ভাৰতীয় দৰ্শন - এক ৰূপৰেখা

ৰচনা সংকলন ' উদ্বেগ-অনুদ্বেগ 'ত সন্নিৱিষ্ট। বেদসমূহৰ কৰ্তৃত্ব সৰ্বোচ্চ প্ৰকাশিত ধর্ম গ্রন্থ হিচাপে মানি লোৱা আধ্যাত্মিক পৰম্পৰাসমূহক...

Friday, April 24, 2020

ক’ভিড-১৯, অপ্ৰত্যাশিত ঘটনা?

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ, ২০২০

ক’ভিড-১৯ৰ বীজাণু ক’ৰনা ভাইৰাছ বিধৰ নাম হৈছে SARS-CoV-2। ইতিপূৰ্বে আন দুবিধ ক’ৰনা ভাইৰাছ ক্ৰমে SARS-CoV-1 (২০০৩) আৰু MERS (২০১৩) ভাইৰাছে এপিডেমিক কৰিছিল কিন্তু বৰ্তমানৰ দৰে বিশাল ৰূপ ধৰা নাছিল। ইয়াৰ কাৰণ কি আলোচনা কৰিম। ক’ভিড-১৯ৰ আৱিৰ্ভাৱ অপ্ৰত্যাশিত নহয়। বিশ্বৰ দেশসমূহৰ প্ৰস্তুতি-পৰিকল্পনা নোহোৱাটোহে অপ্ৰত্যাশিত। মই ইংলেণ্ডত মাইক্ৰ’বায়োলজী অধ্যয়ন কৰিবলৈ যোৱা ঠিক পিছৰ বছৰটোতেই ১৯৯৫ চনত আমেৰিকাৰ Centre for Disease Control (CDC)ৰ পৃষ্ঠপোষকতাত Emerging Infectious Diseases নামৰ বিজ্ঞান আলোচনীখনৰ প্ৰথমটো সংখ্যা ওলাইছিল। নগৰিকীকৰণ, অৰণ্যসমূহৰ ধ্বংসসাধন, আন্তৰ্জাতিক ভ্ৰমণ আৰু বিশ্ব-উষ্ণতা আদি মানৱকৃত প্ৰকৃতি ক্ষতিকাৰক কাৰ্যৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে যে জীৱ-জগতৰ পৰা বীজাণু পৰিৱৰ্তিত হৈ মানুহক ৰোগ কৰিব পৰা ক্ষমতা ধাৰণ কৰিব সেয়া অনুমান কৰা হৈছিল। সেই অনুমান যোৱা দশককেইটাত বহুবাৰ সঁচা প্ৰমাণিত হৈছে। প্ৰকৃতি-ক্ষতিকাৰক মানৱ কাৰ্যৰ পৰিণতি স্বৰূপে আত্মপ্ৰকাশ কৰিব পৰা নতুন বীজাণু আৰু কোনবোৰ পৰিচিত বীজাণুৱে বিধংসী ৰূপ ল’ব পাৰে এই বিষয়ে অধ্যয়ন নকৰাকৈ কোনো সংক্ৰমণ বিশেষজ্ঞই যোৱা দশককেইটাত পৰীক্ষা পাছ কৰিব পৰা নাই। ই এনে এটা জৰুৰী বিষয়। তেনেস্থলত চৰকাৰসমূহৰ অসহায়তা প্ৰত্যাশিত নহয়। ব্ৰিটেইনৰ ক্ষেত্ৰত কোৱা হৈছে যে প্ৰধানকৈ আচম্বিতে হ’ব পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিহত কৰাটোৱে বিগত সময়ছোৱাত ইমান প্ৰাধান্য লাভ কৰিছিল যে পেনডেমিক প্ৰস্তুতিৰ কাৰ্যসূচী তল পৰিছিল।

সি যি নহওক, প্ৰস্তূতিৰ অভাৱেই নহয় দেশসমূহৰ ক’ভিড-১৯ নিয়ন্ত্ৰণ কাৰ্যক্ৰমনিকা সুসংহত আৰু সহযোগিতামূলক হোৱা নাই। ফলত সমূহীয়া ক্ষতি হৈছে। প্ৰতিখন দেশে নিজা নিজা ব্যৱস্থা লৈছে। ভিন্ন স্থানীয় পৰিস্থিতি বা কৌশল লোৱা দেশসমূহৰ মাজত তুলনা কৰা হৈছে। তুলনামূলক পৰিসংখ্যা সমূহত ইখন দেশৰ সৈতে সিখন দেশৰ নিৰংকুশ সংখ্যা তুলনা কৰা হৈছে। অথচ বিভাজক নোহোৱাকৈ (যেনে- মুঠ জনসংখ্য) সংখ্যাৰ সৈতে সংখ্যা তুলনা যে অৰ্থহীন, সেই কথা পাহৰি যোৱা হৈছে। এই ধৰণৰ ধুৱলী-কুঁৱলী পৰ্যবেক্ষণৰ পৰা ভাইৰাছবিধৰ অন্তৰ্নিহিত বৈশিষ্ট আৰু স্থানীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ই কি ৰূপ ল’ব অনুমান সঠিক হোৱা নাই। ক’ভিড-১৯ সঞ্চাৰ আৰু মাৰাত্মকতা সম্পৰ্কে তথ্যপাতিৰ সময়ানুসৰি নিৰ্ভৰযোগ্য বৈজ্ঞানিক বিশ্লেষণৰ অভাৱত এপিডেমিকে কি পৰিবেশত কি ৰূপ ল’ব বিশেষজ্ঞসকলে কৰা আৰ্হিসমূহ নিকপকপীয়া বা আটোমটোকাৰী হোৱা নাই। এনেধৰণৰ খুঁত থকা অনুমানৰ ভিত্তিত লোৱা কৌশলৰ ফলপ্ৰসূতাত সংশয় থাকি গৈছে। তদুপৰি কোনো এটা আৰ্হিত ক’ভিড-১৯ কৰিব পৰা প্ৰত্যক্ষ ক্ষতিৰ সৈতে ইয়াৰ প্ৰতিৰোধৰ বাবে লোৱা ব্যৱস্থাসমূহে কৰিব পৰা পৰোক্ষ ক্ষতি বিবেচনা কৰা হোৱা নাই। গাণিতিক আৰ্হি কৰোঁতাজন বা দলটো প্ৰক্ৰিয়া এটা সমীকৰণ বা সূত্ৰত বন্ধাত দক্ষ। কিন্তু সূত্ৰটোত অন্তৰ্ভূক্ত কৰা কাৰকসমূহ সম্পৰ্কীয় অনুমান কৰা মাপ বা ধৰি লোৱা সিদ্ধান্ত নিৰূপণ কৰাৰ ক্ষেত্ৰত আন আন মতৰো প্ৰাসংগিকতা থাকে। মুঠতে ভাইৰাছ দমন (Suppression) আৰু উপশম (Mitigation) এই দুটা মূল কৌশলৰ সপক্ষে বা বিপক্ষে অথবা পৰিস্থিতি সাপেক্ষে কোনটো উপযুক্ত এই বিষয়ে প্ৰামাণিক ভিত্তি বৈজ্ঞানিকসকলে দাঙি ধৰিব পৰা নাই। তদুপৰি পৰিস্থিতি একোটা চম্ভালাত বৈজ্ঞানিক সিদ্ধান্ত শেষ কথা নহয়। ইয়াত বহু সামাজিক মাত্ৰা থাকে, যিসমূহৰ সুচিন্তিত ৰাজনৈতিক বিবেচনা আৰু সিদ্ধান্তৰ বিকল্প নাথাকে।

সংক্ৰমিত ৰোগৰ ক্ষেত্ৰত বহু কাৰকৰ সংযোগক্ৰমে ‘অতি-বিস্তাৰণ’ ঘটনা (Super Spreading Event) ঘটে। ভাইৰাছ বা বেক্টেৰীয়া একোবিধৰ অন্তৰ্নিহিত বিস্তাৰ ক্ষমতা থাকে। যেনে গড়ে এজন, দুজন বা তিনিজনক সংক্ৰমণ কৰিব পাৰে। এই ক্ষমতা অনুকূল বা প্ৰতিকূল পৰিবেশ অনুযায়ী বেচি বা কম হ’ব পাৰে। ‘অতি বিস্তাৰণ’ ঘটনাত বীজাণুবিধে অন্তৰ্নিহিত ক্ষমতাতকৈ অধিক সংখ্যকক সংক্ৰমিত কৰাৰ সুযোগ লাভ কৰে। উদাহৰণ স্বৰূপে সম্প্ৰতি মহামাৰী হোৱা উত্তৰ গোলাৰ্ধৰ দেশবোৰত জলবায়ূ ক’ৰনাৰ অনুকূল। ইয়াৰ উপৰি সেইবোৰ দেশত বয়সীয়া লোক বেচি– এইসকল বীজাণুৰ সহজ লক্ষ্য। এই বয়সীয়াসকলৰ বহুতৰ একাধিক আন আন ৰোগ থাকিব পাৰে, যেনে- কেঞ্চাৰ (কেতিয়াবা একাধিক, আৰোগ্য হোৱা বা চিকিৎসাধীন), হাৰ্টৰ অসুখ, হাঁওফাঁওৰ বিভিন্ন অসুখ, ডায়েবেটিছ আৰু তেওঁলোকে আন আন কেতবোৰ ৰোগৰ বাবে দেহৰ স্বাভাৱিক প্ৰতিৰোধী ক্ষমতাত ঋণাত্মক প্ৰভাৱ পেলাব পৰা ঔষধৰ ব্যৱহাৰ কৰিব পাৰে ইত্যাদি। আমাৰ দৰে দেশত এনে এটা বেমাৰ লৈ ষাঠি-সত্তৰৰ দশক পাৰ কৰা কঠিন। এনে একাধিক বেমাৰ লৈ আঁশী-নব্বৈৰ দশক গৰকা মানুহৰ প্ৰদূৰ্ভাৱ ইংলণ্ডৰ নিচিনা দেশত স্বাভাৱিক। পশ্চিমীয়া দেশসমূহত এয়া উন্নত আধূনিক চিকিৎসাৰ সুফল। ইয়াৰ কুফল তেওঁলোক বীজাণুৰ আক্ৰমণৰ সহজ লক্ষ্য। তদুপৰি অধিক সংখ্যক এনেলোক হয় সামূহিক বৃদ্ধ-আৱাস নহয় শুশ্ৰুষা-নিৱাসত বাস কৰে। যি কোনো সামূহিক আৱাস ‘অতি বিস্তাৰণ’ ঘটনাৰ বাবে প্ৰশস্ত। ঠিক তেনেদৰে প্ৰমোদ ভ্রমণ জাহাজ, জনসমাবেশ, বস্তি বা কলনী বা তেনেদৰে নগৰৰ বহু পৰিয়াল থকা বহুমহলীয়া আৱাসসমূহ ‘অতি বিস্তাৰণ’ ঘটনাৰ বাবে অনুকূল। স্বাভাৱিক পৰিস্থিতিত যদি অন্তৰ্নিহিত ক্ষমতা অনুসৰি বীজাণুৱে যদি এজন, দুজন বা তিনিজনকহে সংক্ৰমণ কৰে, ’অতি বিস্তাৰণ’ ঘটনাত দহ, এশ আনকি হেজাৰগুণ পৰ্যন্ত অধিকলোকক আক্ৰান্ত কৰে। ইয়াৰ বাবে অৱশ্য কেতবোৰ সংযোগ স্থাপন হব লাগিব। যেনে উপসৰ্গ নথকা বা সাধাৰণ উপসৰ্গ থকা এজনে এটা বৃদ্ধ শুশ্ৰুষা নিৱাসত থকা বাসিন্দাৰ সংস্পৰ্শলৈ অহাত নিজৰ অগোচৰে তেওঁ ’অতি বিস্তাৰণ’ৰ বাহক হৈ পৰে। ক’ভিড-১৯ৰ ক্ষেত্ৰত এনে কেইটামান উদাহৰণ হৈছে, (১) ‘ডাইমণ্ড প্ৰিঞ্চেছ’ প্ৰমোদ জাহাজখন (অ’কহামা, জাপান) য’ত এজনে ৩৭১১ জনৰ ভিতৰত ৬৩৪ (ফেব্ৰুৱাৰী), (২) দক্ষিণ কোৰিয়াৰ Shincheonji Church of Jesusত এজনে পৰা ৪০, (৩) ইটালীৰ এগৰাকী মাৰাথন দৌৰবিদ যি জনে কমেও ১৩, আৰু (৪) এগৰাকী বৃটিছ ব্যৱসায়ী যি ছিংগাপুৰৰ ব্যৱসায় সংক্ৰান্তীয় মিটিং কৰি ফ্ৰান্সৰ মণ্ট ব্লেংকৰ এটা ‘স্কি ৰিজৰ্ট’ত বিভিন্ন দেশ (স্পেইন, ফ্ৰান্স, বৃটেইন)ৰ ১৩ গৰাকীক সংক্ৰমিত কৰিছিল। এই আটাইকেইটা ‘অতি বিস্তাৰণ’ ঘটনাই সেইসমূহ দেশত ক’ভিড-১৯ মহামাৰী বিয়পোৱাত প্ৰভূত প্ৰভাৱ পেলাইছিল। কিন্তু ভাৰতৰ নিজামুদ্দিন মাৰ্কাজৰ ঘটনাটোৱেই সম্ভৱতঃ ক’ভিড-১৯ ভাইৰাছ সংক্ৰমণৰ সৰ্ববৃহৎ ‘অতি বিস্তাৰণ’ ঘটনা। জামাতৰ এই সমাবেশত ৪০ খন দেশৰ ৯৬০ গৰাকী বিদেশীলোককে ধৰি ৯,০০০লোকে অংশগ্ৰহণ কৰিছিল। দিল্লী চৰকাৰে ১৩ মাৰ্চত ৰাজহুৱা সমাৱেশৰ নিষেধাজ্ঞা জাৰি কৰাৰ নিশা প্ৰায় ২,০০০ লোক মাৰ্কাজৰ ঠেক সামূহিক আৱাসস্থলীত আছিল। ২১ মাৰ্চ পৰ্যন্ত ১,৭৪৬জন লোক তাত আছিল। ২৫ মাৰ্চত ‘লক ডাউন’ প্ৰযোজ্য হোৱাৰ পিছতো তাত ১,০০০ৰো অধিক লোক অৱৰুদ্ধ হৈ আছিল। ইতিমধ্যে দিল্লীত ২৪ মাৰ্চত তেওঁলোকৰ মাজত প্ৰথম ৬টা সংক্ৰমণ ধৰা পৰিছিল। কিন্তু সেই পৰ্যন্ত হেজাৰ হেজাৰলোক সমাবেশৰ পৰা ভাৰতৰ প্ৰায় আটাইকেইখন ৰাজ্যলৈ উভতি গৈছিল। অংশগ্ৰহণকাৰী তব্লিগি জামাতৰ সদস্য আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰায় ৪০,০০০ লোকক কোৱাৰেন্টাইন আৰু স্ক্ৰীনিং কৰা হৈছিল। ১৮ এপ্ৰিলৰ পৰিসংখ্যা অনুযায়ী ভাৰতৰ ১৪,৩৭৮ সংক্ৰমিতৰ ভিতৰত ৪,২৯১জন, ৩০%, এই এটা মাত্ৰ ‘অতি বিস্তাৰণ’ ঘটনাৰ পৰিণতি। মূল বাহকজনক চিনাক্ত কৰাটো অসম্ভৱ, যিজন হয়তো বিদেশৰ পৰা অহাসকলৰ এজন।

মনকৰিবলগীয়া যে ২৩ মাৰ্চলৈ ভাৰতত সংক্ৰমিতৰ সংখ্যা আছিল নগন্য, ৪৩৯টা। ‘লক ডাউন’ৰ পাছত আমি সংখ্যা বঢ়া দেখিবলৈ পাইছোঁ। কিন্তু ভাৰতত সংখ্যা দুগুণ হোৱা ব্যৱধানটো বেছি। শেহতীয়াকৈ এই ব্যৱধান ৬ দিনৰ পৰা বাঢ়ি ৮ দিন হৈছে, যিটো শুভ। এই ব্যৱধানটো মহামাৰী হোৱা দেশসমূহত আৰম্ভণিৰ পৰ্যায়ত মাত্ৰ দুদিন আছিল। বিশ্বৰ প্ৰতিখন দেশতে ‘লক ডাউন’ দিয়াৰ কেইবাসপ্তাহ পিছতো সংখ্যা সূচক বৃদ্ধি (Exponential) হৈ আছিল। সূচক বৃদ্ধি মহামাৰীৰ লক্ষণ। বহু দেশত এতিয়া গতি ক্ৰমে নিম্নগামী হ’বলৈ ধৰিছে। ভাৰতত এই পৰ্যন্ত সূচক বৃদ্ধি পৰিলক্ষিত হোৱা নাই। সূচক বৃদ্ধি হৈছে ১০০, ২০০, ৪০০, ৮০০, ১৬০০, ৩২০০ ক্ৰম। এটা নিয়মীয়া ব্যৱধানত সংখ্যা দুগুণ হৈ গৈ থাকে। তদুপৰি ICMRৰ ১৯ এপ্ৰিলৰ তথ্য অনুসৰি ভাৰতত শেহতীয়াকৈ যঠেষ্ট সংখ্যক ক'ৰনা টেষ্ট হৈছে। পজিটিভিটিৰ হাৰ ১৯ এপ্ৰিলৰ দিনা ৪% আৰু সামগ্ৰিকভাৱে এই পৰ্যন্ত ৫%। পজিটিভিটি হাৰ কম হ’লে ধৰা নপৰাকৈ থকা সংক্ৰমণৰ সংখ্যা কম হোৱাটো বুজায়। ভাৰতৰ এই শেহতীয়া পজিটিভিটি হাৰ প্ৰায় দক্ষিণ কোৰিয়াৰ সমপৰ্যায়ৰ, য’ত মহামাৰী নিয়ন্ত্ৰণ হৈছে। যোৱা দুই এদিনত দৈনিক সংখ্যাটো বঢ়িছে সেইটো পৰ্যাপ্ত টেষ্ট কৰাৰ ফল। কিন্তু পজিটিভিটি হাৰ কম হোৱাটো প্ৰত্যয়জনক।

কিন্তু এটা কথা নিশ্চিত যে ভাৰততৰ কেইখনমান ৰাজ্য (যেনে- মহাৰাষ্ট্ৰ), য’ত জামাতৰ ঘটনাটোৰ বিশেষ প্ৰভাৱ নাই, সেইকেইখনৰ অতি ঘন জনবসতি বিশিষ্ট ঠাইবিশেষত ভাইৰাছবিধে বিস্তাৰ কৰিছে। প্ৰতিকূল জলৱায়ু বা আন যি কাৰণতেই নহওক কিয় মহামাৰী কৰিব পৰা সূচক বৃদ্ধি গতিবেগ ল’ব নোৱাৰিলেও ক’ভিড-১৯ ভাইৰাছৰ অন্তৰ্নিহিত যি ক্ষমতা, তাৰ বলতে ই সংক্ৰমণ কৰি আছে। ঘন জনবসতি বিশিষ্ট যি কোনো ঠাই বিশেষকৈ শ্বাসজনিত সংক্ৰমণৰ কাৰণে প্ৰশস্ত। ইংলণ্ডৰ প্ৰায় ৪,০০০ বৃদ্ধ শুশ্ৰুষা নিবাসত ক’ৰনাৰ সংক্ৰমণ হৈছে। পশ্চিমীয়া দেশসমূহত ই এটা ডাঙৰ সমস্যা, যিটো ভাৰতত নাই। কিন্তু পৰিবৰ্তে অস্বাস্থ্যকৰ ঘন বসতি আছে য’ত বিস্তাৰ’ ঘটিছে আৰু ‘লক ডাউন’ৰ কোনো সহায়ক প্ৰভাৱ পৰা নাই।

ক’ভিড-১৯এ সংক্ৰমণ কৰাৰ পিছত গড় হিচাপত ৫ দিন কিন্তু ১৪ দিন পৰ্যন্ত (‘ইনকিউবেছন পিৰিয়ড’) লক্ষণ দেখুৱাবলৈ সময় লয়। দেখা হৈছে যে সংক্ৰমিতজনে লক্ষণ দেখুৱাৰ ২ দিনমান আগৰ পৰাই আনক সংক্ৰমণ কৰিবলৈ সক্ষম হয়। সৰহসংখ্যকৰে লক্ষণ ইমান কম যে সাৱধান হ’বলৈ তাগিদা অনুভৱ নকৰে। এওঁলোকে নজনা-নভবাকৈ সংক্ৰমণ কৰি থাকে। এই ক্ষেত্ৰত ইয়াৰ বৈশিষ্ট ইনফ্লুয়েঞ্জাৰ সৈতে একে। ইয়াৰ বিপৰীতে পূৰ্বে উল্লিখিত SARS-CoV-1-এ গুৰুতৰ ৰোগ কৰিছিল, সেয়ে বেমাৰীজনে নজনা-নভবাকৈ আনক সংক্ৰমণ কৰাৰ সুযোগ কম পাইছিল। তদুপৰি উপসৰ্গ নোহোৱাকৈ ই সংক্ৰমণ কৰিব নোৱাৰিছিল। সেয়ে ই ব্যাপক মহামাৰী কৰিব পৰা নাছিল। তথাপি SARS-CoV-1 ক্ষেত্ৰতো ‘অতি বিস্তাৰণ’ ঘটনা ঘটিছিল, বিশেষকৈ চিকিৎসালয় সমূহত। ক’ভিড-১৯ৰ ‘ইনকিউবেছন পিৰিয়ড’ৰ পৰিপ্ৰেক্ষিতত ‘লক ডাউন’ৰ কেইবাসপ্তাহৰ পাছতো মহামাৰীৰ গতিত সংক্ৰমণ হৈ থকা কথাটোৱে কি সূচায়? যদি ১৪ দিনৰো অধিক দিন ধৰি ঘৰতে থকা লোক এজনৰ সংক্ৰমণ হৈছে, তেনেহলে তেওঁ সংক্ৰমণ ক’ৰ পৰা পালে? নিশ্চয় ঘৰতে পালে। পৰিয়ালৰে কোনোবা এজন বা সামূহিক নিবাসৰ কোনো এজন সদস্যৰ পৰা পালে।এইটো চিন্তা কৰিবলগীয়া। অলপতে এটা ‘ৰিভিউ’ত আলোচনা কৰা হৈছে যে মানুহ এজনে সাধাৰণ পৰিস্থিতিত ৯০% সময় নিজা ঘৰ বা অফিচ বা আন কোনো ধৰণৰ Built Environmentত কটায়। ‘লক ডাউন’ৰ সময়ত মানুহ প্ৰায় ১০০ শতাংশই নিজা আবাসতেই আছে। সেয়ে Built Environmentত কেনেকৈ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰি সেই বিষয়টোৱে গুৰুত্ব পাইছে। ৰাইজৰ মাজত যি ধাৰণা গঢ়ি উঠিছে যে বাহিৰলৈ ওলালেহে ভাইৰাছে ধৰিব আৰু ঘৰখনেই নিৰাপত্তাৰ একমাত্ৰ স্থান সেই কথা সত্য নহয়। বতাহৰ চলাচল (Ventilation) আৰু চকী-মেজ বা আন যি কোনো হাতৰ সংস্পৰ্শলৈ আহিব পৰা সমান্তৰাল পৃষ্ঠভাগ ‘ডিছ্ইনফেকটেণ্ট’ৰে নিয়মীয়াকৈ পৰিষ্কাৰ কৰি ৰখা অতি প্ৰয়োজনীয়। অফিচ, চিকিৎসালয় বা বাণিজ্যিক বিল্ডিং আদিৰ ক্ষেত্ৰতো বতাহৰ সুচল চলাচল আৰু সমান্তৰাল পৃষ্ঠভাগ সহজে পৰষ্কাৰ কৰিব পৰা বিধৰ হোৱাটো বিৱেচনাৰ বিষয়।

‘লক ডাউন’ৰ মূল উদ্দেশ্য হৈছে সংক্ৰমণৰ অভিকেন্দ্ৰৰ পৰা যাতে এজন সংক্ৰমিতই বীজাণু আন অঞ্চললৈ লৈ যাব নোৱাৰে। ভ্ৰমণ নিষেধাজ্ঞা ‘লক ডাউন’ৰ অবিচ্ছেদ্য অংশ। এই উদ্দেশ্যৰ উপৰি বহু বিশেষজ্ঞই ‘লক ডাউন’ ভাইৰাছ-দমন (Suppression)ৰ কৌশল অৰ্থাত সংক্ৰমণশূণ্য কৰি ৰখাৰ উপায় হিচাপে হিচাপে দিছে। লগতে ‘কোৱাৰেন্টাইন’, ‘কনটেক্ট ট্ৰেচিং’ আৰু ‘স্ক্ৰীনিং’ আৰম্ভণি পৰ্যায়ত ভাইৰাছ সঞ্চাৰ ৰোধ কৰাৰ কাৰণে অতি প্ৰয়োজনীয় (যিটো ভাৰতত কৰি থকা হৈছে)। কিন্তু সংখ্যা বাঢ়িবলৈ ধৰিলে ‘কনটেক্ট ট্ৰেচিং’ আৰু ‘স্ক্ৰীনিং’ ব্যয়বহুল আৰু কষ্টসাধ্যই নহয় বাস্তৱিকতে অসম্ভৱ হৈ পৰে। ইয়াৰ বিপৰীতে সামাজিক দূৰত্ব, ৰাজহুৱা জনসমাগম নিষিদ্ধকৰণ, কাঁহোতে লোৱা সাৱধনতা আৰু হাত-ধোৱাৰ প্ৰতি সচেতনতা, দূৰ্বলী বা বয়সীয়াসকলক সংক্ৰমণৰ পৰা ৰক্ষণাবেক্ষণ আৰু বেমাৰীসকলৰ বাবে প্ৰয়োজনীয় চিকিৎসা-সেৱাৰ অতিৰিক্ত ব্যৱস্থা আদি উপশমকাৰী ব্যৱস্থা (Mitigation) ক’ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত। এই কৌশলত ‘লক ডাউন’ অপৰিহাহ্য নহয়। বহু দেশে মানুহে সামাজিক দূৰত্ব বা ৰাজহুৱা জনসমাগম নিষিদ্ধকৰণ মানি নচলিব বুলি সাৱধনতাপূৰ্বক ‘লক-ডাউন’ দিছে। দমন কৌশল লোৱা দেশসমূহত উপশমকাৰী ব্যৱস্থাৰো প্ৰয়োজন হৈছে। কাৰণ দমন কৌশলে বিশেষ কাম কৰা নাই। ইয়াৰ কাৰণ কৌশল লোৱাত পলম হোৱা বা কটকটীয়া নোহোৱা বুলি সমৰ্থকসকলে কৈছে। মহামাৰীগ্ৰস্ত ইউৰোপৰ দেশসমূহৰ ছুইডেনে দমন কৌশল লোৱা নাই। কেৱল কেতবোৰ উপশমকাৰী ব্যৱস্থাহে লৈছে।

সামাজিক দূৰত্ব, ৰাজহুৱা জনসমাগম নিষিদ্ধকৰণ বা মানুহৰ আচাৰৰ পৰিবৰ্তণ আদি উপশমকাৰী ব্যৱস্থাসমূহ মধ্যৱৰ্তীকালীন আনকি দীৰ্ঘকালীন হ’ব পাৰে। কিন্তু ‘লক ডাউন’ অধিক দিন চলিব নোৱাৰে। কিমান দিন, সপ্তাহ বা মাহ ‘লক ডাউন’ দিলে ভাইৰাছ নিৰ্মূল হ'ব বিশেষজ্ঞই বাস্তৱ ক্ষেত্ৰত ক’ব পৰা নাই। ‘লক ডাউন’ উঠাই দিলে ভাইৰাছে পূণৰ মূৰ দাঙি উঠিব নেকি? ই আন এটা প্ৰশ্ন। ইয়াৰ উত্তৰ এক প্ৰকাৰে সহজ। সংক্ৰমণৰ মৌলিক তত্বৰ পৰা ইয়াৰ উত্তৰ পোৱা যায়। যেতিয়ালৈ বীজাণুবিধ থাকিব (Source), সংক্ৰমণ কৰিব পৰা মানুহ (Susceptible hosts) আৰু এজনৰ পৰা আন এজনলৈ বীজাণুবিধ যাব পৰা সুযোগ (Mode of Transmission) থাকিব তেতিয়ালৈ সংক্ৰমণ চলি থাকিব।ক’ভিড-১৯ৰ ভাইৰাছৰ বাহক জীৱন্ত মানুহ। ই সংক্ৰমণ কৰিব পৰা মানুহৰ সংখ্যা যঠেষ্ট। ইজনৰ পৰা সিজনলৈ পাৰ হৈ যাব পৰা উপায় সহজ আৰু সুযোগো বহুত। সেয়ে ই প্ৰথমে পৰ্যাপ্ত সংখ্যক মানুহক সংক্ৰমণ কৰি লাগিব যাতে প্ৰাকৃতিকভাৱে (বা প্ৰতিষেধকৰ জৰিয়তে) সমূহীয়া প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে (Herd Immunity) ত্তিয়াহে ই ক্ষান্ত হ’ব। আমাৰ আচৰণ (ষেনে- সামাজিক দূৰত্ব, হাত-ধোৱা, কাঁহোতে লোৱা সাৱধনতা ইত্যাদি) আৰু ঔষধে সংক্ৰমিতজনক সোনকালে ভাইৰাছমুক্ত কৰি সংক্ৰমণৰ সুযোগ হ্ৰাস কৰে আৰু মহামাৰীৰ গতিবেগ হ্ৰাস কৰাত সহায় কৰিব পাৰে। কভিভ-১৯ৰ ক্ষেত্ৰত প্ৰতিষেধক আৰু ঔষধ অনতিপলমে নাহে। সেয়ে সাতে-পাঁচে প্ৰাকৃতিকভাৱে গঢ়ি উঠা সমূহীয়া প্ৰতিৰোধ ক্ষমতাৰ বিকল্প নাই। আমাৰ সাৱধানী আচৰণ সহায়ক। যিসমূহ দেশত ক’ভিড-১৯ৰ মহামাৰী হৈছে সেইসমূহ দেশতহে সমূহীয়া প্ৰতিৰোধ ক্ষমতাৰ কথাটো প্ৰযোজ্য। যিসমূহ দেশত ই মহামাৰীৰ গতিবেগ ল’ব পৰা নাই, তাত প্ৰাকৃতিকভাৱে সমূহীয়া প্ৰতিৰোধ গঢ়ি উঠাৰ প্ৰশ্ন নুঠে বা ই জৰুৰীকালীনভাৱে প্ৰয়োজনীয়ও নহয়।

এই পৰ্যন্ত সংক্ৰমণৰ ক্ষেত্ৰত ক’ভিড-১৯ ভাইৰাছৰ বৈশিষ্ট ইনফ্লুয়েঞ্জাৰ দৰে দেখা গৈছে। ক’ভিড-১৯ ভাইৰাছে মহামাৰী কৰা দেশসমূহত প্ৰতিবছৰে ইনফ্লুয়েঞ্জাৰ মহামাৰী হয়, যদিও এই সম্পৰ্কে জনসচেতনা নাই কাৰণ ই এক গতানুগতিক ঋতুগত ঘটনা আৰু প্ৰকোপ কোনোবা এটা বছৰতহে লক্ষণীয়ভাৱে অধিক হয়। ইনফ্লুয়েঞ্জা শীতত আহে, বসন্তৰ লগে লগে আঁতৰিবলৈ ধৰে। কিয়? বসন্তৰ লগে লগে জলবায়ু ইনফ্লুয়েঞ্জাৰ কাৰণে ক্ৰমে প্ৰতিকূল হ’বলৈ ধৰে আৰু শীতৰ প্ৰকোপত ঘৰত সোমাই থকা মানুহ ক্ৰমে মুকলিলৈ ওলাব ধৰে। মুকলিলৈ ওলাই অহাটো ইনফ্লুয়েঞ্জাৰ ক্ষেত্ৰত সহায়ক। ক’ভিড-১৯ ভাইৰাছৰ ক্ষেত্ৰত ই সহায়ক নহ’ব নেকি? মুকলিত হাতেৰে স্পৰ্শ কৰিব পৰা ধৰণৰ সমান্তৰাল পৃষ্ঠভাগ নাথাকে যিটো আৱাসত থাকে। কাহোতে বায়ুত সাময়িকভাৱে উপঙি পৰা ভাইৰাছৰ কণিকাবোৰো মুকলিত তৎক্ষণাত পাতল হৈ পৰে যে সংক্ৰমণ কৰিব পৰা ঘনত্ব নাথাকে। তদুপৰি মুকলিত ক’ৰনাৰ দৰে আৱৰণী থকা ভাইৰাছ সমক্ৰণ কৰিব পৰাকৈ বহুসময় সতেজ হৈ থাকিব নোৱাৰে। সেয়ে শ্বাসজনিত বেমাৰৰ কাৰণে বন্ধ কোঠালীতকৈ মুকলি বাতাবৰণ সহায়ক। বহুজন একেলগে থকা বন্ধ কোঠালীত সংক্ৰমণৰ সম্ভাৱনা বাঢ়ে।

মহামাৰী হোৱা দেশসমূহত ‘লক-ডাউন’ৰ লেখীয়া ‘ভাইৰাছ-দমন’ কৌশলে সংক্ৰমণৰ হাৰ হ্ৰাস কৰাত সফল হৈছেনে? নে মহামাৰীয়ে নিজস্ব গতিবেগ অব্যাহত ৰাখিছে যে অৱশেষত ই সংক্ৰমণ কৰিব পৰা প্ৰায় সৰহ সংখ্যককেই সংক্ৰমণ কৰিহে এৰিব। ইনফ্লুয়েঞ্জাৰ দৰে বসন্তৰ আগমনৰ সৈতে ইয়াৰ গতিবেগ হ্ৰাস পাব– ই এক সম্ভাৱনা। ইতিমধ্যে ‘লক ডাউন’ ক্ৰমে শিথিল কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে। কটকটীয়া ‘লক ডাউন’ৰ সুফল কিমান পোৱা গ’ল নে উপশমকাৰী ব্যৱস্থাসমূহেই পৰ্যাপ্ত হ’লহেঁতেন আৰু পৰোক্ষ ক্ষয়-ক্ষতি কম হ’লহেঁতেন উপলব্ধ সকলো তথ্য-পৰিসংখ্যা আৰু বিভিন্ন দেশৰ তুলনামূলক পৰিণতি আদিৰ ভিত্তিত পুংখানুপুংখ পৰ্যালোচনা হ’লেহে ভৱিষ্যতৰ বাবে শিকনি লাভ হ’ব।

3 comments:

  1. প্ৰবন্ধটো সুন্দৰকৈ তথ্যসহ যুগুতাই প্ৰস্তুত কৰা হৈছে । Central AC ব্যবহাৰ আৰু আকাশীযান বা সমুদ্ৰজাহাজ সঘন পৰিভ্ৰমন বৃহৎ shopping mall অথবা Smart City সমূহে Covid 19 নিয়নতন্ত্ৰত ভবিষ্যতেও জানো জটিলতা সৃষ্টি নকৰিবনে?

    ReplyDelete
  2. সুন্দৰ সময়োপযোগী প্ৰয়োজনীয় লিখনি ৷

    ReplyDelete
  3. ৰাতিপূৱাই আপোনাৰ তথ্যসমৃদ্ধ লেখিনিৰ পৰা বহু নজনা কথা জানিলোঁ ৷

    ReplyDelete