয় কোৱা নহ’ল বা কনৰ্ছটিয়ামে অসমীয়াৰ বাবে স্বতন্ত্ৰ লিপি চিহ্ন কিয় প্ৰদান নকৰিলে বুলি অসমীয়াৰ স্বাভিমান জাগি উঠিব আনে পূৰ্বানুমান কৰা সহজ নহয়।

অসমীয়া আৰু বঙালী ভাষাৰ মূল একেটা, কিন্তু কালক্ৰমত স্বকীয় বৈশিষ্টৰে সমৃদ্ধ হৈ উঠিছিল। লিপিটোৰ মূলো একে। প্ৰায় সন্মতি আছে যে ব্ৰাহ্মী লিপিৰ পৰা গুপ্ত লিপি আৰু কালক্ৰমত কামৰূপী বা প্ৰাচীন অসমীয়া লিপি উদ্ভৱ হৈছিল। কামৰূপী লিপিৰ পৰাই আধুনিক অসমীয়া আৰু বঙলা ভাষাত ব্যৱহৃত লিপিখন উদ্ভৱ হৈছে। বিদ্যায়তনিক তথ্য-প্ৰমাণ কোনোৱে অগ্ৰাহ্য নকৰে।সচেতনসকলে নতুন প্ৰজন্মক অধিক গৱেষণা-অধ্যয়ন কৰি প্ৰাচীন কামৰুপৰ মৰ্যাদা আন্তৰ্জাতিক বিদ্যায়তনিক বা সাহিত্য-ইতিহাসৰ সৈতে জৰিত মঞ্চত প্ৰতিষ্ঠা কৰাৰ কামত উদগনি যোগাব পাৰে। কিন্তু ইতিহাস অধ্যয়ন কৰি গবেষণা বুজি লিপিৰ শুদ্ধ নামকৰণ বা স্বীকৃতি প্ৰদান কৰা ইউনিক’ড কনৰ্ছটিয়ামৰ কাম নহয়।

আমি যে ইমান স্বাভিমানী অলপতে ভেম লগা জাতি হৈ পৰিম, সকলোৰে মনোযোগ পাবলৈ সদা উদগ্ৰীৱ হৈ থাকিম, আৰু নাপালে ষড়যন্ত্ৰ হৈছে বুলি সন্ত্ৰস্ত হৈ উঠিম, আমাৰ পূৰ্বপুৰুষসকলে পূৰ্বানুমান কৰিব পৰা হলে নিশ্চয় অসমীয়া লিখা লিপিখন কেৱল ‘ৱ’ আৰু ‘ৰ’ উপৰি আন ধৰণেও স্বতন্ত্ৰ কৰি থৈ গ’লহেঁতেন। ‘ৱ’ আৰু ‘ৰ’ দুয়োটাকে ইউনিক’ড কনৰ্চটিয়ামে সুকীয়া চিহ্ন দিছে, ষড়যন্ত্ৰ কৰি নিদিয়াকৈ থকা নাই।

কম্পিউটাৰ বা ইণ্টাৰনেটত শুদ্ধ অসমীয়া লিখিবলৈ আজি মোৰ কোনো বাধা নাই। সৃষ্টি কৰিবলৈ মোৰ প্ৰতিভা নাই, কিন্তু বঙালী বা ইউনিক’ড কনৰ্ছটিয়ামক দোষাৰোপ কৰিবলৈ মোৰ উপায় নাই। ভাষাটোক ‘ডিজিটেল’ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ইউনিক’ড কনৰ্চটিয়ামে লগা কাৰিকৰী সমলখিনি মোক দিছে। আজি পৃথিবীৰ প্ৰতিটো ভাষাই আনুষ্ঠানিকভাৱে স্বীকৃত। ভাষা বা লিপিক স্বীকৃতি দিয়া বা নিদিয়া ইউনিক’ড কনৰ্ছটিয়ামৰ বিষয়বস্তু বা অধিকাৰৰ অন্তৰ্গত নহয়। প্ৰতিটো লিপিৰ প্ৰতিটো বৰ্ণক একোটাকৈ চিহ্ন প্ৰদান কৰাই হৈছে ইউনিক’ড কনৰ্ছটিয়ামৰ একমাত্ৰ কাম আৰু অধিকাৰ। কনৰ্ছটিয়ামৰ বাবে লিপিটো ‘বাংলা’, ‘অসমীয়া’, ‘মণিপুৰী’ অথবা ‘বাংলা-অসমীয়া’, ‘অসমীয়া-বাংলা’ নে ‘বাংলা-অসমীয়া-মণিপুৰী’ অবান্তৰ, কাৰণ নামটো এখন চিনাক্ত কৰা লেবেল। কিন্তু আলোচনা-বিলোচনাৰ মাজেৰে সৰ্বসন্মত যুক্তি-যুক্ত নামকৰণ বাঞ্ছনীয়, যিটো ইউনিক’ড কনৰ্চটিয়ামে আনে বা সাহিত্য সভাই উনুকিয়াই দিয়াত অথবা নিজাববীয়াকৈ কৰিছে। ‘বাংলা’ৰ পৰিবৰ্তে ‘বাংলা-অসমীয়া’ কৰিছে। দৰাচলতে ‘কামৰুপী’ লিপি বুলি কলে অধিক শুদ্ধ বা সৰ্বজন গ্ৰাহ্য হ’ব নেকি সেয়া বিদ্যায়তনিক ক্ষেত্ৰত আলোচনা হ’ব পাৰে।

কিন্তু লিপিটোৰ নামটো লৈয়েই নহয়, স্বতন্ত্ৰ চিহ্ন দিয়া-নিদিয়াক লৈও যিসকল স্বাভিমানী অসমীয়াৰ অসন্তুস্তি আছে, তেওঁলোকে আলফা মনোনীত বা আন বিশেষজ্ঞ ভাষাবিদক লণ্ডন-নিউয়ৰ্কলৈ তৰ্ক-যুদ্ধ কৰিবলৈ পঠিওৱাত উদ্যোগ লওক। কাৰণ বিজ্ঞ লোকেহে একেখন লিপিক অতিৰিক্ত দুটা বৰ্ণ থকা বাবে পৃথক চিহ্ন দি কিয় স্বতন্ত্ৰ লিপি বুলি স্বীকৃতি দিব লাগে সেয়া প্ৰতিপন্ন কৰিব পাৰিব। একে কেইটা বৰ্ণকেই সুকীয়াকৈ একোটা চিহ্ন দিলে স্বতন্ত্ৰতা প্ৰতিপন্ন হ’ব, আমাৰ স্বাভিমানী সত্তাটো সন্তুষ্ট হ’ব লাগিব, এনে কৰাৰ বাধ্যবাধকতা আছে, এই কথা বুজাবলৈ অতিৰিক্ত মেধাৰ প্ৰয়োজন হ’ব। কিন্তু সাহিত্য সভা সাৱধান হ’ব লাগিব। সভাই ৰাইজৰ পৰা তোলা বৰঙণি ভাষাটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় সৃষ্টিশীল কামতহে ব্যৱহাৰ কৰক।

আজি আমাৰ বাতৰি কাকত বা আলোচনী বোৰৰ ইউনিক’ডৰ ব্যৱহাৰেৰে ইণ্টাৰনেট সংষ্কৰণ কৰাত কোনে বাধা দিছে? স্বতন্ত্ৰ লিপিৰ মৰ্যাদা নোপোৱালৈ নকৰো বুলি বহি থকাৰ প্ৰয়োজন নাই।

আমাৰ ভাষাপ্ৰেমীসকলে বাংলাতকৈ অসমীয়াক ইণ্টাৰনেটত অধিক সমৃদ্ধ কৰি তোলাত কি বাধা আছে? আজিও চালুকীয়া হৈ থকা ৱিকিপেডিয়াৰ অসমীয়া সংস্কৰণটো লগে-ভাগে সমৃদ্ধ কৰি তোলাতেই বা বাধা কি? কেইজন ভাষাপ্ৰেমী স্বয়ংসেৱক ৱিকিপেডিয়াৰ অসমীয়া সংস্কৰণটো সমৃদ্ধ কৰাত ব্ৰতী হৈ আছে? ৱিকিপেডিয়াই ষড়যন্ত্ৰ কৰি বিশ্বকোষৰ বিশ্বমঞ্চৰ পৰা আমাক বাধা দি আঁতৰাই ৰখা নাই।

এখন অসমীয়া ডিজিটেল অভিধান কৰি লোৱাত কোনে বাধা দিছে, যাতে কম্পিউটাৰত লিখোঁতে ভুল হোৱা বানানকেইটাৰ শুদ্ধ ৰূপটো ওলায়? চালুকীয়া প্ৰচেষ্টা অৱশ্যে হৈছে, কিন্তু পূৰ্ণাংগ হোৱা নাই। এই লিখনিটো ইউনিক’ডত লিখি থাকোঁতে ভুল বানানকেইটা শুদ্ধ কৰি লোৱাত মাইক্ৰ’ছফ্টৰ ছফ্টৱেৰটোৰ পৰা সম্পূৰ্ণ সহায় পোৱা নাই। তেনেধৰণে অসমৰ বিশ্ববিদ্যালয়সমূহকেই বা বৰ্ণমালাখনৰ Optical Character Recognition বা আন ভাষালৈ বা আন ভাষাৰ পৰা স্বয়ংক্ৰিয় অনুবাদ কৰা বা শ্ৰুতলিপি দিলে স্বয়ংক্ৰিয়ভাৱে লিখা যোৱা ইত্যাদি সঁজুলি উলিয়াবলৈ গৱেষণা কৰিবলৈ কোনো বাধা দিছে? লিপিৰ নামকৰণ বাধাৰ কাৰণ হৈ পৰিছে নেকি?

বিপৰীতে বহু ভাষাপ্ৰেমীয়ে লিপিটোকে জলাঞ্জলি দিছে, ৰোমান লিপিতহে অসমীয়া লিখা কৰিছে। ৰোমান লিপিত অসমীয়া লিখি দাবী-ধমক, দেশপ্ৰেম দেখুৱাই আছে।

নামটোৰ যুক্তি-যুক্ত সালসলনিত সন্তুষ্ট নহৈ কেনেবাকৈ আলফাই যদি অসম্ভৱকো সম্ভৱ কৰি অসমীয়া ভাষাৰ বাবে সুকীয়াকৈ লিপিচিহ্ন আদায় কৰি আনি ‘স্বতন্ত্ৰতা’ প্ৰতিষ্ঠাও কৰে, তেনেহ’লে আন এক বিপৰ্যয় হ’ব। আজি অসমীয়া লিখিবলৈ Key Board সঁজুলিৰ অভাব নাই। উপলব্ধ প্ৰতিখন সঁজুলিতেই ‘ৱ’ আৰু ‘ৰ’ আছে। নতুন অসমীয়া লিপিচিহ্ন হ’লে বৰ্তমানৰ এই এই সঁজুলিবোৰৰ পৰা ‘ৱ’ আৰু ‘ৰ’ নোহোৱা হব, কাৰণ বঙালীত প্ৰয়োজন নাথাকিব। বাংলা ’ক’ আৰু অসমীয়া ’ক’ দেখাত একেই থাকিব, কিন্তু দুটা পৃথক চিহ্নৰে চিনাক্ত বৰ্ণ হ’ব বাবে অসমীয়া লিখিবলৈ নতুন সঁজুলি লাগিব। কোনে আমাক নতুন সঁজুলি কৰি দিব? আলফা মনোনীত আমেৰিকাস্থিত অসমীয়া বিশেষজ্ঞই? এখন কৰিলেই যেনিবা, কেনেকৈ প্ৰসাৰ কৰিব? লিখিবলৈ সঁজুলি বিচাৰি হাবাথুৰি খাব লাগিব আৰু ‘ৱ’ আৰু ‘ৰ’ বিহীন বাংলা সঁজুলিবোৰেই গতি হ’ব। ২১৫-২৩০ নিযুত বঙলা-অসমীয়া ইউনিক’ড ব্যৱহাৰকাৰীৰ বিপৰীতে ১৫ নিযুত অসমীয়া ইউনিক’ড ব্যৱহাৰকাৰীৰ বাবে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে নতুন প্ৰয়োজনীয় সঁজুলি তৈয়াৰ কৰিবলৈ আগবাঢ়ি নাহিব। এই ভয় সদ্যহতে অমূলক, হঠকাৰিতাৰ পৰিণাম বুজাবলৈ উল্লেখ কৰিলোঁ।

সোপাধৰাৰ বাতৰি প্ৰচাৰ যদি বেঙুনীয়া চিয়াঁহীৰে লিখা, সৰল মানুহক প্ৰতিটো কথাতে জাতীয় সংকট হোৱা বা যড়যন্ত্ৰৰ বলি হোৱা বুলি আতঙ্কগ্ৰস্ত কৰাটো ৰঙা চিয়াঁহীৰে লিখা। একেখন বৰ্ণালীৰেই দুটা প্ৰান্তীয় ৰঙ। আজি সাহসী আত্মপ্ৰত্যয় থকা অসমীয়াইহে জাতিক আগুৱাই নিব। অসম ভূমিখণ্ডত বাস কৰা সকলো জাতি-উপজাতিক লৈ এটা আধুনিক মহাজাতি গঢ়িব।

(হোৱাইটছএপত অহা এটা বিশেষ বাৰ্তাৰ পৰা যুক্তি আৰু তথ্যৰ কিয়দংশ লোৱা হৈছে, কিন্তু মূল প্ৰেৰকৰ নাম নিশ্চিত নোহোৱাত স্বীকৃতি দিব নোৱাৰিলোঁ।)

Saturday, April 14, 2018

চিন্তাৰ বৰদৈচিলা

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিল, ২০১৮

ভূপেন হাজৰিকাদেৱৰ গীতেৰে আমাৰ শৈশৱ, যৌৱন সংপৃক্ত৷ আশীৰ দশকত হাজৰিকাদেৱৰ বিহুতলীৰ নতুন গীতে শৰীৰ আৰু প্ৰাণত শিহৰণ তুলিছিল৷ মনত আছে গান শুনিবলৈ চানমাৰী, লতাশিল আৰু ভৰলুমুখ গুৱাহাটীৰ এখনৰ পৰা আনখন বিহুতলীলৈ কেনেদৰে উধাতু খাই ফুৰিছিলোঁ৷ ১৯৯৪ চনতেই মই অধ্যয়নৰ বাবে ইংলেণ্ডলৈ ৰাওনা হৈছিলোঁ৷ ১৯৯৬ চনত কেই মাহ মানৰ কাৰণে গুৱাহাটীলৈ ঘূৰি আহিছিলোঁ৷ তাৰ পিছত ১৯৯৭ ৰ পৰাই মই প্ৰবাসত, বিশ বছৰ অতিক্ৰম হ’ল৷ যোৱা দুটা দশক গুৱাহাটীৰ মঞ্চ বিহুৰ মাদকতা-সোৱাদ নিয়মীয়াকৈ ল’ব পৰা নাই৷ বিহুৰ সময়ত প্ৰবাসী মনৰ ব্যাকুলতা জাগি উঠে৷ ভূপেন হাজৰিকাদেৱৰ গীতৰ মৰ্ম অনুধাৱন কৰি মন অধিক ব্যাকুল হৈ পৰে৷

‘বহাগ মাথোঁঁ এটি ঋতু নহয়’, ‘গণ জীৱনৰ ই সাহ’৷ ‘বহাগ এটি নৱ নৱ চিন্তাৰ সাঁচিপাত পুথিৰে পাত’৷

পিছে ক’ত হৈছে নৱ নৱ চিন্তাৰ উন্মেষ? ‘সূৰ্য্যৰ জ্যোতিত’ কোনখন ‘সৃষ্টি দলিল’ এন্ধাৰৰ ত্ৰাস হৈ উজলি উঠিছে? অথবা আমি ‘মলিয়ন বস্ত্ৰ সলাইছোঁ’? বৰদৈচিলাই চোন ‘সংগ্ৰামী জীৱনত ৰণ প্ৰেৰণা নিদিয়ে’, নোফৰাই ‘দুখৰ নাগপাশ’৷

তথাপিও ‘বহাগ গণ জীৱনৰ সাহ’, ‘জাতিৰ আয়ুস ৰেখা’৷ কুলিৰ মাতত নৱ প্ৰজন্মৰ মাজত নৱ চিন্তাৰ উন্মেষ হ’ব৷ ই দুৰাশা নহয়৷ জাতি কুল নেওচি সমদল গতি আৰম্ভ হ’ব, প্ৰভেদক নাশ কৰিব৷

কিন্তু প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিব লাগিব৷ জাতি এটি বোৱঁতী সুঁতি৷ জাতিৰ সত্তা ক’ত থাকিব যদি জাতি গঠন প্ৰক্ৰিয়াটোকে অশ্মীভূত কৰি পেলোৱা হয়৷ খিলঞ্জীয়া, ভূমিপুত্ৰ আৱেগ-অনুভূতিৰে সংপৃক্ত শব্দ৷ খিলঞ্জীয়া, ভূমিপুত্ৰৰ লুইতখন নতুন নতুন সুঁতিৰে নতুন যুগৰ বৰলুইত হ’ব লাগিব৷ বিশাল আৰু সুগভীৰ হ’ব লাগিব৷ যিদৰে বিশ্বৰ প্ৰতিটো উন্নত জাতিয়ে প্ৰতিভাক আঁকোৱালি লৈছে, নিজৰ কৰি লৈছে৷ যিদৰে বহু অসমীয়াও বিশ্বৰ আন আন সমাজত জীন গৈছে৷ তেজ বা বিজ্ঞানৰ ভাষাত ‘জিন’ত পাৰ্থক্য তেনেই কম, নথকাৰেই নামান্তৰ৷ বাতাবৰণহে জাতি গঢ়ে, যিদৰে বাতাবৰণে ব্যক্তি গঢ়ে৷

জাতি নিৰ্জন দ্বীপ নহয়৷ বহিৰ্জগতখনৰ পৰা বিচিন্ন সীমিত চিন্তাৰ পৰিধিত সমস্যা সমাধানৰ বীজ নাথাকে৷ ঢাল-তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰৰ কুচকাৱাজত ৰণ প্ৰেৰণাও নাই৷ প্ৰাচীন কামৰূপৰ সীমা দক্ষিণে বংগোপসাগৰলৈ বিস্তৃত আছিল৷ পশ্চিমে কৰতোৱা নদীলৈ৷ ক’ত এই কৰতোৱা নদী? আজিৰ বাংলাদেশৰ অন্তৰ্গত এটা সুঁতি৷ এসময়ত কৰতোৱা পবিত্ৰ গণ্য হৈছিল, মহাভাৰত প্ৰসিদ্ধ আছিল৷ মহাভাৰতত উল্লেখ আছে তিনিদিন উপবাস কৰি কৰতোৱাত স্নান কৰিলে অশ্বমেধ যজ্ঞ কৰাৰ সমান ফল পোৱা যায়৷ আজি অসম ৰাজ্যৰ পশ্চিম সীমা শ্ৰী ৰামপুৰ৷ তাৰমানে কি আমাৰ চেতনাৰ সীমা শ্ৰী ৰামপুৰতে সীমাবদ্ধ হৈ থাকিব লাগিব? এই মানসিক পক্ষাঘাতগ্ৰস্ততাৰ কাৰণ কি? আজি অসমীয়াক মনস্তাত্বিকভাৱে প্ৰায় অৱশ কৰি পেলোৱা ‘অস্তিত্বৰ সংকট’ৰ যি অনুভূতি, ইয়াৰ মোচন নৱ চিন্তা-চেতনাৰ বৰদৈচিলাইহে আনিব৷ কেৱল সংখ্যাৰ জোৰত পৃথিবীৰ কোনো জাতি সত্তা টিকি থাকিব পৰা নাই৷ সংখ্যাৰ জোৰ থাকিলে ভাল কথা৷ নাথাকিলে কি অদৃষ্টক ধীয়াই হাত সাবটি বহি থাকিব লাগিব? বতাহত ঢাল-তৰোৱাল ঘূৰাই থাকিলেই হ’ব?

খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত দক্ষিণ ভাৰতৰ ৰাজবংশই মহাসাগৰৰ বাধা নেওচি দক্ষিণ-পূব এচিয়াত সাম্ৰাজ্য স্থাপন কৰিছিল, ভাৰতীয় সংস্কৃতি বিয়পাইছিল৷ প্ৰাচীন অসমৰ ৰজাই কৰতোৱা-বঙ্গোপ সাগৰ পৰ্যন্ত ৰাজ্য বিস্তাৰ কৰিছিল৷

পুৰাণ-মহাভাৰত প্ৰসিদ্ধ প্ৰাগঐতৈহাসিক নৰকাসুৰ-বান-ভগদত্তৰ শৌৰ্য-বীৰ্যৰ কথা নকলোঁৱেইবা৷ কামৰূপৰ শাসক ঐতিহাসিক কুমাৰ ভাস্কৰবৰ্মন ভাৰত প্ৰসিদ্ধ হৈছিল, ‘ভাস্কৰাব্দ’ বৰ্ষপঞ্জী সূচনা কৰিছিল৷ আজি প্ৰথম বহাগ, ১৪২৫ ভাস্কৰাব্দ৷ বহাগতেই খিলঞ্জীয়া, ভূমিপুত্ৰৰ চেতনাৰ অশ্বমেধৰ ঘোৰা জাগিব লাগিব৷ কৰ্মক্ষেত্ৰৰ পৰিধি বিস্তাৰ, ধ্যান-ধাৰণা, বিদ্যা-বুদ্ধি, দক্ষতা-অভিজ্ঞতা আহৰণৰ অভিযানৰে অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগতেই লিখিব লাগিব৷ আজি অসমীয়াৰ চেতনা আৰু কৰ্মই কৰতোৱা পাৰ হৈ পৰিধি বিস্তাৰ কৰিব লাগিব৷ মহাসাগৰমুখী হ’ব লাগিব৷বিহু নিবন্ধত ‘জাতি ৰক্ষা’ৰ আঁচনি ৰচনা নহয়৷ জাতি ৰক্ষা কৰিব লাগিব বা গুৰু দায়িত্ব আহি পৰিছে, ইও হয় ভীতিগ্ৰস্ত, নহয় ভ্ৰমগ্ৰস্ত ধাৰণা৷ জাতিৰ ৰূপ সলনি হৈ থাকিব, একা-বেঁকা, খলা-বমা পথেৰে সামাজিক বিৱৰ্তন হৈ থাকিব৷ এই গতি অনিবাৰ্য্য৷ ৰোধ কৰা দুঃসাধ্য৷ কিন্তু সাধ্যৰ ভিতৰত আছে সৰপালি আৰু পৰনিৰ্ভৰশীলতা আৰু আনক কৰি থকা সমালোচনা ত্যাগ কৰি নৱ চিন্তাৰ সাঁচিপাত পুথি ৰচি কৰ্মক সাৰোগত কৰি জীৱন আকাশ উজলোৱাৰ নিৰালস্য প্ৰচেষ্টা কৰা৷ সঁচাকৈ বহাগক ‘এখনি সৃষ্টি দলিল’ কৰি সজাই তোলা অহোপুৰুষাৰ্থ কৰা৷

মন্ত্ৰী-বিধায়কক সমালোচনাত এচাম পটু হৈ উঠিছে৷ এইসকলৰ যোগ্যতাত সন্দেহ নাই, সেয়ে তেওঁলোকৰ হাতত এই ‘গুৰু দায়িত্ব’ অৰ্পণ কৰি আমিবিলাক নিশ্চিন্তে থাকিব পাৰোঁ৷ পৰিবৰ্তে আমিবিলাকে এক সমান্তৰাল সামাজিক নেতৃত্ব গঢ়াৰ কামত মনোনিবেশ কৰিব পাৰোঁ৷ পৰিবেশ ৰচনা কৰাত উদ্যোগী হ’ব পাৰোঁ৷ এই কথা সত্য যে কেৱল মনোবাঞ্ছা বা ঘোষণা পত্ৰৰ দ্বাৰা পৰিবেশ ৰচনা নহয়৷ দশক যোৰা সাধনা-উদ্যোগ-পৰিকল্পনা লাগে৷ কিন্তু সাত সাবটি বহি নাথাকি উদ্যোগ আমি নিশ্চয় বহাগতে আৰম্ভ কৰিব পাৰোঁ৷

‘বহাগ মাথোঁঁ বিহুতলী নহয়..’, বিহুৰ ৰাজহুৱা উদ্যমক আমি সামাজিক নেতৃত্ব গঢ়া মঞ্চ কৰি গঢ়ি তুলিব পাৰোঁ৷ শিক্ষা, স্বাস্থ্য, ব্যৱসায়-উদ্যোগ, কলা-শিল্প, ক্ৰীড়া আনকি জন সংগ্ৰামৰ প্ৰতিটো খণ্ডতে নেতৃত্ব আৰু সেনানী গঢ়াৰ প্ৰবল ইচ্ছাৰে ভূপেন হাজৰিকাই কোৱাৰ দৰে ‘এন্ধাৰৰ ত্ৰাস’ কৰিবলৈ উদ্যোগ ল’ব পাৰোঁ৷ ৰাজনৈতিক হাই-উৰুমি এচামে কৰি থাকক, কিন্তু উদ্যম-সৃষ্টিশীলতাৰ এক ফল্গু ধাৰা বহাগতে বোৱাবলৈ এচামে পণ ল’ব লাগিব৷ অন্যথা যে মহাপ্ৰলয় হ’ব এনে নহয়—বিৱৰ্তন হৈ থাকিব, আমি সৃষ্টিশীল কেৱল এই উপলব্ধিহে নাথাকিব৷

Friday, March 23, 2018

নিৰপেক্ষতা, ভাবাদৰ্শ, ঈশোপনিষদ্ আৰু ‘ক’ব্ৰা ইফেক্ট’

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ ২০১৭

নিৰপেক্ষতাৰ পৰা ‘ক’ব্ৰা ইফেক্ট’! উকমুকাই আছিল, যথাসাধ্য সমন্বয় কৰি লিখিছোঁ।

নিৰপেক্ষতা দুৰুহেই নহয়, অসম্ভৱ। বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা কৰোঁতে প্ৰণালীৱদ্ধভাৱে সাৱধানতা লয়, যাতে পক্ষপাতদুষ্টতাই পৰীক্ষা-নিৰীক্ষাৰ ফলাফল-সিদ্ধান্তত বিকৃতি নঘটায়। বিজ্ঞানীৰ পিছত সম্ভৱতঃ সাংবাদিকসকলৰ বাবে নিৰপেক্ষতা বৃত্তিগতভাৱে অতি প্ৰয়োজনীয়। পক্ষপাতদুষ্টতাই সংবাদ পৰিবেশন বিকৃত কৰে। নিৰপেক্ষতা অৱলম্বন কৰিছেনে নাই বুদ্ধিমান পাঠকৰ বাবে বুজি পোৱা সহজ। কিন্তু বহুজনক ভুল পৰে পৰিচালিত কৰে। প্ৰাসংগিক দৃষ্টিকোণ, তথ্য বা সংশ্লিষ্ট পক্ষৰ মতামত বস্তুনিষ্ঠ আৰু প্ৰণালীৱদ্ধভাৱে উত্থাপন কৰি নিজৰ মতামত দিয়াত নিশ্চয় বাধা নাই। বিজ্ঞানীৰ দৰে নিৰপেক্ষতাৰো প্ৰয়োজন নাই। কিন্তু সাংবাদিকে মতামত কলম লিখিলে সাৱধানতা অৱলম্বন ধৰ্ম পালনৰ দৰে দায়বদ্ধতা আমাৰ দৰে কলম লিখা অসাংবাদিকসকলৰ মতামতৰ ভিত্তি সাধাৰণতে ব্যক্তিগত অভিজ্ঞতা। পক্ষপাতদুষ্টতাৰ সম্ভাৱনা বেছি।


Google Play Bookত eBook হিচাপে উপলব্ধ

ৰাজনীতিত জৰিত সকল কিমান অদক্ষ, অধঃপতিত! দিনে নিশাই সকীয়াই দি থাকিবলৈ বহু আছে। কিন্তু ভাৰতত সম্ভৱতঃ চিকিৎসা বৃত্তিটোৱেই হৈছে আটাইতকৈ দিশ বিহীন। অনৈতিক কাৰ্যকলাপ সম্বন্ধে বৃত্তিটোৰ মাজত আত্মসমালোচনা বা পৰ্যালোচনাৰ কোনো আগ্ৰহ দেখা নাযায়। চিকিৎসা বৃত্তি সম্বন্ধে এই মতামত তথ্যভিত্তিক, ভুক্তভোগীৰ নিজা অভিজ্ঞতাও আছে। সাংবাদিকৰ বাবে নিৰপেক্ষতা অৱলম্বন বা চিকিৎসকৰ বাবে হিপোক্ৰেটিছৰ শপত পালন দুৰূহ কাৰ্য নহয়। বৰং বৃত্তিগতভাৱে অৱশ্যপালনীয়। চিকিৎসক, অধ্যাপক, বিষয়া-কৰ্মচাৰী, ন্যায়াধীশ বা উকীলৰ বৃত্তিগত বিধি আছে, বিধি ভ্ৰষ্ট হোৱাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নীতি-নিৰ্দেশনা আছে। তেনেদৰে মন্ত্ৰী-বিধায়কৰ কাৰণেও সংবিধান-ৰক্ষাৰ শপত পালন দুৰূহ নহয়। কিন্তু আইন-কানুন আৰু দলীয় নীতি-নিয়মৰ বাহিৰে ৰাজনৈতিক কৰ্মী-নেতাৰ বাবে আন কি বিধি আছে? নিজৰ দলটোক শাসনত অধিষ্ঠিত কৰোৱাটোৱে তেওঁলোকৰ লক্ষ্য। নেতা-মন্ত্ৰী-বিধায়কসকলৰ সৈতে তেওঁলোক জনতাৰ ন্যায়ালয়ত প্ৰতি পাঁচ বছৰে বিচাৰৰ সন্মুখীন হয়। প্ৰতিশ্ৰুতি দি ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা-নোহোৱাৰ পৰিণামৰ সন্মুখীন হয়। এনে প্ৰত্যাহ্বান আন বৃত্তিৰ নাই। অন্ততঃ সাংবাদিক বা অৱসৰপ্ৰাপ্ত বিয়াগোম পুলিচ বা আই এ এছ বিষয়া আৰু অধ্যাপকৰ নাই। এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰি ক্ষমতা ধৰি ৰখা বা দখল কৰা এই বিবেচনাই ৰাজনীতিকৰ কাৰ্যকলাপ প্ৰভাবিত কৰে। ভোটদাতাৰ সৈতেই নহয়, বিভিন্ন সক্ৰিয়তাবাদী, অনুষ্ঠান, প্ৰতিষ্ঠান, সংঘ, গোটৰ সৈতে তেওঁলোকৰ এক জটিল পাৰস্পৰিক সম্পৰ্কৰ বন্ধন থাকে। ৰাজনীতি এনে জটিল প্ৰণালী যে নেতা-কৰ্মীৰ কাৰ্যকলাপ প্ৰভাৱিত কৰা কাৰকসমূহ সতকাই ধৰা পেলোৱাটো সহজ নহয়। প্ৰবীন সাংবাদিকৰ কাৰণেও সহজ নহয়। প্ৰভাৱিত কৰাটোৱেই যদি সমালোচনাৰ লক্ষ্য, ৰাজনীতিবিদে কৰ্ণপাত কৰিব যদিহে সমালোচনা ক্ষমতা আহৰণ বা ৰক্ষাৰ সহায়ক হয়। প্ৰতিশ্ৰুতি সোঁৱৰাই দিবই লাগিব, কিন্তু ‘দেৱালৰ লিখনি’ বুলি কোৱাৰ অৰ্থ নাই। ৰাইজকো শিক্ষিত বা সচেতন বা হিতাহিত চিন্তা কৰিবলৈ উদাত্ত আহ্বান দিও সাংবাদিক, সচেতনলোকে লিখে। পিছে কলমৰ খোঁচাত এই লক্ষ্য সাধন নহয়। জ্ঞান-শিক্ষাৰ প্ৰসাৰ এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। আৰামী চকীৰ পৰা উঠি আহি নিৰলস প্ৰচেষ্টা কৰিব লাগিব।

তদুপৰি ৰাইজকেই বা অপৰিপক্ক বুলি কেনেকৈ ধৰি লোৱা যায়। ৰাইজৰ মহিমা! কাক ভোট দিব নিশ্চয়কৈ অভিজ্ঞতা, লাভালাভ, উচিত-অনুচিত, ভাৱাদৰ্শ, জাতি-গোষ্ঠী-সম্প্ৰদায়, নেতাৰ সৈতে সম্পৰ্ক ইত্যাদি হেজাৰটা বিচাৰ-বিবেচনাৰেই দিয়ে। বিশ্বক হাবুডুবু খুওৱা ড’নাল্ড ট্ৰাম্পে ৰিয়েলিটী টিভিৰ দৰে দেশ চলাইছে। ইটালী সদ্য সম্পন্ন নিৰ্বাচনত ফেচিষ্ট ভাবাপন্ন দলে ভাল ফল দেখুৱাইছে। এয়া গণতন্ত্ৰ। চাৰিটা বা পাঁচোটা বছৰৰ কথা, অতিষ্ঠ হলে ৰাইজে আঁতৰাই পেলাব। ৰাইজৰ কথা। কিন্তু জালত নপৰাৰ সম্ভাৱনা আৰু চাকৰিটোৰ নিৰাপত্তা, এই দুটা অঙ্ক কৰি চাকৰিয়ালসকলে বিধি, নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ৰাইজক জলা-কলা কৰিছে। মূলতঃ উচ্চপদস্থ বিষয়া আৰু সাধাৰণ কৰ্মচাৰীৰ সহায়তেই আজি ভাৰতত বেঙ্ক পৰ্যন্ত লুণ্ঠন হৈছে।

‘লাগে, লাগে আৰু লাগে’, আজি এই বাসনাৰ সৰ্বগ্ৰাসী ৰূপ! কোনজনে অতিৰিক্ত সম্পদ বিলাই দিছে নতুবা অধিক আহৰণৰ চেষ্টা কৰা নাই? সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰ বা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহ বা প্ৰধানমন্ত্ৰী মোদীৰ দৰে ব্যক্তিগত সম্পদ নথকা ৰাজনীতিবিদ আঙুলিৰ মূৰত লিখিব পৰা। দুই চাৰিটা উদাহৰণ আন ক্ষেত্ৰতো ওলাব। অলপতে মোৰ জনাশুনা সতি-সন্ততিহীন এক দম্পতী অগা-পিছাকৈ স্বৰ্গগামী হোৱাত বহু কোটি টকীয়া সম্পত্তি আত্মীয়-স্বজনে উত্তৰাধিকাৰ সূত্ৰে ভগাই ল’লে। আইন মতেই ল’লে। দম্পতীহালৰ সোঁৱৰণীত এক সামাজিক কামত এই সম্পত্তি আগবাঢ়াই দিয়া হ’লে কেনে সুন্দৰ অনুকৰণীয় কাৰ্য হ’লহেঁতেন−এখন স্কুল বা এটা বৃদ্ধ আবাসগৃহ। ইচ্ছাপত্ৰ কৰি যোৱা নাছিল ঠিকেই, কিন্তু দম্পতীহালৰ আত্মাই এনে হোৱা হ’লে হয়তো সন্তোষ পালেহেঁতেন। এটা কি দুটা পৰিয়ালৰ বাহিৰে প্ৰতিটো পৰিয়াল সচ্ছল মধ্যবিত্ত। উত্তৰাধিকাৰ সাব্যস্ত কৰি বা উত্তৰাধিকাৰ সূত্ৰে আহিছে বুলি সম্পত্তি ভগাই লোৱাৰ বিশেষ প্ৰয়োজন নাছিল। দৈৱ ধন আহিছে, মই নল’লে বেলেগে হে ল’ব, অযুক্তিকৰো নহয়। মূল্যবোধ, জীৱন-দৰ্শন, প্ৰণোদনা প্ৰতিজনৰে পৃথক। কিমানখিনি সম্পদ পৰ্যাপ্ত সেই বিবেচনা ৰহিত এক সামাজিক বাতাৱৰণত আমি প্ৰায় সকলো ক্লেদাক্ত। অথচ ঈশোপনিষদৰ প্ৰথমটো স্তোত্ৰতে কোৱা হৈছে—ত্যাগৰ দ্বাৰা ভোগ কৰা, ধন বা সম্পত্তি, নিজৰ বা আনৰ, লোভ নকৰিবা।

ঈশা বাস্যমিদং সর্বং যৎ কিঞ্চ জগত্যাং জগৎ। তেন ত্যক্তেন ভুঞ্জীথা মা গৃধঃ কস্য স্বিদ্ধনম্‌।।

ঈশ্বৰৰ বসবাসৰ কাৰণে বা ঈশ্বৰৰ দ্বাৰা আচ্ছাদিত এই গতিশীল বিশ্বত যি সমূহ অনিত্য, সেইসমূহক ত্যাগ কৰি ভোগ কৰা, আনৰ ধন লোভ কৰি নহয়। — ঈশোপনিষদ্‌ স্তোত্র ১

মহাত্মা গান্ধীয়ে কৈছিল, “যদি সকলো উপনিষদ‌ আৰু অন্যান্য সকলো ধৰ্মশাস্ত্ৰ হঠাৎ ভস্মীভূত হয়, আৰু যদি ঈশোপনিষদৰ প্ৰথম শ্লোকটি মাত্র হিন্দুৰ মনত থাকে, তেতিয়াও হিন্দুধৰ্ম চিৰজীৱী হ’ব। মাথো ১৭ বা ১৮টা শ্লোকেৰে ঈশোপনিষদ্ হৈছে এটি ক্ষুদ্ৰ কবিতা, কিন্তু আধ্যাত্মিকভাৱে অত্যন্ত প্ৰভাৱশালী, আধুনিক জীৱন দৰ্শনৰ বাবেও প্ৰাসংগিক।

কিন্তু বিড়ম্বনা যে উপনিষদৰ জ্ঞান অথবা জ্ঞানীজনৰ উপদেশ বা সমালোচকৰ সমালোচনাই মানুহক সাধাৰণতে প্ৰভাৱিত নকৰে। তাড়না ইমান শক্তিশালী যে উপযুক্ত প্ৰণালীয়ে হে লেকাম ধৰি ৰাখিব পাৰে। ব্যক্তিগত তাড়নাৰ সলনি ৰাজহুৱা উন্মত্ততাৰ উদাহৰণটোকে লৈছো। অসম আন্দোলনৰ সময়ত আমাৰো উন্মত্ততা জাগি উঠা নাছিল ন-দি ক’ব নোৱাৰোঁ। নেলীৰ দৰে কাণ্ড অসমতে সংঘটিত হৈছিল। ৰাজহুৱা উন্মত্ততা সময়ে সময়ে ঘটে। পুলিচ-প্ৰশাসনৰ পূৰ্বানুমান ক্ষমতা, প্ৰতিৰোধ-নিয়ন্ত্ৰণ প্ৰণালীৰ সফলতা-বিফলতাহে ইয়াত মূল কথা। সম্প্ৰতি ত্ৰিপুৰাৰ নিৰ্বাচনী বিজয়ত এচাম উন্মত্ত হৈ লেনিনৰ মূৰ্তি ধৰাশায়ী কৰি ক্ষোভ উজাৰিলে। ক্ষেত্ৰ অনুসন্ধান নকৰাকৈ মই ক্ষোভৰ কাৰণ নাজানোঁ। কিন্তু সেই মুহূৰ্তত ত্ৰিপুৰাত পুলিচ, মেজিষ্ট্ৰেট সহ এটা প্ৰশাসন যন্ত্ৰ আছিল, মুৰব্বী হিচাপে ২৫ বছৰীয়া অভিজ্ঞতা পুষ্ট এজন মুখ্যমন্ত্ৰী আছিল। সদ্য নিৰ্বাচনী পৰাজয়ত মুখ্যমন্ত্ৰীজন ব্যথিত হৈ হয়তো মনোযোগ দিব পৰা নাছিল। কিন্তু দুষ্কৃতিকাৰীক প্ৰতিৰোধ কৰাত পুলিচ-প্ৰশাসনৰ ব্যৰ্থতা, দৰাচলতে দায়িত্বশীল বিষয়াসকলৰ বৃত্তিগত ব্যৰ্থতা। তাকে নকৈ কোনো কলম লিখকে এই সুবিধাতে লেনিনক বিশ্বৰ সৰ্বহাৰাৰ ৰক্ষক, ঐতিহাসিক মহানায়ক আখ্যা দি মূৰ্তি ধ্বংসকাৰীসকল অশুভ দানবীয় শক্তিৰ প্ৰতীক বুলি লিখি পেলালে। লেনিন কাৰোবাৰ বাবে মহানায়ক, কাৰোবাৰ বাবে নৰসংহাৰকাৰী, অত্যাচাৰী, স্বেচ্ছাচাৰী শাসক। অধুনাবিলুপ্ত ছোভিয়েট ইউনিয়নৰ অংগ ৰাজ্য এতিয়া স্বাধীন ইউক্ৰেইনত ২০১৩ চনত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে একাধিক লেনিনৰ মূৰ্তি ভাঙি পেলাইছিল। এই পুঞ্জীভূত ক্ষোভ প্ৰকাশৰ ঐতিহাসিক কাৰণ বা পৃষ্ঠভূমি আছিল। ত্ৰিপুৰাৰ বামপন্ঠীৰ সুদীৰ্ঘ শাসনত কোনোবা ভুক্তভোগী হৈছিল নাজানো। কিন্তু লেনিনক ৰক্ষাৰ ব্যৰ্থতা প্ৰশাসনৰ। ইয়াৰ ব্যতিৰেক সকলো নিজা মতবাদ প্ৰচাৰ বা বিপৰীত আদৰ্শৰ ৰটনা।

মোৰ এজন নিকট সম্পৰ্কীয় মামা বামপন্থী। সৰুৰে পৰা আদৰ্শনিষ্ঠা দেখিছোঁ। অলপতে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। দল আৰু আদৰ্শৰ বাবে মামা-মামী হালে জীৱনটো দিছে। সচাঁ অৰ্থত ঈশোপনিষদৰ বাণীৰে ‘ত্যাগ কৰি ভোগ কৰিছে’। ইয়াৰ বিপৰীতে সাধাৰণ কৰ্মীক চিনি নোপোৱা কেতবোৰ প্ৰাক্তন অথবা কৰ্মৰত বামপন্থী অধ্যাপকে আৰামী চকীৰ পৰা বিষবাষ্প উদগীৰণ কৰি কাগজ-ফেচবুকত লিখি লিখিয়েই সৰ্বহাৰাৰ হৈ সক্ৰিয়তাবাদ কৰিছে। ভাবাদৰ্শৰ নিজা জীৱনশক্তি আছে। কেতিয়াবা কোনোবাটো ভাবাদৰ্শ জাগি উঠে, কোনোবাটো স্তিমিত হয়। ভাৱাদৰ্শৰ সংঘাত, উত্থান-পতন বিচাৰ বিশ্লেষণ নিশ্চয় প্ৰাসংগিক। কিন্তু বিপৰীত ভাবাদৰ্শক হেয় প্ৰতিপন্ন কৰা অৰ্থহীন। নিৰ্মোহ, নিৰপেক্ষ বিশ্লেষণহে লাগে। পৰ্বতত কাছ কণী বিচাৰি পালেও এই ধৰণৰ লিখনি অসমৰ কাকতত সতকাই পাবলৈ নাই। লেনিন-ষ্টেলিনৰ মহত্ত নিশ্চয় আছে, কিন্তু নৰসংহাৰৰ কাহিনীও ‘গোধৰা কাণ্ড’ক গৰিহণা দিয়া সকলে একে উশাহতে ক’ব লাগিব। নকলে অতি পক্ষপাতদুষ্টতাৰ দোষে  চুব, যদি নিৰপেক্ষ ৰূপত টিপ্পনী দিয়ে। দলীয় হিচাপে কলে ই সন্মুখ সমৰ, বাধা নাই। ঈশোপনিষদৰ বাণী আৰু সৰ্বহাৰাৰ প্ৰতি মাৰ্ক্স-লেনিনৰ সহমৰ্মিতা তত্বৰ তুলনামূলক পৰ্যালোচনাও উৎকৃষ্ট বৌদ্ধিক তথা পাণ্ডিত্যমূলক অনুসন্ধানৰ বিষয় হ’ব পাৰে। পৰিবৰ্তে উপনিষদৰ স্তোত্ৰ গালে কোনো কোনোৰ জগৰহে লাগে।

প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰী বা মন্ত্ৰীমণ্ডলীৰ বাবে গালি-গালাজ খাই থকাতকৈ কলম লিখোঁতা সমালোচকৰ উপদেশ গ্ৰহণ কৰাটো উত্তম পন্থা। কেওফালে জয়জয়-ময়ময় হ’ব। ‘ভাল দিন’ৰ প্ৰতিশ্ৰুতি সহজতে পালন হ’ব। কেলেই নুশুনে? কৌতূহলৰ বিষয়। সামাজিক পৰিবৰ্তন আৰু উন্নয়ন কিমান দূৰহ, ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়ৰ ৱেবচাইটত প্ৰকাশিত Why It’s Easier for India to Get to Mars than to Tackle Its Toilet Challenge নিবন্ধটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিলোঁ। অন্ধই অন্ধক দিগ দৰ্শনৰ দিব নোৱাৰে। Systems Thinking and the Cobra Effect আন এটা নিবন্ধ যি জটিল সমস্যা সমাধানৰ ক্ষেত্ৰত আৰম্ভ হোৱা নতুন চিন্তা-ধাৰণা উল্লেখ কৰিছে।

Courtesy: http://www.juicysquid.com/the-cobra-effect/

ব্ৰিটিছ ঔপনিবেশিক চৰকাৰে দিল্লীত ফেঁটীসাপৰ উপদ্ৰৱৰ পৰা জনসাধাৰণক সকাহ দিবলৈ এক আঁচনি ঘোষণা কৰিছিল। প্ৰতিডাল মাৰি অনা ফেঁটীসাপৰ বিনিময়ত আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছিল। প্ৰথমতে আঁচনি খনে অতি সুফল দেখুৱাইছিল। পুৰস্কাৰৰ বিনিময়ত সাহসী নাগৰিকে সাপ মাৰি প্ৰায় শেষ কৰিছিল, জনসাধাৰণে সকাহ পাইছিল। কিন্তু মৰা সাপ দেখুৱাই পুৰস্কাৰ লৈ যোৱা সংখ্যা ক্ৰমে বাঢ়িবলৈ ধৰাত কৰ্তৃপক্ষ হতভম্ব হৈ পৰিছিল। অৱশেষত উৰহি গছৰ ওৰ ওলাইছিল। এচাম উদ্যোগীয়ে ফেঁটীসাপ জন্ম-পালন কেন্দ্ৰ স্থাপন কৰি তাৰ পৰা সাপ মাৰি কৰ্তৃপক্ষক দেখুৱাই পুৰস্কাৰ লৈ যোৱাৰ উদ্যোগ আৰম্ভ  কৰিছিল। এটা নভবা-নিচিন্তা পৰিণতি। আঁচনি বন্ধ কৰি দিয়া হৈছিল। এইবাৰ সঁচাকৈয়ে ফেঁটীসাপৰ সংখ্যা বাঢ়িবলৈ লৈছিল, সমস্যাই পূৰ্বতকৈ ভয়াবহ ৰূপ ধাৰণ কৰিছিল।

সাধাৰণ যেন লগা সমস্যা এটাও আচলতে কিমান জটিল, উপমাটোৰে বুজোৱা হৈছে। জটিল সমস্যা সমাধানৰ বাবে কি হস্তক্ষেপ উপযুক্ত, নিৰূপণ কৰা সহজসাধ্য নহয়। ক’লা ধনৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ হেজাৰটকীয়া নোটৰ প্ৰচলন নিষিদ্ধকৰণ এটা আন্তৰিক হস্তক্ষেপ আছিল। সাপৰ প্ৰাদুৰ্ভাৱতকৈ ক’লা ধন বহুগুণে জটিল সমস্যা, হস্তক্ষেপৰ পৰিণাম হেজাৰ গুণে অনিশ্চিত আছিল। তেনেদৰে, সদ্য সমাপ্ত মধ্যৱৰ্তীকালীন নিৰ্বাচনৰ এক প্ৰতীকী তাৎপৰ্য আছে, কিন্তু এই ফলাফলৰ আধাৰত ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ ভৱিষ্যৎবাণী কৰাৰ কোনো প্ৰণালী নাই। ইণ্ডিয়ান এক্সপ্ৰেছত Gilles Verniersৰ Gorakhpur in perspective সুচিন্তিত নিবন্ধটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিলোঁ। সৰবজানৰ সৌভাগ্যৰ দৰে কাৰোবাৰ ভৱিষ্যৎবাণী মিলি যাবও পাৰে।

উন্নয়ন, পৰিৱৰ্তন, বিনৰ্তন খলাবমা, একা-বেঁকা পথেৰে আগ বাঢ়ে। বাস্তৱ পৃথিৱীৰ বাস্তৱ সমস্যাসমূহ একাধিক ধনাত্মক আৰু ঋণাত্মক ‘পুনর্নিৱেশ পাক গাঁঠি’ (Feedback Loop)ৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পৰিণতি। সাধাৰণতে ‘পৰীক্ষামূলক চেষ্টা আৰু ভুল শুধৰণী’ বা Trial and Error পদ্ধতিৰে সমস্যা সমাধানৰ চেষ্টা কৰা হয়, যিটো বহুক্ষেত্ৰত সম্পূৰ্ণ নহয়। কিন্তু Systems Thinkingৰ সহায়ত এনে সমস্যাৰ এটা ব্যৱহাৰিক আৰ্হি তৈয়াৰ কৰি ল’ব পৰা যায়, যাতে সমাধানৰ সম্ভাৱনা বাঢ়ে। অধ্যাপক-সাংবাদিকে নাপালেও ৰাজনীতিবিদে সমস্যাৰ জটিলতাৰ আভাস পায়। কিন্তু প্ৰতিশ্ৰুতিবিনে গতি নাই।

গবেষণা-অনুসন্ধানৰ ভিত্তিত মন্ত্ৰী-বিধায়কক দিগ দৰ্শন দিলেহে ৰাইজ উপকৃত হ’ব। প্ৰথমে নিজে সমস্যাৰ সম্যক অনুধাৱন কৰিলেহে মন্ত্ৰী-বিধায়কক শুনাব-বুজাব পাৰিব। পিছে ৰাইজৰ নামত মঞ্চ গঢ়ি সমাৰোহ-অভিৱৰ্তনৰে পক্ষপাতদুষ্ট মতামত প্ৰচাৰ কৰাহে সহজসাধ্য। ‘লাগে, লাগে আৰু লাগে’ তাড়নাৰ দৰে এই লোভ পৰিত্যাগ কৰাও একাংশ অৱসৰপ্ৰাপ্ত বিষয়া বা সাংবাদিক সমালোচকৰ বাবে দুঃসাধ্য।

Monday, March 12, 2018

ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন 'উদ্বেগ-অনুদ্বেগ'ত সন্নিৱিষ্ট।

বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক হিন্দুধৰ্মত আস্তিক আৰু মানি নোলোৱা সমূহক নাস্তিক বুলি কোৱা হয়। এই সূত্ৰ অনুযায়ী ন্যায় (the school of logic), বৈশেষিক (the atomist school), সাংখ্য (the enumeration school), যোগ (the school of Patañjali which assumes the metaphysics of Sāṃkhya), মীমাংসা (the tradition of Vedic exegesis) আৰু উত্তৰ মীমাংসা বা বেদান্ত (the Upaniṣadic tradition) হৈছে আস্তিক পৰম্পৰা। চাৰ্বাক, আজীৱিক, জৈন আৰু বুদ্ধ ধৰ্ম নাস্তিক পৰম্পৰা। আস্তিক আৰু নাস্তিক ক্ৰমে ঈশ্বৰবাদ (theist) আৰু নিৰীশ্বৰবাদ (atheist)ৰ সমাৰ্থক নহয়। উদাহৰণস্বৰূপে আস্তিক পৰম্পৰাৰ সাংখ্য নিৰীশ্বৰবাদী। ঠিক তেনেদৰে জৈন আৰু বুদ্ধ ধৰ্মই আস্তিক আৰু নাস্তিক ধাৰণাক আন ধৰণে সংজ্ঞিত কৰিছে। ইয়াত সাংখ্য আৰু বেদান্ত দৰ্শনৰ এটি ৰূপৰেখা আগবঢ়োৱা হৈছে।
পানীত জল বিন্দুৰ পতন - ব্ৰহ্ম আৰু আত্মাৰ সম্পৰ্কৰ এটি পৰিচিত তুলনা
সাংখ্য দৰ্শন
প্ৰাচীন আধ্যাত্মিক পৰম্পৰা সাংখ্য হৈছে এটা গাণনিক দ্বৈত দৰ্শন যি বিশ্ব-ব্ৰহ্মাণ্ডক পুৰুষ (চৈতন্য) আৰু প্ৰকৃতি (পদাৰ্থৰ ইন্দ্ৰিয়গ্ৰাহ্য ক্ষেত্র)ৰ সমষ্টি বুলি গণ্য কৰে। জীৱ হৈছে পুৰুষৰ প্ৰকৃতিৰ সৈতে কামনা-বাসনাৰ ডোলেৰে বন্ধনৰত এটা অৱস্থা আৰু এই বন্ধনৰ অন্তত মোক্ষ প্ৰাপ্তি হয়। সাংখ্যই ঈশ্বৰক অস্বীকাৰ কৰে আৰু মোক্ষ লাভৰ পাছত জীৱাত্মা আৰু মহাজাগতিক পুৰুষৰ মাজত কোনো বিশেষ মৌলিক ব্যৱধান থাকে বুলি গণ্য নকৰে। সাংখ্যৰ আক্ষৰিক অৰ্থ ‘গাণনিক’ এই কাৰণেই যে ই ২৫টা মূল দ্ৰব্য বা তত্ত্ব গণনা কৰে। সাংখ্যৰ উদ্দেশ্য হৈছে পঞ্চবিংশতম তত্ত্ব পুৰুষ বা আত্মাৰ প্ৰকৃতিৰ পৰা বন্ধন-মোচন।
সাংখ্য বেদ সম্পৰ্কে মৌন। বৰ্ণাশ্ৰম বা বৈদিক দেৱতাসমূহৰো উল্লেখ নাই। যজ্ঞত জন্তু আহুতিৰো ই পোষকতা নকৰে। অথচ সাংখ্যৰ ইতিহাসৰ প্ৰথম সমল আকস্মিক আভাসৰ ৰূপত হ’লেও বৈদিক পৰম্পৰাৰ পৰাই আহিছে—হয়তো সাংখ্যৰ গ্ৰহণযোগ্যতা ইয়াৰ বিকাশৰ লগে লগে বৈদিক পৰম্পৰাত বাঢ়িবলৈ ধৰিছিল। খ্ৰীষ্টপূৰ্ব পঞ্চমৰ পৰা দ্বিতীয় শতিকাৰ ভিতৰত বিভিন্ন উৎসৰ পৰা ক্ৰমে এটা সুকীয়া দৰ্শন ৰূপে গঢ়ি উঠিছিল। সেই সময়ৰ দাৰ্শনিক গ্ৰন্থ কঠোপনিষদ, শ্বেতাশ্বৰ উপনিষদ আৰু ভাগব্দগীতাত সাংখ্য সংজ্ঞাসমূহৰ প্ৰসংগ উত্থাপন হোৱা স্পষ্টভাৱে দেখা যায়। কঠোপনিষদে পুৰুষক আত্মাই বাস কৰা জীৱাত্মা বুলি ধাৰণা কৰিছিল আৰু একাধিক পংক্তিত পুৰুষক বুঢ়া আঙুলিটোতকৈও সৰু বুলি বৰ্ণনা কৰিছিল। শ্বেতাশ্বৰ উপনিষদে সাংখ্য আৰু যোগ পোনপ্ৰথমবাৰ একেলগে উল্লেখ কৰিছিল। ভাগব্দগীতাই সাংখ্যক জ্ঞানৰ সমাৰ্থক বুলি বৰ্ণনা কৰিছিল আৰু তিনিগুণৰো বৰ্ণনা কৰিছিল যদিও ঠিক সাংখ্যত অৰ্থ কৰাৰ দৰে নহয়। গীতাই সাংখ্যক ঈশ্বৰবাদী ভক্তি পৰম্পৰা আৰু নিৰাকাৰ ব্ৰহ্ম ধাৰণাৰ সৈতে একত্ৰিত কৰিছিল। প্ৰাচীন সাংখ্য গ্ৰন্থ সাংখ্যকাৰিকাত বিকশিত আৰু অঙ্গীভূত হৈ পৰা ধাৰণাসমূহ বেদ, উপনিষদ আৰু গীতাত দেখা পোৱা যায়।
খ্ৰীষ্টপূৰ্ব দুই সহস্ৰাব্দতে ৰচিত ঋগ্বেদৰ ইন্দ্ৰ-বৃত্ৰাসুৰ আখ্যানত দ্বৈতবাদৰ প্ৰথম জন্ম দেখা পোৱা যায়। এই আখ্যানত দেৱতাসকলৰ নেতা ইন্দ্ৰই বৃত্ৰাসুৰক শিৰচ্ছেদ কৰি সি বন্দী কৰি ৰখা সৃজনী শক্তিক মুক্ত কৰিছিল। এই আখ্যানত দুটা দ্বৈত ধাৰণা দেখা যায়—এহাতে শৃঙ্খলা আৰু নৈৰাজ্য, আৰু আনহাতে ইন্দ্ৰৰ শক্তি আৰু বিপৰীতে শৃঙ্খলা আৰু নৈৰাজ্য উভয়েই। তেনেদৰে ঋগ্বেদৰ নাসদীয় সূক্তৰ সৎ (Existence) আৰু অসৎ (Non-existence) সাংখ্যত উল্লেখ কৰা ব্যক্ত-অব্যক্ত (Manifest–Unmanifest) মেৰু বিভাজনৰ অবিকল সাদৃশ্য। সাংখ্য দৰ্শন হয়তো ঋগ্বেদৰ পুৰুষ-সূক্তৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। পুৰুষ-সূক্তত প্ৰথমবাৰৰ বাবে পুৰুষ এটা মহাজাগতিক সত্তা এনে ধাৰণা উল্লেখ আছিল যাৰ পৰাই সৃষ্টি উদ্ভৱ হৈছিল। অথৰ্ব বেদতো অসংখ্য বাৰ পুৰুষৰ উল্লেখ আছে। সাংখ্যৰ বুদ্ধি বা মহতৰ ধাৰণাটোৰ ঋগ্বেদ আৰু শ্বেতাশ্বৰ উপনিষদৰ হিৰণ্যগৰ্ভৰ ধাৰণাটোৰ লগত সাদৃশ্য দেখা যায়।
মুখ্য উপনিষদসমূহৰ প্ৰাচীন কেইখনত (৯০০-৬০০ খ্ৰীষ্টপূৰ্ব) সাংখ্যৰ ধাৰণাৰ লগত সাদৃশ্য থকা ভাব-চিন্তা দেখা যায়। সাংখ্যৰ অহঙ্কাৰৰ ধাৰণাৰ সাদৃশ্য বৃহদাৰণ্যক আৰু ছান্দোগ্য উপনিষদৰ অহঙ্কাৰৰ ধাৰণাত দেখা পোৱা যায়। সাংখ্যৰ কাৰ্য-কাৰণ তত্ত্ব ‘সৎকাৰ্যৱাদ্’ৰ ধাৰণাও উপনিষদত আছে। ছান্দোগ্য আৰু শ্বেতাশ্বৰ দুয়োখন উপনিষদতে সাংখ্যত উল্লিখিত তিনিটা গুণ সত্ব, ৰজ আৰু তম আৰু বিশ্ব সৃষ্টিত এই তিনি গুণৰ ভূমিকাৰ কথা পোৱা যায়। উপনিষদৰ ঋষি যাজ্ঞবল্ক্য আৰু উদ্দালক আৰুণিয়ে বিশুদ্ধ চৈতন্যই যে মানুহৰ প্ৰকৃত অন্তৰ্নিহিত সত্তা এই ধাৰণা দাঙি ধৰিছিল। সাংখ্যৰ পুৰুষৰ ধাৰণা ইয়াৰ পৰাই উদ্ভৱ হ’ব পাৰে। তত্ত্বসমূহ গণনা কৰাত সাংখ্যৰ যি প্ৰবল আগ্ৰহ সেয়া তৈত্তিৰীয়, ঐতৰেয় আৰু বৃহদাৰণ্যক উপনিষদৰ যাজ্ঞবল্ক্য আৰু মৈত্ৰীৰ কথোপকথনতো পোৱা যায়।
খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ ভিতৰত বৌদ্ধ আৰু জৈন ধৰ্ম বিকশিত হৈ উঠিছিল আৰু সম্ভৱতঃ সাংখ্য দৰ্শনক প্ৰভাৱিত কৰিছিল আৰু প্ৰভাৱিত হৈছিল। বৌদ্ধ ধৰ্মত দুখ আৰু কষ্ট ভোগৰ ওপৰত যি প্ৰাধান্য সেয়া সাংখ্যতো কম-বেছি পৰিমাণে দেখা পোৱা যায়। ঠিক তেনেদৰে জৈন দৰ্শনৰ জীৱৰ অনেকত্বৰ ধাৰণাই হয়তো সাংখ্যৰ অগণন পুৰুষৰ ধাৰণা গঢ়ি উঠাত প্ৰভাৱ পেলাইছিল। এইটো সম্ভৱ যে সাংখ্য দৰ্শনক হয়তো প্ৰচলিত হৈ থকা সমসাময়িক বহু ধাৰণাই কম বেছি পৰিমাণে প্ৰভাৱিত কৰিছিল।  
সাংখ্য বিষয়ক উপলব্ধ প্ৰাচীনতম কৰ্তৃত্বপূৰ্ণ পুথি হৈছে ঈশ্বৰকৃষ্ণ প্ৰণীত সাংখ্যকাৰিকা (২০০ খ্ৰীষ্টপূৰ্ব) য’ত সাংখ্য দৰ্শন কপিল মুনিৰ পৰা ধাৰাবাহিকভাৱে গুৰু-শিষ্য পৰম্পৰাৰ মাজেৰে বাগৰি অহা বুলি কোৱা হৈছে। সাংখ্যকাৰিকাৰ জনপ্ৰিয় টীকা-ভাষ্য অদ্বৈত পৰম্পৰাৰ আদি প্ৰবক্তা গৌড়পাদে কৰা বুলি ধাৰণা কৰা হয়। ইয়াৰ বাহিৰেও সাংখ্যকাৰিকাৰ আন টীকা-ভাষ্য হৈছে যুক্তিদীপিকা (খ্ৰীষ্টাব্দ ষষ্ঠ শতিকা) আৰু বাচস্পতি প্ৰণীত সাংখ্য তত্ত্ব কৌমুদী (খ্ৰীষ্টাব্দ দশম শতিকা)। সাংখ্য প্ৰবচন সূত্ৰ (খ্ৰীষ্টাব্দ চতুৰ্দশ শতিকা)ই মধ্যযুগত সাংখ্যৰ ওপৰত আকৌ কৌতুহল জগাই তুলিছিল আৰু সাংখ্য প্ৰবচন সূত্ৰৰ ওপৰত পিছৰ কেইবা শতিকাজুৰি কেইবাখনো ভাষ্য প্ৰণীত হৈছিল।
পাশ্চাত্যৰ দাৰ্শনিক পৰম্পৰাত উদাহৰণ স্বৰূপে ডেকাৰ্টেৰ দৰ্শন (কাৰ্টেচিয়ান)ত মন অন্তৰ্নিহিত চৈতন্যৰ লগত সমাৰ্থক আৰু শৰীৰ জড় পদাৰ্থ যি মনৰ পৰা পৃথক। কিন্তু সাংখ্য দৰ্শন অনুসৰি শৰীৰ আৰু মন দুয়োটাই জড় পদাৰ্থ আৰু চৈতন্যৰ পৰা পৃথক। সাংখ্য মতানুসৰি ক্ৰমে পুৰুষ আৰু প্ৰকৃতি সংজ্ঞাৰে অভিহিত চৈতন্য আৰু জড় পদাৰ্থৰ মাজৰ পাৰ্থক্য স্বভাৱসিদ্ধ, দুয়ো পাৰস্পৰিকভাৱে স্বাধীন আৰু দুয়োৰে মাজৰ ব্যাধজন ন্যূনতমো হ্ৰাস কৰিব পৰা নাযায়। প্ৰকৃতি এটা একক সত্তা কিন্তু পুৰুষ অসংখ্য। প্ৰকৃতি জড়, অপ্ৰকাশিত, সদা-সক্ৰিয়, কাৰণ বিহীন, অবোধগম্য, আদ্য আৰু চিৰন্তন—একমাত্ৰ কাৰণ আৰু সৰ্বশেষ উৎস প্ৰকৃতিতেই সৃষ্টিৰ পূৰ্বতে সমস্ত জড় জগত সম্ভাৱনাৰ ৰূপত অন্তৰ্নিহিত হৈ থাকে। আনহাতে পুৰুষ হ’ল দেহাতীত বিশুদ্ধ চৈতন্য, এক নিষ্ক্রিয় ভোক্তা (প্ৰকৃতি ভোগ্য)। পুৰুষ জড় জগতৰ কাৰণ নহয় কাৰণ চৈতন্য জড় পদাৰ্থলৈ ৰূপান্তৰিত হ’ব নোৱাৰে। পুৰুষ পৰম, মুক্ত-স্বাধীন, ইন্দ্ৰিয়াতীত, অজ্ঞেয়, অনিৰ্বচনীয়—মন অথবা ইন্দ্ৰিয়ৰ মাধ্যমেৰে ই বোধগম্য নহয়। ই বিশুদ্ধ, অবিশেষণ ধর্মী, চিৰন্তন, ইয়াক সৃষ্টি কৰা নাযায় নতুবা ই সৃষ্টি কৰ্তাও নহয়। অদ্বৈত বেদান্তৰ অদ্বিতীয় এজন পুৰুষৰ ধাৰণাৰ বিপৰীতে সাংখ্যত পুৰুষ অসংখ্য।
একমাত্ৰ পুৰুষৰ বাহিৰে মন, জড় পদাৰ্থ আৰু শক্তি সহকাৰে প্ৰকাশিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম কাৰণ হ’ল প্ৰকৃতি। প্ৰকৃতি বিশ্বব্ৰহ্মাণ্ডৰ আদ্য তত্ত্ব। ইয়াক জড়া বুলিও কোৱা হয় যি সত্ব, ৰজ আৰু তম এই তিনিটা গুণৰ সমাহাৰ। শৰীৰকে ধৰি সকলো পদাৰ্থ আৰু ঘটনাক্ৰম প্ৰকৃতি বা আদ্য তত্ত্বৰ বিৱৰ্তনৰ ফলশ্ৰুতি। প্ৰতিটো সজ্ঞান অনুভৱক্ষম জীৱাত্মা, পুৰুষ আৰু প্ৰকৃতিৰ সমন্বয়ৰ পৰিণতি। জীৱাত্মাৰ অন্তৰালৰ পুৰুষজন সদায়েই শৰীৰৰ সীমাবদ্ধতাৰ পৰা স্বাধীন কিন্তু পাৰ্থক্য নিৰুপণ কৰিব পৰা জ্ঞানৰ অভাৱত নিজৰ স্বৰূপ সম্পৰ্কে বিভ্ৰান্ত হৈ নিজকে মনত উদ্ভৱ হোৱা অহমিকা বুলি চিনাক্ত কৰি কামনা-বাসনাৰ ডোলেৰে প্ৰকৃতিৰ সৈতে বন্ধনৰত হৈ থাকে— এয়াই সংসাৰ। অহমিকা প্ৰকৃতিৰহে ধৰ্ম, পুৰুষৰ নহয়। পুৰুষে নিজৰ চৈতন্যময় স্বৰূপ আৰু জড় প্ৰকৃতিৰ মাজৰ পাৰ্থক্য বুজি উঠিলেই মোক্ষ প্ৰাপ্তি হয়।
বুদ্ধি (মহৎ), অহংকাৰ আৰু মনকে ধৰি আদ্য প্ৰকৃতিৰ ২৩টা তত্ত্ব বা উপাদান। মানসিক কাৰ্য-কলাপ বা চিন্তাক চেতনাময় যেন বোধ হয় কাৰণ ই পুৰুষৰ দ্বাৰা আলোকিত হৈ থাকে। সাংখ্যত চৈতন্যক আলোকৰে সৈতে তুলনা কৰা হয়। মনে গঢ়ি তোলা গঠন বা আকৃতিক পুৰুষে আলোকিত কৰি তোলে। মনৰ পৰা অবয়ব আৰু পুৰুষৰ বিশুদ্ধ চৈতন্যৰ পৰা আলোক লাভ কৰাৰ পাছত বুদ্ধিয়ে চিন্তাৰ এক অবয়ব গঢ়ি তুলিবলৈ সক্ষম হয় আৰু এটা চেতন যেন লগা অহংকাৰৰ জন্ম হয়। অহংকাৰ বা আত্মসচেতন ‘মই’জনে সকলো মানসিক অভিজ্ঞতা নিজৰ বুলি আহৰণ কৰে আৰু তেনেধৰণে বুদ্ধি আৰু মনৰ কাৰ্য-কলাপসমূহক আঁকোৱালি লৈ ব্যক্তিগতকৰণ কৰি পেলায়। কিন্তু ই নিজে আলোকিত কৰি তোলা মানসিক কাৰ্য-কলাপৰ পৰা চৈতন্য স্বাধীন আৰু মুক্ত হৈয়েই থাকে।
কাৰ্টেচিয়ান মন আৰু শৰীৰৰ দ্বৈত বিভাজনৰ এটা প্ৰধান অসুবিধা হৈছে মনে কেনেকৈ শৰীৰৰ লগত সংযোগ স্থাপন কৰে, যিটো প্ৰাকৃতিক সংৰক্ষণ সূত্ৰ নভঙাকৈ অসম্ভৱ। সাংখ্যত এই অসুবিধা নাই কাৰণ মন আৰু শৰীৰৰ দুয়োটাই জড় প্ৰকৃতিৰেই ৰূপান্তৰ, সেয়ে মনত উদ্ভূত কাৰ্য-কলাপ শাৰীৰিক অঙ্গ সঞ্চালনৰ কাৰক হ’ব পাৰে।
সাংখ্যত বিৱৰ্তন হৈছে প্ৰকৃতি আৰু পুৰুষৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ এটা প্ৰক্ৰিয়া। যি পৰ্যন্ত প্ৰকৃতিৰ তিনি গুণ ভাৰসাম্যমূলক অৱস্থাত থাকে সেই পৰ্যন্ত প্ৰকৃতি অপ্ৰকাশিত হৈ থাকে। প্ৰকৃতি পুৰুষৰ সংস্পৰ্শলৈ আহিলে এই ভাৰসাম্য ভাঙি পৰে আৰু তিনিগুণৰ অভাৰসাম্যমূলক অৱস্থাই বিৱৰ্তনৰ সূত্ৰপাত কৰে আৰু জড় জগত অপ্ৰকাশিত প্ৰকৃতিৰ পৰা প্ৰকাশিত হৈ পৰে। লোহাক নিকটৱৰ্তী চুম্বকে প্ৰভাৱিত কৰাৰ দৰে পুৰুষে প্ৰকৃতিক বিৱৰ্তনৰ পথত প্ৰভাৱিত কৰে।
প্ৰকৃতিৰ বিৱৰ্তনৰ কেতবোৰ তত্ত্ব বা উপাদান পুনৰাই আন কেতবোৰ উপাদানলৈ ৰূপান্তৰ হ’ব পাৰে (Evolvents), উদাহৰণ স্বৰূপে বুদ্ধি বা মহৎ অহংকাৰলৈ পৰিৱৰ্তন হয়। ঠিক তেনেদৰে বিৱৰ্তনৰ আন কেতবোৰ উপাদান বা তত্ত্ব অন্তিম (Evolutes) যাৰ পুনৰ ৰূপান্তৰ নহয় । 
বুদ্ধি প্ৰকৃতিৰ বিৱৰ্তনৰ প্ৰথম তত্ত্ব সেয়ে মহৎ সংজ্ঞা দিয়া হৈছে। মহৎ অহঙ্কাৰলৈ পৰিৱৰ্তিত হয়। অহঙ্কাৰৰ বিৱৰ্তন তিনিগুণৰ প্ৰাধান্যৰ ওপৰত নিৰ্ভৰশীল। সত্বৰ প্ৰাধান্যই মন আৰু পাঁচটাকৈ জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়ৰ জন্ম দিয়ে। তম গুণৰ প্ৰাধান্যই অহঙ্কাৰৰ পৰা পাঁচটাকৈ সূক্ষ্ম তত্ত্ব শব্দ, স্পৰ্শ, দৃষ্টি, স্বাদ আৰু ঘ্ৰাণ আৰু এইকেইটাৰ পৰাই ক্ৰমে আকাশ, বায়ু, অগ্নি, পানী আৰু পৃথিৱীৰ জন্ম হয়। ৰজোগুণ হৈছে এটা তত্ত্ব আন এটালৈ ৰূপান্তৰিত হোৱাৰ মূল কাৰক। পুৰুষ বিশুদ্ধ চৈতন্য, চিৰন্তন, শাশ্বত আৰু অব্যয়—ই প্ৰকৃতিৰ বিৱৰ্তন নহয় নতুবা কোনো ৰূপান্তৰৰ কাৰণো নহয়।
সাংখ্যৰ মতে বিৱৰ্তনৰ দুটা মুখ্য উদ্দেশ্য আছে—ই পুৰুষৰ ভোগ আৰু মোক্ষৰ মজিয়া। সাংখ্য অনুযায়ী মানুহৰ জীৱন দুখেৰে ভৰা। অবিদ্যাই দুখ আৰু বন্ধন (সংসাৰ)ৰ মূল কাৰণ। সূক্ষ্ম পাৰ্থক্য নিৰূপণ কৰিব পৰা জ্ঞান বা বিবেকৰ সহায়ত প্ৰকৃতি আৰু পুৰুষৰ পাৰ্থক্য আৰু স্বৰূপ উপলব্ধি কৰিলেই মোক্ষ প্ৰাপ্তি হয়। অবিদ্যাৰ কাৰণে বিশুদ্ধ চৈতন্যময় শাশ্বত পুৰুষে জড় প্ৰকৃতিৰ ৰূপান্তৰ বুদ্ধি আৰু অহংকাৰৰ সৈতে নিজকে একাত্ম কৰে। ইয়াৰ বাবেই এটা শৰীৰৰ পৰা আন এটালৈ গতিৰ অন্তহীন চক্ৰ আৰু দুখ-দুৰ্দশা ভোগ। কিন্তু যেতিয়া পুৰুষৰ চৈতন্যময় শাশ্বত ৰূপ উপলব্ধি হয়, এই চক্ৰৰ অন্ত পৰে আৰু সম্পূৰ্ণ স্বাধীনতা (কৈৱল্য) আহি পৰে। ধ্যান আৰু যৌগিক সাধনা ইয়াত সহায়ক।
সাংখ্যৰ ভিত্তি সৎকাৰ্যৱাদ সূত্ৰ। সৎকাৰ্যৱাদ অনুসৰি কাৰ্য বা পৰিণাম ইতিমধ্যেই কাৰকৰ মাজত অন্তৰ্নিহিত হৈ থাকে। কাৰক যেতিয়া কাৰ্য বা পৰিণামলৈ ৰূপান্তৰ হয়, তেতিয়া কাৰকৰ যি পৰিৱৰ্তন দেখা যায় সেয়া আচল নহয়—এটা ভ্ৰমহে। কাৰণ পৰিণাম শূন্যৰ পৰা আহিব নোৱাৰে—ই ইতিমধ্যেই প্ৰকৃতিত অন্তৰ্নিহিত।
সাংখ্যই প্ৰকৃতি-পৰিণামৱাদ সূত্ৰ সমৰ্থন কৰে। পৰিণামে কাৰকৰ প্ৰকৃত ৰূপান্তৰ অৰ্থ কৰে। ইয়াত কাৰক হ’ল প্ৰকৃতি বা আদ্য-প্ৰকৃতি। আদ্য-প্ৰকৃতি বিৱৰ্তনৰ মাজেৰে অসংখ্য দ্ৰব্যলৈ ৰূপান্তৰিত হয়। বিৱৰ্তনৰ পাছত সমাপ্তি বা অৱলুপ্তি ঘটে যেতিয়া প্ৰতিটো পদাৰ্থই আকৌ প্ৰকৃতিত লীন যায় আৰু আদ্য-প্ৰকৃতিৰ ৰূপত অপ্ৰকাশিত হৈ পৰে। এনেদৰে বিৱৰ্তন আৰু অৱলুপ্তিৰ চক্ৰৰ পুনৰাবৃত্তি হয়। প্ৰকৃতিৰ বিৱৰ্তন সম্ভৱ, কাৰণ প্ৰকৃতি যি তিনিগুণৰ সমাহাৰ, সেই তিনিগুণ ৰজ, সত্ব আৰু তম এটা চাপৰ মাজত থাকে। ভাৰসাম্য যি পৰ্যন্ত অটুট থাকে সেই পৰ্যন্ত তিনিগুণ এক হৈ থাকে আৰু প্ৰকৃতি অপ্ৰকাশিত আৰু অজ্ঞেয় হৈ থাকে। কিন্তু এই যিকোনো এটা গুণেৰেই বঢ়া-টুটা হ’ব পাৰে। এই তত্ত্ব বিশ্ব সৃষ্টিৰ বৈজ্ঞানিক তত্ত্বৰ পৰা পৃথক, কাৰণ প্ৰতিটো জীৱৰ বাবে নিজস্ব শৰীৰ আৰু মন সৃষ্টি কৰি প্ৰকৃতি বেলেগে বেলেগে প্ৰকাশ হয় আৰু মোক্ষ লাভৰ পাছত এই উপাদানসমূহ পুনৰাই আদ্য-প্ৰকৃতিত লীন যায়। বুদ্ধি, অহংকাৰ আৰু মন সাংখ্যৰ মতে জড় আৰু একমাত্ৰ পুৰুষ হৈছে বিশুদ্ধ চৈতন্য, যি মনৰ পৰা সম্পূৰ্ণ পৃথক।
সাংখ্যত বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টি-স্থিতি-প্ৰলয়ৰ কাৰণে হিচাপে বিশুদ্ধ চেতন্যৰূপী পুৰুষৰ বাহিৰে ভগৱানৰ কোনো প্ৰয়োজন নাই। পৰিৱৰ্তনশীল সৃষ্টিৰ কাৰণ অপৰিৱৰ্তনশীল ভগৱান হ’ব নোৱাৰে। সাংখ্যত ভগৱানৰ ধাৰণা স্ব-বিৰোধী। 
ঈশ্বৰৰ ধাৰণা সংযোজিত কৰা যোগ দৰ্শন সাংখ্যৰ ওপৰতেই প্ৰতিষ্ঠিত। অৱশ্যে যোগ আৰু সাংখ্যৰ মাজৰ সম্বন্ধ সম্পৰ্কে মতানৈক্য আছে।
ঠিক তেনেদৰে সাংখ্যৰ দ্বৈত দৰ্শনৰ তান্ত্ৰিক পৰম্পৰা সমূহৰ ওপৰতো প্ৰভাৱ আছে। মাথোঁ ঈশ্বৰৰ ধাৰণা সম্বলিত হোৱাৰ বাহিৰে শিৱ সিদ্ধান্ত সাংখ্যৰ লগত প্ৰায় একে। তান্ত্ৰিক পৰম্পৰা সমূহে সাংখ্যৰ বিমূৰ্ত দ্বৈত ধাৰণা বিষ্ণু-লক্ষ্মীৰ মূৰ্ত ৰূপত নাৰী-পুৰুষৰ এক প্ৰকাশ্য দ্বৈত ধাৰণালৈ ৰূপান্তৰ কৰিছিল। কালী তন্দ্রাভূত সদাশিৱৰ ওপৰত থিয় হৈ থকা তন্ত্ৰৰ যি চিনাকি ৰূপ সেয়া সাংখ্যই প্ৰকৃতি আৰু পুৰুষক ক্ৰমে সক্ৰিয় আৰু নিষ্ক্রিয় সাক্ষী হিচাপে কৰা ধাৰণাৰ পৰাই উদ্দীপিত বুলি ভবা হয়। কিন্তু মোক্ষ সম্পৰ্কে সাংখ্য আৰু তন্ত্ৰৰ মত পাৰ্থক্য আছে। তন্ত্ৰই নাৰী-পুৰুষ এই দুই আধি-ভৌতিক অস্তিত্বৰ মিলনৰ মাজেৰে, কিন্তু ইয়াৰ বিপৰীতে সাংখ্যই চৈতন্যৰূপী পুৰুষক জড় প্ৰকৃতিৰ সংস্পৰ্শৰ পৰা আঁতৰি অহাৰ জৰিয়তে মোক্ষ সম্ভৱ বুলি কয়।
বেদান্ত দৰ্শন—ব্ৰহ্ম আৰু আত্মা
উপনিষদৰ চাৰি মহাবাক্য
মূল অসমীয়া উৎস
প্রজ্ঞানং ব্ৰহ্ম জ্ঞানেই ব্ৰহ্ম ঐতৰেয় উপনিষদ‌
অহং ব্রহ্মাস্মি ময়েই ব্ৰহ্ম বৃহদাৰণ্যক উপনিষদ‌
তত্ত্বমসি তুমিয়েই সেই ছান্দোগ্য উপনিষদ‌
অয়মাত্মা ব্ৰহ্ম এই আত্মাই ব্ৰহ্ম মাণ্ডুক উপনিষদ

ব্ৰহ্ম বিশ্বৰ সত্তা আৰু আত্মা হ’ল ব্যক্তিগত সত্তা। ব্ৰহ্ম স্থান, কাল আৰু কাৰ্য-কাৰণৰ অতীত এক অখণ্ড সত্তা। তেওঁ অব্যয়, অনন্ত, চিৰ-মুক্ত, শাশ্বত, অতীন্দ্রিয়। আত্মাই জীৱৰ অন্তৰ্নিহিত অমৰ সত্তাটোক বুজায়। উপনিষদৰ মন্ত্র-দ্রষ্টাসকলৰ মতে আত্মা আৰু ব্ৰহ্ম এক আৰু অভিন্ন। এয়াই উপনিষদৰ সৰ্ব শ্ৰেষ্ঠ মতবাদ।
উপনিষদক ভিত্তি কৰি একাধিক দাৰ্শনিক মতবাদ গঢ়ি উঠিছে। কিন্তু বেদান্তৰ প্ৰতিটো শাখা-সম্প্রদায়ৰ উৎস হৈছে উপনিষদ, ভগবদগীতা আৰু ব্ৰহ্মসূত্ৰ। উপনিষদত অদ্বৈত ‘ব্ৰহ্ম-আত্মা’ৰ দুটা ধাৰণাৰ কথা পোৱা যায়। প্ৰথমটো, অদ্বৈত ‘ব্রহ্ম-আত্মা’ বিশ্বৰ সকলোতে পৰিব্যাপ্ত। দ্বিতীয়টো, জগত দৰাচলতে মায়া। এই দুটি ধাৰণা সম্বন্ধে মতানৈক্যৰ কাৰণে পৰৱৰ্তীকালত ভক্তিপন্থী দ্বৈত, বিশিষ্টাদ্বৈত আৰু ব্রহ্মবাদী অদ্বৈত বেদান্তৰ জন্ম সম্ভৱ হৈছে। 
বেদান্তৰ তিনিটি প্ৰধান শাখা-সম্প্রদায় হ’ল অদ্বৈত, দ্বৈত আৰু বিশিষ্টাদ্বৈত। বেদান্তৰ অন্যান্য উপনিষদ-কেন্দ্ৰিক শাখা-সম্প্ৰদায়সমূহ হ’ল নিম্বার্কৰ দ্বৈতাদ্বৈত, বল্লভৰ শুদ্ধাদ্বৈত, চৈতন্যৰ অচিন্ত্য ভেদাভেদ। 
বৈদিক সত্য আৰু জ্ঞান উপলব্ধিৰ পৰম্পৰাত কেন্দ্ৰীয় বিষয় হৈছে পৰম সত্য হিচাপে ব্ৰহ্ম উপলব্ধি। প্ৰতিটো ভাৰতীয় দাৰ্শনিক পৰম্পৰাতেই স্বীকৃত অখণ্ড অদ্বিতীয় সত্তা ব্ৰহ্মাৰ সৈতে জীৱাত্মা আৰু জগতৰ সম্পৰ্ক কি, তাক ব্যাখ্যা কৰাটো হৈছে এটা নিয়মীয়া প্ৰথা। বেদসমূহত মূলতঃ ব্ৰহ্মৰ অদ্বৈত স্বৰূপেই প্ৰতীয়মান হৈছে—শংকৰৰ অদ্বৈতবাদ এই ধাৰণাৰ মুখ্য পৃষ্ঠপোষক। কিন্তু বৈদিক পংক্তিসমূহত নিহিত দ্ব্যর্থব্যঞ্জক কিছু অস্পষ্টতা বা ৰহস্যময়তাই একাধিক আধ্যাত্মিক দাৰ্শনিক পৰম্পৰাৰ জন্ম দিছে। এজন বৈদিক পণ্ডিতে কেনেধৰণে এই পংক্তিসমূহ অনুধাৱন কৰে সেয়া নিজস্ব বিশেষ দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে। কোনো কোনোৱে আনকি ব্ৰহ্মৰ দ্বৈত প্ৰকৃতিও দেখা পায়। 
প্ৰতিটো শাখা-সম্প্রদায়ে উপনিষদ, ভগবদগীতা আৰু ব্রহ্মসূত্রৰ ওপৰত ভিত্তি কৰি সাধাৰণতে শংকৰৰ অদ্বৈতবাদ উত্থাপনৰ জৰিয়তে স্বকীয় পৃথক মতবাদ সাব্যস্ত কৰে।
  • শংকৰৰ অদ্বৈত
  • ৰামানুজমৰ বিশিষ্টাদ্বৈত
  • মাধবাচাৰ্যৰ দ্বৈত
  • নিম্বার্কৰ দ্বৈতাদ্বৈত
  • বল্লভৰ শুদ্ধাদ্বৈত
  • চৈতন্যৰ অচিন্ত্য ভেদাভেদ
শংকৰৰ অদ্বৈতবাদ
হিন্দু দৰ্শনৰ সকলোতকৈ প্ৰভাৱশালী শাখা-সম্প্রদায় হ’ল অদ্বৈত বেদান্ত। যদিও মূলধাৰাৰ হিন্দুধৰ্মত শাখাৰ প্ৰভাৱ ঠিক কিমান তাক লৈ বিতৰ্কৰ অৱকাশ আছে। উপনিষদৰ আপাত বিৰোধী বক্তব্যসমূহৰ ভাষ্য ৰচনাৰ মাধ্যমেৰে প্ৰথম অদ্বৈতবাদ প্ৰচাৰ কৰিছিল গৌড়পাদে। অদ্বৈত বেদান্ত এটা একেশ্বৰবাদী মতবাদ। অদ্বৈতবাদে ব্রহ্ম আৰু আত্মাৰ অভিন্নতাৰ কথা কয়। গৌড়পাদ অদ্বৈতবাদৰ প্ৰথম ঐতিহাসিক প্ৰবক্তা হ’লেও এই মতে বিস্তাৰ লাভ কৰে আদি শংকৰৰ মাধ্যমেৰে। তেওঁ আছিল গৌড়পাদৰ জনৈক শিষ্যৰ শিষ্য। ৰাধাকৃষ্ণণৰ মতে শংকৰৰ অদ্বৈতবাদ উপনিষদ আৰু ব্রহ্মসূত্রৰ প্রত্যক্ষ বিকাশৰ ফলশ্ৰুতি। তেওঁ নতুন একো কোৱা নাছিল। কিন্তু অন্যান্য গৱেষকে শংকৰৰ ৰচনা আৰু ব্রহ্মসূত্রৰ বক্তব্যৰ মাজত বিস্তৰ ব্যৱধান দেখা পায়। গৌড়পাদৰ সময়তো ভাৰতত বৌদ্ধ ধর্মৰ যথেষ্ট প্ৰভাৱ আছিল। তেওঁ নিজেও তেওঁৰ মতবাদ আৰু বৌদ্ধ মতবাদৰ মাজত কিছু সাদৃশ্যৰ বিষয়ে সচেতন আছিল। তেওঁৰ ৰচনাত বৌদ্ধ ধর্মৰ বহু পাৰিভাষিক শব্দ গৃহীত হৈছিল। তেওঁ বৌদ্ধসকলৰ মত আৰু উপমাও ব্যৱহাৰ কৰিছিল। ভাষ্যৰ শেষত তেওঁ স্পষ্টভাৱে কৈছিল, ‘বুদ্ধই এই কথা কোৱা নাছিল।’ পৰবৰ্তী ভাষ্যকাৰসকলে শংকৰৰ মতকে আদৰ্শ অদ্বৈতবাদী মতবাদ গণ্য কৰে। আদি শঙ্কৰে ১১খন মুখ্য উপনিষদৰ ভাষ্য ৰচনা কৰিছিল।
ৰামানুজমৰ বিশিষ্টাদ্বৈতবাদ
বেদান্তৰ আন এটা প্ৰধান শাখা বিশিষ্টাদ্বৈতবাদ (শ্ৰী সম্প্ৰদায়) প্ৰৱৰ্তন কৰে ৰামানুজমে। তেওঁ একাদশ-দ্বাদশ শতাব্দীৰ। আধুনিক গৱেষকসকলৰ মতে ৰামানুজমৰ বেদান্ত ভাষ্য শংকৰৰ ভাষ্যৰ তুলনাত মূলৰ অধিক অনুৰূপ। তাৰ বাহিৰেও হিন্দুসকলৰ সাধাৰণ ধর্ম বিশ্বাসৰো লগতো ৰামানুজমৰ মতৰ অধিক মিল। ৰামানুজমে শংকৰৰ মত অস্বীকাৰ কৰিছিল। তেওঁৰ মতে ঈশ্বৰ সৰ্বশ্ৰেষ্ঠ, যি জীৱ আৰু জড় জগতৰো অন্তৰ্নিহিত সত্তা, সেয়ে একে, কিন্তু অভিন্ন নহয়। জগৎ আৰু জীৱাত্মা ব্ৰহ্মৰ পৰা ভিন্ন হ’লেও ব্ৰহ্মৰ পৰাই উদ্ভূত। সূৰ্যৰ লগত সূৰ্যৰশ্মিৰ যি সম্পৰ্ক, ব্ৰহ্মৰ লগত জগৎ আৰু জীৱাত্মাৰো সেই সম্পৰ্ক। সেই কাৰণে ব্রহ্ম এক হৈও অনেক। জীৱনৰ উদ্দেশ্য বা পুৰুষাৰ্থ হৈছে মোক্ষপ্ৰাপ্তি বা বন্ধনৰ পৰা মুক্তি, যি ভক্তি আৰু প্ৰপত্তি (Self-Surrender)ৰ জৰিয়তে ঈশ্বৰ উপলব্ধিৰ মাধ্যমত প্ৰাপ্তি হয়। ধৰ্মীয়ভাৱে ইয়াক শ্রী বৈষ্ণৱ ধর্ম বুলি কোৱা হয়। বিশিষ্টাদ্বৈত বেদান্তৰ এটা অন্যতম প্ৰধান বৈশিষ্ট্য হ’ল এই মতবাদে আদি শঙ্কৰাচাৰ্যৰ মায়াবাদক খণ্ডন কৰে। শঙ্কৰাচাৰ্যই জগতক মায়া আখ্যা দি তাক মিথ্যা বুলিছিল। কিন্তু জগতো যিহেতু ব্ৰহ্মাৰেই সৃষ্টি সেয়ে ৰামানুজমৰ মতে ই মিথ্যা হ’ব নোৱাৰে।
মাধবাচাৰ্যৰ দ্বৈতবাদ
আদি শঙ্কৰাচাৰ্যৰ অদ্বৈত বেদান্ত আৰু ৰামানুজমৰ বিশিষ্টাদ্বৈত বেদান্তৰ দৰে মাধবাচাৰ্যৰ দ্বৈত বেদান্তও হিন্দুসমাজৰ ধর্ম বিশ্বাসৰ এটা অন্যতম প্ৰধান ভিত্তি। দ্বৈতবাদ (ব্ৰহ্ম মাধব সম্প্ৰদায়) প্ৰৱৰ্তন কৰোতা মাধবাচাৰ্য (১২৩৮-১৩১৭ খ্ৰীষ্টাব্দ) উডিপিৰ ওচৰত জন্মগ্ৰহণ কৰিছিল। দ্বৈত বেদান্ত অনুসৰি ঈশ্বৰ বা পৰমাত্মা (ব্রহ্ম) আৰু জীৱাত্মা চিৰন্তন, কিন্তু পৃথক সত্তা আৰু জীৱাত্মা আৰু জড় জগৎ ব্ৰহ্মৰ ওপৰত নিৰ্ভৰশীল। প্ৰতিটো জীৱাত্মা ঈশ্বৰৰ দ্বাৰা সৃষ্ট নহয়, কিন্তু অস্তিত্বৰ বাবে ঈশ্বৰৰ উপৰত নিৰ্ভৰশীল। ৰামানুজমৰ দৰে মাধবাচার্যইও এটা বৈষ্ণৱ তত্ত্ব ব্যাখ্যা কৰিছে। তেওঁ ব্রহ্ম বা সৰ্বোচ্চ ঈশ্বৰ বুলি বিষ্ণুকেই বুজাইছে।
অপেক্ষাকৃতভাৱে পৰবর্তীকালৰ ধৰ্মগুৰু নিম্বার্ক, বল্লভাচার্য আৰু চৈতন্য মহাপ্ৰভু আৰু মাধবাচাৰ্যৰ দ্বৈত বেদান্ত মতৰ দ্বাৰাই বেছি পৰিমাণে প্ৰভাৱিত হৈছিল। দ্বৈত বেদান্তৰ ভিত্তিতেই বেদ, উপনিষদ‌, ব্ৰহ্মসূত্ৰ, মহাভাৰত, পঞ্চৰাত্ৰ আৰু পুৰাণ গ্ৰন্থৰ নতুন ব্যাখ্যা প্রদান কৰা হৈছিল।
নিম্বাৰ্কৰ দ্বৈতাদ্বৈত
বৈষ্ণৱ দাৰ্শনিক অন্ধ্ৰৰ নিম্বার্ক দ্বৈতাদ্বৈত দৰ্শনৰ প্ৰতিষ্ঠাতা। নিম্বার্কৰ মতানুযায়ী তিনি বিধ অস্তিত্ব হৈছে চিৎ (জীৱ), অচিৎ (জগৎ) আৰু ঈশ্বৰ। নিজস্ব গুণাগুণ আৰু স্বভাৱৰে সৈতে চিৎ আৰু অচিৎ ঈশ্বৰৰ পৰা পৃথক, কিন্তু অস্তিত্বৰ কাৰণে ঈশ্বৰৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল। ইয়াৰ বিপৰীতে ঈশ্বৰ স্বয়ংসম্পূৰ্ণ আৰু স্বাধীন। তেনেহ’লে একে সময়তে চিৎ আৰু অচিৎ ঈশ্বৰৰ পৰা পৃথক নহয়, কাৰণ ঈশ্বৰ অবিহনে ইহঁতৰ স্বাধীন অস্তিত্ব নাই। ইয়াত পৃথকত্বৰ অৰ্থ হ’ল এটা পৃথক, কিন্তু ঈশ্বৰ নিৰ্ভৰশীল অস্তিত্ব (পৰাতন্ত্ৰ-স্বত্বভাব) অথচ একে সময়তে ‘পৃথক নহয়’—অৰ্থ হ’ল জীৱ-জগতৰ স্বতন্ত্ৰ অস্তিত্বৰ অসম্ভাৱ্যতা (স্বতন্ত্ৰ-স্বত্বভাব)। নিম্বাৰ্কৰ ‘পাৰ্থক্যসহ অদ্বৈতবাদ’ৰ পৰিভাষা সমূহৰ চমু উল্লেখ কৰা হ’ল।
ব্ৰহ্ম 
ব্ৰহ্ম মহত্তম বাস্তৱিকতা বা শেষ সত্য। ব্ৰহ্ম, কৃষ্ণ বা হৰি এজন সাকাৰ ভগৱান। তেওঁৰ সমকক্ষ নাই, তেওঁতকৈ আন কোনো শ্ৰেষ্ঠ নাই। তেৱেঁই ভগৱান আৰু সকলোৰে নিয়ন্ত্ৰক। তেওঁক ব্ৰহ্ম কোৱা হয় কাৰণ তেওঁৰ প্ৰকৃতি আৰু গুণ অতিক্ৰম কৰিব পৰা কোনো নাই—তেওঁ মহাশূন্য আৰু সময়ৰ সীমাৰ বাহিৰত। ব্ৰহ্মই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ কাৰণ। সকলো সত্তা তেওঁৰ পৰাই উৎপত্তি, তেওঁতকৈ শ্ৰেষ্ঠ কোনো নাই। একমাত্ৰ ভগৱানেই প্ৰথম কাৰণ—সকলো নাম-ৰূপৰ প্ৰকাশৰ কাৰণ। ব্ৰহ্মই সৃষ্টিৰ উপাদান (Material Cause) আৰু নিমিত্ত (Efficient Cause)। উপাদান এই অৰ্থত যে ব্ৰহ্মই নিজৰ অন্তৰ্নিহিত সূক্ষ্মভাৱে থকা প্ৰাকৃতিক শক্তি, চিৎ আৰু অচিৎ, দুয়োটাকে স্থূল প্ৰকাশৰ বাবে সমৰ্থ কৰি তোলে। ই নিমিত্ত এই অৰ্থত যে ই জীৱাত্মাসমূহক সিহঁতৰ নিজ নিজ কৰ্মফল আৰু উপভোগৰ মাধ্যমৰ লগত সংযুক্ত কৰে। নিম্বাৰ্কে ব্ৰহ্মৰ দুখন মুখচ্ছবি বৰ্ণনা কৰিছিল। এফালে ব্ৰহ্ম অনাদি-অনন্ত আৰু মহান, মহানজনতকৈও মহান, শ্ৰেষ্ঠ জনতকৈও শ্ৰেষ্ঠতম, বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা—জীৱাত্মাতকৈ তেওঁ বহু ওপৰত, যাৰ তেওঁ ভগৱান আৰু পালন কৰ্তা। কিন্তু আনটো মুখচ্ছবি অনুযায়ী তেওঁ অসীম সৌন্দৰ্য, প্ৰশান্তি আৰু স্নেহৰ আধাৰ আৰু জীৱাত্মাৰ লগত অঙ্গাঙ্গিভাৱে এক বান্ধোনৰ ডোলেৰে সংযুক্ত। তেওঁ অনন্য শান্তি-কৰুণাৰ আধাৰ আৰু কোমলতা আৰু মাধুৰ্যৰ সাগৰ। নানান গুণেৰে ভৰপূৰ আৰু সকলোৰে আৰাধনাযোগ্য ব্ৰহ্মৰ চাৰিটা ৰূপ—বাসুদেৱ, শঙ্কৰাশণ, প্ৰদ্যুম্ন আৰু অনিৰুদ্ধ। মৎস, কূৰ্ম্ম আদি কৰি ব্ৰহ্মৰ নানান অৱতাৰ। 
চিৎ বা জীৱাত্মা
চিৎ বা জীৱাত্মাৰ প্ৰকৃতি হৈছে জ্ঞানময় (জ্ঞান-স্বৰূপ)—ই চেতনান্দ্ৰিয়ৰ সহায় অবিহনে জ্ঞান উপলব্ধি কৰিব পাৰে আৰু এই অৰ্থতেই জীৱ সম্পৰ্কে ‘প্ৰজ্ঞান-ঘনহ্ স্বয়ম্জ্যোতিহ্ জ্ঞানময়হ্’ আদি উক্তি বুজিব লাগিব। জীৱ জ্ঞাতাও আৰু একে সময়তে জ্ঞান আৰু জ্ঞাতা দুয়োটাই হ’ব পাৰে, যেনেদৰে সূৰ্য আলোক আৰু একে সময়তে আলোকৰ উৎসও। সেয়ে জীৱাত্মা যি নিজেই জ্ঞান। ইয়াৰ গুণ জ্ঞান, কিন্তু যদিও জ্ঞানৰূপে দুয়োটা অভিন্ন, একে সময়তে পৃথকো হ’ব পাৰে আৰু গুণসম্পন্ন (ধৰ্মী) আৰু গুণ (ধৰ্ম) হিচাপে সম্পৰ্কিত হ’ব পাৰে, যেনেদৰে সূৰ্য আৰু সূৰ্য-ৰশ্মি যদিও আলোকৰূপে অভিন্ন কিন্তু একে সময়তে পৃথকো। সেয়ে একে সময়তে ধৰ্মী আৰু ধৰ্মৰ মাজত পৃথকত্ব আৰু অভিন্নতা দুয়োটাই বিদ্যমান। দুয়োটাৰ মাজত চৰম সাদৃশ্য থকা সত্ত্বেও মাথোঁ দুয়োটাৰ মাজত থকা প্ৰকৃত পাৰ্থক্যৰ প্রত্যক্ষ উপলব্ধিৰ অভাৱহে সম্পূৰ্ণ অভিন্নতা প্ৰতিপাদন নহয়।
কিন্তু জীৱ অহমিকা (অহমাৰ্থ)ও। এই অহমিকা একমাত্ৰ গভীৰ নিদ্ৰাতেই নহয়, মোক্ষপ্ৰাপ্তিৰ পিছতো অক্ষুণ্ণ থাকে। আনকি পৰম ব্ৰহ্মৰো অহমিকা আছে। সেয়ে গীতাত কৃষ্ণই বাৰংবাৰ নিজকে প্ৰথম পুৰুষত উল্লেখ কৰিছে, যিসকলৰ মুখ্যজন হ’ল পুৰুষোত্তম, যি সৰ্বজ্ঞ আৰু একে সময়তে অহমিকা বা অহমাৰ্থৰ পৰা অভিন্ন। 
জীৱ মূলতঃ সক্ৰিয় (কৰ্তৃ)। এই গুণ সকলো অৱস্থাতেই আনকি মুক্তিৰ পাছতো জীৱত বিদ্যমান। কিন্তু কৰ্তৃত্ব স্বাধীন। জীৱ সকলো অৱস্থাতে অপৰিহাৰ্য ৰূপে ভোক্তাও।
কিন্তু জ্ঞান আৰু সক্ৰিয়তাৰ বাবে জীৱ হৰিৰ ওপৰত নিৰ্ভৰশীল। সেয়ে জ্ঞাতা আৰু বুদ্ধি-সম্পন্ন হোৱা হেতুকে গুণগত সাদৃশ্য থাকিলেও একে সময়তে জীৱৰ হৰিৰ ওপৰত থকা সম্পূৰ্ণ নিৰ্ভৰশীলতাৰ কাৰণে হৰিৰ পৰা পৃথক। নিৰ্ভৰশীল অথবা নিয়ন্ত্ৰনাধীন হ’ব লগা হোৱা জীৱৰ আচল প্ৰকৃতি আনকি মুক্তিৰ পাছতো বৰ্তমান, যেনেদৰে নিয়ন্ত্ৰকৰূপ ঈশ্বৰৰ অনন্ত প্ৰকৃতি। 
পৰিসৰত আণৱিক কিন্তু একে সময়তে জ্ঞান-সম্পন্ন জীৱই দেহৰ যিকোনো অংশতেই সুখ বা পীড়া অনুভৱ কৰিব পাৰে, যেনেদৰে চাকিৰ পোহৰে চাৰিওফালে বহু দূৰলৈ পোহৰাই তুলিব পাৰে। প্ৰতিটো জীৱই পৃথক, পৃথক পৃথক দেহধাৰী, সংখ্যাত অগণন।
অচিৎ বা জগৎ
অচিৎ তিনি প্ৰকাৰৰ—প্ৰক্ত, অপ্ৰক্ত আৰু কাল। প্ৰক্ত (বা যি আদ্য পদাৰ্থ প্ৰকৃতিৰ পৰা উদ্ভূত) সাপেক্ষে অপ্ৰক্তক ঋণাত্মকভাৱে এইধৰণে সংজ্ঞা কৰা হৈছে—যি প্ৰকৃতিৰ পৰা উদ্ভূত নহয়, কিন্তু যাৰ প্ৰকৃত স্বৰূপ স্পষ্টভাৱে পৰিস্ফুট নহয়। নিম্বার্কে অপ্ৰক্ত আৰু কালক বিশেষভাৱে সংজ্ঞায়িত কৰা নাছিল। নিম্বার্কৰ পিছত পুৰুষোত্তম আচাৰ্যই বেদান্তৰত্ন-মঞ্জুষাত অপ্ৰক্তক ব্ৰহ্মৰ স্বৰ্গীয়-ধামৰ উপাদান সংজ্ঞা দিছিল।
জগতৰ এই তিনি বিভাগ নিজ নিজ সূক্ষ্মৰূপত চিৎ বা জীৱাত্মাৰ দৰেই অনাদি-অনন্ত। প্ৰকৃতি বা আদ্য-পদাৰ্থ জীৱাত্মাৰ দৰেই অনাদি-অনন্ত আৰু ব্ৰহ্ম নিৰ্ভৰশীল। প্ৰকৃতি তিনি গুণসম্পন্ন—সত্ব, ৰজ আৰু তম (সাংখ্যৰ প্ৰাকৃত, মহৎ, অহংকাৰৰ লগত সাদৃশ্য আছে)। 
বন্ধন
কৰ্ম আৰু ইয়াৰ পৰা উদ্ভূত অজ্ঞানতাৰ সংস্পৰ্শত জীৱৰ প্ৰকৃত স্বৰূপ বিকৃত আৰু অন্ধকাৰাচ্ছন্ন হৈ ৰয় যি স্বৰূপ প্ৰকৃততে অনাদি। কিন্তু ঈশ্বৰৰ কৰুণাত এই অৱস্থাৰ সমাপ্তি হ’ব পাৰে যেতিয়া জীৱৰ প্ৰকৃত স্বৰূপ যে ই ভগৱানৰেই অংশ সম্পূৰ্ণ প্ৰকাশিত হৈ পৰে।
মুক্তি
উদ্ধাৰৰ বাবে জীৱই পৰমাত্মাৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণ বা প্ৰপত্তি আৰম্ভ কৰিব লাগিব। প্ৰপত্তিৰ ছটা উপাদান হৈছে—(১) সমৰ্পণৰ সংকল্প, (২) প্ৰতিকূলতাৰ বৰ্জন, (৩) বিশ্বাস যে ভগৱান ৰক্ষা কৰোঁতা, (৪) বিশ্বাস যে ভগৱান উদ্ধাৰ কৰোঁতা, (৫) নিজৰ আত্মা ভগৱানত নিক্ষেপ আৰু (৬) অসহায়তাৰ উপলব্ধি।
এই ছয় গুণসম্পন্ন জীৱলৈ ভগৱানে কৰুণা প্ৰদৰ্শন কৰে, অৰ্থাতৎ এইসকল জীৱ প্ৰপন্ন হয় আৰু এই কৰুণাৰ পৰাই বিশেষ ভগৱৎ প্ৰেমযুক্ত ভক্তিৰ জন্ম হয়, যি অৱশেষত পৰমাত্মাৰ উপলব্ধি লাভৰ (সাকাৰাৰ্থ) ৰূপত সমাপ্তি হয়। এজন ভক্তৰ বাবে পাঁচোটা জ্ঞানৰ প্ৰয়োজন—(১) পৰমাত্মাৰ স্বৰূপ, (২) জীৱাত্মাৰ স্বৰূপ, (৩) ভগৱানৰ কৰুণা বা মোক্ষ (সকলো কৰ্ম আৰু তাৰ পৰা উদ্ভূত সকলো ইন্দ্ৰিয় সচেতনতাৰ সম্পূৰ্ণ অৱসানৰ পৰিণতি ৰূপে ব্ৰহ্মৰ প্ৰকৃতি আৰু গুণ সম্পৰ্কে নিৰবিচ্ছিন্ন উপলব্ধিৰ এটা স্থিতি), (৪) ভক্তিভাৱত আনন্দৰ উপলব্ধি আৰু (৫) ভগৱত উপলব্ধিৰ পথৰ বাধাসমূহৰ স্বৰূপ সম্পৰ্কে ধাৰণা, উদাহৰণ স্বৰূপে দেহ আৰু মনক আত্মা বুলি ভ্ৰম, আন এজনৰ ওপৰত নিৰ্ভৰশীলতা যিজন ভগৱানো নহয় বা কৰ্মবিধানদাতাও নহয় আৰু ভগৱানক সাধাৰণ সত্তা বুলি কৰা ধাৰণা। নিম্বাৰ্কে সাধনাৰ ৪টা প্ৰণালী দেখুৱাইছিল—
কৰ্ম—বৰ্ণ আৰু আশ্ৰম অনুযায়ী প্ৰকৃত মনোভাবেৰে কৰা কৰ্ম যাৰ দ্বাৰা মোক্ষৰ বাবে প্ৰয়োজনীয় জ্ঞান লাভ হয়। 
বিদ্যা—কৰ্মৰ গৌণভাৱে নহয়, বৰং সম্পূৰ্ণ স্বাধীন পন্থা হিচাপে।
উপাসনা বা ধ্যান—উপাসনা তিনি ধৰণৰ। প্ৰথম, ভগৱানক নিজৰ অন্তৰ্নিহিত সত্তা ৰূপে অৰ্থাত ভিতৰৰ অনুভৱক্ষম (Sentient) জনৰ নিয়ন্ত্ৰক ৰূপে, দ্বিতীয়, ভগৱানক নিজৰ ভিতৰৰ অনুভৱ-অক্ষম জনৰ নিয়ন্ত্ৰক ৰূপে আৰু শেষত, স্বয়ং ভগৱানক অনুভৱক্ষম আৰু অনুভৱ-অক্ষম দুয়োৰে পৰা পৃথক হিচাপে উপাসনা।
গুৰুস্পতি—গুৰুৰ প্ৰতি ভক্তি আৰু আত্ম-সমৰ্পণ।
নিম্বাৰ্কে দ্বৈতাদ্বৈত বেদান্তৰ ওপৰত ব্ৰহ্মসূত্ৰৰ ভাষ্য ‘বেদান্ত পাৰিজাত সৌৰভ’ প্ৰণয়ন কৰিছিল।
বল্লভৰ শুদ্ধাদ্বৈত
বল্লভাচাৰ্য (১৪৭৯-১৫৩১ খ্ৰীষ্টাব্দ) প্ৰতিষ্ঠাপিত শুদ্ধাদ্বৈত বা ‘বিশুদ্ধ অদ্বৈত’ শ্ৰীকৃষ্ণকেই মূল ৰূপে উপাসনা কৰা আন এটা বৈষ্ণৱ পৰম্পৰা (বল্লভ সম্প্ৰদায়)। ই পুষ্টি মাৰ্গ (Path of Grace) ৰূপেও জনাজাত। ৰাজস্থানৰ নাথদ্বাৰত অৱস্থিত শ্ৰীনাথজী মন্দিৰ আৰু আঠজন কবিৰ (ইয়াৰ মাজত শূদ্ৰ বৰ্ণৰ কবিও আছে) ৰচনাৱলী এই সম্প্ৰদায়ৰ উপাসনাৰ মন সমল। কিন্তু আন একাধিক বৈষ্ণৱ সম্প্ৰদায়ৰ দৰে এই সম্প্ৰদায়ৰো আৰম্ভণি বৃন্দাবনৰ পৰাই হৈছিল। আজি এই সম্প্ৰদায়ৰ প্ৰাদুৰ্ভাৱ গুজৰাট আৰু ৰাজস্থানত দেখা যায়। 
শুদ্ধাদ্বৈত দৰ্শন শংকৰৰ অদ্বৈতবাদৰ পৰা পৃথক। শুদ্ধাদ্বৈত অনুসৰি জীৱাত্মা আৰু পৰম ব্ৰহ্মৰ মাজৰ সাদৃশ্য মৌলিক স্তৰত মানি লোৱা হয়। জুই আৰু ফিৰিঙতিৰ দৰে পৰমাত্মা আৰু জীৱাত্মাৰ মাজত মৌলিক বৈসাদৃশ্য নাই। বল্লভে ব্ৰহ্মাক সম্পূর্ণ আৰু জীৱক ইয়াৰ অংশ হিচাপে অস্বীকাৰ নকৰে। কিন্তু শংকৰৰ অদ্বৈতবাদত মানি লোৱা ধৰণে জীৱাত্মাক অবিদ্যাৰ দ্বাৰা আচ্ছন্ন হেতু নিজৰ স্বৰূপ উপলব্ধি কৰাত অসমৰ্থ, যি দৰাচলতে নিজেই পৰমব্ৰহ্ম (সৎ-চিৎ-আনন্দ), কেৱল অবিদ্যাৰ বাবেহে নিজৰ ‘আনন্দ’ স্বৰূপ উপলব্ধিত ব্যৰ্থ, এই বুলি নামানে। শংকৰৰ অদ্বৈতবাদত মানি লোৱা ধৰণে জগৎ মায়া, সেয়ে মিথ্যা বুলিও স্বীকাৰ নকৰে। কাৰণ মায়া ঈশ্বৰৰ শক্তি, সেয়া মিথ্যা হ’ব নোৱাৰে। ব্ৰহ্মা সৃষ্টিকৰ্তাই নহয়, নিজেই সমগ্ৰ সৃষ্টিও। বল্লভে নিজৰ মতবাদৰ সমৰ্থনত বৃহদাৰণ্যক উপনিষদত উল্লিখিত এক পংক্তি য’ত ব্ৰহ্মাই বহু হ’বলৈ বাসনা প্ৰকাশ কৰিছিল আৰু অসংখ্য জীৱাত্মা আৰু জগৎ হৈ পৰিছিল দাঙি ধৰিছিল। যদিও ব্ৰহ্মা অজ্ঞেয় যেতিয়া জগৎ ৰূপে প্ৰকাশিত হয় তেতিয়া বোধগম্য হয়।
শুদ্ধাদ্বৈত বেদান্ত ব্ৰহ্মবাদ বুলিও জনাজাত। একমাত্ৰ অদ্বিতীয় ব্ৰহ্মাই একমাত্ৰ শ্ৰেণী। আন সকলো পদাৰ্থ সৃষ্টিৰ মুহূৰ্তত ব্ৰহ্মাৰ পৰা উদ্ভৱ হৈছে আৰু প্ৰলয়ৰ সময়ত ব্ৰহ্মাতেই লীন যায়। আন দুই শ্ৰেণী চিৎ বা জীৱাত্মা আৰু অচিৎ বা জগৎ ক্ৰমে ব্ৰহ্মাৰ অংশ আৰু ৰূপান্তৰ। জীৱাত্মা ইয়াৰ অংশ, কাৰণ কিছু পৰিমাণে হ’লেও ব্ৰহ্মাৰ মৌলিক গুণ চৈতন্য আৰু আনন্দ জীৱাত্মাত পৰিস্ফুট। মনোহৰ শ্ৰীকৃষ্ণৰ সৎচিদানন্দ স্বয়ং ভগৱানৰূপে পৰম ৰূপ, আৱাস গোলোকত প্ৰতি ক্ষণতেই তেওঁ মহাজাগতিক লীলাত ৰত হৈ আছে। বিষ্ণুৰ আৱাস গোলোক, দিব্য লোক বৈকুণ্ঠ, সৃষ্টিকৰ্তা ব্ৰহ্মাৰ আৱাস সত্যলোক আৰু শিৱৰ আৱাস কৈলাসৰো ঊৰ্ধ্বত। সৃষ্টি ভগৱানৰ ক্ৰীড়া। 
জীৱাত্মা কৰ্তা আৰু উপভোক্তা। আয়তনত আণৱিক, কিন্তু সমগ্ৰ দেহ জুৰি ইয়াৰ মৌলিকত্ব বুদ্ধিমত্তাৰ দ্বাৰা পৰিব্যাপ্ত, যেনেদৰে চন্দন কাঠক দেখা নাপালেও ইয়াৰ সুবাসৰ দ্বাৰাই উপস্থিতি বোধগম্য কৰি তোলে। 
ভক্তি মোক্ষৰ আলম যদিও জ্ঞানো সহায়ক। কৰ্মসমূহ ব্ৰহ্ম উপলব্ধিৰ পূৰ্ববৰ্তী, কিন্তু ব্ৰহ্মজ্ঞান প্ৰাপ্তিৰ পাছতো কৰ্মসমূহ নোহোৱা নহয়। মুক্তিপ্ৰাপ্ত জনেও সকলো কৰ্ম কৰে। চৰম লক্ষ্য মুক্তি বা মোক্ষ নহয় বৰং শ্ৰীকৃষ্ণৰ চিৰন্তন সেৱা আৰু শ্ৰীকৃষ্ণৰ দিব্য আৱাস বৃন্দাবন গোলোকত তেওঁৰ সঙ্গ লাভ আৰু কামত অংশগ্ৰহণৰ আকাঙ্ক্ষা। বল্লভে ব্ৰহ্মৰ তুৰীয় সচেতনতাক পুৰুষোত্তম বুলি অভিহিত কৰিছিল। চর্তহীন প্ৰেম আৰু উৎসৰ্গাৰ সমৰ্পিত জীৱনৰ ওপৰত অসীম গুৰুত্ব আৰোপ কৰিছিল।
চৈতন্যৰ অচিন্ত্য ভেদাভেদ
চৈতন্য মহাপ্ৰভু (১৮৮৬-১৫৩৪ খ্ৰীষ্টাব্দ) প্ৰতিষ্ঠাপিত অচিন্ত্য ভেদাভেদ (অচিন্তনীয়ভাৱে একে সময়তে এক আৰু পৃথক) দৰ্শন গৌড়ীয় বৈষ্ণৱ নামে জনাজাত। অচিন্ত্য ভেদাভেদ দৰ্শনে শংকৰৰ অদ্বৈত মতবাদ অস্বীকাৰ কৰাৰ লগে লগে মাধবাচাৰ্যৰ কঠোৰ দ্বৈত আৰু ৰামানুজমৰ বিশিষ্টাদ্বৈত মতৰ মাজত সমন্বয় সাধনৰ প্ৰচেষ্টা কৰিছে। ভগৱান একে সময়তে সৃষ্টিৰ লগত এক আৰু পৃথক, কিন্তু ই সৰ্বেশ্বৰবাদ নহয়। কাৰণ বৈষ্ণৱ ধৰ্মতত্ত্বৰ মূল এজন পৃথক ভগৱান নিজস্ব ৰূপত বিষ্ণুৰ অস্তিত্ব ই কোনোমতে ই অমান্য নকৰে। কিন্তু একে সময়তে সৃষ্টি, বৈষ্ণৱ ধৰ্মতত্ত্বত ‘মহাজাগতিক প্ৰকাশ’ বুলি কোৱা হয়, সৃষ্টিকৰ্তা ভগৱানৰ পৰা কেতিয়াও পৃথকো নহয়। ভগৱান সকলো সময়তেই সৃষ্টিৰ নিয়ন্ত্ৰক—কেতিয়াবা প্ৰত্যক্ষভাৱে বা কেতিয়াবা তেওঁৰ বহু প্ৰভাৱৰ কোনো এটাৰ জৰিয়তে পৰোক্ষভাৱে। ইয়াক সাধাৰণতে ‘এটা মকৰা তাৰ মকৰা-জালত’ উপমাৰে বুজাবলৈ চেষ্টা কৰা হয়। কুৰি শতিকাৰ চৈতন্য সম্প্ৰদায়ৰ গুৰু ভক্তিবেদান্ত স্বামী প্ৰভুপাদে কৈছে, ‘যিজনে ভগৱানক বুজি পাইছে তেওঁ জানে যে ভগৱানৰ সাকাৰ আৰু নিৰাকাৰ ৰূপ একে সময়তেই বিদ্যমান আৰু ইয়াৰ মাজত কোনো বিৰোধিতা নাই। সেয়ে ভগৱান চৈতন্যই অচিন্ত্য ভেদাভেদ মতবাদ প্ৰচলন কৰিছে।’ এই সন্দৰ্ভত সাধাৰণতে সূৰ্য আৰু সূৰ্য-ৰশ্মিৰ মাজৰ সম্পৰ্কৰ উপমা দিয়া হয়—সূৰ্য আৰু সূৰ্য-ৰশ্মি একে সময়তে এটা সত্তাৰেই অংশ, অথচ কোঠালীত সূৰ্য-ৰশ্মিৰ উত্তাপ উপভোগ কৰা আৰু সূৰ্যৰ কাষ চাপি যোৱাৰ মাজত আকাশ-পাতাল প্ৰভেদ। গুণগতভাৱে সূৰ্য আৰু সূৰ্য-ৰশ্মিৰ মাজত কোনো প্ৰভেদ নাই, কিন্তু মাত্ৰাত বিশাল পাৰ্থক্য। এই উপমা ভগৱান আৰু জীৱাত্মাৰ ক্ষেত্ৰতো প্ৰযোজ্য— জীৱাত্মা গুণগতভাৱে ভগৱানৰ সৈতে সদৃশ, কিন্তু গুণৰ অতি সীমিত পৰিমাণ স্বয়ং ভগৱানৰ অসীম গুণৰ লগত তুলনা নহয়। সেয়ে জীৱাত্মা আৰু পৰমাত্মা একে সময়তে পৃথক। এইখিনিতেই অদ্বৈত দৰ্শনৰ অনিৰ্বচনীয় (Inexpressible) ধাৰণা আৰু চৈতন্যৰ অচিন্তনীয় (Inconceivable) ধাৰণাৰ মাজৰ প্ৰভেদ মন কৰিবলগীয়া। অদ্বৈত বেদান্তৰ অনিৰ্বচনীয় ধাৰণা হৈছে জগত অস্তিত্বৰ প্ৰকৃতি সম্পৰ্কীয় ধাৰণা। চৈতন্যৰ স্বয়ং ভগৱান আৰু তেওঁৰ শক্তি বা প্ৰভাৱসমূহ বাস্তৱ আৰু পাৰস্পৰিকভাৱে পৃথক, কিন্তু একে সময়তে একাত্ম—অচিন্ত্য ভেদাভেদ দুয়োটা সত্যৰেই অনুকূল। এই সম্পৰ্কত শংকৰৰ মায়াবাদ অচিন্ত্য ভেদাভেদ ধাৰণাৰ প্ৰত্যক্ষভাৱে বিপৰীত আৰু বিৰোধী।
বেদান্ত দৰ্শন মানুহৰ জিজ্ঞাসা, যুক্তি আৰু উপলব্ধিৰ উচ্চ প্ৰকাশ। আধুনিক মনৰ বাবে সত্য অনুসন্ধানৰ সহায়ক।
তথ্যোল্লেখ
Hodgkinson, Brian. The Essence of Vedanta. London, Arcturus Publishing, 2011.
Smart, Ninian. The World’s Religions. Cambridge, Cambridge University Press, 2006.

Saturday, March 10, 2018

ইচ্ছামৃত্যুৰ বৰ

আমাৰ অসম, ৭ জুন ২০১২ চনত প্ৰথম প্ৰকাশিত আৰু সদ্য প্ৰকাশিত ৰচনা সংকলন 'উদ্বেগ-অনুদ্বেগ'ত সন্নিৱিষ্ট। উচ্চতম ন্যায়ালয়ৰ ৯ মাৰ্চৰ 'Right to live includes right to die' সম্পৰ্কীয় ন্যায়দানৰ পৰিপ্ৰেক্ষিতত পুণৰ প্ৰকাশ কৰিলোঁ।
পিতৃ শান্তনুৱে ভীষ্মক ইচ্ছামৃত্যুৰ বৰ প্ৰদান কৰিছিল । প্ৰাচীন মহাভাৰতৰ যুগত ইচ্ছামৃত্যুৰ তাৎপৰ্য কি আছিল মই নাজানোঁ, কিন্তু অৱশ্যম্ভাৱী মৃত্যুৰ ক্ষণ গণি থকা ৰোগী এজনৰ বাবে আজিৰ একবিংশ শতিকাত ইচ্ছামৃত্যুৰ বৰ জীৱন দীঘলীয়া কৰিব খোজা কিন্তু বৃথা আধুনিক চিকিৎসাৰ এক বিকল্পই নহয়, আশীৰ্বাদো হ'লহেঁতেন । এনে এটা বিষয় আজি উপস্থাপন কৰিব বিচাৰিছোঁ—যিটো খুব ৰাজহুৱা আলোচনা হোৱা দেখা নাযায় অথচ অতি প্ৰয়োজনীয়।

Google Play Bookত eBook হিচাপে উপলব্ধ
কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস আৰু হৃদযন্ত্ৰৰ প্ৰক্ৰিয়া চলাই ৰখা আধুনিক চিকিৎসাৰ উপযোগিতা সীমাবদ্ধ। ইয়াৰ কোনো চমৎকাৰী জীৱনদায়িনী শক্তি নাই। জৰা-ব্যাধিৰে জৰ্জৰ শৰীৰত যেতিয়া জীৱনী শক্তিৰ ভাণ্ডাৰ উদং হয়, মৃত্যু হৈ পৰে অৱধাৰিত। এনে এটা সন্ধিক্ষণত চিকিৎসকৰ ভূমিকা হৈ পৰে অতি গুৰুত্বপূৰ্ণ, এজন সাৰথিৰ দৰে। চিকিৎসা বিধিৰ দ্বাৰা পৰিচালিত চিকিৎসকজনে ৰোগীগৰাকী, সহকৰ্মী আৰু পৰিয়ালৰ লগত আলোচনা কৰি ৰোগীজনৰ কল্যাণৰ খাতিৰত এটা সিদ্ধান্তত উপনীত হয়। চিকিৎসা সেৱা বিধিৰ দ্বাৰা পৰিচালিত চিকিৎসক এগৰাকীয়ে ব্যৱসায়িক বিবেচনাৰে জীৱনৰ মিছা আশা প্ৰদান কৰি কেইটামান অধিক দিনলৈ পৰিয়াল আৰু বন্ধুবৰ্গৰ বেদনা আৰু উৎকণ্ঠা বৃদ্ধিৰ পৰিৱৰ্তে পীড়া উপশমকাৰী চিকিৎসা সেৱাৰে ৰোগীজনৰ মৰ্যাদাপূৰ্ণ মৃত্যু নিশ্চিত কৰে। আন কথাত প্ৰাকৃতিকভাৱে ৰোগীজনৰ মৃত্যুৰ পথ সুগম কৰি দিয়ে। পীড়াৰ উপশম আৰু মৰ্যাদাসম্পন্ন মৃত্যুৰ প্ৰতিশ্ৰুতি হৈছে আধুনিক চিকিৎসা বিজ্ঞানৰ আশীৰ্বাদ, এয়া চিকিৎসকৰ অনুগ্ৰহ নহয়।
যি স্থলত বৰ্তমানৰ চিকিৎসা সেৱা দ্ৰুতগতিত মাথোঁ ব্যৱসায়লৈ নিম্নগামী হৈছে, চিকিৎসক তথা নাৰ্ছৰ দলটোৱে ৰোগীৰ জীৱনৰ পীড়ামুক্ত আৰু মৰ্যাদাসম্পন্ন সমাপ্তিত নিৰ্ণায়ক ভূমিকা লয়। ৰোগীজনে কেনেধৰণে নিশ্চিত মৃত্যুক আঁকোৱালি ল'ব, সেই সিদ্ধান্ত ল’বলৈ সহায় কৰাৰ ক্ষমতা—আন কথাত ৰোগীজনক ইচ্ছামৃত্যুৰ বৰ দিয়াৰ ক্ষমতা, সেই সময়ত চিকিৎসকজনে আহৰণ কৰে। অথচ ইয়াৰ বিপৰীতে মৃত্যু অৱশ্যম্ভাৱী বুলি জানিও কেৱল ব্যৱসায়িক কাৰণত চিকিৎসকে কৃত্ৰিম প্ৰণালীৰে ৰোগীৰ জীৱন অযথা দীঘলীয়া কৰাৰ অপচেষ্টাৰ কথা আমি নুশুনা নহয়। স্বনামধন্য ব্যক্তি, জীৱনকালত মান-মৰ্যাদাৰ প্ৰতি অতি সচেতন আৰু সদায়েই সুস্থিৰ সিদ্ধান্ত ল’ব পৰা প্ৰখ্যাত লোকেও চিকিৎসকৰ আৰু অজানিতে ৰাইজৰো অত্যুৎসাহৰ বলি হৈ ৰুগীয়া জীৱনৰ শেষ দিনকেইটা দীঘলীয়া সময়ৰ বাবে পীড়া ভুগি ভুগি মৃত্যুক আঁকোৱালি লোৱা আমি দেখিছোঁ আৰু শুনিছোঁ। ভীষ্মৰ দৰে ইচ্ছামৃত্যুৰ বৰ থকা হ’লে নিশ্চিতভাৱে তেখেতসকলে শান্ত-সমাহিত আৰু অধিক মৰ্যাদাপূৰ্ণভাৱে অৱশ্যম্ভাৱী মৃত্যুক আঁকোৱালি ল'লেহেঁতেন। অথবা নিজৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ থকাহেঁতেন চিকিৎসকক নিৰ্দেশ দিলেহেঁতেন—যিহেতু এদিনৰ বাবেও মোক পীড়াবিহীন জীৱন দিবলৈ তোমালোক অপাৰগ, মোৰ শান্ত সমাহিত মৃত্যুৰ পথ সুগম কৰা।
কিন্তু জীৱনৰ শেষ দিনকেইটাৰ পৰিভাষা কি? ইয়াক নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়াই বা কি? জৰাগ্ৰস্ত বা দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত শৰীৰ ক্ৰমাগতভাৱে এসময়ত এনে এটা পৰ্যায়ত উপনীত হয় যে জীৱনৰ অন্তিম ক্ষণ আহি পৰে, মৃত্যু হৈ পৰে অৱশ্যম্ভাৱী। দুৰাৰোগ্য ব্যাধি বুলিলে কৰ্কট ৰোগৰ কথা প্ৰথমে মনলৈ আহে যদিও আৰু বহু ৰোগ দুৰাৰোগ্য। এজন নিপুণ চিকিৎসকে জীৱনৰ শেষ ক্ষণ অতি সঠিকভাৱেই নিৰ্ণয় কৰিব পাৰে। সেই অৱস্থাত ৰোগীক পীড়া উপশমকাৰী চিকিৎসাহে দিয়া উচিত, যাতে ৰোগীজনক যথাসম্ভৱ পীড়ামুক্ত কৰি ৰাখি আত্মা আৰু মনৰ প্ৰয়োজনীয়তাক প্ৰাধান্য দি মৰ্যাদাপূৰ্ণভাৱে অৱশ্যম্ভাৱী মৃত্যুৰ পথ প্ৰশস্ত কৰি দিব পৰা যায়। পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে এয়া বিষাদৰ সময়, কিন্তু লগতে আত্মীয়জনক মৰ্যাদাপূৰ্ণভাৱে বিদায় দিয়াৰ গুৰুদায়িত্বৰো সময়। এনে অৱস্থাত কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস আৰু হৃদযন্ত্ৰ চলাই ৰখা কাৰ্য অমানৱীয় আৰু প্ৰকৃতিৰ পৰিপন্থী।
এইখিনিতে মন কৰিবলগীয়া কথা যে আনকি এনে মুমূৰ্ষু অৱস্থাতো মৃত্যুক ত্বৰান্বিত কৰা চিকিৎসা সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত ব্যতিক্ৰম হ'ল কিছু সংখ্যক ইউৰোপীয় দেশ, য’ত ‘সক্ৰিয় ইউথেনেছিয়া’ (Active Euthanasia) বিধিসন্মত। ইয়াৰ দ্বাৰা দুৰাৰোগ্য আৰু অতিমাত্ৰা পীড়াত আক্ৰান্ত ৰোগীক যথাসম্ভৱ সোনকালে পীড়াৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যৰে মৃত্যুক ত্বৰান্বিত কৰা চিকিৎসা দিয়া হয়। বিভিন্ন জটিল সামাজিক, ধৰ্মীয় আৰু নীতিগত কাৰণত তথা বৃদ্ধ আৰু ৰোগাক্ৰান্তজনৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে পৰিয়ালৰ লোকে অপব্যৱহাৰ কৰাৰ সম্ভাৱনীয়তাৰ আশংকাত বহু উন্নত দেশতো ‘সক্ৰিয় ইউথেনেছিয়া’ বিধিসন্মত কৰা হোৱা নাই ।
ইয়াৰ বিপৰীতে ‘নিষ্ক্ৰিয় ইউথেনেছিয়া’ (Inactive Euthanasia) প্ৰায় সকলোবোৰ উন্নত দেশৰ চিকিৎসালয়ত নিত্য-নৈমিত্তিক ঘটনা। সেয়ে হ’লেও অতি সহজে বা নভবা-নিচিন্তাকৈ মুহূৰ্ততে লোৱা সিদ্ধান্ত নহয়। কোৱা বাহুল্য যে বহু ক্ষেত্ৰত ৰোগীজন মানসিকভাৱে মতামত দিব পৰা অৱস্থাত নখাকে, যদিও বহু ৰোগীয়ে আজিকালি মানসিক সক্ষমতা থকা অৱস্থাতেই চিকিৎসকক নিজৰ জীৱনৰ শেষ পৰিণতি সম্পৰ্কে পূৰ্ব নিৰ্দেশ দি ৰাখে। এনে নিৰ্দেশ আইন সঙ্গত আৰু অৱশ্য পালনীয়। অকল কৃত্ৰিম জীৱন-ধাৰণৰ যান্ত্ৰিক সহায় বন্ধ কৰি দিয়াই নহয়, পৰিস্থিতি অনুযায়ী কৃত্ৰিমভাৱে আহাৰ খুওৱা বন্ধ কৰি দিয়া অথবা এটা অস্ত্ৰোপচাৰ নকৰা নতুবা পীড়া উপশমকাৰী ঔষধৰ বাহিৰে আন ঔষধ বন্ধ কৰি দিয়াও ‘নিষ্ক্ৰিয় ইউথেনেছিয়া’ৰ অন্তৰ্গত। উদ্দেশ্য এটাই—অসহনীয় পীড়াত আক্ৰান্ত মুমূৰ্ষজনক মৰ্যাদাপূৰ্ণ মানৱীয় সেৱা-শুশ্ৰূষাৰে নিশ্চিত মৃত্যুৰ পথলৈ আগ বঢ়াই লৈ যোৱা। ইংলণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয় আৰু মেৰী ক্যুৰি সেৱা প্ৰতিষ্ঠানে যুটীয়াভাৱে মানৱীয় প্ৰমূল্যৰ আধাৰত চিকিৎসকৰ বাবে যুগুতাই উলিওৱা এক নিৰ্দেশাৱলী হৈছে ‘মুমূৰ্ষজনৰ লিভাৰপুল সেৱা প্ৰণালী’ (Liverpool Care Pathway for Dying)। এই সেৱা প্ৰণালীৰ আধাৰত আৰ্ত আৰু মুমূৰ্ষজনৰ জীৱনৰ শেষ দিনকেইটা পাৰ্যপৰিমাণে সহনশীল আৰু উপভোগ্য কৰি তোলা হয় আৰু পৰিয়াল-বন্ধুবৰ্গৰ বাবে ৰোগীৰ শেষ ক্ষণ কেইটা স্মৰণীয় কৰি ৰখা হয়। কোৱা বাহুল্য যিহেতু এনে নীতিগতভাৱে জটিল আৰু দোদুল্যমান পৰিস্থিতি একোটাৰ চিকিৎসালয় এখনত প্ৰায় প্ৰতিদিনেই উদ্ভৱ হয়, সেয়ে সুচিন্তিত, সমাজৰ গ্ৰহণযোগ্য আৰু বিধি সাপেক্ষ নীতি-নিৰ্দেশনা আৰু প্ৰণালী পূৰ্বেই যুগুতাই ৰখা উচিত। যাতে মাথোঁ এজন বা দুজনে এনে স্পৰ্শকাতৰ সিদ্ধান্ত অকলে ল’বলগীয়া নহয় । 
ইউথেনেছিয়াৰ দৰে জটিল বিষয় এটাৰ দীঘলীয়া আলোচনাৰ পৰা বিৰত থাকি মাথোঁ আগ্ৰহী পাঠকসকলক নিজাববীয়াকৈ জানিবলৈ উদ্যোগ ল’বলৈ অনুৰোধ জনালোঁ।
যদিহে চিকিৎসকজনে সঠিক চিকিৎসা নীতিৰ দ্বাৰা পৰিচালিত হৈ নিপুণতাৰ পৰিচয় দি নিশ্চিত মৃত্যুৰ দুৱাৰডলিত উপস্থিত হোৱা ৰোগীৰ ক্ষেত্ৰত জটিল আৰু কৃত্ৰিম উপায়ৰে জীৱন ৰক্ষাৰ বৃথা চেষ্টা নচলায়— পৰিয়ালবৰ্গক মিছা আশা নিদিয়ে—তেন্তে বহু ক্ষেত্ৰত সক্ৰিয় বা নিষ্ক্ৰিয় ইউথেনেছিয়াৰ জটিল নীতিগত পৰিস্থিতিৰ উদ্ভৱ নোহোৱাকৈ ৰাখিব পাৰি। বহু ক্ষেত্ৰত অচল হৈ পৰা হৃদযন্ত্ৰৰ ক্ৰিয়া পুনৰ সচল কৰিবলৈ দিয়া চিকিৎসা প্ৰচেষ্টা বিফল হ’ব নতুবা ৰোগীজনৰ আয়ুস মাথোঁ ক্ষণস্থায়ী হ’ব নতুবা হৃদযন্ত্ৰ পুনৰ সক্ৰিয় হ’লেও ৰোগীজন পংগু বা চেতনাবিহীন দেহা এটাহে হৈ ৰোৱাৰ সম্ভাৱনীয়তা থকা বুলি আগতীয়াকৈ নিশ্চিত হোৱা যায়। উন্নত দেশসমূহত এনে পৰিস্থিতিত হঠাৎ অচল হৈ পৰা (Cardiac arrest) হৃদযন্ত্ৰক পুনৰ সক্ৰিয় (Resuscitation) কৰাৰ প্ৰচেষ্টা চলোৱা নহয়। এনে প্ৰচেষ্টাৰে পুনৰ সক্ৰিয় কৰি এটা পংগু-অচেতন জীৱ দেহক কৃত্ৰিম প্ৰক্ৰিয়াৰে জীয়াই ৰখাৰ বৃথা চেষ্টা তিল-তিলকৈ মৃত্যুলৈ ঠেলি দিয়াৰেই নামান্তৰ—এয়া ৰোগীজনৰ আঁৰত থকা ব্যক্তিজনৰ প্ৰতি অসন্মান, নিষ্ঠুৰতা আৰু অমানৱীয় আচৰণ। এটা মৰ্যাদাপূৰ্ণ আৰু প্ৰশান্তিময় মৃত্যুও জীৱনৰ দৰেই এটা অধিকাৰ, সম্ভৱতঃ বহুজনৰ বাবে আধ্যাত্মিকভাৱে কাম্য!
চিকিৎসা ব্যয়ৰ কথা আঁতৰত ৰাখি এটা জটিল আৰু স্পৰ্শকাতৰ বিষয়ত পাঠকৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল। কিন্তু চিকিৎসা ব্যয়ো এটা কঠোৰ সত্য। ব্যৱসায়িক উদ্দেশ্যপ্ৰণোদিত চিকিৎসাই কাক লাভৱান কৰে, সেয়াও সহজেই অনুমেয়।

আন দেশৰ অভিজ্ঞতা আৰু সাৰ্বজনীন মানৱীয় প্ৰমূল্যৰ ভিত্তিত চিকিৎসক আৰু সমাজৰ আগশাৰীৰ বিদ্বান সকলে আমাৰ দেশতো নীতি নিৰ্দেশনা প্ৰণয়নৰ বাবে কিছু আগভাগ লোৱা উচিত। ভীষ্মৰ দৰে ইচ্ছামৃত্যুৰ ক্ষমতা নথকা আমাৰ দৰে সাধাৰণ মানুহৰ জীৱনৰো অন্তিম অৱস্থা মৰ্যাদাপূৰ্ণ আৰু প্ৰশান্তিময় কৰাৰ স্বাৰ্থত এই আলোচনা সহায়ক হওক।
বিঃ দ্ৰঃ ২০১৫ চনত Liverpool Care Pathway for Dyingৰ কিছু সাল-সলনি ঘটাই কেতবোৰ নতুন দিশ সাঙুৰি এখন নতুন নিৰ্দেশাৱলী প্ৰকাশ কৰা হয়।
তথ্যোল্লেখ
Garrard, E. (2005). Passive euthanasia. Journal of Medical Ethics, 31(2), 65-68. doi:10.1136/jme.2003.005777