নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ, ২০২০
ক’ভিড-১৯ৰ বীজাণু ক’ৰনা ভাইৰাছ বিধৰ নাম হৈছে SARS-CoV-2। ইতিপূৰ্বে আন দুবিধ ক’ৰনা ভাইৰাছ ক্ৰমে SARS-CoV-1 (২০০৩) আৰু MERS (২০১৩) ভাইৰাছে এপিডেমিক কৰিছিল কিন্তু বৰ্তমানৰ দৰে বিশাল ৰূপ ধৰা নাছিল। ইয়াৰ কাৰণ কি আলোচনা কৰিম। ক’ভিড-১৯ৰ আৱিৰ্ভাৱ অপ্ৰত্যাশিত নহয়। বিশ্বৰ দেশসমূহৰ প্ৰস্তুতি-পৰিকল্পনা নোহোৱাটোহে অপ্ৰত্যাশিত। মই ইংলেণ্ডত মাইক্ৰ’বায়োলজী অধ্যয়ন কৰিবলৈ যোৱা ঠিক পিছৰ বছৰটোতেই ১৯৯৫ চনত আমেৰিকাৰ Centre for Disease Control (CDC)ৰ পৃষ্ঠপোষকতাত Emerging Infectious Diseases নামৰ বিজ্ঞান আলোচনীখনৰ প্ৰথমটো সংখ্যা ওলাইছিল। নগৰিকীকৰণ, অৰণ্যসমূহৰ ধ্বংসসাধন, আন্তৰ্জাতিক ভ্ৰমণ আৰু বিশ্ব-উষ্ণতা আদি মানৱকৃত প্ৰকৃতি ক্ষতিকাৰক কাৰ্যৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে যে জীৱ-জগতৰ পৰা বীজাণু পৰিৱৰ্তিত হৈ মানুহক ৰোগ কৰিব পৰা ক্ষমতা ধাৰণ কৰিব সেয়া অনুমান কৰা হৈছিল। সেই অনুমান যোৱা দশককেইটাত বহুবাৰ সঁচা প্ৰমাণিত হৈছে। প্ৰকৃতি-ক্ষতিকাৰক মানৱ কাৰ্যৰ পৰিণতি স্বৰূপে আত্মপ্ৰকাশ কৰিব পৰা নতুন বীজাণু আৰু কোনবোৰ পৰিচিত বীজাণুৱে বিধংসী ৰূপ ল’ব পাৰে এই বিষয়ে অধ্যয়ন নকৰাকৈ কোনো সংক্ৰমণ বিশেষজ্ঞই যোৱা দশককেইটাত পৰীক্ষা পাছ কৰিব পৰা নাই। ই এনে এটা জৰুৰী বিষয়। তেনেস্থলত চৰকাৰসমূহৰ অসহায়তা প্ৰত্যাশিত নহয়। ব্ৰিটেইনৰ ক্ষেত্ৰত কোৱা হৈছে যে প্ৰধানকৈ আচম্বিতে হ’ব পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিহত কৰাটোৱে বিগত সময়ছোৱাত ইমান প্ৰাধান্য লাভ কৰিছিল যে পেনডেমিক প্ৰস্তুতিৰ কাৰ্যসূচী তল পৰিছিল।